ৰহঘৰাঃ (১) জেতুলীপকাৰ পাতৰ পৰা (-দিগন্ত বৰা)

 

(ক)

ৰাতিপুৱা খোজ কাঢ়োঁতে হঠাৎ মনীবেগ এটা পাই গ’লো। টিপতে মনীবেগটো পেন্টৰ পকেটত ভৰালোঁ। লগত খোজ কঢ়া দুজনে গমকে নাপালে। মনীবেগটো পকেটত ভৰোৱাৰ পাছতে কিয় নাজানোঁ খোজ কাঢ়িবলৈ মনেই নগ’ল। আন দিনাতকৈ সোনকালে ঘৰলৈ ওভতিলোঁ। এওঁক হেঁচুকি হেঁচুকি জগালো। আনদিনা হোৱাহ’লে এনেকৈ টোপনি ভঙাৰ বাবে মোক কুকুৰে কাঁইট নোখোৱা কৰিলেহেঁতেন! আজি কিন্তু মনীবেগ এটা হেৰাই পালোঁ বুলি কোৱাৰ বাবেই নেকি একে জাপেই উঠিল বিচনাৰ পৰা। দাত ব্ৰাছ নকৰাকৈয়ে চাহ একাপো আনিলে। মই পকেটৰ পৰা মনীবেগটো উলিয়াই এওঁৰ হাতত তুলি দিলোঁ। চিলনীৰ দৰে এওঁ মোৰপৰা মনীবেগটো থপিয়াই নিলে আৰু নিজৰ বেডৰুমলৈ দৌৰ মাৰিলে। মনীবেগটোক লৈ কল্পনা সাগৰত উটি থাকোঁতেই তেওঁ মোৰ গাললৈ মনীবেগটো দলিয়াই দিলে। গাল ফৰফৰাই গল। কিংকৰ্তব্যবিমূঢ় হৈ মনীবেগটো হাতত তুলি ল’লোঁ। চিঠি এখনৰ বাদে তাত একোৱেই নাপালোঁ। তথাপিতো চিঠিখন পঢ়িলোঁ। চিঠিত লিখা আছিল:
‘মহা বুৰ্বক ক’ৰবাৰ! তেতেলী পেকেটত অহা ডুপ্লিকেট টকাকেইটালৈও তোৰ ইমান লোভনে?’
—————————————————————————————————-
(খ)

যিকোনো উপায়েৰে দৈনিক পকেট খৰছ এটা উলিওৱাটো মোৰ পুৰণি অভ্যাস। একো কাম নাথাকিলে দুপৰীয়া নগৰলৈ ওলাই গ’লেই হ’ল। চিকাৰ এটা দুটা পৰেই। আজিও গ’লো। মাৰোৱাৰী দোকান এখনলৈ গপচত সোমাই গলো। চিনাকি দোকানী। হাঁহি এটা মাৰি বহিবলে দিওঁতেই দেখিলোৱেই নহয়। হাঁহি এটা মাৰি শেঠজীক ক’লো: আপুনি যদি অপমানিত হ’বলৈ মন নাই তেন্তে টকা দুশ দিয়ক।
প্ৰথমে সি পাত্তাই দিয়া নাছিল। তাৰ পাছত দৃঢ়তাৰে যেতিয়া কলোঁ আপুনি আজি বেলেগৰ ওচৰত অপমানিত হ’বই তেতিয়া শেঠজী অলপ চিন্তিত হোৱা যেন লাগিল। ৰ লাগি মুখলৈ চাব ধৰিলে। মই ক’লো: কিনো ভেবা লাগি চাই আছে? টকা দুশ দিয়ক। যদি মোৰ কথা মিছা হয় তেনেহলে টকা ঘূৰাই দিম। বেচেৰাই ভয় খোৱা যেনো অনুমান হল। মোলৈ চাই ক’লে? দুই চ নেলাগে পাচ চ দিম। কথাটো কওকচোন।
গম্ভীৰভাৱে মই ক’লো: পাচ শ টকা তোৰ পায়খানাত ওলোৱা নাই। দুশ টকা দি নিজকে অপমানিত হোৱাৰপৰা ৰক্ষা কৰ। এইদৰে ৰেপি থকাত উপায় নাপায় বেছেৰাই টকা দুশ মোৰ হাতত গুজি দিলে। এশ টকীয়া নোট দুখন পকেটত ভৰাই মই তাৰ তলফালে আঙুলিয়াই ক’লো: পেন্টৰ চেইন দাল মাৰি লওক। দোকানলৈ অলেখ মানুহ আহে। গাদী হল বুলিয়েইযে পেন্টৰ চেইন খুলি বহি থাকিব সেইটো কথা হব নোৱাৰে। তাৰ লাজৰ তুলনাত টকা দুশ তাৰবাবে হাতৰ মলি আছিল।

————————————————————-

(গ)

বিয়া এখন খাবলৈ যাওঁতে মানুহ এজনে মোক লক্ষ্য কৰি থকা দেখিলো। ভাল বিপদখনে পালে! উপায় নাপায় মানুহজনক ক’লোঃ দাদা ভালনে?
মানুহটোৱে ক’লে: ভালেই। বিয়ালৈ আহিলা?
মনতেহে: বিয়ালৈ অহা নাই।তোৰ তিলনি খাবলৈ আহিছোঁ নেকি?
তথাপি ভদ্ৰভাৱেৰে ক’লো: হয় বুজিছেনে? আজি কেবাখনো বিয়া আছে। দেখা এটা দিওঁ বুলিহে আহিলোঁ।
মোৰ কথাত মানুহজনে সুধিলে: আপুনি পোনাকনৰ লগৰ নেকি?
ভালেই পালোঁ। মই বোলো: হয় হয়। সি মোৰ খাচ ফ্ৰেণ্ড।
ঈষৎ হাঁহি এটা মাৰি মানুহজনে ক’লে: হি হি হি। ফচিয়েই গ’ল নহয় আপুনি।
মই বোলো: কিয়?
মানুহজনে ক’লে: এইখন ঘৰত পোনাকন নামৰ কোনো ল’ৰা নাই।
তপককৰে বুদ্ধি এটা সাজি ময়ো ক’লো: হি হি। মইয়ো এনেয়ে কৈহে চাইছোঁ আপোনাক!
আচলতে মোক এই ঘৰৰ মালিকেহে বিয়ালৈ মাতিছিল।
মোৰ কথাত মানুহজনে আকৌ হাঁহিলে। তাৰ পাছত ক’লে: আকৌ ফচি গল আপুনি।
মই বোলো: কিয়?
তেখেতে ক’লে: এইখন ঘৰ নহয়। এইটো বিবাহ ভৱনহে।
আকৌ বুদ্ধি এটা সাজি ক’লো: মইয়ো জুখিহে চালোঁ আপোনাক। আচলতে বিয়ালৈ মোক দৰাজনে নিজে মাতিছিল।
এইবাৰ মানুহজনে আগতকৈও জোৰত হাঁহি ক’লে: এইবাৰ আপুনি ক্লীন ব’ল্ড হ’ল। এইখন কইনাৰ ঘৰহে। আচলতে আপোনাক বিয়া খাবলৈ মতাই নাই। হি হি।
ময়ো নাভাৰ্চ নহ’লোঁ। গেঙেৰি মাৰি ক’লোঁ: মোক মাতিবলৈ পাহৰিলে আকৌ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক