বেজবৰুৱাৰ গল্পত নাৰী চৰিত্ৰ : এক পৰ্যালোচনা (ড০ অঞ্জল বৰা)

অসমীয়া সাহিত্যৰ প্ৰথম গল্পকাৰেই নহয়, অসমীয়া সাহিত্যৰ বহুকেইটা দিশৰো বাটকটীয়া৷ অসমীয়া সাহিত্যলৈ কবিতা, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, জীৱনী, আত্মজীৱনী, স্মৃতিচাৰণ, সাংবাদিকতা এই সকলো ক্ষেত্ৰতে বেজবৰুৱাই উচ্চমান বিশিষ্ট অৱদান আগবঢ়াই গৈছে৷ বেজবৰুৱাই যি সময়ত অসমীয়া সাহিত্য সৃষ্টিৰ বাবে আগবাঢ়ি আহিছিল সেই সময়ত তেওঁৰ সন্মুখত প্ৰতিষ্ঠিত কোনো আধুনিক অসমীয়া লেখক নাছিল৷ তেওঁৰ একমাত্ৰ আৰ্হি আছিল শংকৰ-মাধৱৰ বহুমূলীয়া গ্ৰন্থৰাজি, অনুপম লোকসাহিত্য তথা অসমীয়া জনজীৱনত সদায়ে লগ পোৱা ব্যক্তিসকল৷ আনহাতে প্ৰাচ্য আৰু পাশ্চাত্য উভয় দিশতেই থকা অসামান্য দখলৰ কাৰণে তেওঁৰ মূল্যবান সাহিত্য ৰচনা কৰিবলৈ এটা ভেটি বিচাৰি পাইছিল৷ কিন্তু তেওঁ তাক অন্ধভাৱে অনুকৰণ কৰা নাছিল৷ কাৰণ বেজবৰুৱাৰ সাহিত্যৰ আটাইতকৈ ডাঙৰ দিশটোৱেই হ’ল তেওঁৰ মৌলিকতা আৰু অসমীয়া সমাজ জীৱনৰ প্ৰতিফলন৷

বেজবৰুৱাই যি সময়ত চুটিগল্প ৰচনাত হাত দিছিল সেই সময়ত অসমীয়া সাহিত্যত কোনো চুটিগল্পৰ আৰ্হি নাছিল৷ মানুহৰ মুখে মুখে প্ৰচলিত সাধুকথাবোৰেই আছিল গল্পৰ দৰে লগা কিছুমান কাহিনীৰ সমষ্টি৷ বেজবৰুৱাই চুটিগল্প ৰচনাত হাত দিয়াৰ সময়ত এই ঐশ্বৰ্যময় অসমীয়া সাধুকথাবোৰক আওহেলা কৰা সম্ভৱ নাছিল৷ সেয়েহে বেজবৰুৱাৰ চুটিগল্পৰ মাজত সাধুকথাৰ এটা চাপ পৰাটো স্বাভাৱিক৷ তথাপি এই কথা ন দি ক’ব পাৰি যে তেওঁৰ বহুটো চুটিগল্প আংগিকৰ ফালৰ পৰা সমসাময়িক আধুনিক চুটিগল্পৰ বহু ওচৰচপা৷ বেজবৰুৱাই চুটিগল্প ৰচনা কৰিবলৈ লোৱা সময় আজিৰ পৰা এক শতিকাৰো আগৰ সময়৷ তেতিয়াৰ পৰিৱেশ, সমাজ ব্যৱস্থা, মানুহৰ আচাৰ-ব্যৱহাৰ আদি সকলো সুকীয়া আছিল৷ সময়ৰ লগে লগে সমাজ ব্যৱস্থাৰো পৰিৱৰ্তন হয়৷ হয়টো আজিৰ সমাজত তেওঁৰ বহু চুটিগল্পৰ পৰিৱেশ, কাহিনী আদি আচহুৱা লাগিব পাৰে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ পিছটো মন কৰিবলগীয়া কথাটো হ’ল বেজবৰুৱাৰ গল্পৰ প্ৰকাশ পোৱা বহু চৰিত্ৰ, তেওঁলোকৰ মুখৰ সংলাপ, চৰিত্ৰসমূহৰ আচাৰ-ব্যৱহাৰ এক শতিকাৰ পিচৰ আজিৰ আধুনিক সমাজ ব্যৱস্থাতো সমানেই প্ৰযোজ্য হৈ আছে৷ বৰং ক’ব পাৰি বহুক্ষেত্ৰত তাৰ গুৰুত্ব বাঢ়িছেহে৷ যাৰ বাবে বেজবৰুৱাৰ বহুটো গল্পক কালজয়ী আখ্যা দিব পাৰি৷

বেজবৰুৱাৰ চুটিগল্পসমূহত মন কৰিবলগীয়া দিশটো হ’ল চৰিত্ৰ সৃষ্টি৷ তেওঁৰ গল্পৰ চৰিত্ৰসমূহ আপোন বৈশিষ্ট্যৰে উজ্জ্বল৷ বাস্তৱত সদায় দেখি থকা চৰিত্ৰসমূহকে বুটলি আনি তেওঁৰ গল্পত ব্যৱহাৰ কৰিছে৷ বেজবৰুৱাৰ গল্প একোটা পঢ়ি যাওঁতে আমাৰ সন্মুখত তেজ-মঙহেৰে জীৱন্ত একোজন ব্যক্তি উপস্থিত হোৱা যেন লাগে আৰু গল্পৰ পাঠক সেই চৰিত্ৰটোৰ লগত একাত্ম হৈ পৰে৷ চৰিত্ৰসমূহৰ ভাব আৰু চিন্তাধাৰা চৰিত্ৰৰ প্ৰকৃতি আৰু অৱস্থানৰ লগত এনেভাৱে খাপ খাই পৰে যে সেইবোৰক গল্পৰ চৰিত্ৰ বোলাতকৈ পাঠকে ঘৰৰ বাহিৰলৈ ওলাই যাওঁতে সদায় লগ পোৱা বা সমাজত সততে ঘটি থকা ঘটনাৰ আঁৰৰ একোটা চৰিত্ৰ যেন লাগে৷ ইয়াৰ মূলতে হ’ল বেজবৰুৱাৰ সমাজৰ ওপৰত থকা সুক্ষ্ম নিৰীক্ষণ, অসাধাৰণ পৰ্যবেক্ষণ আৰু তেওঁৰ বৰ্ণনাৰীতি৷ বেজবৰুৱাৰ চুটিগল্পসমূহৰ মাজত অধিকসংখ্যক পুৰুষ আৰু নাৰী চৰিত্ৰই ভুমুকি মাৰিছে৷ বহুটো চুটিগল্প একাধিক পুৰুষ আৰু নাৰী চৰিত্ৰকে লৈ নামকৰণ কৰিছে আৰু সেই চৰিত্ৰটোক আগবঢ়াই নিছে৷ তেওঁৰ গল্পত সৃষ্টি কৰা পুৰুষ চৰিত্ৰসমূহৰ ভণ্ডামি, কপটতা, ঠগ, প্ৰৱঞ্চনাৰ বিপৰীতে নাৰী চৰিত্ৰসমূহ অধিক আদৰ্শৰ ওপৰলৈ উঠিছে৷ বেজবৰুৱাই নাৰীৰ প্ৰতি সততে এক সমমৰ্মিতা প্ৰকাশ কৰিছিল৷ তেওঁৰ কৃপাবৰী ৰচনাসমূহৰ মাজতো নাৰীক সজাগ কৰি তুলিবলৈ অনেক প্ৰবন্ধ লিখি থৈ গৈছে৷ নাৰীক উচ্চ শিক্ষিত কৰি তোলি বিবেক, যুক্তি, ন্যায় আৰু ধৰ্মমতে নিজৰ যোগ্য আসনত সমাদৰ আৰু সন্মান কৰি দুয়োৰে কাৰ্যত দুয়োৰে সহযোগিতাৰ মনোভাবেৰে কাম কৰি যাবলৈ পৰামৰ্শ দিছিল৷ চৰিত্ৰ একোটা সাধাৰণতে দোষ-গুণৰ সমষ্টি হয় যদিও বেজবৰুৱাৰ নাৰী চৰিত্ৰসমূহৰ মাজত সততে কোনো দোষ দেখা পোৱা নাযায়৷ কোনো চৰিত্ৰ সাময়িক দোষ-দূৰ্বলতাৰ উমান পোৱা যায় যদিও গল্পকাৰে যুক্তিৰে তাক খণ্ডন কৰি চৰিত্ৰটোক সমাজৰ ওচৰত নিষ্কলংক কৰি তুলিছে৷ বেজবৰুৱাই এখন আধুনিক সমাজ প্ৰতিষ্ঠাৰ কাৰণে সময়তকৈ আগত খোজ দিছিল৷ তেওঁৰ নাৰী চৰিত্ৰসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ প্ৰতিটো নাৰী চৰিত্ৰই আধুনিক ভাবধাৰা আৰু বৈশিষ্ট্য সম্পন্ন৷ তেওঁ নাৰীৰ নিজস্ব চিন্তা আৰু অধিকাৰ সম্পৰ্কে অতিশয় সচেতন আৰু যিকোনো সময়তে ৰক্ষণশীলতাৰ অসাৰতা প্ৰতিপন্ন কৰাত সিদ্ধাহস্ত৷ অৱশ্যে তেওঁৰ চুটিগল্পৰ মাজত ‘বাপিৰাম’ৰ দৰে দুই-এটা পুৰুষ চৰিত্ৰ যিদৰে আদৰ্শৰ উৰ্ধ্বত উঠিছে সেইদৰে দুই-এটা নাৰী চৰিত্ৰও ব্যতিক্ৰম নোহোৱাকৈ থকা নাই৷ কিন্তু সেয়াও সংখ্যাত তেনেই সীমিত৷

বেজবৰুৱাই মূলতঃ তিনিখন গল্পপুথি ৰচনা কৰি থৈ গৈছে৷ ‘সুৰভি’ বেজবৰুৱাৰ প্ৰথম গল্প সংকলন৷ প্ৰথম প্ৰকাশ জানুৱাৰী, ১৯০৯ চন৷ এই সংকলনখনত মুঠ বাৰটা গল্প অন্তৰ্ভুক্ত কৰা হৈছে৷ ‘সাধুকথাৰ কুকি’ তেওঁৰ দ্বিতীয় গল্প সংকলন৷ ইয়াৰ প্ৰথম প্ৰকাশ হৈছিল ১৯১০ চনত৷ ই পঁচিশটা গল্পৰ সংগ্ৰহ৷ বেজবৰুৱাৰ তৃতীয় গল্প সংকলন হ’ল ‘জোনবিৰি’৷ ১৯১৩ চনত ইয়াৰ প্ৰথম প্ৰকাশ হৈছিল আৰু ইয়াত ষোল্লটা গল্প অন্তৰ্ভুক্ত কৰা হৈছে৷ ‘কেঁহোকলি’ বেজবৰুৱাৰ চতুৰ্থ গল্প পুথি যদিও ই বেজবৰুৱাৰ জীৱিতকালত প্ৰকাশ পোৱা নাছিল৷ ‘বাঁহী’ আৰু অন্যান্য ঠাইত সিঁচৰতি হৈ থকা গল্পসমূহক গোটাই ‘কেঁহোকলি’ নামৰ গল্পটোৰ আধাৰত চতুৰ্থখন গল্প পুথি প্ৰস্তুত কৰা হৈছে বুলি অতুলচন্দ্ৰ হাজৰিকাই ‘বেজবৰুৱা গ্ৰন্থাৱলী’ (১৯৮৬ চনত) মন্তব্য কৰিছে৷ ইয়াত মুঠতে পোন্ধৰটা গল্প অন্তৰ্ভুক্ত কৰা হৈছে৷ উল্লেখ্য যে আমাৰ এই লেখাৰ সুবিধাৰ বাবে হৃদয়ানন্দ গগৈৰ দ্বাৰা সংকলিত ২০০১ চনত প্ৰকাশিত ‘লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ’ নামৰ সংকলনখনৰ পৰা গল্পসমূহ নিৰ্বাচন কৰা হৈছে আৰু গল্পসমূহৰো পৃষ্ঠা সংখ্যা তাৰ আধাৰতে দিয়া হৈছে৷

বেজবৰুৱাৰ সুৰভি গল্প পুথিখনৰ অন্তৰ্গত ‘লাওখোলা’ এটা সপোনক কেন্দ্ৰ কৰি গঢ়ি উঠা কাহিনী প্ৰধান গল্প৷ গল্পৰ পৰিৱেশ কলিকতাৰ ‘বাগান বাড়ী’ লেখেকৰ ভাষাত ‘বাগান বাড়ী’ হ’ল “চহৰৰ পৰা বেঙা মেলি পোৱা আঁতৰত আম, কঁঠাল, লেচু, কল, নাৰিকল আদি ফলৰ গছ, গোলাপ, সেউতি, মালতী, জাঁই, যুঁতি আদি ফুলৰ গছ ‘ক্ৰটন’ ‘পাম’ পাণৰ মাহী আদি স্বদেশী-বিদেশী নানা বৰণীয়া নানা ঠগীয়া পাতৰ গছ আৰু ৰৌ-বাহু আদি পোহনীয়া মাছেৰে ভৰা পুখুৰী এটা আৰু ইটাৰে সৈতে ধুনীয়া পকাঘৰ এটা বা দুটা থকা শুৱনি বাগিচা এখনক বঙলা মাতেৰে ‘বাগানবাড়ী’ বোলে৷ … বাগানবাড়ী মুঠৰ ওপৰত বঙালী বাবুসকলৰ বাবে বন্ধৰ দিনত জলকেলি, মাছ-মঙহ আদিৰে ভোজ-ভাত খাই, বাই-নাচ, নটী-নাচ আৰু ফটিকাৰ বিভৎস আয়োজনেৰে এই সংসাৰৰ বিস্তৰ দুখৰ-দিন-বালি ধুই এচিকটা আদচিকটা সুখৰ-দিন-সোণ উলিয়াই লৈ উপভোগ কৰা এখন ঠাই৷” (পৃ: ২৩)৷ গল্পটোৰ আৰম্ভণিতে পুৰুষৰ আনন্দ উপভোগৰ এই ছবিখন বেজবৰুৱাই অংকন কৰাৰ পিচতে এটা ভৌতিক চৰিত্ৰ আৱিৰ্ভাৱেৰে পুৰুষ শাসিত সমাজৰ নাৰী নিৰ্যাতনৰ আন এখন ছবিও দাঙি ধৰিছে৷ লেখকে নিজেই মৎস্য চিকাৰৰ অন্তত পানীৰ মাজত উদ্ধাৰ কৰা লাওখোলাটোৱেই লেখকৰ স্বপ্নত এজনী পূৰ্ণাংগ নাৰীলৈ আৱিৰ্ভাৱ ঘটি তাইৰ মুখেৰেই নাৰী নিৰ্যাতনৰ এটা কৰুণ কাহিনী বৰ্ণনা কৰাইছে৷ লাওখোলাটো এজনী পতিতা নাৰীৰ৷ কাহিনী অনুসৰি নিজৰ বৰজনাকেই এই ‘বাগানবাড়ি’তে কাহিনীৰ নাৰীগৰাকীক পাপ পুখুৰীত নিমজ্জিত কৰাই শেষত নিজকে কলংকমুক্ত কৰিবলৈ হত্যা কৰি পুখুৰীত পেলাই দিয়ে৷ গল্পটোত নাৰীগৰাকীৰো সাময়িক দুৰ্বলতাৰ আভাস আছে যদিও গল্পকাৰে তাক ‘শেষত অজগৰ সাপৰ আকৰ্ষণত নিৰুপায় হৰিণী তাৰ মুখৰ ভিতৰত সোমোৱাদি গৈ মই পাপ-অজগৰৰ মুখত সোমালো’ বুলি তাৰ সপক্ষে যুক্তি আগবঢ়াইছে৷ মূলতঃ বাল্য বিবাহেই নাৰীগৰাকীৰ জীৱনলৈ দুখৰ বোজা কঢ়িয়াই আনিছিল যদিও ইয়াৰ মূলতে আছিল পুৰুষ প্ৰধান সমাজ ব্যৱস্থা৷ নাৰীগৰাকীয়ে সেয়েহে কৈছে “হৰি হৰি ! তিৰোতাৰ জীৱন দুখৰ জীৱন৷ তাক আৰু দুৰ্ভগীয়া কৰিবলৈ মতা সদায় সাজু৷ বিয়া কাক বোলে তাক জনাৰ আগতেই আৰু স্বামী কাক বোলে তাক চকুৰে দেখাৰ আগেয়েই অৰ্থাৎ প্ৰকৃতপক্ষে স্বামীক পোৱাৰ আগতেই মই স্বামী হেৰুৱালো, বিধৱা হ’লো৷ তোমালোকৰ পুৰুষৰ কেনে যুক্তি! কেনে ন্যায়! তোমালোক আপোনপেটীয়া স্বাৰ্থপৰ জাতি৷ তিৰোতাৰ আগত বৰ-মতা বোলোৱা তোমালোকৰ স্বভাৱ৷” (পৃ: ৩০)৷ নক’লেও হ’ব যে এয়া নাৰীবাদী চিন্তা আৰু দৃষ্টিভঙ্গীৰ সুন্দৰ প্ৰকাশ৷ পুৰুষ প্ৰধান সমাজত নাৰীৰ দুৰ্দশা আৰু দুৰ্ভাগ্যৰ এক দলিল৷ সমাজৰ পৰিৱৰ্তন হৈছে৷ বাল্য বিবাহ বৰ্তমান সমাজৰ পৰা উঠি গৈছে৷ তথাপি মন কৰিবলগীয়া কথাটো হ’ল কাহিনীটোত বাল্য বিবাহতকৈ গুৰুত্ব পোৱা বিষয়টো আছিল নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা মনোভাব৷ যি আজিৰ আধুনিক সমাজ ব্যৱস্থাতো কমি যোৱা নাই৷ বেজবৰুৱাই এই সামাজিক দায়বদ্ধতা উপলব্ধি কৰিছিল৷ নিজৰ বৰজনাকৰ হাততেই কলংকিত হৈ মৃত্যু হোৱা বোৱাৰীয়েকৰ এই কাহিনীটোৰ মাজত থকা সমাজৰ ঘৃণনীয় পুৰুষ চৰিত্ৰটো দাঙি ধৰাত গল্পটোৰ প্ৰাসংগিকতা আমাৰ কাৰণে আজিও সমানেই আছে৷

বেজবৰুৱাৰ ‘সাধুকথাৰ কুকি’ গল্প সংকলনৰ অন্তৰ্গত ‘জয়ন্তী’ এগৰাকী আদৰ্শ নাৰীৰ পৰিচায়ক৷ সততে অসমীয়া নাৰীৰ আদৰ্শ, দুঃসাহসিকতা, উপস্থিত বুদ্ধি, আচাৰ-ব্যৱহাৰ তথা ৰূপ-সৌন্দৰ্যৰ সাৱলীল বৰ্ণনা গল্পটোৰ মাজত দেখুৱাবলৈ যত্ন কৰা হৈছে৷ গল্পৰ কাহিনী মানৰ দিনৰ হ’লেও গল্পটোত ‘জয়ন্তী’ৰ উপস্থিত বুদ্ধি আৰু ত্যাগৰ মহান আদৰ্শ ফুটি উঠিছে৷ গল্পটোৰ আৰম্ভণিতে গল্পকাৰে জয়ন্তীৰ বিষয়ে কৈছে- “জয়ন্তী ডাঙৰ মানুহৰ জীয়াৰী, ডাঙৰ মানুহৰ ঘৈণী, সৰুতে বাপেকৰ ঘৰত সুখত উঠা, আৰু ডাঙৰত গিৰীয়েকৰ ঘৰত সৌভাগ্যৰ কোলাত লালিতা! দৈন্য-দৈত্যৰ তাড়নাত শাৰীৰিক কিম্বা মানসিক কষ্ট বাপেকৰ ঘৰত কি শহুৰেকৰ ঘৰত তেওঁ অনুভৱ কৰা নাছিল৷ কিন্তু সেই বুলি আন আন ডাঙৰ মানুহৰ জীয়াৰী-বোৱাৰীৰ নিচিনাকৈ আলাসৰ লাডুটিৰ দৰে নিৰ্ষ্কমা হৈ সাজ-পাৰ, মেল-দোৱান আৰু আহাৰ-নিদ্ৰাতে মাথোন কাল কটাই ৰংপুৰৰ এই সম্ভ্ৰান্ত ধনী বামুণৰ জীয়াৰী ডাঙৰ-দীঘল হোৱা নাছিল৷… কোনোবাই যদি সোধে, ৰংপুৰৰ ভিতৰত ভাল কাপোৰ বয় কোনে? উত্তৰ দিব লাগিব, জয়ন্তী আইদেউ৷ ভাল পাৰি দিয়া কাপোৰ কাৰ তাঁতৰ পৰা উলায়? ক’ব লাগিব জয়ন্তীৰ৷ বিয়াই সবাহে সুললিত মাতেৰে সকলোতকৈ সুৱলাকৈ কোনে নাম দিব পাৰে? জয়ন্তীয়ে৷ দশম, কীৰ্তন, ঘোষা, ৰত্নাৱলী প্ৰভৃতি পুথিবিলাকৰ কথা, ৰংপুৰৰ ভিতৰত কোন ছোৱালীৰ জিভাৰ আগত? শুনিবা জয়ন্তীৰ৷… সঁচাসঁচিকৈয়ে ৰমানাথ বৰুৱাৰ পত্নী শ্ৰীমতী জয়ন্তী দেৱী পুৰণি আছামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী শচীৰ দৰে সৌভাগ্যৱতী বুলি ৰাষ্ট্ৰ আছিল৷” (পৃ: ৯১)৷ বেজবৰুৱাই জয়ন্তীৰ মাজেৰে উল্লেখ কৰা এই নাৰী এক আদৰ্শ নাৰীৰ পৰিচায়ক৷ ‘টিক বলধা ওলাই মাটি, মাক ভালে জীয়েক জাতি’ বুলি বেজবৰুৱাই এজনী আদৰ্শ মাতৃৰ পৰাহে যে এজনী আদৰ্শ জীয়েকৰ জন্ম হ’ব পাৰে তাৰো সাৰ্থকতা প্ৰতিপন্ন কৰিছে৷ ‘বাপেকৰ ঘৰতে গুণৱতী মাকৰ যতন আৰু শিকনিত ভৱিষ্যৎ ঘৰুৱা জীৱনৰ প্ৰায় সকলো আৱশ্যকীয় কাৰ্যতে জয়ন্তী সুশিক্ষিত হৈ উঠিছিল৷’ কিন্তু এই সুশিক্ষিত মাৰ্জিত জয়ন্তীয়েই মান সৈন্যই তেওঁক আৰু তেওঁৰ স্বামীক অত্যাচাৰ কৰি কাটিবৰ কাৰণে লৈ যোৱাৰ সময়ত ত্যাগ আৰু আদৰ্শৰ চৰম শিখৰত উপনীত হৈছিল৷ আত্মসংযমত অভ্যস্ত জয়ন্তীয়ে খং আৰু বেজাৰৰ ভাও পৰিত্যাগ কৰি দুঃসাহস আৰু নিজ বুদ্ধিৰেই তিনিও মান সেনাক হত্যা কৰি নিজ স্বামীক বন্ধনৰ পৰা মুকলি কৰিছিল৷ অৱশেষত জয়ন্তীয়ে তিনি মান সেনাক হত্যা কৰি উন্মাদ হৈ নিজেও মৃত্যুৰ আপোন কোলাত আশ্ৰয় ল’লে৷ লেখকে জয়ন্তীৰ মাজেৰে অসমীয়া বীৰাংগনা নাৰীৰ চিত্ৰ অংকন কৰিছে৷ পৰিস্থিতি, সময় আৰু কৰ্তব্যই তাইক শান্ত লজ্জাশীলাৰ পৰা নৃত্যকাৰিণী উন্মাদিনী কৰি তুলিছে৷ কিন্তু সেই সময়ত তাইৰ মুখত ফুটি উঠিছে স্বামী ভক্তি আৰু পতিব্ৰতা নাৰীৰ আদৰ্শ৷ কাৰণ ‘বিষম উন্মাদ ৰুগীয়া জয়ন্তীৰ মুখত তেওঁৰ শেহপৰ্যন্ত; “মোৰ স্বামীৰ হাতৰ বান্ধ মোকোলালো’- এইষাৰ কথাৰ বাহিৰে আৰু একো কথা শুনা নগৈছিল৷” (পৃ: ৯৫)৷

