ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ

ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ
সাক্ষাৎ গ্ৰহণ: স্যামন্ত কুমাৰ গোস্বামী

সাহিত্য ডট অৰ্গ: নমস্কাৰ হাজৰিকাদেৱ। প্ৰথমতে আপোনাৰ সৰুকালৰ বিষয়ে অলপ জনাব নেকি?

ৰঞ্জু হাজৰিকা: সৰুকাল মানে মোৰ জন্ম হৈছিল মোনাবাৰী চাহবাগিছাত। শোনিতপুৰ জিলাত। তেতিয়া দৰং জিলা অবিভক্ত আছিল বাবে দৰং জিলা বুলিয়েই কৈছিলে। শোনিতপুৰৰ মোনাবাৰী চাহবাগিছা – এতিয়া সেইখন আটাইতকৈ বৃহৎ চাহবাগিছা। তাত দেউতাই চাকৰি কৰিছিল। কিন্তু মোৰ শৈশৱ কালছোৱা পাৰ হ’ল কলিয়াবৰৰ সোণাৰি গাঁৱত। দেউতাৰ জন্মস্থান কলিয়াবৰ আছিল। সেইকাৰণে দেউতাই পঢ়াশুনাৰ কাৰণে মোক আনি কলিয়াবৰত ৰাখিছিল – সোণাৰি গাঁৱত। ককাআইতাৰ লগতে মই থাকি পঢ়িছিলোঁ। তাত মই প্ৰাইমাৰী শিক্ষা সাং কৰি ওচৰতে কলিয়াবৰ হাইস্কুল – শিলঘাটত আছিল, অতি পুৰণি হাইস্কুল সেইখন, ১৯৩৬ তে সেইখন establish হৈছিলে; সেইখন হাইস্কুলত মই পঢ়িছিলোঁ। মই গৌৰৱবোধ কৰোঁ যে সেইখন হাইস্কুলৰ পৰা কেইবাজনো প্ৰথিতযশা সাহিত্যিকলেখকো ওলাই আহিছে। মহিম বৰাৰ পৰা আদি কৰি তিলক হাজৰিকালৈকে; তিলক হাজৰিকা সাদিনৰ সম্পাদক– এসময়ত অসম বাণীৰো সম্পাদক আছিল। তাৰপিছত তাতেই মই হাইস্কুলৰ শিক্ষা সাং কৰিলোঁ। শিক্ষা সাং কৰি মই পুনৰ তেজপুৰলৈ গুছি আহোঁ আৰু দৰং কলেজত পঢ়োঁ। দৰং কলেজত এটা বছৰহে পঢ়িলোঁ – এটা বছৰ পঢ়ি মানে প্ৰি ইউনিভাৰচিটিটো পঢ়ি মোনাবাৰী চাহবাগিছালৈ আহি ঘৰৰ ওচৰতে বিশ্বনাথ চাৰিআলি চহৰ; তাতেই বিশ্বনাথ কলেজত মই বাকীখিনি শিক্ষা সাং কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ প্ৰথম লিখনিটো কেতিয়া প্ৰকাশ পাইছিল মনত পৰেনে বাৰু?

ৰঞ্জু হাজৰিকা: মনত পৰে মানে মইতো শৈশৱৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। হাইস্কুলীয়া শিক্ষা জীৱনতেই মই হাতত কলম লৈছিলোঁ। মেট্ৰিক দি উঠাৰ পিছত (মানে HSLC আৰু) ৰিজাল্ট ওলোৱালৈকে যিখিনি সময় থাকে সেইখিনি সময়তে মই “বহুৰূপী” বুলি কিতাপখন লিখিছিলোঁ। সেইখন প্ৰকাশ হৈ ওলালে ১৯৭৩ চনত। তেতিয়াৰপৰাই আৰম্ভ মোৰ লিখনি প্ৰকাশ। প্ৰথম মই আলোচনী বা কাকতত সৰুসুৰা কবিতা বা…! এনেই তেনেকে কোনো আলোচনীৰ লগত জড়িতও নাছিলোঁ সেইসময়ত। আচলতে কিতাপেৰেহে প্ৰথম প্ৰকাশ হৈছিলে মোৰ – “বহুৰূপী”খন প্ৰকাশ কৰিছিলে গুৱাহাটীৰ গ্ৰন্থপীঠ বুলি, গ্ৰন্থপীঠ – এইখন ডাঙৰ প্ৰকাশন গোষ্ঠী আছিলে। তেওঁলোকে কিতাপখন প্ৰকাশ কৰি উলিয়ালে। বহুৰূপী দুটা খণ্ডত ওলাইছিলে।

সাহিত্য ডট অৰ্গ: প্ৰথম প্ৰকাশ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছিল নেকি? মানে নতুন অৱস্থাত?

ৰঞ্জু হাজৰিকা: নতুন হিচাপে মানে কিতাপখন লিখি অঁতাই মই বহুত প্ৰকাশকৰ লগত যোগাযোগ কৰিছিলোঁ। কিন্তু মোৰ বয়স কম দেখি “মেট্ৰিকুলেট ল’ৰা এটা আৰু! কম বয়সীয়া, কি নো লিখিব !” – এনে ভাব এটা লৈছিলে বোধহয় বহু প্ৰকাশকে। সেইকাৰণে তেওঁলোকে প্ৰকাশৰ দায়িত্ব লোৱা নাছিলে। কিন্তু গ্ৰন্থপীঠে একেআষাৰেই ক’লে “কিতাপখন পঠাই দিব, আমি চাম।” তেওঁলোকে পঢ়ি লৈ লগে লগেই মান্তি হৈছিলে আৰু পৰৱৰ্তী কিতাপবিলাকো বিচাৰিছিলে প্ৰকাশ কৰিবলৈ। কিন্তু মই তেতিয়াপিছত আৰু অন্যান্য প্ৰকাশকবিলাকৰ লগত সম্পৰ্ক হ’ল। বহুৰূপীৰ পিছতে মই মানে ৰৈ থকা নাই আৰু; একেধাৰে বিভিন্ন প্ৰকাশক পাই গৈছোঁ আৰু তেওঁলোকে কিতাপবোৰ প্ৰকাশ কৰি উলিয়াই গৈছে।

সাহিত্য ডট অৰ্গ: আপুনি ৰহস্য সাহিত্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ কিবা বিশেষ কাৰণ আছে নেকি?

ৰঞ্জু হাজৰিকা: তেনেকুৱা বিশেষ কাৰণ নাই। মই সৰুকালতমই কৈছোৱেই কলিয়াবৰত মই পঢ়ি ডাঙৰ হৈছোঁ। কলিয়াবৰৰ গাঁৱত থাকি সোণাৰি গাঁৱত। সেই আমাৰ ঘৰৰ সন্মুখতে এটা পুথিভঁৰাল আছিলে; তৰুণ পুথিভঁৰাল নাম তাৰ। আন কিতাপৰ লগতে ৰহস্য সাহিত্যও বিশেষকৈ প্ৰেমনাৰায়ণৰ বা কুমুদেশ্বৰ বৰঠাকুৰৰ – বিভিন্ন ধৰণৰ কিতাপ আছিলে। সেইবিলাক পঢ়ি পঢ়ি মোৰ মনত গভীৰভাবে ৰেখাপাত কৰিছিলে। আৰু ৰহস্য সাহিত্যৰ প্ৰতি স্বাভাৱিকতে সেই সময়চোৱাত কৌতুহলী হয় – যিকোনো ৰহস্য। আৰু মোৰ মনটো বেছি অনুসন্ধিৎসুপ্ৰৱণ মানে। সেই কাৰণেই মই ৰহস্য সাহিত্যৰ প্ৰতি বেছি আকৰ্ষিত হৈছিলোঁ। আৰু এতিয়া মই আটাইতকৈ বেছি বুলিয়েই ভাবোঁ পৃথিৱীৰ – ৭৫০ খন ইতিমধ্যে কিতাপ লিখি শেষ কৰিলোঁ।

সাহিত্য ডট অৰ্গ: ৰঞ্জু হাজৰিকা নামটো আপোনাৰ ছদ্মনাম বুলি ক’ৰবাত শুনিছিলোঁ। ইয়াৰ আঁৰতো কিবা ৰহস্য আছে নেকি?

ৰঞ্জু হাজৰিকা: মানে প্ৰথম মোৰ যিটো প্ৰকৃত নাম আছিলে – কুমুদ হাজৰিকা, সেই নামেৰে মই কিতাপবোৰ পঠাইছিলোঁ, কিন্তু গ্ৰহণযোগ্য কিহৰ কাৰণে মানে; পুৰুষৰ নাম কাৰণেই নে কি, কিতাপবোৰ ঘুৰাই পঠাই দিছিলে প্ৰকাশকসকলে। তাৰপিছত – এইটো মোৰ ছদ্মনাম বুলি নকওঁ, এইটো মোৰ nick name। এইটো নাম ঘৰত মাতে কেৱল। আৰু সেই নামটোৰে মই আকৌ আত্মপ্ৰকাশ কৰিলোঁ সেই একেখিনি বস্তুকে লৈ। তেতিয়া কিন্তু কোনোধৰণৰ কথা নাহে – লগে লগেই ৰিপ্লাই আহিছিল, আমি আপোনাৰ কিতাপ ছপাম বা আপুনি কেনেধৰণৰ নিয়মত কিতাপবোৰ দিব খোজে ইত্যাদি ইত্যাদি। মই তেতিয়া মানে আচৰিতেই হৈছিলোঁ, তথাপি সেই নামটোৱেই থাকি গ’ল আৰু।

সাহিত্য ডট অৰ্গ: এটা কোঠাৰ ভিতৰত বহি আপোনাৰ এফালে হিমালয়, প্ৰাইভেট ডিটেক্টিভ পবিত্ৰ লহকৰ, শেষ প্ৰহৰৰ খেলাৰ সেই আধা পচি যোৱা মানৱ দেহটো – আটাইবোৰ কেনেকৈ মনলৈ আহে বাৰু?

ৰঞ্জু হাজৰিকা: আচল কথা, এইবিলাক অধ্যয়নৰ কথা। মই হিমালয়ৰ ওপৰত “মৃত্যুৰ শীতল পৰশ” – তাত যিবিলাক ঠাইৰ বিৱৰণ দিয়া আছে বা যিবিলাক আলি বা ৰাস্তাৰ বিৱৰণ দিয়া আছে, সেইবোৰ মিছা নহয়; সম্পূৰ্ণ সত্য। আৰু সেইবিলাক মই আহৰণ কৰিছিলোঁ তালৈ নোযোৱাকৈয়ে বিভিন্ন ধৰণৰ ভ্ৰমণ কাহিনীবোৰ পঢ়ি। এই ভ্ৰমণ কাহিনীৰ ঠাইবিলাক মই সম্পূৰ্ণ নোট কৰি ৰাখিছিলোঁ আৰু সেইখিনি আগত ৰাখি মই তেনেদৰেই কাহিনীটো উপস্থাপন কৰিছিলোঁ। সেইদৰে আফ্ৰিকাৰ কংগো, এতিয়াৰ যিখন জেয়াৰ বুলি প্ৰদেশ আছে আফ্ৰিকাৰ; বা নিউগিনিৰ মানুহ খোৱা জাতিটো – সেইবিলাক সম্পূৰ্ণ অধ্যয়নৰ ওপৰতেই লিখা হৈছিলে।

সাহিত্য ডট অৰ্গ: আপোনাৰ দিন এটা কেনেদৰে আৰম্ভ হৈ কেনেদৰে শেষ হয়?

ৰঞ্জু হাজৰিকা: বেছি সময় মই লিখামেলাতেই ব্যস্ত থাকোঁ। মই ৰাতি অতি সোনকালেই শোওঁ, দহ বজাতেই শুই যাওঁ আৰু তিনিবজাত উঠোঁ। এইটো মোৰ গতানুগতিক আৰু! তিনিবজাত উঠি দৈনন্দিন যিখিনি প্ৰাতঃক্ৰিয়া আছে সেইখিনি সমাপন কৰি মই লেখা টেবুলত বহোঁ। একেলেথাৰিয়ে মই লিখি নাথাকোঁ – তাৰ মাজে মাজে অন্যান্য কাম কিছুমানো কৰি যাওঁ। এতিয়াও মই লেখা টেবুলতেই বহি আছিলোঁ। তেনেকে মোৰ তেনে নিৰ্ধাৰিত বা নিৰ্দ্দিষ্ট সময় নাই যে এইটো সময়ত লিখিবই লাগিব, মই যেতিয়াই সময় আৰু সুৰুঙা পাওঁ তেতিয়াই লিখিবলৈ বহোঁ।

সাহিত্য ডট অৰ্গ: ক’ৰবাত পঢ়া মনত আছে আপুনি হেনো কিতাপ লিখাৰ পিছত শেষ হৈ যোৱা কলমবোৰ পেলাই নিদিয়ে। গতিকে আপোনাৰ তাত পুৰণি কলমৰ ডাঙৰ থূপ এটা আছে। কথাটো কিমানদূৰ সঁচা বাৰু?

ৰঞ্জু হাজৰিকা: এইটো সঁচা। এতিয়াও পোন্ধৰবিশ হাজাৰতকৈ বেছি কলম মোৰ হাতত জমা হৈ আছে। এইটো মোৰ ডাঙৰ হ’বি আৰু! এতিয়াও কলমবিলাক মই পেলাই নিদিওঁ, ৰাখি থওঁ। আৰু তাত নতুনকে ৰিফিল ভৰাই মই ব্যৱহাৰো নকৰোঁ কলমটোত। এটা কলম এবাৰতে শেষ কৰোঁ।

সাহিত্য ডট অৰ্গ: আন কবিসাহিত্যিকসকলৰ দৰে আপোনাক সাধাৰণতে মেলমিটিং, বঁটা বিতৰণী সভা, সাহিত্য সভাৰ দৰে অনুষ্ঠানবোৰত খুব কমেই দেখা যায়। কিবা বিশেষ কাৰণ?

ৰঞ্জু হাজৰিকা: বিশেষ কাৰণ একো নাই। মই পৰাপক্ষত এইবোৰ avoid কৰি চলোঁ। ক’ৰবাত পঢ়িছিলোঁ কোনোবা এজন বিখ্যাত সাহিত্যিকে (বাংলা সাহিত্যিক), তেখেতে লিখিছিলে বেছিভাগ মেলমিটিং কৰি ফুৰা মানুহে হেনো ভাল সাহিত্য ৰচনা কৰিব নোৱাৰে। নাজানো এইটো কিমানদূৰ সত্য। কিন্তু মই সেইটো বিষয় লৈ নহয়, মই পৰাপক্ষত সেই সময়খিনি সময় লিখা বা পঢ়াতেই নিয়োজিত কৰোঁ। তাৰবাবেই হয়তো আজি ৰেকৰ্ডসংখ্যক কিতাপ লিখিবলৈ মই সক্ষম হ’ব পাৰিছোঁ। আজি কোনোবা এখন মিটিঙত মই যোৱা দেখিলেই ওচৰেপাজৰে থকা আন আন সমিতি বা সংস্থাবিলাকে – এতিয়াও আহে। মই নানা অজুহাতেৰে সেইবিলাকৰ পৰা আঁতৰি থাকোঁ। আনকি টিভিৰ অনুষ্ঠানবিলাকলৈও মোক মাতে, যোৱাকালিও মাতিছিল নিউজ লাইভলে’, তাৰ কিছুদিন আগতো। এইবিলাক মই যথাসম্ভৱ আঁতৰায়েই ৰাখোঁ আৰু।

সাহিত্য ডট অৰ্গ: ৰহস্য সাহিত্যৰ উপৰি আপুনি শিশু সাহিত্য আৰু সাধাৰণ জ্ঞানৰ কিতাপো লিখিছে। ইয়াৰ উপৰিও আন কিবা আছে নেকি?

ৰঞ্জু হাজৰিকা: মই সামাজিক উপন্যাসো লিখিছোঁ – বহুত লিখা হৈছে। তাৰোপৰি এডভেঞ্চাৰ লিখিছোঁ “প্ৰত্যুষৰ প্ৰতীক্ষা”। অৰণ্যৰ ওপৰতো বহুত কিতাপ লিখিলোঁ। ময়েই বোধহয় আটাইতকৈ বেছি কিতাপ লিখিছোঁ নেকি অৰণ্যৰ ওপৰত! তাৰোপৰি অন্যান্য দিশবিলাকো মই সাঙুৰি লৈছিলোঁ। আনকি জ্যোতিষ শাস্ত্ৰৰ ওপৰতো মই বহুত কিতাপ লিখিছোঁ।

সাহিত্য ডট অৰ্গ: লিখামেলাৰ উপৰিও আপোনাৰ জ্যোতিষ শাস্ত্ৰৰ ওপৰতো দখল আছে বুলি শুনিছোঁ। এইবিষয়ে অলপ ক’ব নেকি?

ৰঞ্জু হাজৰিকা: এইটো মানে জ্যোতিষ শাস্ত্ৰটো ইয়াৰ লগত সমান্তৰালভাবেই চলি আহিছে, লিখামেলাৰ লগত। এতিয়াও মই মাজে মাজে – আৰু দিনটোত মানে এজন প্ৰফেছনেল হিচাপে নহয়, কোনোবা আহিলে তেওঁৰ লগতেই মই জ্যোতিষ শাস্ত্ৰ সম্পৰ্কে চোৱাচিতা কৰি যিখিনি কৰিব লাগে, কৰণীয়খিনি কৰিবলৈ দিওঁ। এইটো মোৰ আজি ত্ৰিশ বছৰ ধৰি চলি আহিছে। আৰু এইটোক লৈ মই প্ৰচুৰ অধ্যয়নো কৰিবলগা হৈছে। প্ৰকৃতাৰ্থত মই জ্যোতিষ শাস্ত্ৰৰ বিপক্ষেহে লিখিছিলোঁ প্ৰথম। কিন্তু বস্তুটোৰ ওপৰত লিখিবলৈ গ’লে তাক প্ৰচুৰ অধ্যয়ন কৰিব লাগিব। কিবা এটা বস্তুৰ বিপক্ষে লিখিবলৈ হ’লে সেই বস্তুটোৰ ওপৰত জানিব লাগিব। যেতিয়া মই সোমাই পৰিলোঁ, অধ্যয়ন কৰি দেখিলোঁ যে এই বিষয়টো আমাৰ নিচিনা সসীম জ্ঞানেৰে এই অসীম জ্ঞানক ভেদ কৰাটো অসম্ভৱ কথা। এই বিশাল ৰহস্য এটাক!

সাহিত্য ডট অৰ্গ: অসমত সাহিত্য চৰ্চাক পেচা হিচাপে ল’ব পাৰি বুলি আপুনি ভাবেনে?

ৰঞ্জু হাজৰিকা: অসমত এই কথাটো মই যিটো বুজিছোঁ – এইটো একেবাৰে অসম্ভৱ কথা। কিবা দৈৱবলত মই চলি থকাৰ নিচিনা হৈছে। আটাইতকৈ ডাঙৰ কথা, লিখি খাম বুলি ভাবিলে, সচৰাচৰ এইটো বিষয়ত আগবাঢ়ি আহিলে ঠগ খাবলগাহে হ’ব পাৰে। এতিয়াতো প্ৰত্যেক প্ৰকাশকৰ মুখে মুখেই, “পঢ়ুৱৈৰ সংখ্যা কমি গৈছে।” কিন্তু গুণগত বৈশিষ্টৰ ফালৰপৰা মই ভাবোঁ যে এইটো মিছা কথা। প্ৰকাশকে ভাল কিতাপ উলিয়ালে এইবিলাক চলিবই, চলি আছে। আৰু মই যিমানখিনি এতিয়া পঢ়ুৱৈপাঠকৰ মৰমস্নেহ পাই আছোঁ বা মোৰ লগত যোগাযোগ ৰাখি আছে – মইতো কেতিয়াও ভবা নাই বা নাভাবোঁ মোৰ কিতাপৰ পাঠকৰ সংখ্যা দিনে দিনে কমি আহিছে বুলি।

সাহিত্য ডট অৰ্গ: আপোনাৰ এনে অনুভৱ হয় নেকি যে বৰ্তমান ইন্টাৰনেট, টি.ভি., কম্পিউটাৰ গেম আদি অহাৰ ফলত মানুহে কিতাপ অলপ হ’লেও আগতকৈ কমকৈ পঢ়া কৰিছে?

ৰঞ্জু হাজৰিকা: বহুত বহুত ! এই প্ৰভাবটো খুব বেয়াকে পৰিছে, বিশেষকে গাঁও অঞ্চলতো মানুহ এতিয়া টি.ভি.ক লৈয়েই ব্যস্ত হৈ থাকে। গতিকে কমিছে বুলিতো নিশ্চিতভাবে ক’ব পাৰি আৰু সচৰাচৰ চহৰ অঞ্চলতকৈ গাঁৱ অঞ্চলতেই পঢ়ুৱৈৰ সংখ্যাটো বেছি আছিল। কিন্তু সেই বস্তুটো কমি আহিছে আৰু আগতে মানে এটা কথা আছিল – পুথিভঁৰাল আছিল গাঁৱে গাঁৱে; এতিয়া সেইবিলাকো নাই।

সাহিত্য ডট অৰ্গ: এটা অলপ চিৰিয়াছ প্ৰশ্ন – ৰহস্য সাহিত্যই আন সাহিত্যৰ তুলনাত কিছু কম গুৰুত্ব পোৱা যেন আপোনাৰ অনুভৱ হয় নেকি? বিশেষকৈ অসমত?

ৰঞ্জু হাজৰিকা: অসমত ৰহস্য সাহিত্য মানে এতিয়াও “হৰিজন সাহিত্য” বুলিয়েই ক’ব পাৰি। সহিত্য সভায়েই হওক বা তেনেকুৱা ধৰণৰ অনুষ্ঠানপ্ৰতিষ্ঠানবিলাকেই হওক! ই পাঠকৰ মন পায় কিন্তু মান নাপায়। বিশিষ্ট বুদ্ধিজীৱীসকল, বিশিষ্ট লেখকসকল মহান মহান লেখক তথাকথিতসকলে; তেওঁলোকে এইটো মানে চুলেই যেন জাত যাব, তেনে এটা…! কিন্তু আমি এতিয়াওচৰ চুবুৰীয়া হিন্দী সাহিত্যই হওক বা বাংলা সাহিত্যই হওক দেখিছোঁ – সুনীল গঙ্গোপাধ্যায়ৰ পৰা ৰবীন্দ্ৰনাথলৈকে প্ৰত্যেকেই ৰহস্য সাহিত্যক অমৰ কৰি থৈ গৈছে। এটাহেৰি দেখা পোৱা নাযায় আৰু ! নতুন প্ৰজন্মতো দেখা গৈছে নতুন কোনো ৰহস্য সাহিত্যিকৰ সৃষ্টিও হোৱা নাই।

সাহিত্য ডট অৰ্গ: ইন্টাৰনেটৰ প্ৰসাৰৰ ফলত বহুতো ইআলোচনীৰ সৃষ্টি হৈছে। যেনে ধৰক সাহিত্য ডট অৰ্গ – যিখনৰ কাৰণে….

ৰঞ্জু হাজৰিকা: যথেষ্ট শুভেচ্ছা থাকিল আপোনালোকৰ এইখন আলোচনীৰ কাৰণে। মোৰ বিৰাটেই ভাল লাগিছে।

সাহিত্য ডট অৰ্গ: আপোনাৰ প্ৰিয় ৰহস্য সাহিত্যিক কোন বাৰু?

ৰঞ্জু হাজৰিকা: মোৰ প্ৰিয় ৰহস্য সাহিত্যিক বুলি ক’লে মই যিজন ৰহস্য সাহিত্যিকৰ জৰিয়তে মই ৰহস্য সাহিত্যলৈ সোমাই আহিলোঁ, যিজনৰ কিতাপ পঢ়ি – মই সেইজনকেই প্ৰথম গুৰুত্ব দিব লাগিব। তেখেত হৈছে প্ৰেমনাৰায়ণ – পাফু চিৰিজ আৰু ৰহস্য চিৰিজৰ স্ৰষ্টা।

সাহিত্য ডট অৰ্গ: ভবিষ্যতৰ কিবা বিশেষ পৰিকল্পনা?

ৰঞ্জু হাজৰিকা: ভবিষ্যতৰ পৰিকল্পনা মানে কি – মই এই লিখি যোৱাটোৱেই…! মানে যিটো বস্তু এতিয়ালৈকে অসমীয়া সাহিত্যত সৃষ্টি হোৱা নাই, মই তেনেকুৱা সাহিত্য সৃষ্টি কৰিয়েই ভাল পাওঁ। তেনেধৰণৰ পৰিকল্পনাই আছে মোৰ।

সাহিত্য ডট অৰ্গ: বহুত ধন্যবাদ আপোনালৈ।

======================

সাক্ষাৎকাৰটোৰ শ্ৰাব্যৰূপ শুনিবলৈ তলৰ ক্লিপটোত ক্লিক কৰক।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bitu
3 years ago

সুন্দৰ কথোকথন

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক