ধৰ্ম পৰিচয় বনাম মান‌ৱীয় অধিকাৰ ৰক্ষা (মূল: ভবানীপ্ৰসাদ চাহু, অনুবাদ: বৰ্ণালী বৰুৱা দাস)

translation

কাৰোবাক যদি প্ৰশ্ন কৰা হয় ‘আপুনি হিন্দু নে মুছলমান?’ তেন্তে অৱধাৰিতভাৱে প্ৰায় সকলোৱে উত্তৰ দিব ‘হিন্দু’ অথবা ‘মুছলমান’ (বা খ্ৰীষ্টান বা বৌদ্ধ ইত্যাদি)‌। আনকি নানা ধৰণৰ জনমুখী ক্ৰিয়াকাণ্ড আৰু সংগঠনৰ সতে যুক্ত ব্যক্তিসকলকো এই হঠাৎ এই প্ৰশ্ন কৰিলে কাচিৎ বিৰল দুই এটা ব্যতিক্ৰম বাদ দি একে উত্তৰেই পোৱা যাব‌। এই ধৰণৰ প্ৰশ্ন যে কেৱল মুখামুখিকৈহে আহিব পাৰে তেনে নহয়‌। স্কুল-কলেজৰ ফৰ্ম, চাকৰিৰ আবেদন পত্ৰ, বিয়া-বাৰুৰ সম্বন্ধ, পাচপ’ৰ্ট বিচৰা ইত্যাদি বিভিন্ন ক্ষেত্ৰত অহা সম্ভৱ‌। তাতো দুই চাৰিজনে হয়তো অনিচ্ছা সত্বেও বাধ্য হৈ জন্মসূত্ৰে পোৱা ধৰ্ম পৰিচয় লিখে‌। কিন্তু বাকী সকলোৱেই স্বাভা‌ৱিকভা‌ৱেই ধৰ্ম পৰিচয় উল্লেখ কৰে‌। এওঁলোকৰ ওচৰত নিজ ধৰ্ম-পৰিচয় উশাহ-নিশাহ লোৱা, খোৱা-শোৱা কৰাৰ দৰেই এটা স্বাভাৱিক‌ ঘটনা‌। আজন্ম এইদৰেই তেওঁলোকে জানি আহিছে‌। নিজকে হিন্দু মুছলমান ইত্যাদি নাভাবি কেৱল মানুহ হিচাপে ভ‌ৱা লোকৰ সংখ্যা খুবেই তাকৰ‌। এই দিশটোৰ অকণমান সৰলীকৰণ কৰি ক’ব পাৰি যে মান‌ৱীয় অধিকাৰ ৰক্ষাৰ উদ্যোগত যিসকলৰ অধিকাৰ ৰক্ষাৰ আকাংক্ষা কৰা হয়, তেওঁলোকে প্ৰকৃততে নিজকে মানুহ বুলিয়েই নাভাৱে‌; — অৰ্থাৎ এই প্ৰচেষ্টাত মানুহতকৈ কেতবোৰ ধৰ্মীয় ব্যক্তিৰেই স্বাৰ্থ ৰক্ষাৰ চেষ্টা কৰা হয়‌। বৰ্তমান পৰিস্থিতিত সেইটো হ’বলৈও বাধ্য, কাৰণ প্ৰকৃত মানুহতকৈ ধৰ্মীয় মানুহেই সংখ্যাগৰিষ্ঠ, মনুষ্যত্বক ‘ধৰ্ম’ বুলি গ্ৰহণ কৰা ব্যক্তিতকৈ কৃত্ৰিম আৰু মিছা ঈশ্বৰবিশ্বাসকেন্দ্ৰিক ধৰ্মক ‘ধৰ্ম’ বুলি বিশ্বাস কৰা লোকৰেই ৰাজত্ব চলিছে চাৰিওফালে‌।

এই কথাত কোনো সন্দেহ নাই যে, ঈশ্বৰ আৰু অলৌকিক শক্তি বাস্তৱত অস্তিত্বহীন, ইয়াৰ অস্তিত্ব কেৱল মানুহৰ কল্পলোকত‌। মানুহ ঈশ্বৰৰ সন্তান নহয়, বৰং ঈশ্বৰহে মানুহৰ কল্পনাৰ সন্তান‌। এতিয়াৰ পৰা প্ৰায় পঞ্চাছ হাজাৰ বছৰ আগতে নিয়েণ্ডাৰথেল মানুহ আধুনিক মানুহলৈ ৰূপান্তৰ হোৱাৰ পৰ্যায়ত ইয়াৰ ক্ৰমউন্নয়নশীল মস্তিষ্কৰ ক্ষমতাত ঈশ্বৰ জাতীয় অতিপ্ৰাকৃত শক্তি আৰু মৃত্যু পৰৱৰ্তী প্ৰাণৰ তথা আত্মা জাতীয় কিবা এটাৰ কল্পনা কৰিবলৈ লয়। নিম্নস্তৰৰ প্ৰাণীৰ পক্ষে সেইটো সম্ভৱ নাছিল‌। সেই কাৰণেই গেৰিলা চিম্পাঞ্জীৰ দৰে মনুষ্যপ্ৰায় প্ৰাণীৰো ভগৱান জাতীয় কোনো ধাৰণা নাই বা এই ধৰণৰ অস্তিত্বহীন কিবা এটাক সন্তুষ্ট কৰিবৰ বাবে অৰ্থহীন অনুষ্ঠান আদিও সিহঁতে নকৰে‌। মানুহেই নিজৰ অনুসন্ধিৎসা আৰু কল্পনাৰ ক্ষমতাৰে অজ্ঞতা আৰু অসহায়তাৰ ফলত এই ধৰণৰ অপতত্বৰ সৃষ্টি কৰিছে‌। পৰৱৰ্তী সময়ত- এতিয়াৰ পৰা প্ৰায় পাঁচ-ছয় হাজাৰ বছৰৰ আগেয়ে,ধীৰে ধীৰে শ্ৰেণী বিভক্ত সমাজ সৃষ্টি হোৱাৰ পাছত এইবোৰ তত্ব আৰু কেৱল কল্পনা হৈ নাথাকিল‌। সেইয়া বিশেষ শ্ৰেণীৰ অস্ত্ৰও হৈ পৰিল‌। শাসক শ্ৰেণীয়ে তাক ব্যৱহাৰ কৰিলে শাসনৰ বাবে, নিজৰ অস্তিত্বক সুৰক্ষিত কৰিবৰ বাবে‌। শোষিত শ্ৰেণীয়ে সেই কল্পনা আৰু বিশ্বাসৰ মাজত পালে আপোন ভৰসাৰ ঠাই‌। ভাৰতীয় ভূ-খণ্ডত এফালে যাজ্ঞবল্ক্যৰ দৰে পুৰোহিত শ্ৰেণীৰ লোকে প্ৰস্তুত কৰিলে জন্মান্তৰ আৰু কৰ্মফল জাতীয় সৰ্বনাশী তত্ব, আনফালে প্ৰবাহনৰ দৰে শাসক গোষ্ঠীৰ প্ৰতিভূৱে জন্ম দিলে ব্ৰহ্মৰ মায়াময় বিভ্ৰান্তিকৰ তত্ব‌। লগে লগে শোষিত মানুহে নিজ দুৰ্দশাৰ বাবে পূৰ্বজন্মৰ পাপ বা কৰ্মফলক দায়ী কৰি সান্ত্বনা লভিবলৈ ধৰিলে বা বিক্ষোভহীন নিষ্ক্ৰিয়তাৰ ‘শান্তি’ উপভোগ কৰিবলৈ ধৰিলে, আৰু ব্ৰহ্মজ্ঞান লাভৰ অন্তহীন প্ৰচেষ্টাত ঘুৰ্মুটিয়াই ফুৰিবলৈ ধৰিলে‌। গতিকে নিশ্চিন্ত হৈ পৰিল শাসক গোষ্ঠী‌। বিগত চাৰি পাঁচ হাজাৰ যিবোৰ তথাকথিত ধৰ্মই এই ধৰণৰ বহুবিধ সৰ্বনাশী তত্বৰ ভিত্তিত বিশেষ কিছু লোকৰ সৃষ্টি কৰিছে, সেইসকলৰ মাজত সাময়িক কিছুমান সংশোধনবাদী বা বৈপ্ল‌ৱিক ধ্যান ধাৰণা থাকিলেও এটা সময়ত সি কায়েমী গোষ্ঠীৰ হাতৰ অস্ত্ৰ হৈ উঠিছে‌।

এই অৱস্থাত এই ধৰ্মমতবোৰক কোনোভা‌ৱে প্ৰশ্ৰয় দিয়া প্ৰত্যক্ষ বা পৰোক্ষ – উভয়তেই মানুহৰ, বিশেষকৈ শোষিত মানুহৰ মান‌ৱীয় অধিকাৰৰ পৰিপন্থী‌। সি কেৱল যে অস্তিত্বহীন ঐশ্বৰিক শক্তিৰ ওপৰত নিষ্ফল নিৰ্ভৰতাৰ জড়তাক এৰাই গৈ নিজৰ ক্ষমতা আৰু অধিকাৰ সম্পৰ্কে সজাগ হোৱাতেই মানুহক বাধা দিয়ে তেনে নহয়, সি শাসকশ্ৰেণীৰ অস্তিত্ব আৰু শাসনকো নিৰাপত্তা দিয়ে‌। সেয়ে ঈশ্বৰবিশ্বাসকেন্দ্ৰিক ধৰ্মবোৰৰ বিৰোধিতা কৰা আৰু বিকল্প মান‌ৱীয় মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ মাজেদি সেইবোৰৰ বিলোপ সাধন কৰা মূলগতভা‌ৱে শ্ৰেণী সংগ্ৰামৰে অবিচ্ছেদ্য প্ৰাথমিক চৰ্ত‌। লগতে সি আদৰ্শগতভা‌ৱে মান‌ৱীয় অধিকাৰ ৰক্ষা আন্দোলনৰো সম্পৃক্ত দিশ‌। ধৰ্মৰ দৰে এপাট শক্তিশালী অস্ত্ৰ শাসকশ্ৰেণীৰ হাতত সুৰক্ষিত অৱস্থাত ৰাখি সিহঁতৰ দ্বাৰা নিপীড়িত মানুহৰ অধিকাৰ ৰক্ষাৰ চেষ্টা ব্যৰ্থ হ’বলৈ বাধ্য‌; – অন্ততঃ মূলগতভা‌ৱে‌। ধৰ্ম আছে থাকক, ধৰ্মত বিশ্বাস কৰাৰ ‘গণতান্ত্ৰিক অধিকাৰ’ মানুহৰ থাকে থাকক, আমি সিঁহতৰ অন্য গণতান্ত্ৰিক অধিকাৰবোৰকে যোগান দিওঁ – এনে ইচ্ছা,- সৎ আৰু শুভ হ’লেও চূড়ান্ত লক্ষ্য পোৱাত সি ব্যৰ্থ হ’বলৈ বাধ্য‌। সাৰ্বজনীন খাদ্য, স্বাস্থ্য বা শিক্ষা ইত্যাদিৰ অধিকাৰ  মানুহক যোগান দিয়াৰ সিমান দৰকাৰ নাই যিমান দৰকাৰ মানুহক এইবোৰ অধিকাৰ অৰ্জন কৰাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ‌। কিন্তু সেই মানুহৰ মনৰ গভীৰ কোণত যদি এই ভা‌ৱেই ক্ৰিয়া কৰি থাকে যে এই সকলো অপ্ৰাপ্তিৰ মূল তেওঁৰ পূৰ্বজন্মৰ কৰ্ম বা এই সকলো ঈশ্বৰৰ অভিপ্ৰায়প্ৰসূত নাইবা যদি এনেকৈয়ে ভা‌ৱে যে এইবোৰ অধিকাৰ অৰ্জনতকৈ হিন্দু বা মুছলমান ইত্যাদি হিচাপে নিজৰ অস্তিত্ব ৰক্ষা অধিক গুৰুত্বপূৰ্ণ (গতিকে বাবৰি মচজিদ ভঙা দৰকাৰ বা চলমান ৰুচদিক মৰা দৰকাৰ)- তেনেহ’লে সেই মানুহক বাকী যিয়েই নহওক বলিষ্ঠভা‌ৱে নিজৰ অধিকাৰ অৰ্জন কৰাব নোৱাৰি‌। ধৰ্ম, আৰু ঈশ্বৰবিশ্বাসে যি বিভ্ৰান্তি, নিষ্ক্ৰিয়তা, ক্লীৱত্ব আৰু মেৰুদণ্ডহীনতাৰ জন্ম দিয়ে তাৰ দ্বাৰা আন যিয়েই নহওক বিশ্বাসীসকলক পৰিপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠিত কৰাটো অসুবিধাজনক‌।

এই কথা সত্য যে ইতিহাসৰ নানা সময়ত তথাকথিত এই ধৰ্মবোৰক কেন্দ্ৰ কৰি বহু লোকে সামাজিক আন্দোলন কৰিছে, ধৰ্ম আৰু ঈশ্বৰবিশ্বাসে তেওঁলোকক শক্তি আৰু সাহস যোগাইছে‌। কিন্তু সূক্ষ্মভা‌ৱে চালে দেখা যাব যে এই ধৰণৰ কোনো আন্দোলনেই অন্ততঃ উক্ত মানৱগোষ্ঠীকো স্থায়ী আৰু পূৰ্ণ শোষণমুক্তিৰ পথত অৱতৰণ কৰোৱা নাই‌। আপাত: কিছুমান সুবিধা আৰু সাময়িক সংশোধনত ধৰ্মৰ বৃহৎ গহ্বৰটোত হয়তো আৰু গভীৰভা‌ৱেহে সোমাই পৰিছে‌। ধৰ্মক ভিত্তিমূলত ৰাখি, ধৰ্ম আৰু ঈশ্বৰক শক্তি হিচাপে গ্ৰহণ কৰি কোনো যুদ্ধই প্ৰকৃত যুদ্ধ নহয়‌, সি এটা ডাঙৰ শত্ৰুক উপেক্ষা কৰি সৰু সৰু অন্যান্য শত্ৰুৰ বিৰুদ্ধে আত্মপ্ৰৱঞ্চনাকাৰী সংগ্ৰাম মাত্ৰ‌। জীৱাণুৰ আক্ৰমণত জ্বৰ হ’লে জীৱাণু মৰাৰ ব্যৱস্থা নকৰি কেৱল জ্বৰ কমোৱাৰ ঔষধ খুওৱাৰ দৰে‌।

অৱশ্যে এইবোৰৰ লগতে এই কথাও সত্য যে, যিসকলে নিজকে ঈশ্বৰ বিশ্বাসী বুলি কয় আৰু ঈশ্বৰবিশ্বাসকেন্দ্ৰিক বিভিন্ন ধৰ্মত নিজকে পৰিচিত কৰায়, সেইসকলৰ প্ৰায় কোনেও প্ৰকৃত বিচাৰত সঁচা অৰ্থৰ ঈশ্বৰবিশ্বাসী বা ধাৰ্মিক ব্যক্তি নহয়‌। খোৱা বোৱাৰ অসুবিধাত তেওঁলোকে হয় চাকৰি, খেতি-বাতি বা অন্ততঃ ঈশ্বৰৰ নাম লৈয়েই হয়তো,মানুহৰ ওচৰতেই ভিক্ষা খোজে‌;- ‘প্ৰকৃত’ ঈশ্বৰবিশ্বাসীৰ দৰে ‘তেওঁৱেই সকলো দিব’ বুলি বিশ্বাস কৰি কায়মনোবাক্যে কেৱল ঈশ্বৰৰ আৰাধনাই কৰি নাথাকে (প্ৰাচীন বহু আখ্যানত এনেকুৱা কৰাৰ কথা যিদৰে পঢ়িবলৈ পোৱা যায়‌)‌। হিন্দু ধৰ্মাৱলম্বী হ’লেও বেদ বৰ্ণিত উপায়েৰে আজি কালি আৰু কোনেও মন্ত্ৰ মাতি ৰোগ দূৰ কৰিবলৈ নাযায় বা স্বামী-স্ত্ৰীৰ কাজিয়া ভাঙিবলৈ নাযায়‌। বা পলায়ন কৰিব খোজা পত্নীক বেদ মন্ত্ৰ মাতি ৰখোৱাৰ চেষ্টা নকৰে‌- অথচ এই ধৰণৰ অজস্ৰ সমস্যা সমাধানৰ বাবে সুনিৰ্দিষ্ট বৈদিক মন্ত্ৰ আছে‌;- অৰ্থাৎ এওঁলোকে বেদ নামানে‌। কোৰাণ নামানি অসংখ্য মুছলমানেই বেংকত টকা থৈ বা অন্য উপায়েৰে সুদ লয় বা চূড়া ৯-৫ত যেনেদৰে কোৱা আছে- “…….. য’তেই সিহঁতক দেখিবা তাতেই পৌত্তলিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবা আৰু সিহঁতক হত্যা কৰিবা”- এনে নিৰ্দেশ অসংখ্য মুছলমানেই কাৰ্যকৰী কৰিবলৈ সাহস নাপায় বা বৰ্তমান কালত কাৰ্যকৰী নকৰাটোৱেই উচিত বুলি ভা‌ৱে‌। অন্যান্য নানা ধৰ্মৰ অনুগামীসকলৰ ক্ষেত্ৰতো এই ধৰণৰ উদাহৰণ আছে‌। তেওঁলোকৰ মাজত কোনোবা কম বা বেছি গোড়া, কিন্তু ধৰ্মশাস্ত্ৰৰ  সকলোবোৰ কথা নিখুঁতভা‌ৱে মানি চলা লোক নাই বুলিয়েই ক’ব পাৰি‌। বিশেষ মানৱ বা মানৱগোষ্ঠীৰ দ্বাৰা সৃষ্ট আৰু আৰোপিত এইবোৰ তথাকথিত ধৰ্মগ্ৰন্থৰ অপ্ৰাসংগিক, অমানবিক বিভিন্ন নিৰ্দেশ নামানি বৰ এটা ক্ষতি হোৱা নাই‌। গতিকে এইটো সত্য যে, এইয়াই যদি বাস্তৱ হয়, প্ৰকৃত ঈশ্বৰবিশ্বাসী আৰু ধৰ্মাচাৰী যদি নায়েই তেন্তে ঈশ্বৰবিশ্বাস আৰু ধৰ্ম পৰিচয়ৰ কৃত্ৰিমতা, ভ্ৰান্তি আৰু বিপদক সুস্পষ্ট আৰু বলিষ্ঠভা‌ৱে চিহ্নিত আৰু বিলোপ কৰাৰ ক্ষেত্ৰত অন্ততঃ শুভবুদ্ধিসম্পন্ন সৎ মানৱতাবাদী লোকসকলৰ দ্বিধা থকা উচিত নহয়‌। বিশেষকৈ এনেধৰণৰ দ্বিধা আৰু সংকোচ দ্ৰুতভা‌ৱে দূৰ কৰা উচিত, কাৰণ এই ধৰণৰ মিথ্যা ধাৰণাবোৰ সাৱটি ৰখাটো মনুষ্যত্বৰ পৰিপূৰ্ণ বিকাশৰ পৰিপন্থী‌। ধৰ্ম আৰু ঈশ্বৰবিশ্বাসে মানৱ আৰু মানৱসমাজতকৈ ‘ঈশ্বৰ আৰু তেওঁৰ নিৰ্দেশাৱলী’কেই অধিক গুৰুত্ব দিয়াৰ কথা কয়‌। সেয়েহে সি অৱশ্যেই মানৱতা আৰু মান‌ৱীয় অধিকাৰ ৰক্ষাৰ বিৰোধী‌। এইক্ষেত্ৰত বাধা দুই বিপৰীত দিশৰ পৰা আহিব‌। সাধাৰণ সৰল বিশ্বাসী অসচেতন মানুহে ধৰ্ম আৰু ঈশ্বৰবিশ্বাসৰ নিচাত ডুব গৈ থাকিবলৈ ভাল পায়‌। ইয়াৰ ওপৰত আঘাত তেওঁলোকৰ অস্তিত্বৰ ওপৰত আঘাত বুলিয়েই ভা‌ৱে বা তেওঁলোকক তেনেকৈ ভা‌ৱিবলৈ দিয়া হয়‌। গতিকে তেওঁলোকে সকলোবোৰ চালি-জাৰি নোচোৱাকৈয়ে মানৱপ্ৰেমী, ঈশ্বৰ আৰু ধৰ্মদ্ৰোহীসকলৰ বিৰুদ্ধে জঁপিয়াই পৰিব‌। তেওঁলোকক সচেতন কৰাৰ আৰু মান‌ৱিক শুভবোধক উদ্বুদ্ধ কৰাৰ দায়িত্ব সচেতন আৰু শুভবুদ্ধিসম্পন্ন লোকসকলৰ‌। আঘাত আহিব সেইসকল ধান্দাবাজ গোষ্ঠীৰ ফালৰ পৰাও যিসকলে এই ঈশ্বৰবিশ্বাস আৰু ধৰ্মক ভাঙিয়েই নিজৰ জী‌ৱিকা, প্ৰতিপত্তি,শাসন আৰু আধিপত্য বজাই ৰাখে‌‌, সচেতন বা অসচেতন যেনেদৰেই নহওক লাগে‌। এইসকলৰ বিৰুদ্ধে যুঁজিবলৈ আনসকলক উদ্বুদ্ধ কৰাও শুভবুদ্ধিসম্পন্ন মানৱতাবাদীসকলৰেই দায়িত্ব‌।

কিন্তু প্ৰশ্ন হয়, এইবোৰৰ অৰ্থ জানো মানুহৰ ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰত হস্তক্ষেপ কৰা নহয়? অৱশ্যেই নহয়‌। কাৰণ কাৰোবাক জোৰ কৰি বা বিশেষ ধৰ্মত বিশ্বাস বা অবিশ্বাস কৰোৱাবৰ বাবে প্ৰচেষ্টা সুস্থ কাম নহয় আৰু সেইটো কৰা উচিতো নহয়‌। সামগ্ৰিকভা‌ৱে এই ধৰ্ম আৰু ইয়াৰ ঈশ্বৰৰ সৃষ্টি, সৃষ্টিৰ কাৰণ, টিকি থকাৰ ভিত্তি, বিপদ আৰু শ্ৰেণীগত ব্যৱহাৰ সম্পৰ্কে সচেতন কৰি তুলিব পাৰিলে  বা পৰিবৰ্তিত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰাসংগিকতাত, মানুহেই নিজে ঠিক কৰিব তেওঁলোকে এই বিশ্বাস সাৱটি ৰাখিব নে নাৰাখে‌। এই সিদ্ধান্ত লোৱাৰ বাবে উপযুক্ত কৰি আনসকলক গঢ়ি তোলাৰ লক্ষ্যই হোৱা উচিত সেই সকল মানৱতাবাদীৰ কৰ্তব্য আৰু দায়িত্ব‌, যিসকলে পৃথিৱীত সুস্থভা‌ৱে জীয়াই থকাৰ বাবে প্ৰাথমিক অধিকাৰবোৰক অধিকাৰবঞ্চিতসকলৰ দ্বাৰা অৰ্জন কৰোৱাব খোজে‌।

ধৰ্মীয় বিশ্বাসৰ কাৰণেই যদি কোনোবাই কাৰোবাৰ ওপৰত আক্ৰমণ কৰে তেন্তে তাৰ বিৰোধিতা কৰাটোও এই দায়িত্বৰেই অন্তৰ্ভুক্ত‌। কাৰণ এই ধৰণৰ আক্ৰমণে ধৰ্মীয় উন্মাদনাক বঢ়াই দিয়ে‌ আৰু আক্ৰমণকাৰী আৰু আক্ৰান্ত দুয়োপক্ষকেই বাধ্য কৰে ধৰ্মক আৰু বেছিকৈ আকোঁৱালি লোৱাত‌। বাবৰি মচজিদ ভঙাই হওক, জোৰ কৰি দাৰিদ্ৰ্য ইত্যাদিৰ সুযোগ লৈ ধৰ্মান্তৰকৰণ কৰাই হওক নাইবা ধৰ্মীয় অসহিষ্ণুতা আৰু সাম্প্ৰদায়িক সংঘৰ্ষই হওক, অথবা মুক্তমনা ব্যক্তিৰ হত্যাৰ হুমকিয়েই হওক- এই ধৰণৰ নানা কাম কেৱল এজন ব্যক্তিৰ বিশ্বাসৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আঘাতেই হওক, সি সামগ্ৰিকভা‌ৱে মান‌ৱীয়তাক খৰ্ব কৰে আৰু ধৰ্মক বিকৃতভা‌ৱে ব্যৱহাৰ কৰাৰো ই এক উপায়‌। আৰু এই কাৰণেই মানৱতাবাদী ব্যক্তিসকলে এইবোৰৰ বিৰোধিতা কৰে বা কৰা উচিত‌। একেদৰেই হিন্দুৰ ওপৰত মুছলমানৰ বা মুছলমানৰ ওপৰত হিন্দুৰ বিষোদ্গাৰ জাতীয় ধৰ্মীয় লেতেৰামিও ঘৃণা আৰু ক্ৰোধেৰে প্ৰতিৰোধ কৰা প্ৰয়োজন‌। ওচৰা-ওচৰি কোনো এলেকাৰ লোকে যদি ধৰ্মীয় বিশ্বাসৰ বাবে নিজৰ এলেকাত নিজ ধৰ্মীয় সৌধ গঢ়াটোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ বুলি ভা‌ৱে আৰু তাক কাৰ্যকৰী কৰাৰ চেষ্টা কৰে, নাইবা ধৰ্মীয় উৎস‌ৱৰ আয়োজন কৰে, তেন্তে তাৰ ওচৰত অন্ততঃ থিয় দিয়া অনুচিত‌, সমৰ্থন কৰাতো দূৰৰ কথা‌। শব্দ প্ৰদূষণ কৰি নিৰন্তৰ নাম-কীৰ্তন বা পৰিবেশ প্ৰদূষণ ঘটাই চৰণামৃতৰ ব্যৱসায় জাতীয় কামক ৰোধ কৰাৰ চেষ্টা কৰাটোৱেই মান‌ৱতাবাদী মানসিকতাৰ পৰিচয়‌। এইধৰণৰ সমস্ত কামেই ধৰ্মৰ মুখা  পিন্ধি ধৰ্মক শক্তিশালী কৰে‌। গতিকে এইবোৰ কামত সহায় কৰাটো অন্যায় আৰু অমানৱিক‌,- সম্ভৱ হ’লে তাক প্ৰতিহত কৰা দৰকাৰ; ধৰ্মবিশ্বাসীসকলৰ অধিকাৰত হস্তক্ষেপ কৰা অন্যায় বা যান্ত্ৰিকভা‌ৱে এইদৰে ভাবি মনে মনে থকা বা সাহায্য কৰাৰ অৰ্থ মানুহকেই প্ৰকৃত অৰ্থত নিজৰ প্ৰকৃত অধিকাৰ ৰক্ষাৰ পৰা বিৰত আৰু বিভ্ৰান্ত কৰা‌।

সেই অধিকাৰেই ৰক্ষা কৰা দৰকাৰ যি বিশেষ ব্যক্তিৰ আৰু সমগ্ৰ মান‌ৱজাতিৰ জীৱনক উন্নত কৰে‌। সেই চেতনা আৰু বিশ্বাসৰ অধিকাৰকেই তুলি ধৰা প্ৰয়োজন যি আমাৰ পক্ষে মংগলজনক‌। বিজ্ঞানমনস্ক মুক্ত চিন্তাই সুস্থ চিন্তা‌। সেয়েহে ইয়াৰ সপক্ষেই কাম কৰা প্ৰয়োজন‌। অস্তিত্বহীন ঈশ্বৰৰ মিথ্যা বিশ্বাস আৰু ধৰ্মীয় বিশ্বাস যেতিয়া ক্ষতিকৰ আৰু অসুস্থ, তেতিয়া তাক ৰক্ষা কৰাৰ অৰ্থ মানুহৰ ক্ষতি কৰা আৰু অসুস্থতা বৃদ্ধি কৰা‌। এই বিশ্বাস মিছা হ’লেও সি মানুহৰ কিছু আপাত উপকাৰ কৰে‌। শোকে-দুখে মানুহক শান্তনা দিয়ে‌। ঈশ্বৰবিশ্বাসে বিপদৰ সময়ত মনত অলিক সাহস যোগায়‌। আত্মা আৰু পুনৰ্জন্মৰ ধাৰণাই অকালত মৃত্যু বৰণ কৰা প্ৰিয়জনৰ শোক লাঘৱত সহায় কৰে‌। ধৰ্মই বিশেষ কিছুমান লোকক বিশেষ গোষ্ঠীবদ্ধ কৰি, বিশেষ মূল্যবোধত অনুপ্ৰাণিত কৰি,সামাজিক অনুশাসন আৰু শৃংখলাৰক্ষা কৰাৰ কামো কৰে‌। ই বিশেষ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ সহায়ক ভূমিকা পালন কৰে‌। এইবোৰ কাৰণতেই ইয়াক বচাই ৰখা হয়‌। কিন্তু এই সকলোবোৰেই- প্ৰথমতঃ, মিথ্যা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত,- ফাঁকি,প্ৰতাৰণা আৰু আত্মপ্ৰবঞ্চনাৰে ভৰা‌ ; দ্বিতীয়তঃ, এই সকলোবোৰৰে বিকল্প আছে‌। সকলোতকৈ ডাঙৰ কথা হ’ল এইবোৰ আপাত ব্যৱহাৰিক উপযোগিতাৰ আঁৰলৈ ইয়াৰ সৰ্বনাশী শিপা ব্যক্তি আৰু সমাজৰ গভীৰত প্ৰ‌ৱেশ কৰে‌। সেয়েহে আপাত কিছুমান ব্যৱহাৰিক উপযোগিতাৰ দোহাই দি ঈশ্বৰ আৰু ধৰ্মক আঘাত নকৰাৰ কৌশল বিপদজনক‌।

আশাৰ কথা বৰ্তমান পৃথিৱীত অন্ততঃ পাঁচজনৰ মাজত এজন (শতকৰা ২০.৪ জন ) মানুহে  চৰকাৰীভা‌ৱে আৰু সুস্পষ্টভা‌ৱে  নিজকে ঈশ্বৰবিশ্বাসমুক্ত আৰু ধৰ্ম পৰিচয়মুক্ত বুলি বলিষ্ঠভা‌ৱে ঘোষণা কৰিছে‌। আমেৰিকা-আলবেনিয়া বা অষ্ট্ৰেলিয়াই হওক, চীন-কিউবা বা ৰাচিয়াই হওক,- পৃথিৱীৰ প্ৰায় ২৩৬খন দেশৰ যথেষ্ট সংখ্যক মানুহ এই দলভুক্ত আৰু ইয়াৰ সংখ্যা ক্ৰমবৰ্ধমান‌। এসময়ত যি মুক্ত মান‌ৱীয় চিন্তা
চাৰ্বাক বা চক্ৰেটিচ-এৰিষ্টকাচৰ দৰে মুষ্টিমেয় কিছু ব্যক্তি বা গোষ্ঠীৰ মাজত জীৱন্ত আছিল আজি সি ক্ৰমপৰিবৰ্তনশীল আন্তৰ্জাতিক ব্যৱস্থাৰ এটা বিপুল শক্তিৰ সম্ভাৱনা লৈ প্ৰাসংগিকভা‌ৱে প্ৰতিষ্ঠিত হৈছে‌। ইয়াৰ অৰ্থ হয়তো এইটো নহয় যে, এই প্ৰায় ১১৫ কোটি নাস্তিক-ধৰ্মপৰিচয়মুক্ত মানুহৰ সকলোৱেই মান‌ৱীয় অধিকাৰ ব‌ঞ্চিত নিপীড়িত মানুহৰ বাবে সংগ্ৰাম কৰিছে, অথবা এইটোও হয়তো সত্য যে, এইসকলৰ মাজত এনে লোক থকাও অসম্ভৱ নহয় যি ভিন্নধৰণেৰে মানুহৰ বাবে ক্ষতিকৰ কৰ্ম কাণ্ডত লিপ্ত; তথাপি এইটোৱেই এতিয়া সত্য যে, ঈশ্বৰবিশ্বাস আৰু ধৰ্মবিশ্বাসৰ পৰা মুক্তিৰ দিশটোৱেই যথাৰ্থভা‌ৱে মানুহক নিজে বাচি থকাৰ যুঁজ কৰিবলৈ শিকাব, যথাৰ্থ মান‌ৱীয় মূল্যবোধত শিক্ষিত কৰিব, সক্ষম কৰিব নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰি প্ৰাণধাৰণৰ অধিকাৰবোৰ অৰ্জন কৰিবলৈ আৰু মানুহক ভাল পাবলৈ‌।-এই নাস্তিকতা আৰু ধৰ্মপৰিচয়হীনতা ঈশ্বৰ আৰু ধৰ্মৰ ৰঙাচকু আৰু নিন্দা বৰ্ষণক উপেক্ষা কৰি শক্তি অৰ্জন কৰিছে‌। আগন্তুক দুই-চাৰি দশকত মানুহৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামৰ উপযোগী দৰ্শন হিচাপে সি তাৰ আন্তৰ্জাতিক যথাৰ্থতা আৰু সাফল্য প্ৰমাণ কৰিব‌।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!