প্ৰৱাসৰ পৰা কাটাৰৰ চিঠি (-ডা০ ভূপেন শইকীয়া)

… हर मुलाकात ज़रूरी होता हैं दोस्ती को बाहाल रखने के लिये !

কাটাৰৰ অসম সমাজৰ এখনি প্ৰীতি সন্মিলন আৰু সংগীত সন্ধিয়া ৬জুন শুকুৰবাৰে ডোহাৰ গ্ৰেণ্ড কাটাৰ পেলেচ হোটেলত অনুষ্ঠিত হয়৷ এক বুজন সংখ্যক ন-পূৰণি সদস্যৰ উপস্থিতিৰে, কণকণ মইনাহঁতৰ কল্লোল আৰু উলহ-মালহৰ মাজেৰে এক ঘৰুৱা, সৌহাৰ্দ্যপূৰ্ণ পৰিবেশৰ মাজত সংগীতানুষ্ঠানটি সন্ধিয়া ৭বজাত আৰম্ভ হৈ নিশা ১১বজাত সামৰণি পৰে৷ সকলোৱে সুস্বাদ্য খাদ্য আৰু পৰিতৃপ্ত মনলৈ ঘৰমুৱা হোৱাটোৱেই হ’ল পৰম আনন্দৰ বাৰ্তা৷ এনেয়ো দেশতেই হওক বা বিদেশতেই হওক জেঠৰ ২২দিন অতিবাহিত হোৱাত ’বহাগী বিদায়’ পতাৰ আমি বহুতেই পক্ষপাতী নহয়৷ কিন্তু নাম যিয়েই দিয়া নাযাওক এনেদৰে মাজে-সময়ে সদস্যসকল একত্ৰিত হোৱাটো আৱশ্যকীয় কাৰণ হিন্দীত এনেয়ে নকয় নহয় :… हर मुलाकात ज़रूरी होता हैं दोस्ती को बाहाल रखने के लिये ! গোলাপক যি নামেৰেই মাতক কিয় সি সদায় গোলাপৰ স্বভাৱেই ব্যক্ত কৰিব৷ একেদৰে আজিৰ অনুষ্ঠানক ’বহাগী বিদায়’ বোলক বা ’বসন্ত উৎসৱ’ বোলক – আমাৰ প্ৰকৃত উদ্দেশ্য-লক্ষ্য একেটাই – এই এমুঠি প্ৰবাসী অসমীয়াৰ মাজত একতাৰ এনাজৰীডাল অধিক সুদৃঢ় কৰা৷ নিজ নিজ কৰ্মক্ষেত্ৰৰ অশেষ ব্যস্ততাৰ মাজতো সময় উলিয়াই আজিৰ অনুষ্ঠানৰ অংশীদাৰ হোৱা প্ৰতিজন প্ৰবাসী অসমীয়াই ধন্যবাদৰ পাত্ৰ৷ জেষ্ঠ-কনিষ্ঠই অংশগ্ৰহণ কৰা আজিৰ অনুষ্ঠানত আছিল শ্লোক পাঠ, ভূপেন্দ্ৰ সংগীত, আধুনিক গীত, বিহুসুৰীয়া গীত, আধুনিক নৃত্য, বিহু নৃত্য, অসমীয়া আৰু ফৰাচী কবিতা আবৃত্তি, কৌতুক, সমজুৱাৰ বিহু আদি৷ গোটেই অনুষ্ঠানটি বিগত ৰঙালী বিহুৰ উৎসৱৰ দৰেই এইবাৰো নিয়াৰিকৈ পৰিচালনা কৰি নিয়ে এংকৰ জাফৰিন হাচানে৷ এই মুহূৰ্তত আমি উপলব্ধি কৰিছোঁ সেইসকলৰ মৰ্মবেদনা যি একান্ত ইচ্ছা থকা সত্বেও অনিবাৰ্য কাৰণত কোনোপধ্যেই কৰ্মস্থলী এৰি আহি আমাৰ মাজত উপস্থিত হবহি নোৱাৰিলে৷ শাৰীৰিক অসুস্থতাৰ ফলতো আহিব নোৱৰাসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ৷

আজিৰ অনুষ্ঠানৰ মাজতে আমাৰ এজন জেষ্ঠ সদস্য পলাশ দাসে সমূহ ৰাইজৰ আগত এটি অতি সজ পৰামৰ্শ দাঙি ধৰিছে৷ তেওঁ গোহাৰি জনাইছে যে কাটাৰৰ অসম সমাজে অসমৰ কেইজনমান মেধাবী ছাত্ৰক শৈক্ষিক দিশত আগবাঢ়িবলৈ যথাসাধ্য সহযোগ কৰিব লাগে৷ শ্ৰীদাসৰ এই বিচাৰ কেনেকৈ কাৰ্যকৰী কৰিলে ভাল হব সেই বিষয়ে কাটাৰ অসম সমাজৰ সকলোৰে পৰা দিহা পৰামৰ্শ বিচৰা হ’ল৷

আজিৰ সংগীতানুষ্ঠানৰ মাজতেই যোৱা ৪এপ্ৰিলত কাটাৰত পালিত ৰঙালী উৎসৱত ঐকান্তিকতাৰে কাম কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰাত অৰিহণা যোগোৱা ”নেপথ্যৰ নায়কসকলক” ৰাইজৰ আগত চিনাকী কৰাই যৎসামান্য ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়৷ বিশেষভাৱে শলাগৰ পাত্ৰ হয় ধেমাজিৰ নৰহ দম্পত্তি যাৰ তেজৰ শিৰা-উপশিৰাত বিহু প্ৰবাহমান৷ সদ্য সন্তানসম্ভৱা শ্ৰীমতী মৌচুমী নৰহক ৰাইজে আশীৰ্বাদ আৰু শুভকামনাৰে উপচাই তোলে৷ মৌচুমীৰ এটা বাক্যই প্ৰতিজন অসমীয়াৰ অন্তৰত হেন্দোলনি তুলিব – ”ঢোলৰ মাত শুনিলে নানাচি কেনেকৈ থাকোঁ”!

আমাৰ এজন সক্ৰিয় আৰু মৰমৰ সদস্য ফৰাচী ভাষাৰ শিক্ষক চাহানুৰ আলিয়ে চিগাংপুৰলৈ কৰ্মস্থলী সলনি কৰাৰ খবৰো আজি নিশ্চিত হোৱাত তেওঁক ২৭জুন শুকুৰবাৰে বিদায় সম্ভাষণ জনাবলৈ আজি সিদ্ধান্ত লোৱা হয়৷ চাহানুৰক নিশ্চয় চিংগাপুৰ অসম চচাইটিৰ ধীৰাজ কলিতা আৰু গোটৰ আন সদস্যসকলে আদৰি লব৷ আকৌ জুলাই মাহৰ আৰম্ভণিতেই আমি কাটাৰ অসম সমাজৰ সকলোৱে পবিত্ৰ ইফটাৰ উপলক্ষে সমবেত হোৱাৰ কথা৷ এইদৰেই আমি সকলো প্ৰবাসী অসমীয়াই এটা পৰিয়ালৰ সদস্যৰ দৰে পৰস্পৰৰ মাজত সদ্ভাৱ বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!