পুতু-(মাধুৰীমা ঘৰফলীয়া)

পুতু

মাধুৰীমা ঘৰফলীয়া
putu
কিছুমান কথা শব্দৰে ব্যাখ্যা কৰিবলৈ টান, যেনে বৰশী বাবলৈ যাওঁতে বৰশীৰ টোপটোত থুৱাই কেনেকৈ মন্ত্ৰ মাতিলে মাছে লগে লগে খুঁটে সেই ভংগীটো নাইবা পাকঘৰৰ পৰা কিবা এটা খোৱা বস্তু চুৰ কৰি খাবলৈ লওঁতেই কোনোবা আহি পোৱা মুহূৰ্তটো ! তেনেকৈয়ে পুতুৰ কাণ্ডবোৰো লিখিবলৈ টান। কাৰণ সেই কাণ্ডবোৰ ক’ত আৰম্ভ হৈ ক’ত, কেতিয়া শেষ হয় ধৰিবই নোৱাৰি। মাথোঁ যেতিয়া কাৰোবাৰ পৰা অভিযোগ আহে তেতিয়াহে গম পোৱা যায় পুতুৱে আকৌ কিবা এটা কৰিলে ! সিদিনাৰ কথাকে ধৰাহওক, ৰাজেন কেৰাণীয়ে অফিচলৈ যাবৰ সময়ত কামিজটো পিন্ধোঁতেহে গম পালে কামিজৰ জেপত আগদিনা ৰাখি থোৱা টকা শ নাই। লগে-লগে বিচাৰ-খোঁচাৰ চলিল। অলপ সময়ৰ পাছতে হাইস্কুললৈ নতুনকৈ যোৱা সৰু পুতেক অৰুণে সৈ কাঢ়িলে টকা শ সি নিলে। বাপেকে ঢকা দুটা দিয়াত কান্দি কান্দি যিখিনি কথা ক’লে সেইখিনিৰ অৰ্থ হ’ল –আগদিনা আবেলি খেলিবলৈ যাওঁতে সি পুতুক কিবা গছ পুলি দুটা ৰুই থকা দেখিছিল। তাক সেইটো কি পুলি বুলি সোধাত বৰ ভাল গছৰ পুলি বুলি ক’লে। পইচা পালে পুতুৱে তেনেকুৱা পুলি বিকিব বুলিও ক’লে। কথাষাৰ শুনি অৰুণে বাপেকৰ জেপৰ পৰা টকা শ নি তাক দিলেগৈ। আৰু সি গছপুলি কেইটামান দিলে। বিশ্বাস হোৱা নাই যদি বাপেকে পাছফালৰ শাকনি বাৰীত চাবগৈ পাৰে। তাত সি পুলিকেইটা ৰুই থৈছে।
অৰুণৰ কথা শুনি সকলো গৈ শাকনি বাৰী পালেগৈ। শাকনি বাৰীত ৰুই থোৱা ঠাইতে শুই পৰা মদাৰ পুলিৰ শাৰী এটাই সকলোকে যেন ভেঙুচালি কৰি দেখুৱালে।
-হেৰৌ পুতু দেখোন তোতকৈ বয়সত সৰু। সি তোক কেনেকৈ ঠগিব পাৰিলে হয় নে?
ৰাজেন কেৰাণীয়ে পুতেকৰ মূৰ্খামি দেখি তাৰ মূৰতে থাপৰ কেইটামান শোধালে। তাৰ পাছত এই কথাই কথা নহয় বুলি অৰুণৰ হাতত জোৰেৰে খামোচ মাৰি চোঁচৰাই নিয়া দি নি পুতুহঁতৰ ঘৰ পালেগৈ। পুতুৰ বাপেক ঘৰতেই আছিল। তেওঁ ৰাজেন কেৰাণীৰ কথাখিনি মন দি শুনিলে। তাৰ পাছত বাৰাণ্ডাৰ চালত খোঁচ মাৰি থোৱা হালোৱা এছাৰিডাল জোকাৰি জোকাৰি পুতুক মাতিলে। পুতুৱে ইতিমধ্যে সকলো কথা গম পাইছিল। চুচুক-চামাককৈ সি বাৰাণ্ডা পালেহি।
-পুতু বৰদেউতাই কোৱা কথাবোৰ সঁচানে?
-ও ও.. মই কিবা সি পইচা দিয়াতহে লৈছিলোঁ।
-টকা শ কি কৰিলি?
-৩০ টকাৰে ক্ৰিকেট খেলিবলৈ বল এটা কিনিলোঁ আৰু দহ টকা চানা খালোঁ। বাকী কেইটকা এইয়া।
পুতুৱে হাতৰ মুঠিটো খুলি টকাকেইটা দেখুৱালে। তাকে দেখি বাপেকে সাৰৌপ সাৰৌপকৈ তাৰ পিঠিত হালোৱা এছাৰিডাল বহুৱাই দিলে। গগণফলা চিঞৰ এটা মাৰি সি ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলে। সাধাৰণতে পুতুহঁতৰ বয়সৰ ল’ৰা-ছোৱালীবোৰে আনৰ আগত এনেকৈ মাৰ খালে দুদিনমান লাজত মুখ উলিয়াব নোৱাৰা হয়, কিন্তু পুতুৰ কথা বেলেগ। লাজ বোলা শব্দটো তাৰ অভিধানত নাই। তাৰ মাথোঁ বেয়া লগা ভাবটোহে আছে। যেনেকৈ স্কুললৈ যোৱা কামটো ! স্কুললৈ যাবলৈ সি বৰ বেয়া পায়। হয়তো বেয়া নাপালেহেঁতেন যদিহে প্ৰধান শিক্ষকজন একে চুবুৰিৰে নহ’লহেঁতেন। স্কুলত সি কিবা বেয়া কাম কৰিব, কিবা নোৱাৰিব তেওঁ আহি সৱ বাপেকক লগাই দিবহি। ফলত পুতুৰ পিঠিত হালোৱাৰ এছাৰিৰ কোব পৰে। কালি আকৌ তেনে এটা ঘটনা ঘটিল। পানীখোৱা ছুটিত শিক্ষককেইজন নথকা সময়খিনিত ৰবৰ এটুকুৰাৰ বাবে পুতুহঁতৰ মাজত কাজিয়া হ’ল। শিক্ষককেইজন আহি কাজিয়া ভাঙে মানে কেইবাটাৰো বহী কিতাপ ফালি চিৰা-চিৰি হ’ল। গোচৰ ঘৰলৈকে গ’ল। গধূলি কেইবাটিও অসুৰৰ কান্দোনেৰে চুবুৰিটো উখল-মাখল হৈ উঠিল।
ৰাতি পুৱাল। চকুৰ ঠাৰে ঠাৰে গোটেই কেইটি অসুৰে যেন কিবা কথা পাতিলে। আবেলিলৈ পুতুৰ নেতৃত্বত অপাৰেচন আৰম্ভ হৈ গ’ল। বহুত দেৰি বিচৰা পাছত পিকুৰ ঘৰৰ পৰা তিনিজনী চুকভেকুলী উদ্ধাৰ হ’ল। ভেকুলীকেইজনী মাৰি গোটেইকেইটা প্ৰধান শিক্ষক অজিত বৰুৱা ঘৰৰ ফালে গ’ল। ইফালে-সিফালে চাই কোনো নথকাৰ সুযোগত বৰুৱাৰ ঘৰৰ নঙলাৰ খুঁটাকেইটাৰ ফাঁকত ভেকুলীকেইজনী ভৰাই থৈ আহিল। তিনিদিনৰ পাছত ফলাফল ওলাল। নঙলাৰ খুঁটাৰ ফাঁকৰ পৰা ওলোৱা দুৰ্গন্ধৰ কোবত বৰুৱাৰ ঘৰলৈ আৰু ঘৰৰ কাষৰে অহা মানুহবোৰে নাকত সোপা দিহে আহিব লগা হ’ল। বৰুৱাই ঘৰৰ আশে-পাশে গোটেইবোৰ চাফা কৰাইও গোন্ধটো ক’ৰ পৰা আহিছে ধৰিব নোৱাৰিলে। পুতুহঁতে অদূৰত ৰৈ গোন্ধৰ উৎস বিচাৰি ফুৰা বৰুৱাৰ দুৰৱস্থাটো বাৰুকৈয়ে উপভোগ কৰিলে। সিহঁতৰ অন্তৰখন যেন তেতিয়াহে শাঁত পৰিল।
প্ৰধান শিক্ষকৰ ওপৰত পোতক তোলাৰ পাছত সকলোবোৰ স্বাভাৱিক হৈ পৰিছিলহে, আকৌ লাগিলেই নহয় পয়মাল। স্কুলৰ পৰা আহি কিবা অলপ খাইয়ে পুতুহঁত গৈ গাঁৱৰ নামঘৰৰ কাষত থকা খেলপথাৰখনত খেলিবলৈ যায়। আজিও গ’ল। কিন্তু খেলাৰ নামত হ’লে একো নহ’ল। হ’বনো কেনেকৈ লগৰ অপুৱে নতুন চাইকেল এখন লৈ খেলপথাৰ পালেহি। মাহীয়েকে কিনি দিছে বোলে। সকলোৱে সেইখনতে ব্যস্ত হৈ পৰিল। অপুৱে বুকু ফিন্দাই চাইকেলখনৰ বৰ্ণনা দিলে। চাইকেল চলাই গ’লে কিমান সোনকালে স্কুল পাবগৈ পাৰে, কিমান আৰাম লাগে চব। চাইকেলখন দেখি পুতুৰো মনটো কিবা থৌকি-বাথৌ লাগিছিল যদিও অপুৰ ফুটনি দেখি খঙ উঠি গ’ল। সি তৎক্ষণাৎ নিজৰ প্ৰতিক্ৰিয়া জাহিৰ কৰিলে।
-থ থ এনে একেবাৰে চাইকেল চলোৱাটো। মোৰ লগত প্ৰতিযোগিতা মাৰচোন, মই আমাৰ গাহৰিটোৰ পিঠিত উঠি দৌৰিলেও তোক এই চাইকেলৰ সৈতে হৰুৱাই দিম !
পুতুৰ কথাত যেন গোটেই পৃথিৱীখনহে ৰৈ গ’ল। লগৰকেইটাই অলপ সময় তাক চাই থাকিল, তাৰ পাছত সিহঁতে জঁপিয়াই উঠিল।
-সঁচাই পাৰিবি নে?
-অ’ পাৰিমতো। সেইটোনো কি ডাঙৰ কাম।
পুতুৱে চেলাউৰি দাঙি গহীনাই উত্তৰ দিলে। অপুৰ চাইকেলখন দেখি এনেও বাকীকেইটাৰো হিংসা লাগি আছিল, এতিয়া তাৰ ফুটনি দমাবলৈ এনে এক সুবিধা পাই সিহঁতে সেই সুযোগ এৰি দিব নুখুজিলে।
-অপু, তই পিছে পুতুৰ সৈতে প্ৰতিযোগিতা মাৰিবি নে?
অপুৱে নিজৰ নতুন চাইকেলখনৰ ওপৰত থকা ভৰসাৰ ওপৰতে ডাঠি ক’লে
-মাৰিম। সি এনেও হাৰিব আৰু যদি কেনেবাকৈ পুতু জিকে মই মোৰ সৱ মাৰ্বল তাক দিম।
-আমিও নিজৰ মাৰ্বলবোৰ যিটো জিকে তাকেই দিম !
বাকীকেইটাইও শপত খাই ক’লে।
কথাৰ গম-গতি আনফালে যোৱা দেখি পুতুৱে অলপ ভয় খালে। সি এনেইহে কৈ চাইছিল। কিন্তু সিহঁতে দেখোন কথাটো গহীন কৰি পেলালে ! এতিয়া নাকটো বচাব লাগিব নহয়। তাতে মাৰ্বলৰ কথা আছে।
গতিকে সিও ঘোষনা কৰি দিলে
-হ’ব। অপু যদি জিকে মই তাক মোৰ মাৰ্বলখিনি দিম।
সিদ্ধান্ত হৈ গ’ল, অহা দেওবাৰে দুপৰীয়া মাকহঁতে ভাতঘুমটি মৰা সময়তেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব। যিহেতু পুতুৰ বাহন গাহৰিটো বেলেগ ঠাইলৈ নিয়াত অসুবিধা হ’ব সেইবাবেই পুতুহঁতৰ ঘৰৰ পাছফালে থকা কঠীয়ানিখনতেই প্ৰতিযোগিতাখন পতা হ’ব। পুতুৰ বাহিৰে সকলোৱেই বৰ উৎকণ্ঠাৰে দেওবাৰলৈ বাট চালে। পুতুৰ অলপ ভয় লাগি আছিল। কেনেবাকৈ যদি গাহৰিটোৱে দৌৰ নামাৰে কি হ’ব! গাহৰিটোৰ সৈতে তাৰ সম্বন্ধটো ভাল যদিও তাৰ পিঠিত উঠি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো ইমান সহজ নহয়। সুযোগ-সুবিধা চাই সি কেইবাৰমান গাহৰিটোৰ পিঠিত উঠি চালে। গাহৰিটোৱে আমনি নকৰা দেখি তাৰ সাহস অলপ বাঢ়িল।
নিৰ্দিষ্ট দেওবাৰটো আহিল। কথামতে সকলো আহি কঠীয়ানিত গোট খালেহি। কঠীয়ানিৰ এটা মূৰে প্ৰতিযোগী অপু আৰু পুতু নিজৰ বাহনৰ পিঠিত উঠি সাজু হৈ আছে। আনটো মূৰে দৰ্শককেইজন। অৰুণে পূজাত কিনা হুইচেলটো লৈ ফু মাৰিবলৈ ৰৈ আছে। পুতুৱে এবাৰ অপুলৈ চালে, তাৰ মুখত দৃঢ়তাৰ চাপ ফুটি উঠিছে। এইবাৰ সি নিজলৈ চালে, গাহৰিটোৱে ঘঙক ঘঙক কৈ ইফালে সিফালে যাব খুজিছে যদিও চিনেমাত দেখুৱা হিৰোবোৰে ঘোঁৰাক নিজৰ কবলত ৰখাৰ দৰে সিও গাহৰিটোৰ ডিঙিত লাগি থকা পঘাডাল জোৰেৰে টানি তাক নিজৰ কবলত ৰাখিবলৈ চেষ্টা কৰিছে।
অৰুণৰ হুইচেল বাজিল। পুতুৱে নিজকে চম্ভালি হাতত লৈ থকা এছাৰিডালেৰে কোব শোধাই গাহৰি খেদে মানে অপু গৈ কঠীয়ানিৰ মাজ ভাগ পালেগৈয়ে। তাকে দেখি সি চকু মুদি গাহৰিটোৰ টিকাত সাৰৌপ সৌৰৌপকৈ কোব কেইটামান বহুৱাই দিলে। গাহৰিটোৱে ত্ৰিভুৱন দেখি চিঞৰ এটা মাৰি দিলে দৌৰ… চকু মেলাৰ পাছত পুতুৱে নিজকে হস্পিটালৰ বিচনাত আবিষ্কাৰ কৰিলে। তাক আগুৰি মাক-বাপককে ধৰি বহুত আপোন ৰৈ আছিল। মাকে এসোঁতা কান্দিলেও। পুতুৱে একো বুজিব নোৱাৰি ইফালে সিফালে চাই গাটো ঘুৰাবলৈ চেষ্টা কৰিলে। ভয়ংকৰ বিষ এটাই তাৰ চকুপানী উলিয়াই দিলে। তেতিয়াহে সি অনুমান কৰিলে তাৰ গাত যেনিয়ে-তেনিয়েই দুখ পোৱাৰ চিন ! হাত এখনত দেখোন ডাঙৰ বেণ্ডেজ এটা ! সি অঁকৰাৰ দৰে কাষতে ৰৈ থকা বায়েকৰ মুখলৈ চালে। বায়েকে ভেকাহি মাৰি ক’লে –মুখৰ লগতে গাতো য’তে ততে চোঁচৰা খাই চাল ছিগিছে। সোঁহাতহাতখন ভাগিছে ! ভৰি এটা কচকা লাগিছে। আৰু কঁকালটো, সেইটো অলপতহে বাচিছে। আৰু যাবি গাহৰিৰ পিঠিত উঠিবলৈ ! এতিয়া দুমাহ ঘৰতে বন্দী। পাবি মজা।
বায়েকৰ ভেকাহিত পুতুৰ মনটো দমি গ’ল। দুমাহ সি কেনেকৈ ঘৰতে সোমাই থাকিব ! শোক এটাই তাৰ ডিঙিত খুন্দা মাৰি ধৰিলে। সি উচুপি উঠিল।
দুদিনৰ পাছত পুতু ঘৰলৈ আহিল। দেউতাকে আগফালৰ বাৰাণ্ডাৰ চকী এখনতে তাক বহুৱাই দিলে। খবৰ ল’বলৈ অহা মানুহেৰে ঘৰখন ভৰি পৰিছে। সকলোৱে ইস্-আস্ কৰাৰ লগতে ফিচিঙা-ফিচিঙি কৰিছে। এই প্ৰথমবাৰৰ বাবে পুতুৰ লাজ লাগিল। লাজতে সি মূৰটো দাঙিবই পৰা নাই।
-পুতু !
চিনাকী মাত এটা শুনি পুতুৱে মূৰ দাঙি চালে। অপু, অৰুণকে ধৰি তাৰ দলটো। হাতত বেট আৰু বল লৈ অহা দলটোক দেখি তাৰ মনটো আকৌ গধুৰ হৈ পৰিল।
-হো ল এইয়া …
অপুৱে তালৈ টোপোলা এটা আগবঢ়াই দিলে। পুতুৱে আচৰিত হৈ তালৈ চালে
-কি এইয়া?
-মাৰ্বল।
-মাৰ্বল ! কাৰ? কিয়?
-মোৰ। আৰু আমাৰ চবৰে।
-কিন্তু কিয়?
-তোৰ কি একো মনত নাই !
পুতুৱে নঞৰ্থক ভাবেৰে মূৰ জোকাৰিলে। এইবাৰ অৰুণ মাত লগালে
-আমি সিদিনা খেলত তই জিকিবি বুলিয়েই ভাবি আছিলোঁ, কিন্তু যেতিয়া অপু আগবাঢ়িল আমাৰ মন মৰি গৈছিল। তেনেতে এছাৰিৰ কোব খাই তোৰ বাহন গাহৰিটোৱে যেনেকৈহে দৌৰিলে আমাৰ মুখ মেল খাই গৈছিল। হঠাতে দেখিলোঁ তই গাহৰিটোৰ পিঠিৰ পৰা লুটিখাই পৰি গৈছ কিন্তু পঘাডালত তোৰ ভৰি জোঁট-পোট খাই তই তাৰ গাত ওলমি আহিছ। গাহৰিটো যেতিয়া ৰ’লগৈ তেতিয়া তই অৰ্ধচেতন অৱস্থাত। গাৰ পৰা যেনিয়ে-তেনিয়ে তেজ ওলাইছিল। আমি ভয় খাই খুৰীহঁতক চিঞৰি চিঞৰি মাতিলোঁ। তাৰ পাছত তই হস্পিটাল পালিগৈ। কিন্তু মজাৰ কথাটো কি জান?
নিজৰ অহংকাৰৰ এনেকৈ দৰ্পচূৰ্ণ হোৱাৰ পাছতো জানো কিবা মজাৰ কথা থাকিব পাৰে। তথাপি পুতুৱে দুৰ্বল কণ্ঠৰে সুধিলে-কি?
-মজাৰ কথাটো এইটোৱেই যে তই অপুতকৈ বহুত আগতেই কঠীয়ানিৰ সিপাৰ পাইছিলগৈ ! মানে তই জিকিলি !
-সঁচা !!
পুতুৱে বিস্ময়ত চিঞৰি উঠিল।
-ও সঁচা ! সেইবাবেই চুক্তিৰ মতে এই মাৰ্বলখিনি তোৰ !
যোৱা দুটা দিনৰ পুতুৰ শাৰীৰিক আৰু মানসিক কষ্টখিনি যেন তৎক্ষণাৎ নোহোৱা হৈ গ’ল। যি লাজে অলপ আগত তাৰ মূৰ তল কৰি পেলাইছিল এতিয়া সেই লাজেই গৌৰৱৰ ৰূপ লৈ থিয় দি উঠিল। বৰ আগ্ৰহৰে সি অপুৰ পৰা মাৰ্বলখিনি হাত পাতি ল’লে। ভিন্ন ৰঙী মাৰ্বলবোৰৰ দৰেই তাৰ মনটো ৰঙিয়াল হৈ পৰিল।
 
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mithu
5 years ago

Comment text..nyc