ৰভাৰ সিপাৰে (অমিতাভ মহন্ত)

আজি ৰশ্মিৰ বিয়া৷ গধুলিৰ পৰা আৰ্টিফিচিয়েল হাঁহি মাৰি তাইৰ অৱস্থা নাই৷ এবাৰো ভাগৰ পলুৱাবলৈ সময় নাই৷ তাইৰ ভিতৰত কি চলি আছে তাৰে উমান তাইৰ সখীয়েক বনশ্ৰীৰ বাহিৰে কোনেও নাপায়৷ মানুহৰ ভিৰ নকমোতেই দৰা অহাৰ খবৰ আহিলেই৷ দৌৰাদৌৰিকৈ সাঁজু হোৱাৰ কোবত তাই প্লেনটো বাস্তৱত পৰিণত কৰিবলৈ সুবিধা কৰিব নোৱাৰিলে৷

হোমৰ গুৰিত দৰাৰ লগত তাই৷ ইতিমধ্যে বনশ্ৰীয়ে সেইফালে সমস্ত যোগাৰ কৰি থৈছে, তাইহে কেনেকৈ কামটো কৰে তাৰ সুবিধা কৰিব পৰা নাই৷ এক বুজাব নোৱৰা বেদনাত তাই চটফটাই আছে৷ তেতিয়াৰ পৰা দাঁত মুখ চেপি কান্দো কান্দোকৈ থকা ৰশ্মিয়ে হঠাৎ হোমৰ জুইৰ সন্মুখৰ পৰা উঠি লৰ মাৰিলে৷ উখল মাখল বিয়াখনৰ পৰিবেশ মূহুৰ্ততে সলনি হৈ গ’ল৷ মামীয়েকে কইনাৰ পিছে পিছে খেদিও তাইক ধৰিব নোৱাৰিলে৷

এইফালে দৰাপক্ষই হুলস্থুল লগাই দিছে৷ দৰাই কেতিয়াবাই পাগুৰি খুলি দিছে৷ তপা মুৰটোত ঘামৰ তিৰবিৰণিয়ে উপস্থিত ৰাইজৰ চকু চাট মাৰি ধৰিছে৷ দৰাৰ মোমায়েকৰ প্ৰেচাৰ উঠি অৱস্থা কাহিল৷ এইফালে দৰাৰ দেউতাকে অখিল গগৈৰ দৰে চিঞৰি চিঞৰি মুখৰ ফেন বাহিৰ কৰি দিছে৷ দৰাৰ খুড়ীয়েকে কইনাৰ মাকৰ গাৰ ওপৰত জপিয়াই পৰি দবৰা দবৰি কৰি আছে৷

এইফালে কইনাপক্ষৰ সকলোৰে মুখ ৰঙা, ওঠ নীলা, গাল বেঙুনীয়া৷ সপোনতো নভবা ঘটনা এটা ঘটি গ’ল৷ তাইৰ দৰে নিমাখিত ছোৱালীজনীয়ে যে এনেকুৱা এটা কাণ্ড ঘটাই পেলাব কোনেও বিশ্বাসেই কৰিব পৰা নাই৷ পিছফালে ড্ৰাইভাৰ থকা ৰুমটোৰ কাষেৰে গৈ তাই ক’ত অদৃশ্য হৈ গ’ল কোনেও পাত্তাই নাপালে৷

ইতিমধ্যে মণ্ডপত উপস্থিত থকা চুবুৰীয়া, আত্মীয় স্বজনৰ ফুচফুচিয়া মেল আৰম্ভ হৈ গৈছে৷ কোন হ’ব পাৰে ল’ৰাটো? শেষত সকলোৰে সন্দেহৰ আঙুলি গলিৰ মুখৰ তালুকদাৰৰ পাঁচফুটিয়া পুতেকলৈ গ’ল৷ বেষ্ট ফ্ৰেইণ্ড বুলি কৈ কৈ শেষত সিয়েই বুকুত কামোৰতো মাৰিলে৷ দিনটো সি বিয়াত লাগি আছিল৷ এতিয়া দেখিছো তাৰো দেখাদেখি নাই৷ দুয়োকে কোনে কোনে ক’ত দেখিছিল সেয়া মনত পেলোৱাত ৰাইজ উঠি পৰি লাগিল৷

এইফালে কইনাৰ বাপেক গৰম৷ বিয়া বুলি খাদিমৰ পৰা কিনি অনা আঠ নম্বৰী জোতা দুই হাতত৷ জীয়েক আৰু পাঁচফুটীয়া দুয়োৰে আজি পিঠিৰ চাল চিঙি দিব বাপেকে৷ ভাল ভাল বোলোতে গোটেই জীৱনলৈ কলংক ৰৈ যোৱা কম ডাঙৰ কাণ্ড কৰিলেনে এয়া তাই৷

দৰাঘৰ ঘূৰি যাবলৈ সাঁজু৷ এক নীৰৱ- গোমা পৰিবেশ বিৰাজমান বিয়াঘৰত৷ ঠিক তেতিয়াই পায়েলৰ ঝনঝননি তুলি কইনা ঘূৰি আহিল৷ মুখত স্বস্তিৰ স্পষ্ট আভা৷

কি হৈছে কোনেও ধৰিব পৰা নাই৷ দেউতাকৰ খং তেতিয়াওঁ কমা নাই৷ লগে লগে খেদি গৈ কইনাক আগচি ধৰিলে৷ গৈয়েই হুংকাৰ আৰম্ভ কৰিলে,

– কলৈ গৈছিলি তই? মান সন্মান খেদালিয়েই যেতিয়া আৰু কিয় ঘূৰি আহিলি৷ মই মানুহৰ আগত মুখ উলিয়াম কেনেকৈ৷

কইনাও আজিৰ যুগৰ, স্পষ্টবাদী৷ কইনাসুলভ লাজ একাষৰীয়া কৰি থৈ সমান উষ্মাৰেই উত্তৰ দিলে,

– নগৈ মই কি কৰিম৷ মোৰ কথা কেতিয়াবা গুৰুত্ব দি শুনিছা জানো? সৰুৰে পৰা কেৱল মিলিটেৰী শাসনতেই ডাঙৰ কৰিলা মোক৷ পৰহি বাসৱীহ’তৰ ঘৰলৈ মাতোতেও যাব নিদিলা৷ জোৰ কৰি সৰুমামীহ’তৰ ঘৰলৈ পঠিয়ালা৷ মাছে-মঙহে ভাগিনীয়েকক খুৱাইহে শান্তি৷
এতিয়া মোক গালি পাৰি কি হ’ব৷ দুটাকৈ লোমোফেন খায়ো কাম নহ’ল৷

ইমান মছলা দি ৰান্ধিব পাৰে মামীয়ে….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক