ছাতি – জ্যোতিমণি দেৱী

জীৱনত কিছুমান বিশেষ বস্তুই বেলেগ ভাৱে আকৰ্ষণ কৰে৷ তেনে বস্তু দেখিলেই এবাৰলৈ হ’লেও দৃষ্টি ৰৈ যায় তাত, হয়তো কিছু কৌতুহল, কিছু ৰোমাঞ্চ, কিছু স্মৃতি নতুবা কিছু অহৈতুকী প্ৰীতিৰে৷ সৰুতে যেতিয়া স্কুললৈ গৈছিলো, মোৰ স্মৃতিৰ জোলোঙা জোকাৰিলে পাওঁ, সেই সময়ত আমাৰ ঘৰত খুব সম্ভৱ এটিয়ে ছাতি আছিল, বেঁকা মুঠিৰ কাঠৰ দাণ্ডিৰে ডাঙৰ দীঘল ছাতিটো দেউতাই স্কুললৈ নিছিল৷ ডাঙৰ ছাতিটোৰ তলত প্ৰয়োজনত আমাৰ প্ৰায় চাৰিওটা ভাই-ভনীকে দেউতাই সুমুৱাই ল’ব পৰা আছিল৷ ঘৰে পথাৰে ল’বলৈ প্ৰায়বোৰ ঘৰতেই আছিল বাঁহ আৰু টকৌ পাতেৰে নিৰ্মিত জাপি৷ জাপি স্কুললৈ নিব পৰাকৈ আমি সেইদিনত ইমান পুৰণিদিনৰ বুলি ভবা নাছিলো আৰু ছাতি নিবলৈও আমি আধুনিক বা সচ্ছল জীৱনৰ অধিকাৰী হৈ পৰা নাছিলো৷ তেতিয়া আমি বৰষুণত বাটৰ কাণত থকা কচুৱনিৰ পৰা ডাঙৰ কচুপাত এটি চিঙি লৈয়ে বৃথা চেষ্টা কৰিছিলো বৰষুণ ৰোধ কৰিবলৈ৷ দাপৰীয়া বৰষুণে ঘৰ আহি পোৱালৈ চিৰাচিৰ কৰিছিল কচুপাত৷ এতিয়া সেই কচুৱনিবোৰ আলিৰ কাণত নাই৷ কাচিৎ কৰবাত তেনে এটি কচুপাত দেখিলে মনটো মূহূৰ্ত্তৰ ভিতৰত উভতি দৌৰে ল’ৰালিলৈ আৰু কচুপাতটো হৈ পৰে এখন্তেকৰ বাবে দৃষ্টি কাঢ়ি নিয়া মোৰ আকৰ্ষণৰ বস্তু৷

হাইস্কুলত পঢ়ি থকা দিনত বাইদেউক দিয়া হৈছিল এটি ফুলাম দীঘল ছাতি৷ বাইদেউ স্কুললৈ নাযাবৰ দিনা সেইটো হাতত লৈ মই যেতিয়া স্কুললৈ যাওঁ তেতিয়া মোৰ মনত এক বেলেগ ধৰণৰ আনন্দ আৰু গৌৰৱে বাহ লয়৷ এতিয়া মনত পৰিলে ভাৱোঁ মোৰ সেই গৌৰৱ আৰু আনন্দ পৃথিৱী জয় কৰি অহা নেপোলিয়নৰ গৌৰৱ আৰু আনন্দতকৈ যেন কোনো গুণেই কম নাছিল৷ ডাঙৰ বুলি বাইদেৱে সকলো বস্তু আগতে পাইছিল৷ কলেজ পাওঁতে পালে এটি মেড ইন চাইনা কলম আৰু এটি দুভাঁজ কৰিব পৰা ছাতি, মানে ফল্ডিং ছাতি৷ কলেজ মানেই গাড়ীত অহা-যোৱা আৰু গাড়ীত দীঘল ছাতি নিলে হেণ্ডিমেন কণ্ডাক্টৰে বন্দুক বুলি জোকায়৷ সেয়ে তাই ফল্ডিং ছাতি পোৱাৰ যোগ্যতা অৰ্জন কৰাৰ লগে লগে তাইৰ আগৰ দীঘল নলীয়া জোঙা ছাতিটো মোৰ হ’লগৈ৷ মোৰ নিজাকৈ এটি ছাতি হোৱাত আনন্দ যিমান লাগিছিল সিমান দুখ লাগিছিল সৰু হৈ ওপজি সকলো আধা পুৰণি বস্তু পোৱাৰ বাবে৷ এটা ফল্ডিং ছাতিয়ে মোৰ স্বপ্নত বহুদিন বৰষুণ আগুৰি থাকিল৷ পিছত যেনিবা পালোঁ আকৌ সেই আধাপুৰণিটো৷ এটি নীলা ৰঙৰ চুইচ টিপা ছাতিয়ে মোৰ কলেজীয়া দিনকেইটাৰ প্ৰায়খিনি সময় আৱৰি ৰাখিছিল৷ সেইটোও মোক কিনি দিয়া নহয়৷ তথাপি নিম্নবৃত্ত পৰিয়ালৰ সন্তান হৈ মোকাবিলা কৰি চালোঁ সকলো পুৰণি আৰু মনে নিমিলাৰ সৈতে৷ এদিন সেইটো কলেজৰ পুথিভঁৰালত এৰি আহিলোঁ৷ পিছত মনত পৰি বিচাৰি গৈ আৰু নাপালোঁ৷ বৰ দুখ লাগিছিল ছাতিটো হেৰুৱাই৷

