প্ৰত্যাৱৰ্তন (ঈশানজ্যোতি বৰা )

সন্ধ্যাৰ ‘প্ৰাইম টাইম’ত গুৱাহাটীৰ বাট-পথ সম্পৰ্কীয় প্ৰতিবেদনটো সম্প্ৰচাৰিত হোৱাৰ পিছৰ ঘটনা৷ লক্ষ্মীনাথ বেজবৰুৱা পথৰ গেলা নৰ্দমাটোত পেট পেলাই যোৱা এঘণ্টা ধৰি ফে’চবুকত বিচৰণ কৰি থকা মহটোৱে ষ্টেটাছ লিখিলে-‘ফাইনেলি ড্ৰিম কাম ট্ৰু! আজি টিভিত ওলালো। প্ৰাউড্ টু বি এ চিটিজেন্ অৱ্ বেজবৰুৱা পথ! ফিলিং এক্সাইটেড্!!’ পাঁচ ছেকেণ্ডত ষাঠি লাইক, ত্ৰিশ কমেন্ট৷ ৰঘুনাথ চৌধুৰী পথৰ সৰবৰহী বৰলটোৱে তিনিটামান বুঢ়া আঙুলি আঁকি প’ষ্টটো শ্বেয়াৰ কৰিলে৷

মহৰ ষ্টেটাচ পঢ়ি মহানগৰীৰ এটা পৰিষ্কাৰ পথ, সেউজী পথৰ ওপৰেৰে উৰি গৈ থকা মাখি এজনীয়ে মহলৈ ‘কল’ কৰিলে৷ হোৱাটছ্ আপতে৷

“ফে’চবুকত তোমাৰ ষ্টেটাছটো দেখিছোঁ৷”-মাখিয়ে কথাৰ পাতনি মেলিলে৷

“লাইক কৰা নাই যে !”- অলপ অভিমানৰ সুৰত মহে সঁহাৰি জনালে৷

“আমাৰ এখেতে তোমাৰ প’ষ্টবোৰ লাইক কৰাটো নিবিচাৰে৷ তেওঁ হেনো নিৰাপত্তাহীনতাত ভোগে৷” –স্বভাৱজাত স্পষ্টবাদিতাৰে মাখিয়ে সত্যক উপস্থাপন কৰিলে৷

“কিন্তু মোৰ যিমানদূৰ মনত আছে,তোমাৰ তেখেতে এই অধমৰ লেখা এটাকে যোৱা মাহত তিনিটা গ্ৰুপত শ্বেয়াৰ কৰিছিল৷ সেই যে ‘অসমীয়া চিনেমা আৰু তামিল চিনেমাৰ এক তুলনামূলক বিশ্লেষণ’ লেখাটো৷ মনত পৰিছেনে? এই যে এচাম ৰুচিহীন দৰ্শকৰ বিষয়ে লিখি ফে’চবুক পুৰা গৰম কৰি দিছিলোঁ…মনত পৰিছে?”

“অ, আছেতো মনত৷ কিয় নাথাকিব? কিন্তু তাৰ লগত মোৰ যোৱা সপ্তাহত ব্ৰেক্ আপ হ’ল৷”

“অ’ এম জি! অ’ মাই গুডনেছ্! কেনেকৈ? কিয়?”

“দুদিন আগতে বনোৱা সুলভ শৌচাগাৰ এটালৈ”

“ৰ’বা ৰ’বা৷ এইখিনিতে ভুল এটা হ’ল৷ শৌচাগাৰ নবনায়৷ নিৰ্মাণ কৰে৷”

“কথাই কথাই ভুল ধৰা স্বভাৱটো তোমাৰ নগ’ল আৰু! এনিৱে…তাৰ পিছত শুনা৷ মই বোলো-দুদিন আগতেহে যেতিয়া শৌচাগাৰটো বনাইছে অ’ ছ’ৰি নিৰ্মাণ কৰিছে…গতিকে তাতেই বহি দুয়ো সন্ধ্যা অলপ প্ৰেমালাপ কৰিম৷ পিছে যিহে দুৰ্গন্ধ ওলাল…কথা পতাটো দূৰৰে কথা..নাকে-মুখে সোপা দিবলগীয়া অৱস্থা৷ পাখিয়ে-চাখিয়ে মাৰি নিয়া ব’ডি স্প্ৰেটোৱেও কাম নিদিলে৷”

“তাৰ পিছত?”

“তাৰপিছত কথা বিষম৷ এওঁতো মোক ডাইৰেক্ট কৈয়েই দিলে বোলে-তুমি মোক ইমান দুৰ্গন্ধময় জেগালৈ আনি মৰাৰ প্লেন কৰিছা !”

“তাৰপিছত?”

“তুমিতো জানাই মই মানুহজনী কিমান ইম’শ্যনেল৷ ইমান ডাঙৰ এটা অপবাদ কোন সতে সহিম? আগতে মিছা কথা কৈছিলোঁ,কিন্তু আকাশী বাইদেউৰ ‘যি ক’ম সঁচা ক’ম’ শুনি মোৰ কমপ্লিট হৃদয় পৰিৱৰ্তন হৈ গ’ল৷ বিলিভ্ মি৷” “মানে তাৰ পিছতেই তুমি ব্ৰেক্ আপ্ কৰি দিলা?”

“তাকে নকৰি কিনো কৰিবা?”

“হমমম৷ এতিয়া কোৱা মোক কেলৈ ফোন কৰিলা?”

“সন্ধ্যাৰ বাতৰিটো ময়ো চাইছিলোঁ৷ তোমালোকৰ ফালে নলা-নৰ্দমাৰ অভাৱ নাই৷ পাৰিলে মোৰ কাৰণে ভাড়াঘৰ এটা যোগাৰ কৰিব পাৰিবানে? ইয়াত বৰ অশান্তি পাইছোঁ৷ এটাও নলা নাই৷ ক’তো নৰ্দমা নাই৷ বিৰাট অস্বস্তিদায়ক পৰিৱেশ৷”

“নেতা-পালিনেতাৰ চুবুৰীত ঘৰ নাসাজিবলৈ তোমাক মই আগতেই হাক দিয়া নাছিলোনে?”

“থ্ৰি-জিৰ স্পিডত নেট কৰাৰ লোভতহে এইখিনি পাইছিলোঁহি৷ এতিয়া লোভেই কাল হৈছে৷”

“ফিল’শ্বপি ফালিব নালাগে ৰ’বা৷ মোৰ ঘৰৰ কাষতে দুটা কোঠালিৰ ৰূম এটা আছে৷ ভাড়াও বেছি নহয়৷ চৌবিশ ঘণ্টাই ক’লা পানী,গেলি যোৱা ফল-মূল, পচা মাছ-মাংসৰ টুকুৰা, কেচেমা-কেচেম গোন্ধাই থকা ভিন্নৰঙী শাক-পাচলি সকলো আছে৷কিন্তু নেটহে শ্ল’ অলপ। টু জি।অৱশ্যে স্পীডটো এফবি, হোৱাটচ্ আপৰ বাবে এনাফ।”

“পৰিৱেশৰ বৰ্ণনা শুনি মোৰ যে জিভাৰ পানী পৰিলেই পায় !! নেট গুলী মাৰা।মই আজিয়েই গৈ আছোঁ৷ লাষ্ট ডাউট এটা আছে—ঘপহকৈ বাৰু কোনোবাদিনা মিউনিচিপেলিটি আহি নলা-নৰ্দমা চাফা কৰি নিদিয়েতো?” “আকাশত দুটাকৈ সূৰ্য ওলালেও সেই দিন নাহে৷ চিন্তাই নকৰিবা৷”

“অকে বাই বাই৷ আই ৱিল চি ইউ চুন৷” “অকে বাই৷” ফোনটো থৈয়েই মনৰ উলাহতে মাখিয়ে ফে’চবুকত নতুন ষ্টেটাছ এটা লিখিলে-“ ফাইনেলি গয়িং টু বেজবৰুৱা পথ৷ ফিলিং গ্ৰেটফুল৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments