কাটাৰৰ ডায়েৰী-৩০ — কাটাৰত পালিত অসম সমাজৰ ঈদ মেহফিল (ডা০ ভূপেন্দ্ৰ শইকীয়া)

DrBhupendra Saikia_Dharabahik1ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ ৰোজা যোৱা জুন মাহৰ ২৯তাৰিখৰ পৰা আৰম্ভ হৈ ২৭জুলাই পৰ্যন্ত চলে৷ প্ৰতিজন ইছলামে পুৱাৰ পোহৰ নৌহওতেই ‘চেহৰী’ গ্ৰহন কৰি দিনটো উপবাসে থাকি সকলোৱে মিলিজুলি সন্ধিয়া একে সময়তে ‘ইফটাৰ’ কৰে৷ উপবাসৰ সময়ত দেহ মনৰ পবিত্ৰতা ৰক্ষা কৰি সংযমপূৰ্বক ক্ৰোধ নিয়ন্ত্ৰন কৰি সদ্ভাৱনাপূৰ্বক সৰ্ব শক্তিমান আল্লাতালাক প্ৰাৰ্থনা জনায়৷ এই ইফটাৰলৈ আন ধৰ্মাৱলম্বী ওচৰ-চুবুৰীয়া আৰু বন্ধু-বান্ধৱকো আমন্ত্ৰণ জনোৱা হয়৷ আগৰ বছৰ কেইটাৰ দৰেই এইবাৰো মাহটোৰ ভিতৰত আমি কেইবাজনো প্ৰবাসী অসমীয়া মুছলিম বন্ধুৰ ইফটাৰৰ নিমন্ত্ৰণ পাইছিলোঁ৷ কাটাৰৰ অসম সমাজে এটি সমূহীয়া ইফটাৰ পাৰ্টি আয়োজন কৰাৰ কথা মনতে পাঙিছিল, যদিও বিভিন্ন কাৰণত তাক কাৰ্যকৰী কৰাত অসুবিধা হ’ল আৰু ইফটাৰৰ সমাবেশৰ পৰিবৰ্তে সকলোৰে সুবিধাজনক এটি দিনত ‘ঈদ মেহফিল’ পাতিবলৈ সিদ্ধান্ত লোৱা হয়৷ এই সময়ছোৱাতে কাটাৰৰ স্কুলসমূহৰ গৰম বন্ধ আৰম্ভ হোৱাত বহু অভিভাৱকে বছেৰেকীয়া ছুটিলৈ অসমৰ বা ভাৰতবৰ্ষৰ ঘৰলৈ ৰাৱণা হোৱাত আমাৰ সমাজৰ সদস্য সংখ্যা ভালেখিনি হ্ৰাস পায়৷ তথাপিও সীমিত মানৱ শক্তিৰেই এই আঁচনি কাৰ্যকৰী কৰিবলৈ আমাৰ উদ্যমী ডেকাশক্তি সংকল্পবদ্ধ হ’ল৷ এইবাৰ কাটাৰত ঈদ পালিত হয় ২৮জুলাইৰ দিনাখন৷ ঈদ পাৰ হোৱাৰ পিছত ‘ঈদ-মেহফিল’ পাতিবলৈ অধিকাংশ সদস্যৰ সুবিধামৰ্মে ২২আগষ্টৰ দিনটো ঠিৰাং কৰা হয়৷

DrBhupendra Saikia_Dharabahik2সন্ধিয়া সাত বজাৰ লগে লগে ডোহাৰ গ্ৰেণ্ড কাটাৰ পেলেচ হোটেলত ঈদ মেহফিলৰ কাৰ্যসূচী আৰম্ভ হয়৷ পোনতেই অসম সমাজৰ সভাপতি হিচাবে সকলো অভ্যাগতক আদৰণি জনাই ঈদৰ বিষয়ে দুআষাৰ কোৱাৰ দায়িত্ব মই পালন কৰিবলগীয়া হয়৷ ইয়াৰ পিছতেই মুস্তফা জালাল চৌধুৰীয়ে কুৰাণৰ এটি আয়াত পাঠ কৰি তাৰ ভাৱাৰ্থ সহজ অসমীয়াত বাখ্যা কৰে৷ ইয়াৰ পিছত “হিন্দুৱে বিলালে মাহে পৰসাদে, মুছলমানে বিলালে ৰুটি — ”  জিকিৰেৰে আৰম্ভ হোৱা সংগীতানুষ্ঠান নিশা চাৰে ১০বজালৈকে চলে৷ নকলেও হব মাত্ৰ কেইদিনমানৰ আখৰাৰে প্ৰস্তুত কৰা সমবেত কন্ঠৰ এই জিকিৰটো আছিল আজিৰ অনুষ্ঠানৰ প্ৰাণ স্বৰূপ৷ ইয়াত অংশ গ্ৰহণ কৰা সদস্যসকলৰ একাগ্ৰতা আৰু আন্তৰিকতাক সকলোৱে শলাগিছে৷ অসম সমাজৰ ন-পূৰণি সদস্যসকলে পৰিবেশন কৰা গজল,কৌতুক,আবৃত্তি, নৃত্য, হিন্দী-অসমীয়া আধুনিক গীত, সুৰ সমলয় আদি আকৰ্ষনীয় বিচিত্ৰানুষ্ঠানৰ ওপৰিও আয়োজন কৰা হৈছিল এটি মিষ্ঠান্ন প্ৰতিযোগিতাৰ৷ মহিলা সদস্যসকলে ঘৰত বনাই অনা নানাবিধ মিষ্ঠান্ন যেনে চেৱই, পায়স, কেক,পিঠা, বিস্কুট, পুডিং, গাজৰ-চুজি-ব্ৰেডৰ হালুৱা,খীৰ, ৰসমলাই আদিৰ জুতি প্ৰতিজন অভ্যাগতেই ললে৷ মনতে যেন গুণগুণালে – প্ৰবাসৰ সুবাস লওঁ এনেকৈয়ে মিলিজুলি -০- উৎসৱৰ আচিলাৰে জুতি লওঁ -০- মিষ্ঠান্ন আৰু নানা ব্যঞ্জনেৰে !

সন্ধিয়াৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল জেষ্ঠ সদস্য জামিল লস্কৰে আবৃত্তি কৰা প্ৰখ্যাত বাংলা কবি কাজি নজৰুলৰ ‘ঈদ মুবাৰক’ কবিতটিয়ে৷ লস্কৰে এই বিখ্যাত কবিতাটিৰ অসমীয়া ভাঙনিও আগবঢ়ায়৷ কুৰাণ পাঠে আনি দিছিল ঈদ মেহফিললৈ এক গাম্ভীৰ্যতা৷ জিকিৰ আৰু গজল ঈদৰ পৰিবেশ সৃষ্টি কৰাত অতিকৈ সহায়ক হৈছিল৷ দৰ্শকৰ মনোৰঞ্জন কৰাত সফল হৈছিল এইসকল গায়ক গায়িকা – ৰাজু উপ্ৰেটি, নৱজ্যোতি ‘নিকু’, দীপক শৰ্মা, দেবানন্দ নৰহ, ৰুমঝুম শইকীয়া, পল্লবী দাস, ডা০ মধুস্মিতা ডেকা আৰু শিশু শিল্পী অনিছ ভাগৱতী৷ ভিন্ন স্বাদৰ কৌতুকেৰে ভৰপূৰ হাঁহিৰ খোৰাক যোগায় আব্দুল্লা চৌধুৰীয়ে৷ তৃণা ডেকাৰ আধুনিক  নৃত্যয়ো দৰ্শকৰ যথেষ্ট সমাদৰ পায়৷ ইয়াৰ ওপৰিও বিভিন্ন বাদ্যযন্ত্ৰৰে সুৰ সমলয়ত অংশ লোৱা ৰাজু দাস, নাৰায়ণ শৰ্মা পাঠক, বিশ্বজিৎ ডেকা আৰু ৰাজীব ভাগৱতীৰ নাম অৱশ্যেই উল্লেখনীয়৷

বহুতো অসমীয়া পৰিয়াল কাটাৰত অনুপস্থিত থকা হেতুকে আৰু কিছুমানৰ সন্ধিয়াৰ শ্বিফ্ট ডিউটি থকাত আজিৰ ঈদ মেহফিললৈ আহিব নোৱাৰিলে৷ তথাপিও যথেষ্ঠ সংখ্যক দৰ্শকৰ উপস্থিতিয়ে  আয়োজক সকলৰ মন প্ৰফুল্লিত কৰি তুলিছিল৷ চৌডি আৰব আৰু ডুবাইৰ পৰা অহা অসমীয়া লোককো আমাৰ মাজত দেখা গৈছিল৷ তদুপৰি আনন্দৰ কথা এয়ে যে আগৰ প্ৰত্যেকখন কাটাৰ অসম সমাজৰ সমাবেশৰ দৰে আজিও ৪৷৫জন নবাগত অসমীয়া উপস্থিত হৈছিল৷ উল্লেখযোগ্য যে ভাৰতৰ অন্য প্ৰান্তৰ ওপৰিও আন দেশৰ লোকো আমাৰ অতিথিসকলৰ মাজত উপস্থিত আছিল৷ মিষ্ঠান্ন প্ৰতিযোগিতাৰ বিচাৰক আছিল আমি অনুষ্ঠান আয়োজন কৰা গ্ৰেণ্ড কাটাৰ পেলেচ (চাৰি তাৰকা) হোটেলৰ মুখ্য চেফজন আৰু পুৰস্কাৰ বিতৰণ কৰিছিল কাটাৰ নিবাসী এক প্ৰতিষ্ঠিত বাংলাদেশী ব্যৱসায়ী দম্পত্তিয়ে৷ হোটেলৰ মুখ্য চেফজনে নানা ধৰণৰ মিষ্ঠান্নৰ জুতিলৈ অভিভূত হৈ পৰে আৰু প্ৰতিযোগীসকলৰ ভূয়সী প্ৰসংসা কৰে৷

DrBhupendra Saikia_Dharabahik3ভাৰতবৰ্ষৰ দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী গিৰিশ কুমাৰে এই ঈদ মেহফিলৰ বিষয়ে কয় যে অসম সমাজে এক ব্যতিক্ৰমী আৰু প্ৰসংশনীয় অনুষ্ঠানৰ আয়োজন কৰিছে৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ অধীন ১৩০খন ৰেজিষ্টাৰ্ড চ’চাইটিৰ কোনেও এতিয়ালৈকে এনে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা নাই৷

মেহফিলত উপস্থিত থকা প্ৰতিজন কণকণ মইনাক অসম সমাজৰ ফালৰ পৰা ‘ঈদি’ বিতৰণ কৰা হয়৷ ঈদ মেহফিলৰ শেষত ঈদৰ সুবাস থকা বিশিষ্ট ব্যঞ্জনেৰ আহাৰ গ্ৰহণ কৰি অভ্যাগতসকলমনত মধুৰ স্মৃতি কঢ়িয়াই লৈ ঘৰমুৱা হয় আৰু নিশাতেই আৰম্ভ কৰি দিয়ে ফেচবুকত ফটো আপলোড কৰি নিজৰ মনৰ ভাৱ প্ৰকাশৰ নানা সুখদ অভিব্যক্তি৷

মোখনিত কাটাৰ অসম সমাজৰ সভাপতি হিচাবে মই ঈদ মেহফিল সাফল্যমণ্ডিত কৰাৰ বাবে বিশেষকৈ শলাগ লব লাগিব জামিল লস্কৰ, আব্দুল্লা চৌধুৰী, সাংস্কৃতিক সম্পাদক দেবজিৎ কলিতা আৰু তেওঁৰ সহধৰ্মিনী গীতাশ্ৰী কলিতাৰ, হিপজুৰ ৰহমানৰ, আফজল আহমেদ, আইনুল, প্ৰিন্স গোস্বামী আৰু প্ৰতিজন সদস্যৰ ঐকান্তিক সদিচ্ছাৰ৷ সন্ধিয়াৰ গোটেই অনুষ্ঠানটো নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে একংৰ জাফৰিন হাচান বিশেষ ধন্যবাদৰ পাত্ৰী৷ মাত্ৰ ৪৷৫দিনৰ ঘোষণাতে আমাৰ সমাজৰ মহিলাসকলে নানাধৰণৰ মিঠাই প্ৰস্তুত কৰি আমাক পৰম আহ্লাদিত কৰিলে৷ সদৌ শেষত ঈদ মেহফিলত উপস্থিত হোৱা প্ৰতিজন সদস্যক প্ৰণিপাত জনাই এই লিখনিৰ সামৰণি মাৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!