উপাৰ্জনমুখী হৈ উঠাৰ লগে লগে কিনি ল’লো এটি মোৰ পচন্দৰ বেঙুনীয়া ৰঙৰ তিনি ভাঁজ কৰিব পৰা ছাতি৷ এদিন হেৰাই থাকিল গাড়ীত সেইটোও৷ আকৌ কিনিলোঁ দুই ভাঁজৰ এটি, সেইটোও গাড়ীত হেৰাল৷ আকৌ কিনিলোঁ, আৰু হেৰোৱা নাই যদিও ৰং উৱলি গ’লেই আকৌ কিনোঁ৷ ছাতিৰ প্ৰতি থাকি গ’ল এক অহৈতুকী মোহ৷ হাতত ছাতি থাকিলেও চাওঁ বজাৰৰ চকুত লগা ছাতি কেইটা৷ কিন্তুু মন কৰিছোঁ বেগত লোৱাৰ সুবিধাৰ বাহিৰে আৰু একো সুবিধা নিদিয়ে এই নিত্য নতুন ছাতিবোৰে সেই পুৰণি দীঘল ছাতিটোৰ দৰে৷ তাত নিজৰ লগতে লগত যোৱাগৰাকীকো ল’ব পাৰিছিলো তলত সুমুৱাই আৰু এতিয়াৰ ছাতিবোৰৰ দৰে এচাটি বতাহতে উলটি যোৱাৰ দৰে নিশকটীয়াও নাছিল সেই ছাতিবোৰ, যি প্ৰয়োজনত হৈ পৰিছিল আমাৰ আত্মৰক্ষাৰো আহিলা৷ সাম্প্ৰতিক সময়ৰ ব্যক্তিকেন্দ্ৰিকতাৰ বিপৰীতে সেই ছাতিবোৰ যেন আছিল সমাজকেন্দ্ৰিক, অৰ্থাৎ মোৰ বিপৰীতে আমাৰ৷ এতিয়া ভাবোঁ আমি যেন আধুনিক হৈছোঁ কেৱল ব্যাহ্যিকতা প্ৰদৰ্শনত, এটি ৰঙীন ফুলাম ভাঁজযুক্ত ছাতি লৈ আত্মসন্তুষ্টি লভিছোঁ, যিয়ে সঠিকভাৱে ৰোধ কৰিব নোৱাৰে প্ৰখৰ ৰ’দ, সহিব নোৱাৰে বতাহযুক্ত বৰষুণ৷ কোৱা হয়— ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে, কিন্তুু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে৷ , কিন্তুু এই আধুনিক নিশকটীয়া ছাতিবোৰে সেই সাহস অথবা আত্মবিশ্বাস দিব পাৰিবনে? মোৰ এনে লাগে এইবোৰ তাহানিতে আমি চিঙি লোৱা কচুপাতৰেই নামান্তৰ৷

ছাতিবোৰ ডাঙৰ আছিল, বহল আছিল, মনবোৰো ডাঙৰ আছিল, বহল আছিল৷ ছাতিবোৰ সংকুচিত হ’ল, হাতৰ পৰা বেগত ল’ব পৰা, মনবোৰো সংকুচিত হ’ল, আনক দিব নোৱাৰাকৈ ৰ’ল দুখন খালী হাত৷

এতিয়া তেনে এটি ছাতি লাগে যিয়ে বৰষুণত থিয় হোৱাৰ সাহস দিয়ে কেৱল মোক নহয়, মোৰ সৈতে মোৰ সংগীজনক, বন্ধুজনক, আমাক, আমাৰ সমাজখনক৷ তেনে এটি ছাতিৰ অভাৱত যেন হেৰাই গৈছে আত্মবিশ্বাস ধুমুহা বৰষুণৰ মাজেৰে মানুহ হৈ খোজ কঢ়াৰ৷

হেজাৰ বিজাৰ নৈৱ প্ৰযুক্তিৰ ছাতিৰ মাজত সেই ছাতিটো বিচাৰি মই জীৱনৰ বিপনিত প্ৰতিদিনেই এবাৰলৈ চাওঁ, কোনটো চুকত ওলমি আছে মোক আত্মবিশ্বাস দিব পৰা সেই ছাতিটো যি আত্ম বিশ্বাসে এটি পৰিয়ালক পৰিয়াল, এখন ঘৰক ঘৰ, দেশক দেশ আৰু পৃথিৱীক পৃথিৱী কৰি আৱৰি ৰাখি, মোক আমিলৈ উত্তৰণ ঘটাই ধুমুহা বৰষুণৰ মাজতো একেটা বিন্দুত একেলগে থিয় কৰাই সফল কৰি তোলে মানুহৰ জয়যাত্ৰা৷

টোকা:
দাপৰীয়া– দোপালপিতা বৰষুণ বুজাবলৈ ব্যৱহাৰ কৰা কথিত শব্দ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments