প্ৰসংগ: অসমৰ ভ্ৰাম্যমান থিয়েটাৰ (ড° বসন্ত কুমাৰ ভট্টাচাৰ্য)

বাৰে বৰণীয়া ভাষা-সাহিত্য সংস্কৃতিৰ মিলন ভূমি অসমত নাট্যকলা আৰু ৰংগমঞ্চৰ ইতিহাস সুপ্ৰাচীন আৰু ঐতিহ্যপূৰ্ণ। আজিৰ পৰা চাৰে পাঁচশ বছৰ পূৰ্বে অসমভূমিত জন্মগ্ৰহণ কৰি নিজৰ ব্যক্তিত্ব আৰু কৃতিত্বৰে জাতীয় মহাপুৰুষ ৰূপে প্ৰতিষ্ঠিত হোৱা প্ৰবীণ শিল্পী শংকৰদেৱে ‘অংকীয়া নাট’ ৰচনাৰে অসমীয়া নাট্য সাহিত্যৰ শুভাৰম্ভ কৰে। নৃত্য-গীত আৰু বাদ্যৰ এক সুকীয়া আকৰ্ষণ আছে। এই কথা মহাপুৰুষজনাই মৰ্মে মৰ্মে অনুভৱ কৰিছিল। সেয়ে, তেওঁ বিষ্ণু বা কৃষ্ণ মাহাত্ম্যৰ প্ৰচাৰৰ নিমিত্তে থলুৱা নাট্য আৰু নৃত্যানুষ্ঠান (পুতলা নাচ, ওজাপালি নৃত্য, ঢুলীয়াৰ ভাও, দেওধানি নৃত্য আদি)ৰ পৰা সমল সংগ্ৰহ কৰি, সংস্কৃত নাটকৰ ৰীতি-প্ৰকৃতিৰ আধাৰত অংকীয়া নাট ৰচি তাৰ অভিনয়ৰ ব্যৱস্থা কৰিছিল। নক’লেও চলে যে, তেওঁৰ এই প্ৰচেষ্টাই বৈষ্ণৱ ধৰ্মক অসমৰ বুকুত প্ৰতিষ্ঠা কৰাত আশাতীত ৰূপে সহায় কৰিছিল আৰু তেওঁৰ নাট্যৰীতিৰ অনুসৰণকাৰী শতাধিক নাট্যকাৰৰ প্ৰযত্নত ‘অংকীয়া নাট’এ এটি বিশিষ্ট নাট্য ধাৰাৰ মৰ্য্যাদা লাভ কৰিবলৈ সমৰ্থ হৈছিল।

বৃটিছে অসম অধিকাৰ (১৮২৬) কৰাৰ পিছৰ পৰা অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ ৰং সলনি হয়। বৃটিছৰ আগমনে অসমৰ ভাষা-সংস্কৃতিলৈ আমদানি কৰিলে এক নতুন ৰীতি নতুন প্ৰকৃতি। এই ৰীতি প্ৰকৃতি পশ্চিমীয়া। এই পশ্চিমীয়া ৰীতি-প্ৰকৃতিয়ে অসমৰ নাট্য আৰু ৰংগমঞ্চকো দোলা দি গ’ল। ফলস্বৰূপে, মহাপুৰুষজনাই প্ৰৱৰ্ত্তন কৰি থৈ যোৱা নাট্যৰীতি আৰু অভিনয় কলাৰ বিপৰীতে নৱতম নাট্য আৰু অভিনয় ৰীতি গঢ়ি উঠিল। এই ৰীতি পশ্চিমীয়া। ৰংগমঞ্চৰ ওপৰতো পশ্চিমীয়া ৰীতি তথা কলা-কৌশলৰ প্ৰভাৱ পৰিল। এনেকৈয়ে, যুগৰ পৰিবৰ্ত্তিত পটভূমিত অসমৰ নাট্য আৰু ৰংগমঞ্চৰ ইতিহাসত পৰিবৰ্ত্তন ঘটিল।

সাম্প্ৰতিক যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ ন ন আৱিষ্কাৰে বিশ্বৰ জনসাধাৰণক যেনেদৰে চমক খুৱাইছে, কলাকাৰ সকলেও তেনেদৰে নতুন নতুন পৰীক্ষা-নিৰীক্ষাৰে বিবিধ কলাৰ সৃষ্টি কৰি কলাপ্ৰেমীসকলৰ মনত কঁপনি তুলিছে। বিশেষতঃ নাটক আৰু অভিনয়ৰ প্ৰসংগত চলোৱা পৰীক্ষা-নিৰীক্ষাই আজি শীৰ্ষবিন্দু লাভ কৰিছে। ফলস্বৰূপে, নাটকৰ প্ৰকৰণ আৰু প্ৰসংগৰ পৰিবৰ্ত্তন ঘটিছে। পৰিবৰ্ত্তন ঘটিছে ৰংগমঞ্চৰ কলা-কৌশলৰ। অৱশ্যে, এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে, স্থায়ী ৰংগমঞ্চ আৰু নাট্য চৰ্চাৰ সুব্যৱস্থা থকা ইউৰোপীয় আৰু আমেৰিকাৰ দেশসমূহত, এনে পৰিৱৰ্ত্তনৰ গতি যিমান দ্ৰুততৰ, আমাৰ দেশত সিমান নহয়। কিন্তু সিবোৰ দেশৰ কলাকাৰ সকলৰ খোজত খোজ মিলাই আগবাঢ়িবলৈ আমাৰ দেশৰ কলাকাৰ সকলৰ যি উদ্যম আৰু প্ৰচেষ্টা দেখা গৈছে, সি নিঃসন্দেহে প্ৰশংসনীয়। কোৱা বাহুল্য যে, সাম্প্ৰতিক কালত অসমত গঢ় লৈ উঠা ভ্ৰাম্যমান থিয়েটাৰ দল সমূহ এনে উদ্যম আৰু প্ৰচেষ্টাৰেই অমৃতময় ফচল। অসমৰ অপেশাদাৰী নাট্য গোষ্ঠীসমূহে, সময়ে সময়ে সীমিত পৰিসৰৰ ভিতৰত পৰীক্ষামূলক ভাবে নতুন আংগিকৰ নাটকৰ অভিনয় প্ৰদৰ্শন কৰি অভিলেখ স্থাপন কৰিবলৈ সমৰ্থ হলেও, প্ৰকৃততে ভ্ৰাম্যমান নাট্যদল সমূহেহে আমাৰ নাট্য আৰু অভিনয় কলাৰ জগতখন সজীৱ আৰু স্পন্দনপূৰ্ণ কৰি ৰাখিছে। ব্যৱসায়িক ভিত্তিত গঢ় লোৱা এই নাট্যদলসমূহে অসমৰ গাঁৱে, চহৰে, পৰ্বতে-ভৈয়ামে অভিনয় প্ৰদৰ্শন কৰি যেনেদৰে বিপুল দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে, তেনেদৰে এচাম শিল্পী আৰু কলাকুশলীক ভাত-কাপোৰৰ সংস্থান দি জীয়াই ৰাখিছে। তদুপৰি, এই দলসমূহে, এহাতে যেনেদৰে সংস্কৃতিৰ চৰ্চা কৰিছে, আনহাতে তেনেদৰে বিভিন্ন জাতীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ নিৰ্মাণৰ ক্ষেত্ৰতো পৰোক্ষভাবে বৰঙণি যোগাইছে। সেয়ে, আজি ভ্ৰাম্যমান নাট্যদল সমূহৰ কৰ্তব্য আৰু দায়িত্ব বাঢ়িছে।

অসমত সম্প্ৰতি দুইকুৰিৰো অধিক সৰু-বৰ ‘ভ্ৰাম্যমান থিয়েটাৰ’ দল গঠিত হৈছে। তাহানি স্বনামধন্য শিল্পী ব্ৰজনাথ শৰ্মাই সাধাৰণ নাট্যদল গঠন কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়াত পৰিছিল। সামাজিকৰ দ্বাৰা তেওঁ লাঞ্ছিত হৈছিল। ‘ভ্ৰাম্যমান থিয়েটাৰ’ৰ পিতৃস্বৰূপ শ্ৰী অচ্যুত লহকৰে ‘চহৰমুখী সংস্কৃতিৰ অভিযানটোক জনতামুখী’ কৰি তোলাৰ মানসেৰে ‘নটৰাজ থিয়েটাৰ’ নামেৰেপ্ৰথম ভ্ৰাম্যমান নাট্যদলটো গঠন কৰোতেও যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰিছিল। আজি আৰু সেইদিন নাই। শ্ৰীলহকৰৰ ‘নটৰাজ থিয়েটাৰ’ৰ অনুকৰণত পৰৱৰ্ত্তীকালত গঢ় লৈ উঠা ভ্ৰাম্যমান নাট্যদলসমূহক অসমৰ ৰাইজে আকোঁৱালি লৈছে। নতুন কিবা এটা পোৱাৰ আশাৰ, দেখাৰ আশাত ৰাইজে বছৰি ‘ভ্ৰাম্যমান থিয়েটাৰ’ৰ প্ৰেক্ষাগৃহৰ সম্মুখত লানি নিছিগা শাৰী পাতিছে।

কোনো কোনো থিয়েটাৰ দলৰ কোনো কোনোখন নাটকৰ দৰ্শকৰ শৃংখলা ৰক্ষা কৰিবলৈ ঠায়ে ঠায়ে আৰক্ষীৰ সহায় ল’বলগীয়া হোৱাৰ কথাও সময়ে সময়ে বাতৰি কাকতত প্ৰচাৰিত হৈছে। এইবোৰ ঘটনাই নিঃসন্দেহে ‘ভ্ৰাম্যমান থিয়েটাৰ’ৰ জনপ্ৰিয়তাৰ কথাকে সূচায়। এনে জনপ্ৰিয় নাট্যদলসমূহৰ বৰ্ত্তমান দায়িত্ব আৰু কৰ্ত্তব্য কেনে গধুৰ হৈ পৰিছে, সেই বিষয়ে চিন্তা কৰাৰ সময় সমুপস্থিত।

ভ্ৰাম্যমান নাট্যদল সমূহে যিহেতুকে অগণন দৰ্শক ৰাইজৰ লগত পোণপটীয়া সম্বন্ধ স্থাপন কৰিবলৈ সুযোগ পায়, সেই হেতুকে সি সমুহ সহজে দৰ্শক-ৰাইজৰ ওপৰত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিবলৈও সমৰ্থ হয় বা হ’ব পাৰে। প্ৰভাৱ দুই প্ৰকাৰৰ। এক প্ৰকাৰৰ প্ৰভাৱে সমাজ-জীৱনৰ হিত সাধন কৰিব পাৰে আৰু আন প্ৰকাৰৰ প্ৰভাৱে সমাজ জীৱনক কৰিব পাৰে কলুষিত। ভ্ৰাম্যমান নাট্যদল সমূহৰ আগত থাকিব লাগে সমাজ-জীৱনৰ হিত সাধনৰ লক্ষ্য। দৰ্শক-ৰাইজক আনন্দ দান কৰাৰ লগতে তেওঁলোকৰ হৃদয়-মন-মগজুত মহান মানসিকতাৰ আদৰ্শ ছাপ বহুৱাবৰ নিমিত্তে নাট্যদল সমূহ সচেষ্ট হ’ব লাগিব ‘সুন্দৰ সৰু বৰ আলিয়েদি’ দৰ্শক ৰাইজৰ ‘সত্য-শিৱ-সুন্দৰ’ৰ মহামেলালৈ আগবঢ়াই নিবলৈ। আৰু তাৰ কাৰণে প্ৰয়োজন হ’ব সুস্থ প্ৰসংগ আৰু প্ৰকৰণ সম্বলিত নাটকৰ, প্ৰয়োজন হ’ব ৰুচিবান প্ৰযোজক- পৰিচালক- অভিনেতা- অভিনেত্ৰী আৰু আন আন কলা কুশলীৰ। নাটক অথবা অভিনয় যৌথ কলা। কেৱল নাট্যকাৰ, কেৱল পৰিচালক অথবা অকল প্ৰযোজকেই এখন সুস্থ নাটকৰ অভিনয়ৰ ব্যৱস্থা কৰাটো সাধ্যতীত। এই ক্ষেত্ৰত, উমৈহতীয়া প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।

পাহৰিলে ভুল হ’ব যে, অভিনয় কলা কেৱল অভিজাত শ্ৰেণীৰ ক্ষন্তেকীয়া মনোৰঞ্জনৰ আহিলা নহয়। ই জন জীৱনৰ ৰুচি আৰু চিন্তা সলনি কৰিব পৰা এক প্ৰকাৰ বিশিষ্ট মাধ্যম। গতিকে অভিনয় কলাক জন-জীৱনৰ চিন্তা চেতনাৰ মাজলৈ আগবঢ়াই নিবকৈ চেষ্টা কৰাটো প্ৰয়োজনীয় কথা। “আজি জনতাৰ জীৱনলৈ সুন্দৰ নামি আহিব খুজিছে। পৃথিৱীৰ মাটি-পানী-বোকাত জন্মা জনতা আজি মাটি-পানীৰ গৰ্ভ বিচাৰি পোহৰলৈ উঠি আহি পদুমৰ দৰে সহস্ৰ দলেৰে বিকাশিত হৈ সাংস্কৃতিক সৃষ্টিত নিজৰ ভাগ ল’বলৈ, নিজৰ স্থান ল’বলৈ, নিজৰ দান দিবলৈ আহিছে।” (জ্যোতিপ্ৰসাদ)

এনে ক্ষেত্ৰত, সংস্কৃতিৰ পূজাৰী ভ্ৰাম্যমান নাট্যদল সমূহে ‘জনগণৰ হৃদয়ত এক উন্নততৰ জীৱনৰ হাবিয়াস জগাই তোলাত ব্যৰ্থ হ’লে জনতাৰ আলোক যাত্ৰা’ ব্যাহত হ’ব আৰু তেতিয়া জ্যোতিপ্ৰসাদে গোৱা ‘জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত শিল্পী যে মই লুকাই লুকাই আছোঁ’ বোলা কথা কেই আষাৰকো অসন্মান কৰা হ’ব।

অসমৰ উজনি আৰু নামনি উভয় অঞ্চলতে বৰ্তমান সক্ৰিয় হৈ থকা ‘ভ্ৰাম্যমান থিয়েটাৰ’ দলসমূহে ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমত এটি নতুন নাট্য আন্দোলন গঢ়ি তুলিবৰ বাবে যত্নবান হোৱাটো যুগৰ দাবী। এই দাবীৰ প্ৰতি সঁহাৰি দি প্ৰতিটো নাট্যদলেই জনগণক জীৱনৰ নতুন অৰ্থ, সময়ক নতুন গতি দিবৰ নিমিত্তে নাটকৰ নিৰ্বাচনত আৰু অভিনয়ত নতুন মাত্ৰা দানত গুৰুত্ব দিয়াটো জৰুৰী বুলি আমি বিবেচনা কৰোঁ। অসমৰ জনগণক সচেতন, গতিশীল আৰু প্ৰকৃত সাধকৰূপে গঢ়ি তুলিবৰ নিমিত্তে ‘ভ্ৰাম্যমান থিয়েটাৰ দল’সমূহে প্ৰয়াস কৰক। সময়ে তেওঁলোকক চিৰকাললৈ সুঁৱৰিব।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!