চিন্তাৰ চাকনৈয়া..( হিতেন্দ্ৰ শৰ্মা)

 

(১)

আধুনিকতাই দিনক দিনে আমাক উন্নতিৰ পথত লৈ গৈছে আৰু নিত্য-নতুন জ্ঞানৰ সম্ভেদ দিছে। সেই জ্ঞানৰ

বলতে আমি আমাৰ দৈনন্দিন জীৱন সুখময় আৰু সুবিধাজনক ভাৱে যাপন কৰিবলৈ চেষ্টা কৰো। কিন্তু লাহে লাহে আধুনিকতাৰ্ নামত আমি নিজকে হেৰুৱাই পেলাব ধৰা নাই নে? আমি আমাৰ মূলৰ পৰা বিচ্ছিন্ন হৈ পৰিব ধৰিছো,  অজানিতেই। পুৰণিক আঁতৰাই নতুনৰ অৱাহন নিত্যান্তই প্রয়োজনীয় আৰু মানব সমাজৰ উন্নতিৰ ই এক মাপকাঠি। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে, নতুন হ’ল বুলিয়েই হকে-বিহকে সকলো বস্তুকে আদৰি লব লাগিব। ইয়াত মোৰ নজৰত অলাগতীয়াল কিছুমান আচাৰ-ব্যৱহাৰৰ বিষয়ে কম যি আজি কালি আমাৰ সমাজত শিপাইছে।

 

১) ডে’ৰ প্রাদুৰ্ভাব- ৱেলেন্টাইন ডে, ফ্রেণ্ডশ্বিপ ডে, ফাদাৰ্চ ডে, মাডাৰ্চ ডে, ব্রাদাৰ্চ ডে, ৱিমেনচ ডে ইত্যাদি ইত্যাদি। আজি কিছুদিন আগতে মোৰ এজন বন্ধুক ফোনত কথা পাতি থকা শুনিলো, তেওঁ নিজৰ মাকক হেপ্পী ৱিমেনচ দেৰ শুভেচ্ছাঁ দি আছিল। কিবা আঁচহুৱা যেন লাগিল। আমি বাৰু আমাৰ মা, পিতাহঁতক হেপ্পী ৱিমেনচ দে, ফাদাৰ্চ দে, মাদাৰচ দে আদিৰ শুভেচ্ছা জনালেহে মৰম বা শ্রদ্ধা কৰাটো বুজাব নেকি ? মই তাৰিখ বিলাক জনাৰ পিছতো মনে মনে চেষ্টা কৰিও এইবিলাক দেৰ শুভেচ্ছাঁ দি নাপালো। কিবা কৃত্রিম যেন লাগিল ।লাগিল যেন, এইবোৰ কৈ মা আৰু পিতাৰ মৰমক উপলুঙাহে কৰিছো ।যেন কিবা এটা আনুস্থানিক সম্পৰ্কহে স্থাপন কৰিছো।

একেদৰেই ফ্রেণ্ডশ্বিপ দে। এয়া এক নতুন ধং। মইও ফেচবুকত আৰু smsৰ দ্বাৰা বন্ধুবৰ্গক শুভেচ্ছাঁ জনাওঁ,

কিন্তু সেয়া খিন হব ধৰা সম্পৰ্কৰ জৰিদাল টানি ৰাখিবলৈ আৰু পাহৰণিত হেৰাই যাব ধৰা কিছুমান বন্ধুক মনত পেলাবলৈ কৰা এক চেষ্টাহে। লগতে নতুনকৈ স্থাপন হোৱা কোনো বন্ধুত্বৰ সম্পৰ্কক আৰু সৌহাৰ্দ্যপুৰ্ণ কৰি তোলাৰ এক আহিলা। কিন্তু অন্তৰংগ আৰু দীৰ্ঘদিনীয়া বন্ধুত্ববোৰ এই দে বিলাকৰ অধীন নহয়। ফ্রেণ্ডশ্বিপ দেৰ দিনা ফোন বা মেচেজ নকৰিলেও তেনে বন্ধুই বেয়া নাপায়। আমি কিন্তু অশোকাষ্টমী পাহৰি গলো। অশোকাষ্টমীৰ দিনা ব্রহ্মপুত্রত স্নান কৰি বহুতে মিত্রতাৰ ডোলত বান্ধ খায়। নামনিৰ ভাষাত তাক ‘সখি বন্ধা’ বুলি কয়।এই সখিত্ব আজীৱন থাকে। আজিকালি খুব কমেইহে সখি বান্ধে, ফ্রেণ্ডশ্বিপ হে কৰে বেছি ভাগে। ফ্রেণ্ডশ্বিপ দেৰ দিনা বাৰ, দিস্কো, হোটেল বিলাকত কি কাণ্ড-কাৰখানা হয় সেয়া সৰ্বজনবিদিত। ৱেলেন্টাইন দেৰ কথা নকলোৱেই যেনিবা। আন এটা নতুনকৈ অহা সংস্কাৰ হ’ল ‘ৰক্ষা বন্ধন’ বা ‘ৰাখী বন্ধন’। আজিৰ পৰা ১০ বছৰমান আগতে এইটো পৰ্ব অসমত অসমীয়া সকলে পালন নকৰিছিল(বহুতে নামেই নাজানিছিল)।কিন্তু বৰ্ত্তমান অসমত খুব পয়োভৰেৰে ইয়াক পালন কৰা হয়। ইয়াত আপত্তি কৰিবলগীয়া একো নাই, কাৰণ ই ভাই-ভগ্নীৰ সম্পৰ্কক আৰু কটকটিয়া কৰা এটা উৎসৱ ।লগতে মুল ভাৰত ভূ-খণ্ডৰ লগত সাংস্কৃতিকভাৱে সন্মিলিত হোৱাতো ই অৰিহণা যোগাইছে। কিন্তু ইয়াৰ অন্তৰ্নিহিত অৰ্থ, উদ্দেশ্য আৰু গৰিমা বুজাৰ পিছত ইয়াক পালন কৰিলেহে প্রকৃত অৰ্থত ইয়াক পালন কৰাটো বুজাব। হকে-বিহকে টিভিত দেখি বা আনক দেখি একো নুবুজা-নুগুণাকৈয়ে বস্তুএটা আপোন কৰি লোৱাটো সমীচিন হবনে? আমাৰ ‘ভ্রাতৃদ্বিতীয়াৰ’ নাম কিমানজনে শুনিছে বাৰু? ভাৰতৰ অন্য প্রান্তত ৰাখী এটা ডাঙৰ উৎসৱ আৰু তেওঁলোকে ইয়াৰ গৰিমা গভীৰভাৱে অনুভৱ কৰে কাৰণ তেওঁলোকৰ সংস্কৃতিৰ ৰন্ধ্রে-ৰন্ধ্রে ই সমাহিত হৈ আছে।

 

আজি কিমানজনে বাৰু ‘জেঠুৱা’ৰ বিষয়ে জানে? জেঠ মাহত জন্মাসকলক জেঠুৱা বোলা হয়। জেঠ আহৰ দোমাহীৰ দিনা বিভিন্ন ব্যঞ্জন ৰন্ধা হয় জেঠুৱা উপলক্ষে। তাৰ ভিতৰত বাহৰ গাঁজ, কণী, কঁঠালৰ গুটি আৰু বহুতো অন্য ব্যঞ্জন ৰন্ধা হয় (কমেও ১২-১৪ খনমান ব্যতিক্রমী ব্যঞ্জন; বাকীবোৰ পাহৰিলো, আজি বহুবছৰ ধৰি জেঠুৱা খোৱা নাই)। লাহে লাহে অসমীয়া সংস্কৃতিৰ এই সৰুসৰু উপাদানবোৰ অলক্ষিতেই লুপ্ত হব ধৰিছে আৰু তাৰ ঠাই লৈছে কিছুমান অচিনাকি আচাৰে।

 

এই ক্ষেত্রত এটা কথা উল্লেখ্য যে ইয়াত বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস, এইডচ দে, বিশ্ব স্বাস্থ্য দিৱস আদিৰ

দৰে উপলক্ষ্যবোৰৰ কথা কোৱা হোৱা নাই কাৰণ এইবিলাকৰ এটা উদ্দেশ্য আছে। জনমানসত সচেতনতা সৃষ্টি কৰিবলৈ এইবিলাক দিৱসৰ উদযাপনৰ প্রয়োজনীয়তা আছে। আচলতে আনবোৰ উপলক্ষ্যও উদযাপন কৰাত একো আপত্তি নাই, কিন্তু এইবোৰৰ আৰঁত আমাৰ প্রকৃত অনুভুতি, সংস্কাৰবোৰ হেৰাই যাব ধৰাটোহে দুখৰ কথা।

 

২) বহুদিন হ’ল, এখনো অসমীয়া বিয়া খাবলৈ যোৱা হোৱা নাই। কি কৰিম,  ঘৰৰ পৰা দুৰত থাকো যে!

কিন্তু ফেচবুকৰ পাতত কেতিয়াবা কোনো অসমীয়া লোকৰ বা কোনো বন্ধুৰ বন্ধুৰ বিয়াৰ ফোটো দেখিবলৈ

পাওঁ। দেখি আচৰিত লাগে, আমি সৰুতে দেখা দৰাৰ সাজপাৰ আৰু আজিৰ অসমীয়া দৰাৰ সাজপাৰৰ মাজত থকা পাৰ্থক্য দেখি।মুল বিয়াৰ দিনাখনৰ কথা বাদ দিলো কাৰণ সেইদিনা কম-বেছি পৰিমাণে দৰাৰ সাজ একেই আছে (কিছুমান অত্যাধুনিক পৰিয়ালৰ কথা বাদ দি)। অভ্যৰ্থনাৰ দিনাখন দৰাই শ্বেৰৱানীহে পিন্ধে আজিকালি, কিছুবছৰ আগলৈকে যিবিধ পোছাকৰ নামো হয়তো নাজানিছিল বহু অসমীয়াই। নাজানিবৰ কথাও, এয়া অসমীয়া সাজ নহয় উত্তৰ ভাৰতীয় সাজহে। মুঠতে এক আমুল পৰিৱৰ্ত্তন। সকলোৰে ক্ষেত্রত অৱশ্যে এয়া প্রযোজ্য নহবও পাৰে দেই।

 

৩) পিতা বা মা বুলি সম্বোধন কৰোতে যি তৃপ্তি আৰু আপোনভাব অনুভব কৰা যায়(মাতোতা আৰু শুনোতা দুয়ো) দেদ, ম’ম, পপ্পা, মম্মী আদিত সেই মাধুৰ্য্য আছেনে বাৰু ? পৰম্পৰাগতভাবে অসমীয়া সমাজত পিতাকক পিতা, দেউতা, পিতি, বাবা আৰু মাকক আই, মা আদি সম্বোধন কৰা যায়। কিন্তু আজিকালিৰ সমাজত শুনা ইয়াৰ প্রতিশব্দবোৰ বেলেগ- পাপা, মাম্মী ইত্যাদি। এইক্ষেত্রত মাক-দেউতাকেই জগৰীয়া। তেওঁলোকে নিজে যি সম্বোধন কৰিছিল তাক লৈ তেওঁলোক লজ্জিত, নহলেনো নিজৰ সন্তানক বেলেগ শিক্ষা দিয়েনে? ইংৰাজী মাধ্যমত পঢ়িলেই বুলি নিজস্বতা খিনি এৰি দিবনে। ইংৰাজী এক শিক্ষাৰ মাধ্যমহে, নিজৰ সংস্কাৰ ভুলোৱাৰ মাধ্যম নহয়। এই বিষয়ে ইতিমধ্যে বহুত লেখা-মেলা আৰু যুক্তি তৰ্ক হৈ গৈছে। সেয়েহে চৰ্বিত চৰ্বন নকৰো আৰু। আনৰ সংস্কৃতিক আদৰি লোৱাটো কোনোপধ্যেই আপত্তিজনক নহয় বৰং প্রসংশনীয়্হে। কিন্তুএয়া নিজৰ সংস্কৃতিক অৱজ্ঞা কৰি নহয়। ভুপেন মামাৰ ভাষাত- নিজৰ আইক ভাল বুলিলে আনৰ আইক বেয়া বোলাটো বুজাব জানো!

(২)

পৃথিৱীত পৰগ্রহবাসীৰ দপদপনি….

 

শিৰোনামটো শুনিলেই কিবা আচহুৱা আচহুৱা লাগে। কিন্তু নিত্য-নৈমিত্তিক আৰু গতানুগতিক চিন্তাৰ পৰা অৱকাশ লৈ কেতিয়াবা কিছুমান আঁচহুৱা চিন্তা কৰিবৰ মন যায়। পৰগ্রহবাসী(alien/extraterrestrial)ৰ বিষয়্টো অতি বিতৰ্কিত, আমোদজনক আৰু শিহৰণকাৰী। আজিলৈকে হ’লিউদ আৰু আমাৰ বলিউদতো এইটো বিষয় লৈ বহুকেইখন জনপ্রিয় ছবি নিৰ্মিত হৈছে ।গুগল আৰু ইউ-টিউবত এই বিষয়ে অলেখ তথ্য সম্বলিত লেখা আৰু ভিদিও দেখিবলৈ পাব। সেইবোৰ দেখি ভাব হয় সচাকৈয়ে আমাৰ এই চিনাকি পৃথিৱীখনত অচিনাকি কিছুমান পৰগ্রহবাসী প্রাণীয়ে পিত-পিতাই ফুৰিছে নেকি ? আজিলৈকে ইউ.এফ.ও (UFO-unidentified flying object) দেখা পোৱা বুলি দাবী কৰা মানুহৰ সংখ্যা তেনেই তাকৰ নহয় কিন্তু তথ্যপুৰ্ণভাৱে ইয়াৰ অস্তিত্ব প্রমাণ কাচিৎহে দেখা গৈছে ।আৰু সেই প্রমাণবোৰো(ফোটো বা ভিদিও) অতি অস্পষ্ট যাৰ ভিত্তিত একে আষাৰেই পৰগ্রহত প্রাণীৰ অস্তিত্ব থকা বুলি কৈ দিব নোৱাৰি। মন কৰিবলগীয়া কথা যে তথ্য, অনুমান বা কল্পনাৰ ভিত্তিতেই হওক, পৰগ্রহবাসী সকলক পৃথিৱীৰ মানুহতকৈ অধিক বুদ্ধিমান আৰু প্রযুক্তিগত্ভাৱে অধিক উন্নত বুলি ভাবি অহা হৈছে। এয়া কিমান দুৰ সচা? যদি অনাগত ভৱিষ্যতত কোনো গ্রহত নাছা বা ইছৰোই এককোষী বা বহুকোষী

ইতৰ(এমিবা অথবা পেলুসদৃশ) প্রাণীৰ সম্ভেদ পায়, তেনেহলে ইমানদিনে চলি অহা কল্পনাবিলাসিতা(fantasy)ৰ

অৱস্থা কি হ’ব বাৰু!!

 

আজি কিছুদিন আগতে এটা বাতৰি পঢ়িবলৈ পালো যে লাডাখ সীমান্তত ভাৰতীয় সেনাই ইউ.এফ.ও দেখা পোৱা বুলি ৰিপ’ৰ্ট কৰিছে। লগে লগে এই দাবী খণ্ডিতও হ’ল এই বুলি যে, আঁচলতে শুক্র আৰু বৃহস্পতি (নে মংগল?) গ্রহ দুটাকহে অতি উজ্জ্বলভাৱে দেখা গৈছিল। তাকেই UFO বুলি সেনাবাহিনীয়ে ভুল কৰিছে ।কিন্তু ইয়াৰ আগতেও এই অঞ্চলত ৰহস্যজনক যান কিছুমান দেখা পোৱা বুলি বাতৰি ওলাইছিল। কৌতুহলবসত এই বিষয়ে অলপ বিচাৰ-খোচাৰ কৰাত বহুত আচৰিত আচৰিত তথ্য (উৰাবাতৰি?)পালো। লাডাখত এটা UFO ঘাটি (base)আছে যাক ভাৰতীয় সেনাই সুৰক্ষা দিয়ে। এই পৰগ্রহবাসী বিলাক শত্রুতা ভাৱাপন্ন নহয়। নোহোৱা-নোপজা ঘটনা যেন লাগিছে!! ইন্টাৰনেটত পোৱা এই প্রৱন্ধটোৰ মতে পৰগ্রহবাসী বিলাকে আনৱিক শক্তি সম্পন্ন ৫ খন দেশৰ (আমেৰিকা, ইংলেণ্ড, ফ্রান্স, ৰাছিয়া, চীন)লগত বহুবছৰ আগৰ পৰাই সম্পৰ্ক স্থাপন কৰি আহিছে। আৰু ভাৰত চৰকাৰৰ লগত ২০০৪ চনৰ পৰাহে এই সম্পৰ্ক স্থাপন হৈছে। কিন্তু চৰকাৰ বিলাকে দেশ আৰু পৃথিৱীৰ জনতাৰ মজত দুশ্চিন্তা, ভয় আৰু অস্থাহীনতাই যাতে গা কৰি উঠিব নোৱাৰে তাৰ বাবে এইবোৰ কথা গোপনে ৰাখে। অবিশ্বাস্য!!! কিন্তু বাতৰিটোত এইবিলাক তথ্যৰ সুত্র অথবা উৎসৰ কথা মুঠেও উল্লেখ কৰা নাই। গতিকে ইয়াক কোনো সাৰুৱা মগজুৰ কল্পনাৰ সৃষ্টি বুলি দলিয়াই পেলালেও কব লগীয়া নাই ।

 

দুদিন আগতে পোৱা আন এটা বাতৰি- আমেৰিকাই স্বীকাৰ কৰিলে এৰিয়া-৫১(Area-51)ৰ অস্তিত্ব| তেওঁলোকৰ মতে এয়া এক গোপন সৈনিক ঘাটিহে,  অতদিনে বিশ্বাস কৰি অহাৰ দৰে তাত কোনো এলিয়েন বা ইউ.এফ.ও বন্দী কৰি ৰখা হোৱা নাই। এয়া কিমান দুৰ সচা বা মিছা তাক জনাৰ উপায় নাই।

 

বহুতে কব খোজে যে এতিয়ালৈকে ৰহস্য ভেদ কৰিব নোৱাৰা কেতবোৰ ঠাই, ভাস্কৰ্য্য বা আশ্বৰ্য্যৰ অন্তৰালত এই পৰগ্রহবাসীৰেই হাত আছে যেনে- ষ্ট’নহেঞ্জ। অন্য বহুতো প্রাচীন দুৰ্গ বা ধ্বংসাৱষেশ আছে য’ত কিছুমান অদ্ভুত কাৰুকাৰ্য্য আৰু চিত্র অঁকা আছে যাৰ বাখ্যা আজিকোপতি সম্ভৱ্ নহল। আমাৰ মহাকাব্য ৰামায়ন, মহাভাৰত, পুৰাণ আদিত বৰ্ণিত অতি প্রাকৃতিক শক্তিসম্পন্ন দেৱতাসমুহ, তেওঁলোকৰ আকাশমাৰ্গেদি যোৱা বাহন, অস্ত্র-শষ্ত্র আদিৰ বাখ্যাও পৰগ্রহবাসীৰ লগত এক যোগসুত্র হব পাৰে। বহুতো প্রাচীণ ভাস্কৰ্য্যত আকাশযানত উঠি অহা দেৱতা আদিৰ ছবি দেখা যায়। কিন্তু সেই প্রাচীন কালত কেনেকৈ বাৰু আকাশীযানৰ কথা কল্পনাৰ গোচৰ হ’ল?  নে সেয়া সঁচাকৈয়ে পৰগ্রহৰ পৰা অহা অতি প্রাকৃতিক শক্তিসম্পন্ন এলিয়েন আছিল যাক দেৱতাৰ নাম দিয়া হৈছিল!!? বাৰু এটা কথা ভাবি চাওঁহক, আমি সকলোৱে পইতাচোৰা, পৰুৱা বা মাখি চিনি পাওঁ। পৰুৱাৰ কথাকে ল’লোঁ বাৰু। পৰুৱা এটাক ধৰি যদি বটল এটাত বন্ধ কৰি থওঁ,  এঠাইৰ পৰা উঠাই নি আন এঠাইত থওঁ বা সি যিপিনেই যায়্ সেইপিনেই কিবা এটা ৰাখি তাৰ ৰাস্তা বন্ধ কৰি দিও তেতিয়া পৰুৱাটোৱে কি ভাবিব বাৰু (যদি ধৰি লও যে তাৰ চিন্তাশক্তি আছে)? তাৰ কাৰণে মই সৰ্বশক্তিমান। যদি পৰুৱাটোৰ ঠাইত নিজকে কল্পনা কৰো আৰু মোৰ ঠাইত মোতকৈ লাখগুণে শক্তিশালী, বুদ্ধিমান আৰু সুসভ্য কোনো প্রাণীক কল্পনা কৰো তেতিয়া ভগৱান বা দেৱতা সকলকো (যিয়ে আমাৰ ভাগ্য আৰু ভবিষ্যত নিৰুপন কৰা বুলি ভবা যায়)একোটা এলিয়েন প্রজাতি বুলি ভাবিব পৰা নাযায় নে? এয়া মোৰ নিজস্ব চিন্তাহে। কাৰোবাৰ অনুভুতি আৰু বিশ্বাসত আঘাত লাগিছে যদি, অমুকা ক্ষমাপ্রাৰ্থী।

 

এই বিতৰ্কৰ যেন অন্ত নপৰিব। এই বিশাল অনন্ত ব্রহ্মাণ্ডত অকল পৃথিৱীতেই প্রাণীৰ বসতি আছেনে?  মানব

জাতিয়ে জানেই বা কিমান ব্রহ্মাণ্ডৰ বিষয়ে। ব্যক্তিগত ভাবে মই পৃথিৱীৰ বাহিৰেও অন্য গ্রহত প্রাণৰ অস্তিত্বত বিশ্বাস কৰো। কিন্তুকোন গেলেক্সীত, সৌৰমণ্ডলত বা কোন হাতীপটিত আছে সেয়া বিচাৰি উলিওৱাটো মানবজাতিৰ কাৰণে এক প্রত্যাহ্বান। পৃথিৱীত ঘটি থকা এই অদ্ভুত ঘটনা বা উৰাবাতৰি বিলাকৰ সত্যাসত্যও বিচাৰ্য্য।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক