শইকীয়াৰ সৰল সমীকৰণ (-মনজীৎ)

আজিৰ যুগ নাৰীৰ যুগ, নাৰীয়ে আজি পুৰুষৰ সমানে ফেৰ মাৰিছে, খোজে খোজ মিলাইআগবাঢ়িছে, ইত্যাদি ইত্যাদি কথাবোৰ আজি কালি আমাৰ মুখে মুখে, বাটে ঘাটে, বাতৰিয়ে টিভিয়ে দপদপাই থাকে। মনবোৰো সলনি হৈছে বহু পৰিমানে।কন্যা সন্তানকলৈ গৌৰৱ কৰা মানুহৰ সংখ্যা বাঢ়িছে দিনক দিনে। তথাপিও কিয় জানো বেছিভাগৰমনত কন্যাতকৈ পুত্র সন্তানৰ প্রতি মোহটো এতিয়াও বেছি। ছোৱালীজনীটো ওলাইগুছি যাব ‘ল’ৰাটোৱেহে বুঢ়া কালত এসাঁজ খুৱাব’ ভাবটোৱে এতিয়াও মনৰ চুক এটাতসোমাই আশাৰ চাকি এগছ জ্বলাই ৰাখিছে। মানুহক মুখেৰে দেখুৱালেও মনে মনেঅকণমান দুখী হৈ পৰে যদি পুত্রৰ সলনি কন্যা সন্তানৰ মুখ দেখে। আমাৰ শইকীয়াওতাৰ ব্যতিক্রম নাছিল।

তথাপিও ‘এই চৰা দামৰ দিনত ল’ৰাই হওকছোৱালীয়েই হওক মুঠতে এটা সন্তানেই যথেষ্ট’। এই বুলি পণ লোৱা শইকীয়াৰ ঘৰতপোন প্রথমে লক্ষ্মীৰেই আগমন ঘটিল। সেই আগমনত উল্লাসিতহৈ কেউদিশে সুখসন্তুষ্টিৰে ভৰি পৰিল মন প্রাণ।আপাহতে নাম থ’লে “তৃপ্তি”।

মিতিৰ-কুটুম্ব, বন্ধু-বান্ধৱৰ শুভেচ্ছা শুভকামনাৰে মন ভৰিলেও অন্তৰত যেন কিবা এটাখালীহৈ ৰ’ল। পু্ত্র ধনৰ হাবিয়াসে খুলি খুলি খাব ধৰিলে শইকীয়াক। সেয়ে পুৰণিপ্ৰতিজ্ঞাটো সামান্য সাল-সলনি কৰি ‘হাম দৌ হামাৰে দৌ’ৰ প্লেনিংত লাগি গ’ল।পিছে বিধিৰ বিপাক এইবাৰো ফলাফল একেই। ডাক্টৰৰ ঘণ্টা যোৰা প্রচেষ্টাতদ্বিতীয় জন জোৱাঁই ঘটাটো খাটাং হৈ পৰিল। ভিতৰি হতাশ হ’লেও তাক প্রকাশ নকৰিনিজকে সান্তনা দি কণমানি জনীৰ নাম ৰাখিলে “প্রাপ্তি”।

পিছে সাগৰৰঢৌ আৰু মানুহৰ মন একেই। ক্ষান্ত নহয় কাহানিও। প্রতিজ্ঞাটো পুনৰ মদিফাই হ’ল “তিনিবাৰেই নিবাৰ” ফৰমুলাত। পিছে ‘দাতাই দিলেও বিধাতাই নিদিয়ে’ এই ফৰমুলাইসেই ফৰমুলাক পৰাজিত কৰি পুনৰ বাৰৰ বাবে লক্ষ্মীৰেই আগমন ঘটালে। ‘যিয়ে নহওককিয় এইবাৰেই শেষ’ বুলি কচম খোৱা বাবে শইকীয়াই উপাই বিহীন হৈ তাইৰ নামৰাখিলে “সমাপ্তি”।

কিন্তু যিমানেই যি নকৰক কিয় ‘দেশত দুৰ্নীতি’ আৰু ‘মনত আশা’ কাহানীও শেষ নহয়। হতাশ হ’লেও শইকীয়াক এটি খীণ আশাই আকৌ এবাৰউৎসাহ আৰু প্রেৰণা যোগালে। প্রতিজ্ঞাটো আকৌ এবাৰলে মদিফাই কৰা হ’ল “তিনিবাৰেই নিবাৰৰ লগত আৰু এবাৰ ফ্রী”। পৰিবাৰে আৰু নোৱাৰোঁ বুলি বিসম্বাদকৰিছিল। পিছে নাই শইকীয়া আকোৰগোঁজ। হাৰিব নোখোজে কোনোপধ্যেই। পিছে নিয়তিৰআগত জানো আমি নৰ মনিছৰ চলে। আকৌ সেই একেই ৰিজাল্ট। শেষ আশাৰ শেষ পৰিণতিতহতাশহৈ পৰা শইকীয়াই এইবাৰ আৰু হতাশ লুকুৱাব নোৱাৰিলে।অতিকে দুখমনেৰে কণমানিজনীৰ নাম ৰাখিলে “পুনৰাবৃত্তি”।

ঘৈণীয়েকলৈ আকৌ এবাৰ আশাৰে চাইছিল।পিছে নাই ঘৈণীয়েকে গৰজি উঠিল
“ আপোনাৰ এইবোৰ ল’ৰা ধেমালি আৰু নচলিব। শেষৰ সময়ত সাঙীখনৰ চাৰিওফালেকান্ধত ল’বলৈ চাৰিটাকৈ জোৱাঁই পাইছে সেয়াই যথেষ্ট। আৰু মুখ নেমেলিব।এইবাৰেই শেষ এইবাৰেই শেষ বুলি কৈ মোক বহুত কষ্ট দিলে। আপোনাৰ এনে মনোভাৱজনা হ’লে প্রথমবাৰতেই পেটত চেইন লগাই ল’লো হয়। হুহ। ”

হাইকামাণ্ডৰ মুখত আনকালে নেদেখা জুই কুৰা দেখি শইকীয়াই ঠাইতে তাপ মাৰিলে।মনৰ আশাক সেই জুই কুৰাতে পুৰি “ভগৱানে ‘জী’ কৰে ভালৰ বাবেই কৰে” ফৰমুলাৰেবাকী জীৱন পাৰ কৰাৰ সংকল্প ল’লে।

(বি: দ্র: শইকীয়া আজি বেছ সুখী।এসময়ত মোৰ ল’ৰা আমুক মোৰ ল’ৰা তামুক বুলি বুকু ফিন্দাই ফুৰা বৰুৱাৰ দুটাকৈউচ্চ শিক্ষিত ল’ৰা থাকিও বৃদ্ধাশ্রমত থাকিব লগা হোৱা তুলনাত শইকীয়াৰ ঘৰখনভৰি থাকে অনবৰতে। জী-জোঁৱাই নাতি-নাতিনীৰে পৰিতৃপ্ত আজি তেওঁ। অ’ অৱশ্যেতাহানিৰ সেই ৰক্ষণশীল মনোভাৱটোৰ বাবে মাজে মাজে লাজো পাই নিজৰ আগত। সেয়েআজিকালি কাৰোবাৰ ছোৱালী হ’লে ডাইলগ মাৰে
“জীৱনৰ শেষৰ চোৱা সুখেৰে জীয়াই থাকিবলে জী-জোৱাঁইৰ বৰ দৰকাৰ বুজিছা !”)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক