‘ৰিভাৰ ডগ’: মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বঙ্গোপ সাগৰৰ মোহনালৈ এক বৰ্ণাঢ্য যাত্ৰা – (জলী ৰুমী বৰা)

ৰিভাৰ ডগ‘: মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বঙ্গোপ সাগৰৰ মোহনালৈ এক বৰ্ণাঢ্য যাত্ৰা

– জলী ৰুমী বৰা

গ্ৰন্থঃ ৰিভাৰ ডগ (River Dog-A journey down the Brahmaputra)

গ্ৰন্থকাৰঃ মাৰ্ক চান্দ (Mark Shand)

প্ৰথম সংস্কৰণঃ ২০০২

প্ৰকাশকঃ লিটল ব্ৰাউন বুক গ্ৰুপ, লণ্ডন (Little, Brown Book Group, London)

মূল্যঃ ৪৮৫ টকা

 

‘ৰিভাৰ ডগ’।বৃটিছ পৰ্যটক তথা লেখক মাৰ্ক চান্দে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বঙ্গোপ সাগৰৰ মোহনালৈ কৰা পৰিভ্ৰমণ সম্পৰ্কে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী। ১৯৫১ চনত জন্ম গ্ৰহণ কৰা মাৰ্কে জীৱনৰ সৰহভাগ কাল ভ্ৰমণ কৰিয়েই পাৰ কৰিছে। শেহতীয়াকৈ তেওঁৰ তাৰা নামৰ হাতীজনীৰ সৈতে ইতিহাসৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱা (প্ৰতিমা পাণ্ডে বৰুৱাৰ ভগ্নী)ৰ লগ হৈ ভাৰতৰ বিভিন্ন অঞ্চলত কৰা ভ্ৰমণৰ সাৱলীল বৰ্ণনাসমৃদ্ধ ‘ট্ৰেভেলচ অন মাই এলিফেন্ট’ (Travels on My Elephant) নামৰ গ্ৰন্থখনে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।

বিখ্যাত লেখক তথা পৰ্যটক চাৰ্লছ এলেন (Charles Allen) ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন দুঃসাহসিক অভিযানৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ ১৯৮২ চনত মাৰ্কে পোন-প্ৰথমে ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বঙ্গোপ সাগৰৰ মোহনালৈকে সমগ্ৰ গতিপথেৰে এনে এক যাত্ৰাৰ পৰিকল্পনা কৰে। চাৰ্লছ এলেনে “Last Great Asian Adventure” বুলি অভিহিত কৰা এই যাত্ৰাৰ বাবে ভালেমান বছৰ জুৰি অধ্যয়ন আৰু প্ৰস্তুতি চলাই তেওঁ অৱশেষত ১৯৯৮-৯৯ চনত ইয়াৰ শুভাৰম্ভ কৰে।

মানস সৰোবৰৰ এটা সৰু বৰফাবৃত জুৰিত আৰম্ভ হৈ তিনিখন দেশৰ মাজেৰে, ৫৭১৫ মিটাৰ উচ্চতাৰ পৰা সাগৰ-পৃষ্ঠলৈকে এই ১৮০০ মাইল জোৰা দৈৰ্ঘ্য অতিক্ৰম কৰি বঙ্গোপ সাগৰত বিলীন হোৱা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ শত-সহস্ৰ লোকৰ জীৱনৰেখা স্বৰূপ। এই ব্ৰহ্মপুত্ৰই তিব্বতত চাংপো, তাৰপৰা “হে’য়াৰ-পিন”ৰ আকৃতিৰ গতিলৈ চিয়াং নামেৰে অৰুণাচলত সোমায়হি। ই অসমত বিভিন্ন উপনৈসমূহেৰে লগ লাগি বিশাল ৰূপ লয় আৰু সৰ্বশেষত বাংলাদেশত গংগাৰে লগ হৈ পদ্মা নামেৰে সাগৰলৈ গতি লৈ শেষত ই মেঘনা নামেৰে সাগৰত বিলীন হয়। গ্ৰন্থখনত এজন বিদেশী পৰ্য্যটকৰ দৃষ্টিভংগীৰে মহাবাহুৰ এই অনন্য ৰূপ, দুয়োপাৰৰ জনজীৱন তথা এই গতিপথৰ আলিয়ে-কেঁকুৰিয়ে লাগি ৰোৱা ইতিহাস সাৱলীলভাৱে অংকিত হৈছে।

তিব্বতৰ কৈলাশ পৰ্বতৰ বৰফাবৃত উচ্চতম শিখৰত এই অনন্য যাত্ৰাৰ শুভাৰম্ভণি ঘটাই তিব্বতৰ দুৰ্গম অংশ লেখকে খোজেৰে আৰু মাজে মাজে গাড়ী তথা য়াকেৰে অতিক্ৰম কৰে। চিয়াঙৰ পাৰৰ গেলিং, টুটিং, ব’না, পাংগ’, পেলিং আদি অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত সৰু-বৰ ভিতৰুৱা অঞ্চলসমূহ মাৰ্ক আৰু তেওঁৰ সহযোগীসকলে খোজ কাঢ়ি পৰিভ্ৰমণ কৰে। এই সমগ্ৰ যাত্ৰাপথত হোৱা বিভিন্ন অভিজ্ঞতা যেনে-বাঁহৰ ওলোমা সেঁতুৰে পাৰ হওঁতে পিছলি পৰি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, আপঙৰ সোৱাদ তথা এই গাঁওসমূহৰ স্থানীয় মানুহৰ সৈতে হোৱা ভাৱ-বিনিময়ৰ এক সজীৱ বৰ্ণনাই পাঠকৰ বাবে অধিক মনোগ্ৰাহী কৰি তোলে। তাৰোপৰি এই চিৰ-পৰিৱৰ্ত্তনশীল আৰু ৰহস্যময় নৈখনক নিচেই ওচৰৰ পৰা অনুভৱ কৰা লেখকৰ বৰ্ণনাত নৈখন যেন জীৱন্ত হৈ উঠে।

ব্ৰহ্মপুত্ৰৰ অসমৰ ভিতৰৰ প্ৰায় সমগ্ৰ অংশটো অৰ্থাৎ পূৱৰ অসম-অৰুণাচল সীমান্তৰ পৰা পশ্চিমৰ ধুবুৰী পৰ্যন্ত লেখকে নাৱেৰে ভ্ৰমণ কৰে। এই নৌকাযাত্ৰাৰ মাজত ক্ষন্তেকীয়া বিৰতি লৈ তেওঁ ডিব্ৰুগড়, শিৱসাগৰ তথা মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ভুমুকি মাৰি যায়। ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ নেদেখা বিশালতাৰ মাজত দিক-বিদিক হেৰুওৱা অৱস্থাত লেখকে বাৰে বাৰে অনুভৱ কৰে এই মহাবাহুৰ সীমাহীন শক্তিৰ প্ৰভাৱ। য’ত একোৱেই স্থায়ী নহয়, যিখন নৈয়ে স্ব-ইচ্ছাৰেই দুয়োপাৰৰ অঞ্চলৰ মানচিত্ৰ ঘনে ঘনে সলনি কৰে তাত কোনোৱে যেন প্ৰকৃত অৱস্থান জনা অসম্ভৱ- কেৱল যেন নাৱৰ চালক ‘গামা’ই দিব্যচকুৰে নাৱৰ গতিপথ স্থিৰ কৰি তেওঁলোকক নিৰাপদে আগুৱাই নিছিল। ব্ৰহ্মপুত্ৰৰ মাজে মাজে সিচৰতি হৈ থকা জনপ্ৰাণীবিহীন বালিচৰত নিশা কটাওঁতে পুঁৱতি নিশা আকাশেদি উৰি যোৱা শ-শ ধৃতিৰাজ চৰাই চাই চাই তেওঁ স্বগতোক্তি কৰি উঠিছিল- “Life couldn’t get much better than this”। তেনেদৰে মাজুলীৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰি সত্ৰত বিৰাজমান অবিস্মৰণীয় পৱিত্ৰতা, শান্তি আৰু নিৰ্মোহে তেওঁক বুৰাই পেলোৱা যেন অনুভৱ কৰিছিল। শিষ্যসকলৰ শান্ত-সমাহিত আধ্যাত্মিক দৃষ্টিয়ে তেওঁক যেন চুম্বকৰ দৰে সন্মোহিত কৰি পেলাইছিল। সংসাৰৰ সকলো মায়া-মোহৰ পৰা মুক্ত হৈ মন্ত্ৰমুগ্ধৰ দৰে তেওঁ তাতে ৰৈ যাব খোজা যেন অনুভৱ কৰিছিল। সত্ৰৰ কাঠৰ দুৱাৰখন বন্ধ হৈ যোৱাৰ লগে লগে তেওঁ সপোনৰ পৰা সাৰ পাই উঠা যেন ভাৱ হৈছিল।

ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নানা বিপদ বিঘিনি নেওচি আগবাঢ়োঁতে এনেদৰেই লেখক নানা পৰিস্থিতিৰ সন্মুখীন হৈছে, মাৰাঠী বন্ধুৰ পৰা আৰম্ভ কৰি জনজাতীয় গাঁৱৰ গাঁওবুঢ়া, অসমীয়া বন্ধু-বান্ধৱী, মিলিটেৰী কৰ্প’ৰেল, বাংলাদেশী আৰক্ষী আদি বিভিন্ন ব্যক্তিত্বৰ সৈতে এই যাত্ৰাৰ মুহূৰ্তবোৰ অতিবাহিত কৰিছে; এই সৰু বৰ ঘটনাবোৰ খুবেই মনোগ্ৰাহী ভাৱে লেখকে বৰ্ণনা কৰিছে। “ৰিভাৰ ডগ”ৰ এই যুগমীয়া যাত্ৰাত লেখকৰ সহযাত্ৰী ‘ভাইটি’ নামৰ চিকাৰী কুকুৰটোৰ সৈতে সহমৰ্মিতায়ো ইয়াক অন্য এক মাত্ৰা প্ৰদান কৰিছে। সমগ্ৰ যাত্ৰাৰ বৰ্ণনাৰ মাজত লেখকৰ ৰসবোধেও গ্ৰন্থখনিৰ প্ৰথমৰ পৰা শেষলৈকে পাঠকৰ বাবে উপভোগ্য কৰি ৰাখে। যাত্ৰাৰ বাটে পথে লেখকে প্ৰায় সকলো ঠাইৰ ইতিহাস, লোক-গাথাৰ উল্লেখ কৰি পাঠকক বহু কথা জনাৰ সুযোগ দিছে। সকলো মিলি এই গ্ৰন্থখন নিশ্চিতভাৱে সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপভোগ্য হৈ উঠিছে। তাৰোপৰি এই গ্ৰন্থখনে বিশ্বৰ অন্য অংশৰ পাঠক সমাজকো আমাৰ এই অঞ্চলৰ চহকী লোক-সংস্কৃতি তথা কিংবদন্তী সমূহৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা কৰিব পৰা যায়।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰমেন শইকীয়া, গুৱাহাটী
7 years ago

গ্রন্থখনৰ আলোচনাটো সুন্দৰ হৈছে । মোৰ বিশ্বাস, যি সকলো কিতাপখন পঢ়া নাই তেওঁলোকক লিখাটোৱে কিতাপখন পঢ়িবলৈ আগ্রহী কৰি তুলিব । পাঠকসকলৰ বাবে এটা কথা উল্লেখ কৰি ৰখা প্রয়োজন যে কিতাপখন শ্রীবিপুল দেউৰীয়ে অসমীয়ালৈ অনুবাদ কৰিছে । অনুবাদটোও সুন্দৰ হৈছে । অনুবাদৰ বাবে তেওঁ পুৰস্কাৰো লাভ কৰিছে ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক