প্ৰণৱজ্যোতি ডেকাৰ ‘ বেওৱাৰিছ লাচ' গল্পৰ এটি নাৰী চৰিত্ৰঃ এক চমু বিশ্লেষণ (সীমা ভূঞা)

০.০০ প্ৰস্তাৱনাঃ

অসমীয়া চুটি গল্পৰ ইতিহাসত ৰামধেনু যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে যিসকল গল্পকাৰে চুটি গল্পৰ বিষয়বস্তুৰ ক্ষেত্ৰত নতুনত্বৰ সন্ধান দিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত প্ৰণৱজ্যোতি ডেকাৰ নামটো উল্লেখযোগ্য৷ ৰামধেনু যুগৰ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা প্ৰণৱজ্যোতি ডেকাৰ গল্প চৰ্চা অতি সাম্প্ৰতিক সময়লৈকে অব্যাহত আছে৷ এইগৰাকী গল্পকাৰৰে এটি বহুপঠিত আৰু চৰ্চিত গল্প ‘ বেওৱাৰিছ লাচ’ৰ এটি নাৰী চৰিত্ৰৰ বিষয়ে ইয়াত চমু বিশ্লেষণাত্মক আলোকপাত কৰিবলৈ লোৱা হৈছে৷

‘বেওৱাৰিছ লাচ’ গল্পৰ প্ৰধান নাৰী চৰিত্ৰ হ’ল চাজিনা বেগম৷ গল্পটোত চাজিনাৰ বাহিৰেও আৰু দুটিমান নাৰী চৰিত্ৰৰ বিষয়ে চমু উল্লেখ থাকিলেও সেইসমূহৰ বিশেষ কাৰ্য বিৱৰণ পোৱা নাযায়৷ সেয়ে, চাজিনা বেগমৰ এই প্ৰধান চৰিত্ৰটোৰ আধাৰত গল্পটোত প্ৰতিফলিত নাৰী চৰিত্ৰৰ কেতবোৰ বিশেষ দিশৰ উন্মোচনৰ উদ্দেশ্যৰে এই আলোচনা কৰিবলৈ লোৱা হৈছে৷ অসমীয়া চুটিগল্পৰ ইতিহাসৰ এগৰাকী উল্লেখনীয় গল্পকাৰৰ এটা বিশেষ গল্পৰ নাৰী চৰিত্ৰ এটাৰ সাম্প্ৰতিক সময়ত কৰা এনে মূল্যায়নৰ গুৰুত্ব আৰু প্ৰাসংগিকতা অনস্বীকাৰ্য৷

১.০০ চাজিনা বেগমৰ পৰিচয়সূচক আলোকপাত আৰু গল্পৰ কাহিনীৰ সাৰ অংশৰ আভাসঃ
‘বেওৱাৰিছ লাচ’ গল্পৰ চাজিনা বেগম এগৰাকী আদবয়সীয়া বেপৰোৱা নাৰী চৰিত্ৰ৷ চাজিনা চহৰখনৰ প্ৰায় সকলোৰে পৰিচিতা এগৰাকী গণিকা৷ নিজে প্ৰত্যক্ষভাৱে এই বৃত্তিত জড়িত থকাৰ উপৰি বস্তি এলেকাৰ দুটা ঘৰো তাই এই কামত ভাড়ালৈ দি আহিছে৷ অৰ্থাৎ চাজিনা এই বৃত্তিত জড়িতসকলৰ মালিকনী৷ নবীন মিস্ত্ৰীৰ পৰা দশৰথ কনিষ্টবললৈকে সমাজৰ বিভিন্ন শ্ৰেণীৰ এচাম লোক তাইৰ গ্ৰাহক৷ অৱশ্যে, এচাম লোকে তাই বাস কৰা এলেকাখিনিক ‘ভাল ঠাই নহয়’ বুলি গণ্য কৰে৷ অথচ, এসময়ত এই চাজিনাও সমাজৰ আন দহজনী সাধাৰণ নাৰীৰ মাজৰে এজনী আছিল৷ পৰিস্থিতিৰ পাকচক্ৰত পৰিহে তাই এক অসামাজিক পৰিচয়েৰে পৰিচত হৈ উঠিল৷
গল্পটোত নিম গছৰ ছাঁত থিয় হৈ থকা অৱস্থাত সেউজীয়া শাৰী পৰিহিতা চাজিনা বেগম চৰিত্ৰটোৱে প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিছে৷ পথৰ মাজতে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা এজন দুৰ্ভগীয়াৰ শটো চাবলৈ আনসকলৰ দৰে তায়ো উৎসুক্যৰে আগবাঢ়ি আহিছে৷ আশ্চৰ্যজনকভাৱে মৃতদেহটোৰ কাষলৈ আহি চাজিনাই আৱিষ্কাৰ কৰিলে এই সত্য যে –এয়া তাইৰে প্ৰাক্তন প্ৰেমিক তথা স্বামী মতি ড্ৰাইভাৰৰ মৃতদেহ৷ গতিকে, শটো দেখিয়েই বিভিন্ন সম্ভাৱ্য কাৰণত পলায়নবাদী মনোভাৱেৰে ছত্ৰভংগ দিয়া আন বহুজনৰ দৰে ছাজিনাই একে পন্থা অৱলম্বন কৰিব নোৱাৰিলে৷ মতিৰ স’তে কটোৱা দিনবোৰ সোঁৱৰণ কৰি চাজিনাই অকলেই শটোৰ ৰখীয়া হৈ থাকিল৷ অথচ, সেই মতিয়েই তাইৰ সৈতে সংসাৰ কৰাৰ পিছত এদিন তাইক নিঃসহায় অৱস্থাত এৰি থৈ ক’ৰবালৈ গুচি গৈছিল৷ ফলস্বৰূপে, পৰিস্থিতিক্ৰমে পেটৰ তাড়নাত তাই এক অসামাজিক পথত ভৰি থ’ব লগা হৈছিল৷ মতিৰ বিশ্বাসঘাতকতাৰ সত্বেও চাজিনাই তাইৰ প্ৰথম প্ৰেমক অস্বীকাৰ কৰা নাই আৰু হিন্দু নিয়ম মতে তাৰ সৎকাৰৰ কথা ভাবিছে৷ পিছে পুলিচে আহি গৰাকীবিহীন মৃতদেহটো তাইক চমজাই দিবলৈ কৌশলপূৰ্ণভাৱে মৃতদেহটো বিক্ৰী কৰি দিয়াৰ কথা কোৱাত তাইৰ মনোভাব হঠাতে সলনি হৈ যায়৷ ইয়াত উদগণি যোগায় তাইৰ ৰাতিৰ সপোনটোৱে; যিটো সপোনে চাজিনাক টকা লাভ কৰাৰ অন্য এক সপোন দেখুৱাই আছিল৷ গতিকে, মৃতদেহ বিক্ৰী কৰি টকা পোৱাৰ (!) জল্পনা-কল্পনাৰে তাই মৃতদেহৰ গৰাকী হৈ পুলিচৰ সৈতে হস্পিতাললৈ গৈ থাকিল৷
এয়াই ‘বেওৱাৰিচ লাচ’ গল্পৰ কাহিনীৰ সংক্ষিপ্ত আভাস৷

২.০০ গল্পটোত প্ৰতিফলিত সমাজত নাৰী হিচাপে চাজিনা বেগম চৰিত্ৰৰ স্থিতিঃ
‘বেওৱাৰিছ লাচ’ গল্পত প্ৰতিফলিত সমাজখনত নাৰী হিচাপে ‘চাজিনা’ চৰিত্ৰটোৰ স্থিতিলৈ লক্ষ্য কৰিলে দেখা যায়, তাত চাজিনা যেন কেৱল এচাম পুৰুষৰ বাবে উপভোগৰ সামগ্ৰী৷ নিজৰ পিতৃ গৃহতো চাজিনাৰ স্থিতি সবল নাছিল৷ সেয়ে, তাইৰ ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষাৰ প্ৰতি গুৰুত্ব নিদি দেউতাকে ৰহমত বুঢ়াৰ লগত চাজিনাৰ বিয়া ঠিক কৰিব বিচাৰিছিল৷ সেই ৰহমত বুঢ়াৰ ডাঙৰজনী বিবিৰ বয়স চাজিনাৰ মাকতকৈও বেছি আছিল৷ মতিৰ স’তে প্ৰেম কৰি পলাই অহাৰ পিছদিনাই তাই এটা সৰু কথাতে সহ্য কৰিব লগা হৈছিল মতিৰ অকথ্য শাৰীৰিক নিৰ্যাতন৷ আকৌ, বিয়াৰ কেইমাহমানৰ পিছতে মতি হঠাৎ ঘৰৰ পৰা নোহোৱা হোৱাত গাড়ীৰ মালিক নুৰুল ঠিকাদাৰৰ পৰা কিবা খবৰ পোৱাৰ আশাত তালৈ যাওঁতে ঠিকাদাৰে ‘ক’ত গ’ল হাৰামজাদা’ বুলি তাইকহে ওলোটাই খেদি আহিছিল৷ মতিৰ অন্তৰ্ধানৰ পিছত পূৰ্বৰ পৰিচিত মতিৰ বন্ধুবোৰেই তাইৰ ৰক্ষক আৰু ভক্ষক হ’বলৈ হেতা-ওপৰা লগাইছিল৷ সিহঁতৰ দৃষ্টিত চাজিনা পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত হৈছিল৷ সেয়ে মতিৰ বন্ধু ইব্ৰাহিমে ‘জোৱান খুবচুৰত মাইকী মানুহ, কাচ্চা বাচ্চা নাই, নিজৰ খানা উলিয়াই ল’ব পাৰিব’ বুলি কৈছে৷ সেই ইব্ৰাহিমে চাজিনাক লৈ ব্যৱসায় কৰাৰ পূৰ্ণ বন্দোৱস্ত কৰিছিল৷ বিভিন্ন পুৰুষক চাজিনাৰ সংগ লাভৰ সুযোগ দি ধন ঘটাৰ আশা কৰিছিল৷ চাজিনাক পণ্য আৰু ভোগ্য সামগ্ৰীত পৰিণত কৰিব খোজাৰ মানসিকতা বন্ধু ওৱাহিদৰ প্ৰতি ইব্ৰাহিমে কৰা এই মন্তব্যত পৰিস্ফুট হৈছে৷
‘চালা জেপত পইচা নাই যদি মাইকীৰ লগত স্ফুৰ্তি কৰিব আহ কিয়?
চালা এই টাইমত কিমান কামাই কৰিব পাৰিলোঁ হয় জান?’ [পৃঃ ২৯৯]
– এনেধৰণৰ উদাহৰণৰ পৰা গল্পটোত প্ৰতিফলিত সমাজখনত চাজিনাৰ দৰে এগৰাকী নাৰীৰ স্থিতিৰ কিছু উমান পাব পাৰি৷ গল্পটোত প্ৰতিফলন ঘটা সেই সমাজখনত কেৱল এচাম পুৰুষক সন্তুষ্ট কৰি ৰখাতেই চাজিনাৰ দৰে নাৰী চৰিত্ৰটোৰ স্থিতিৰ সীমাবদ্ধতা লক্ষ্য কৰা যায়৷

৩.০০ চাজিনা বেগমৰ চাৰিত্ৰিক বিশেষত্বঃ
(ক) বেপৰোৱা নাৰী চৰিত্ৰঃ
‘বেওৱাৰিছ লাচ’ গল্পটোৰ প্ৰধান চৰিত্ৰ চাজিনা বেগম এগৰাকী বেপৰোৱা নাৰী৷ বস্তি এলেকাত বাস কৰি গণিকা বৃত্তি অৱলম্বনেৰে জীৱন নিৰ্বাহ কৰা চাজিনাৰ ভাৱ-ভাষা, আচাৰ-আচৰণতে তাইৰ বেপৰোৱা প্ৰকাংশভংগী পৰিস্ফুট৷ গল্পকাৰে চৰিত্ৰটোৰ মুখত ব্যৱহাৰ কৰা ভাষাই চাজিনা চৰিত্ৰটোক পাঠকৰ ওচৰত জীৱন্ত কৰি তুলিছে৷ উদাহৰণস্বৰূপে, ‘কি ঐ চাজিনা, পৈয়েৰক বিচাৰি পালি নেকি’ বুলি সোধা কাৰোবাৰ প্ৰশ্নত তাই উত্তৰ দিছে–
‘মেখেলাৰ কোব খোৱাহঁত, মাৰক কগৈ যা পৈয়েকক বিচাৰি উলিয়াব, কোনেনো তোক তুলিলে৷ মোৰ লগত লাগি ল’লে ভাল নহ’ব৷’ [পৃঃ ২৯১]
বাহিৰত কালৈকো সমীহ নকৰা এগৰাকী বেপৰোৱা নাৰীৰ আৱৰণ পিন্ধি ল’লেও ভিতৰৰ চাজিনাজনীৰ সহজাত মানৱীয় অনুকম্পা, অনুভৱ-অনুভূতিবোৰ হ’লে হেৰাই যোৱা নাছিল৷ সেয়ে, শটোৰ কাষত থিয় হৈ মতিৰ কথা বেয়াকৈ ভাবিবলৈ লৈয়ো পিছ মুহূৰ্ততে মৰা মানুহৰ কথা তেনেকৈ ভবা অনুচিত বুলি তাই নিজক সম্বৰণ কৰিছে৷
‘চালা এটা বজ্জাত হাৰামজাদা আছিল৷…. তথাপি মৰা মানুহক গালি পাৰি চাজিনাৰ অলপ ভয়, অলপ বেয়া লাগিল৷ মৰা মানুহটোৱেও শুনি পাওক তেনে ভাবেৰে জোৰ গলেৰে চাজিনাই ক’লে– হ’লেও বেচেৰাই এনেকৈ বাটত মৰিব লাগেনে?’ (পৃঃ ৩০২)
মৰা মানুহৰ প্ৰতি থকা মানুহৰ স্বাভাৱিক ভয়-সংশয়ৰ বাবেই চাজিনাই মতিৰ মৃতদেহটো স্পৰ্শ কৰিব খুজিও হাত আঁতৰাই আনিছে–
‘‘মতিৰ চকুৰ মণিটোৰ ওপৰেৰে পৰুৱা এটা বগাই গ’ল৷ নিমিষ নকঢ়া চকুটো দেখি চাজিনাৰ গাটো সিৰসিৰাই উঠিল৷ পৰুৱাটো খেদাই দিওঁ বুলিও নোৱাৰিলে৷ আকৌ গৈ নিমজোপাৰ তলত বহিল৷’ (পৃঃ ২৯৮)

(খ) সৰলতাঃ
সৰলতা চাজিনা বেগম চৰিত্ৰটোৰ আন এক বিশেষত্ব৷ এটা সৰল মনৰ অধিকাৰী চাজিনাই আনকো সহজতে বিশ্বাসত লোৱাৰ বাবে জীৱনৰ প্ৰতিটো খোজতে নানা সংঘাতৰ সন্মুখীন হৈছে৷ সহজ-সৰল চাজিনাই হিন্দু ল’ৰা মতিৰ প্ৰতি গঢ়ি উঠা প্ৰেম আৰু বিশ্বাসৰ বাবে ঘৰৰ প্ৰত্যাহ্বানকো নেওচি তাৰ সৈতে পলাই আহিছিল৷ কিন্তু, তাৰ পিছদিনাই মতিৰ পৰা চৰ, গোৰ খাবলগীয়া হোৱাত তাই আন সাধাৰণ নাৰীৰ দৰে বিচলিত হৈ পৰা নাই৷ বৰঞ্চ, তাই ভাবিছিল–
‘আব্বাজানেও হেনো ডেকা কালত মাকক এনেকৈয়ে মাৰ-ধৰ কৰিছিল৷’ (পৃঃ২৯৫)
পিছদিনা যেতিয়া মতিয়ে নিজৰ ভুলৰ বাবে ক্ষমা খুজি কাণত ধৰিব খুজিছিল, তেতিয়া পূৰ্বৰ সকলো কথা পাহৰি আদৰ্শ নাৰীসুলভ সৰলতাৰে তাই মতিক সেই কাৰ্যৰ পৰা বাৰণ কৰিছিল৷ চাজিনা বেগমৰ তেনে সৰলতাৰ সুযোগ গ্ৰহণ কৰিয়েই দাৰোগাই মতিৰ মৃতদেহটো হস্পিতালত বিক্ৰী কৰি দিয়াৰ অবান্তৰ কথা কৈ তাইক জব্দ কৰিব পাৰিছে৷ গল্পটোত চাজিনাৰ অজ্ঞতা আৰু সৰলতা সাৰ্থক প্ৰকাশ ঘটিছে এনেদৰে–
‘‘চাজিনা বেগমৰ মনত খেলালে, নিশ্চয় এই টকাৰ কথাই ৰাতি সপোনত বাবুৱাই কৈছিল৷ দশৰথে মাজে মাজে একো নাজানো বুলি কৈছিল যদিও চাজিনা বেগমে ওৰে বাটে সুধি গ’ল– হস্পিতালত কিমান টকা দিয়ে? লগে লগে দিয়ে নে পিছত গৈ আনিব লাগে? ডাক্তৰক কিবা দিব লাগিব নেকি? দুৱলা মানুহ আৰু শকত মানুহৰ লাচৰ বাবে একে পইচাই দিয়ে নেকি?”(পৃঃ৩০৪)

(গ) নাৰী মনস্তত্বৰ জটিলতাঃ
চাজিনা বেগমৰ চৰিত্ৰটোৰ কোনো কোনো অংশত নাৰী মনস্তত্বৰ জটিলতা আৰোপ কৰা বুলি অনুমান কৰিব পাৰি৷ উদাহৰণ স্বৰূপে, নিজৰ সাঁচতীয়া ধন ভাঙি নিজে মুছলমান হোৱাৰ পিছতো হিন্দু ৰীতি মতে মতিৰ সৎকাৰৰ বিষয়ে চিন্তা কৰা চাজিনাই দাৰোগাৰ এষাৰ কথা শুনা মাত্ৰকে নিজৰ সকলো বিচাৰ-বিবেচনা পাহৰি পেলাইছে৷ মতিৰ মৃতদেহ সৎকাৰৰ সলনি তাক বিক্ৰী কৰি টকা ঘটাৰ আশাই ক্ষণিকৰ বাবে হ’লেও তাইক লালায়িত কৰিছে৷ এইখিনিতে গল্পকাৰে চাজিনাৰ জৰিয়তে নাৰী মনস্বত্বৰ এটি জটিল দিশৰ উন্মোচন কৰিছে৷ নাৰী মনস্তত্বৰ এই দুৰ্বোধ্য সাঁথৰৰ বাবেই চাজিনাই এবাৰ মতিৰ বিষয়ে বেয়াকৈ ভাবিছে, পিছ মুহূৰ্ততে সেয়া অনুচিত বুলি তাই অনুশোচনা কৰিছে৷ মতিৰ স’তে হোৱা প্ৰথম প্ৰেমক অস্বীকাৰ নকৰি এবাৰ হিন্দু নিয়ম মতে তাৰ যথাৰীতি সৎকাৰৰ কথা ভাবিছে, আকৌ দাৰোগাৰ সামান্য ফুচুলনিতে ভোল গৈ সেই মৃতদেহকে বিক্ৰী কৰি ধন ঘটাৰ জল্পনা-কল্পনা কৰিছে৷ নাৰী মনস্তত্বৰ দুৰ্বোধ্যতা চজিনাৰ এনেবোৰ চাৰিত্ৰিক দিশৰ জৰিয়তে ফুটি উঠিছে৷

(ঘ) অন্যান্য নাৰীসুলভ বিশেষত্বঃ
‘বেওৱাৰিছ লাচ’ গল্পৰ চাজিনা বেগম এগৰাকী গণিকা হোৱা সত্বেও চাজিনাৰ চৰিত্ৰত নাৰীসুলভ কেতবোৰ বিশেষ গুণ প্ৰকাশ নোহোৱাকৈ থকা নাই৷ পৰিস্থিতিত পৰি গণিকা বৃত্তি অৱলম্বন কৰিব লগা হ’লেও সহজাত মানৱীয় আবেদন আৰু গুণবোৰ তাই এৰিব পৰা নাই৷ সমাজৰ দৃষ্টিত তাইৰ দৰে গণিকাসকল ঘৃণিতা, অৱহেলিতা হ’লেও প্ৰকৃততে জন্মতে কোনেও তেনে এক পৰিচয় লৈ নাহে৷ চাজিনাও ইয়াৰ ব্যতিক্ৰম নাছিল৷ সেয়ে, এসময়ত আন সাধাৰণ ছোৱালীৰ দৰেই নাৰীসুলভ লাজ-সংকোচেকে আৱৰি ৰাখিছিল চাজিনাক৷ মতি ড্ৰাইভাৰে চাজিনাৰ বাবে অচিনাকি হৈ থাকোতে সি ফটা গামোচা পিন্ধা দেখি ভনীয়েকৰ সৈতে মনে মনে জুমি চাই চাজিনাই মুখত সোপা দি হাঁহিছিল৷ সেই মতিলৈকে পিছত বিয়া হৈ আহোঁতে সেয়ে তাই দুখন গামোচা লৈ আহিছিল৷ মতিয়ে গামোচা অনাৰ কাৰণ জানিব বিচৰাত তাই একো ক’ব পৰা নাছিল৷ কাৰণ, তাই ভাবিছিল–
‘অচিন মতা মানুহ এটাই গা ধোৱাৰ সময়ত তাই জুমি জুমি চোৱা বুলি জানিলে বা মতিয়ে কি ভাবিলে হয়?'(পৃঃ২৯৪)
যিজনী চাজিনাৰ বাবে ‘হাফ গুৱাহাটী’ পাগল হৈ থাকে, সেইজনী চাজিনাই এসময়ত বিয়াৰ পিছত মতিৰ বাহিৰে আন পুৰুষৰ কথা ভবাটোও পাপ বুলি গণ্য কৰিছিল৷ এদিন মতিয়ে কথা প্ৰসংগত ফুলমোতিয়াৰ গ্ৰাহকবোৰে ‘তহঁতৰ দৰে মাইকীৰ ওপৰত চকু দিলেহে হ’ব’ বুলি ধেমালিতে কওঁতে চাজিনাই হাতেৰে তাৰ মুখখন বন্ধ কৰি দিছিল৷ মতি নাথাকিলেও তাই মতিৰ বন্ধুবোৰক ঘৰত সোমাব দিয়া দূৰৰ কথা, মাত এষাৰো নিদিছিল৷ এনেবোৰ দিশে চাজিনাৰ চৰিত্ৰত থকা আদৰ্শ পতিব্ৰতা নাৰীৰ গুণৰ উমান দিয়ে৷
সাজ-পোচাক, আ-অলংকাৰৰ প্ৰতি থকা নাৰীৰ স্বাভাৱিক দুৰ্বলতাও চাজিনা বেগমৰ চৰিত্ৰত প্ৰতিফলিত হৈছে৷ মতিৰ মৃতদেহৰ কাষত ৰৈ অতীতৰ দিনবোৰৰ সোঁৱৰণ কৰোঁতে চাজিনাৰ মনলৈ আহিছে মতিয়ে দিয়া পাউডাৰ, ব্লাউজ আদিৰ লগতে ক’লাত গুণাৰ কাম কৰা দামী শাৰীখন আৰু সোণৰ আঙুঠিটোৰ কথা৷ লগে লগে মতিৰ প্ৰতি চাজিনাৰ মনটো দুৰ্বল হৈ পৰিছে আৰু নীৰৱে তাই শাৰীৰ আঁচলেৰে চকুপানী টুকিছে৷ গণিকাৰ দৰে বৃত্তিত জড়িত হৈও চাজিনাই কোনেও নজনাকে ডাকঘৰত তিনি হাজাৰ টকা জমা কৰি ৰখাৰ পৰা নাৰীৰ সঞ্চয় স্পৃহাৰ দিশটোও প্ৰতিভাত হৈছে বুলি ক’ব পাৰি৷

(ঙ) উদাৰ মানৱীয়তাঃ
‘বেওৱাৰিছ লাচ’ গল্পৰ চাজিনা বেগম চৰিত্ৰটোৰ সকলোতকৈ উল্লেখনীয় বিশেষত্ব হ’ল তাইৰ উদাৰ মানৱীয় গুণ৷ পৰিস্থিতিৰ দাসত পৰি গণিকা বৃত্তি অৱলম্বন কৰিলেও মানৱীয়ত্বক তাই এৰিব পৰা নাই৷ সেয়ে, একালত তাইক চৰম বিশ্বাসঘাতকতা কৰাৰ পিছতো মতিৰ মৃতদেহটোৰ কাষৰ পৰা সমাজৰ এচাম সুবিধাবাদীৰ দৰে পলায়ন নকৰি অকলেই মতিৰ শ’টোৰ কাষত ৰখীয়া হৈ আছে৷ সমাজৰ অতি নিম্ন শ্ৰেণীৰ লোক হ’লেও চাজিনা ধৰ্মীয় গোড়ামি আৰু সংকীৰ্ণতাৰ পৰা কিন্তু মুক্ত আছিল৷ নিজে মুছলমান যদিও বিনাদ্বিধাই হিন্দু ল’ৰা মতিলৈ তাই পলাই আহিছে৷ মতিক নিকাহৰ বাবেও তাই কোনো ধৰণৰ জোৰ দিয়া নাই৷ বৰঞ্চ, এই বিষয়ে তাইৰ চিন্তাধাৰা আছিল এনে ধৰণৰ–
‘‘মতিক যদি নেলাগে তাইকো নেলাগে৷ দিলৰ মিলটোহে আচল৷”
আকৌ, মতিৰ মৰাশটোক নিজৰ সাঁচতীয়া পইচা ভাঙি হিন্দু নিয়ম মতে তাই সৎকাৰৰ কথা ভাবিছে৷ মতিৰ মৃতদেহটো হস্পিতাললৈ নিয়াৰ পিছত পেলাই শিয়াল-কুকুৰৰ ভক্ষণ হোৱাৰ আশংকাত চাজিনাই হাহাকাৰ কৰি উঠিছে–
‘‘কোনেও নাজানে, তাই ডাকঘৰতো টকা তিনি হাজাৰ জমা কৰিছে৷
কিমান যাব আৰু হিন্দুতে পুৰিলে, তিনিশ, পাঁচশ· যিমান যায় যাওক৷” (পৃঃ৩০৩)
এই উদাৰ মানৱীয় গুণৰ বাবেই গল্পটোত চাজিনা বেগমৰ চৰিত্ৰটো বিশেষভাৱে উদ্ভাসিত হৈ উঠিছে৷ ৰুক্ষ মাত-কথাৰে বাহিৰত বেপৰোৱা নাৰীৰ আচৰণ কৰিলেও, এনেবোৰ দিশৰ পৰাই চাজিনা চৰিত্ৰটোৰ আভ্যন্তৰীণ জগতখন উন্মোচিত হৈ উঠিছে৷ সেয়ে, চাজিনা বেগম ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত অৱস্থান কৰা এটা উদাৰ মানৱীয় চৰিত্ৰ হৈ পৰিছে৷ এনে কাৰণতে সমগ্ৰ অসমীয়া চুটি গল্পৰ ইতিহাসত ‘বেওৱাৰিছ লাচ’ৰ চাজিনা বেগমৰ চৰিত্ৰটো এটা জীৱন্ত নাৰী চৰিত্ৰ হৈ আছে আৰু ভৱিষ্যতেও থাকিব৷

৪.০০ উপসংহাৰঃ
প্ৰণৱজ্যোতি ডেকাৰ ‘বেওৱাৰিছ লাচ’ গল্পটোত চাজিনা বেগমৰ চৰিত্ৰটোৱে পৰিস্থিতিৰ দাসত পৰি উপায়হীন হৈ গণিকা বৃত্তি গ্ৰহণ কৰিছে৷ কিন্তু, যি পৰিস্থিতিতে নহওক, এই বৃত্তি আমাৰ সমাজত কোনোপধ্যে গ্ৰহণযোগ্য নহয়৷ সেয়ে, নিজৰ দেহটোক লৈ ব্যৱসায় কৰা এই অসামাজিক কাৰ্যত জড়িত এইসকল নাৰী সমাজৰ দৃষ্টিত উপেক্ষিতা, অনাদৃতা, অসৎ চৰিত্ৰৰ নাৰী ৷ অথচ, একে কাৰ্যত জড়িত পুৰুষসকলক তেনে দৃষ্টিৰে চোৱা নাযায়৷ সেয়া অন্য এক বিচাৰ্য বিষয়৷ তৎসত্বেও, চাজিনাৰ চৰিত্ৰৰ যোগেদি গল্পকাৰে তায়ো যে সমাজৰ আন দহজনী নাৰীৰ দৰে একে হৃদয়ৰ অধিকাৰী, সেয়া প্ৰতিপন্ন কৰাৰ সাৰ্থক প্ৰয়াস কৰিছে৷ বৰঞ্চ, বহুক্ষেত্ৰত উদাৰ মানৱীয়তাৰ বাবে গল্পটোত চাজিনা বেগম অতি সাধাৰণৰ পৰা এগৰাকী অসাধাৰণ নাৰী হৈহে ধৰা দিছে৷ গল্পটোৰ দৰে বাস্তৱ সমাজতো এনে বহু চাজিনা বেগমক বিচাৰি পোৱা যাব৷ সেইসকল নাৰীয়ে কেৱল পুৰুষৰ ভোগৰ সামগ্ৰী হোৱাৰ পৰা নিজকে মুক্ত কৰি এদিন সম্পূৰ্ণ মানুহ হিচাপে সমাজত উচ্চ শিৰে জীয়াই থাকিব বুলি আশা কৰিব পাৰে৷
শেষত ক’ব পাৰি, ‘বেওৱাৰিছ লাচ’ গল্পৰ চাজিনা বেগম গল্পৰ প্ৰণৱজ্যোতি ডেকাৰ এক সাৰ্থক সৃষ্টি৷ নিশ্চিতভাৱে এনে চৰিত্ৰৰ সৃষ্টিয়ে অসমীয়া চুটি গল্পৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰাত অৰিহণা যোগাইছে৷

গ্ৰন্থপঞ্জী
মুখ্য উৎসঃ

শইকীয়া, নগেন [সম্পা.]– অসমীয়া গল্প কৌমুদী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ
বনলতা প্ৰকাশ, প্ৰথম প্ৰকাশ-২০০০ চন

গৌণ উৎসঃ
গগৈ, লীলা [সম্পাদিত] – ‘আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়’
প্ৰকাশকঃ বনলতা, প্ৰথম প্ৰকাশ,২০০০
বৰুৱা, প্ৰহলাদ কুামৰ– ‘অসমীয়া চুটিগল্পৰ অধ্যয়ন’,
প্ৰকাশকঃবনলতা, প্ৰথম প্ৰকাশ৷
মহন্ত, লক্ষ্মীকান্ত– ‘অসমীয়া সাহিত্য অধ্যয়ন’
প্ৰকাশকঃ বনলতা, দ্বিতীয় প্ৰকাশ–২০০৩
শইকীয়া, পল্লৱী– ‘সাহিত্যৰ ৰূপছায়া’,
বনলতা প্ৰকাশ, দ্বিতীয় প্ৰকাশ– ২০০০ চন

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!