কাটাৰৰ ডায়েৰী – কেইটিমান সৰু সৰু ভাল লগা কথা আৰু সৰু সৰু বেয়া লগা কথা (-ডা: ভূপেন্দ্র শইকীয়া)

অলপ দীঘলীয়া বিৰতিৰ মূৰত কাটাৰৰ ডায়েৰী লিখিব লৈছোঁ৷ দিনবোৰ অবধাৰিতভাবে  সদায়েই গতিশীল – চলন্ত – কাৰো বাবে ৰৈ নাথাকে৷ চলচিত্ৰৰ দৃশ্যৱলীৰ দৰে সময়বোৰ আমাৰ চক্ষুৰ  আগেদি প্ৰবাহমান হৈ গৈ থাকে৷ কিছুমান দৃশ্যই দি যায়  আনন্দদায়ক অনুভূতি আৰু কিছুমানে দিয়ে নিবিচৰা বেদনা দায়ক আঘাত৷ মানুহে স্বভাৱগতভাবে তাৰে সুখদায়ী স্মৃতিক  বাৰম্বাৰ ৰোমন্থন কৰি দীৰ্ঘম্যাদী  কৰিব বিচাৰে৷

 

আজিৰ ডায়েৰীৰ মাধ্যমেৰে কাটাৰৰ কেইটিমান সৰু সৰু ভাল লগা আৰু কেইটিমান সৰু সৰু বেয়া লগা কথাৰ আভাস  পাঠকসকলক দিব খুজিছোঁ৷ মোৰ ক্লিনিকৰ পৰা আধা কিলোমিটাৰ দূৰৈৰ এইচ কে কম্পিউটাৰ  চেন্টাৰলৈ দুপৰীয়া মোৰ  মধ্যাহ্ন বিৰতিৰ সময়ত পদব্ৰজে গৈ আছোঁ৷ তেনেতে হঠাতে এখনি  বিলাসী গাড়ী  মোৰ কাষ চাপি ৰ’লহি৷ বয়সীয়াল মোৰ এক পৰিচিত কাটাৰী ভদ্ৰলোকে  মোক তেওঁৰ গাড়ীত বহিবলৈ  সবিনয়ে  আমন্ত্ৰণ জনালে৷ মই জনালোঁ মোৰ গন্তব্যস্থান তেনেই ওচৰতে গতিকে মই খোজ কাঢ়ি গলেই হব৷ কিন্ত ভদ্ৰলোকে নামানিলে- মোক নিৰ্দিষ্ট দোকানৰ পদূলিত নমাইহে তেওঁ ক্ষান্ত হ’ল৷ এনে ব্যৱহাৰৰ বিপৰীতে ৰাজপথত কিছুমান কাটাৰী আৰু অনা কাটাৰী আৰবী লোকে গাড়ী চলাওতে দেখুৱা অসৌজন্যতামূলক ব্যৱহাৰে অনেক নিৰীহ গাড়ীচালকৰ মনটো ব্যথিত কৰি তোলে৷Qatar diary

আকৌ ইয়াৰ চৰকাৰী কাৰ্য্যালয়সমূহত কিছুমান ইংৰাজী নুবুজা কাটাৰী কৰ্মচাৰীৰ অতি কৰ্তৃত্বসুলভ আচৰণেও প্ৰবাসীসকলক মনোকষ্ট দিয়ে৷ তেনে ব্যক্তিসকলে ভাব-ভংগীৰে বুজোৱা ‘নহব’ৰ অভিব্যক্তি বৰ কঠুৱা ৷ ইয়াৰ বিপৰীতে  দুই এজন ইংৰাজী জনা  কাটাৰীলোকৰ  ভদ্ৰ আচৰণে দৃষ্টি আকৰ্ষণ নকৰা নহয়৷ বগা চামৰাৰ লোকৰ প্ৰতি কাটাৰী সকলৰো  দূৰ্বলতা নথকা নহয়৷ লাইনত থকা বগা চামৰাৰ লোকক বিশেষকৈ মহিলাক উপযাচি ‘আউট অৱ টাৰ্ণ’ সহায় কৰিবলৈ এওঁলোকৰ তৎপৰতাৰ অভাৱ নহয়৷ আমি ভাবোঁ ‘পাব্লিক ৰিলেশ্বন’ৰ লগত জড়িত সকলো চৰকাৰী কৰ্মচাৰীৰ  (বিশেষকৈ পুলিচ,পাচপ’ৰ্ট,চিকিৎসালয় আদিৰ লগত জড়িত) ইংৰাজী জনাটো বাধ্যতামুলককৰিলে তেনে ক্ষেত্ৰ সমূহত এক সৌহাৰ্দজনক পৰিবেশ সৃষ্টি হব৷

 

কাটাৰত যোৱা বছৰৰ পৰা দুই প্ৰকাৰৰ ৰেললাইনৰ কাম পূৰ্ণোদ্যমে চলি আছে৷ প্ৰথমবিধ হ’ল ‘ট্ৰান্স আৰব ৰেল’ – যাৰ দ্বাৰা সমূহ গাল্ফ দেশ একেটা ৰেল নেটৱৰ্কৰে সংলগ্ন হৈ পৰিব৷আন বিধ হ’ল লুইচেলৰ পৰা কৰনীচ, চৌক ৱাকিফ,বাৰুৱা চিটি হৈ সমগ্ৰ ডোহা সামৰি অলৱাক্ৰালৈকে মেট্ৰ ৰেলৰ ব্যৱস্থা৷ ডোহাত মেট্ৰ আৰম্ভ হলে ট্ৰেফিক জামৰ সমস্যা নিশ্চিতভাবে কমিব৷২০২২চনৰ ফুটবলৰ বিশ্বকাপৰ খেল আৰম্ভ হোৱাৰ দুই এবছৰ আগেয়ে এই দুয়োটা প্ৰকল্প শেষ হব বুলি ভবা হৈছে৷

ৰেল আৰু মেট্ৰৰ কাম আগবঢ়াই নিবলৈ বনুৱা আৰু সৰুসুৰা কাৰিকৰি লোক (যেনে ড্ৰিলাৰ, ড্ৰাইভাৰ,কাৰ্পেনটাৰ, মেকানিক, প্লাম্বাৰ, ফিটাৰ, এ চি টেকনিচিয়ান আদি) আহিছে দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ পৰা৷ওপৰৰ ৰেংকৰ বিষয়াসকলৰ আমদানি হৈছে জাৰ্মানী, ফ্ৰান্স,ৰাচিয়া,চুইজাৰলেণ্ড,ইউক্ৰেইন, চিংগাপুৰ আদি দেশৰ পৰা৷ কাটাৰ ৰেলৰ অনুমোদিত চিকিৎসক হোৱা হেতুকে দৈনিক ৩০৷৪০জন  ৰোগী বা স্বাস্থ্য পৰীক্ষা কৰোৱা লোক আমাৰ  ক্লিনিকলৈ আহে৷ কাম সম্পন্ন হোৱাৰ পিছত সাধাৰণ কৰ্মচাৰীসকলে  ধন্যবাদ জনাই ‘নমস্কাৰ’ বা ‘চালাম’ জনোৱাৰ বিপৰীতে বিষয়া পৰ্যায়ৰ কৰ্মীসকলে ‘থেংক ইউ চাৰ’ বুলি কৰমৰ্দন কৰি বিদায় ললে ভাল নলগাকৈ নাথাকে৷

 

যোৱা কালি এজন ৰোগীয়ে বিচাৰি বিচাৰি মোৰ কোৱাৰ্টাৰত ওলালেহি হাতত এটা সৰু টোপোলালৈ৷ এমাহৰ ছুটি কটাই অহা ব্যক্তিজনে  টোপোলাটোত মোলৈ পাকিস্তানৰ ঘৰৰ পৰা আনিছে ভালেখিনি আখৰোট ৷৬মাহৰ আগতে গুৰুতৰ নিউমোনিয়াত আক্ৰান্তহৈ তেওঁৰ জীৱন বিপদাপন্ন হৈছিল৷ মোৰ চিকিৎসাত  আৰোগ্য হোৱাৰ ওপৰিও স্বাস্থ্যৰ অভূতপূৰ্ব উন্নতি হয়৷ আব্দুল ৰব্বানী নামৰ এই ৰোগীজনৰ  ব্যৱহাৰত মই হলোঁ  অভিভূত৷

কেতিয়াবা আজৰি সময়ত পৰিবাৰৰ সৈতে ৰেষ্ট্ৰোৰাত যাওঁ ডোচা বা আন দক্ষিণ ভাৰতীয় খাদ্যৰ জুতি লবলৈ৷ এবাৰ এখন ৰেষ্ট্ৰোৰাত সোমাই লক্ষ্য কৰিলোঁ তেওঁলোকে গ্ৰাহকৰ অৰ্ডাৰ এচ এম এচ যোগে ৰন্ধনশালালৈ প্ৰেৰণ কৰে৷ আন এবাৰ ডাইৰেক্ট ম’বাইল ফোনতেই টেবুলৰ নম্বৰকৈ অৰ্ডাৰ কৰা দেখা পালোঁ৷ উল্লেখযোগ্যযে  এইখন ৰেষ্ট্ৰোৰা কমেও বিশ্বৰ আন দহখন মহানগৰীত আছে৷

