পুতুকন গগৈ জিন্দাবাদ(-প্রদ্যুৎজ্যোতি শইকীয়া)

পুতুকন গগৈ | মোৰ লগৰ | লগৰ মানে… কিন্তু মোতকৈ তিনিবছৰমান ডাঙৰ | কিন্তু , অৰ্থাৎ ….. মানে সি আমাৰ লগৰ | আছলতে তাৰ শৈক্ষিক জীৱনটো মালবাহী ট্ৰাকৰ দৰেই ধীৰ গতিত চলিছিল | মাজে মাজে পাম্পছাৰ , বেটেৰী ডাউন এইবোৰ আছেই | তথাপিও গাড়ী চলি আছিল | আমি যেতিয়া তাক পাছ পেলাই প্ৰৱেশিকা দিলো | সি অষ্টমমানৰ কিতাপখিনি বুকুত সাৱটি আমালৈ চাই ৰৈছিল | তাৰ পাছত আৰু আমাৰ দুজনৰ দেখাদেখি নাই | বৰমাৰ(পুতুকনৰ মাক) মুখৰ পৰা গম পালো যে পুতুকনে শিক্ষা জীৱন নামৰ গাড়ীখনৰ সঞ্জীৱনীস্বৰপ সমুদায় কিতাপ,পত্ৰ,বহী ইত্যাদি লুকুমজানত বিসৰ্জন দি চহৰমুৱা হ’ল | কিবা কৰিব বোলে চহৰত | মাজে মাজে মাৰ মুখে গম পাওঁ পুতুকনৰ ব্যৱসায় “ফ্ল’প”হোৱাৰ কথা | প্ৰথমে হেনো কেঞ্চাৰ হস্পিটালৰ আগত গুটখা,চিগাৰেট , চুপাৰীৰ দোকান দি ফ্লপ হ’ল |কাৰণ ,ছাত্ৰ সংগঠনৰ উত্‍পাত | তাৰ পাছত জেঙনিকটীয়া তিনিআলিত চাহৰ দোকান | তাকো বন্ধৰ দিনত দোকান খুলি মহা প্ৰতাপী জনজাতীয় সংগঠনৰ নেতাৰ হাতৰ পৰশেৰে লাঞ্চিত | তাৰ মাহচেৰেক পাছত শুনিলো পুতুকন বোলে হেন্দিমেন হ’ল | বোলো ভালেই হ’ল | যিকি নহওক পুতুকনৰ কিবা এটা হ’ল | কিছুদিনৰ পাছত মায়ে খবৰ দিলে বোলে পুতুকনে নিজ ইচ্ছামতে হেন্দিমেনৰ পৰা জোঁৱাইৰ পদবীলৈ উন্নীত হোৱাৰ জখলা বাজেয়াপ্ত কৰি গুৱাহাটীলৈ বুলি উধাও হ’ল | মানে মালিকৰ জীৰ সৈতে হেংকি পেংকি কৰি শেষত পত্নী(?)সহ পলায়ন | তাৰ পাচত আৰু বছৰছেৰেক খৱৰ নাই | পুতুকণ গগৈ হেৰাল | অসীমত যাৰ হেৰাল সীমা |

putukon gogoi

দিনবোৰ বাগৰি আছিল | হঠাতে আমাৰ ডাক্তৰী জীৱনলৈও ধুমুহা আহিল | চাকৰি এৰি ডিগ্ৰী ৰক্ষাৰ স্বাৰ্থত হাতত ফেষ্টুন , প্লে কাৰ্ড ল’ব লগা হ’ল | অৰ্থাৎ গুৱাহাটী গমন | প্ৰতিবাদী ধ্বনি | অসম চৰকাৰ হায় হায় | স্বাস্থ্যমন্ত্ৰী হায় হায় “শ্লোগান” | তাৰ মাজতে মায়ে ভ্ৰাম্যভাষ যোগে ক’লে বোলে পুতুকনে তোক লগ কৰিব বিছাৰিছে | ফ’ন কৰিব | ধৰিবি | ডাঙৰ মানুহ সি আজিকালি | সকলো সংগঠনৰ নেতা পালিনেতাৰ পৰা আৰম্ভ কৰি সকলোবোৰৰ লগত তাৰ চিনা পৰিচয় | ডাঙৰ “বিজিনেছ” | গুৱাহাটীত মাটি | কথা কেইটা শুনিয়েই চকু অমৰাগুটি হ’ল | পুতুকন ডাঙৰ “বিজিনেছমেন” হ’ল | অ’ আই | তেমাম কথা দেখোন | বাৰু সেয়া যিহওক বা নহওক | ৰাতিলৈ পুতুকনে “ফ’ন” কৰিলে | ক্ষেপ’ ( পুতুকনে মোক মতা নাম ) আহ | চান্দমাৰী “প‍ইন্ট”লৈ আহ | ওলালো | নতুন চকচকীয়া “ৰিনল্ট ডাষ্টাৰ”খনৰ পৰা নামি আহিল মানুহ এজন | ডাঙৰ পেটটোৰ বুটামৰ শিৰণীটোৰ পৰা লাহে লাহে ওপৰলৈ চাই মুখ দেখিহে গম পালো পুতুকন বুলি | মোক টানিয়েই নি গাড়ীত উঠালে | পোনচাটেই ক’লো ” ত‍ই চেহেৰা আৰু ‘ষ্টেটাছ’ দুইটাই সলালি দেখোন ”
পুতুকনে হাঁহি মাৰি ক’লে ” কৈছিলো নহয় এদিন ডাঙৰ মানুহ হ’ম , ব’ল মোৰ ‘বিজিনেছ’ দেখুৱাম ” | লৈ গ’ল মোক | “বিজিনেছ” দেখিহে চকু কপালত উঠিল | একেবাৰে “হোলচেল মাৰ্কেট” | ডাঙৰ গুদাম | ভাগে ভাগে সজাই থোৱা আছে সকলোবোৰ বস্তু |দোকানৰ নামেই হ’ল “আন্দোলন ” | কংগ্ৰেছৰ হাতৰ পতাকা , বিজেপিৰ পদুম , তলাছাবি , অসম চৰকাৰ হায় হায় লিখা প্লে কাৰ্ড ( সেইখিনি তিনিটামান মানুহে ঢুকি নোপোৱাকৈ ঠাক ঠাককৈ সজোৱা আছে ) | ম‍ই বোলো ” অ’বোপাই এইবোৰ কি বিজিনেছ ?” | হাঁহি এটা মাৰি পুতুকনে ক’লে ” গুৱাহাটীৰ যিমান আন্দোলন হয় , ‘চাপ্লাই’ মোৰ পৰাই যায় ” | অলপ ভিতৰলৈ যাওতে দেখিলো বাঁহৰ কাম লগাই আছে দুটামানে | মোৰ উত্‍সুকতা ধৰিব পাৰি পুতুকনে উপযাঁচিয়েই উত্তৰ দিলে ” জোঁৰ সমদল ,তিনি হাজাৰ অৰ্ডাৰ আছে কালিলৈ ” | ল’ৰা কেইটাক চিনাকিযেন লাগিল | ওচৰৰ পৰা জুমি চাওঁতে গম পালো | গোটেইমখা অষ্টমশ্ৰেণীতেই খোলা “জীৱনযোৰা নপঢ়ন ক্লাব”ৰ মেম্বাৰ | হমমম | কিন্তু এটা কথাত মুৰ ঘূৰাল | গাঁৱত দুই লিটাৰ কেৰাচিন দি দায়িত্ব সামৰে সমবায় আৰু সুলভ মূল্যৰ দোকানে | কিন্তু ইয়াত ??? পুতুকনক সুধিলো “জোঁৰৰ কাৰণে বাঁহখিনি ঠিকেই আছে , কিন্তু কেৰাচিন ?? ” মোৰ প্ৰশ্নত উজুটি খালে পুতুকনে | নিজকে চম্ভালি উত্তৰ দিলে “নুবুজিবি বোপাই , এইবিলাক সুলভ মূল্যৰ খেল |আহি থাক “| নুবুজাকৈ ধেৰ বুজিলো | তাৰ আগলৈ এগালমান খেৰৰ দ’ম | খেৰৰ দ’ম চহৰত দেখিয়েই মোৰ চকুত মালবাহী ট্ৰাকত বোজাই অনাৰ দৰে এগালমান প্ৰশ্নবোধক | একেদৰেই পুতুকনৰ বিনা প্ৰশ্নৰ উত্তৰ ” গাঁৱত আজিকালি খেৰ পেলনি যায় | ট্ৰেক্টৰেটো খেৰ নাখায় বোপাই , ডিজেলহে খায় |গৰু নায়েই | অথচ খেৰ ইয়াত বিৰাত দামী | মাথা লগা | অৱস্থান ধৰ্মঘট | টিউপালৰ তলত পাৰিবলৈ লাগেত’ ,তামাম দামী … বুজিলি ? ” | বুজিলো | অলপ আগলৈ গৈ দেখিলো ” স্বাস্থ্যমন্ত্ৰী হায় হায়” লিখা প্লেকাৰ্ড লিখি আছে দুটামানে | আকৌ পুতুকনৰ বিনা প্ৰশ্নৰ উত্তৰ ” এইখিনি তহঁতৰ , মোৰ ইয়াতে ‘অৰ্ডাৰ’ দিছে ” | গুদামটোৰ চুকত হাতী কোম্পানীৰ প্লেকাৰ্ড দুখনমানো পৰি আছিল | সুধিলো তাক “ইমান কম ‘ষ্টক’ যে ? ” | উত্তৰ আহিল “এইখিনি আজিকালি নচলে, দুবছৰ আগতেই অনা ” | আৰু নাচালো | বুজিলো সকলো | চল চাই চাপৰি | পুতুকনক ক’লো ” ব’ল কিবা এটা খুৱা ” | ৰাতিলৈ দোৰোল খোৱা জিভাৰে পুতুকনে ক’লে ” তোৰ আন্দোলন ‘চাকচেচ’ কৰাই দিম দে , কালিলৈ আছু ,আবচু, আটাছু , আক্ৰাছু সকলো উঠি আহিব | চিন্তা নকৰিবি | ‘আফটাৰ অল চব মোৰ কাষ্টমাৰ’ | হেঃ হেঃ | ” ৰঙীন পানীয়ৰ সৈতে লোকেল কুকুৰাৰ মাংসত কামোৰ দি মনে মনে ক’লো ” পুতুকন গগৈ জিন্দাবাদ” |

প্রদ্যুৎজ্যোতি শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!