প্রত্যাৱৰ্তন (ৰক্তিম গোস্বামী)

“কথাটো এবাৰ আকৌ ভাবি চোৱা । এনে সিদ্ধান্ত এবাৰ ল’লে সেয়ে শেষ, এবাৰ সিদ্ধান্ত লৈ বাস্তৱৰ ফালে অগ্রসৰ হোৱাৰ পিছত পুনৰ বিবেচনাৰ কোনো পথ নাই । মই ইতিমধ্যো মোৰ সিদ্ধান্ত লৈছোঁ আৰু তাত মোৰ কোনো শংকা বা সন্দেহ নাই। তুমি এগৰাকী নাৰী সেয়ে তোমাৰ সিদ্ধান্তৰ দৃঢ়তাতে সকলো নিৰ্ভৰশীল”।

মাতৃত্ব বা পিতৃত্বৰ গৌৰৱৰ হেপাঁহ কাৰ নাথাকে। আজিৰ পৰা প্রায় ১২ বছৰ পূৰ্বে প্রণয়পাশত আবদ্ধ হৈ বৈবাহিক সম্বন্ধৰে যুগ্ম জীৱনৰ পাতনি মেলিছিল ৰামানুজ আৰু প্রশান্তিয়ে । এটি সন্তানৰ আকাংক্ষাত এটি যুগেই পাৰ হ’ল। মৰমৰ অভাৱ নথকা দুয়োৰে সংসাৰত মৰম বিলাবলৈ হোৱা অভাৱে দুয়োকে মনে মনে চূড়ান্তভাৱে হতাশ কৰি আনিছিল।

এদিন হঠাৎ ৰামানুজে প্রস্তাৱটি দিছিল। কিছু সময় লৈছিল যদিও প্রশান্তিয়ে শেষত প্রস্তাৱটি মানি লৈছিল। শিশুক প্রতিপালন, মৰম আৰু সংস্কাৰ লাগে আৰু এই প্রতিপালন, মৰম আৰু সংস্কাৰ ৰামানুজ আৰু প্রশান্তিয়ে এটি তুলি লোৱা অনাথ সন্তানক দিবলৈ থিৰাং কৰিলে।

“…তুমি চিন্তা নকৰিবা ৰামানুজ। ভগবন্তই গৰ্ভত সন্তান পালনৰ আনন্দ নিদিলে যদিও মোক এবুকু মমতা দিছে । মৰম বিলাব পৰা এটা মন দিছে । মই এতিয়া মাথো ৰাতিপুৱাৰ আপেক্ষাত । আমাৰ ঘৰখনৰ নিঃশব্দতাবোৰ এতিয়া দূৰ হ’ব”।

কথাখিনি কৈ ৰামানুজৰ বুকুত সোমাই শান্ত হৈ পৰা প্রশান্তিৰ চুলিবোৰ লিৰিকি বিদাৰি ৰামানুজ লাহে লাহে ডুব গ’ল ৰাতিৰ একান্ততাত নিঃশব্দে বৈ অহা আনন্দৰ বুকুভৰা নৈখনত ।

(১)

যোৱা কিছুদিনৰ পৰা চানিৰ মাত-কথাতকৈ দিনতোত ১০ বাৰ অহা যোৱা কৰা তাৰ এনফিল্ড ক্লাচিক ৩৫০ মটৰ চাইকেলৰ গমগমীয়া মাতটোহে মাকৰ বেচি চিনাকি। কেতিয়া আহে, কেতিয়া যায়, ক’লৈ যায়, কিয় যায়, কোনো কথা জনাৰ সাধ্য নাই মাকৰ। কোনো কথাৰ সঠিক উত্তৰ নাপায়। সিদিনাৰ ৪ বছৰীয়া কণমানিটো চকুৰ পচাৰতে আজি যেন পৰিণত হ’ল এজাক দূৰন্ত বতাহত । মনতে কথাষাৰ ভাবি প্রশান্তিয়ে আনন্দ পায় যদিও মাজে মাজে অনুভৱ কৰে নিসংগতাৰ লগত তাইৰ এৰিব নোৱাৰা সম্বন্ধৰ কথা ।  প্রমোশ্যনবোৰৰ লগত ৰামানুজৰ ব্যস্ততাও যথেষ্ট বাঢ়িল। নিশা কেৱল শুবলৈ ঘৰলৈ আহে বুলি ক’লেও বেচি কোৱা ন’হব ।

“ৰামানুজ, তোমাৰ ব্যস্ততাক মই বুজি পাওঁ কিন্তু চানিকলৈ অলপ সচেতন হোৱাৰ সময় হৈছে। এইটো বয়স কেনেকুৱা তুমি জানাই। মোৰ কোনো কথাক সি গুৰুত্ব নিদিয়ে আৰু কোনো কথাৰ সঠিক উত্তৰো নিদিয়া হৈছে । ফ’ন কৰিলে ফ’ন পৰ্যন্ত নুঠাই কেতিয়াবা । মোৰ কিন্তু বৰ চিন্তা লাগে জানানে ?”

টোপনিৰ লগত যুজঁ-বাগৰ কৰি থকা ভাগৰুৱা ৰামানুজে যেনে তেনে ক’লে-
“তুমি বেছি চিন্তা কৰিছা প্রশান্তি । এইটো বয়স এনেকুৱাই। সি আমাৰ ল’ৰা। সি বেয়া বা আমাৰ মনত দুখ লগোৱা কাম কেতিয়াও নকৰে। মই কথা পাতিম বাৰু তাৰ লগত। এতিয়া শুই যোৱা ”

..সময় বাগৰিল…

চানি লাহে লাহে ঘৰৰ পৰা আৰু আঁতৰি যাবলৈ ধৰিলে। নিশা প্রায় ঘৰৰ বাহিৰত থকাৰ অভ্যাস গঢ় লৈ উঠিল। প্রশান্তিয়ে এতিয়া তাৰ মটৰ চাইকেলৰ মাতটো শুনিবলৈও অধীৰ আগ্রহেৰে বাট চাব লগা হ’ল। এক অজান আশংকায়ে প্রশান্তিক অহৰহ ঘেৰি ৰাখিব ধৰিলে । প্রশান্তিৰ বাৰম্বাৰ সকিয়নিৰ গুৰুত্ব বুজি ৰামানুজে প্রশান্তিসহ চানিৰ লগত পোনপটীয়াকৈ কথা পতাৰ সিদ্ধান্ত ল’লে।

কৈশোৰত স্বাভাবিকতে বিদ্রোহী হৈ থাকে ল’ৰা-ছোৱালীৰ মন । ড্রগাসক্তিয়ে চানিৰ মনটিক বিষাক্ত কৰিবলৈ বেছি সময় ন’ললে।  দেওবাৰৰ নিশা ১২.৩০ বজাত আহি মটৰ চাইকেলখন ঘৰৰ সমুখত ঘৰং ঘৰং শব্দ কৰি ৰৈ পৰিছিল সি। ঘৰলৈ সোমাই আহি তাৰ লগত কথা হ’বলৈ আপেক্ষাৰত মাক-দেউতাকক ড্রয়িং ৰুমত মাজনিশা বহি থকা দেখি অলপ ইতস্ততঃ বোধ কৰি নিজৰ ৰুমৰফালে অগ্রসৰ হ’ব ধৰা চানিক ৰামানুজ ক’লে-

“ৰ’বা চানি,  মা আৰু মই ৰাতি দুপৰলৈকে এনেই বহি থকা নাই । তোমাৰ লগত কথা আছে। তুমি মা-দেউতাক এষাৰ মাত দিয়াৰ ভদ্রতা, সৌজন্যতাখিনিও পাহৰি গৈছা । মায়ে এনেই……”

এক অস্বাভাৱিক উত্তেজনাৰে চানিয়ে দেউতাকৰ কথা শেষ হোৱাৰ আগেয়েই গৰজি উঠিল..

“Please…please stop this drama. I cannot pretend anymore. I am nobody. You are nobody to tell me what should I do and what not.. তোমালোক মোৰ মা-দেউতা নহয়। মোক মোৰ মতে জীয়াই থাকিব দিয়া…মোৰ কোনো নাই……কোনো সম্বন্ধ নাই মোৰ এইখন ঘৰৰ লগত….নাথাকোঁ মই এইখন ঘৰত…Thanks for everything……”

প্রশান্তি আৰু ৰামানুজক জোকাৰি যোৱা কথাখিনি চিঞৰি চিঞৰি কৈ চানি ঘৰৰ পৰা কোবত ওলাই গ’ল । সৰগ ভাগি পৰিল প্রশান্তি আৰু ৰামানুজৰ মুৰত। কোনে কাক শান্তনা দিব ? হুকহুকাই কান্দি ৰামানুজৰ গাত ঢলি পৰা প্রশান্তিৰ হাতত পৰিল ৰামানুজৰ দুটোপাল তপত চকুলো ।

(২)

“হেল্ল, হেল্ল.. এইটো চানিৰ নম্বৰ হয়নে ?
“হয়”
“চানিৰ লগত কথা পাতিব পাৰোনে ?”
“হয় কৈছো … Who is this ?”
“মই ইন্সপেক্টৰ বৰাই কৈছো, যিমান পাৰে সোনকালে ঘৰলৈ আহক। এক মিনিটো পলম নকৰিব”।
“কিন্তু…”
চানিয়ে কিবা এটা সোধাৰ আগতেই ফ’নৰ লাইনটো কাটি গ’ল ।

সেইদিনা নিশাৰ ঘটনাতোৰ পিছত চানি প্রায় এসপ্তাহ ঘৰলৈ যোৱা নাছিল । পুৱাই পুৱাই পোৱা অনাকাংক্ষিত ফ’নটোৱে চানিক যেন বহু পৰিমানে ভূমিস্থ কৰিলে। একো বুজিব নোৱাৰি একে কোবে ঘৰলৈ বুলি মটৰ চাইকেলখন পোনালে।

চানিয়ে নিজৰ ঘৰত ইমান মানুহ আজিলৈকে কেতিয়াও দেখা নাছিল। ঘৰৰ চৌহদত সোমায়েই পুলিচ আৰু মানুহবোৰ দেখি এক ভয়ানক অনুভৱে তাক জোঁকাৰি গ’ল। সি মটৰ চাইকেল এৰি ইন্সপেক্টৰ বৰাৰ ফালে যিমান বেগেৰে পাৰে সিমান বেগেৰে আগুৱালে।
“ইন্সপেক্টৰ মই চানি। কি হৈছে এইবোৰ?  মা-দেউতা ক’ত ?” – এক প্রকাৰে আৰ্তনাদ কৰি উঠিল সি।

“চানি, ভিতৰলৈ যোৱা”- ইন্সপেক্টৰ বৰায়ে দৃঢ়তাৰে ক’লে।

চানি ভিতৰলৈ গৈ মাক-দেউতাকৰ কোঠাত যি দৃশ্য দেখিলে সেই দৃশ্য দেখি চানিৰ ভৰিৰ তলৰ মাটি যেন পলকতে অদৃশ্য হ’ল। ভিতৰত পৰি আছিল প্রশান্তি আৰু ৰামানুজৰ দুটা ৰক্তাক্ত নিঠৰ মৃত শৰীৰ । ইতিমধ্যে ভিতৰলৈ সোমাই অহা ইন্সপেক্টৰ বৰাই হুকহুকাই কান্দি উঠা চানিৰ কৈ উঠিল ঘটনাটোৰ কথা ….