 

বাতৰিত পালোঁ ২০১৪বৰ্ষত কমেও ১০০খন ড্ৰাইভিং লাইচেঞ্চ ট্ৰেফিক ডিপাৰ্টমেন্টে বাতিল কৰিছে  আইন অমান্য কৰাৰ বাবে৷ তৎসত্বেও কাটাৰত পথ দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই৷ এতিয়া ৫০টা চিভিল ড্ৰেচত থকা পুলিচ বাহিনী গঠন কৰিছে যাৰ দায়িত্ব হব আধুনিক সা-সৰঞ্জামসহ টহলদাৰী কৰি  যানবাহনৰ উলংঘন ধৰা পেলোৱা৷

 

আকৌ ইন্টানেটত প্ৰকাশিত এটি বিজ্ঞাপনৰ প্ৰতি পাঠকসকলৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ৷ বিজ্ঞাপনটোৰ শিৰোনামা হ’ল ‘বায়োডাটা  অৱ এ হাউচমেইড’৷ বিজ্ঞাপনটোত এখন পাচপৰ্ট আৰু এখন ফুল ছাইজ ফটো দি নিজৰ নাম বয়স, ম’বাইল,ই-মেইল আইডিৰ  ওপৰিও উচ্চতা, শৰীৰৰ ওজন জনাইছে৷ কৰ্ম অভিজ্ঞতাত ৰন্ধাবঢ়া, বাচন- কাপোৰ ধোৱাৰ ওপৰিও কেঁচুৱাৰ প্ৰতিপালনত বিশেষ অৰ্হতা থকা বুলি জনাইছে৷ কি কি ভাষা জানে আৰু আগতে কোন কোন দেশৰ নাগৰিকৰ ঘৰত কিমান বছৰ কাম কৰিছে তাৰো তথ্য সন্নিবিষ্ট কৰিছে৷  বিজ্ঞাপনটো দেখি  বহু বছৰ আগতে মই মালদ্বীপত লগ পোৱা মাৰাঠী  চিকিৎসক দম্পত্তি ডা০ ভট্টি আৰু ডা০ নেইনাৰ বাসগৃহত লগ পোৱা চল্লিছোৰ্ধৰ ‘ইন্টাৰনেশ্বনেল গুজৰাটী বাই’জনীলৈ মনত পৰি গ’ল৷

 

প্ৰতি শুকুৰবাৰৰ সন্ধিয়াটো চৌক ৱাকিফ সংগীতময় হৈ পৰে৷ কেইবা ঠাইটো সংগীতৰ মেহফিল বহে৷ শুভ্ৰ কাটাৰী বস্ত্ৰ পৰিধান কৰা গায়কে সুৰৰ মূৰ্চ্ছনা তোলে – তাতে হালিজালি গায়ক আৰু দৰ্শকে  এক অনন্য পৰিবেশৰ সৃষ্টি কৰে৷যোৱা শুকুৰবাৰে আমাৰ ওজাপালিৰ দৰে সংগীত পৰিবেশন কৰা দল এটাও চকুত পৰিল৷ চৌক আৰু কৰনীচৰ গাড়ী পাৰ্কিঙৰ সমস্যাৰ সমাধান কৰিবলৈ সেই এলেকাত অলপতে এটি তিনিখলপীয়া আন্দাৰগ্ৰাউণ্ড পাৰ্কিং মুকলি কৰা হয় -য’ত একেলগে ২০০০গাড়ী ৰখাৰ সুব্যৱ্স্থা কৰা হৈছে৷ চৌকৰ আন এক আকৰ্ষণ সন্ধিয়া বহা মহিলাৰ খাদ্যমেলাৰ বজাৰখন৷ মোৰ চৌক ৱাকিফ ভাল লগাৰ আৰু এটা কাৰণ আছে তাত সকলো ধৰণৰ পুৰণি বস্তৰ বেচা-কিনা হয়৷ ৰেডিঅ’, গ্ৰামোফোন, বাচন-বৰ্তন, দা-কুঠাৰ,ন-পৌৰাণিক বাদ্যযন্ত্ৰ, পেণ্ডুলাম ঘড়ী আৰু ক’ত যে কি–! সেয়ে মোৰ চৌকক এক মিউজিয়াম বুলিবৰ মন যায়৷ যিমান বাৰেই মই তালৈ যাওঁ, সিমানবাৰেই তাত কিবা এটা নকৈ মোৰ চকুত পৰে৷

 

 

ডা: ভূপেন্দ্র শইকীয়া

——————————————————

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!