ৰিক্সা আৰু ৰিক্সাচালক (মৌচুমী বৰি)

??????????????????????????????????????????????????????????????????????“ৰিক্সা” শব্দটো মনলৈ অহাৰ লগে লগে বহু কথাইচোন মনলৈ আহিছে ৷ স্মৃতিৰ পাতবোৰ এখিলা এখিলাকৈ যেন মেল খাই গৈছে …….. সিদিনা এখন ৰিক্সাত উঠিলো ৷ ৰিক্সাৱালাজন এজন বয়সষ্ঠ লোক ৷ পানীটেংকীৰ পৰা গণকপট্টিলৈ যোৱা ৰাষ্টাটোলৈকে বৰ বেয়া ৰাষ্টা ৷ কোনোদিন ৰাষ্টাটো ভাল হোৱা আজিলৈ দেখি পোৱা নাই ৷ ৰিক্সাৱালাজনে নিজেই ক’লে—“ তেওঁ বোলে মণিপুৰ গৈছিল ৷ ৰাষ্টা কি ধুনীয়া ! ফু মাৰি ভাত খাব পৰা ৷ আমাৰ এই অসম মুলুকত সবেই টকা খায় ! ৰাষ্টা ক’ত ভাল হ’ব?” ৰিক্সাৱালাজনৰ কথাশুনি তেওঁক মোৰ কথাচহকী যেন লাগিল ৷ মই তেওঁৰ কথা সমৰ্থন কৰাত তেওঁ অনৰ্গল কৈ যাব ধৰিলে — “ তেওঁ ১৯৮৭ চনৰ পৰা ৰিক্সা চলাই আহিছে ৷ এতিয়া তেওঁৰ ৬৫ বছৰ হৈছে ৷ ভগৱানে তেওঁৰ স্বাস্হ্য ভালে ৰাখিছে সেইবাবে এই বুঢ়া বয়সত ৰিক্সানচলালেও চলি যায় যদিও স্বাস্হ্যটোৰ কাৰণেই ৰিক্সা চলাই আছে ৷ আঁঠুদুটাৰ ভাল ব্যায়াম হয় বোলে ৷” মই তেওঁক ঘৰ ক’ত বুলি সুধাত ক’লে – “ৰংঘৰৰ কাষত! ভূপেন হাজৰিকা যেতিয়া সাহিত্য সভাৰ সভাপতি আছিল তেওঁ তেতিয়া ডেকা ৷মানুহৰ কি ভীৰ হৈছিল ! ৰংঘৰ পোৱাৰ আগতে দেখা ৰজাদিনীয়া দলংখনেৰে মানুহৰ আহজাহ হৈছিল ৷ তেতিয়া এতিয়াৰ দলংখন নাছিল ৷”…সিমানখিনি কোৱালৈকে মই মোৰ গন্তব্যস্হান পাইছিলোগৈ ৷ তেওঁৰ যেন আৰু অলপ কথা কবলৈ থাকি গ’ল তেনে লাগিছিল ৷ “কথা পাতি ভাল লাগিল” বুলি কৈ মই তেওঁৰ পৰা বিদায় লৈছিলো ৷ ডাক্টৰৰ ওচৰলৈ গৈছিলো বেমাৰ দেখুৱাবলৈ ৷ লাইন পাতি বেমাৰ দেখুৱালৈকে দুঘন্টা লাগিল ৷ বেমাৰ দেখুৱাই ওলাই আহি মই আৰু জনিতাই ৰিক্সা এখন ললো ৷ তেনেতে সীমাই ফোন কৰিলে বোলে ষ্টেচন চাৰিআলিত তাই আছে তাইকো লৈ যাব লাগে , তাই বিশেষ কাম এটাত আমাৰ ঘৰলৈ আহিছে বোলে ! ৰিক্সাৱালাজনক ক’লো—“ষ্টেচন চাৰিআলি ব’লা” ৷ তেওঁ মুখেৰে উত্তৰ নিদিয়াকৈ আমাক টানি লৈ গ’ল ৷ অলপ দেৰিৰ পাছত আমি ষ্টেছন চাৰিআালি পালোগৈ , সীমাক ক’লো—“ৰিক্সাত উঠ” ৷ মোৰ কথা শুনি ৰিক্সাৱালাৰ খং উঠিল ৷ সি খঙেৰে ক’লে – “মই তিনিজন টানিব নোৱাৰোঁ “৷ মইও নাচোৰবান্দা ৷ মই ক’লো –“পাৰিবা, কিয় নোৱাৰিবা ৷ চোৱাছোন আমি সব খীন খীন ৷”অৱশেষত মোৰ কথা তেওঁ নমনাকৈয়ে মানি ল’লে ….ৰিক্সাখন গৈ থাকিল ….. অলপদেৰিৰ পাছত মই চিঁয়ৰি উঠিলো — “এ এ এ….ৰিক্সা ৰখোৱা, ৰখোৱা…” মোৰ চূৰ্ণীখন ৰিক্সাৰ চকাত পাক খাই গ’ল ৷ তেওঁ মুখেৰে ভোৰভোৰালে –“কি মস্কিল!” এইবুলি কৈ ৰিক্সাখন অলপ পিছুৱাই লৈ গ’ল আৰু মোৰ চূৰ্ণীখনো মুক্ত হ’ল, ভাগ্য ভাল নাফাটিল ৷ “ৰিক্সা, পানী টেংকী, লৈ যাবা দেই !” “পানী টেংকীলৈকে নিব নোৱাৰোঁ, ৰাস্টা ইমান বেয়া..তাৰ আগতে তহঁতক নমাই দিম” আমি তিনিজনীয়ে মুখলৈ চোৱাচুই কৰিলোঁ – তেওঁ আমাক “তই” বুলিছে ৷ পিছে তেওঁৰ মুখৰ “তই”টো ভালেই লাগিছেচোন শুনিবলৈ ! মই তেওঁক ক’লো—“কেলেই নিনিবা পানীটেংকীলৈকে ? ৰিক্সাচলাই পেট প্ৰৱৰ্তাইছা আৰু কষ্ট কৰিবলৈ মন নাই, কি মানুহ হে তুমি? এনেকৈ কেনেকৈ চলিব? নিবই লাগিব আমাক পানী টেংকীৰ ওচৰলৈ!” তেওঁ মোৰ কথা শুনি মনে মনে ৰিক্সা চলাই থাকিল ৷ সীমা আৰু জনিতাই মোৰ কথা সমৰ্থন কৰিলে ৷ লাহে লাহে আমি গৈ পানীটেংকী পাওঁ পাওঁ হ’লো পিছে তেওঁলৈ বেয়া লগাত “ইয়াতে ৰখাই দিয়া” বুলি কৈ আমি তিনিওজনী ৰিক্সাৰ পৰা নামিলোঁ ৷ তাৰপিছত তেওঁক তাৰ প্ৰাপ্যটো দিলোঁ পিছে তেওঁ সন্তুষ্ট নহ’ল, তেওঁক আৰু লাগে ৷ মই ক’লো – “তুমি যিমান পাব লাগে তাতকৈ অলপ বেছিয়েই দিছো মই !” তেওঁ মোলৈ ঘোপাকৈ চাই , বেয়া মাত মাতি ক’লে – “তহঁতক সেইকাৰণে উঠাব মন নাযায়!” তেওঁৰ বেয়া মাত শুনি মোৰ খং উঠিল ৷ মই ক’লো—“বেয়া মাত নামাতিবি ৷ হজে হজে পইচা ল’ আৰু যা, চল পাই গৈছ’ মৰম কৰাত!” মোৰ খং দেখি তেওঁ মোলৈ ভেবা লাগি চাই ৰ’ল …….তেতিয়া আমি তিনিওজনী বহুদূৰ পাইছিলোগৈ!! মই তেতিয়া তৃতীয় শ্ৰেণীত ৷ মোৰ এটা ভাব হৈছিল ৰিক্সাৱালাবোৰে বিনাপইচাত মানুহক উঠাই লৈ ঘূৰি ফুৰে ৷ সেয়ে এদিন মাইনু আৰু মই স্কুল ছুটীৰ পিছত ৰিক্সাএখনত উঠি দুইজনী ঘৰলৈকে আহি পইচা নিদিয়াকৈ ঘৰ সোমালোহি ৷ ৰিক্সাৱালাই “ভাৰা নিদিয়াকৈ ক’ত যাব ওলাইছা” বুলি কৈ আমাৰফালে চোঁচা ল’লে, আমি দুজনী ভয়তে গৈ বিচনাৰ তল পালোঁগৈ ,মায়ে যেনিবা ৰিক্সাৱালাজনক ভাৰা দি ওভোটাই পঠালে ৷ মই যেতিয়া চতুৰ্থশ্ৰেণী, দেউতাই দুখন ৰিক্সা কিনিছিল, যিমানদূৰ মনত আছে, এখন ৰিক্সাৰ দাম আছিল ২২০০ টকা ৷ ৰিক্সাদুখন চলাবৰ বাবে দুজন ৰিক্সাৱালা ঠিক কৰি লৈছিল দেউতাই ৷ সিহঁত দুটাই দিনটো ভাৰা মাৰি মাৰ হাতত ৮ টকাকৈ দিয়া দেখিছিলো ৷ ৰিক্সাদুখনৰ পিছফালে নাম লিখা আছিল …এখন ৰিক্সাৰ পিছফালে ধুনীয়াকৈ ৰঙা আখৰেৰে ডাঙৰ ডাঙৰকৈ লিখা আছিল “মৌচুমী” আৰু আনখন ৰিক্সাৰ পিছফালে লিখা আছিল “বাবা ছাৰ্ভিছ”..মোৰ ডাঙৰ দাদাৰ ঘৰত মতা নাম আছিল “বাবা” ৷ “মৌচুমী” নামৰ ৰিক্সাখনৰ বাবে মোৰ ফূৰ্তিৰ সীমা নাছিল কাৰণ সেইখন মোৰ নামৰ ৰিক্সা ৷ ৰিক্সাত উঠি মই কেতিয়াবা ৰাণীৰ দৰে স্কুল গৈছিলো ৷ পিছলৈ ৰিক্সাদুখনৰ ইমান সমস্যা ওলাল যে দেউতাই ৰিক্সাদুখন বেচি দিব লগা হ’ল ৷ আমাৰ “মন্নাছ” নামৰ এজন ৰিক্সাৱালা আছিল ৷ সি খুব খীন আছিল ৷ শকত মানুহ উঠিলে তাৰ টানি টানি আধ্যা পৰিছিল ৷ মাৰ তালৈ বেয়া লাগি তাৰ পৰা ভাৰা নলয় ওলোটাই তাকে চাউল-পাত দি ঘৰলৈ পঠাইছিল ৷ আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলো, আমাৰ স্কুলখন আমাৰ ঘৰৰ পৰা ২ কি:মি: দূৰত্বত আছিল ৷ আমি লগৰকেইজনীৰ স’তে প্ৰায়ে খোজকাঢ়িয়েই গৈছিলো ৷ কেতিয়াবা মায়ে ৰিক্সাত যাবৰ বাবে ২ টকামান হাতত গুজি দিছিল ৷ হাতত পইচা থাকিলে আমি কেতিয়াবা ৰিক্সাত চাৰিজনী উঠিছিলো, দুজনী চিটত আৰু দুজনী কোচত ৷ এনেকৈ এদিন যাওঁতে আমাৰ লগৰ মাইনু চলি থকা ৰিক্সাৰ পৰা ধপচকৈ পৰি গৈছিল, পিছে গুৰুতৰ ভাৱে দোষ পোৱা নাছিল, আঁঠুৰ মাখিছাল চিগিছিল ৷ মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ এদিন ৰিক্সাত গৈ থাকোঁতে এখন গাড়ীয়ে আমাৰ ৰিক্সাৰ চকা এটা খুন্দিয়াই পেটেকা কৰিছিল ৷ ভাগ্যক্ৰমে আমাৰ পিছে একো হোৱা নাছিল ৷ আমি পুনৰ বেলেগ এখন ৰিক্সাত উঠি পৰীক্ষা দিবলৈ গৈছিলো ৷ মনত পৰে, যেতিয়া কলেজত পঢ়ি আছিলো, আমাৰ হাতত খুচুৰা নথকাৰ বাবে মোৰ মানিবেগত থকা সৰু সৰু আডাৰ পেকেট দুটামান ৰিক্সাৱালাৰ হাতত দিছিলো, ৰিক্সাৱালাই চাদাৰ পেকেট বুলি ভাবি সন্তুষ্ট হৈ গুচি গৈছিল ৷ এই কথাই মোৰ লগৰ বান্ধৱী মীনাক্ষীক বেছ হাঁহিৰ খোৰাক দিছিল ৷ আজিকালি অনুভৱ হয় – এসময়ত ৰিক্সা আৰু ৰিক্সাচালকৰ যিমান গুৰুত্ব আছিল সেই গুৰত্ব বিক্ৰম, মেজিক, ই-ৰিক্সা আদিয়ে বহুত কমাই দিলে ৷ তথাপি আজিও ভাল লাগে ৰিক্সা আৰু ৰিক্সাৱালা ৷ “ৰিক্সা আৰু ৰিক্সাচালক”ৰ সুখ-স্মৃতি মনৰ এলবামত এনেকৈয়ে বন্দী কৰি ৰাখিছোঁ আলফুলে ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mridul
6 years ago

Khub VaL lagil pohi 🙂