প্রেমহীন (জাহ্নবী গগৈ)

premhinআগকথা
*******

“আইজনী ঔ, চাবি আকৌ! পৰুৱাৰ পাখি গজে মৰিবলৈ!”…

(১)

মেঘৰলি
*******

পৃথিৱীৰ সমস্ত চকুপানী আকাশে বহন কৰে।‌ আৰু আকাশৰ সমস্ত হুমুনিয়াহ, পৃথিৱীয়ে।‌

আকাশৰ সেই পুৰাতন ক্ষোভ, পৃথিৱীক নিজৰ কৰি নোপোৱাৰ।‌ আজিও জঁক উঠিছে।

বাষ্পীভূত হোৱা পৃথিৱীৰ দুখ বহন কৰি আকাশ ভাগৰুৱা।‌ এতিয়া সেই দুখবোৰ

পৃথিৱীৰে ভগাই লোৱাৰ সময়।‌

ডাৱৰৰ গাৰুত মূৰ থৈ দুখবোৰ পাতলাবলৈ আকাশ সাজু হৈছে।‌

উর্দ্ধবাহু হৈ পাখি দুখন মেলি জীৱনৰ প্রথম আৰু শেষ উৰণেৰে আকাশৰ সেই

দুখক উদ্‌যাপন কৰিবলৈ সাজু হৈছে মেঘৰলিজনী। তাইৰ জীৱনৰ যে উদ্দেশ্য

সেয়াই!

ওৰে জীৱন তাই শুনি আহিছে বৰষুণৰ বন্দনা, কৰিছে বৰষুণৰ অপেক্ষা। আজি

সমাগত সেই আকাংক্ষিত সময়।

আকাশৰ দুখবোৰ কজলা হ’ব ধৰোঁতেই দুপাখি মেলি তাই উৰা মাৰিলে আকাশলৈ।‌

আজি আহিব বৰষুণ, তাইৰ স্বপ্নৰ প্রিয়তম।

আহিল।‌ হৰহৰাই আকাশে এৰি দিলে নিজৰ দুখবোৰ। এটি গধুৰ বৰষুণৰ টোপাল

আহি মেঘৰলিৰ পাখি এখন ছিঙি পেলালে। অলপ পিছত আন এটি টোপালেও ছিঙি পেলালে

মেঘৰলিৰ আনখন পাখি।‌

এনেদৰেই মাটিত হামখুৰি খাই পৰিল পাখি ছিগা ভালপোৱা।‌

(২)

মেটেকা
******

বিলখনৰ লগতে লাগি ৰোৱা নৈখনে বিলখনৰ মেটেকাজোপাক সপোন দেখুৱাইছিল।‌

আকাশৰ ৰামধেনুৰ ছবি দেখুওৱা নৈখনক হাত মেলি আকাশৰঙী ফুলৰ মুকুট পিন্ধাব

খুজিছিল মেটেকাজোপাই।

আকাশখনতকৈও যে প্রিয় আছিল নৈখন, কিয়নো চুব নোৱাৰা আকাশখন নৈখনে

কাষলৈ আনি দিছিল!

বাৰিষাৰ এদিন। নৈখনে উলাহেৰে হাঁহিলে।‌

সুখী হ’ল মেটেকাজোপা।

নৈখন উফন্দি আহিল, মেটেকাই অপেক্ষা কৰিলে ভালপোৱাৰ আলিংগনৰ বাবে।‌

নৈখনে আহি বিলখনত ভৰি দি মেটেকাক আকোঁৱালি ল’লে, মেটেকা বিভোৰ হ’ল আৰু

হেৰুৱাই পেলালে নিজকে। মেটেকা উটি গ’ল ভালপোৱাৰ বাঢ়নি পানীত।‌

হঠাতে নৈখনে কেকুঁৰি সলালে, আৰু নৈৰ পাৰত ঠেঁহ পাতি বহি ৰোৱা এটা

জাঁজীৰ বুকুত মেটেকাক গুজি থৈ গ’ল থেকেচা মাৰি।‌

(৩)

গাগিনী
******

ইলাচি নেমুজোপাৰ পানীকেঁচুৱা পাতকেইখিলাৰ স’তে উমলিছিল গাগিনীটোৱে।‌

এদিন তাইক দেখা পালে, নিয়ৰৰ টোপালেৰে গা ধুই তাই ৰৌদ্রস্নাতা।

নেমুজোপাৰ পাতকেইখিলা লাহে লাহে সেউজীয়া হ’ল, সেউজীয়া হ’ব ল’লে তাৰ বুকুখনো।‌

আৰু ৰ’ব নোৱাৰি।‌ তায়েই তাৰ জীৱনৰ উদ্দেশ্য আৰু একমাত্র উন্মাদনা!

তাইতেই আৰম্ভ হ’ল, তাইতেই শেষ হওক ভালপোৱা!

তাইৰ কাষ চাপিল সি। তায়ো, তাৰ।‌ আৰম্ভ হ’ল দুয়োৰে ভালপোৱা আৰু জীৱনক জিনাৰ নাচ!

আৰু কাষ চাপিল দুয়ো।‌ সি বাকি দিব খুজিলে সমস্ত জীৱন সাঁচি সামৰি

ৰখা ভালপোৱা।‌ পাখি মেলি তায়ো ভালপোৱা ল’লে।‌

আৰু, হঠাৎ তাই তাৰ মূৰটো চিঙি পেলালে! তথাপিও সি নেৰিলে।‌ তাই তাক খাই

শেষ নকৰালৈকে তাৰ শৰীৰৰ প্রতিটো অংশই তাইৰ শৰীৰত ভালপোৱা বিলাই দিলে

অকাতৰে….

(৪)

সি আৰু তাই
***********

বিলখনৰ পাৰত বহি থাকোঁতে সি তাইক বৰষুণলৈ ৰৈ থকা মেঘৰলিবোৰৰ কাহিনী

কৈছিল, মেটেকাবোৰৰ মাজলৈ নামি গৈ মেটেকা ফুল এপাহ চিঙি আনি তাইৰ বেণীদালত

গুজি দিছিল। গাগিনী ফৰিং এটা ধৰি দুয়ো উমলিছিল, দুটি শিশুৰ দৰেই।

এটা সময়ত তাই মেঘৰলি হৈ পাখি মেলিব খুজিছিল, সি এখন এখনকৈ চিঙি

পেলাইছিল তাইৰ বৰষুণ পিয়াসী ডেউকা।‌ আকাশলৈ চাবলৈ হাক দিছিল সি।

ভঙা কলিজাখন জোৰা লগাই কিছু সুস্থিৰ হ’ব খোজোতেই তাৰ চলনাময়

উশৃংখলতাৰ বানত আকৌ উটি গৈছিল তাই।

তথাপিও দেখোন শেষ নহয় ভালপোৱা!

(পৰিশিষ্ট)
********

নিজান বিলৰ পাৰত, লোকচক্ষুৰ আঁৰত দুয়ো লগ হ’ল পুনৰ।‌ ভালপোৱাৰ

চুক্তি কৰি সি তাইক কাষলৈ চপাই ল’ব খুজিলে আকৌ এবাৰ।‌

সি দাবী কৰিলে ভালপোৱাৰ আদিমতম সংজ্ঞা। কিন্তু, এইবাৰ প্রেমহীন আছিল

বিলৰ পাৰৰ আকাশ।‌

গাগিনী হৈ শৰীৰৰ নৈবেদ্যৰে ভালপোৱাৰ পূজা আগ নবঢ়াবলৈ এইবাৰ তাই দৃঢ় হ’ল।‌

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Parimal
5 years ago

Nice.

Pranjal Montry
5 years ago

val lagil pohi….hundar hoise…aru lekha akha korilu.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক