ৰশ্বোমন চালোঁ – সোণা ফুকন

SONA PHUKANজাপানৰ বিশ্ববিশ্রুত বোলছবি পৰিচালক, নিৰ্মাতা, চিত্রনাট্যকাৰ, সম্পাদক আকিৰা কুৰোছ’ৱাৰ নাম শুনিলেও এখনো ছবি চোৱা নাছিলো ৷ অলপতেহে তেঁওৰ খুউব সম্ভৱ চৰ্তুথখন ছুবি ‘ৰশ্বোমন’(১৯৫o) চালো ৷ একেবাৰে এজন সাধাৰণ দৰ্শক হৈও ছবিখন চাই অভিভূত হ’লো । মানুহৰ মনত সাৰ্বজনীনভাৱে স্বাভাৱিক দোষ, ৰ্দুবলতা, আত্মপ্রেম আদিৰ থকাৰ পাছতো বাকী থকা মানৱীয়তাৰ কথাই এই ছবিখনত দেখুওৱা হৈছে ৷

ছবিখন আৰম্ভ হয় তিনিটা চৰিত্রৰে ৷ এজন খৰিকটীয়া, এজন পুৰোহিত ৷ দুয়ো ধুমুহা-গাজনিৰে অহা বৰষুণৰ পৰা বাচিবলৈ আশ্রয় লয় এখন ভঙা-চিঙা প্ৰৱেশদ্বাৰৰ তলত ৷ আৰু আন এজন সাধাৰণ মানুহেও আহি তেওঁলোকৰ লগ লয় ৷ তেওঁলোকে অলপতে ঘটি যোৱা এটা ধৰ্ষণ আৰু হত্যাৰ কথা পাতিবলৈ আৰম্ভ কৰে ৷ খৰিকটীয়াজনে মনত পেলায় কেনেকৈ তেওঁ তিনিদিনৰ আগতে হাবিত খৰি কাটিবলৈ যাওতে এজন চামুৰাই (বীৰ যোদ্ধা) ৰ মৃতদেহ পৰি থকা দেখিবলৈ পাইছিল । পুৰোহিতজনেও চামুৰাইজনক পত্নীৰে সৈতে সেইদিনাই দেখা বুলি কয় ৷ দুয়োকে সোধা-পোচা কৰাৰ বাবে বিচাৰালয়লৈ লৈ অহা হয় য’ত তেওঁলোকে সেই ধৰ্ষণ আৰু হত্যাৰ দোষ স্বীকাৰ কৰা ডকাইতজনক দেখা পায় । তাৰ পাছত বিচাৰৰ বাবে ডকাইতজন, চামুৰাইৰ পত্নী আৰু চামুৰাইজনৰ (আত্মা আহ্বানৰ জৰিয়তে তেওঁৰ আত্মাৰ) জৱানবন্দী লোৱা হ’ল ৷ প্রতিজনৰে কাহিনীত দেখা গ’ল পৰস্পৰবিৰোধিতা ৷ আনকি পিছত খৰিকটীয়াজনেও নিজে দেখা বুলি বাকী দুজনক এটা কাহিনী কয়,  যিটো আগৰ কাহিনী কেইটাৰ লগত নিমিলে ৷ ফ্লেশ্ববেকত বাৰে বাৰে সলনি হোৱা ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোক সকলোৱে নিজৰ সুবিধা মতে বৰ্ণালে য’ত কোনে সঁচা কৈছে স্পস্ট নহ’ল ৷ এনেতে এটা কেঁচুৱাৰ কান্দোন শুনা যায় ৷ মাতটোৰ পম খেদি তেওঁলোকে পৰিত্যক্ত এটা কেঁচুৱা দেখা পালে ৷ কেঁচুৱাটোৰ গাৰ কাপোৰকেইখন কাঢ়ি ল’ব বিচৰা দেখি খৰিকটীয়াজনে আনজন মানুহক ককৰ্থনা কৰিলে ৷ মানুহজনেও তেতিয়া খৰিকটীয়াজনক তেঁও হত্যা সংঘটিত হোৱা ঠাইৰ পৰা লুকুৱাই অনা চুৰী এখনৰ কথা আঙুলিয়াই তেঁওকো ডকাইত বুলি কৈ হাঁহি হাঁহি আতৰি যায় ৷ আটাইবোৰ দেখি শুনি পুৰোহিত জনে মানৱতাৰ ওপৰত বিশ্বাস হেৰুৱাবলৈয়ে লৈছিল তেনেতে ছটাকৈ সন্তানৰ পিতৃ সেই দুখীয়া খৰিকটীয়াজনে (অভিনয় চাবলগীয়া) সেই কেঁচুৱাটি তুলি লোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷ বৰষুণ এৰিছিল ৷ বতৰ ফৰকাল হৈ আহিছিল; লগতে পুৰোহিতজনৰ মনো ৷

অভিনৱ প্রকাশভংগীৰ সহায় লোৱা এই ছবিখন সঁচাকৈয়ে কুৰোছ’ৱাৰ অনন্য উপহাৰ ৷৷ বিশেষকৈ ডকাইতৰ চৰিত্ৰত অভিনয় কৰা ট’শ্বিৰ’ মিফুনৰ আৰু চামুৰাইজনৰ পত্নীৰ ভূমিকাত অভিনয় কৰা মাচিক’ ক্যৰ অভিনয় পাহৰিব নোৱাৰি ৷ প্রথমে চিত্রনাট্যখন চাইয়ে কুৰোছ’ৱাৰ দুজনমান সহকাৰী পৰিচালকে হেনো ছবিখন এৰি থৈ গৈছিল ৷ কিন্তু প্রথমাৱস্থাত অগতানুগতিক কথনশৈলীৰ বাবে দুৰ্বোধ্য বুলি সমালোচিত হোৱা ছবিখনে পিছত বুটলিলে গ’ল্ডেন লায়ন আৰু একাডেমী অ’নাৰেৰী এৱাৰ্ড ৷ আজিৰ তাৰিখতো ইয়াৰ জনপ্রিয়তা অক্ষুণ্ণ হৈ আছে ৷
ছবিখন চোৱা দুমাহেই হ’ল ৷ এতিয়াও যেতিয়া আনৰ আনকি কেতিয়াবা নিজৰো কিছুমান কথা আৰু ব্যৱহাৰ বিশ্লেষণ কৰি চাওঁ, ‘ৰশ্বোমন ইফেক্টে’ই দেখোঁ !!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!