শান্তনু, যযাতি ইত্যাদি (জ্যোতিৰূপম দত্ত)

“তাৰ পাছত?”, গিলাচটোৰ তলিত থকা ৰঙা জু্লীয়া পদাৰ্থখিনি একেশোহাই শেষ কৰি বিপুলে শুধিলে৷

মই কলো, “ৰ’৷ কৈ আছো৷ পিছে বঢ়িয়া বস্তু দেখোন এয়া৷ ক’ত পালি?”

“আমাৰ কোম্পেনীৰে বস্তু! আমি আকৌ সস্তাতে পাওঁ নহয়! লাগে যদি আনি দিম দে তোকো আধাকেজিমান ভাল কোৱালিটিৰ চাহপাত! এনেদৰে আদা অকণ দি ৰঙা চাহকাপ খাই বৰ ভাল লাগে!”, বিপুলে কলে৷

মই আৰম্ভ কৰিলো মোৰ বিৰহ গাঁথা …

নাৰেংগীৰ শ্যাম ষ্ট’ৰৰ আগত মোৰ দ্বিচক্ৰীযানখন ৰখাই মুৰৰ শিৰস্ত্ৰানটো খুলি লাহেকৈ দোকানখনলৈ উঠি গলো৷ দোকানত পাতলীয়া ভিৰ, কাষতে ৰৈ পকেটৰ পৰা বজাৰৰ লিষ্ট খন উলিয়ালো৷ দীঘলীয়া ফৰ্দিখনত শ্ৰীমতীৰ মুকুতাহেন আখৰকেইটা উজ্বলি উঠিল নিয়ন লাইটৰ পোহৰত৷ বেছি দীঘলীয়া নহয় লিষ্টখন, মাত্ৰ ওঠৰবিধমানহে (! ) হ’ব৷ বাৰু, দেখা যাওক৷

“কি লাগছিল আপনাক? ক’ক?”, দোকানখনত দুইজন ভায়েকেই আছিল৷ কাষতে থিয় হৈ থকা সৰু ভায়েকজনে আথেবেথে সুধিলে৷ গাদীখনত ডাঙৰজন বহি আছিল৷

এফালৰ পৰা গাবলৈ আৰম্ভ কৰিলো, “আটা, চেনি, চাহপাত…..”

“আটাতো কোনটো টাইপৰ লাগিব? মাল্টি ‘গেৰিণ’ ‘আচিৰ্বাদ’টো আজি নতুন আহিছে৷”, ডাঙৰজনে হিচাপ লিখিবলৈ লৈ সুধিলে৷

“দিয়া সেইটোকে দুই কেজিমান৷”

“আত্চা অংকল! আৰু কি লাগিব?”

অলপ তভক মাৰি ৰলো৷ টিঙিচকে এসোঁতা তেজ মুৰৰ ওপৰ পালেগৈ৷

“অংকল! ”, আকৌ তেপেককে ডাঙৰজনে মাত মাতিলে৷

“এহ! নালাগে দিয়া!”

একে চোঁচাই নামি আহিলো৷

আংকল! হেৰৌ চল্লিচৰ ডেওনা পাৰ হোৱাই নাই মই! বীৰভদ্ৰৰ ‘জেনচ’ পাৰ্লাৰত চুলি চুটিকৈ কাটি, ফ্লিপকাৰ্টত কিনা ‘লিভাইচ’ জিনচ, শ্বহামত কিনা কেজুৱেল ড্ৰেছিংৰ ছাৰ্ট, ‘উডলেণ্ড’ৰ জোতা পিন্ধি বাইক চলাই অহা ডেকা মানুহটোক একেআষাৰে আংকল সজাই দিলি, বেটা তোৰ দোকানৰ পৰা নিকিনিহে পাৰিছো আজি! উদৰ প্ৰদেশৰ আয়তনৰ সামান্য বৃদ্ধি আৰু দুডালমান চুলি-গোঁফত সময়ৰ ৰূপোৱালী আচোঁৰ পৰোতেই ইমান নে? মোতকৈ ডাঙৰ বহুজন দেখোন এতিয়াও ছাত্ৰ-নেতা, যুৱ-নেতা হৈয়েই আছে৷ মনতে লম্ফ জম্ফ কৰি আগুৱাই গ’লো অলপ৷ হাতত তেতিয়াও দীঘলীয়া কাগজৰ টুকুৰাটো৷ এইবাৰ লক্ষ্য ‘পাল ভাণ্ডাৰ’৷

দুৰৰ পৰাই দেখিলো দোকানৰ মালিক বিপিন পাল বহি আছে দোকানত৷ দোকানত বস্তু জোখা ল’ৰাটো টুল এখনত বহি আছে, আন মানুহ নাই কোনো৷

“আহক আহক! বা: বহু দিন অহাই নাই আপনি৷”, দোকানী পাল ব্যস্ত হৈ পৰিল৷ তেওঁৰ চকু মোৰ হাতত থকা দীঘল টুকুৰাটোলৈ৷

“কি লাগিব কওক জ্যোতিবাবু?”

সেইসময়ত কি হৈছিল নাজানো, চাৎকৈ মোৰ আকৌ ধুতী পিন্ধা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুলৈহে মনত পৰি গ’ল৷ আংকলৰ পৰা নিস্তাৰ পাইছিলোহে এইমাত্ৰ, আকৌ ‘বাবু’ সম্বোধন!

“নাই নেলাগে একো, ভালে আছে নহয়? আহো ৰ’ব, কাম এটা আছে৷”, পালবাবুক আন একো এটা কথা কোৱাৰ সুযোগ নিদি সাউৎকৈ ওলাই আহিলো৷

এইবাৰ লক্ষ্য বীৰেণ মেধিৰ দোকান৷ মেধিৰ সৰুজনী ছোৱালীৰ সিদিনা মাথো বিয়া হৈ গৈছে৷

মেধি ব্যস্ত ম’বাইলত৷ ম’বাইলৰ স্ক্ৰীনখনত জুকাৰবাৰ্গৰ থাপনাখন! মেধিয়ে তাতেই মুৰ দোৱাই আছে আৰু তাৰ পৰা সোনকালে উঠাৰো আশা ক্ষীণ৷ মোৰ অৱস্থিতিৰ কথা গম পাই কেৰাহিকৈ মোৰ ফালে চালে আৰু দোকানত থকা লৰাটোক কলে, “ঐ! খুৰাক কি লাগে দি দে!”

ল’ৰাটোৰ ফালে কেৰাহিকৈ চাই চিধাই আহি বাইকৰ কাষ পালোহি৷

ফোনটো লগাই কলো, “হেৰা! ইমান ভিৰ দোকানত৷ কাইলৈ বিগ-বজাৰ বা তানজ’ৰ পৰাই আনিম দিয়া বস্তুখিনি৷ আজি যেনে তেনে চলাই দিয়া আৰু …”

ঘৰলৈ গৈহে গম পাম পৰিবাৰ চন্দ্ৰমুখীৰ পৰা সুৰুযমুখী নে জ্বালামুখীলৈ পৰিবৰ্তিত হৈছে!

……..

তাৰ দুদিনৰ পাছত বিপুলৰ সতে তাৰ কোম্পানিৰ চাহৰ আমেজ লৈ কথা পাতি আছো৷

বন্ধুবৰ বিপুলে কথাখিনি শুনি গহীনাই কলে, “একেবাৰে শান্তনু, যযাতি….. ইহঁতৰ নিচিনাই হৈছে কথাতো৷”

সি আমাৰ একে লগৰে যদিও একেবাৰে ভকত৷ সুৰ লগাই ভাগৱত, কীৰ্ত্তন পাঠ কৰে, অমাৱস্যাৰ নিশিপালনো পালন কৰে৷ বিভিন্ন ধাৰ্মিক অনুষ্ঠানৰো সি এজন নিষ্ঠাৱান সদস্য৷ অৱশ্যে মাজে মাজে সোমৰসো অলপ অচৰপ পান কৰে, দেৱতাসকলেও কৰিছিল বোলে৷

“দেৱব্ৰত মানে ভীষ্মৰ বাপেক শান্তনু, গজগজীয়া ডেকা ভীষ্মৰ বাপেক হৈয়ো সত্যৱতীক বিয়া কৰাবলৈ হেনো তৎ নোহোৱা হৈছিল তেহেলৈ ভীষ্ম গোটেই জীৱনৰ বাবে ডঙুৱা হৈয়েই থাকক!

ৰজা যযাতিয়েও পুতেক পুৰুৰ পৰা যৌৱন ধাৰলৈ লৈ প্ৰৌঢ়কালতো ৰঙীয়াল জীৱন উপভোগ কৰিছিল৷

বুঢ়া হলে পৰকিতি লৰা বুলি কয় নহয়৷ এয়া আৰম্ভনিহে, তই বুঢ়া হলি বুজিছ! এতিয়া এইবোৰ সম্বোধন শুনা স্বাভাবিক৷ এতিয়া আৰু শান্তনু, যযাতিৰ দৰে ওফোন্দ পাতিলে কেনেকৈ হ’ব? ধৰ্ম-কৰ্মত মতি দে অলপ৷ যি পাপ কৰিলি কৰিলি আৰু এতিয়ালৈ৷ পুজা-পাতল, দান-দক্ষিণা কৰি পূণ্যাৰ্জন কৰাৰ সময় আহিল এতিয়া৷ বুজিছ?”

এইবুলি সি ভাঁজ কৰি থোৱা কাগজৰ নুৰা এটা মেলিবলৈ ধৰিলে৷

“হোঁ ল! বেছি লিখা নাই৷ এশ এটকা মাত্ৰ!”

মোৰ হাতত তেতিয়া নাৰেংগীৰ সোনালী জয়ন্তী বৰ্ষৰ দুৰ্গা পূজাৰ চান্দাৰ ৰছিদ এখন!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
5 years ago

প্ৰকাশৰ বাবে ধন্যবাদ ৷