সেই সেউজীয়া ফ্ৰকটো – ডাঃ কুমাৰ পাৰ্থপ্ৰতিম

“মানসীহঁতৰ ঘৰলৈ মই আজি কোনটো ফ্ৰক পিন্ধি যাম মা?”

ৰিমলীৰ প্ৰশ্নটোৱে দ্বিতীয়বাৰৰ বাবে মোক বিচলিত কৰি তুলিলে৷ বুকুখন গধুৰ হৈ পৰিল৷ কেতিয়াও লগ নোপোৱা দহবছৰীয়া কণমানি এজনীৰ সাধাৰণ ফ্ৰক এটাইয়ো জীৱনটোক নতুনকৈ বুজিবলৈ বাধ্য কৰাব পাৰে বুলি মই হয়তো কেতিয়াও ভাবিবই পৰা নাছিলোঁ৷ প্ৰত্যেকটো দিনেই দেখোন নিত্য নৱ অভিজ্ঞতাৰ সমষ্টি৷ সঁচাকৈ, জীৱনে শিকায় মানুহক৷
ৰাতিপুৱাৰে পৰা কিবা এটা সাংঘাটিক অস্বস্তি লাগি আছিল৷ আচলতে আজি ৰিমলীৰ লগৰ মানসীৰ জন্মদিন৷ সেয়ে প্লাৱনক কালিয়েই ৰিমলীৰ বাবে কাপোৰ এযোৰ কিনি আনিবলৈ কৈছিলোঁ৷ কিন্তু নাই, তেওঁৰ আকৌ ৰোগী শেষ কৰি চেম্বাৰ সামৰালৈ দোকানবোৰ বন্ধই হ’ল বোলে৷ আচলতে পাহৰিয়েই গ’ল কিজানি, কোনেনো জানে? মই সুধিছিলোঁৱেই যে তেওঁৰ যদি কিবা কাৰণত অসুবিধা হয় বা সময় নিমিলেগৈ বা পাহৰি যায়, তেন্তে মই নিজেই দোকানলৈ বুলি ওলাই যোৱাটোৱে ভাল হ’ব নেকি? নাই, সেইটোও কৰিবলৈ নিদিলে৷ সকলো কথাতেই কেৱল জোখতকৈ বেছি আত্মবিশ্বাস৷ তাৰোপৰি কথাৰ বাহাৰ কি চাব! কথাৰেই জগতখন জিনি থৈ দিয়ে৷
“তুমি এনেই এনেই কিয় কষ্ট কৰিব লাগে পঞ্চী? আগলৈ পিছলৈ বুলি আমাৰ এজনীয়েই ছোৱালী, তাইৰ ফ্ৰক এটা কিনিবলৈও পাহৰিমনে?”
শুনিলে ভাষাৰ ফুলজাৰি? ‘আগলৈ পিছলৈ বুলি আমাৰ এজনীয়েই ছোৱালী’– বাহ! বাৰু যিয়েই নহওক, মিচিকিয়া মন গলাব পৰা হাঁহি এটি মাৰি ৰাতিপুৱাই ওলাই গৈছিল প্লাৱন৷ তাৰ পিছত ৰাতি আহি ঘৰ সোমালেহি চাৰে এঘাৰমান বজাত৷ ৰিমলী ড্ৰয়িং ৰুমৰ চোফাতেই টোপনি গৈছিল তেতিয়ালৈ ৷ এনেয়েও আঠবছৰীয়া ছোৱালী এজনী দেউতাকলৈ বুলি ৰৈ ৰৈ সেই সময়লৈ টোপনি যোৱাটো একেবাৰেই স্বাভাবিক৷ আহি পায়েই তেওঁ তাইক কোলাত লৈ মূৰে কপালে দুটামান চুমা খাই বিচনাত শুৱাই থৈ আহিল৷ উস, ছোৱালীজনীক দুটামান চুমা খাই দিয়াতেই যেন দেউতাকৰ দ্বায়িত্ব শেষ৷ স্কুললৈ অনা নিয়া কৰাৰ পৰা আৰম্ভ কৰি হোমৱৰ্ক কৰোৱালৈকে ছোৱালীজনীৰ সকলো কাম মই মাকজনীয়ে অকলে চম্ভালাতো ইমান উজু নহয় বুলি বুজি পায় নে নাপায় বা আমাৰ মহাপুৰুষে?
ৰিমলীক শুৱাই গা-পা ধুই তেওঁ ভাতৰ পাতত বহিলহি৷ একেলগে ভাত খালোঁ আমি দুয়োজনে৷ বিচনাত পৰালৈকে তেওঁ কাপোৰৰ কথা একোৱেই নোকোৱা দেখি অগত্যা মই নিজেই সুধিবলৈ বাধ্য হ’লোঁ৷
“ৰিমলীৰ কাপোৰযোৰ গাড়ীতে এৰি থৈ আহিলা হ’বলা?”
তেওঁৰ উত্তৰ দিয়াৰ সলনি দুষ্টামিভৰা চাৱনিৰে মোৰ গাল দুখনত আঙুলি বুলাই ক’লে,
“কাপোৰৰ কথা পিছত পাতিম ৰ’বা৷ আগতে বেলেগ দৰকাৰী কাম এটা কৰি লওঁ দুয়োটাই৷ বহুদিন চান্সেই পোৱা নাই নহয়৷”
মতা মানুহৰ কথা বুজি পাবলৈ আৰু বাকী আছেনে? এয়া নিজৰ দোষ ঢাকিবলৈ কথা সলোৱাৰ বাহানা৷
“বুজিলোঁ, তাৰমানে পাহৰিলা?”
“নাই অ’, দেখিছাই দেখোঁন, বহুত বিজী হৈ থাকিলোঁ গোটেই দিনটো৷ চেম্বাৰৰপৰা ওলোৱালৈ দোকানবোৰ বন্ধই হৈ গৈছিল৷”
অকস্মাতে অভিমান জাগিছিল মোৰ৷ ছোৱালীজনীৰ এটাই কাম দিছিলোঁ, সেইটোও কৰিব নোৱাৰিলে৷ মনে মনে একপ্ৰকাৰ প্ৰতিজ্ঞাই কৰি পেলালোঁ, হ’ব, ভবিষ্যতে আৰু একো কামৰ কথাই নকওঁ তেওঁক৷ ক’লোৱেই তেওঁক,
“বাহিৰত বহুত ডাঙৰ ডাক্তৰ হৈ ঘূৰি ফুৰিব পাৰা, ঘৰৰ কামত তুমি কিন্তু একেবাৰেই অপদাৰ্থ৷”
“কিয়নো ইমানকৈ খং খাইছা অ’? কালিলৈ সন্ধিয়াহে যাবা তোমালোক? হ’ব দিয়া, দিনতে মই মৰমলগা ফ্ৰক এটা কিনি আনিম৷”
একো উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলোঁ৷ অলপ সময়ৰ বিৰতিত তেওঁ আকৌ ক’লে,
“হেৰা, শুনিছা, কাইলৈ দিনত দেখোন ৰিমলীক সিহঁতৰ স্কুলৰ ফাংছনটোলৈ ময়েই লৈ যোৱাৰ কথা আছে৷ উলটি আহোতেই কিনি আনিম দিয়া৷”
এইবাৰ আৰু মনে মনে থাকিব নোৱাৰিলোঁ৷ টিঙিছকৈ খঙটো উঠি আহিল৷
“কিনিবা তোমাৰ মুখখন দেখুৱাই৷ দোকানবোৰ তোমাৰ বাবেই খোলা ৰাখিব৷”
“মানে?”
“মানে আৰু কি? ৰাতিপুৱা ৫ বজাৰপৰা দোকান পোহাৰবোৰ ২৪ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ বাবে মাইকত চিঞৰি চিঞৰি জাননী দি আছিল আজি গোটেই সন্ধিয়াটো৷”
“কিয়?”
“ব্যৱসায়িক সন্থাৰ সভাপতিক কোনোবাই বোলে বেয়াকৈ ক’লে৷”
“অ’হ! এটা কাম কৰিবা বুজিছা, আগৰ কিবা ভাল চাই কাপোৰ এযোৰকে পিন্ধাই লৈ যাবা তাইক৷”
“তাকে নকৰি বেলেগ কিবা কৰাৰ উপায় আছেহে যেনিবা৷ কথা শিকাব আহিছে৷”
এইবাৰ প্লাৱনৰ খং উঠি আহিছিল৷
“হেৰা, সকলো প্ৰগ্ৰামতে নতুন কাপোৰ লাগিবই বুলি কথা আছে নেকি? চাইহে আছোঁ মই, ছোৱালীৰ স্বভাৱ নষ্ট কৰিব খুজিছা?”
কথা বঢ়াই থাকিব নিবিচাৰিলোঁ৷ বিচনাৰ আনটো কাষলৈ মুখ কৰি শুবলৈ যত্ন কৰিলোঁ৷ প্লাৱনেও মোক আনদিনাৰ দৰে আকোঁৱালি ধৰিবলৈ যত্ন নকৰিলে৷ তেওঁৰ ফালে মুখ কৰি শুবলৈও নকলে৷ কিছুমান পৰিস্থিতিত মনে মনে থকাই ভাল বুলি মোতকৈও তেওঁ বেছি ভালকৈহে বুজি পায়৷ অলপ পিছতে প্লাৱনৰ নাকৰ মৃদু শব্দটি বাজি উঠিল৷ মোৰ খঙ দুগুণে চৰিল৷ মোৰ প্লেন পণ্ড কৰি তেওঁ ইমান আৰামত শুব পাৰিছে যে৷ মতা মানুহবোৰ এনেকুৱাই! এঘণ্টামান বিচনাত ইফাল সিফাল কৰি থকাৰ অন্তত কেতিয়ানো টোপনি গ’লোঁ সেয়া অৱশ্যে গম নাপালোঁ৷
ৰাতিপুৱা শুই উঠাৰ পিছত সেই একেই নিত্য নৈমিত্তিক কাম কাজবোৰ৷ এওঁলোক দুয়োজনকে খুৱাই বোৱাই উলিয়াই পঠালোঁ৷ ৰিমলীহঁতৰ স্কুলৰ অনুষ্ঠানটোত সিহঁতৰ ক্লাছৰ ছাত্ৰ-ছাত্ৰীবোৰে স্কুলীয়া ড্ৰেছ পিন্ধি পেৰেড এটাত অংশগ্ৰহণ কৰাৰ কথা৷ সকলো কাম শেষ কৰাৰ পিছত অলপ জিৰণি লওঁ বুলি ভাবোতেই অকস্মাতে মোৰ ৰিমলীৰ কাপোৰৰ কথাটো মনলৈ আহিল৷ যুদ্ধংদেহি মনোভাৱেৰে কাম আৰম্ভ কৰিলোঁ৷ গোটেই আলমাৰীকেইটা চলাথ কৰি ৰিমলীৰ আটাইবোৰ কাপোৰৰ ভিতৰত আটাইতকৈ নতুন কাপোৰযোৰ বাছি উলিয়ালোঁ৷ হওঁতে এই কাপোৰযোৰ তাই মাত্ৰ তিনিবাৰমানহে পিন্ধিছে৷ জোখটোও ঠিকেই হ’ব, পিন্ধিবলৈ একো অসুবিধা নাই৷ প্লাৱনে বুজা নাই, বেলেগ প্ৰ’গ্ৰামলৈ পুৰণি কাপোৰ পিন্ধাই নিবলৈ ময়ো একো নাভাবিলোঁহেঁতেন, কিন্তু মানসীৰ জন্মদিনলৈ মিছেছ বৰুৱা আৰু মিছেছ তালুকদাৰো নিশ্চয়কৈ আহিব৷ তেওঁলোকৰ উফাইদাং মৰা কথা আৰু তেওঁলোকৰ ছোৱালী কেইজনীৰ বহু দামী চকুত চাৎ মাৰি ধৰা পোছাকৰ সন্মূখত পুৰণি পোছাকেৰে মোৰ কণমানিজনী ম্লান পৰি যোৱাটো সহ্য কৰিবলৈ মই অন্তঃকৰণেৰে মানি ল’ব পৰা নাই৷
কথাবোৰ ভাবি থাকোতে আবেলি তিনিমানেই বাজিলগৈ৷ ৰিমলীহঁতো আহি পাবৰে হ’ল৷ খোৱাৰ যোগাৰ একো কৰাই হোৱা নাই৷ হঠাতে কলিংবেলটো বাজি উঠিল৷ কোন বা আহিল? কামৰ সময়ত আলহী আহিলে বৰ অসুবিধা লাগে৷ আলহীয়েই সোধা পোছা কৰিব নে কামেই আজৰাব? খুদুৱনিভৰা মনটোৰে দুৱাৰখন খুলিলোগৈ৷ দৰ্জাৰ সন্মুখত সেয়া তৃষ্ণা৷
“আহ, ক’ৰপৰা আহিলিনো এই সময়ত?”
“ক’ৰপৰা আহিবি আৰু? ডিউটিৰ পৰা বাহিৰে বাহিৰে৷”
“হওক তেও, ইমান দিনৰ মূৰত মনত পেলাবলৈ সময় পালি যে!”
“বাদ দেচোন এইবোৰ কথা হেৰৌ৷ ভোক লাগি আহিছে, যি আছে খাবলৈ দে৷ আজি আমাৰ এওঁ শহুৰ, শাহু আৰু ল’ৰাটোক লৈ গাঁৱৰ ঘৰলৈ গৈছে৷ গতিকে ভাবিলোঁ এই সুযোগতে তোক লগ কৰি যাওঁ৷ ইয়াৰপৰাই বাহিৰে বাহিৰে চেম্বাৰলৈ যাম৷ পিছে মেম চাহাবৰ মুড অফ হ’বলা আজি?”
“কিনো কবি আৰু?”
ক’ব খুজিও ৰৈ গ’লোঁ৷ তৃষ্ণাৰ আগত কিছুমান কথা ভাবি চিন্তি কোৱাটোৱেই মঙ্গল৷ আমাতকৈ তাইৰ বিচাৰধাৰাবোৰ অলপ বেলেগ৷
সৰুৰেপৰাই আমি দুয়োজনী ন’লে-গ’লে লগা বান্ধৱী৷ পঢ়া-শুনাতো প্ৰায় সমানে সমানেই আগ বাঢ়িছিলোঁ৷ পিছলৈও পঢ়া শুনা একেদৰেই অক্ষুন্ন ৰাখি তাই চিকিৎসক হ’লগৈ৷ ময়ো ইঞ্জিনিয়াৰিং শেষ কৰি চাকৰিত সোমালোঁ৷ কিন্তু ৰিমলীৰ জন্মৰ পিছৰপৰা দেখোন ঘৰৰ কাম কৰিয়েই ভাল লগা হ’ল৷ প্লাৱন আৰু তৃষ্ণাই চাকৰিটো কৰি থাকিবলৈ উৎসাহ দিছিল, কিন্তু অৱশেষত মোৰ অনিচ্ছাৰ আগত তেওঁলোকে হাৰ মানিবলৈ বাধ্য হ’ল৷ মাজে মাজে অৱশ্যে মোৰ নিজৰ সিদ্ধান্তটো ভুল হোৱা যেনেই লাগে৷ মোৰ তেতিয়াৰ একে ৰেংকৰ ইঞ্জিনিয়াৰবোৰ এতিয়া বহু উচ্ছ খাপৰ বিষয়া, আৰু মই সাধাৰণ চিঙৰা এটা খাবলৈও প্লাৱনৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে৷ ধেই!
“কিবা ক’ব খুজিও ৰৈ গ’লি যে? ক’ আকৌ৷”
ক’ব নুখুজিও সকলো কথাই তৃষ্ণাৰ আগত বলকি পেলালোঁ৷ আচলতে অন্তৰৰ ক্ষোভৰ কথা বিশ্বাসযোগ্য কাৰোবাৰ আগত ক’বলৈ পালে মনটো মুকলি হৈ পৰে৷ তাই খিলখিলাই হাঁহি উঠিল৷
“তোৰো কাম নাই আৰু৷ কি কি কথাবোৰ যে ভাবি সময় নষ্ট কৰ! তই এজনী মস্ত বুৰ্বক৷ বেছিকৈ ভাবি ভাবিয়েইটো চাকৰিটো এৰিলি৷ প্ৰদীপ্ত আৰু মই, আমি দুয়োটাই কাম কৰিও কি সন্তান ডাঙৰ কৰা নাই?”
জ্বলা জুইত ঘিউ! নহয়, গেলাত টেঙা! মোৰ কলিজাত এপাত যেন শেলহে বহুৱাই দিলে তাইৰ কথাখিনিয়ে৷
“বাৰু বাদ দে সেইবিলাক৷ এটা কথা ক’ছোন পঞ্চী৷ বৰুৱানীহঁতৰ লগত তাৰমানে তই চাক্ চাকিন্য লৈ ফেৰ মাৰিব ওলাইছ? লাভ নাই বুজিছ৷ আমাৰ সময়লৈ মনত পেলাচোন৷ কেতিয়াবা কাপোৰৰ অভাৱত আমি দেখোন স্কুলীয়া ইউনিফৰ্ম পিন্ধিয়েই আলহী খাবলৈ যাব লগাত পৰিছিলোঁ৷ তেতিয়া আমাৰ লগৰ কেইটামানৰ আটক ধুনীয়া সাজ পোছাক দেখি আমাৰ মনত অলপ হ’লেও দুখ লাগিছিল৷ সেইকেইটাৰ দুটামানক বাদ দি বাকী কেইটাই দেখোন বিশেষ একোৱেই কৰিব নোৱাৰিলে৷ মাক-বাপেকৰ উপাৰ্জনেই খাই থকা নাই জানো এতিয়ালৈকে সিহঁতে?”
অলপ সময় ৰৈ তৃষ্ণাই পুনৰ ক’লে,
“সিহঁতলৈ বেয়াই লাগে বুজিছ৷ মাক দেউতাকে সঠিকভাবে পৰিচালনা কৰিবলৈ ব্যৰ্থ হোৱাৰ শাস্তি ভুগিবলগা হৈছে সিহঁতকেইটাই৷”
“তাৰমানে তোৰ মতে ভাল কাপোৰ-কানি পিন্ধালে ল’ৰা ছোৱালী অধঃপাতে যায়?”
“মই সেইটো কোৱা নাই৷ মই বুজাব বিচাৰিছোঁ যে সকলোৰে বেছিটো বেয়া৷ স্কুলৰ ইউনিফৰ্ম পিন্ধাই ৰিমলীক ফুৰাবলৈ নিবলৈ কোৱা নাই, আমাৰ দেউতাহঁত আৰ্থিকভাৱে অতিশয় দূৰ্বল আছিল৷ তোৰ সামৰ্থ্য আছে, গতিকে প্ৰয়োজনীয়খিনি দে৷ কিন্তু সাধাৰণ জন্মদিন এটাৰ বাবে বেলেগ কোনোবাই পিন্ধি আহিব কাৰণেই নিজৰ কণমানিজনীলৈও নতুন কাপোৰ আনি দিব লগাৰ কোনো কাৰণ মই নেদেখোঁ৷ সময়ৰ কাম সময়ত কৰিবলৈ শিক৷ এই বয়সত ৰিমলীক খেলা-ধুলা আৰু লাহে লাহে অলপ ডাঙৰ হোৱাৰ লগে লগে কিতাপ পঢ়াৰ পৰিবেশ এটা দিবলৈ যত্ন কৰ৷ ফেশ্বন শ্ব’ পিছতো কৰিব পাৰিবি৷”
তৃষ্ণাৰ কথাখিনিয়ে মোৰ দেহত হুলে বিন্ধাদি বিন্ধিলে৷ অলপ সময় তাই নিৰৱে ৰ’ল৷ তাৰ পিছত আকৌ আৰম্ভ কৰিলে,
“ৰ, আজি তোক এটা কাহিনী শুনাওঁ৷ মোৰ অকণমানি শিশু ৰোগী এজনীৰ কাহিনী৷ দহ বছৰ বয়স৷ বৰ মৰমলগা৷ মোৰ ওচৰলৈ চিকিৎসা সংক্ৰান্তত তাই কেইবাবাৰো আহিব লগা হৈছিল৷ অভাৱত ডাঙৰ হোৱা ছোৱালী, কিন্তু একো আপত্তি নাই, মিচিকিয়া হাঁহি এটিৰে কথা-বতৰাত একেবাৰে অমায়িক৷ এক কথাত ক’বলৈ গ’লে কণমানিজনীৰ ব্যৱহাৰে মোৰ অন্তৰত এক বিশেষ স্থান কব্জা কৰি লৈছিল৷ প্ৰত্যেকবাৰে দেউতাকৰ লগতেই আহিছিল তাই৷ তাতোকৈ ডাঙৰ কথা কি জান? মোৰ ওচৰলৈ অহা সেই পাঁচ ছয়বাৰৰ প্ৰতিবাৰতেই তাই একেটা ফ্ৰকেই পিন্ধি আহিছিল৷ আঠুৰ অলপ ওপৰত শেষ হোৱা পুৰণি ৰং যোৱা সেউজীয়া ৰঙৰ ফ্ৰক এটা৷”
“তাইৰ ফ্ৰকটো ইমান মনত ৰ’ল যে?”
“ৰ’হ আকৌ, তিনিমাহৰ ভিতৰত প্ৰত্যেকবাৰতেই যেতিয়া সৰু ছোৱালী এজনীক একেযোৰ কাপোৰতে দেখিম, কাপোৰযোৰ মনত ৰৈ যোৱাটো একেবাৰেই স্বাভাৱিক৷ তাইৰ লগত যেন মোৰ এক আত্মিক সম্পৰ্ক স্থাপন হৈ গৈছিল৷ তাইৰ মাজত হয়তো বা মোৰ নিজৰ ল’ৰালি কালতো আবিষ্কাৰ কৰিছিলোঁ৷ বুজি পাইছিলোঁ, আৰ্থিক অনাটনে দেউতাকজনক কোঙা কৰি ৰাখিছে৷ প্ৰথমবাৰেই যি মই মোৰ ফীজ লৈছিলোঁ, তাৰ পিছত ৰিচেপছন কাউণ্টাৰত তাই ফীজ ৰাখিবলৈ মানা কৰি দিছিলোঁ৷ ছোৱালীজনীক ধুনীয়া ফ্ৰক এটা উপহাৰ দিবলৈ অত্যন্ত হেঁপাহ জাগিছিল৷ কিন্তু ভয় হৈছিল, জানোচা দেউতাকজনৰ আত্মসন্মানত আঘাত লাগে৷ ফীজ নোলোৱাতো আৰু কিবা উপহাৰ দিয়া, এই দুটা সম্পূৰ্ণ বেলেগ কথা৷ তদুপৰি আৰু এটা কথাই মোৰ মনত ক্ৰিয়া কৰিছিল, হাজাৰ হওক সৰু ছোৱালী, মই যেনিবা এবাৰ এটা ফ্ৰক দিলোঁৱেই, তাৰ পিছত তাইৰ যদি আব্দাৰ বাঢ়ি যায়, তেতিয়া দেউতাকে মনত কষ্ট নাপাবনে? পৰোক্ষভাৱে মই তাইৰ স্বভাৱ নষ্ট কৰা নহ’ব জানোঁ? কিন্তু কি জাননে? কেতিয়াবা যে যুক্তিয়ে হৃদয়ৰ ওচৰত হাৰ মানে৷ গতিকেই এদিনাখন তাই মোৰ ওচৰলৈ আহোতে মই দেউতাকক সুধিলোঁ৷”
“কি সুধিলি?”
“যে মই তাইক ফ্ৰক এটা কিনি দিলে তেখেতে বেয়া পাব নেকি? কিন্তু উত্তৰটো ছোৱালীজনীয়েহে দিলে৷”
“কি ক’লে তাই?”
“তাই ক’লে, বাইদেউ, পিন্ধিবলৈ মোৰ এই ফ্ৰকটো আছেই৷ কাপোৰ দিব নালাগে দিয়ক৷ বেয়া নাপায় যদি হৰলিক্স এবটলকে কিনি দিব নেকি বাৰু? হৰলিক্স খালে পঢ়া শুনাত ভাল হয় বোলে?”
তৃষ্ণা মনে মনে ৰ’ল৷ ময়ো আবেগিক হৈ পৰিলোঁ৷ কিনো ক’ম ভাবিয়ে পোৱা নাছিলোঁ৷ তথাপি সুধিলোঁ,
“কি বুলি ক’লি তই?”
থোকা থুকি মাতেৰে তৃষ্ণাই উত্তৰ দিলে,
“চাৰি বটল হৰলিক্স আৰু কমপ্লান কিনি দি পঠালোঁ৷ ইতিমধ্যে সন্থা এটাৰ লগত কথা বতৰা আৰম্ভ কৰিছোঁ, এতিয়াৰেপৰা তাইৰ পঢ়া শুনাৰ সমস্ত খৰচ মই বহন কৰিম৷”
মৰিশালীৰ নিস্তব্ধতা বিৰাজ কৰিলে কোঠাটোত কিছুসময়৷
“বাৰু, বাদ দে সেইবিলাক৷ ৰিমলীহঁত এতিয়াও ঘৰ পোৱাহি নাই যে?”
“তাইক দেউতাকে প্ৰগ্ৰামৰপৰা বাহিৰে বাহিৰে মামাকহঁতৰ তালৈ ফুৰাবলৈ নিয়াৰ কথা৷ আহি পাবই অলপ পিছতে৷”
“স্কুলীয়া ড্ৰেছতে?”
“অ’৷”
তৃষ্ণাই হাঁহি হাঁহি ক’লে,
“তাৰমানে ৰিমলীয়েও আমাৰ দৰেই স্কুলীয়া ইউনিফৰ্মতে ফুৰিবলৈ যাব লগা হৈছে?”
“ক’ৰ কথা ক’ত যে মিলাব পাৰ নহয় তই৷”
পৰিস্থিতিটো কিছু ধেমেলীয়া হৈ পৰিল৷ এটা সময়ত তৃষ্ণা গ’লগৈ৷ কিছু সময় পিছত ৰিমলীহঁতো আহি পালে৷ ভাত খুৱাই উঠিয়েই ৰিমলীক গা ধুবলৈ পঠালোঁ৷ বাথৰুমৰপৰা তাই মোক চিঞৰি সুধিলে,
“মানসীহঁতৰ ঘৰলৈ মই আজি কোনটো ফ্ৰক পিন্ধি যাম মা?”
ৰিমলীৰ বাবে মই ৰাতিপুৱাৰেপৰা বিচাৰি খোচাৰি বাছি থোৱা ফ্ৰকটো হাতেৰে চুই চালোঁ৷ মাত্ৰ কেইবাৰমানহে পিন্ধা কিবা দামী ব্ৰেণ্ডৰ দুহেজাৰটকীয়া সেউজীয়া ৰঙৰ মৰমলগা ফ্ৰক এটা৷ একেই সেউজীয়া ৰং। কিন্তু মই কেতিয়াও লগ নোপোৱাকৈও তৃষ্ণাৰ চকুৰ মাজেৰে দেখা সেই কণমানিজনীৰ সেই সেউজীয়া ফ্ৰকটোৰ আগত যেন ইয়াৰ সৌন্দৰ্য্য বেছ কিছু ম্লান পৰি গৈছে৷ চকুকেইটা জপাই ধৰিলোঁ৷ চকুৰ সন্মুখত আন্ধাৰৰ মাজত এটি মিচিকিয়া হাঁহিৰে উজ্জ্বল সেউজীয়া ফ্ৰক এটা পিন্ধি দহবছৰীয়া কিশোৰীজনী জিলিকি উঠিল৷ ৰিমলীয়ে আকৌ এবাৰ চিঞৰি সুধিলে,
“মা, কোনযোৰ কাপোৰ?”
মোৰ অজানিতেই হয়তোবা মোৰ অন্তৰাত্মাই উত্তৰ দিলে,
“ভালদৰে যিকোনো এযোৰ পিন্ধি গ’লেই হ’ল মাজনী ৷ তুমি সোনকালে বাথৰুমৰপৰা ওলোৱা৷”

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!