ৰ’দে ৰ’দে…..সৰু সৰু মুহূৰ্ত (বি জে ৰঞ্জন)

১) গৰমৰ দিন৷ আমৰ বতৰ৷ দোকানৰ মাজৰ চুক এটাত বস্তা পাৰি আম বিক্ৰী কৰিবলৈ যো-যা কৰিছে এজনে৷ আমেৰে ভৰ্তি চাৰিওফাল, মাজৰ খালী ঠাইডোখৰত সৰু ল’ৰা এটা৷ চাৰিওফালে তাৰ হিমসাগৰ, লখনভোগ, লেঙেৰা আদি ভিন-ভিন জাতৰ সুস্বাদু আমবোৰ ভাগ-ভাগ কৰি থোৱা আছে৷ সুগন্ধ এটা বৈ পৰিছে সেইখিনিত৷ ল’ৰাটোক বেপাৰীজনৰ পুতেক যেন লাগিছে৷ কাঠৰ ওখ পিৰা (পইছাও ৰাখিব পাৰি তাত) এখনত আউজি, বস্তাৰ ওপৰত আৰামকৈ সি বহি লৈছে৷ মুখত লাগি আছে প্লাষ্টিকৰ ষ্ট্ৰ’ এডাল আৰু হাতত এটা মেংগো-ফ্ৰুটি৷

২) “ৰচোগোল্লাটো নাখালি আইতা? ” সৰু ল’ৰাটোৱে আইতাকক সুধিলে৷
আইতাক, নাতিয়েক দুয়ো বিযাঘৰত বিয়া খাই আছে৷
“মাজনীলৈ লৈছো দে৷ বেচেৰীয়ে বৰকৈ ইচ্ছা কৰিছিল বিয়া খাবলৈ৷ কেনেকৈনো আহে, কালিৰ পৰা ইমান জ্বৰ তাইৰ৷ ”
বুঢ়ী-আইতাকে নিজৰ পাতৰ পৰা ৰসগোল্লাটো উঠাই পানী খোৱা প্লাষ্টিকৰ গিলাচটোৰ ভিতৰত ভৰাই লৈছে, তাৰ পিছত গিলাচটো তেওঁৰ কাপোৰৰ মোনাখনৰ ভিতৰত ভৰাই লৈছে৷

৩)
ফটা-চিটা ছাতি এটা বাঁহৰ কামি এডালত জোৰা দি পুতি লৈ মানুহ এজনে মাটিত গ্ৰহ-ৰত্ন বিক্ৰী কৰি আছে৷ ধূলি-বালিৰে মানুহজনৰ গা-মূৰ মলিয়ন হৈ পৰিছে, ভোক-পিয়াহে মুখখন শুকান কৰি তুলিছে৷ ওপৰৰ পৰা খাওঁ-খাওঁ মূৰ্তি ধৰা ৰ’দজাক অবিৰাম গতিত তললৈ বৰষিব ধৰিছে৷
শুকান ওঁঠটো থুৰে মাজে মাজে তিয়াই লৈ মানুহজনে কৈ আছে- “আহক আহক, পাথ্থৰ ধাৰণ কৰক, ভাগ্য উদয় হ’ব, ধন-সম্পত্তি হ’ব, লক্ষ্মীয়ে ভৰ খাব, জীৱনটো সুখ-শান্তিৰে ভৰি পৰিব৷ ”

৪) বজাৰলৈ যোৱা চ’কটোত বিকিৰ মাকৰ লগত কথা পাতিছোঁ৷ তেখেতে মোক কৈছে –“কিটো বয়স হৈছে তাৰ? চৌধ্য বছৰো হোৱা নাই৷ মই কৈ থাকো- হোটেলত কাম কৰিব নালাগে, পঢ়া শুনা কৰ৷ নাই, নুশুনে৷ মোক ওলোতাই কয়- মা তোৰ বৰ কষ্ট হয়, এই বয়সত লোকৰ ঘৰে-ঘৰে কাম কৰা বাদ দে, মোক কৰিব দে এতিয়া কাম৷ ”

কথা পাতি থাকোতেই বিকি আহি ওলালহি৷ সেইখিনিত বোলে সদায় সি মাকক লগ ধৰেহি, কামৰ পৰা ঘূৰি আহি৷
মাক-পুতেক দুয়ো একেলগে বজাৰৰ ভিতৰলৈ সোমাই গ’ল৷ ঘৰৰ বাবে বজাৰ কৰিব দুয়ো এতিয়া৷

৫)
মানুহজনে কৈ গল-“তেতিয়া হায়াৰ চেকেণ্ডাৰী পঢ়ি আছোঁ৷ ঘৰৰ অৱস্থা ভাল নহয়৷ তথাপি খেতিয়ক-পিতায়ে কষ্ট কৰি কলেজত চাইন্স পঢ়ুৱাইছে৷ গাঁওৰ পৰা বাচত উঠি টাউনলৈ অংকৰ টিউচন কৰিবলৈ আহোঁ৷ গৰমৰ এদিন বাচষ্টেণ্ডৰ পৰা ৰিক্সা এখন ধৰি টিউচনলৈ গৈ আছিলোঁ৷ অলপ গৈ হঠাত দেখিলোঁ আগত পিতা৷ পিতাই সেই চকু ছাট মাৰি ধৰা ৰ’দত খালী ভৰিৰে খোজ কাঢ়ি গৈ আছে৷ ভগা ছাটি এটাও নাই পিতাৰ মূৰৰ ওপৰত৷ ”
চশমাযোৰ খুলি তলমুৱাকৈ তেখেতে দামী লেন্স দুখন পিহিবলৈ ধৰিলে৷ দেখিলোঁ- স্বৰ্গগত পিতৃৰ স্মৰণত তেখেতৰ চকুযুৰি আদ্ৰ হৈ পৰিছে৷
-“পিছত? ” মই সুধিলোঁ৷
-“পিতাৰ কাষ পাই ৰিক্সাখন ৰখাব দিলো৷ মোক দেখি পিতাই ক’লে- তই গৈ থাক টিউচনলৈ৷
মই নামি ৰিক্সাখনক যাবলৈ দিলোঁ৷ পিতাই ৰিক্সাত নুঠে, ভালকৈ জানোঁ৷ তাৰ পিছত দুয়োজনে একেলগে যাবলৈ ধৰিলোঁ- খোজ কাঢ়ি কাঢ়ি, কথা পাতি পাতি, ৰ’দে ৰ’দে……৷ ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক