ৰক্তপিপাসু: শেষনিশাৰ হত্যাকাণ্ড (জ্যোতিপ্ৰকাশ নাথ)

 

শেষনিশাৰ হত্যাকাণ্ড

চ’তমহীয়া গভীৰ নিশাৰ জয়াল নিস্তব্ধতা ভাঙি ফেৰফেৰীয়া বতাহ এজাক বৈ আছে। সৰু শিলৰ পিছ নকৰা ৰাস্তাটো শুকান পাতেৰে ভৰি পৰিল। ডাৱৰ বোৰে জোনবাইক ঢাকি ধৰি আকাশখন আন্ধাৰ কৰি তুলিলে। বতাহজাক জোৰকৈ বলিবলৈ ধৰাত হঠাতে বিজুলী গুছি গ’ল। ফলত ছেগা ছোৰোকাকৈ জ্বলি থকা মানুহৰ ঘৰবোৰৰ আগফাল পিছফালৰ বিজুলী চাকি বোৰো নুমাই থাকিল। ঠাইখিনি সম্পুৰ্ণকৈ আন্ধাৰত বুৰ গ’ল। ৰাস্তাটো ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰা বেকাকৈ ওলাই পুৰণা ৰেল ষ্টেচনৰ সন্মুখেৰে মুল চহৰলৈ সোমাই গৈছে। চহৰলৈ ৰেলৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পৰা এইপিনেৰে ঘাটলৈ মানুহৰ আহযাহ তেনেকৈ নহয় বুলিয়ে কব পাৰি। ষ্টেছনৰ বিপৰীত ফালে থকা আনটো ৰাস্তাহে এতিয়া চহৰৰ লগত ঘাট সংযোগী মূল পথৰ লেখিয়া হৈছেগৈ। ওচৰতে থকা মানুহখিনিয়ে কেতিয়াবা ঘাটলৈ ফুৰিবলৈ গ’লেহে এই সৰু ৰাস্তাটো ব্যৱহাৰ কৰে। ঠাইখিনিক কালিপুৰ বুলি কয়। ৰাস্তাটো ঘাটৰ পৰা ষ্টেছনৰ সন্মুখেৰে গৈ কালিপুৰ হৈ বামুণগাওঁ ওলাইছেগৈ। আচলতে মানুহখিনি বুলি কবলৈ হ’লে সৰ্ব্বমূঠ দহৰ পৰা বাৰ ঘৰতকৈ বেছি নোলাব গোটেই কালিপুৰত। অৱসৰপ্ৰাপ্ত ষ্টেচন মাষ্টৰ শুভঙ্কৰ চক্ৰবৰ্তীয়ে জীৱনৰ শেষ দিন কেইটা কালিপুৰতে কটাম বুলি শিৱ মন্দিৰৰ কাষৰ মাটিটুকুৰা কিনি ঘৰ এটা সাঁজিছিল। কিন্তু প্ৰথম মহলা শেষ কৰি দ্বিতীয় মহলালৈ তেওঁ আৰু আগুৱাব নোৱাৰিলে। বেমাৰ আজাৰতে সাচতীয়া সকলোখিনি শেষ হ’ল। ইফালে নিবনুৱা পুতেকেও এজনী ঘৰ সোমোৱালেহি। ঘৈনীয়েকৰ মৃত্যুৰ পিছত তেওঁ নিজেও শয্যাশায়ী হ’ল। ঘৰটোৰ আধাখিনি আৰু ওপৰত তৰ্জাৰে বেৰি সঁজা ঠাইখিনি ভাৰালৈ দি পুতেকেও আৰামত দিন কটাবলৈ ধৰিলে। মাহৰ শেষত বাপেকৰ পেঞ্চন কেইটালৈহে তাৰ চকু পৰা হ’ল। বেছিভাগ সময় বিছনাতে পৰি থাকে তেওঁ। টোপনি অলপো নাহে যদিও উঠি ফুৰিবলৈও গাত শক্তি নাইকীয়া। সেয়ে শেষনিশাও কৰবাত খুটুককৈ শব্দ এটা হ’লে গম পাই যায়। আগফালৰ বাৰান্দাত সদায় পহৰা দিয়া পোহনীয়াৰ দৰে হোৱা ঢেকুৰা তিনিতাৰ প্ৰচণ্ড ৰোৰোৱনিত চক্ৰবৰ্তী উচপ খাই উঠিল। হাতঘড়ীটোলৈ চাই দেখিলে ৰাতি তিনি বাজি পঞ্চলিশ মিনিট হৈছে। বাহিৰৰ লোহাৰ গেটখনত কিবা শব্দ হোৱা তেওঁ স্পষ্টকৈ শুনিলে।

শুভঙ্কৰ চক্ৰবৰ্তীৰ ঘৰৰ কাষৰ শিৱ মন্দিৰটো এডাল প্ৰকাণ্ড আহত গছৰ গুৰিত অৱস্থিত। গছডালৰ প্ৰায় আধা ফাল তেওৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত। পদূলিমুখতে থকা লোহাৰ গেটখনৰ ওচৰলৈ হাউলি থকা থানিটো হঠাতে হুৰহুৰাই তললৈ নামি আহি সাউতকৈ আকৌ ওপৰলৈ উঠি যোৱা দেখা গ’ল। তাৰ পৰা ছায়ামূৰ্তি এটা ধপকৈ গেটৰ ওপৰেৰে জাপমাৰি চৌহদৰ ভিতৰত পৰিলেহি। তাকে দেখি কুকুৰ কেইটাই ৰাউচি জুৰিলে। জগু আৰু কালু বোলা বেছি সাহসী দুটা আগবাঢ়ি গ’ল। চাঁয়ামূৰ্তিটো ঘৰটোৰ পিনে আগবাঢ়ি আহি থাকিল। জগুই অলপ বেছিকৈ আগবাঢ়ি গৈ আক্ৰমনাত্মক ভাবত ছায়ামুৰ্তিটোলৈ লক্ষ্য কৰি জাপ এটা মাৰিলে। ছায়ামুৰ্তিয়ে সোহাতখন সম্পূৰ্ণ এশ আশী ডিগ্ৰী ঘুৰাই জগুক চৰ এটা মাৰিলে। চৰটো তাৰ ডিঙি আৰু পিঠিৰ মাজত লগাত কোকোৱাই সি মাটিত থেকেছা খাই পৰিল আৰু সেইপিনেই চকু মুদিলে। সহপাঠীৰ এই আকস্মিক পতনত কালু বিচলিত হৈ অলপ পিছুৱাই গৈ খং আৰু আক্ৰোশত আৰু বেছি জোৰেৰে ভুকিবলৈ ধৰিলে। এইবাৰ ছায়ামুৰ্তিটোৱে একেজাপে আহি কালুৰ ওপৰতে পৰিলে আৰু সি তৰ্কিব পোৱাৰ আগতেই মোচৰ মাৰি ডিঙিটো ভাঙি পেলালে। বাৰান্দাত থকাটো ইতিমধ্যে পলাই কোনোবাখিনি পালেগৈ। মুহুৰ্ততে দুয়োটা কুকুৰকে ডাঙি লৈ ছায়ামুৰ্তিটোক একেজাপে চৌহদৰ বেৰ পাৰ হৈ মন্দিৰৰ পিছপিনে অৱস্থান কৰা দেখা গ’ল। অৱশ্যে প্ৰচণ্ড বতাহৰ মাজত হোৱা শেষ নিশাৰ এইহত্যাকাণ্ড চাবলৈ তাত কোনো নৰমনিষ উপস্থিত নাছিল। আহত গছৰ তলত বহি ছায়ামুৰ্তিটোৱে এইবাৰ জগুৰ মৃতদেহটো ডাঙি লৈ তাৰ হনু দুটাত দুহাটেৰে ধৰি একেটানে ফালি পেলালে। জগুৰ কোৱাৰিৰে হলাহলে তেজ বৈ আহিল। এটোপালো মাটিত পৰিবলৈ নিদি ছায়ামুৰ্তিটোৱে জিভা উলিয়াই জোখতকৈ বেছিকৈ হনু দুটা মেলি দি তেজবোৰ মুখত পৰাকৈ জগুক ওপৰলৈ ডাঙি ধৰিলে। বনৰীয়া মহে পুখুৰীৰ পানী খোৱাদি সি চলৌপ চলৌপ কৈ জগুৰ তেজ খোৱাত লাগিল। মাজে মাজে এনেকুৱা একোটা শোহা মাৰিলে যেন তাৰ মুখখন মুখ নহয় এটা ভেকুৱাম ক্লিনাৰহে। একেই দশা কালুৰ লগতো হ’ল। ভোজনপৰ্ব সমাপ্ত হোৱাৰ পাছত আহত গছডালৰ গুৰিত থকা ধোন্দৰ মাজত হেচি হেচি কুকুৰদুটাৰ বাকী থকা মাংস খিনি সি সুমুৱাই থলে।

মুখখন মচি মচি অপূৰ্ব কলিতা শিৱ মন্দিৰটোৰ পাছফালৰ পৰা ওলাই আহিল। ইতিমধ্যে সকলো কথা তেওঁৰ মনত পৰিছে। কেনেকৈ অঞ্জন শৰ্মা নামৰ পিশাচটোৱে তেওঁৰ চেতনাক কাবু কৰি তেওঁক অৱশ কৰি পেলাইছিল আৰু তাৰ কুৎসিত মুখখনেৰে তেওঁৰ ডিঙিত কামোৰ মাৰি কোমল মাংসত ফুটা কৰি দিছিল। অসহ্য বিষত তেওঁ ছটফটাই উঠিব বিছাৰিছিল কিন্তু তেওঁৰ হাত ভৰিবোৰ অৱশ হৈ পৰিছিল। ডিঙিৰ পৰা বৈ অহা তেজবোৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই যোৱা বাটৰুৱাই হঠাতে হেৰাই পোৱা কলহৰ পানী খোৱাৰ দৰে চেলেকি চেলেকি খাইছিল। তাতো ক্ষান্ত নাথাকি সি তেওঁৰ শৰীৰৰ বাকী অংশটো তাৰ তীক্ষ্ন আৰু জোঙা জোঙা নখেৰে খুন কৰিছিল। এটোপাল তেজো বাকী ৰাখিব বিছৰা নাছিল সি কলিতাৰ দেহত। সকলো দেখি আৰু যন্ত্ৰনাত কাতৰ হৈও একো কৰিব পৰা নাছিল ইঞ্চপেক্টৰ অপূৰ্ব কলিতাই। প্ৰচণ্ড আক্ৰোশত চাই ৰৈছিল নিজৰে শৰীৰৰ ওপৰত সংঘটিত সেই বিভতস অত্যাচাৰ। তেজৰ সোৱাদ পাই বলিয়াৰ দৰে হৈ পৰিছিল অঞ্জন শৰ্মা। আনন্দত আত্মহাৰা হৈ অট্টহাস্য কৰিবলৈ ধৰিছিল সি। কিবাকিবি কৈ আছিল সি কিন্তু একো শুনিবলৈ পোৱা নাছিল কলিতাই। কিমান সময় তেনেদৰে পৰি আছিল তেওঁ কব নোৱাৰে। কিন্তু লাহে তেওঁৰ ক্ষতস্থানৰ বিষবোৰ নহোৱা হবলৈ আৰাম্ভ কৰিছিল আৰু প্ৰচণ্ড টোপনিয়ে হেচা মাৰি ধৰা যেন পাইছিল। লাহে লাহে পোহৰবোৰ আঁতৰি গৈছিল আৰু কেচেমা কেচেম গোন্ধ এটাৰ মাজেৰেহে তেওঁক যেন আগুৱাই লৈ যোৱা হৈছিল অন্ধকাৰৰ অতল গহ্বৰত নিমজ্জিত নিমজ্জিত অন্য এখন পৃথিৱীলৈ। ইয়াত বাস্তৱৰ পৃথিৱী খনৰ দৰে অৰাজকতা নাই, বিষাদ নাই আৰু নাই হাহুমুনিয়াহ। সকলোপিনে যেন কেৱল প্ৰশান্তি বিৰাজ কৰিছে। চেঁচাচেঁচা ভাল লগা আন্ধাৰ পোহৰৰ মায়াজালে আবৰা এক জয়াল কিন্তু মনোৰম পৰিবেশ। নিজৰ শৰীৰৰ পিনে চকু গ’ল কলিতাৰ। কিন্তু এয়া কি? অলপ আগতে অঞ্জন শৰ্মাই কামুৰি আচুৰি ক্ষত বিক্ষত কৰা কলিতাৰ শৰীৰটোত ক’তো অকনো দাগ নাই। তাতোকৈ আচৰিত বৰ্ণিল ঢোৱাৰ ওপৰত ওপঙি ফুৰিছে তেওঁ। দেহৰ ভৰ যেন একেবাৰে শূণ্য হৈ গ’ল। মৃত্যু ঘটিল নেকি বাৰু কলিতাৰ? এক মুহুৰ্তৰ বাবে তাকে সঁচা বুলি ভাৱিলে তেওঁ। কিন্তু তথাপিও ছোন অকনো দুখ বা আফচোচ নালাগিল। পল্লৱীলৈ মনত পৰিল তেওঁৰ। জীৱনৰ বাকীকেইটা ইয়াতে একেলগে কটাব পাৰিলে কিমান ভাল পালেহেঁতেন তাই।

কিন্তু অপূৰ্ব কলিতাৰ এই সুখানুভূতি বেছি দীঘলীয়া হ’বলৈ নাপালে। হঠাতে বুকুত আঘাত পোৱাত সাৰ পাই উঠিছিল তেওঁ। সাৰ পোৱাতকৈ জ্ঞান ঘুৰাই পোৱা বুলি কলেহে বেছি সাৰ্থক হ’ব কাৰণ অঞ্জন শৰ্মাই সন্মোহিত কৰি কলিতাক একপ্ৰকাৰৰ অজ্ঞান কৰি পেলাইছিল। সন্মোহিত অৱস্থাত সম্পূৰ্ণ তেজ খিনি গাৰ পৰা উলিয়াই দিয়াৰ কিছুসময়ৰ পাছত হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মানুহজনৰ মৃত্যু ঘটে। ইমানদিনে অকল গল্প কাহিনী চিনেমা আদিতে লগ পোৱা ভেম্পায়াৰ নামৰ মানুহৰূপী ৰক্তপিপাসু প্ৰাণীবিধৰ চিকাৰ নিজে হৈছিল কলিতা। অঞ্জন শৰ্মা এজন ভেম্পায়াৰ আছিল আৰু নৰৰক্তৰ প্ৰতি তাৰ আকৰ্ষন বেছি আছিল। মানুহ এজনক হত্যা কৰাৰ পাছত দেহত থকা বাকী তেজখিনি একেবাৰতে খাই নেপেলাই ভৱিষ্যতলৈ সুৰক্ষিত কৰি ৰাখিছিল যাতে সঘনাই মানুহ হত্যা কৰিবলগীয়া নহয়। কছাৰীবস্তিৰ ছোৱালীজনীক হত্যা কৰাৰ পিছদিনাই ইন্সপেক্টৰ অপূৰ্ব কলিতাই সন্ধিয়া সময়ত তাৰ ঘৰলৈ অনুসন্ধান কৰিবলৈ আহিব বুলি মুঠেও আশা কৰা নাছিল সি। কিন্তু হঠাতে ঘৰৰ পিছফালে কলিতাক ঘুৰি ফুৰা দেখি শৰ্মাই তেওঁকো মাৰি পেলোৱাই ভাল হ’ব বুলি সিদ্ধান্ত লৈছিল। ক্ষোভত ফাটি পৰি কলিতাৰ ৰক্ত পান কৰি শৰ্মা উত্ফল্লিত হৈ পৰিছিল আৰু অত্যুত্সাহী হৈ জাপ মাৰি কলিতাৰ গাৰ ওপৰত উঠিছিল। কিন্তু সেয়াই ভুল হৈছিল অঞ্জন শৰ্মাৰ। অমনোযোগিতাৰ বাবে সন্মোহনত বাধাৰ সৃষ্টি হৈছিল আৰু ঠিক সেই সময়তে বুকুত ওজন অনুভৱ কৰি জ্ঞান ফিৰাই পাইছিল কলিতাই। সাৰ পাইয়ে শৰ্মাক এক ভয়ংকৰ ৰূপত বুকুৰ ওপৰত বহি থকা আৱিস্কাৰ কৰিছিল কলিতাই। কিন্তু অলপো বিচলিত নহৈ দুই আঠুৰে গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি শৰ্মাৰ পিঠিত আঘাট কৰিছিল তেওঁ। মুৰৰ ওপৰেৰে ছিটিকি গৈ কোঠাৰ বেৰত পৰিছিল শৰ্মা। লগে লগে কলিতাও পৰাৰ পৰা উঠি একে জাপে আনটো মুৰে থকা দুৱাৰ খুলি আন এটা কোঠাত সোমাইছিল। আন্ধাৰতো স্পষ্টকৈ দেখা পাইছিল কলিতাই আৰু দেহৰ ক্ষতস্থান বোৰৰ বিষবোৰো অনুভৱ কৰা নাছিল। কোঠাটোত লোহাৰ চকী এখন দেখি একেটানে খুড়া এটা খুলি লওতেই গোৰ মাৰি দুৱাৰখন ভাঙি শৰ্মা কোঠাটোলৈ সোমাই আহিছিল। জাপ এটা মাৰি সি কলিতাৰ গাৰ ওপৰত পৰি মুহুৰ্ততে সাজোৰে গলধনত কামোৰ এটা বহুৱাই দিছিলহে কিন্তু কলিতাই ইতিমধ্যেই হাতত লোৱা লোহাৰ খুড়াটো শৰ্মাৰ বুকুত সোমোৱাই দিছিল। কৰ পৰা জানো ইমান শক্তি আহিছিল গালৈ কলিতাই নিজেই আচৰিত হৈ গৈছিল। কিন্তু অঞ্জন শৰ্মাই দুহাতেৰে খুড়াডাল বুকুৰ পৰা টানি উলিয়াবলৈ চেষ্টা কৰা দেখি আৰু সময় নষ্ট নকৰি একেজাপে তাৰ কান্ধত উঠি মুৰটো পাক মাৰি ডিঙিটো ভাঙি পেলাইছিল আৰু গাৰ সমস্ত শক্তিৰে চকুৰ পচাৰতে ডিঙিটো পাঁচ পাক মান ঘূৰাই শৰীৰৰ পৰা বিছিন্ন কৰি দিছিল।

বতাহৰ বেগ কমাৰ কোনো লক্ষণ দেখা নগল। দুই এক পানীৰ টোপালও গাত পৰা অনুভৱ কৰিলে কলিতাই। বৰদৈচিলাই মাকৰ ঘৰলৈ যাবলৈ যোজা চলোৱা যেন লাগিল। অচিৰেই ধুমুহা এজাক আহিব বুলি তেওঁ নিশ্চিত হ’ল। তেওঁ যেন প্ৰকৃতিক আৰু কাষৰ পৰা অনুভৱ কৰিবলৈ আৰাম্ভ কৰিছে, প্ৰকৃতিৰ লগত আৰু বেছি আত্মীয়তা অনুভৱ কৰিছে। তেওঁ যেন মানৱ শৰীৰ আৰু মনে অনুভৱ কৰিব পৰা ক্ষমতাতকৈ কিবা অধিক ক্ষমতাযুক্ত হৈ পৰিছে। ছষ্ঠ ইন্দ্ৰিয়ই প্ৰতিটো কথাৰ সঠিক অনুমান কৰা হৈছে। ধাৰাসাৰে বৰষুণ নামি আহিল আৰু কলিতাক ধুৱাই পেলালে। বিজুলীৰ চমকনিত শুভঙ্কৰ চক্ৰবৰ্ত্তীৰ এমহলীয়া ঘৰটো জিলিকি উঠিল। যোৱা তিনি বছৰে এই ঘৰটোৰে একোনত ভাড়াতীয়া হিচাপে বাস কৰি আছে কলিতা। বাস্তৱ পৃথিৱীখনৰ মুখামুখি হ’বলৈ সিদ্ধান্ত লৈ আকৌ সমাজলৈ ঘুৰি আহিছে কলিতা। জাপ মাৰি পকাৰ বেৰখন পাৰহৈ পিছফালৰ তেওঁৰ কোঠাৰ পিনে আগবাঢ়িল। আগতেও ৰাতিকৈ ডিউটিৰ পৰা ঘুৰি আহিলে পিছপিনৰ দৰ্জাৰে ঘৰ সোমায় তেওঁ। এপাত চাবি দৰ্জাৰ ওপৰৰ ফাঁক এটাত লুকুৱাই থৈছিল তেও কেতিয়াব আচলপাত হেৰুৱাই পেলায় বুলি। আজিও সেইপাত তাতেই আৱিস্কাৰ কৰিলে তেওঁ। অকনো শব্দ নকৰি কলিতাই সন্তপৰ্নে তলাটো খুলিলে। ভিতৰখনত ধুলি মাকতিৰে ভৰ্তি হৈ থকা আচবাব পাতি সিচৰিত হৈ আছে। আলমাৰিৰ ওচৰলৈ গৈ দেখিলে সেইটো খোলা কিন্তু ভিতৰৰ বস্তু একেদৰেই আছে। পুৰনি চোলা পেন্ট এযোৰ উলিয়াই আনিলে কলিতাই। কাপোৰৰ জোৰ পিন্ধি লৈ আইনা খনত নিজকে চাই ললে তেওঁ। কিমান দিনৰ মুৰত তেওঁ আকৌ থানালৈ যাব ওলাইছে ক’ব নোৱাৰে কিন্তু কোঠাটোৰ ধূলি মাকতিলৈ লক্ষ্য কৰি বেছ কিছুদিন হোৱা বুলি গ’ম পালে। দুমাহ তো অৱশ্যেই পাৰ হৈ গৈছে বুলি নিজে নিজেই তেওঁ কৈ উঠিল। লেপটপটো খুলি চাওঁ বুলি মেজখনৰ ওচৰলৈ গৈ দেখিলে সেইটো তাত নাই। বিছনা আলমাৰি আৰু আন দুখন মেজত বিছাৰিও লেপটপটো পোৱা নগল। সম্ভৱত অনুসন্ধানৰ বাবে পুলিচে লৈ গৈছে। ইতিমধ্যে পোহৰ হ’বলৈ আৰম্ভ কৰিছিল। হাতত সাৰে ভৰিত সাৰে অকণো শব্দ নকৰাকৈ কোঠাটোৰ পৰা ওলাই আহি তেওঁ আৰু জাপ মাৰি গেট পাৰ হৈ ৰাস্তা পালে। আহত গছদালৰ প্ৰকাণ্ড ডাল এটা ধুমুহাত ভাঙি ৰাস্তাৰ মাজত পৰি আছিল। সেইটো আঁতৰাই ৰাস্তা মোকলাবলৈ হ’লে কোনোবাই মাজত কাটি দুটুকুৰা কৰিহে ডাঙিব পাৰিব। তাৰমানে দুপৰীয়ালৈকে সেইটো ৰাস্তাৰে গাড়ী মটৰ পাৰ হ’ব নোৱাৰিব। কলিতাই বাওঁহাতেৰে অনায়াসে ডালটো ডাঙি লৈ ৰাস্তাৰ এটা ফালে একাষৰীয়াকৈ থৈ বামুণগাঁৱৰ পিনে অগ্ৰসৰ হ’ল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অশোক কুমাৰ নাথ
8 years ago

খুব ভাল লাগিল