পূজা – হিমাংশু ভাগৱতী

puja_himangsu

বশিষ্ঠ মন্দিৰৰ চিৰি বগাই আছিলো, হাতত প্ৰসাদৰ থাল৷ শাওণৰ সোমবাৰ, ভক্তিত গদ্ গদ্ মন৷ হঠাৎ ভোলানাথ সম্মুখত ওলাল, অবাক হৈ বাবাৰ চৰণত দীঘল দি পৰিলো৷
বাবাই কলে, “মন্দিৰত এইকেইদিন মই নাই৷ বানপানীয়ে কষ্ট দিয়া মানুহৰ মাজত আছো৷ ব’ল বস্তুখিনি তাতে দিবি৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!