“যোৱাকালি নিশা তোমালোকৰ ঘৰত ডকাইত সোমাইছিল। ডকাইতক বাধা দিব চেষ্টা কৰোঁতে তোমাৰ অকলশৰীয়া মা-দেউতা দুয়োকে হত্যা কৰি পলাই গ’ল সিহঁত” ।

চানিৰ কান্দোন আৰু চিঞৰত যেন গোটেই ঘৰখন কঁপি উঠিল।

চানি তোলনীয়া পুত্র হোৱাৰ লগতে তাৰ নিচাসক্ত স্বভাৱ আৰু ঘৰত হোৱা কাজিয়াৰ  বিষয়ে ইতিমধ্যো অৱগত হোৱাৰ পিছত চানি অনায়েসে পুলিছৰ দৃষ্টিত এটা সন্দেহযুক্ত চৰিত্র হৈ পৰিল যাৰ বাবে চানিকো নিয়া হ’ল থানালৈ সোধ-পোচৰ বাবে। প্রশান্তি আৰু ৰামানুজৰ সপোনৰ ঘৰখন পলকতে ধ্বংস হ’ল কোনো এক কালিকা লগা ৰাতিপুৱাত।

 

কল্যাণ খৰমান
____________

মানুহৰ মন আৰু চিন্তা পৰিবেশৰ দাস। ঘটনাবোৰ মনৰ আপেক্ষিক স্থিতিৰ কাৰক । ভাল-বেয়া,  উচিত-অনুচিত বিচাৰ কৰাৰ ক্ষমতা সকলোৰে থাকে । সময়ে মাথো এই ক্ষমতাৰ লগতে প্রায়ে খেলা কৰে । কিন্তু এই খেলকো বাগী দি মনে সততে শান্ত আৰু সৌম্যভাবে গতি কৰে প্রজ্ঞাৰ দিশে ।

প্রাৰম্ভিক সোধ-পোচৰ পাছত চানিক মুকলি কৰি দিয়া হৈছিল। কিন্তু এই মুক্তিৰ অন্তত যে ৰৈ আছিল তাৰ বাবে অনুশোচনাৰ এখন অকলশৰীয়া বিশাল পৃথিবী। মাক-দেউতাকৰ আকস্মিক মৃত্যুৱে চানিৰ পৃথিৱীখন পলকতে ওলট-পালট কৰি পেলাইছিল। মাক-দেউতাকৰ প্রতি কৰা অন্যায়, মাক-দেউতাকৰ মৰমক কৰা তাচ্চিল্যৰ অনুশোচনাই প্রতিটো পলতে তাক দগ্ধ কৰিলে। এতিয়া দেউতাকক ক্ষমা খুজিবলৈ বা মাকৰ কোলাত মূৰ থৈ অনুশোচনাৰ চকুলোবোৰ বোৱাই দিবলৈ তেওঁলোক যে বহু দূৰলৈ গুচি গ’ল। শেষবাৰৰ বাবে চানিয়ে মাক-দেউতাকক কোৱা কথাকেইটাই হুল হৈ বাৰম্বাৰ তাক বিন্ধিব ধৰিলে প্রতি দিন,  প্রতি নিশা ।

…….চানি ঘৰলৈ আৰু উভতি যোৱা নাছিল। মাক-দেউতাকৰ ঘটনাতোৰ কিছুদিন পিছৰ পৰা চানিক সেই চহৰত আৰু কোনেও দেখা নাছিল। এখন সৰু চহৰৰ মাজত সেই ঘৰখন পৰিত্যক্ত হৈয়ে পৰি ৰ’ল। কিছুমাহৰ পিছত খৱৰ পোৱা গ’ল যে অনুশোচনাত দগ্ধ চানিয়ে সকলো আসক্তিৰ পৰা নিজকে মুক্ত কৰি বাচি ল’লে আধ্যাত্মিকতাৰ পথ। বাচি ল’লে মুক্তিৰ পথ,  জীৱন সাধনাৰ এখন নতুন পৃথিৱীত……।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!