গীতিকাৰ-নাট্যকাৰ ৰাজদ্বীপৰ সৈতে সাহিত্য ডট অৰ্গৰ সাক্ষাৎকাৰ

Rajdweepৰাজদ্বীপ এগৰাকী বিশিষ্ট সাংবাদিক, গীতিকাৰ আৰু উদীয়মান নাট্যকাৰ। তেখেতে যোৱা দুবছৰ ধৰি হেঙুল থিয়েটাৰৰ বাবে নাট ৰচনা কৰি আহিছে। যোৱা বছৰৰ ব্যতিক্ৰমী নাটক- ‘আকৌ এদিন’ আৰু এই বৰ্ষৰ জনপ্ৰিয় নাট- বলিয়া কৃষ্ণ।

প্ৰস্তাৱনা – সৰ্ব প্ৰথমে ইন্টাৰনেটৰ মাধ্যমৰে সমগ্ৰ বিশ্বৰ ভাষিক অসমীয়াৰ মাজত জনপ্ৰিয় হোৱা তথা ইউ জি চিৰ দ্বাৰা মান্যতা প্ৰাপ্য মাহেকীয়া অসমীয়া ই-আলোচনী- ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক শাৰদীয় ওলগ জনালোঁ।

সাহিত্য ডট অৰ্গ- সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰ নাট সমূহে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰাৰ লগতে এক সামাজিক বাৰ্তা দিয়াৰ ক্ষেত্ৰত ক’ৰবাত যেন বিজুতি ঘটি আছে। এই ক্ষেত্ৰত প্ৰযোজক সকলে কেনেধৰণৰ পদক্ষেপ লোৱাটো কাম্য কৰে?

ৰাজদ্বীপ: ইয়াক ‘বিজুতি বুলি ক’লে আচলতে সমস্যাটোকে আওকাণ কৰা যেনহে লাগে। আচলতে ই এটা মাৰাত্মক ব্যাধি হৈ পৰিছে। এই ব্যাধি নিৰ্মূলৰ বাবে মূল চিকিৎসকৰ ভূমিকা নিশ্চিতভাৱে প্ৰযোজক সকলেই ল’ব লাগে বা বহু আগতেই ল’ব লাগিছিল। কিন্তু নাজানো কিয়, মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰে অনুভৱ হৈছে যে, এই চিকিৎসক অৰ্থাৎ প্ৰযোজকসকলো নিজেই বিভিন্ন ব্যাধিত আক্ৰান্ত হৈ আছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোক অসহায় হৈ পৰা যেন লাগে। তেওঁলোকেও হয়তো এই দিশতো উপলব্ধি কৰে যে সামাজিক বাৰ্তা দিয়াটো দৰকাৰ। কিন্তু বাণিজ্যিকৰণৰ নামত একাংশ প্ৰযোজক ইমানেই বেছি অত্যুৎসাহী হৈ পৰিছে যে তেওঁলোকৰ উৎপাতত আন প্ৰযোজক সকলেও একো নুবুজি-নুশুনি পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিছে। নিঃসন্দেহে মই বাৰম্বাৰ কৈছোঁ আৰু কৈ থাকিম যে মনোৰঞ্জনৰ দিশটোত গুৰুত্ব দিবই লাগিব। কিন্তু তাৰ সমান্তৰালভাৱে অলপ সামাজিক দিশটোৰ কথাও অগ্ৰজসকলে চিন্তা কৰাটো দৰকাৰ। আমিটো তেওঁলোকৰ পৰাই শিকিম। আনকি প্ৰযোজকসকলেও একেটা কথাই কয়। তেওঁলোকেও বিচাৰে যে এই ধাৰাত অলপ পৰিবৰ্তন আহক। পিছে সমস্যাটো হ’ল- মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিবলৈ যাব কোনে?

সাহিত্য ডট অৰ্গ– এইটো ঠিক যে ভ্ৰাম্যমাণ থিয়েটাৰে বহুতকে সংস্থাপন দি নিবনুৱাৰ সমস্যা লাঘৱ কৰাত কিছু হ’লেও সহায়ক হৈছে। কিন্তু প্ৰত্যেকজন শিল্পীয়ে প্ৰাপ্য অনুযায়ী মাননি পাই আছে নে? তাৰকা শিল্পীৰ মাত্ৰাধিক মাননিৰ বোজা আন শিল্পী সকলৰ লগতে প্ৰযোজকৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে নেকি?

ৰাজদ্বীপ:আচলতে এইটো প্ৰশ্ন প্ৰযোজক সকলকহে সুধিব লাগে। কিন্তু তথাপি যিমান দূৰ মই জানো, নিশ্চিতভাৱে এইটো প্ৰযোজকৰ লগতে নাট্যদলসমূহৰ বাবেও প্ৰত্যাহ্বান। ইয়াৰ স্পষ্ট প্ৰমাণ বিগত বছৰসমূহতে পোৱা গৈছে। বহু নাট্যদল বন্ধ হৈ যোৱাৰ মূলতো কিন্তু এই দিশটোৱে বিশেষ ভূমিকা লৈছে। তাৰকা শিল্পী কিনিব নোৱাৰি অৱশেষত ক্ষেত্ৰখনৰ পৰাই আঁতৰি যাবলগীয়া হৈছে বহু প্ৰযোজক। সেই কাৰণেই হয়তো বহুতে সুযোগ পালেই তাৰকা শিল্পী সকলক উধাই-মুধাই সমালোচনা কৰে। কিন্তু সেইটো সঠিক কথা নহয়। এই গোটেই প্ৰক্ৰিয়াটোত তাৰকাসকলৰ ভুল মই বিচাৰি নাপাওঁ। তেওঁলোকক ত্ৰিশ-চল্লিশ লাখ টকা প্ৰযোজকসকলে দিয়ে বাবেহে তেওঁলোকে লয়। কোনো তাৰকাই গৈ প্ৰযোজকৰ মূৰত পিষ্টল থৈ ‘মোক আপোনাৰ থিয়েটাৰত লওক আৰু ইমান লাখ টকা দিয়ক’ বুলি কোৱা মই আজিলৈকে শুনা নাই। আচলতে মই আগতে কৈ অহাৰ দৰেই ভ্ৰাম্যমান থিয়েটাৰৰ দৰে এক মহান সাংস্কৃতিক সম্পদত যি যি সমস্যাই ঘেৰি ধৰিছে, সেইবোৰ নিৰ্মূল কৰাৰ বাবে প্ৰযোজকসকলেই আগ ভাগ ল’ব লাগিব। অযথা বাজেট বৃদ্ধি কৰি পাছত নাট্যদল বন্ধ কৰাৰ দৰে অপ্ৰত্যাশিত পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে সকলোৱে একগোট হোৱাটো দৰকাৰ। কিন্তু মই এটা কথা কৈ থওঁ- ভ্ৰাম্যমান নাট্যদলসমূহৰ প্ৰযোজকসকল একমতত উপনীত হোৱাটো দৰকাৰ। কিন্তু মই এটা কথা কৈ থওঁ- ভ্ৰাম্যমান নাট্যদলসমূহৰ প্ৰযোজকসকল একমতত উপনীত হোৱাটো আজিও পৰীৰ দেশৰ সাধুৰ দৰে। কিছুদিন আগতে প্ৰযোজকসকলে মিলি ভ্ৰাম্যমান থিয়েটাৰ সুৰক্ষা সমিতি নামৰ এখন সমিতি গঠন কৰি সিদ্ধান্ত লৈছিল যে গ্লেমাৰ শিল্পীক অগ্ৰাধিকাৰ নিদিয়ে। আৰু দিলেও, সৰ্বাধিক বিশ লাখ টকাহে দিব। কিন্তু আপুনি জানি ভাল পাব যে আগন্তুক বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা শিল্পীৰ মাননিয়ে পঞ্চাশ লাখৰ ঘৰ চুইছে গৈ। আনহাতে এই পৰম্পৰাৰ ফলত এচাম মঞ্চৰ শিল্পী যে উপেক্ষিত হৈছে তাত কোনো সন্দেহ নাই।

সাহিত্য ডট অৰ্গ- ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে আন পেচাদাৰী নাট প্ৰচাৰৰ মাধ্যম সমূহ মানে যাত্ৰা পাৰ্টি আৰু পুতলা নাচ আদিয়ে নিজৰ সুনাম বৰ্তাই ৰাখিবলৈ কোন-কোন বিশেষ দিশৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো উচিত?

ৰাজদ্বীপ: মই ভাবো এইক্ষেত্ৰত যাত্ৰা পাৰ্টি আৰু পুতলা নাচ আদিৰ দলসমূহে ভ্ৰাম্যমান থিয়েটাৰৰ বহু যোগাত্মক দিশ অনুধাৱন কৰিব পাৰে। আজিৰ এই অত্যাধুনিক সময়ৰ বিনোদনৰ অন্তহীন আহিলাৰ মাজতো ভ্ৰাম্যমান থিয়েটাৰে নিজৰ যাত্ৰা অব্যাহত ৰখাৰ মূলতে হৈছে দৰ্শকৰ মনোৰঞ্জন। আমি যদিও বহু দিশ সমালোচনা কৰো অথবা অধিক প্ৰত্যাশা কৰো, তথাপি এটা কথা ক’বই লাগিব যে ভ্ৰাম্যমান থিয়েটাৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে। একেধৰণৰ প্ৰয়াস আন মাধ্যমসমূহেও সুস্থ ভাৱে কৰা উচিত। দৰ্শকৰ ৰুচিৰ কথা মনত ৰাখি প্ৰয়োজনীয় পৰিৱৰ্তনৰ বাট মুকলি কৰিলেহে সময়ৰ সৈতে খোজ দিব পাৰি। আনহাতে প্ৰচাৰৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দৰকাৰ। কাৰণ আজিৰ এই সময়ত, যেতিয়া এখন নতুন চেলুন খুলিলেও বিজ্ঞাপন দিয়ে তেতিয়া বিনোদনৰ মাধ্যমসমূহ পিছ পৰি থাকিলে নহ’ব। এইখিনিতে আৰু এটা দিশ উল্লেখ কৰিব বিচাৰিম যে পুতলা নাচৰ দৰে কলাসমূহ জীয়াই ৰাখিবৰ বাবে চৰকাৰেও কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগে, নহ’লে এই সম্পদসমূহ আমাৰ পৰৱৰ্তী প্ৰজন্মই দেখাই নাপাব।

সাহিত্য ডট অৰ্গ– ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয়, নাট ৰচনা আদি কৰি বিভিন্ন কাৰিকৰী দিশৰ প্ৰশিক্ষণ দিবলৈ এক প্ৰতিষ্ঠানৰ অভাৱ অনুভৱ কৰেনে? এইক্ষেত্ৰত প্ৰযোজক সকলৰ লগতে প্ৰতিষ্ঠিত শিল্পী সকলে কেনে ধৰণৰ পদক্ষেপ লোৱাটো বিচাৰে?

ৰাজদ্বীপ: তেনেধৰণৰ প্ৰতিষ্ঠান হ’লেতো খুবেই ভাল কথা। কিন্তু কৰিব কোনে? প্ৰযোজকসকলে ক’ব চৰকাৰে কৰক। আৰু চৰকাৰে কি ক’ব বা কৰিব সেয়াতো আমি সকলোৱে জানোৱেই। গতিকে সদ্যহতে প্ৰতিষ্ঠান নহ’লেও অন্তত: বছৰেকত কেইটামান কৰ্মশালাৰ আয়োজন কৰিব পাৰিলে নিশ্চয় বহুজন উপকৃত হ’ব। এইক্ষেত্ৰত প্ৰযোজক অথবা শিল্পীৰ লগত অন্যান্য সাংস্কৃতিক সংস্থাসমূহেও উদ্যোগ ল’ব পাৰে।

সাহিত্য ডট অৰ্গ– সমগ্ৰ অসমবাসীৰ অতিকে মৰমৰ এই অনুষ্ঠানটো কিবা কাৰণত দৰ্শক ৰাইজৰ লগত দূৰত্ব বৃদ্ধি পাইছে নেকি? কিয়নো বহু সময়ত সচেতন দৰ্শকে বিভিন্ন মাধ্যমত নাটক আৰু অভিনয়ৰ মানদণ্ড নিম্নগামী হোৱা বুলি আক্ষেপ কৰা দেখা যায়। কিন্তু এই দিশসমূহ বছৰৰ পিচত বছৰ আলোচিত হোৱাৰ পিছতো উন্নত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যোগাত্মক পদক্ষেপ লোৱা চকুত নপৰে। ইয়াৰ অন্তৰ্নিহিত কাৰণ আপোনাৰ মতে কি?

ৰাজদ্বীপ: নাই, এইটো কথা মই নামানো। ভ্ৰাম্যমান থিয়েটাৰৰ লগত দৰ্শকৰ দূৰত্ব বৃদ্ধি পাইছে বুলি ক’ব নোৱাৰি। ৰাইজৰ অভিযোগ থাকিব পাৰে। কিন্তু মৰ আৰু আগ্ৰহ কমা যেন লগা নাই। হয়তো এটা কথা হ’ব পাৰে যে আজিৰ সময়ৰ নাটক অথবা ট্ৰিটমেন্ট এচাম দৰ্শকে ভাল পোৱা নাই। গতিকে সেইচাম দৰ্শকৰ কিছু বিৰাগ উপজিছে। কিন্তু একে সময়তে নতুন প্ৰজন্মৰ দৰ্শকসকলৰ সঁহাৰি বৃদ্ধি পোৱা যেন লাগে। কাৰণ আজিৰ সময়তো ৰাজ্যৰ আন ঠাইৰ লগতে খোদ গুৱাহাটী মহানগৰীতো থিয়েটাৰ চাবলৈ অগণন দৰ্শকৰ হেতা-ওপৰা লাগে। গতিকে মোৰ মতে, প্ৰযোজক আৰু নাট্যকাৰৰ দায়িত্ব হোৱা উচিত সেইচাম দৰ্শকক পুনৰ ভ্ৰাম্যমানৰ থিয়েটাৰ প্ৰেক্ষাগৃহলৈ উভতাই অনাৰ, যিসকলে বিভিন্ন কাৰণত ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিবলৈ লৈছে। সেয়ে কাৰিকৰী দিশ আগবঢ়াৰ সমান্তৰালভাৱে নাটকৰ মানতো গুৰুত্ব দিয়াটো নিশ্চয় এক যোগাত্মক পদক্ষেপ হ’ব। কিন্তু এতিয়াও প্ৰেক্ষাগৃহ ‘হাউছফুল’ হৈ থকাৰ বাবে হয়তো বহু প্ৰযোজকৰ গা লৰা নাই।

সাহিত্য ডট অৰ্গ: অভিযোগ আছে যে ভ্ৰাম্যমাণ থিয়েটাৰে আধুনিকতাৰ গৰাহত পৰি নিজস্বতা হেৰুৱাইছে৷ ব্যৱসায়িক মনোবৃত্তিৰ বাবেই নৃত্য-নাটিকা প্ৰায় নোহোৱাই হৈ গৈছে৷ সংগীতৰ বাবে সংগীত শিল্পীসকলৰ প্ৰয়োজন কমিছে৷ সচেতন মহলৰ প্ৰশ্ন যে এই বিবৰ্তনে ভ্ৰাম্যমান থিয়েটাৰক আৰু অধিক নিম্নগামী কৰিব নেকি! এই বিষয়ে আপোনাৰ ক’ব লগা?

ৰাজদ্বীপ: খুবেই গুৰুত্বপূৰ্ণ কথা। আচলতে পৃথিৱীৰ একমাত্ৰ স্থায়ী বস্তুটোৱেই হৈছে পৰিৱৰ্তন। গতিকে পৰিৱৰ্তন হ’বই। কিন্তু সকলো পৰিৱৰ্তনেই যোগাত্মক নহয়। ঠিক একেদৰেই পৰিৱৰ্তন হোৱা মানেই সমালোচনাৰ পাত্ৰ নহয়। এতিয়া কথাটো হ’ল ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰখনলৈও পৰিৱৰ্তন অহাটো নিতান্তই স্বাভাৱিক। কিন্তু সেই পৰিৱৰ্তন কিমানখিনিলৈকে হোৱা উচিত, সেয়া সঠিকভাৱে নিৰ্ধাৰণ কৰাটো দৰকাৰ। পৰিৱৰ্তনৰ নামত নিজস্বতা হেৰুৱাই পেলালে ভ্ৰাম্যমান থিয়েটাৰৰ বাবেই ঋণাত্মক দিশ। নৃত্য-নাটিকা, লাইভ মিউজিক আদিবোৰ আচলতে ভ্ৰাম্যমানৰ একো একোটা অলংকাৰ। এই অলংকাৰ সমূহ ধৰি ৰখাটো খুবেই দৰকাৰ। আনহাতে, এচাম অনভিজ্ঞ সংগীত পৰিচালকৰ উপযুক্ত সাংগীতিক জ্ঞানৰ অভাৱৰ বাবেও একাংশ নাট্যদলত এতিয়া লাইভ মিউজিক নাইকিয়া হ’ব ধৰিছে। সেয়ে ৰেকৰ্ডিং সংগীতৰ পয়োভৰ বাঢ়িছে। ইপিনে সংগীত শিল্পীৰ প্ৰয়োজন কমাৰ বাবে প্ৰযোজকসকলেও কিছু ধন ৰাহি হোৱাৰ সুখত সুখী হৈ আছে পিছে এয়া দুৰ্ভাগ্যজনক।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমান থিয়েটাৰো গ্লেমাৰৰ গৰাহত পৰিছে৷ ই ভ্ৰাম্যমানৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে?

ৰাজদ্বীপ: গ্লেমাৰৰ গৰাহ বুলি কওঁতে নিশ্চয় আপুনি গ্লেমাৰ শিল্পী সকলৰ কথাই কৈছে। এই প্ৰসংগত মই আগতেই উল্লেখ কৰিছোঁ যে গ্লেমাৰ শিল্পীৰ প্ৰভাৱ নিঃসন্দেহে ভ্ৰাম্যমানৰ ক্ষেত্ৰখনৰ ওপৰত পৰিছে। সেইবাবেই নাট্যদলসমূহে প্ৰতিবছৰেই তাৰকা শিল্পীক চুক্তিবদ্ধ কৰিবলৈ হেতা-ওপৰা লগাই থাকে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আয়োজক সমিতিসমূহেও এনে নাট্যদলক আমন্ত্ৰণ কৰিবলৈ অত্যুৎসাহী হৈ থাকে। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে গ্লেমাৰ শিল্পীৰ প্ৰসংগটোও জড়িত হৈ আছে।

সাহিত্য ডট অৰ্গ: সময়ৰ পৰিৱৰ্তনৰ লগে লগে দৰ্শকৰ প্ৰকৃতিও সলনি হৈছে নেকি! ই ভ্ৰাম্যমানৰ ক্ষেত্ৰখনত কিদৰে প্ৰভাৱ পেলাইছে?

ৰাজদ্বীপ: দৰ্শকৰ প্ৰকৃতি সলনি হৈছে বুলি নকওঁ, কিন্তু দৰ্শকৰ ৰুচি আৰু চাহিদাৰ পৰিৱৰ্তন ঘটিছে। এয়া তেনেই স্বাভাৱিক। গতিকে দৰ্শকৰ চাহিদা পূৰণ কৰিবলৈ গৈ ভ্ৰাম্যমান নাট্যদলসমূহেও যৎপৰোনাস্তি চেষ্টা চলাইছে। হয়তো এই চেষ্টা চলাবলৈ যাওঁতেই ক’ৰবাত একাংশ নাট্যদলে সীমা চেৰাই যোৱা বুলি অভিযোগ তুলি আহিছে একাংশ সচেতন দৰ্শকে। এনে অভিযোগক গুৰুত্ব দিয়াটোও প্ৰযোজকসকলৰ লগতে প্ৰতিষ্ঠিত শিল্পীসকলৰো দায়িত্ব।

সাহিত্য ডট অৰ্গ: মাননীয় অচ্যুত লহকৰ ডাঙৰীয়া, যাক ভ্ৰাম্যমানৰ জনক বুলি কোৱাৰ পিছতো আজিৰ দিনত অৱহেলিত৷ অভিযোগ-প্ৰতি অভিযোগক যদি একাষৰীয়াকৈ ৰাখোঁ, এই ক্ষেত্ৰত চৰকাৰৰ, প্ৰযোজকসকলৰ আৰু অন্যান্য শিল্পীসকলৰ কৰণীয় কি বুলি আপুনি ভাৱে?

ৰাজদ্বীপ: ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰদেৱে আজিও উপযুক্ত সন্মান নোপোৱা যেন অনুভৱ হয়। চৰকাৰীভাৱেও এই মহান শিল্পীজনক সন্মান প্ৰদান নকৰাৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক সকলৰ ফালৰ অধিক সদিচ্ছাৰ প্ৰয়োজন। জীৱনৰ এই কালছোৱাত স্বপ্নদ্ৰষ্টা এইগৰাকী পথিকৃতৰ কাষত আমি সকলো থিয় হোৱাটো দৰকাৰ। অগ্ৰজসকলে এইক্ষেত্ৰত আগবাঢ়ি অহাটো আন্তৰিকভাৱে কামনা কৰো।

সাহিত্য ডট অৰ্গ: প্ৰায়ে দেখা যায় যে অঘোষিত আৰু অপ্ৰকাশ্যভাৱে ভ্ৰাম্যমানৰ জগতখনত দুটা ফৈদৰ সৃষ্টি হৈছে৷ অভিনয় শিল্পীসকলৰ ক্ষেত্ৰত মঞ্চাভিনয় শিল্পী আৰু ৰূপালী পৰ্দাৰপৰা অহা অভিনয় শিল্পীৰ মাজত, সামাজিক মূল্যবোধৰ বাবে নাট ৰচনা কৰা নাট্যকাৰ আৰু বাণিজ্যিক উদ্দেশ্যৰে নাট ৰচনা কৰা নাট্যকাৰৰ মাজত, কষ্টেৰে উপাৰ্জিত ধনেৰে এঢাপ এঢাপকৈ আগবাঢ়ি যোৱা প্ৰযোজকসকল আৰু ক’লা ধনক বগা কৰিবলৈ আহি একেবাৰতে চমক দিয়া প্ৰযোজকসকলৰ মাজত, আনকি সংগীত শিল্পীসকলৰ মাজতো এই দুটা ফৈদ দেখা গৈছে৷ এই বিভাজনে ভ্ৰাম্যমানৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে বুলি আপুনি ভাৱে? ইয়াক প্ৰতিহত কৰাৰ কিবা উপায়?

ৰাজদ্বীপ: প্ৰথমেই কৈ লওঁ যে আজিৰ এই বাৰ্তালাপত এই প্ৰশ্নটো মোৰ বোধেৰে শ্ৰেষ্ঠ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এই সমগ্ৰ বিষয়টোত মোৰ বহুখিনি ক’বলগীয়াও আছে। যথেষ্ট ক্ষোভ থকা বুলিও ক’ব পাৰে। কিন্তু সেই উত্তৰ মই আজি নকওঁ দিয়ক। কাৰণ ভ্ৰাম্যমানত নাট্যকাৰ হিচাপে জড়িত হোৱা মোৰ মাত্ৰ দুবছৰহে হৈছে। বিগত বৰ্ষত হেঙুল থিয়েটাৰৰ বাবে ‘আকৌ এদিন’ নাটখন লিখিছিলোঁ আৰু এইবছৰ লিখিছোঁ ‘বলিয়াকৃষ্ণ’। গতিকে মাত্ৰ দুখন নাটক লিখি অথবা দুটা বছৰৰ অভিজ্ঞতাৰে যদি আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই দিবলৈ যাওঁ, তেনেহ’লে আমাৰ বহু জেষ্ঠ, বহু তথাকথিত বিশেষজ্ঞই নানা যুক্তি দৰ্শাব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ মোৰ মনতে জমা থাকিল। যেতিয়া ক’ব পৰা হ’ম, তেতিয়া নিশ্চয় ক’ম। পিছে এতিয়া মাথোঁ এটা কথাই ক’ব বিচাৰিছোঁ যে প্ৰতিযোগিতা বেয়া বস্তু নহয়। কিন্তু ই সুস্থ হ’ব লাগিব। অসুস্থ প্ৰতিযোগিতাই নিজৰ লগতে আনৰো ক্ষতি কৰে। মই আশাকৰোঁ, সময় থাকোঁতেই ভ্ৰাম্যমানত চলি থকা কেতবোৰ অশুভ প্ৰতিযোগিতাৰ অন্ত পৰিব।

সাহিত্য ডট অৰ্গ: আপুনি কেৱল দৰ্শক হৈ থকা সময়ৰ ভ্ৰাম্যমান আৰু আজিৰ ভ্ৰাম্যমানৰ পাৰ্থক্য কি? এই পাৰ্থক্য আপোনাৰ দৃষ্টিত যোগাত্মক নে ঋণাত্মক?

ৰাজদ্বীপ: পাৰ্থক্যতো যথেষ্ট আছে। আগতে নেদেখা বহু ভিতৰচ’ৰাৰ ঘটনা এতিয়া দেখোঁ। বহু নুশুনা কথা শুনো। কিছুমান যোগাত্মক, অধিকাংশই ঋণাত্মক। পিছে ভাল কথা এটাই যে আমি সকলো আশাবাদী। বেয়াবোৰ আঁতৰি যাব। ভালবোৰ ৰৈ যাব। দেখা যাওক।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমান থিয়েটাৰে আজিকালি সামাজিক দায়বদ্ধতা পালনত ব্যৰ্থ হৈছে নেকি? আপুনি কি ক’ব?

ৰাজদ্বীপ: এই সন্দৰ্ভত প্ৰযোজকৰ ভূমিকাৰ কথা মই প্ৰথমতেই কৈছোঁ। কিন্তু আন এটা দিশ হৈছে, আচলতে যেতিয়া গোটেই সমাজখনৰ অৱক্ষয় ঘটে, তেতিয়া সকলোতে ইয়াৰ ছিটিকনি পৰে। হয়তো সেইবাবেই ভ্ৰাম্যমানৰ বিৰুদ্ধেও এই অভিযোগ উঠি থাকে। একে অভিযোগ চিনেমা অথবা সংবাদ মাধ্যমৰ বিৰুদ্ধেও উত্থাপন হৈ থাকে। গতিকে মই ভাবো, আগতে আমি প্ৰত্যেকে নিজৰ সামাজিক দায়বদ্ধতাৰ কথা মনত ৰাখিব লাগিব। আনক আঙুলিয়াই দিয়াৰ আগতে নিজকে যিদিনাৰ পৰা জুখিবলৈ শিকিম, সিদিনাৰ পৰাই সকলো ঠিক হৈ যাব। আমিও ঠিক হ’ম, সমাজো ঠিক হ’ব আৰু ভ্ৰাম্যমান থিয়েটাৰো অধিকভাৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ পৰিব।

সাহিত্য ডট অৰ্গ– আমাৰ সকলোৰে অতিকে মৰমৰ অনুষ্ঠান- ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি আপোনাৰ আন্তৰিক বাৰ্তা?

ৰাজদ্বীপ: ভ্ৰাম্যমান থিয়েটাৰৰ এই যাত্ৰা আমাৰ সকলোৰে বাবে গৌৰৱ। পৃথিৱীত ক’তো বিচাৰি নোপোৱা এনে এটা উদ্যোগ আমাৰ অসমতে থকাৰ বাবে আমি নিজকে ভাগ্যৱান বুলি ভাবো। আনহাতে, এই উদ্যোগৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশ হৈ কাম কৰাৰ সুযোগ পায়ো আমি ধন্য। অনন্ত কাললৈ এই যাত্ৰা অব্যাহত থাকক, অতি সুন্দৰভাৱে আৰু সুস্থিৰ ভাৱে।

শেষত, ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ সদস্যৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ‌ আপোনাৰ বহু মূল্যবান সময় উলিয়াই আমাক ‘মনৰ কথা’ জানিবলৈ সুযোগ দিয়া বাবে। ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!