বেজবৰুৱাৰ ‘সাধুকথাৰ কুকি’ৰ অন্তৰ্গত ‘ভদৰী’ তেওঁৰ বহু সমাদৃত চুটিগল্পসমূহৰ অন্তৰ্গত এটা অতি সাৱলীল গল্প৷ এটা সাধাৰণ ঘৰুৱা পৰিস্থিতিক কেন্দ্ৰ কৰি গল্পটো ৰচনা কৰা হৈছে যদিও এই কম পৰিসৰৰ মাজতে ‘ভদৰী’ চৰিত্ৰটো উজ্জ্বল হৈ উঠিছে৷ অসমীয়া নাৰীৰ সহনশীলতা ভদৰী চৰিত্ৰত মূল বিষয়বস্তু৷ ভদৰীৰ স্বামী সচৰাচৰ গ্ৰাম্য সমাজৰ হোজা খেতিয়ক৷ কথাৰ সত্যতা বিচাৰ কৰাৰ সাধাৰণজ্ঞানো তেওঁৰ নাই৷ কথাই কথাই তিৰোতাৰ ওপৰত বৰমতালি দেখুওৱা তেওঁৰ স্বভাৱ৷ ভদৰীয়েও সেই কথা জানে৷ “বাস্তৱিক পক্ষতে ভদৰীৰ এনে বিশ্বাস হৈ গৈছিল যে ভুকুটো-ঢকাটো, চৰটো-গোৰটো আৰু কাঠখৰি ঢেঁকীঠোৰাৰ মাৰটো, উঠা-বহা, খোৱা-লোৱাৰ লগৰে বিবাহিতা জীৱনৰ এটা অপৰিহাৰ্য অংগ৷” (পৃ: ১১০)৷ এয়া সাধাৰণ, সৰল অসমীয়া গাঁৱলীয়া তিৰোতা ভদৰীৰ মনৰ ভাব৷ কিন্তু কেতিয়াবা খঙৰ ভমকত স্বামীৰ কথাত জিকাৰ মাৰি উঠিলেও সেয়া যে খন্তেকীয়া খঙৰ নামান্তৰ মাত্ৰ তাক ভদৰীয়ে পতিপন্ন কৰিছে৷ ঘটনাৰ আকস্মিকতা, নাটকীয়তা আৰু সমাপ্তিত স্বামী শিশুৰামে সামান্য কথাতে মৈদাৰে ভদৰীৰ পিঠিত ওপৰা-উপৰিকৈ দোকোব মাৰি ভদৰীক চিকিৎসালয়লৈ আৰু নিজে জে’ললৈ যাব লগা পৰিস্থিতি সৃষ্টি কৰাৰ পিচতো হাস্পতালত তাইৰ কাষত শিশুৰামক নেদেখি ভদৰী চিন্তিত হৈ অজ্ঞান হৈ পৰিছে৷ আনকি শিশুৰামক পুনৰ দেখি (শিশুৰামৰ ফালে চাই) ‘তোমাৰ গা কেনে আছে? আজি ভাত খালানে? তোমাৰ ভাত-পানী খোৱাত মহা দুখ হৈছে চাগৈ?’ এই বুলিহে প্ৰশ্ন কৰিছে৷ ভদৰীৰ মুখৰ এই কেইষাৰ বাক্যই পাঠকৰ মনত ভদৰী চৰিত্ৰটোৰ প্ৰতি গভীৰ সহানুভূতি জাগ্ৰত কৰাৰ লগতে ‘শিশুৰামৰ দুচকুৰে দুধাৰ লো বৈ’ যোৱাৰ দৰে পাঠকৰ মনৰ মাজতো তাইৰ ত্যাগ আৰু আদৰ্শই সাঁচ বহুৱায়৷ আনকি শেষত ভদৰীয়ে নিজ স্বামীক বচাবলৈ ‘উজুতি খাই পাতি থোৱা মৈদাত পৰি বেটী গোলামীৰ গা কাটিছে’ বুলি মিছা মাতিছে৷ যাৰ ওচৰত উগ্ৰ হোজা স্বামী শিশুৰামৰো চকুলো ওলাইছে৷ গল্পটোৰ মাজত লেখকে ভদৰীৰ মাজেৰে স্বামীৰ প্ৰতি ভক্তি আৰু ভালপোৱা মূল বিষয় হিচাপে দেখুৱাবলৈ যত্ন কৰিছে৷ ভদৰীয়ে জীৱনত স্বামীৰ মাৰ-কিল খায়ো তাকেই বিচাৰে আৰু তাকেই ভাল পায়৷ এই সন্দৰ্ভত ড: হীৰেন গোহাঁয়ে মন্তব্য কৰিছে যে, “ভদৰীক ভাৰতীয় হিন্দু নাৰীৰ সতীত্বৰ প্ৰতীক বুলি ভাবিলে ভুল হ’ব৷ সতীত্ব এটা অন্ধ সংস্কাৰ৷ তাৰ মাজত ব্যক্তিত্বৰ সহৃদয় অভিব্যক্তি নাথাকিবও পাৰে৷ কিন্তু ভদৰীৰ অন্তৰত আমি পাইছোঁ গিৰিয়েক শিশুৰামৰ প্ৰতি গভীৰ আৰু গাঢ় ভালপোৱা দৈনন্দিন জীৱনৰ ধোঁৱা আৰু ছায়ে যাক ঢাকি ৰাখিছে মাত্ৰ৷” (ডেউকা, ১৯৯০ পৃ: ৩৭)৷

‘সাধুকথাৰ কুকি’ৰ অন্তৰ্গত ‘সেউতী’ ভাৰতীয় সমাজৰ চিৰাচৰিত নাৰী-নিৰ্যাতন আৰু অন্ধবিশ্বাসৰ আধাৰত লিখা এটা মৰ্মান্তিক গল্প৷ গল্পটোৰ মাজত আমি ভিন্ন চৰিত্ৰৰ চাৰিগৰাকী নাৰী দেখা পাওঁ৷ সেউতী, সেউতীৰ মাক, দৰাৰ বাঁৰী বায়েক আৰু সেউতীৰ শাহুৱেক৷ গল্পৰ কাহিনী সেউতীৰ বাল্য বিবাহেৰে আৰম্ভ হ’লেও ইয়াৰ বিষয়বস্তু হৈছে এজনী নিষ্পাপ, নিৰ্দোষী ছোৱালীৰ ওপৰত সমাজে পৰম্পৰাৰ নামত কৰা অত্যাচাৰ আৰু উৎপীড়ন৷ এই ক্ষেত্ৰত সমাজক সহায় কৰিছে সেউতীৰ স্বামী, বাঁৰী বায়েক আৰু শাহুৱেকে৷ গল্পটোত ‘মাকৰ সোণ চেকুৰা, বাপেকৰ আলাসৰ লাডু, ককায়েকৰ দেহালাও আৰু খেলিবৰ লগ’ সমাজৰ আও-ভাও বুজি নোপোৱা সেউতীক তাইৰ ন বছৰ বয়সতে মাক-বাপেকে ভাল দৰা চাই বিয়া দিয়ে৷ কিন্তু বিয়াৰ পিচতে ছোৱালী দৰাৰ সম্বন্ধ লগা বুলি সমাজে বি বি-বা বা কৰাত দৰাঘৰে এমাহৰ পিচতে ছোৱালী ঘূৰাই পঠিয়ায়৷ স্বামী কি বস্তু বুজি নোপোৱাকৈয়ে সেউতী ঘূৰি আহি পুনৰ আনন্দত মাকৰ কোলাত সোমাই পৰে৷ বয়সৰ লগে লগে সেউতীয়ে সকলো কথা বুজি উঠি পুনৰ দৰাৰ ঘৰলৈ যাব বিচাৰে যদিও দৰাই অস্বীকাৰ কৰে৷ শেষত দেউতাকে মোকৰ্দমা কৰাত দৰাই সেউতীক আনি বেটী-বান্দীৰ দৰে ঢেঁকীশালত স্থান দিয়ে৷ অৱশ্যে দৰাৰ মন ক্ৰমে ক্ৰমে সেউতীৰ কথাত দুখিত হৈ লুকাই-চুৰকৈ স্বামী-স্ত্ৰীৰ মিলন হ’বলৈ ধৰিলে৷ এই কথা দৰাৰ বায়েক আৰু শাহুৱেকে সহ্য কৰিব নোৱাৰি শেষত তাইক বিহ খুৱাই হত্যা কৰি ‘ঘৰখন ৰক্ষাৰ’ উপায় কৰিলে৷ পিচত এই কথা শুনা গৈছিল যে ‘প্ৰকৃতপক্ষে ছোৱালী সম্বন্ধ লগা নহয়’৷ এক কৰুণ হৃদয়স্পৰ্শী কাহিনীৰ মাজেৰে লেখকে সমাজত বিয়াৰ নামত চলি থকা অন্ধবিশ্বাস আৰু বোৱাৰীৰ ওপৰত ননদ, শাহুৰ অত্যাচাৰৰ দৃশ্য চাই থকা এক দুৰ্বল স্বামীৰ চিত্ৰ অংকন কৰিছে৷ সমসাময়িক সমাজত চলি থকা বোৱাৰী হত্যা তথা অত্যাচাৰৰ এক নিখুত চিত্ৰও গল্পটোৰ মাজত প্ৰতিফলিত হৈ উঠিছে৷

বেজবৰুৱাৰ সকলো গল্পৰ ভিতৰতে নাৰীমুক্তি আৰু নাৰীবিদ্ৰোহৰ উজ্জ্বল চানেকী হৈছে ‘কেঁহোকলি’ৰ অন্তৰ্গত ‘ললিতী কাকতী’৷ প্ৰকৃতপক্ষে ‘ললিতী কাকতী’ চৰিত্ৰটোৰ মাজেৰে বেজবৰুৱাৰ জীৱনাদৰ্শৰ স্বৰূপ প্ৰতিফলিত হৈ উঠিছে৷ গল্পটোৰ মাজত বিবাহ, স্বামী-স্ত্ৰীৰ তাৎপৰ্য বুজি নোপোৱা পুৰুষৰ বিৰুদ্ধে ললিতী কাকতী নামৰ চৰিত্ৰটোৱে তীব্ৰ ক্ষোভ আৰু জেহাদ ঘোষণা কৰিছে৷ গল্পটোৰ মাজত এগৰাকী আধুনিক নাৰীৰ যি চৰিত্ৰ বেজবৰুৱাই আজিৰ পৰা এক শতিকাৰ আগতে অংকন কৰিছে সেয়া তেওঁৰ আধুনিক মনৰ পৰিচয়েই নহয়, তেওঁক নাৰী মুক্তিৰ প্ৰবল প্ৰবক্তা হিচাপেও আখ্যা দিব পাৰি৷ লেখকে গল্পটোৰ প্ৰথমতেই কৈছে যে ‘ললিতী নগৰত থাকি বালিকা স্কুলত লিখা-পঢ়া শিকা ছোৱালী আৰু আজিকালিৰ নব্য ধৰণৰ; ধান বনা, পানী অনা, চোতাল সৰা ইত্যাদি কামত তাই একেবাৰেই অনভ্যস্ত’ অৰ্থাৎ গল্পকাৰে এইটো গল্পত আন গল্পৰ দৰে ললিতী কাকতীক অশিক্ষিত গাঁৱলীয়া ছোৱালীৰ ৰূপত চিত্ৰিত কৰিব বিচৰা নাই৷ কাহিনী অনুসৰি ললিতী কাকতীৰ মাক-দেউতাকে ভাল ল’ৰা বাছি বাছি উচ্চ শিক্ষিত ছাব-ডেপুটি শ্ৰীকান্ত হাজৰিকালৈ ললিতীক বিয়া দিয়ে৷ কিন্তু বিয়াৰ পিচতে স্বামীৰ হাতত নানান অত্যাচাৰ আৰু গালি-গালাজৰ ফলত তিষ্ঠি থাকিব নোৱাৰি পৈতৃক ঘৰলৈ ঘূৰি আহে৷ ইয়াৰ পিছত শ্ৰীকান্ত হাজৰিকাই পুনৰ বিবাহ কৰে যদিও দ্বিতীয় পত্নীও থাকিব নোৱাৰি ঘৰ এৰি আঁতৰি যায় আৰু শ্ৰীকান্তই তৃতীয় বিবাহৰ কাৰণে প্ৰস্তুতি চলাই৷ কাহিনীটো মূলতঃ ইমানেই যদিও কাহিনীৰ আচল তাৎপৰ্য বহন কৰিছে ললিতীৰ হাতৰ এখন চিঠি গল্পকাৰৰ হাতত পৰাৰ পিছতহে৷ ললিতীয়ে স্বামীলৈ আৰু বাঁহীৰ সম্পাদকলৈ এখন চিঠি লিখি স্বামীৰ লগতে তেনে জাতীয় পুৰুষৰ জঘন্য স্বৰূপটো সকলোৰে আগত উদঙাই দেখুৱাইছে৷ ললিতীৰ এই চিঠি কেৱল গল্পৰ বিষয়-বস্তুৱেই নহয়, বেজবৰুৱাই ললিতীক সমগ্ৰ নাৰী জাতিৰ প্ৰতিনিধি কৰি তেওঁৰ মুখেৰে পুৰুষৰ প্ৰৱঞ্চনা আৰু নাৰীৰ উচিত দায়িত্ব আৰু কৰ্তব্য সোঁৱৰাই দিছে৷ ললিতীয়ে তাইৰ দীঘলীয়া চিঠিত লিখিছে- “আগৰ কালৰ শিক্ষাত তিৰোতাক অৰ্ধাংগিনী বুলিছিল৷ সহধৰ্মিনী বুলিছিল, আপোনালোকৰ আজিকালিৰ বিলাতী শিক্ষাত Better half  বোলে৷ কিন্তু মুখেৰে এনেবোৰ সম্বোধন কৰি, গৰু-ম’হৰ প্ৰতিও মানুহে যেনে ব্যৱহাৰ নকৰে তেনে ব্যৱহাৰ তিৰোতাৰ প্ৰতি কৰিব পায়নে? এয়াই আপোনালোকৰ উচ্চ শিক্ষানে? উচ্চ শিক্ষা মানে চাহাবী টুপী, ঠেঙা, কোট পিন্ধি মেজত কুকুৰা, ভেড়া, গৰু, গাহৰিৰে খানা খোৱাটোৱেইনে? আৰু মদ খাই মতলীয়া হৈ ফুৰাটোৱেইনে? চৰিত্ৰ ৰক্ষা কৰাটো অকল তিৰোতাৰহে কৰ্তব্যৰ ভিতৰত, পুৰুষৰ নহয়নে?” (পৃ: ২৯৬)৷ নাৰীক আজিৰ সমাজে অৱলা হিচাপে জ্ঞান কৰি বিয়া নহ’লে নাৰীৰ জীৱন ধ্বংস হ’ব বুলি ভবা মনোবৃত্তিৰ বিৰুদ্ধে বেজবৰুৱাই ললিতীৰ মুখেৰে কোৱাইছে “তিৰোতা হ’লেই তাইক বিয়া দিবই লাগিব, বা তাই বিয়া কৰাবই লাগিব, নহ’লে তাইৰ জাত গ’ল, কুল গ’ল, জীৱন ব্যৰ্থ হ’ল এই কথা মই নামানো৷ কাৰণ সি ভুল, ভুল, সম্পূৰ্ণ ভুল৷ যোগ্য, ধাৰ্মিক, মনুষ্যত্বৰ মোল বুজা, স্বামী বা সংগী হ’বৰ উপযুক্ত লোক পালে অৱশ্যে তিৰোতা-ছোৱালীৰ বিবাহৰ মংগল কাৰণ মংগলময় ঈশ্বৰৰ যি ইচ্ছা৷ তেনে দৰা নাপালে তিৰোতা-ছোৱালীয়ে কোনোকালেই বিয়া কৰাব নাপায় আৰু মাক-বাপেকেও বিয়া দিব নাপায়৷” (পৃ: ২৯৭)৷

ললিতীৰ এই চিঠিখনৰ মাজেৰে বেজবৰুৱাই এটা সাৰ্থক নাৰীবাদী চৰিত্ৰ অংকন কৰিছে৷ বেজবৰুৱাৰ এই দৃষ্টিভঙ্গী আজিৰ পৰা এক শতিকাৰ আগৰ হ’লেও সাম্প্ৰতিক পৰিবেশতো ইয়াৰ সাৰ্থকতা কমি যোৱা নাই৷ বৰঞ্চ ক’ব পাৰি ললিতীৰ মনৰ সেই বিদ্ৰোহ আজিও জাগি উঠিবলৈ অনেক বাকী৷

বেজবৰুৱাৰ আন এক সাৰ্থক নাৰী চৰিত্ৰ হ’ল ‘পাতমুগী’ গল্পৰ পাতমুগী চৰিত্ৰ৷ ই নাৰী মনস্তত্বৰ এক উজ্জ্বল দিশ বহন কৰিছে৷ গল্পটোৰ মাজত ‘পুৰুষ জাতিৰ প্ৰৱঞ্চনা’, নিষ্ঠুৰতা, আৰু দুৰ্বলতাৰ’ তিনিটা দিশ পাতমুগীৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছে৷ প্ৰথম অৱস্থাত বামুন গিৰিয়েকে পাতমুগীক প্ৰৱঞ্চনা কৰি নিষ্ঠুৰভাৱে এৰি থৈ পুনৰ সংস্কাৰ হৈ বিবাহ কৰা আৰু দ্বিতীয়তে একে গাঁৱৰে সম্বন্ধীয় আদহীয়া খুৰাকৰ তাইৰ প্ৰতি অহা সাময়িক দুৰ্বলতাই কাহিনীৰ মূল বিষয়বস্তু৷ পাতমুগীয়ে তাইক বঞ্চিত কৰা গিৰিয়েকৰ বিষয়ে আদালতত গোচৰ দিবলৈ গৈয়ো তেনে পুৰুষ শ্ৰেণীক আইনৰ দ্বাৰা পুনৰ লাভ কৰিব বিচৰা নাই বা অনিষ্ট কৰিব বিচৰা নাই৷ দুৰ্বলতা নাৰী-পুৰুষ সকলোৰে থাকে৷ গাভৰু বয়সতে স্বামী পৰিত্যক্তা পাতমুগীৰ মনত অন্য পুৰুষৰ প্ৰতি আকৰ্ষণ থকাটো স্বাভাৱিক৷ কিন্তু বয়স আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য নাৰাখি আদিম বাসনাই মনত ভাৰাক্ৰান্ত কৰা পুৰুষ শ্ৰেণীটোৰ মনৰ লালসা দেখি পাতমুগী আচৰিত হৈছে৷ সেয়েহে ঔ টেঙা পাৰিবলৈ গৈ নামি আহোতে পাতমুগীৰ মুখত চকু পৰিয়েই আঢ়ৈকুৰি বয়সৰ সম্বন্ধীয়া দদায়েকৰ মনতো তাইৰ প্ৰতি উঠা দূৰ্বলতাৰ উমান তাই ধৰিব পাৰি আনন্দত জঁপিয়াই উঠিছে৷ নাৰীৰ এই আনন্দৰ বিষয়ে পাতমুগীৰ নিজৰ ভাষাত- “দদাই! মোৰ দোষ মৰিষণ কৰা৷ তিৰোতাৰ স্বভাৱৰ বিষয়ে মতা মানুহে কেতিয়াও ভালকৈ নাজানে আৰু জানিবও নোৱাৰে৷ মানুহে নজনাটোতো ঠিকেই? দেৱতায়ো নাজানে বুলি কয়৷ পুৰুষক হাতৰ মুঠিত ল’বলৈ পোৱাটোৱেই তিৰোতাৰ ডাঙৰ আশা৷ পুৰুষক জয় কৰাৰ আনন্দ তিৰোতাই লুকাব নোৱাৰে৷ তেহে সেই পুৰুষজন যেয়েই হওক৷” (পৃ: ৩০৩)৷ এয়া নাৰী মনস্তত্ত্বৰ সুন্দৰ প্ৰতিফলন৷ যাক পাতমুগীয়ে অকপটে স্বীকাৰ কৰিছে৷ গল্পটোত পাতমুগী আৰু দদায়েক নিজ নিজ দূৰ্বলতাৰ প্ৰতি সচেতন৷ সেইবাবেই পাতমুগীয়ে ক্ষমা বিচাৰি গান্ধী আদৰ্শৰ প্ৰতি মন মেলিছে আৰু দদায়েকে ঈশ্বৰৰ চৰণত কাকূতি কৰি সাময়িক দূৰ্বলতাৰ কাৰণে ক্ষমা বিচাৰিছে৷ কিন্তু নাৰীৰ এই আনন্দ পুৰুষক জয় কৰাৰ আনন্দ হ’লেও দদায়েকৰ সেই মনোবিকাৰ সমাজৰ কাৰণে শুভলক্ষণ নহয়৷ যি বৰ্তমান আমাৰ সমাজত ঘটিব ধৰিছে৷

প্ৰধানতঃ বেজবৰুৱাৰ চুটিগল্পৰ মাজত এইকেইটা নাৰী চৰিত্ৰই বিস্তৃত ৰূপত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে যদিও অন্যান্য গল্পৰ কম সময়ৰ মাজতো বহু কেইটা নাৰী চৰিত্ৰ উজ্জ্বল হৈ উঠিছে৷ বেজবৰুৱাই ৰচনা কৰা কোল ৰমণীৰ চিত্ৰই তেওঁৰ গল্পত নাৰী চৰিত্ৰৰ শাৰী পুৰাইছে৷ ‘ৰতনমুণ্ডা’ গল্পৰ ‘জুমুৰী’ৰ সৰলতা, ‘কন্যা’ গল্পত কোল ৰমণীৰ গভীৰ সৰল প্ৰেমৰ চিত্ৰক বেজবৰুৱাই সহানুভূতিৰে অংকন কৰিছে৷ জাত-পাতৰ ফলত পুৰুষৰ দ্বাৰা অপমানিত হোৱা ‘কাশিবাসী’ আৰু ‘নিস্তাৰিণী দেৱী বা ফাতেমা বিবি’ নাৰী চৰিত্ৰ দুটাইয়ো পাঠকৰ সহানুভূতি আদায় কৰে৷ আনহাতে ‘আমালৈ নেপাহৰিবা’ আৰু ‘শিৱপ্ৰসাদ’ দুয়োটা গল্পতে নিজৰ পত্নীক কুলীৰ ডিপোত বিক্ৰী কৰি ধন উপাৰ্জন কৰাৰ দৰে পুৰুষৰ নিষ্ঠুৰ চিত্ৰখনো বেজবৰুৱাই উদঙাই দেখুৱাইছে৷ ‘সতী তোৰোতাৰ স্বামীৰ বাহিৰে আন গতি নাই’ এই সুবিধাকে গ্ৰহণ কৰি এই দুয়োটা গল্পতে আজলী ছোৱালীক ফুচুলাই বিয়া পাতি নিজৰ গিৰিয়েকেই পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰি দিছে৷ আজিৰ আধুনিক শিক্ষাৰ যুগতো অসমৰ বাতৰি কাকতত এনে খবৰে শিৰোনামা অধিকাৰ কৰি আছে৷ বেজবৰুৱাই ‘চোৰ’ গল্পটোৰ মাজত দুটা বিপৰীত ধৰণৰ নাৰী চৰিত্ৰ অংকন কৰিছে৷ মৃত্যুশয্যাত পৰি থাকিও নিজৰ স্বামীৰ কথা চিন্তা কৰা প্ৰথমা পত্নী ‘ইন্দুমতী’ৰ বিপৰীতে মৃত্যুৰ পিচত পুনৰ বিবাহ কৰা কম বয়সীয়া দ্বিতীয় পত্নীয়ে অবৈধ প্ৰেমৰ পৰিণতিতে স্বামীক হত্যা কৰিব বিচৰা নিষ্ঠুৰ নাৰী চৰিত্ৰৰ কথাও বেজবৰুৱাই পাহৰি যোৱা নাছিল৷

বেজবৰুৱাই যুগে যুগে পুৰুষে নাৰীক কৰি অহা বঞ্চনা, অন্যায়, অত্যাচাৰৰ বিপৰীতে নাৰীৰ সহনশীলতা, ত্যাগ আৰু দুৰ্বলতাৰ চিত্ৰখন গল্পসমূহৰ মাজত সাৰ্থকভাৱে অংকন কৰিছে৷ বেজবৰুৱাৰ ওপৰত উল্লেখ কৰা প্ৰতিটো নাৰী চৰিত্ৰ বিশ্লেষণ কৰিলে এটা কথা দেখা যায় যে প্ৰত্যেকটো নাৰী চৰিত্ৰই সুকীয়া৷ কোনোবা সমাজৰ নিষ্পেষণৰ বলি হৈছে, কোনোবাই নিজৰ ত্যাগ আৰু আদৰ্শৰে নিজক উজ্জ্বল কৰি তুলিছে, কোনোবাই সাহসেৰে সমাজত চলি থকা নিষ্পেষণ, অত্যাচাৰ আৰু অন্যায়ৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে আৰু কাৰোবাৰ মাজেৰে নাৰীৰ দোষ, দুৰ্বলতা প্ৰতিফলিত হৈ উঠিছে৷ বেজবৰুৱাৰ প্ৰতিটো নাৰী চৰিত্ৰই নাৰীৰ একোখন উজ্জ্বল চিত্ৰ৷ নাৰী চৰিত্ৰসমূহৰ মাজেৰে বেজবৰুৱাৰ উদাৰ, যুক্তিবাদী আৰু সমাজ সংস্কাৰক মনটো প্ৰতিফলিত হৈ উঠিছে৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
pragya
2 years ago

পঢ়ি ভাল লাগিল ….
আৰু লিখিব….
আমি পঢ়িম…