সেই ছোৱালীজনী (দীপাঙ্ক বৰা)

ডাঙৰ হৈ কেতিয়াও নেদেখা জানকী পেহীৰ ছোৱালীজনীৰ কথা মাৰ মুখত কিমানবাৰ শুনিছিলোঁ হিচাপ নাই৷ আমি গাঁৱলীয়া মানুহ৷ পিতাই আছিল খেতিয়ক৷ একমাত্ৰ ল’ৰা হিচাপে মোক যথাসাধ্য পঢ়ুৱালে৷ ময়ো এপোৱা মগজৰে যিকণ পাৰো জ্ঞান অৰ্জন কৰি গাঁৱৰে চাল-বেৰ নোহোৱা প্ৰাইমেৰী স্কুলখনত মূৰটো গুজি এসময়ত মাৰ কেনকেননি শুনি শুনি বিৰক্তি লগাত সংসাৰী হ’লোঁ৷ পিতাই কাহানিবাই ঢুকাল৷ বৰ্তমান বৃদ্ধা মা, মই, ঘৈণী আৰু তিনি বছৰীয়া ল’ৰা এটাৰে সৈতে আকালো নাই ভঁৰালো নাই ধৰণৰ সুখৰেই সংসাৰ বুলিব পাৰি৷

কি কৈ আছিলোঁ ..অঁ ..জানকী পেহীহঁতৰ কথা৷ মোৰ জন্ম হোৱাৰ সময়ত বোলে জানকী পেহীহঁত আমাৰ গাঁ‍ৱৰ অলপ আঁতৰতে থকা ব্লক অফিচৰ কোৱাৰ্টাৰতে বহুদিন আছিল৷ উজনিৰ ফালৰ মানুহ৷ গিৰিয়েকে সেইটো ব্লকতে কেইবছৰমান চাকৰি কৰিছিল৷ আৰু মা আছিল অকলশৰীয়া জানকী পেহীৰ একেবাৰে মনৰ ওচৰৰ মানুহ৷ তেজৰ সমন্ধ নাথাকিলেও নিজৰ মানুহ৷ মোৰ আৰু জানকী পেহীৰ ছোৱালীজনীৰ মাজত হেনো এসপ্তাহৰ তফাৎ৷ মোৰ মনত থকা কালৰ পৰা মাই আমাক শুনাই অহা কাহিনীটো হ’ল.. জন্ম দিলেও কিবা বেমাৰৰ বাবে জানকী পেহীয়ে নিজৰ ছোৱালীক গাখীৰ খুৱাব পৰা নাছিল৷ মায়েই হেনো মোৰ ভাগৰ পৰা চান কাঢ়ি নিশকতীয়া ছোৱালীজনীক দুবছৰলৈকে নিজৰ গাখীৰ খুৱালে৷ নাৰী হিচাপে তাকেলৈ মাৰ বৰ গৌৰৱ৷ অৱশ্যে কৃতজ্ঞতাৰ চিনস্বৰূপে তেওঁলোকেও আমাক বোলে যথেষ্ট সহায় কৰিছিল৷ তেওঁলোক বদলিহৈ আমাৰ তাৰ পৰা গুচি যোৱাৰ পাছতো অলপদিনলৈ কিবা প্ৰকাৰে যোগাযোগ ৰাখিছিল৷

সময় বাগৰাৰ লগে লগে যোগাযোগো নোহোৱা হ’ল৷ পয়ত্ৰিশ-চল্লিশ বছৰৰ আগৰ সমন্ধ চকুৰ আঁতৰত থাকিলে কাৰনো মনত থাকিব৷ কিন্তু মাৰ মনৰ পৰা সেই সোণোৱালী দিনবোৰৰ কথা নাতৰিল৷ মাজে মাজে মোৰ পত্নীক হুমুনিয়াহ কাঢ়ি …মৰাৰ আগতে নিজৰ বুকুৰ গাখীৰ খুৱাই ডাঙৰ কৰা ছোৱালীজনী এবাৰ চাবলৈ থকা হেঁপাহৰ কথা কয়৷ সেই সৰু ছোৱালীজনীৰ ফুট-ফুটীয়া ফ্ৰক এটা পিন্ধি উঠা মৰম লগা ক’লা-বগা ফটো এখন আমাৰ ঘৰৰ বেৰাত আয়নাৰে বন্ধাই ওলোমাই থোৱা আছে৷ প্ৰায়েই সময়ৰ দাগ লাগি ক্ৰমাৎ অস্পষ্ট হৈ অহা তাহানিতেই তোলা সেই ফটোখন হাতেৰে মোহাৰি কিবা কিবি ভাবি থকা মাক দেখি বেয়াও লাগে কেতিয়াবা৷ তাইক মোৰ ভনী বুলিয়েই কয় সদায়৷ এই মাইকী মানুহবোৰ বৰ আবেগিক৷ সিফালে বা কাহিনীটোৰ নায়িকা মাৰ গাখীৰ খোৱা ছোৱালীজনীয়ে সেই কথা জানে নে নাই!

ব্লক অফিচত পিয়নৰ চাকৰি কৰা মোহনেহে গাঁৱত কথাটো উলিয়ালে… নতুনকৈ কামত যোগদান কৰা জিলা গ্ৰামোন্নয়নৰ প্ৰকল্প সঞ্চালকগৰাকী মহিলা আৰু তেখেতৰ দেউতাকে বোলে বহুদিন আগতে আমাৰ ব্লকটোতে চাকৰি কৰিছিল৷ ঘুনুক ঘানাককৈ মাৰ কাণতো কথাটো পৰাত মোক কুতুৰিবলৈ লাগিল.. এবাৰ লৈ যাব লাগে… সেই ছোৱালীজনীৰ ওচৰলৈ৷ ওচৰ-চুবুৰীয়াৰ আগত… “তাই বিয়াগোম বিষয়া হ’ল… নহ’বনো কিয়… সৰুতে কাৰ বুকুৰ গাখীৰ খাইছিল…” জাতীয় ফিতাহি মৰা কথা পতাও শুনিলোঁ দুই এদিন৷

মই স্কুলৰ কামত সদৰলৈ মাজে মাজে নোযোৱা নহয়৷ আৰু চহৰৰ অফিচবিলাকত আমাৰ নিচিনা সাধাৰণ মানুহক কেনেকুৱা ব্যৱহাৰ কৰে সেইটোও মোৰ অজানা নহয়৷ তেনেস্থলত আগ-পিছ নভবাকৈ পোনে পোনে আজলী মাক লগতলৈ প্ৰশাসনৰ মুৰব্বী এগৰাকীক লগ ধৰিবলৈ যোৱাটো যে বৰ সুবিধাজনক নহ’ব ভালদৰেই জানো৷ আজি নিম ..কালি নিমকৈ পিছুৱাই আছিলোঁ৷ এদিন শোৱাপাটীত ঘৈণীয়েহে ক’লে বোলে.. কিনো সদায় মাক আশা দি থাকা.. এদিন মানুহগৰাকীৰ তালৈ লৈ নোযোৱা কিয়!
অৱশেষত থিৰাং কৰিলোঁ.. মই অকলে গৈ মানুহগৰাকী সেই জানকী পেহীৰ ছোৱালী হয়নে নহয় প্ৰথমতে সেইটো জানি আহি পাছতহে মাক লৈ যাম৷ উপায় নাপাই মা সেই কথাত মান্তি হ’ল অৱশ্যে৷ এদিন ৰাতিপুৱাতে ব্লক অফিচৰ পিয়ন মোহনৰ লগত ওলালোঁ জিলালৈ৷ চহৰৰ অফিচৰ বৰমূৰীয়াক একো কাম নোহোৱাকৈ পোনে পোনে গৈ লগ ধৰাটো সহজ নহয় বুলিয়েই সেইটো অফিচৰ তলা-নলা জনা মোহনক লগত ল’লোঁ৷ বাৰে বাৰে মানা কৰা স্বত্বেও মায়ে নাৰিকলৰ লাডুকেইটামান বান্ধি দিলে নিজৰ বুকুৰ গাখীৰ খুৱাই ডাঙৰ কৰা আনৰ ছোৱালীজনীক দিবলৈ৷

ডি.আৰ.ডি.এ’ৰ পি.ডি.ৰ অফিচ৷ গাঁৱৰ সৰু মানুহৰ উন্নয়নৰ বাবে থকা অফিচত ডাঙৰ ডাঙৰ মানুহৰ ভিৰ৷ শীত-তাপ নিয়ন্ত্ৰিত পি.ডি.ৰ কোঠাৰ বাহিৰতো কাকো ৰৈ থাকিব নিদিয়ে৷ ব্যক্তিগত কাৰণত কাকো লগ ধৰিবলৈকো নিদিয়ে৷ অৱশেষত মোহনৰ কোনোবা চিনাকীৰ যহত দুপৰীয়া সময়ত পাঁচমিনিটৰ কাৰণে লগ ধৰাৰ অনুমতি পালোঁ৷
দেখিলেই ধনী-মানি ঘৰৰ যেন লগা সৰুৰে পৰা মায়ে ভনী বুলি কৈ অহা মানুহগৰাকীয়ে ভ্ৰু কোঁচাই গহীন সুৰত সোধা “সোনকালে কওক.. কিয় আহিছে” বুলি সোধা প্ৰশ্নৰ উত্তৰত কৰ যোৰে নমস্কাৰ কৰি বাইদেউ বুলি সম্বোধন কৰি দুটামান বাক্যৰ ভিতৰত পৰিচয়সহ আমাৰ মা আৰু তেখেতৰ মাকৰ সমন্ধৰ কথাটো উনুকিয়ালোঁ৷ মাৰ বুকুৰ গাখীৰ খাই ডাঙৰ হোৱা আনৰ ছোৱালীজনীয়ে কথাবোৰ মনত পেলোৱাৰ নিচিনা কৰি কথাৰ সুৰত যেন বিৰক্তি ঢালি কৈ উঠিল… “সেইবোৰ কথা মায়ে সৰুতে গাই-বাই আছিল… মাৰ বেমাৰ হোৱা কাৰণে মোক হেনো কোনোবা গাঁৱৰ মানুহ এজনীয়ে অলপ দিন গাখীৰ খুৱাইছিল বুলি৷ সেইজনী আপোনাৰেই মা নেকি.. জীয়াই আছে নে! সেইটো কথা ক’বলৈকে আহিছিল নে.. বেলেগ কিবা কাম আছিল..! এই বছৰ কিন্তু বিনামূলীয়া ঘৰ-চৰ একো দিব নোৱাৰিম দেই…”

ক’বলৈ আৰু একো নথকাত মায়ে ভনী বুলি কৈ থকা ছোৱালীজনীক ..নাই বাইদেউ..বেলেগএকো নালাগে.. মায়ে এবাৰ চাব খুজিছিল বুলি কৈ থাকোঁতেই তেখেতে ফোনত তেওঁৰ কোঠাত সোমাবলৈ অনুমতি দিয়া ব্যক্তিগত সহায়িকাগৰাকীক ..“কি.. কামৰ সময়ত যাকে তাকে ৰুমত সোমাবলৈ দিয়া” বুলি গালি পৰা শুনি নিশব্দে ওলাই আহিলোঁ৷ আমিও চাগৈ ধনী-মানি হোৱা হ’লে নাইবা ময়ো তেখেতৰ দৰে বিয়াগোম বিষয়া হোৱাহ’লে তেখেতে চাগৈ সেই পুৰণা চিনাকীত উৎফুল্লিত হৈ পৰিলহেঁতেন!

ঘৰলৈ ঘূৰি গৈ আশাৰে বাট চাই থকা মাকহে কি বুলি কওঁগৈ জানো! বাটত মোহনক ক’লোঁ.. মায়ে কৈ থকা মানুহজনী এইগৰাকী নহয়৷ মাকো তেনেকৈয়ে ক’ব লাগিব৷ মাৰ বুকুৰ গাখীৰ খাই ডাঙৰ হোৱা ছোৱালীজনী সেই ওলোমাই থোৱা মৰম লগা ফটোখন আৰু মাৰ বুকুৰ ভিতৰতে ফুটুকা-ফুটুকী ফ্ৰক পিন্ধা সৰু ছোৱালীজনী হৈ সোমাই থাকক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments