‘অ’ মোৰ আপোনাৰ দেশ’ৰ গুৰি কথা (প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা)

সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ বিশেষ ‘বেজবৰুৱা সংখ্যা’ৰ লগত সংগতি ৰাখি ৺ প্ৰফুল্লচন্দ্ৰ বেজবৰুৱাৰ নিৰ্বাচিত ৰচনাৰ মাজৰ পৰা এই লেখাটো পুনঃমুদ্ৰণ কৰা হ’ল৷ লেখাটো সংগ্ৰহ কৰি দিয়াৰ বাবে উজ্জ্বল ফুকনলৈ ধন্যবাদ থাকিল৷ – সম্পাদক, সাহিত্য ডট্ অৰ্গ৷

৺প্ৰফুল্ল চন্দ্ৰ বেজবৰুৱাৰ বিষয়ে দুৱাষাৰ-

অসমৰ এটি সম্ভ্ৰান্ত পৰিয়াল বেজবৰুৱা বংশত ১৯৩৮ চনৰ ৩১ আগষ্ট- জন্মাষ্টমীৰ দিনা তেওঁৰ জন্ম। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অগ্ৰজ বিনন্দচন্দ্ৰ বেজবৰুৱাৰ নাতি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অমূল্য সম্পদৰাজি সংৰক্ষণৰ ক্ষেত্ৰত ডেকা বেজ মাধৱচন্দ্ৰ বেজবৰুৱাই লোৱা প্ৰচেষ্টা আৰু দায়িত্ব আমৃত্যু কৃতজ্ঞচিত্তে পালন কৰি যোৱা মানুহজনেই হ’ল প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা। পেছাত এজন আইনজ্ঞ আছিল যদিও অকল সাহিত্যৰথীৰ সাহিত্য-সম্ভাৰেই নহয় অৰুণোদয়, বাঁহী,জোনাকী,উষা,প্ৰদীপিকা আদি দেশ আপুৰুগীয়া আলোচনীৰ লগতে দেশ-বেদেশৰ বিভিন্ন সাহিত্য-সম্ভাৰ বহু কষ্টেৰে সংগ্ৰহ কৰি সযতনে সংৰক্ষণ কৰি ৰাখিছিল নিজা পুথিভঁৰালত। বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলীৰ মতে প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা আছিল এখন জীৱন্ত তথা চলন্ত বিশ্বকোষ। সঁচা অৰ্থত প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা আছিল অসমীয়া সাহিত্যৰ এক বৌদ্ধিক প্ৰহৰী।

………………………………………………………………………………………………………………………………………………

জাতীয় সংগীত একো-একোটা জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীকেই নহয়, বৰং এই জাতীয় সংগীততো প্ৰতিফলিত হয় সেই জাতিৰ ঐতিহ্য। এই জাতীয় সংগীতেৰে অনুপ্ৰাণিত হৈ জনগণৰ চৰম আত্মত্যাগৰ মহামন্ত্ৰ শংখধ্বনিয়েই হৈছে মৃত্যু উপত্যকাৰ পদধ্বনি আৰু ইয়াতে বিচাৰি পোৱা যায় সেই জাতিৰ বুৰঞ্জীৰ সম্বল। এনে জাতীয় সংগীতক বিকৃত কৰা বা ব্যৱসায়িক উদ্দেশ্যেৰে প্ৰচাৰ কৰা কেৱল সেই জাতিৰ প্ৰতি দেখুওৱা চৰম অসৌজন্যই নহয়, বৰং অক্ষমণীয় ধৃষ্টতা। অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ সাহিত্যৰথী বেজবৰুৱাই কৰপোতে জাতিৰ প্ৰতি নিৱেদন কৰা ভক্তি অৰ্ঘ্য আৰু সেয়া ব্যৱসায়ৰ বিষয়বস্তু নহয়। আমাৰ এই জাতীয় সংগীতৰ উৎস যদি বিচাৰি চাওঁ তেন্তে আমি এশবছৰ আগলৈ ওলটিব লাগিব।
সেয়া ১৯১০ চনৰ মে’ মাহৰ কথা, অসমীয়া ১৮৩২ শকৰ জেঠ মাহ, বেজবৰুৱাই নিজে কোৱা তেখেতৰ ‘কলিজাৰ আগমঙহ’ বাঁহীৰ প্ৰথম বছৰ সপ্তম সংখ্যাৰ ২১২ পৃষ্ঠাত ‘অ’ মোৰ আপোনাৰ দেশ’, ‘মোৰ দেশ’ নামেৰে শ্ৰীকৃপাবৰৰ নামত প্ৰকাশ হৈছিল এনেদৰে-

মোৰ দেশ
(গীত)
(ইংৰাজী সুৰ)

অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণি দেশ!
এনেখন সুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।।

অ’ মোৰ সুৰিয়া মাত!
অসমৰ সুৱদী মাত!
পৃথিৱীৰ ক’তো
বিচাৰি জনমতো
নোপোৱা কৰিলোঁ পাত।।

অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ তোমাৰ,
মুখনি এবাৰ,
হেঁপাহ মোৰ পলোৱা নাই।।

অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ সুকীয়া দেশ!
ৰা তা তা, ৰা তা তা,
ৰা তা তা, ৰা তা তা,
ৰা তা তা, মৰমৰ দেশ।।

শ্ৰীকৃপাবৰ।

দিন বাগৰি গ’ল। ১৯১৩ চনত বেজবৰুৱা ডাঙৰীয়াই নিজে কবিতাখিনি গোটাই কলিকতাৰ ৩৩নং কেনিং ষ্ট্ৰীটৰ ‘টিম্বৰ এণ্ড ষ্টোৰ এজেন্সি’ৰপৰা প্ৰকাশ কৰে তেওঁৰ একমাত্ৰ কবিতাপুথি কদম-কলি। মূল্য আছিল ‘বেচ ১ টকা মাথোন’।

উদ্দেশ্য-
পাতনি
কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি মাজে-সময়ে লিখা পদ্যবোৰ গোটাই একে ঠাই কৰি এই কিতাপখন কৰা হ’ল। কবি হ’বৰ দুৰাশা কৰি নহয়। মোৰ নিজৰ ৰচনাবোৰ মোৰ নিজৰে পঢ়ি ভাল লাগে; বোধকৰোঁ নিজৰ দেখি। সেইবোৰ সিঁচৰিত হৈ থকা বাবে পঢ়িব খুজিলে আহুকাল পাওঁ। সেই দেখি সেইবোৰ একেলগ কৰি সুচলকৈ ল’লোঁ। এখন ছপোৱা আৰু হেজাৰখন ছপোৱা প্ৰায় একে খৰচেৰে কথা। সেইবাবে সেইদৰে ছপাই থ’লোঁ। যাৰ মন যায় পঢ়িব, যাৰ মন নাযায় নপঢ়িব; আৰু যাৰ মন যায় তেওঁ মনত অলপো খুকুৰি নাৰাখি তাৰ কাঠ-সংস্কাৰ কৰি সন্তোষ লভিব; ৰাইজৰ আগত এই নিৱেদন।

১৮৩৫ শক, ১লা ভাদ গ্ৰন্থকাৰ
লৰেল্ছ, হাওড়া

তাতো ‘অ’ মোৰ আপোনাৰ দেশ’ বাঁহীত প্ৰকাশ পোৱাৰ দৰে একে ৰেহ-ৰূপেৰে প্ৰকাশ পাইছিল আৰু ১৯২৪ চনৰ ১৯ আৰু ২০ এপ্ৰিলত কনকলাল বৰুৱাদেৱৰ সভাপতিত্বত ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাৰ ষষ্ঠ অধিবেশনত উক্ত গীতটিৰ শেষৰ কলিটো বাদ দি বেজবৰুৱাই লিখাৰ দৰে সেই ৰূপতে জাতীয় সংগীত ৰূপে অসমীয়া ৰাইজে গ্ৰহণ কৰিলে। বৰ্তমানৰ ‘অ’ মোৰ আপোনাৰ দেশ’ৰ সুৰটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাতৃ প্ৰয়াত কমলাপ্ৰসাদ আগৰৱালা বি-এল দেৱে দিছিল। ইয়াৰ এটা মনোৰম কাহিনী আছে। লিখিছিল বৰ্ষীয়ান সাহিত্যিক, বৰদৈচিলাৰ সম্পাদক শিৱপ্ৰসাদ বৰুৱাদেৱে। ৪৯২ শংকৰাব্দত মাধৱচন্দ্ৰ বেজবৰুৱাই সম্পাদনা কৰা ২৭ বৰ্ষ বাঁহীৰ পঞ্চম সংখ্যাত ৩১১ প্ৰিষ্ঠাত তেখেতে ‘অসমীয়াৰ জাতীয় সংগীত’ নামৰ প্ৰৱন্ধত লিখিছিল এইদৰে-
“দুৱৰাদেৱৰ মুখৰপৰা থাউকতে ‘অ’ মোৰ আপোনাৰ দেশ’ৰ বিষয়ে দুবছৰ আগতে এইদৰে শুনিছিলোঁ। ‘অ’ মোৰ আপোনাৰ দেশ’ৰ ৰচনাকাল ১৮৩২ শক চ’ত বা ১৯১১ চন। প্ৰথম বছৰ, ৭ম সংখ্যা বাঁহীৰ ২১২ পিঠিত ছপা হৈছিল। প্ৰথমতে এই গীতটো ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ উদ্ধোধনী সভাত গোৱা হৈছিল। সুৰ বান্ধিছিল সেই স্কুলৰ শিক্ষক তাৰাপ্ৰসাদ চক্ৰৱৰ্তী মহাশয়ে। তেখেতে এতিয়া বংগদেশৰ খুলনা হাইস্কুলৰ শিক্ষক। পাছত সেই সুৰেৰেই ডিব্ৰুগড়ৰ ‘বেৰি হোৱাইট মেডিকেল স্কুল’ৰ ছাত্ৰই সিবিলাকৰ বাৰ্ষিক উৎসৱত গায়। ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাতো এই গীতটো গোৱা হৈছিল। এইবাৰ কিন্তু বেলেগ সুৰ হ’ল। সুৰ-শিল্পী প্ৰফুল্লচন্দ্ৰ বৰুৱাদেৱে সুৰ দিয়ে। এই সুৰটো ভালেদিন চলিছিল। .. পাছত কমলাপ্ৰসাদ আগৰৱালা বি-এল দেৱে বান্ধি দিয়া সুৰকে ৰাইজে পাই আস্বস্তি লাভ কৰিছে। এই সুৰকে ৰেকৰ্ডতো দিয়া হ’ল। ইয়াৰপৰাই ডাঠি ক’ব পাৰি যে ‘অ’ মোৰ আপোনাৰ দেশ’ৰ উৎপত্তি বা সাজ-সজ্জাৰ স্বৰূপ ডিব্ৰুগড়তেই।”
উল্লেখযোগ্য যে এই জাতীয় সংগীতৰ আগতেও এবাৰ বিকৃতকৰণ হৈছিল ১৯২৯ চনত। বেজবৰুৱাই তেতিয়া বিনম্ৰ স্বৰে বজ্ৰকণ্ঠেৰে ঘোষণা কৰিছিল, উক্ত জাতীয় সংগীত ‘মই একো সাল-সলনি কৰা নাই আৰু কেতিয়াও নকৰোঁ!’ ইয়াৰ পূৰ্ণপাঠ বেজবৰুৱাই নিজে সম্পাদনা কৰা বাঁহীৰ ১৮৫১ শকৰ আহাৰ মাহত প্ৰকাশিত ১৮ বছৰ তৃতীয় সংখ্যাত এনেদৰে প্ৰকাশ পাইছিল-

এখন চিঠি
শ্ৰদ্ধাস্পদ বেজবৰুৱা ডাঙৰীয়া,
মনৰ খু-দুৱনী মাৰিবলৈ আপোনাৰ ওচৰত এষাৰ কথা জনাব খুজিছোঁ- আপোনাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ বোলা গীতটি আমি ১ম বছৰ বাঁহী আৰু কদম-কলিত দেখিছিলোঁ কিন্তু এইবাৰ অন্য ৰকমে শুনিলো- লগতে ন-ৰূপ ধৰা গীতটোও পঠাই দিলোঁ। আপুনি কেতিয়াবা ইয়াক এইদৰে সংশোধন কৰিলে নেকি? আমি হ’লে এইদৰে কোনো কাগজে-পত্ৰই নেদেখি সন্দেহ ভাঙিবৰ কাৰণে লিখিলোঁ। যদি আপুনি অলপ নতুন কৰিলে তেন্তে আকৌ তাক বাঁহীত প্ৰকাশ কৰিলে সকলোৱে জাতীয় গীত হিচাপে গাব পাৰিব- যদি আপুনি সাল-সলনি কৰা নাই তেখেতেনো কি বুলি সলালে?
ইতি-
এজন শিৱসাগৰীয়া
শিৱসাগৰ
৫/৬/২৯

সামৰণি সংগীত
(শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা)
এই গীতটি অসমীয়া National Anthem হিচাপে সকলো সভা-সমিতি-উৎসৱ আদিত ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰা পোৱা গৈছে। এই সংগীত যেতিয়া বজোৱা হ’ব প্ৰত্যেক দেশপ্ৰাণ অসমবাসীক থিয় হৈ ইয়াৰ প্ৰতি সন্মান দেখুৱাবলৈ বিনীত অনুৰোধ কৰিলোঁ।

সমজুৱাসকলে-

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণি দেশ,
অ’ মোৰ মৰমৰ আই,
অ’ মোৰ অসমী আই,
অ’ মোৰ চেনেহী আই।

গায়কসকলে-

এনেখন সুৱলা এনেখন সুফলা
এনেখন মৰমৰ ঠাই।
অ’ মোৰ সুৰীয়া মাত,
অসমৰ সুৱদি মাত,
পৃথিৱীত ক’তো বিচাৰি নোপোৱা
জনমতো কৰিলেও পাত।
অ’ মোৰ চেনেহী আই পৃথিৱীত
ক’তো ইত্যাদি।
অ’ মোৰ মৰমৰ আই,
অ’ মোৰ আদৰি আই,
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই!
(‘এখন চিঠি’ প্ৰৱন্ধত উল্লেখ কৰা গীত)

উত্তৰ

চিঠি লেখকৰ নাম নাপাই, বাঁহীলৈকে উত্তৰ লিখি পঠিয়ালোঁ। চিঠিত উল্লেখ কৰা গীতটিৰ মই একো সাল-সলনি কৰা নাই, আৰু কেতিয়াও নকৰোঁ। মোৰ এটি ধাৰণা আছে, সি শুধেই হওক বা অশুধেই হওক, কিন্তু আছে। গছৰ পৰা ফল সৰি পৰিলে, গছৰে সৈতে আৰু তাৰ সম্পৰ্ক নাথাকে। সি তলত পৰি গজে; নাইবা জীৱ-জন্তুৰ পেটলৈ যায়; নাইবা বতাহে তাক উৰাই নি দূৰ-দূৰান্তৰত পেলায়। গছ তাৰ আলৈ-আথানি, বা আদৰ-সাদৰৰপৰা আঁতৰত। অৱশ্যে তাৰ আদৰ দেখিবলৈ পালে গছৰ যে সন্তোষ নহয়, অথবা আলৈ-আথানি চকুত পৰিলে যে গছ অলপ নহয় অলপ ব্যথিত নহ’ব, এনে নহয়। তথাপি গছ তাৰ বিষয়ে নিৰ্লিপ্ত।
শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পুথি হৰিচন্দ্ৰ উপাখ্যান। অদিন তেওঁ পাটবাউসীত থাকোঁতে এটা মগনিয়াৰে হৰিচন্দ্ৰ পুথিৰ পদ মাতি মাগি ফুৰা দেখি তেওঁ দুখ কৰি কৈছিল – “মোৰ প্ৰথম মানস-সন্তান ভিখাৰী হ’ল। ” মোৰ ৰচিত এই গীতটি ভিখাৰী হোৱা দূৰত থাওক, National Anthem অৰ্থাৎ জাতীয় সংগীত ৰূপে ৰাজ-ৰাজেশ্বৰ হোৱা দেখি অৱশ্যে মোৰ আনন্দ কুলাই-পাচিয়ে যে নধৰা হৈছে তাক নক’লেও হ’ব।

শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।

এয়াই হৈছে অসমৰ জাতীয় সংগীতৰ ইতিবৃত্ত।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে এই জাতীয় সংগীতটি যোৰহাটৰ সুকণ্ঠী গায়ক শ্ৰীজীৱন বৰঠাকুৰে, জুবিন গাৰ্গ নামৰ ছদ্মনামেৰে যন্ত্ৰ নামৰ এটি শ্ৰব্য কেছেটত ‘বিশেষ সংযোজন : অসমৰ জাতীয় সংগীত’ বুলি বেজবৰুৱা-ৰচিত গীতটিৰ দ্বিতীয় কলিতো-
“অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদী মাত!
পৃথিৱীৰ ক’তো
বিচাৰি নোপোৱা
জনমটো কৰিলোঁ পাত।”

– এনদৰে বিকৃত কৰি গাইছে। তদুপৰি কেছটটিত বকলাখনৰ ক’তো বেজবৰুৱাদেৱৰ নাম উল্লেখ নকৰি সমগ্ৰ কেছেটটিৰ গীতসমূহ জাতীয় সংগীতটিৰ সৈতে কথা-কণ্ঠ-সুৰ নিজৰ বুলি দাবী কৰিছে। আকৌ শ্ৰীবৰঠাকুৰে দিয়া এটা বিবৃতি দৈনিক জনমভূমি কাকতৰ ২০/০৪/০৫ সংখ্যাত প্ৰকাশিত এটা বাতৰিত প্ৰকাশ পাইছে এনেদৰে-
‘অ’ মোৰ আপোনাৰ দেশ-অসমৰ জাতীয় সংগীত কেতিয়াও হ’ব নোৱাৰে, ই এটা কবিতাহে।”
এই মন্তব্য কৰিছে বৰ্তমান যুৱ-প্ৰজন্মৰ অতি জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে। একোটা গীতকে নিজেই ব্যৱসায়-ভিত্তিত প্ৰচাৰ কৰা কেছেটত জাতীয় সংগীত বুলি কোৱা একেজন লোকেই সেই একেটা গীতকে গীত নহয় কবিতা বুলি কোৱা কথাৰ ভাষাৰে প্ৰতিবাদ কৰিবলৈ আমি অসমৰ্থ। জাতীয় সংগীত নহ’লেও বেজবৰুৱাৰ কবিতাত হাত ফুৰাই শ্ৰীবৰঠাকুৰে বৰ ভাল কাম নকৰিলে। মুঠতে বেজবৰুৱাৰ ভাষাত ক’বলৈ গ’লে – “এয়া ই নহয় সি হে।” মন্তব্য নিস্প্ৰয়োজন।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jahidul Islam
6 years ago

পঢ়ি বহু নজনা কথা জানিব পাৰিলো , ভাল লাগিল ৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক