ৰাংফা ( অন্যা)

পাহাৰটোৰ গাত বগোৱা দুটামান লতা-পাত জাৰ লগাৰ দৰে এবাৰ কঁ‌পি উঠিল। ক’লা পখিলা এটাই আমনি পাই লতাডালৰ পৰা অকণমান ওপৰলৈ উঠি আকৌ লতাডালত বহিলে। পখিলাটোৰ দৰে বিচনাখনত তায়ো অকণমান লৰ-চৰ কৰিলে। আকৌ সৱ একেদৰে ৰৈ গ’ল। পজ কৰি দিয়া চিনেমাখনৰ দৰে। খিড়িকীৰে একেদৰেই পাহাৰটো চাই ৰ’ল তাই।

খিড়িকীৰ কাষৰ পাহাৰটোৱে তাইৰ দৃষ্টি বেছি দূৰলৈ যাবলৈ নিদিয়ে। খিড়িকীৰ এফালে অলপ আঁ‌তৰৰ বিছনাখন, আৰু আনফালে অলপ আঁ‌তৰৰ পাহাৰটোৰ মাজতে দৃষ্টিৰ বিচৰণ সীমা। তথাপি পাহাৰটোত লগাই থোৱা দৃষ্টি শূন্য হৈ থাকে, আৰু দৃষ্টিৰ সীমা ভাঙি মনটো দূৰ-দূৰণিত ক’ত ফুৰি থাকেগৈ- ফুৰি থাকেগৈনে ৰৈ থাকেগৈ ক’ৰবাত, তাই আৰু উমানেই নাপায় এতিয়া। আৰু এটা পাহাৰ আছিল। বহু দূৰত। শৈশৱত। সেইটো পাহাৰ তেতিয়াও বহু দূৰত আছিল, এতিয়াও। এতিয়াতো যেন শত-সহস্ৰ আলোকবৰ্ষৰ দূৰত- মঙ্গল গ্ৰহেই কিজানি তাতকৈ ওচৰ হ’ব তাইৰ বাবে। সেইটো পাহাৰৰ বাট এতিয়া তাইৰ কিজানি সপোনতো নাই, তাই ভাৱে।

অথচ সেইটো পাহাৰৰ বাটৰ চিন্তাই তাইৰ শৈশৱটো যে গোটেই ডুবাই ৰাখিছিল! অকণমানি ছোৱালীজনীয়ে তাইতকৈয়ো অকণমানি ভনীয়েকজনীক কয় এই গোটেই পথাৰবোৰ পাৰ হৈ তাই এদিন সৌ নীলা পাহাৰটোলৈ যাব্বই যাব। যাবই। মায়ে গালি পাৰিলেও নহ’ব। যাব মানে যাবই। দুদিনমান থাকি পাৰিলে ভনীয়েকজনীকো লৈ যাবহি বাৰু এবাৰ। কিন্তু নীলা পাহাৰৰ ওপৰত লোমালোমে লগা ডাৱৰবোৰ অকণো নুচুৱে বুলি ভনীয়েকে তাইক কথা দিব লাগিব। সেইবোৰ অকল তাইৰ। ভনীয়েকে কান্দে। ডাৱৰৰ থোপাবোৰ বিচাৰি নহয়। বায়েকে তাইক এৰি গুচি যাব বুলি। ভয় আৰু দুখত তাই কান্দে। বায়েকৰ চোলাটোত টানি থাকে তাই আহ ঘৰলৈ যাওঁ‌ বুলি। কান্দুৰী ভনীয়েকৰ কান্ধত ধৰি তাই ঘৰলৈ ঘূৰি আহে আজি নাযাওঁ‌ বাৰু বুলি। কিন্তু চৰ্ত থাকে পাছত যিদিনা তাই নীলা পাহাৰটোলৈ যাব ভনীয়েকে কান্দিব নোৱাৰিব। নাকৰ পানী উজাই উজাই ভনীয়েকে একেষাৰে মানি লয় চৰ্ত। বায়েকৰ চোলাটো তাই ধৰিয়ে থাকে ঘৰ নোপোৱালৈকে। পাছৰদিনা তাই চৰ্ত পাহৰি যায়। আকৌ কান্দে তাই। বায়েকৰ আৰু পাহাৰটোলৈ যোৱা নহয়।

খিড়িকীৰ কাষৰ পাহাৰটো কিন্তু নীলা নহয়। সেউজীয়া পাত- পকা শুকান পাত- শিল- মাটিৰ মিহলি ৰঙৰ। দূৰণিৰ ৰঙ নাই তাত। ৰহস্যও নাই। ৰাতি ক’লা চপৰা এটা হৈ পাহাৰটো তাইৰ খিড়িকীৰ কাষত বহি থাকে। কেতিয়াবা তাইৰ বুকুখন হেঁচা মাৰি ধৰে। কেতিয়াবা অনুভূতিহীন জড় হৈ যোৱা বৃদ্ধএজনৰ দৰে উদং দৃষ্টি লৈ পাহাৰটো তাইৰ সন্মুখত বহি থাকে। স্তব্ধ-বন্ধ হৈ যোৱা সময় এটুকুৰা মাজত লৈ শূন্য দৃষ্টি ইজনে সিজনৰ চকুত থাপি মুখামুখিকৈ বহি থাকে দুয়োজন- পাহাৰটো আৰু তাই। ঠিকেই, পজ কৰা চিনেমাখনৰ দৰেই। ৰৈ থকা দৃশ্যটোত চৰিত্ৰ দুটাই, পাহাৰটো আৰু তাই। গোটেই ব্ৰহ্মাণ্ডত যেন আৰু কোনোৱেই নাই- একোৱেই নাই।

নিয়ৰো নাই তাত। সি জানে। মাকৰ চকুত নপৰাকৈ সি আলেঙে আলেঙে চাই যায়হি মাজে মাজে। ভৰি খুপি খুপি শব্দ নোহোৱাকৈ খোজ দিয়ে। পৰাপক্ষত কোঠাটোলৈ নোসোমায়। অদ্ভুত কিবা এটাই গিলি থকাৰ নিচিনা লাগে তাৰ । ঠিক যেন সাধুকথাৰ দৈত্য এটা। কোঠালিটোৰ সৈতে মাকক গিলি আছে আৰু মাকজনীৰ কি জানো হৈছে মনেই দিয়া নাই। বৰ ভয় লাগে তাৰ। মাকে এনেকৈ থৰ হৈ ৰৈ থাকিলে দৈত্যটোৱে গোটেই গিলি দিব মাকক। জিভা শুকাই যায় তাৰ ভয়ত। চকু-কাণ মুদি খৰ-ধৰকৈ ভিতৰলৈ সোমাই গৈ সি পজ কৰা দৃশ্যটো জোৰকৈ ভাঙি দিয়ে- “মাতু, ভাত খাম। তুমি খাবা ?”

সাধুকথাৰ দৈত্যটোৱে কামুৰিলে মানুহবোৰো কিজানি দৈত্য হৈ যায়। অচিনাকিৰ দৰে একো নুবুজাৰ দৰে চাই থকা মাকজনীৰ চকু ৰঙা পৰি আহে, ফোঁপাবলে ধৰে। নিজৰ চুলিকে ছিঙো যেন কৰা মাকজনীয়ে অদ্ভুত মাত এটাৰে ফোঁ‌পাই ফোঁ‌পাই দাঁ‌ত কৰচি কৈ থাকে “তই.. কুক্কুৰৰ পুতেক.. মূৰ খাবলে আহিলি মোৰ.. ..”

নিয়ৰ সেমেকি যায়। কেঁ‌চুটোৰ দৰে কোঁ‌চ খাই যায়। তথাপি সকাহ পায় সি। পাৰক, গালিয়েই পাৰক। কিন্তু এই অদ্ভুত জড়তা ভাগি যাওক। মৰা মানুহৰ দৰে শূন্য চকুৰে পাহাৰখন চাই থকা মাকজনী জী উঠক। ঠিক এনেকৈ ভাবিব নাজানে সি, সি পজ হৈ থকা চিনেমা এখনৰ কথা ভাৱে- ৰিম’টৰ বুটামটো জোৰকৈ হেঁ‌চি চিনেমাখন চলাই দিয়াৰ কথা ভাৱে। আৰু মাজে মাজে, নহয় প্ৰায়েই, বেক কৰা বুটামটোৰ কথা ভাৱে।

বেক কৰা বুটাম এটাৰে মাকক দুবছৰমানৰ আগলৈ লৈ যাব পৰা হ’লে! সেইবোৰ দিনত শব্দ আছিল চাৰিওফালে। জাৰৰ দিনৰ কম্বলৰ দৰে উমাল শব্দবোৰ- গাত মেৰিয়াই জীৱনটো শুই থাকিবলে মন যোৱা। ৰান্ধনিঘৰত ফোৰণ দিয়াৰ শব্দ- দৌৰা-ধপৰা, খৰ-ধৰৰ শব্দ- ৰন্ধাৰ মাজে মাজে গুণগুণ গানৰ শব্দ- মাজে মাজে চিঞৰি তাৰ খবৰ লোৱাৰ শব্দ- সন্ধ্যাৰ প্ৰাৰ্থনা- ৰাতিপুৱা তাক জগোৱাৰ শব্দ। হাঁ‌হি, চিঞৰ-বাখৰ, জোৰেৰে কথা পতাৰ শব্দ। ফুচুলোৱা-নিচুকোৱাৰ শব্দ। খং- গালি- এছাৰিৰে দুছাটমান দিয়াৰ শব্দও আছিল। কিন্তু এতিয়াৰ দৰে বেয়া নাছিল তেতিয়া সেই শব্দবোৰ। সেইবোৰ শব্দ তাৰ মাকৰ আছিল। এতিয়াৰ শব্দবোৰ কাৰ সি যেন চিনি নাপায়। অৰ্থ নাজানে সেইবোৰৰ। জোঙ থকা চোকা শব্দবোৰৰ আগে আগে, কৰচি থকা দাঁ‌তৰ মাজেৰে ওলাই অহা কৰতৰ দৰে ওখোৰা-মোখোৰা ধাৰ থকা শব্দবোৰৰ আগে আগে, সি ভয়ত এবাৰো উশাহ নসলোৱাকৈ এইখন পৃথিৱীৰ বাহিৰলৈ দৌৰি থাকে- মাকৰ পৃথিৱীৰ বাহিৰলৈ। তাক অকলশৰীয়া কৰি সেই পৃথিৱীৰ বাহিৰলৈ দলিয়াই দিয়ে শব্দবোৰে। ক’লৈ যায় এতিয়া সি ? মাকৰ পৃথিৱীৰ বাহিৰত আৰু পৃথিৱী আছেনে? দহবছৰীয়া নিয়ৰে নাজানে।

মাকৰ পৃথিৱীত এতিয়া কিজানি অকল পাহাৰটো আছে, কুন্ধচ পাহাৰটো। বিছনাখনত বিস্ফোৰিত চকুৰে থৰ লাগি থকা মাক আৰু সন্মুখত পাহাৰটো। তাৰ বাদে ক’তো আৰু কেও নাই। সিও নাই। সি থৰ লাগে। মাকৰ দৰে তাৰো পাহাৰটোলৈ মৰা মানুহ এটা হৈ চাই থাকিবৰ মন যায়। পজ কৰা চিনেমাখন হৈ। ক্ষোভত তাৰ নাকৰ পাহি ফুলে, চকুদুটা তিতি সন্মুখৰ চিনেমাখন ধোঁ‌ৱা হৈ যায়।

কেতিয়াবা চিনেমাখন চলি উঠে। ৰৈ ৰৈ জাম লাগি লাগি চলে, মুকলি গতিৰে নহয়। তথাপি চলে। পাহাৰ চাই থকা ছোৱালীজনী উঠি বহে। ৰান্ধনিঘৰত খুটুং-খাটাং কৰি সোৱাদ কিবা এপদ ৰান্ধে। গান নাগায়- দাঁ‌ত কৰচি গালি নাপাৰে- নিয়ৰক চিঞৰি নামাতে। নামাতক। সি সকাহ পায়। চাবি দিয়া পুতলাৰ দৰে হ’লেও মাকজনী অন্ততঃ পাহাৰটোৰ সন্মুখৰ পৰা উঠি আহে। ঠিক কি সম্পৰ্কৰ অনুমান কৰিব নোৱাৰা মানুহজন আহিলে সেয়ে সি ভাল পায়। দেউতাক এজন থকা হ’লে কেনে হ’লহেতেন মনতে তুলনা এটা কৰি চায়। মাকে ‘ডিভৰ্চ’ হ’ল বুলি কোৱা দেউতাকক তাৰ মনত নাই। মনত পৰাৰে পৰা সি আৰু মাক। অথচ মাকৰ মুখত হাঁ‌হি আছিল তেতিয়া। মাক মৰি যোৱা নাছিল তেতিয়া। পাহাৰটো বুকুত পাতি লোৱা নাছিল। এতিয়াৰ দৰে।

পাহাৰটো তাইৰ বুকুত পতা আছেনে পাহাৰটোৰ বুকুত তাই, ভালকৈ নাজানে তাই। সৰুতে পাহাৰ এটালে গুছি যাম বুলি কওঁ‌তে কান্দি-ফেঁ‌কুৰি বাধা দিয়া কোনোবা আছিল। আপোন আছিল বাধা দিয়া হাতবোৰ- চাৰিওফালৰ হাতবোৰ। আপোন হাতবোৰৰ বাধা চেৰাই আজিলৈকে কোনেও ক’লৈকো যাব পৰা নাই। এতিয়া আৰু সেই হাতবোৰ ক’তো নাই। সপোনতো নাই যেন। সমাজ বহিৰ্ভূত সম্পৰ্ক এটাৰ হাত ধৰি সকলো আপোন হাত তাই কেতিয়াবাই পাছফালে এৰি আহিল। এতিয়া খিড়িকীৰ সন্মুখৰ পাহাৰটোত তাই পোত গ’লে কোনেও তাইক বাধা নিদিব। তাইক লৈ অহা হাতখনেও।

হাতখনে তাইক খামুচি থাকে। তাইৰ সৈতে ক্ষন্তেকৰ ঘৰ এখন পাতে। হঠাৎ আহি সৰু সৰু হাঁ‌হিৰে ভৰায় ঘৰখন। দিনৰ পাছত দিন । বছৰৰ পাছত বছৰ। তাই সুখী হয়, ৰান্ধোতেও তাই গুণগুণাই গান গায়। আৰু নিয়ৰ ? সি কাষত নহ’লেই নহয়।

উজ্জ্বল দিনবোৰ মনত আছে নিয়ৰৰ। চাৰিওফালে শব্দ আৰু ৰঙ দপদপাই থকা দিনবোৰ। ৰঙবোৰ মোলান নপৰালৈকে, তাত ভেঁ‌কুৰ নধৰালৈকে কি উজ্জ্বল ছবি সেইখন! পাহাৰটো তেতিয়াও তো খিড়িকীৰ কাষতে আছিল! ক’তা, সি তো ৰঙবোৰ গিলি পেলোৱা নাছিল! পজ হোৱা চিনেমাখনৰ দৰে শব্দ, গান আৰু ছবিবোৰ তো ৰৈ যোৱা নাছিল!

পাহাৰটোত দিন আৰু ৰাতিবোৰ ৰৈ থাকে। তাইৰ চকুৰ মণি ৰৈ থাকে তাত। চিনেমাৰ ৰীলৰ দৰে পাৰ হোৱা দিন-ৰাতিবোৰ কিজানি চলি গৈ থাকে তাত। কিজানি থৰ হৈ ৰৈ থাকে তাত। আচলতে চলি গৈ থাকেনে ৰৈ থাকে সেইবোৰ, তাই আৰু অনুমান কৰিব নোৱাৰে। ৰোৱা আৰু গৈ থকা যেন একেই এতিয়া।

ৰৈ যাব খোজোতেই এদিন তাইক যাবলৈ শিকাইছিল।তাইৰ বাবে আগবাঢ়ি অহা হাতখনে। মিছা জীৱন এটাৰ ভাৰ নকঢ়িয়াই ওলাই আহিবলৈ শিকাইছিল। অবৈধ একো নাই- তাই শিকিছিল। নিজৰ ইচ্ছা-অনুভূতিক মৰ্য্যাদা দিবলৈ শিকিছিল। শিকাইছিল হাতখনে। ইমান উজ্জ্বল আছিল সেইখন হাত যে তাৰ সন্মুখত আন সকলো হাত এন্ধাৰ হৈ গৈছিল। সকলো আপোন হাত পাছত ৰৈ গৈছিল। অতীতত।

উজ্জ্বল হাতখনে এতিয়াও তাইক খামুচি থাকে। সৰু সৰু সুখেৰে সজায় ঘৰখন- ক্ষন্তেকৰ ঘৰখন- আৰু তাৰ পাছত গুচি যায় । আপোন ঘৰলৈ। আপোন ঘৰখনত তেওঁৰ আপোন সম্পৰ্কবোৰ। নাই, তাইৰ ঠাইত অন্য এজনী ছোৱালী পত্নী হৈ সেইবোৰ সম্পৰ্কৰ মাজত নাই, সেই ঠাই খালী, কিন্তু তায়ো নাই তাত। থাকিব যে নোৱাৰে কেতিয়াও লাহে লাহে বুজি উঠে ছোৱালীজনীয়ে। লাহে লাহে পাহাৰটো বুকুত পাতি লয়।

হাতখনৰ চকুলৈ চোৱা নহ’ল তাইৰ। অনুভৱ অবৈধ নহয় বুলি ভাৱিবলৈ শিকোৱা হাতখনৰ চকুত উজ্জ্বল শব্দবোৰৰ প্ৰতিফলন বিচাৰি চোৱা নহ’ল। উজ্জ্বল শব্দবোৰ কেৱল শব্দ নে মন-প্ৰাণৰ বিশ্বাস তেওঁৰ বাবে, ভাৱি চোৱা নহ’ল। পাপবোধৰ গ্লানি আছিল নেকি কেনেবাকৈ চকুত, চোৱা নহ’ল। তাইক নিজক সন্মান কৰিবলৈ শিকোৱা হাতখনে সন্মান দিয়ে নে নিদিয়ে নিজক- নিজৰ চিন্তাক, তাইৰ ভৱাই নহ’ল।

পাহাৰটো আৰু তাই। চকুৰেই বান্ধি থোৱা আছে স্থবিৰ দৃশ্য এটা। চকু ঘূৰালেই তাইৰ বাকী পৃথিৱীখন। নিয়ৰ আৰু সেই হাতখন। নিয়ৰৰ চকুলৈ চালে তাই নিজৰ ছবি দেখা নাপায়- তাইৰ ছবি অস্পষ্ট তাৰ চকুত। স্পষ্ট কৰি দিয়াৰ বাবে বিশ্বাস নিজৰ ওপৰতে তাইৰ আৰু নাই। হাতখনৰ চকুলৈ চালে তাই নিজৰ নভৱা ছবি এখন দেখে। আনে ক’বলৈ সাহস নকৰা কথাবোৰ দেখে। আপোন নহয় তাই, অকল অবৈধ- সেয়া দেখে। তাই দেখে, ৰাধাক প্ৰেম কৰিব পাৰি- পূজা কৰিব পাৰি- মূৰত লৈ থাকিব পাৰি, কিন্তু ৰাধাৰ বাবে ৰাধাৰ কাষত ৰাধাৰ হৈ থিয় হ’ব নোৱাৰি- ৰাধাৰ বাবে পৃথিৱীৰ স’তে যুঁ‌জিব নোৱাৰি। আনকি ৰাধাৰ বাবে নিজৰ স’তেও যুঁ‌জিব নোৱাৰি। ৰুক্মিণীৰ পতি হোৱাৰ পুৰুষৰ গোপন ইচ্ছা-অহংকাৰৰ স’তে ৰাধাৰ বাবে যুঁ‌জিব নোৱাৰি। ৰাধা দ্বিতীয়া। ৰাধা ৰুক্মিণী হ’ব নোৱাৰে। পুৰুষৰ সৰ্বগ্ৰাসী সৰ্বাত্মক আধিপত্যৰ ইচ্ছাক ৰাধাই সদায় অপূৰ্ণই কৰি ৰাখে। তাৰে অসন্তুষ্টিৰে ক্ষুণ্ণ পুৰুষ ৰাধাৰ পৰা পলায়- নিজৰ পৰা পলায়।

পাহাৰটো আৰু তাই। চকুৰেই বান্ধি থোৱা আছে স্থবিৰ দৃশ্য এটা। চকু ঘূৰালেই তাইৰ বাকী পৃথিৱীখন। নিয়ৰ আৰু সেই হাতখন। ৰাধাই চকু নুঘূৰায়। পাহাৰটোৰ চকুত চকু থাপি থৈ ৰাধাই যুগ যুগ পাৰ কৰি দিয়ে। ৰাধাই ৰাধা হ’বলৈ পাহৰি যায়। ৰাধাই ৰাধাক পাহৰি যায়।

পাহাৰটোত দিন আৰু ৰাতিবোৰ চলি গৈ থাকে। অথবা ৰৈ থাকে। চকুৰ মণিটো তাত গুজি তাই ৰৈ থাকে। অথবা গৈ থাকে। তাই দেখে, সৰু ছোৱালীএজনীয়ে নীলা পাহাৰ এটালৈ গুচি যোৱাৰ সপোন দেখিছিল। মুকলি পথাৰবোৰ পাৰ হৈ। হয়, যাযাবৰী সপোন এটা আছিলেই ছোৱালীজনীৰ। আৰু বাহিৰত এখন বহল পৃথিৱী আছিল। তাই ছোৱালীজনীক চাই থাকে। নিয়ৰে তাইক চাই থাকে। সৰু ছোৱালীজনীয়ে মুকলিলৈ বিশাললৈ ওলাই যোৱাৰ সপোন এটা দেখিছিল। নিয়ৰে ক’লৈকো নোযোৱাৰ সপোন এটা দেখে। বন্ধ পাহাৰটোত নিজকে বান্ধি ৰখা তাইক চকুৰেই বান্ধি ৰাখোঁ‌তে নিয়ৰে নিজকো ক’ব নোৱাৰাকৈয়ে কুন্ধচ পাহাৰটোৰ সৈতে বান্ধি থাকে। এৰালৰ খুঁ‌টিৰ দৰে বন্ধ পাহাৰটো, পাহাৰটোক কেন্দ্ৰ কৰি তাই, তাইক কেন্দ্ৰ কৰি নিয়ৰ। বান্ধটো বিয়পি পৰে। তাইৰ চাৰিওফালে তাৰ পৃথিৱীখন বহল হ’ব নাপাওঁ‌তেই কোঁ‌চ খাই সৰু হৈ আহে। কেঁ‌চুৰ দৰে গাঁতত সোমায়। বন্ধ পাহাৰটোৱে তাইক আৰু নিয়ৰকো স্থবিৰ দৃশ্য এটাত বান্ধি পেলায়। পজ কৰা চিনেমাখনৰ দৰে। মাজে মাজে জাম লাগি লাগি চিনেমাখন চলি উঠে। জিৰণীয়া চৰাই যেন হাতখনৰ আশে-পাশে ফোৰণৰ শব্দ- বাচনৰ খুটুং-খাটাং- কথা-বতৰাৰ দুই-এটা শব্দ ভাঁ‌হি উঠে- লাগি লাগি ধৰা শ্লথ গতিৰে। আকৌ স্তব্ধতাত ডুব যায় শব্দবোৰ। আগতকৈও বেছি গাঢ়তাত।

পাহাৰটোৰ গাত বগোৱা দুটামান লতা-পাত জাৰ লগাৰ দৰে এবাৰ কঁ‌পি উঠে.. ক’লা পখিলা এটাই আমনি পাই লতাডালৰ পৰা অকণমান ওপৰলৈ উঠি আকৌ লতাডালত বহে.. লতাডালৰ দৰে বিচনাখনত অকণমান লৰ-চৰ হয়.. আকৌ সৱ একেদৰে ৰৈ যায়..

°° °° °°

(টোকা : ‘ৰাংফা’ এটা আহোম শব্দ। হেমকোষৰ মতে ইয়াৰ অৰ্থ ‘ঘৰৰ বাৰক কেইবা খণ্ড কৰি বেলেগোৱা থিয় আৰু পথালি পাটবিলাকৰ প্ৰত্যেক চটা, each of the perpendicular and horizontal boards separating a reed wall into several square pieces’)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!