প্ৰজেক্ট-৩৫, অসম (মনোজ মহন্ত)

“২০১৫ চনৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত অসমৰ দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত একেধৰণৰ এলানি চাঞ্চল্যকৰ ঘটনাৰ খবৰ প্ৰকাশ পাইছিল৷ খবৰবোৰ একেধৰণৰ বুলি এই কাৰণে কোৱা হৈছে যে সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলে প্ৰকাশিত খবৰ সমূহৰ মাজৰে সমসাময়িক অসমৰ এক ঋণাত্মক আৰ্থ-সামাজিক পৰিবেশৰ বিষয়ে অনুভূত হয়৷ তলত তাৰে তিনিটা খবৰ কাকতৰ নাম সহ বাতৰিৰ কিয়দাংশ তুলি ধৰা হ’ল৷
হেডলাইন: ১ (আমাৰ অসম )
এ টি এমৰ ৬৫লাখ টকা আত্মসাৎ, চাৰিজনক গ্ৰেপ্তাৰ
বিশেষ সংবাদ, জাগীৰোড, ১৫ ছেপ্তেম্বৰ:
জাগীৰোডত এটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ তত্ত্বাৱধানত এ টি এমত ভৰাবলৈ অনা ৬৫ লাখ টকাৰ হৰলুকীৰ ঘটনা পোহৰলৈ আহিছে৷ ঘটনাটোত জড়িত ‘এছ আই এছ প্ৰছেগাৰ’ নামৰ ব্যক্তিগত নিৰাপত্তা সংন্থাটোৰ চাৰি কৰ্মচাৰীক হাতেলোটে গ্ৰেপ্তাৰ৷ উল্লেখযোগ্য যে কৰ্মচাৰী কেইজন মৰিগাঁও জিলাৰ জাগীৰোড অঞ্চলৰ থলুৱা যুৱক৷ ……..
হেডলাইন: ২ ( Assam Times )
Brinks Arya driver held; HDFC cash seized
Submitted by AT News Guwahati on Thu, 22/10/201:
In a major achievement, Guwahati police and their Goalpara counterpart have arrested four youths in connection with the HDFC case where a Brink Arya driver had gone missing with Rs 1.80 crore in cash meant to be put in ATM counters…….
হেড লাইন: ৩ ( অসমীয়া প্ৰতিদিন )
বেংক ‘ডকাইতি’ আছিল এখন নাটকহে
যোৰহাটৰ ব্যৱসায়ীৰ গেৰেজত উদ্ধাৰ এ টি এমৰ ১.১ কোটি টকা
বিশেষ সংবাদ, যোৰহাট, ৩১ অক্টোবৰ:
যোৰহাটত ‘এছ আই এছ প্ৰছেগাৰ’ নামৰ নিৰাপত্তা সংস্থাত নিয়োজিত অসমৰ পাঁচ যুৱকে ভুৱা বেংক ডকাইতিৰে আত্মসাৎ কৰা ভাৰতীয় ষ্টেট বেংকৰ এ টি এমত ভৰাবলৈ অনা ১.১ কোটি টকা গেৰেজৰ পৰা উদ্ধাৰ কৰা হয়৷ ………

উক্ত বাতৰি কেইটা লক্ষ্য কৰিলে দেখা যায় প্ৰত্যেকটো ঘটনাৰ লগত অসমৰ একাংশ যুৱক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে৷ তাৰ পৰা সেই সময়ৰ অসমৰ এচাম যুৱ প্ৰজন্মৰ মাজত সুঁচৰি পৰা ভয়াৱহ মানসিক অৱস্থাৰ বিষয়ে উমান পাব পাৰি৷ যাৰ সংখ্যাগত দিশ তথা সমাজখনত ইয়াৰ পৰা পৰিব পৰা প্ৰভাৱ একেবাৰে উলাই কৰিব নোৱাৰা ধৰণৰ৷ এইচাম যুৱকৰ কৰ্মবিমুখিতা, দ্বায়বদ্ধহীনতা, অসৎ চৰিত্ৰ, সহজে ধন আহৰণৰ আদি সমূহীয়া চৰিত্ৰই দুই দশক পূৰ্বে ৰাজ্যখনৰ অৰ্থনীতিৰ গঢ়াৰ বাটত প্ৰত্যক্ষভাৱে এক বৃহৎ ভেকুৱামৰ সৃষ্টি কৰিছিল৷ ……..”

এইখিনিলৈকে পঢ়ি, ৰেলিঙত অলসভাৱে আউজি লৈ হীৰকে আইফ’নটোৰ পৰা দৃষ্টি আকাশলৈ প্ৰসাৰিত কৰিলে৷ আইফ’নৰ ডাঙৰ স্ক্ৰীণখনত অনলাইন আলোচনীত প্ৰকাশিত ‘দুটা দশকৰ আগৰ অসমৰ অৰ্থনীতি, যুৱ মানসিকতা আৰু আজি’ শীৰ্ষক লেখাটোৰ আকৌ এবাৰ চকু ফুৰাই চাইছিল সি৷ কেইবাবাৰো পঢ়ি চাইছে লেখাটো৷ নিবন্ধটোৱে তাৰ মনোযোগ আকৰ্ষণ কৰাৰ এটা বিশেষ কাৰণ আছে৷ লেখাটো প্ৰকাশ হোৱাৰ খবৰ স্বয়ং লেখকজনে তাক জনাইছিল৷ লেখাৰ শেহৰ ফালে অসমৰ দহজন সফল ব্যৱসায়ীৰ জীৱনৰ উল্লেখযোগ্য ঘটনাৰ সংক্ষিপ্ত বিৱৰণ সহ ফ’টো সন্নিৱিষ্ট কৰা হৈছে৷ সফল ব্যৱসায়ীৰ তালিকাত হীৰকৰ নামটোও আছে৷ লগতে বৰ্ণনা কৰা হৈছে সি জীৱনত কোনোদিন পাহৰিব নোৱাৰকৈ কুখ্যাত তথা তাৰ জীৱনৰ টাৰ্ণিং পইণ্ট সেই লজ্জাজনক ঘটনাটো৷ অৱশ্যে লিখকে তাৰ সন্মতি লৈয়ে প্ৰকাশ কৰিছে৷

অভ্যাসবশতঃ হীৰকে হাতৰ ঘড়ীটোলৈ চাই ল’লে এবাৰ৷ বাৰ্জখন বন্দৰ এৰালৈ এতিয়াও এঘণ্টা চল্লিশ মিনিট সময় বাকী আছে৷ চেল্ফ প্ৰপেলড বাৰ্জটো ৰাওনা হোৱালৈ সি তাতে থাকিব লাগিব৷ প্ৰস্তুতিৰ গোটেইখিনি যাৱতীয় কাম সম্পূৰ্ণ হৈছে৷ তাৰফালৰ পৰা কৰিবলগীয়া সকলোবোৰ ফৰ্মেলিটিছ সি ৰাতিয়ে সম্পূৰ্ণ কৰি দিছিল৷ এতিয়া বন্দৰ কৰ্তৃপক্ষৰ অনুমতিলৈ অপেক্ষা৷ বাৰ্জ হ’ল এবিধ সামগ্ৰী কঢ়িওৱা পানীত চলা বাহন৷ নদী বন্দৰবোৰত বিশেষকৈ বিশালকায় অথবা গধুৰ মালবস্তু গভীৰ পানীৰ মাজত ৰখা ডাঙৰ জাহাজবোৰত উঠাবলৈ বাৰ্জ ব্যৱহৃত হয়৷

গুৱাহাটী চহৰৰ পৰা ২২ কি. মি. দূৰত্বত অৱস্থিত ব্যস্ত নদী বন্দৰ কাজলি৷ কাজলিচকীৰ বহ্মপুত্ৰ, কপিলী আৰু কলং এই তিনি নদীৰ সংযোগস্থলীৰ কাষত আছে বন্দৰটো৷ ৰাতিপুৱা সময়খিনি অত্যধিক ব্যস্ত হৈ পৰে৷ সৰু আৰু মজলীয়া আকৃতিৰ জাহাজে ভিৰ কৰি ৰাখে এই সময়খিনি৷ কাজলি নদী বন্দৰৰ পাৰৰ পকী ৰেলিং খনত বহি আছে হীৰক৷ ৰিণিকি ৰিণিকি দূৰত নিজম হৈ পৰি আছে এয়াৰ পৰ্টৰ ৰানৱে’৷ সদায় চিনাকী অচিনাকী বিমানে মুখৰ কৰি ৰখা ৰানৱে’টো একেলেথাৰিয়ে এসপ্তাহ ধৰি স্তব্ধ হৈ ৰৈছে৷ বেয়া বতৰৰ বাবে উত্তৰ-পূবত বিমানৰ উৰণ বাতিল ঘোষণা কৰা হৈছিল৷ আৰু তাৰ বাবে হীৰক আজি চাৰিদিনৰ পৰা কাজলি নদী বন্দৰত ব্যস্ত থাকিব লগা হ’ল৷ পূৱা ৭-৫০ বজাত বাৰ্জটোৱে তাৰ দুটা বাতানুকূল কাৰ্গো ভৰ্ত্তি অৰ্কিডৰ কনচাইনমেণ্ট লৈ যাত্ৰা কৰিব যোগীঘোপা চিপ য়াৰ্ডলৈ৷ তাৰ পৰা কাৰ্গো দুটা ‘লুইত ইণ্টাৰনেচনেল’ নামৰ আন্তৰ্জাতিক কুৰিয়াৰ এজেন্সিটোৰ জৰিয়তে আজিয়ে ‘লাচিত’ নামৰ বৃহৎ জাহাজ খনৰে যাব ছিটাগং বন্দৰলৈ৷ বন্দৰত পুনৰ অৰ্কিডবোৰৰ নতুন পেকিং কৰা হ’ব৷ পাছদিনা বন্দৰৰ পৰা কাৰ্গো দুটা ছিটাগং এয়াৰ ষ্টেচন লৈ গৈ মালবাহী বিমানৰে নিয়া হ’ব সুদূৰ টকিঅ’ লৈ৷ টকিঅ’ৰ পৰাই কনচাইনি ৰফিক চৌধুৰী নামৰ বাংলাদেশৰ মাৰ্চেণ্ট গৰাকীৰ এজেণ্টে কনচাইনমেণ্টটোৰ ডেলিভাৰী ল’ব৷ ডেলিভাৰী কনফাৰ্ম হোৱা লৈ হীৰকৰ দ্বায়িত্ব৷ টকিঅ’ বিমান বন্দৰত ডেলিভাৰী হোৱাৰ লগে লগে সি পাবলগীয়া টকাখিনি তাৰ একাউণ্টত জমা হ’ব৷ সি ভাৱি থৈছে আজিৰ পৰা সি তিনিদিন মান জিৰণি লৈহে পুনৰ কামত ধৰিব৷ সি হিচাপ কৰি চালে প্ৰায় পোন্ধৰ দিনমান ভালকৈ খোৱা-শোৱা হোৱা নাই৷ যথেষ্ট পৰিশ্ৰম হৈছে৷ কনচাইনমেণ্টটো আগৰ হিচাপতকৈ আঠ দিন আগতীয়াকৈ অসমৰ পৰা পঠিয়াবলগীয়াৰ বাবে৷ সকলোবোৰ ভালদৰে থিক থাক কৰিও মুৰকত বিমান উৰণ বাতিল কৰাৰ বাবে সি যথেষ্ট দৌৰাদৌৰি কৰিবলগীয়াত পৰিল৷ একেবাৰে শেষ মুহূৰ্তত বিখ্যাত ব্যৱসায়ী ৰফিক চৌধুৰীৰ তৎপৰতাতহে কনচাইণ্টমেণ্টটো অসমৰ পৰা টকিঅ’ লৈ সময়মতে পথোৱা সম্ভৱ হৈ পৰিল৷ ইয়াৰ আগতেও সি ব্যৱসায়ী গৰাকীৰ অৰ্কিডৰ সৰু অৰ্ডাৰ এটা কমপ্লিট কৰি দিছিল৷ তেতিয়াৰ পৰা হীৰকৰ লগত চৌধুৰীৰ চিনাকি৷ লগ পোৱা নাই যদিও এই অৰ্ডাৰটো লোৱাৰ পৰা ফোন আৰু অনলাইনত যথেষ্ট খিনি মত বিনিময় হৈছে৷ হীৰকৰ ফাৰ্ম খনে অৰ্কিড ডিল কৰে৷ নিজাকৈ দুখন অৰ্কিড বাগান আছে তাৰ৷ দুস্প্ৰাপ্য অৰ্কিডৰ চাহিদা এতিয়াও গোটেই পৃথিৱী জুৰি৷ দেশৰ লগতে বাহিৰলৈ সি অৰ্কিড সংগ্ৰহ কৰি যোগান দিয়ে৷ এই কনচাইনমেণ্টটোত আছে ২৬০০ টা বিভিন্ন প্ৰজাতিৰ অৰ্কিড সহ তাৰ গছ৷ ন দিনৰ পাছত টকিঅ’ত অনুষ্ঠিত হ’ব লগা এখন আন্তৰ্জাতিক সন্মিলনীৰ মণ্ডপত সজাবৰ বাবে অৰ্কিডবোৰ বিশেষ ভাৱে ব্যৱহাৰ কৰা হ’ব৷ হীৰকৰ ফাৰ্ম খনৰ বাবে এই  কনচাইণ্টমেণ্টটো সময়মতে ডেলিভাৰী দিয়াটো বৰ দৰকাৰী আছিল৷ তাৰ দৰে কেইবাখনো ফাৰ্মে অসমৰ পৰা অৰ্কিড বাহিৰলৈ যোগান ধৰে৷ সেয়ে তীব্ৰ প্ৰতিযোগিতা চলি থকা ব্যৱসায়টোত সুনাম নষ্ট হব দিব নোৱাৰে সি৷ দ্বায়িত্ব আৰু ব্যৱসায় দুইটাৰে কথা আছে৷ আঠ মাহৰ আগতে এই কণ্ট্ৰেক্টটো লাভ কৰিছিল স্বয়ং ৰফিক চৌধুৰী নামৰ ব্যৱসায়ী গৰাকীৰ পৰা৷ তেতিয়াৰ পৰা সি বৰ উৎসাহৰে আৰু নিয়াৰিকৈ কামত ধৰিছিল৷ যাতে নিৰ্দিষ্ট কৰি দিয়া সময়মতে ডেলিভাৰী হৈ উঠে৷ কণ্ট্ৰেক্টটো লাভজনক যদিও বহুত ৰিস্কি আছিল৷ অকল অসমতে এতিয়া কেইবাশ বৃহৎ অৰ্কিড বাগান গঢ়ি উঠিছে যদিও একেসময়তে সমান বয়সৰ ছাবিশ শ অৰ্কিড আৰু তাৰ গছ গোটোৱা মুখৰ কথা নহয়৷ তাৰ বাবে সি পূৰা চাৰিটা মাহ পৰিশ্ৰম কৰিছিল৷ স্থানীয় বাগানৰ বাহিৰেও অৰুণাচল আৰু নাগালেণ্ডস্থিত বাগানৰ স’তে যোগাযোগ কৰিছিল৷ আচলতে পূৰ্ব নিৰ্ধাৰিত বন্দৱস্তি মতে কনচাইণ্টমেণ্টটো অসমৰ পৰা মালবাহী বিমানৰে আজিৰ পৰা আঠ দিনৰ পাছত টকিঅ’ত ডেলিভাৰী দিয়াৰ কথা থিক কৰা হৈছিল৷ হথাত বতৰে বিধি পথালি দিয়া বাবে শেষ মুহূৰ্তত প্ৰগ্ৰামটো সলনি কৰিব লগা হ’ল৷ কনচাইনমেণ্টটো পথোৱাৰ বিকল্প পথ হিচাপে  ব্ৰহ্মপুত্ৰৰ জলপথৰে অসমৰ পৰা উলিয়াই দি ছিটাগং বিমান বন্দৰৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিব লগা হ’ল৷ বেয়া বতৰৰ বাবে হঠাৎ উত্তৰ-পূবত পোন্ধৰ দিনমানৰ বাবে বিমান যাতায়ত ৰূদ্ধ কৰিব লগীয়া হৈছে৷ ষ্ট্ৰেট’ স্পেয়াৰত সঘন বতৰৰ পৰিবৰ্তন, এচিড বৰষুণ, হঠাৎ অত্যধিক কুঁৱলী সৃষ্টি আদিৰ বাবে ৰফিক চৌধুৰীৰ আগতীয়া অনুমানৰ দৰেই এই অঞ্চলত বিমানৰ উৰণ অনিৰ্দিষ্ট সময়লৈ বাতিল কৰা হৈছে৷ স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ এই অস্বাভাৱিক পট  পৰিবৰ্তনৰ আগতীয়া খবৰ প্ৰচাৰ কৰি এলাৰ্ট কৰি দিছিল৷ সি খবৰ ৰাখিলেও প্ৰথমতে বৰ এটা গুৰুত্ব দিব খোজা নাছিল৷ কিন্তু এই বিষয়ে তাক আজিৰ পৰা এমাহ আগতে স্বয়ং চৌধুৰীৰ লগতে তেওঁৰ ব্যৱসায়িক পৰামৰ্শকাৰী সংন্থাটোৱে বাৰম্বাৰ সকীয়াই আছিল৷ জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা উত্তৰ-পূবত হঠাৎ হ’বলগীয়া বতৰ পৰিবৰ্তনৰ আগতীয়া খবৰ লাভ কৰিছিল তেওঁ৷ সময়লৈ ৰৈ থাকিলে পয়মাল হোৱাৰ ভয়৷ ডাঙৰ মাৰ্চেণ্টবোৰৰ পৰা ব্যৱসায়ত বতৰৰ আগজাননীক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া হীৰকহঁতে শিকিব পাৰিছে৷ বতৰৰ এই পৰিবৰ্তন হ’বলৈ পালে যোৱা মাহত প্ৰতিবেশী দেশ এখনত আণৱিক দুৰ্ঘটনা এটাৰ বাবে৷ চৌধুৰীৰ ব্যৱসায়িক পৰামৰ্শদাতা সংস্থাটোৰ বাৰম্বাৰ সকীয়নীত কথাটো গুৰুত্ব সহকাৰে লৈ হীৰক আৰু চৌধুৰীৰ মুখ্য সহকাৰীৰ লগত হোৱা কেইবাঘণ্টা আলোচনাৰ মৰ্মে কনচাইনমেণ্টটো  বিকল্প ৰাস্তা কাজলি নদী বন্দৰ- যোগীঘোপা-ছিটাগং বন্দৰ এই জলপথৰে পথোৱাৰ ব্যৱস্থা কৰা হ’ল৷ সেয়ে নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ অৰ্কিডবোৰ সংগ্ৰহ, দীঘলীয়া সময়ৰ বাবে সজীৱ হৈ থাকিবলৈ সংলগ্ন গছত মেডিচিন ইনজেক্ট কৰা আদি অতিৰিক্ত কাম কিছু কৰিব লগা হ’ল৷ অৰ্কিড সংগ্ৰহৰ পৰা নতুন ধৰণৰ পেকিং কৰালৈ গোটেই এৰেঞ্জমেণ্টবোৰ হীৰক নিজেই লাগি আছিল৷ একাংশ সাগৰীয় পথৰে অতিক্ৰম কৰিব লগীয়া অৰ্কিডবোৰৰ পেকেজিঙত বহুত বেছি সাৱধান ল’ব লগাত পৰিল৷ খৰচো হ’ল যথেষ্ট৷ সমস্ত ওপৰুৱা খৰচৰ দায়িত্ব বহন কৰিছে ব্যৱসায়ী ৰফিক চৌধুৰীয়ে৷ তেখেতৰো ব্যৱসায়িক সুনামৰ প্ৰশ্ন জড়িত আছে৷ এটা দীঘলীয়া হামি মাৰি হীৰক তলত ৰৈ থকা বাৰ্জটোলৈ চাই পুনৰ নিজৰ ভাৱত বুৰ গ’ল৷ মনত দুই দশক আগৰ সেই সময়বোৰে অগা-দেৱা কৰিব ধৰিলে৷

বিশ -বাইশ বছৰ মানৰ আগতে ব্যৱসায়িক ভিত্তিত অসমৰ এজাক যুৱকে নিজাববীয়াকৈ অৰ্কিডৰ খেতি আৰম্ভ কৰিছিল৷ সেয়া আছিল অসমৰ বাবে এটা নতুন যুগৰ আৰম্ভণি মাথো৷ সেই যুৱকৰ দলৰ মাজত আধাতে পঢ়াশুনা এৰি কেৰালা, তামিলনাডুত ক’ম্পেনীৰ চাকৰিৰে উপাৰ্জনৰ ৰাস্তা বিচাৰিব যোৱা অসমীয়া যুৱকবোৰৰ মাজৰ হীৰকো আছিল৷ কিন্তু তাৰ আগতে হীৰক আন এক ঘটনাৰ লগত জড়িত হৈ পৰিছিল৷ ৰাজ্যৰ বাহিৰৰ কম দৰমহা অথচ হাড়ভঙা পৰিশ্ৰমৰ  ক’ম্পেনীৰ চাকৰি এৰি থৈ আহি সি অসমতে চিকিৰিউটি এজেন্সি এটাত সোমাল৷ কিন্তু চাকৰিত হীৰকহঁতে নিজেই ঘটোৱা সেই ঘটনাটোৰ পাছত সি কল্পনা নকৰা সাংঘাতিক পৰিস্থিতিত পৰিছিল৷ ক’ত যাম, কি কৰিম চিন্তা কৰি পাৰ নোপোৱাত পৰিল৷ তাতে জেইলৰ পৰা উভতি অহা ল’ৰাক কোনেও ভাল চকুৰে নাচায়৷ দুৰ্ভাৱনা -অনিশ্চয়তাই তাক এফালৰ পৰা চেপি খুন্দি আনিব ধৰিছিল৷ বহুদিন ঘৰতে বহি থাকি হতাশ হৈ গৈছিল হীৰক৷ সেই অৱস্থাত সি এদিন মুখামুখি হৈছিল এজন জংঘল ফেৰৎ বিপ্লৱীৰ৷ তেওঁ আন কোনো নহয়, ইতিমধ্যে জনমানসৰ চকুৰ আঁতৰত নিৰৱে এটা আন্দোলনৰ প্ৰস্তুতিত অহৰহ লাগি থকা এগৰাকী অক্লান্ত অসম প্ৰেমী৷ লগত এজাক কৰ্ম-উদ্যমী নিবনুৱা৷ তেওঁলোকে অসমৰ ভিতৰুৱা অঞ্চলবোৰত পৰি থকা বৃহৎ এলেকাৰ পৰি থকা জংঘল, মাটি, জলাহ আদি নিৰ্বাচন কৰি লৈ অৰ্কিড, আগৰ, ভোট জলকীয়া, আদা, শিঙৰি, ভেট ফুলৰ আলু আদি ব্যৱসায়িক ভিত্তিত উৎপাদনত মনোনিবেশ কৰিছিল৷ পুঁজি আৰু পৰামৰ্শ আগবঢ়াইছিল এটা আন্তৰ্জাতিক দাতব্য সংন্থাই৷ প্ৰথম দুটা বছৰৰ অভূতপূৰ্ব সফলতাই সৰুকৈ আৰম্ভ কৰা এই পদক্ষেপে অসমৰ হেজাৰ হেজাৰ কৰ্মোদ্যমী নিবনুৱাক আকৰ্ষিত কৰিলে৷ প্ৰথম পৰ্য্যায়ত মধ্যমীয়া বুদ্ধিৰ পৰিশ্ৰমী যুৱকবোৰ জড়িত হৈ পৰিল৷ এনেই থকা হীৰকো লগ হৈছিল মানুহজনৰ দলত৷ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহলেও বাস্তৱ পৰিস্থিতিয়ে তীক্ষ্ণ বুদ্ধিৰ ল’ৰাটোক বহু কথা শিকাইছিল৷ তাৰ কাম কৰা আগ্ৰহ, পৰিশ্ৰম আৰু প্ৰক্ৰিয়াটোৰ লগত তলৰ পৰা ওপৰলৈ খুটিনাটি মাৰি জড়িত হোৱা কেইবাবছৰৰ অভিজ্ঞতাৰ জোৰত সি বহুদূৰ আগুৱাই গৈছিল৷ আধুনিক আৰু বিশুদ্ধ পদ্ধতিৰে প্ৰাকৃতিক ভাৱে অসমৰ জলবায়ুত উৎপন্ন হোৱা একক গুণ বিশিষ্ট গছ আৰু ফুল ফল বাছি তাৰ ব্যৱসায়িকভাৱে উৎপাদনৰ সৰু ডাঙৰ ফাৰ্ম অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গঢ়ি উঠিল৷ অসমীয়া মানুহৰ স্বভাৱগত চৰিত্ৰ আনক কৰা দেখি সকলোৱে অনুকৰণ কৰা অভ্যাসৰ ইয়াতো পুনৰাবৃত্তি ঘটিল৷ কিন্তু প্ৰক্ৰিয়াটোৰ লগত পিছৰ পৰ্য্যায়ত আন এজাক উচ্চশিক্ষিত উদ্যোগী যুৱকে অংশ গ্ৰহণ কৰি গোটেই ভাৰতবৰ্ষতে উৎপাদিত সামগ্ৰীৰ বজাৰ গঢ়ি তুলিলে৷ আই আই টি, আই আই এমৰ পৰা ডিগ্ৰী লোৱা যুৱক যুৱতী কেইজনমানেও যোগ দিলে৷ ফলত প্ৰক্ৰিয়াটো থমকি ৰ’ব লগীয়া নহ’ল৷ সকলোৰে হাতলৈ ধনৰ সমানে আমদানি ঘটি থাকিল৷ এটা সময়ত অসমৰ ভিতৰুৱা অঞ্চলত গঢ়ি উঠা এই কৰ্ম আন্দোলনত যোগ দিবলৈ ৰাজ্যৰ বাহিৰত ক’ম্পেনীৰ চাকৰি বিচাৰি যোৱা যুৱকৰ ওলোটা সোঁত ববলৈ আৰম্ভ হৈছিল৷ মধ্যমীয়া মেধাবীৰ পৰিশ্ৰমী এজাক নিবনুৱা যুৱকৰ আশাশুধীয়া পৰিশ্ৰমে যে এদিন অসমৰ অৰ্থনৈতিক চিত্ৰই নহয় সামাজিক, ৰাজনৈতিক দিশৰ প্ৰভূত উন্নতি কৰিবলৈ সক্ষম হ’ব সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল৷ আন্তৰ্জাতিক এন জি অ’ টোৰ ব্যৱস্থাপনা আৰু পিছত এই প্ৰক্ৰিয়াটোৰ লগত যুক্ত হোৱা কেইবাজনো অসম হিতৈষী ব্যক্তিৰ পৰিচালনাত অসমত সঁচা অৰ্থতে এক কৰ্ম আন্দোলনে গতি লাভ কৰিলে৷ উৎপাদিত বস্তুৰ বজাৰখন অকল অসমতে সীমাবদ্ধ নাথাকিল৷ তাৰ লগত যোগ হ’ল আগৰে পৰা বিশ্ব বিখ্যাত থলুৱা এৰী, পাট মূগা বস্ত্ৰ শিল্প, কাঁহ শিল্প, বৰপেটাৰ ফটকা, জৈৱিক চাহ, ৰবৰ, বাঁহ -বেতৰ শিল্প আদিৰ লগতে থলুৱা খাদ্য সম্ভাৰ তথা জনজাতীয় ছাই মদ, আপঙৰ আন্তৰ্জাতিক পৰিচিতি৷ অসমত ভেজালহীন, উন্নত মানৰ সামগ্ৰীৰ কদৰ গোটেই বিশ্বতে বাঢ়ি গ’ল৷ তাৰ ফলত আজি দুটা দশকৰ পাছত অসমৰ ৰাস্তাঘাট, বিমান পৰিবহন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথৰ প্ৰভুত উন্নতি ঘটিল৷ বহ্মপুত্ৰৰ ওপৰত সৰু আৰু মজলীয়া আকৃতিৰ নদী বন্দৰ গঢ়ি উঠিল৷ আমদানি -ৰপ্তানিৰ সহজ আৰু সুলভ পথ মুকলি হ’ল৷ দেশী বিদেশী জাহাজৰ বাবে পথ মুকলি কৰি দিয়া হ’ল৷ তাৰ লগতে ৰাজ্যৰ পৰ্য্যটন উদ্যোগ, থলুৱা খাদ্যৰ ব্যৱসায় আদিলৈ চকুত লগা পৰিবৰ্তন আহিল৷ আচলতে দুটা দশকৰ আগতে অসমৰ কোনোবা এচুকত সৰুকৈ আৰম্ভ হোৱা প্ৰচেষ্টা এটাই এনেদৰে বিস্তৃতি লাভ কৰিলে যে তাৰ ধনাত্মক প্ৰভাৱ সকলোতে পৰিল৷ কাষৰীয়া ৰাজ্যকেইখনেও অসমক অনুকৰণ কৰি সুফল লাভ কৰিব ধৰিলে৷ তাৰ প্ৰত্যক্ষ প্ৰভাৱ হিচাপে আগতে প্ৰায়ে অসমৰ ৰাজ্যিক সীমা সমন্ধীয় উত্তেজনাবোৰ নাইকিয়া হ’ল৷ সমূহীয়া উন্নতিৰ বাবে যে সকলোৱে সহযোগৰে আগবাঢ়িব লাগিব তাক বুজি পালে বা বুজাই দিয়া গ’ল৷ ষ্টিলৱেল পথটো পুনৰ মুকলি কৰি দিয়াত স্থলপথৰে কাষৰীয়া পূবৰ দেশ সমূহৰ লগত উত্তৰ-পূবৰ যোগেদি দেশৰ বৃহৎ বজাৰ এখন গঢ়ি উঠিল৷ অসমৰ অৰ্থনীতি ভাৰতৰ শীৰ্ষ তিনিখন ৰাজ্যৰ তালিকাত একেৰাহে জিলিকি থাকিব ধৰিলে৷ এসময়ত কৰ্মচাৰীক মাহৰ দৰমহা দিব নোৱাৰা অসমে নিজৰ ভৰিত থিয় দিয়াৰ ওপৰিও আন ৰাজ্যক সাহায্য দিব পৰা হ’লগৈ৷ ইয়াৰ লগে লগে দেশৰ ৰাজনৈতিক -সমাজনৈতিক ক্ষেত্ৰত অসমে আগস্থান পাবলৈ ধৰিলে৷ এসময়ত জাগীৰোডত নিৰাপত্তা কোম্পানীৰ সামান্য চাকৰিৰে পেট প্ৰবৰ্তোৱা হীৰক, যি সহজলভ্য ধনৰ মোহত পৰি এদিন জেইলৰ ভিতৰ সোমাই পৰিছিল৷ জীৱনত যে আজিৰ দৰে সূচল অৱস্থাত এনেদৰে উপনীত হ’বলৈ সক্ষম হ’ব সেয়া সপোনৰ অগোচৰ আছিল৷ আজি হীৰকৰ দৰে বহু হাজাৰ অসমীয়া যুৱকৰ জীৱনলৈ এই দীঘলীয়া কৰ্ম আন্দোলনে সোণালী দিন কঢ়িয়াই আনিলে৷

২০৩৫ চন ৮ মাৰ্চৰ আজি ৰাতিপূৱা কাজলি বন্দৰত বহি দুটা দশকৰ আগৰ কথাবোৰ মনত অগা-দেৱা কৰি থাকোতে সাতচল্লিচ বছৰীয়া হীৰকৰ চকুজোৰ কিয় জানো  চলচলীয়া হৈ পৰিল, সি নিজেই ক’ব নোৱাৰিলে৷

ইমানলৈকে গল্পটো লিখি ইপ্সিতাই প্ৰথমৰ পৰা এবাৰ পঢ়ি চালে৷ নিজৰ সপোনৰ প্ৰজেক্ট এটা সাৱতি লৈ যোৱা সপ্তাহত জেনেভাৰ পৰা অসমলৈ একেবাৰে ঘূৰি আহিছে চাকৰিটো ইস্তফা দি৷ ৱৰ্লড ইক’ন’মিক ফ’ৰাম (WEF)নামৰ আন্তৰ্জাতিক সংস্থাটোৰ জেনেভাস্থিত মুখ্য কাৰ্য্যালয়ত ইক’ন’মিক এডভাইজাৰ ৰূপে কাম কৰা ইস্পিতাই তাইৰ পাঁচ বছৰীয়া চাকৰিত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলে৷ অৰ্থনৈতিক ভাৱে পিছপৰা বিশ্বৰ কেইবাখনো দেশত গৈ WEF ৰ প্ৰজেক্টত দেহেকেহে খাটি সফলতা আনিছিল ইপ্সিতাই৷ প্ৰজেক্টৰ জৰিয়তে দেশ কেইখনৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বাট মুকলি হৈছিল৷ সেই অভিজ্ঞতাক সাৰথি কৰি নিজাকৈ কাম কৰাৰ বহুদিনীয়া হেঁপাহক বাস্তৱ ৰূপ দিবলৈ “প্ৰজেক্ট ৩৫, অসম ” তৈয়াৰ কৰি লৈ ইপ্সিতা উপস্থিত হৈছেহি মৰমৰ জন্মস্থান অসমত৷ চকুত সুজলা-সুফলা অসমক কৰ্ম সংস্কৃতি গঢ়ি কেৱল লাভজনক কৃষি কৰ্মৰে অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ দূৰন্ত সপোন৷ ইতিমধ্যে তাই ‘প্ৰজেক্ট – ৩৫, অসম’ৰ কাম আৰম্ভ কৰাৰ বাবে এটা বিশ্ব খ্যাত এন পি অ (NPO)ৰ পৰা লিখিত অনুমোদন লৈ আহিছে৷ আজি তাইৰ বাবে আৰু এটা ভাল খবৰ আছে৷ ইপ্সিতাৰ ইনবক্সত ৱৰ্লড ইক’ন’মিক ফ’ৰামৰ জেনেভাস্থিত মূল কাৰ্যালয়ৰ পৰা প্ৰজেক্টটোত সহযোগ কৰাৰ প্ৰতিশ্ৰুতিৰে এখন মেইল আহিছে৷ কিন্তু এই পৰিকল্পনাৰ বিষয়ে ইপ্সিতাই ঘৰত এতিয়াও কোৱা নাই৷ ঘৰৰ সকলোৱে ভাৱি আছে ছুটি লৈ অহা তাই ছুটি শেষ হ’লে আগৰ দৰে পুনৰ কামত যোগ দিব৷

মেইলখন পঢ়ি উঠি মনৰ আনন্দতে যোৱা ডেৰঘণ্টা লেপটপটো বিছনাত লৈ ‘লাচিত’ নামৰ অসমীয়া লিখন সঁজুলিৰে ইস্পিতাই অনৰ্গল অসমীয়াত টাইপ কৰি গৈছে৷ তাইৰ সপোনৰ প্ৰজেক্টটোৰ সফলতাত আজিৰ পৰা বিশ বছৰৰ পিছত সলনি হ’বলগা অসমৰ পৰিবেশৰ থূলমূল কাল্পনিক চিত্ৰ এখন আঁকিবলৈ এনেয়ে গল্প এটাৰ মাজৰে যত্ন কৰি চাইছে৷ গল্পটো পঢ়ি চাই তাই খুব এটা সন্তুষ্ট নহ’ল যদিও মনটো ভাল লাগি আছে৷ লিখাত বহু খুটিনাতি ৰৈ গৈছে৷ পুনৰ শুধৰাই লিখিব৷ অহা বিশ বছৰৰ প্ৰতিদিনেই তাই এই গল্পটোকে লিখি যাব বাৰে বাৰে৷ কেইবাবছৰৰ মূৰত ইমান দীঘলীয়াকৈ অসমীয়াত টাইপ কৰি ইপ্সিতাই অলপ ভাগৰুৱা অনুভৱ কৰিলে৷ লেপটপটো অফ কৰি বিছনাৰ হেডবক্সটোত লাহেকৈ থৈ দিলে৷ আৰু নিচেই কাষতে থকা ‘প্ৰজেক্ট ৩৫, অসম’ৰ ফাইলটো আলফুলে বুকুত সাৱতি লৈ এটা নতুন পুৱা আদৰিবলৈ চকু হাল মুদি দিলে৷ ঠিক কৰিলে কাইলৈ পুৱাই চাহৰ টেবুলত সকলোকে তাইৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে জনাই দিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!