কাটাৰৰ ডায়েৰী : কাটাৰত পালিত ৬৯তম ভাৰতৰ স্বাধীনতা দিৱস (ডা০ ভূপেন শইকীয়া)

১৫ আগষ্টৰ পুৱা ৬বাজি ৪৫মিনিট যোৱাত ৰাজধানী চহৰ ডোহাৰ আবু হামুৰস্থিত ভাৰতীয় দূতাবাসৰ অধীনস্থ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত উপস্থিত হৈ দেখা পালোঁ যে ভবনটোৰ চৌদিশৰ পথাৰসমূহত আঢ়ৈশখনমান গাড়ী ইতিমধ্যে গোট খাইছেই৷  কুৰিখনমান ক’লা বৰণৰ বাইকত দুই তিনিখনকৈ আমাৰ দেশৰ ত্ৰিৰংগা পতাকা সগৰ্বে বতাহত নাচি থকা দেখি মনটো ভাল লাগি আহিল৷  প্ৰবেশদ্বাৰৰ সন্মুখত দেখা পালোঁ দুখন কাটাৰী পুলিচৰ চৰকাৰী বাহন৷  কেইজনমান পুলিচে প্ৰবেশদ্বাৰত মেটেল ডিটেক্টৰৰ সহায়ত আগন্তুক লোকসকলক পৰীক্ষা কৰিহে সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত প্ৰবেশৰ অনুমতি দিছে৷ বিগত ৫বছৰে এনে ব্যৱস্থা কাহানিও দেখা নাছিলোঁ৷  বিশ্বজুৰি বৰ্ধিত উগ্ৰপন্থী গোটৰ ভাবুকিৰ পৰিপেক্ষিততেই এনে অতিৰিক্ত সতৰ্কতামূলক ব্যৱস্থা কৰা হৈছে বুলি বুজি ল’লোঁ৷

ঘড়ীৰ কাটাত ঠিক ৭টা বজাৰ লগে লগে কাটাৰৰ ভাৰতীয় ৰাজদূত সঞ্জীৱ অৰোৰাই পতাকা উত্তোলন কৰে আৰু তাৰ পিছতে কণকণ স্কুলীয়া ছাত্ৰছাত্ৰী সকলৰ এটা দলে ৰাষ্ট্ৰগান ‘জনগন মন–‘ পৰিবেশন কৰে৷ ইয়াৰ পিছত সকলোলোকে সুসজ্জিত অশোকা হলত প্ৰবেশ কৰে৷  অভ্যাগতসকলে আসন গ্ৰহণ কৰাৰ পিছত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি গিৰিশ কুমাৰে সকলোকে আদৰণি জনাই এক চমু ভাষণ দিয়ে৷ ইয়াৰ পিছত মঞ্চলৈ আহে ৰাজদূত সঞ্জীৱ অৰোৰা৷  মাননীয় ৰাজদূতে সকলোকে ভাৰতবৰ্ষৰ ৬৯তম স্বাধীনতা দিৱসৰ উষ্ণ অভিনন্দন জনাই আৰু ১৪আগষ্টৰ সন্ধিয়া ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণ পাঠ কৰি শুনায়৷ সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ দুটিমান কথা হ’ল : আজি ৰণস্থলীত পৰিণত হোৱা সংসদক সংকটমুক্ত কৰাৰ বাবে এক গভীৰ চিন্তনৰ আৱশ্যক৷  আমাৰ গণতন্ত্ৰৰ শিপা গভীৰ কিন্তু ইয়াৰ পাতবোৰ সৰিব ধৰিছে৷  মহাত্মা গান্ধীৰ এটি উক্তিৰ ভাৱাৰ্থ আছিল এনেকুৱা – ভাৰতবৰ্ষ এক মহাসাগৰ৷  কেইটোপালমান অশুদ্ধ পানীয়ে ইয়াৰ পবিত্ৰতা জানো বিনষ্ট কৰিব পাৰিব ? ইয়াৰ পিছত ভাৰতীয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দলে মঞ্চত সুললিত কন্ঠত পৰিবেশন কৰে – ‘এ মেৰে ৱতনকে লোগো’, ‘বন্দে মাতৰম’কে ধৰি কেইটিমান শিহৰণকাৰী দেশপ্ৰেম মূলক গীত৷  ইয়াৰ পিছত শলাগৰ শৰাই আগবঢ়ায় ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী শ্ৰীমতী জয়তী মৈত্ৰই৷  এনেদৰেই এক চমু অথচ গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰে৷  অনুষ্ঠানৰ শেষত ডোহাৰ ‘ইণ্ডিয়ান কফি হাউসে’ যোগান ধৰা দক্ষিণ ভাৰতীয় জলপানেৰে সকলো অতিথিক আপ্যায়ণ কৰা হয়৷  পৰম্পৰাগতভাৱে স্বাধীনতা দিৱসৰ পৰৱৰ্তী নানাবৰণীয়া সাংস্কৃতিক অনুষ্ঠান এটি বিশাল ভব্য ভৱনত অহা মাহৰ ১৮তাৰিখ শুকুৰবাৰে গণ্যমান্য আমন্ত্ৰিত দেশী-বিদেশী অতিথিসকলৰ আগত আয়োজন কৰা হ’ব৷

বিয়লিলৈ কাটাৰ অসম সমাজৰ এজন সক্ৰিয় সদস্য বন্ধু অভিজিত চন্দাৰ পৰা বাৰ্তা পালোঁ – আজি ভাৰতীয় হিচাপে গৰ্বিত অনুভৱ কৰিছোঁ৷  মই কাম কৰা আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৰ মুৰব্বী এড্ৰিয়ান ক্লিচবাই এজন ব্ৰিটিছ নাগৰিক৷  তেওঁৰ ককাক আৰু তেওঁৰ সতি-সন্ততি এই চাৰিওটা জেনেৰেচনৰে ভাৰতৰ সৈতে সু-সম্পৰ্ক আছে৷  আজি আমাৰ কোম্পানীৰ সকলোলোকে একগোটহৈ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস পালন কৰিলে৷  কৰ্মচাৰীসকলৰ ভিতৰত ১১জন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ আৰু ১৩জন বিশ্বৰ ভিন্ন ভিন্ন দেশৰ নাগৰিক- তাৰ ভিতৰত পাকিস্তান আৰু ব্ৰিটেইনৰলোকো আছে৷  এড্ৰিয়ান ক্লিচবাইয়ে দিয়া উদ্বোধনী ভাষণেৰে আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়৷  অফিচৰ বহল স্ক্ৰীণত চনু নিগম আৰু আন আন গায়কে ন ৰূপত গোৱা জন গণ মন উপভোগ কৰোঁ- য’ত আমাৰ অসমৰ পাপনেও অংশ লোৱা দেখা পালোঁ৷

স্বাধীনতা দিৱসৰ বিষয়ে লিখনি ইমানতেই শেষ হোৱা নাই৷ ভাৰতবৰ্ষৰ প্ৰখ্যাত কথক নৃত্যৰ শিল্পী প্ৰাচী শ্বাহে কাটাৰৰ স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি যোৱা ৬ আগষ্টত ডোহাৰ বিৰলা পাব্লিক স্কুলত এক মনোমোহা নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে৷ কাটাৰলৈ অহাৰ আগতে তেওঁৰ দলটোৱে ইজিপ্ত আৰু জৰ্ডানত ভাৰতীয় দূতাবাসৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছিল৷ ৫ আগষ্টত ডোহাৰ কাটাৰা সাংস্কৃতিক ভিলেজৰ মঞ্চতো কাটাৰী, ভাৰতীয় আৰু অনেক বিদেশী দৰ্শকৰ আগত কথকৰ নৃত্যানুষ্ঠান কৰি ৰাইজ আৰু প্ৰেছৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল৷

মোখনিত ইমানেই ক’ম যে প্ৰবাসত স্বাধীনতা দিৱস উদযাপনৰ এক সুকীয়া আমেজ,স্বকীয় মাদকতা আছে যাক বৰ্ণনা কৰিব নোৱাৰি মাথো উপলব্ধিহে কৰিব পাৰি৷  ইতিমধ্যে আন আন প্ৰবাসী অসমীয়াই পালন কৰা চিত্ৰসমূহ ফে’চবুকৰ মাধ্যমেৰে আপোনালোকৰ বহুতৰে দৃষ্টিগোচৰ হৈছে নিশ্চয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!