সংস্কৃত কাব্য সাহিত্যৰ ৰেঙণি -(ছবিনী দাস)

(কাব্য সাহিত্য বিশেষ)
সংস্কৃত কাব্য সাহিত্যৰ ৰেঙণি
-ছবিনী দাস
 

সংস্কৃত কাব্য কাননৰ পৰিধি অতি ব্যাপক। এই কানন কবিতা, গদ্য, নাটক, চম্পূ, সাধুকথা আদিবোৰে একো একোপাহ পাৰিজাতৰ দৰে আৱৰি আছে। সময়ে সময়ে প্ৰাচীন ভাৰতীয় আলংকাৰিকসকলে কাব্য সম্পৰ্কে মন্তব্য দাঙি ধৰিছে এনেদৰে: বাক্যং ৰসাত্মকং কাৱ্যম্। অৰ্থাৎ ৰসযুক্ত বাক্যই কাব্য। কাব্যৰ এই স্বৰূপ অনুসৰি কাব্যৰ অৰ্থ হিচাপে ক’ব পাৰি যে কবিৰ দ্বাৰা সৃষ্ট যিকোনো ৰসযুক্ত সাহিত্য সম্পদেই কাব্য। গতিকে কবিতা, গদ্য, সাধুকথা, গীতিকাব্য, দৃশ্যকাব্য আৰু অন্যান্যবোৰকো কাব্য শব্দই সাঙুৰি লয়।
 
সংস্কৃত কাব্যক দুটা ভাগত ভাগ কৰা হৈছে: দৃশ্যকাব্য আৰু শ্ৰাব্যকাব্য। অভিনয় দৰ্শনৰ জড়িয়তে উপভোগ্য কাব্য দৃশ্যকাব্যৰ অন্তৰ্গত। দৃশ্যকাব্যক আকৌ ৰূপক আৰু উপৰূপক এই দুই শ্ৰেণীত ভগাব পাৰি। আনহাতে শ্ৰৱণৰ দ্বাৰা উপভোগযোগ্য কাব্য শ্ৰাব্যকাব্যৰ অন্তৰ্গত। শ্ৰাব্যকাব্যক আকৌ পদ্যকাব্য, গদ্যকাব্য আৰু চম্পূকাব্য— এইদৰে বিভিন্ন ভাগত ভাগ কৰিব পাৰি। ছন্দত লিখা কাব্যই পদ্যকাব্য। মহাকাব্য, খণ্ডবাক্য আৰু কোষকাব্য পদ্যকাব্যৰ ভিতৰত পৰে। মহাকাব্য সৰ্গবদ্ধ আৰু ইয়াৰ আঠোটাৰ কম সৰ্গ নাথাকে। নায়ক বহু গুণ সম্পন্ন, প্ৰধান ৰস শৃংগাৰ-বীৰ-শান্ত হ’ব পাৰে— এইবোৰ হৈছে মহাকাব্যৰ লক্ষণ।  কালিদাসৰ ‘কুমাৰসম্ভৱ’, ‘ৰঘূবংশম্’; ভাৰবিৰ ‘কিৰাতাৰ্জুনীয়ম্’; মাঘৰ ‘শিশুপাল বধ’; শ্ৰীহৰ্ষৰ ‘নৈষধ চৰিত’— এই পাঁচখন গ্ৰন্থ সংস্কৃত পঞ্চমহাকাব্য ৰূপে বিখ্যাত। খণ্ডকাব্য কোনো কাব্যৰ সাদৃশ্যত বা অনুকৰণত আংশিকভাবে লিখা হয় (১)।কালিদাসৰ মেঘদূত এই শ্ৰেণীৰ কাব্য। কোষকাব্যত প্ৰতিটো পংক্তি পৰস্পৰ পৰা স্বতন্ত্ৰ হৈ থাকে, কিন্তু সিহঁত ব্ৰজ্যাৰ বান্ধখাই থাকে অৰ্থাৎ এইবোৰ অতি মনোমোহাকৈ এটা মাত্ৰ বিষয়ৰ সৈতে জড়িত হৈ থাকে (২)। ১৪শ শতিকাৰ সায়নাচাৰ্য্য-সুভাষিত সুধানিধি, শ্ৰীধৰৰ সুভাষিতাৱলী; ৰূপগোস্বামী-পদ্যাৱলী, শিৱাজীৰ পুত্ৰ শম্ভুৰ বুধভূষণ, বলদেৱৰ সুভাষিতাৱলী আদি কোষকাব্যৰ ভিতৰত বিশেষভাবে উল্লেখযোগ্য (৩)।ছন্দহীন ৰচনাই গদ্যকাব্য আৰু গদ্য-পদ্য মিহলিকৈ লিখা কাব্যই চম্পূকাব্য। সুবন্ধুৰ ‘বাসৱদত্তা’ অন্যতম বিখ্যাত গদ্যকাব্য। চম্পূকাব্যৰ উদাহৰণ হিচাপে ‘নলচম্পূ’, ‘ৰামায়ণচম্পূ’ আদিৰ নাম ল’ব পাৰি।
 
সংস্কৃত কাব্যসাহিত্যৰ সৃষ্টি কেতিয়া হৈছিল সেইবিষয়ে সঠিক প্ৰমাণ নাই যদিও কোৱা হয় যে বৈদিক যুগতে সৃষ্টি হোৱা বহুতো মন্ত্ৰৰ ভিতৰতেই কাব্যৰ ধাৰণা নিহিত হৈ আছে। বৃহদ্দেৱতাৰ ৰচক ঋষি শৌনকে ঋগবেদৰ মন্ত্ৰবোৰক কেইবা শ্ৰেণীতো অন্তৰ্ভূক্ত কৰিছে যদিও তাৰ ভিতৰত সংবাদ সূক্ত, আখ্যান সূক্ত, দানস্তুতি আৰু নাৰাশংসীয়েই লেখত ল’বলগীয়া (৪)।ঋগবেদৰ এই চাৰি প্ৰকাৰৰ মন্ত্ৰসমূহ আৰু অথৰ্ববেদৰ কূন্তাপ সূত্ৰবোৰেই মহাকাব্যৰ বীজস্বৰূপ। কিন্তু ভাৰতীয় জনসমাজে বিশ্বাস কৰে যে বাল্মীকি মুণি আদি কবি আৰু তেওঁৰ দ্বাৰা সৃষ্ট ৰামায়ণ মহাকাব্যও আদিকাব্য। ক্ৰৌঞ্চমিথুনৰ এটা ব্যাধৰ শৰত আহত হোৱাত তেওঁৰ মনত যি কৰুণ ভাবৰ উদ্ৰেক হৈছিল, তাৰ পৰাই স্বতঃস্ফূৰ্তভাবে নিগৰে এফাকি শ্লোক:
“মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শ্বাশ্বতী সমাঃ।
যৎ ক্ৰৌঞ্চ মিথুনাদেকমবধীঃ কামমোহিতম্।।”
—- এই শ্লোকফাকিয়েই জগতৰ আদি শ্লোক বুলি কোৱা হয়। বাল্মীকিৰ এই শোকসাগৰত বুৰ গৈ থকা অৱস্থাত ব্ৰহ্মাৰ আদেশমতে ৰামায়ণ ৰচনা কৰে। ৰামায়ণৰ পিছতেই মহাভাৰতৰ নাম ল’ব লাগিব। ৰামায়ণ-মহাভাৰত এই দুয়োখন মহাকাব্যৰ প্ৰভাৱত পৰৱৰ্তী কবিসকলে বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল। উসাহৰণস্বৰূপে, মহাকবি কালিদাসৰ ৰঘূবংশম্, অভিজ্ঞান শকুন্তলম্; ভৱভূতিৰ উত্তৰ-ৰামচৰিত, মহাবীৰ চৰিত; কুমাৰ দাসৰ জানকীহৰণ, ক্ষেমেন্দ্ৰৰ ৰামায়ণ মঞ্জুৰী আদি কাব্যত ৰামায়ণৰ প্ৰভাৱ মনকৰিবলগীয়া। সেইদৰে শ্ৰীহৰ্ষৰ নৈষধচৰিত, মাঘৰ শিশুপাল বধ, ভাৰবিৰ কিতাৰাৰ্জুনীয়ম্, কালিদাসৰ অভিজ্ঞান শকুন্তলম্ আদিৰ লগতে ভাসৰ প্ৰায় আতাইবোৰ নাটকেই মহাভাৰতৰ দ্বাৰা প্ৰভাৱান্বিত। মুঠতে ভাৰতীয় লৌকিক সাহিত্যৰ প্ৰধান উৎস এই দুয়োখন মহাকাব্য।
 
সংস্কৃত কাব্য-কাননত কালজয়ী কবি কালিদাসৰ সাহিত্যৰ মাধুৰ্যই যুগ যুগ ধৰি একে পৰিমাণে সহৃদয়সকলৰ মন আপ্লুত কৰি আহিছে। তেওঁৰ কাপৰ সাতখন গ্ৰন্থ নিসৃত হৈছে বুলি পণ্ডিতসকলে একমত দিছে। গ্ৰন্থকেইখন হ’ল— ঋতুসংহাৰ, মালবিকাগ্নিমিত্ৰম্, কুমাৰসম্ভৱ, বিক্ৰমোৰ্বশীয়ম্, মেঘদূত, অভিজ্ঞান শকুন্তলম্।  মহাকবিজনাৰ ৰচনাশৈলীত ৰমণীয়তা, কমনীয়তা, চাৰুত্য তথা মনোহৰতা সুস্পষ্ট। কালিদাসৰ পৰৱৰ্তী যুগৰ কবিসকলৰ লিখনিত আত্মাভিব্যঞ্জনা তথা ৰচনাশিল্পৰ বলৱত্তা দেখিবলৈ পোৱা যায় (৫)।
 
বিস্তৃত সংস্কৃত কাব্য সাহিত্যৰ ভঁৰালৰ আটাইবোৰ দিশ ইয়াত উল্লেখ কৰাটো সম্ভৱ নহ’ল। আলোচনাটিৰ মাজেৰে সংস্কৃত কাব্য সাহিত্যৰ অকণমান আভাস দিবলৈহে প্ৰয়াস কৰা হ’ল।
 
 
পাদটীকা:
(১) ছন্দ, ধ্বনি আৰু অলংকাৰ, যতীন বৰা, পৃ: ৬
(২) উল্লিখিত, পৃ: ৬
(৩) সংস্কৃত সাহিত্যৰ পৰিচয়, দেবেন্দ্ৰনাথ ভট্টাচাৰ্য, পৃ: ১০৩
(৪) সংস্কৃত সাহিত্যৰ বুৰঞ্জী, ৫ম প্ৰকাশ, হৰমোহন দেৱগোস্বামী, পৃ: ৫৪
(৫) উল্লিখিত, পৃ: ১৬১
 
গ্ৰন্থপঞ্জী:
ভট্টাচাৰ্য, দেবেন্দ্ৰনাথ: সংস্কৃত সাহিত্যৰ পৰিচয়, ১৯৭৪
বৰা, যতীন: ছন্দ ধ্বনি আৰু অলংকাৰ, ১৯৯৯
গোস্বামী, হৰমোহন দেৱ: সংস্কৃত সাহিত্যৰ বুৰঞ্জী, ১৯৭৭
 
ফটো: হিমাদ্ৰী শেখৰ হাওলাদাৰ
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
devanggona lahkar
7 years ago

good one 🙂 al d bst!!!!

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক