ৰহস্য: মানসী বৰা

আমেৰিকাত থাকিবলৈ লোৱাৰ পৰা বাহিৰত কাপোৰ মেলা কামটো কৰিব নোৱৰা হৈছিলো ।প্ৰথম ঘৰ লওতেই লিজিং এপাৰ্টমেন্টৰ মেনেজমেন্টে বাহিৰত কাপোৰ নেমেলিবলৈ জাননী এখন দিছিল ।বাধ্যত পৰি প্রথমতে ময়ো কথাটো কেইমাহমান মানিলো । এসপ্তাহ গোটাই থোৱা কাপোৰ ৱাচিং মেচিনত ধুই, ড্রায়াৰ মেচিনত শুকোৱাই জাপি-কুচি ভৰাই থোৱাৰ অভ্যাস এটা গঢ়ি তুলিলো । কিন্তু লাহে লাহে দেখিলো প্রায়ভাগ মানুহেই একো কেৰেপ নকৰি মেলিয়েই আছে । ভাৰতীয় প্ৰতিবেশীসকলক কথাই কথাই এদিন সুধিলো । ক’লে বোলে নোৱাৰি দেই তেনেকৈ চলিব । দৈনিক পিন্ধা কাপোৰকেইটা বাৰু কিনো ৱাচিং মেচিনত দিব । ইয়াৰ মেচিনোবোৰ যিহে ডাঙৰ ! সৰহকৈ ওলালেহে মেচিনত দিয়া হয় । পিছফালৰ বেলকনিত মেলিলে সমস্যা নাই । আগফালে মেলিলে বেয়া দেখি যে, সেইবাবেই সেই

জাননীখন দিয়ে।

কথাটি জানি লাহেকৈ কেতিয়াবা কেতিয়াবা দুই তিনিটা কাপোৰ পিছফালৰ বেলকনিত মেলিবলৈ ময়ো আৰম্ভ কৰিলো । বেছি কাপোৰ ধোবলৈ হ’লে মেচিনত দিওঁ । পৰহি টাৱেল এখন আৰু মানুহজনৰ গেঞ্জী দুটা ধুই মেলিলো । আবেলি চপাবলৈ গৈ দেখো গেঞ্জী দুটা ঠিকেই, কিন্তু টাৱেলখন অলপ গধূৰ আৰু টান টান লাগিল । ইয়াৰ পিছৰচোৱা অলপ পিছত কৈ আছো ।

সন্ধ্যা সময়ত গাখীৰ দিয়া চাহকাপ খোৱাটো আমাৰ অভ্যাস । গাখীৰ নথকাৰ বাবে এওঁ আনিবলৈ গ’ল । ক’লে ঘূৰি আহোতে গাড়ীখনত তেল ভৰাইও আনিব লাগিব । কিছু সময়ৰ পিছত এওঁ উভতি আহিল । আহিয়েই ক’লে,

“গাড়ীখন চলাইছো ইমান বাজিছে । জুনুকা পিন্ধাৰ নিচিনা । একদম ঝুনুক ঝুনুক ।“

:”হেই । কিয় ? কি হ’ল?”- মই সুধিলো ।

: “চিধাই পেট্রল পাম্পত সোমাই কিছুসময় লক্ষ্য কৰিহে বুজিলো আচল কেচটো কি ?”

: “কি কেচটো ? গাড়ীৰ ভিতৰত নিগনী সোমাই আছিল নেকি ?”

:”হেই নহয় । সেই আমাৰ টাৱেলৰ কেচটো আকৌ ।“

তেতিয়া দুয়োৱে হাঁহিত কব নোৱৰাহৈ গ’লো । আমি অসমৰ মানুহে কেতিয়াও এনে অভিজ্ঞতা পোৱা নাই । এতিয়া ডিচেম্বৰ মাহত কিমান ঠাণ্ডা পৰিছে তাৰেই উদাহৰণ এই দুটা । মোৰ তিতা টাৱেলৰ পানীখিনি বৈ আহি দীঘল দীঘল বৰফৰ আকৃতি লৈ গধূৰ আৰু টান হৈ গৈছিল । গাড়ীৰ ভিতৰত থোৱা বটল কেইটাত আধা আধা পানী আছিল । পানীবোৰ ঠাণ্ডাত বৰফ হৈ পৰিছিল । বটলৰ  লগত লাগি তেনেকৈ বাজিছিল ।

সেইয়াই ৰহস্য ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments