আমি আমাক পুনঃনিৰ্মাণ কৰিব লাগিব (টুৱাৰাম দত্ত)

মোৰ সপোনৰ অসম বুলি ক’লে বহুত কথাই মনলৈ আহে৷ তাৰে আটাইবিলাক কথাই বাস্তৱায়িত হোৱাৰ আশা ক্ষীণ৷ সেয়ে যিখিনি কথা বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা সদ্যহতে আছে তাকে অলপ আলোচনা কৰাৰ প্ৰয়াস কৰিছো৷ আলোচনাটোৰ সকলো কথাই মৌলিক চিন্তাৰ ফচল বুলি দাবী কৰাৰ ধৃষ্টতা নাই৷ বিভিন্ন জনৰ লগত বিভিন্ন সময়ত আলোচনা কৰোতে, কাকত-পত্ৰ পঢ়োতে কিছুমান চিন্তা মনৰ মাজত পাক-ঘুৰণি খাই থাকে৷ সেই চিন্তা বিলাককে জুকিয়াই লওঁতে জাতিটোৰ সম্পৰ্কে, ভাষাটোৰ সম্পৰ্কে, নিজা কৃষ্টি-সংস্কৃতি সম্পৰ্কে যি এটা বদ্ধমূল ধাৰণা গঢ় লৈ উঠিছে তাকে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছো৷

আপাত দৃষ্টিত অসমৰ হিতৰ বাবে চিন্তা কৰা, দেহেকেহে খটা বহুতো দল-সংগঠন বা ব্যক্তি আছে৷ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম পাব্লিক ৱৰ্কছ, অগপ, আলফা, কৃষক মুক্তি আদি সকলোৱেই আমাৰ অসমখনক প্ৰাণ ভৰি ভাল পায়, অসমৰ হিতৰ কথা প্ৰতি নিয়ত চিন্তা কৰে৷ কিন্তু তেখেতসকলৰ কাম কৰাৰ ধৰণ-কৰণ, পদ্ধতি বোৰ চাবচোন৷ ইটোৰ লগত সিটোৰ আকাশ-পাতাল প্ৰভেদ৷ আটায়ে অসমৰ হিতৰ বাবে কাম কৰাৰ কথা কয়, কিন্তু ইজনৰ কামৰ লগত সিজনৰ কোনো মিল নাই৷ প্ৰায়বিলাক বিষয়তে মন কৰিব আটাইৰে স্থিতি বেলেগ বেলেগ হয়৷ অথচ তেখেতসকলৰ আটায়ে অসমৰ হিতৰ বাবেই কাম কৰি থকাৰ কথা কয়৷ এইবোৰত অসমৰ হিতৰ ওপৰিও বেলেগ বেলেগ স্বাৰ্থ নিহিত হৈ থাকে নেকি?

এটা কথা ঠিক, অলীক সপোন দেখি লাভ নাই৷ সোণৰ অসম, স্বাধীন অসম একো একোটা অলীক সপোন৷ তাৰ বাবে হৈ চৈ কৰা আন্দোলন, বিপ্লৱ ইত্যদিবোৰ অৰ্থহীন আখৰা৷ নীৰৱে কৰণীয় খিনি কৰি যোৱাই সঠিক৷ সাংঘাতিক এটা ঘোষণা, সাংঘাতিক এটা ইছ্যু তৈয়াৰ কৰি হুলস্থূল কৰাতকৈ নীৰৱে আমি সকলোৱেই কিছুমান কাম, চিন্তা লাহে-ধীৰে কৰিলে আশাৰ অসমখন, সপোনৰ অসমখন পাব পৰা যাব চাগে’৷

ইতিমধ্যে আমাৰ জাতিটোৰ জীৱনী শক্তি প্ৰায় টুটি আহিছে৷ বিভিন্ন ৰাজনৈতিক, সামাজিক বা সাংস্কৃতিক ধামখুমীয়াত আমাৰ শেষ হৈ অহা জীৱনী শক্তিৰ যিকণ অৱশিষ্ট এতিয়াও বাকী আছে তাৰে আমি আমাক পুনঃনিৰ্মাণ কৰিব লাগিব৷ আমি নিজকে আৱিষ্কাৰ কৰিব লাগিব৷ আচলতে এনে এটি প্ৰক্ৰিয়া জান-নিজান কৈ আমাৰ মাজত চলি আছে, মাথোঁ আমি এতিয়া ইয়াক আৰু অধিক তীব্ৰ বা সক্ৰিয় কৰি তুলিব লাগিব৷

অসমীয়া সাহিত্যৰ জগত খনলৈকে চাওঁক৷ এই যে জীৱন নৰহ, গংগামোহন মিলি, জনকলাল বসুমতাৰী, অনুপমা বসুমতাৰী, নন্দ সিং বৰকলা, গোপাল জালান ইছমাইল হুছেইন ইত্যাদি সকল-এই সকল জাতিটোৰ পুনঃনিৰ্মাণ প্ৰক্ৰিয়াৰে অংশ৷ অতীতৰ দৰে শৰ্মা, বৰুৱা, শইকীয়া সকলেই অসমীয়া সাহিত্যৰ জগত দখল কৰি থকা নাই৷ এয়া আনন্দৰ কথা আৰু এনে প্ৰক্ৰিয়া সুতীব্ৰ হব লাগে৷ উজনিৰ ল’ৰা-ছোৱালীয়ে কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতৰ চৰ্চা কৰিব লাগে, নামনিৰ ল’ৰা-ছোৱালীয়ে বিহুগীত এটা গাই নাচিব পৰা হ’ব লাগে৷ কামৰূপী, গোৱালপৰীয়া, দৰঙীয়া ইত্যাদি বিভিন্ন উপভাষা বিলাক শিকি-বুজি তাৰ চৰ্চা হব লাগে৷ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰ খিনিত এই জাতিটোৰ পুনঃনিৰ্মাণ প্ৰক্ৰিয়া যিমানে ত্বৰান্বিত কৰিব পাৰি সিমানে মংগল৷

মই মিচিং, কাৰ্বি বা বড়ো জনগোষ্ঠীৰ এজনক বঙালী সম্প্ৰদায়ৰ এজনতকৈ বেছি আপোন বুলি ভাবো৷ কিন্তু মই মিচিং, কাৰ্বি বা বড়ো ভাষা কব নোৱাৰো, মানে শিকিবলৈও কোনোদিনে চেষ্টা কৰা নাই৷ কিন্তু বঙালী ভাষা ভালদৰে বুজি পাওঁ৷ বঙালী সাহিত্য পঢ়া-শুনাও কৰো৷ এনে পৰিস্থিতিত মিচিং, কাৰ্বি বা বড়ো এজনে নিজকে কিমান অসমীয়া বুলি ভাবিব, কিয় ভাবিব লাগে? কোকৰাঝাৰৰ মানুহ এজনে হামৰেণ বা ডিফুত কি ভাষাত কথা পাতিব? ধেমাজী, ঢকুৱাখানাৰ মিছিং সমাজত হামৰেণ বা ডিফুৰ মানুহ জনে কি ভাষাত কথা পাতিব? অসমীয়াত নে হিন্দীত, নে ইংৰাজীত? আমি তেওঁলোকক পতিয়ন নিয়াব লাগে যে অসমীয়া ভাষা সংযোগী ভাষা হিচাপে বেছি সুচল৷ কাৰ্বি বা বড়ো এজনে অসমীয়া ভাষাক ঘৃণা কৰিলে অসমীয়াৰ যিমান ক্ষতি হ’ব, তেওঁলোকৰো সমানেই ক্ষতি হ’ব৷ সেয়া তেওঁলোকক উপলদ্ধি কৰাব পাৰিব লাগিব৷ কিন্তু অসমীয়াক মাতৃভাষা বুলি ওপৰৰ পৰা জাপি দিয়াৰ চেষ্টা নকৰাই ভাল৷ অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয় আদিত আমি সেই সুযোগ হেৰুৱালো৷ আগ্ৰাসন নহয়, বুজাপৰা বিনিময়ৰ মাধ্যমেৰেহে সফলতা আহে৷ আমি কোনো বৰককাই নহয়, সকলো সমান৷

আমাৰ অৰ্থনীতিও শক্তিশালী হব লাগিব৷ আৰ্থিক উন্নতি নহলে কেৱল সাংস্কৃতিক উন্নতিয়েই জাতি এটা ধৰি ৰাখিব নোৱাৰে৷ আজি আমি বাংলাদেশী বিদেশী বুলি যে ভয় খাই আছো, হুলস্থূল কৰি আছো পূৰ্ববংগীয় মূলৰ মানুহ খিনি (তেওঁলোক সকলো বিদেশী নহয়), তেওঁলোকক এৰি আমি অসমৰ উন্নতিৰ কথা ভাবিব নোৱাৰো৷ এনেয়ে ভাবি চাবচোন, দেখিব আমাৰ অসমত আজি তথাকথিত খিলঞ্ছীয়া স্নাতক ডিগ্ৰীধাৰী কিজানি এক হাজাৰ জন মান ওলাব যিয়েই মাহে তিনি বা পাঁচ হাজাৰ টকা বেতনত খাটি আছে৷ অথচ পূৰ্ববংগীয় মূলৰ প্ৰাথমিক বিদ্যালয়ৰ দেওনা শেষ কৰিব নোৱাৰা দহ হাজাৰ জন মান ওলাব যি মাহিলী ত্ৰিশ/চল্লিশ হাজাৰ টকা অনায়াসে আয় কৰি আছে৷ খেতি-বাতি, কাৰখানা, গাড়ী-মাটি, নিৰ্মাণ খণ্ড ক’ত দখল নাই তেওঁলোকৰ? কোন কোন খণ্ডত আমাৰ উপস্থিতি আছে? আমাৰ দক্ষতা আছে? কোন কোন খণ্ডত তেওঁলোক নাই? কেৰোণটো ক’ত? তেওঁলোকে শ্ৰম আৰু দক্ষতাৰ জোৰত নিতৌ পুঁজি গঢ়ি আছে, হুৰাহুৰে ধন ঘটিছে, আমিবিলাকে চাই আছো৷ আচলতে আধুনিক পৰিবেশৰ লগত খাপ খোৱা কৰ্ম বা খণ্ডৰ বিদ্যা আমি আয়ত্ত কৰিব পৰা নাই৷ আজিৰ পৰিবেশৰ লগত খাপ খোৱা কৰ্ম বা বিদ্যা আমি অধ্যয়ন কৰি হাতে-কামে লাগিবই লাগিব৷ কেৱল চৰকাৰী মোহৰ থকা কামৰ পিছত দৌৰিলেই নহব৷

অৰ্থনীতি বুলিলে মাটিৰ ওপৰত আমাৰ অধিকাৰৰ কথাও আহে৷ আমি যেন দিনক দিনে মাটিৰ ওপৰত আমাৰ খোপনি হেৰুৱাই পেলাইছো৷ কি নগৰ-চহৰ, কি গাওঁ সকলোতে অনা-অসমীয়া বণিকক মাটি বিক্ৰী কৰিবলৈ আমাৰ মাজত যেন প্ৰতিযোগিতাহে লাগিছে৷ মাটিৰ ওপৰত দখল থাকিবই লাগিব৷ অন্যথা অৰ্থনৈতিক ভেটি বুলি একো নাথাকিব৷

আমি নিজৰ জাতিটোক, ভাষাটোক অসম্ভৱ ভাল পাব লাগিব৷ পৰিস্থিতিৰ তাগিদাত পৰি কোনোবাই সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাইছে মানি লৈছো, কিন্তু অসমীয়া দৈনিক এখন, মাহেকীয়া অসমীয়া আলোচনী এখন ঘৰৰ সকলোৱে পঢ়াত বাধা ক’ত? মই নিজে থাকিবলৈ লোৱা ফ্লেটটোতে দেখিছো, বঙালী সম্প্ৰদায়ৰ কেইঘৰে যুগশংখ, আনন্দ বাজাৰ পত্ৰিকা ঠিকেই পঢ়ে, হিন্দীভাষী জনে হিন্দী দৈনিক খন ঠিকেই পঢ়ে৷ কিন্তু অসমীয়া কেইঘৰে টাইমছ অব ইন্দিয়া, টেলিগ্ৰাফৰ পৰা মূৰ তুলিবলৈ সময়েই নাপায়৷ ইংৰাজী কাকত বা কিতাপ পঢ়াটোও খুবেই ভাল কথা, কিন্তু অসমীয়া ভাষীয়েই অসমীয়া কাকত বা কিতাপ কিনি নপঢ়িলে বেলেগে কিয় পঢ়িব? ঘৰখনৰ ভিতৰত নিজৰ ভাষা, নিজৰ সাহিত্যক, নিজৰ সংস্কৃতিক অনাদৰ কৰি থাকিম আৰু বেলেগ ভাষীয়ে আমাক সন্মান জনাব বুলি আশা পালি থাকিম সেয়া কেনেকুৱা চিন্তা?

আকৌ আহো পূৰ্ববংগীয় মূলৰ মানুহ খিনিৰ কথালৈ৷ তেওঁলোকক আমি এৰিব নোৱাৰো৷ তেওঁলোকে অসমীয়া ভাষাক আপোন কৰি লৈছে৷ তেওঁলোকৰ শ্ৰম আৰু দক্ষতাক সন্মান জনাই আমি সেইবিলাকৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব৷ ধৰ্মক লৈ নহয়৷ বাংলাদেশৰ মাজেদি ব্যৱসায় কৰিবই লাগিব৷ বাংলাদেশৰ সাগৰীয় বন্দৰৰ সুবিধা নল’লে আমি ক’ৰবাত থাকি যাম৷ বাংলাদেশক আমি যিমান বিপদ বুলি ভাবো, আচলতে চলিব জানিলে সম্পদো হব পাৰে৷ বিবিধ বিষয়ত আমাৰ মানুহৰ দক্ষতা, অভিজ্ঞতা বঢ়াব লাগিব৷ দুদিন মান পিছত যদি ষ্টীলৱেল পথ খোল খাই সেই সু্যোগ লব পৰাকৈ আমি সাজুনে? নে ষ্টীলৱেল পথেৰে চীনত নিৰ্মিত সামগ্ৰীৰ বজাৰ বহুৱাবলৈহে সুবিধা কৰা হব?

আজি আমাৰ অসমৰে উদ্ধৱ ভড়ালী, কনক গগৈ আদিয়ে কিছুমান বস্তু ইয়াত থাকিয়েই আৱিষ্কাৰ কৰাৰ কথা দেখিছো৷ আমাৰ তেনেকুৱা প্ৰতিভা আৰু আছে৷ তেওঁলোকক উৎসাহ-উদ্দীপনাৰে আগবঢ়াই নিয়াটো আমাৰ লক্ষ্য হোৱা উচিত৷
সদ্যহতে আমি সাংঘাতিক মেধাৱী হবলৈ চেষ্টা কৰিব লাগিব৷ আমাক দুৰ্দান্ত সাহসী মানুহ লাগিব৷ বিশ্বৰ সমলবোৰ আহৰণ কৰিবলৈ অকল ইংৰাজীকে ধৰি যিকোনো ভাষাৰ সহায় ল’বলৈ আমি সাজু থাকিব লাগিব৷ কিন্তু এই সহায় লৈ আমি নিজক সুদৃঢ় কৰিব লাগিব৷ যদি এই ভিছন লৈ আমি আগুৱাই যাও, তেতিয়া হয়তো অসমীয়া জাতি শক্তিশালী হৈ পৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!