ৰঙা চোলাৰ ৰহস্য – মিঠুন ভট্টাচাৰ্য

ঘৰলৈ বুলি ভাবিয়ে উঠিলোঁ এখন বাছত৷ যাত্ৰাত নিৰ্দিষ্ট সময়ত হেণ্ডিমেন আহি ভাড়া খুজিলত ময়ো দিলোঁ৷ সি হিচাপ কৰি চাই ক’লে–” আৰু লাগিব”৷

মই ক’লো-” ইমানেই হয় দেখোন”৷

মোৰ কথা শুনি হেণ্ডিমেন জনে ক’লে–” দুজনৰ বেছি হব নহয়৷”

মই তালৈ কপাল থুপাই সুধিলোঁ–” দুজন?”

হেণ্ডিমেন: অ’, আগৰ সেই বাইদেউ গৰাকীয়ে ক’লে পিছত বহা ৰঙা চোলা পিন্ধাজনে দিব বুলি”৷
মই গোটেই গাড়ীখন ঘুৰ্মুটিয়াই চাওঁ ঠিকেই ৰামধেনুৰ সকলো ৰং বিৰাজমান কিন্তুু, মাথোঁ ৰঙাটোহে মোৰ গাত৷ উস, কি বিপদ, কি কৰা যায়৷ বাইদেউক চাবলৈ যত্ন কৰিলোঁ বহুত !

মই হেণ্ডিমেন জনক ক’লো-” পিছে, মই বা কিহৰ দুখত বাইদেউৰ ভাড়াটো দিব লাগে সুধি আহাগৈ যোৱা ভালকৈ৷
হেণ্ডিমেন জনে সেই বাইদেউগৰাকীৰ কাষলৈ গৈ ক’লে: “অ’ বাইদেউ, দাদাই ভাড়া দিয়া নাই৷ দিয়ক আপুনি৷”
বাইদেৱে কোনোমতে মূৰটো দাঙি চাই তাক সুধিলে-” কাক খুজিলা?” সি মোৰ ফালে আঙুলিয়াই দিয়াত উৰহী গছৰ ওৰ ওলাল৷ বাইদেৱে কলে–” সেইজন নহয় অ’, ভালকৈ বিচাৰি তেওঁৰ দাদাজনক আঙুলিয়াই দিলে বোলে এইজন৷
পিছে দাদা টোপনিত লালকাল৷ ঠিকেই, পিন্ধনত ৰঙা চোলায়ে আছিল বোলে৷ পিছে দাদা গৰমত ঘামি জুৰুলি জুপুৰি হোৱাত চোলা খুলি গেঞ্জিৰেই খিৰিকীৰ কাষত আমেজ লৈ টোপনি গ’ল৷ আৰু সেই ৰঙা চোলাৰ ভাড়া দিওঁতাৰ দায়িত্ব আহি পৰিল মোৰ ওপৰত৷
ঘটনাটোৱে সকলোকে খন্তেক হলেও হাঁহিৰ খোৰাক যোগালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!