চুটি গল্প আৰু বেজবৰুৱাৰ 'পাটমুগী' (প্ৰাণজ্যোতি নাথ)

‘It is natural for men to tell tales, and I suppose the short story was created in the night of time when the hunter to beguile the leisure of his fellows when they had eaten and drunk their fill, narrated by the cavern fire some fantastic incident he heard of. ‘

Somerset Maugham
Point of view (The short story)

কাহিনী কোৱাৰ আৰু শুনাৰ হেঁপাহতেই বোধহয় আৰম্ভ হৈছিল চুটিগল্পৰ। কিছু অলৌকিক কাহিনীৰে এখন ৰহস্যময়, আজৱ দুনিয়াৰ সপোন ৰচিছিল সাধুকথাই আৰু এই সাধুবোৰ যেতিয়া জীৱনমুখী হ’ল; সাধাৰণ মানুহৰ জীৱনৰ কিছু অনুচ্চাৰিত ভাৱ-অনুভূতি, দুখ-শোক বা প্ৰাপ্তিৰ হাৱিয়াসক  অথবা সচৰাচৰ ঘটি থকা  ঘটনাৱলীক অতুলনীয় ৰূপত এটা কাহিনীৰ অৱলম্বনত লিখিত ৰূপত সাহিত্যৰ ভাগ হিচাপে ধৰি ৰখাৰ শুভ প্ৰচেষ্টাতে সাধুবোৰ সাধু গুচি বাস্তৱিক গল্প হৈ পৰিল। পৰিৱৰ্তিত পৰিৱেশত সচৰাচৰ দেখি থকা বিষয়-বস্তুক আধাৰ হিচাপে লৈ সাধাৰণ প্লটত, সাধাৰণ চৰিত্ৰই জীৱনক যি অসাধাৰণ কাব্যিকতা প্ৰদান কৰিলে, তাকে তুলি ধৰাৰ কুচ-কাৱাজ চলিল সাহিত্যৰ ন ভাগ– চুটিগল্পত। কুৰি শতিকাত পৃথিৱীৰ  প্ৰায়বোৰ সাহিত্যতে চুটিগল্পই ভূমুকি মাৰিলে আৰু সাহিত্যৰ অপৰিহাৰ্য  অংগ হিচাপে চুটিগল্প খুঁটি পুতি বহিল। এডগাৰ এলেন পো, মোপাছাঁ, চেকভ, হেনৰী জেমছ, টুৰ্গেনিভ, অ’ হেনৰীৰ দৰে যুগজয়ী স্ৰষ্টাই নিপুনতাৰে পাশ্চাত্যৰ চুটিগল্পৰ ভঁৰাল টনকিয়াল কৰাৰ পাছতেই ভাৰতত ‘ভিখাৰিনী’ গল্পৰে সাহিত্যৰ নোবেল জয়ী ৰবীন্দ্ৰনাথে আৰম্ভ কৰিলে চুটিগল্পৰ জয়যাত্ৰা। ৰবীন্দ্ৰনাথ সহিতে বাংলা সাহিত্যলৈ চুটিগল্পৰ অৱদান আগবঢ়োৱা আন উল্লেখযোগ্য গল্পলেখক সকল হ’ল; স্বৰ্ণকুমাৰী দেৱী, নগেন্দ্ৰনাথ গুপ্ত, ত্ৰৈলোক্যনাথ মুখোপাধ্যায়, প্ৰভাত কুমাৰ মুখোপাধ্যায় আদি।

চন্দ্ৰকুমাৰ আৰু হেমচন্দ্ৰৰে লগ লাগি কলিকতাত “অঃ ভাঃ উঃ সাঃ সঃ” আৰম্ভ কৰা  সাহিত্যৰথী লক্ষ্মীনাথ  বেজবৰুৱা অসমীয়া ভাষাৰ চুটিগল্পৰ পিতৃস্বৰূপ। সাহিত্যৰ প্ৰতিটো ভাগতে সোন-সেৰুৱা লিখনীৰে অৱদান আগবঢ়োৱা ৰসৰাজৰ  ‘জোনাকী’ৰ পাতত ছপা হোৱা ‘সেউতী’ গল্পটোৱেই হ’ল প্ৰথম অসমীয়া চুটিগল্প।  বেজবৰুৱাৰ জীৱিত কালত তেখেতৰ  তিনিখন গল্প পুথি প্ৰকাশ হৈছিল। পুথিকেইখন হ’ল ক্ৰমে ‘সুৰভি’ (১৯০৯), ‘সাধুকথাৰ কুঁকি’ (১৯১০) আৰু  ‘জোনবিৰি’ (১৯১৩)। ইয়াৰে ‘সুৰভি’ত বেজবৰুৱাৰ বাৰটা, ‘সাধুকথাৰ কুকি’ত  ছাব্বিশটা আৰু ‘জোনবিৰি’ত ষোল্লটা গল্প সন্নিবিষ্ট হৈছে বুলি হৃদয়ানন্দ গগৈয়ে সম্পাদনা কৰা ‘লক্ষ্মীনাথ বেজবৰুৱাৰৰ গল্প সমগ্ৰ’ নামৰ পুথিখনত পোৱা যায়। ইয়াৰ উপৰি উক্ত লেখকৰে সম্পাদনাত বেজবৰুৱাৰ ‘কেঁহোকলি’ নামৰ চতুৰ্থখন গল্পপুথি  প্ৰকাশ হৈছে বুলিও পোৱা হৈছে। পুথিখন প্ৰকাশৰ সপক্ষে যুক্তি দি গগৈয়ে ‘লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ’ৰ ভূমিকাত লিখিছে যে তিনিখন গল্প সংকলনৰ পাছতো বেজবৰুৱাৰ বহু সংখ্যক গল্প সংকলিত নোহোৱাকৈ থাকি যায়; “অতুল চন্দ্ৰ হাজৰিকাই এই গল্পবোৰক ‘কেঁহোকলি’ নামৰ গল্পটোৰ আধাৰতে  এখন নতুন কিতাপ কৰিব পাৰি বুলি  ‘বেজবৰুৱা গ্ৰন্থাৱলী’ত (১৯৬৮)  মন্তব্য কৰিছে।”

বেজবৰুৱাৰ গল্পত অসমীয়া চহা জীৱনৰ হোজা ৰূপ প্ৰকাশ পাইছে। ব্ৰিটিছৰ শাসনকালত কানিৰ নিচাই অসমত বিভীষিকাৰ সৃষ্টি কৰোঁতে শ্লেষপূৰ্ণ ব্যংগ লেখাৰে সৰ্বসাধাৰণৰ মাজত সজাগতা অনা  লেখকজন আছিল লক্ষ্মীনাথ বেজবৰুৱা। সেইসময়ৰ ঘটনাপ্ৰৱাহক সাহিত্যৰ মাজেৰে জীয়াই ৰাখি সমাজৰ সৰ্বাংগীন উন্নতি সাধনেৰে এটা শক্তিশালী ন-অসমীয়া জাতি গঢ়াৰ সপোন দেখিছিল ৰসৰাজে। বেজবৰুৱাৰ গল্পবোৰ আছিল তেখেতৰ আধুনিক মনৰ পৰিচায়ক। সমাজৰ প্ৰতি সচেতনতাৰ সৃষ্টি কৰায়েই আছিল গল্পৰ মূখ্য উদ্দশ্য। আত্মশুদ্ধি আৰু সমাজশুদ্ধিৰ মাজেৰে সমাজত প্ৰচলিত ভণ্ডামিৰ স্বৰূপ উদঙাই দেখুৱাৰ পণহে যেন লৈ থৈছিল বেজবৰুৱাই। অসমীয়া গ্ৰাম্য জীৱনৰ সৰল ছবি এখন অঁকা হৈছিল যদিও বেজবৰুৱাৰ গল্পৰ চৰিত্ৰবোৰ আছিল মুক্তিকামী। সেইসময়ৰ অসমীয়া মানুহৰ জীৱন-যাপন প্ৰণালী, প্ৰচলিত নিয়ম-নীতি আদি সৰল, সবল, প্ৰাঞ্জল ভাষাত গল্পবোৰত বৰ্ণিত হৈছে। অন্ধবিশ্বাস আৰু উঁয়ে ধৰা সংস্কৃতিৰ কলুষ-কালিমা ধুই স্বচ্ছ সমাজ এখন প্ৰতিষ্ঠাত বেজবৰুৱাই জোৰ দিছিল। ‘ভদৰী’, ‘মুক্তি’, ‘ভোকেন্দ্ৰ বৰুৱা’ আদি লক্ষ্মীনাথ বেজবৰুৱা ওৰফে কৃপাবৰ বৰবৰুৱাৰ কেইটিমান শ্ৰেষ্ঠ গল্প। সূক্ষ্ম পৰ্যবেক্ষণ আৰু বিশ্লেষণেৰে তেওঁ প্ৰতিটো চৰিত্ৰকে নতুনত্ব প্ৰদান কৰিছে। সৰল হৈয়ো বেজবৰুৱাৰ প্ৰতিটো গল্প তাৎপৰ্যপূৰ্ণ। ইংগীতধৰ্মী কথনশৈলীৰে বেজবৰুৱাৰ গল্পসমূহ বিন্দুৰ বুকুত সিন্ধুৰ দৰে। সাৱলীল ভাষাৰে লিখা গল্পসমূহত প্ৰতীকি ভাৱ সুস্পষ্ট। সাধাৰণ ব্যাখ্যাতে আৱদ্ধ নহৈ কিছু ওপৰলৈ গৈ লেখকৰ মনৰ অভিব্যক্তি গল্পত প্ৰকাশ হৈছে, যি অভিব্যক্তিয়ে পাঠকৰ মনৰ ভাৱনা-চিন্তা জাগ্ৰত কৰিছে। সেয়ে বেজবৰুৱাৰ গল্প পাঠকৰ বিচাৰ-বুদ্ধিৰ বিশ্লেষণত প্ৰকৃত জীৱনৰ অভিজ্ঞতা বুলি গৃহীত হৈছে। নেলচি হেলে কৈছিল; এটা ভাল অৰ্থপূৰ্ণ গল্প এটা গিলাচৰ দৰে, যিটো গিলাচত আঘাত কৰাৰ লগে লগে  ৰিণৰিণনি শব্দ হয়  (পৃ: ২৮-২৯, চুটি গল্প, উদয় দত্ত)। পঢ়ি উঠাৰ পাছত মনত ভাৱৰ অনুৰণন হয় বাবেই বেজবৰুৱাৰ গল্পৰ এক সুকীয়া মহত্ব আছে।

হৃদয়ানন্দ গগৈয়ে তেখেতৰ ওপৰত উল্লিখিত পুথিখনৰ ভূমিকাত কৈছে যে বেজবৰুৱাৰ গল্পৰ অন্য এটি প্ৰধান দিশ মনুষ্যত্বৰ সন্ধান আৰু উত্থান। এই সন্ধান আৰু উত্থানেৰে ‘পাটমুগী’ গল্পটো বেজবৰুৱাৰ এক অমূল্য সাহিত্যকৃতী। ড° হীৰেন  গোঁহায়ে ‘পাটমুগী’ গল্পটো শ্ৰেষ্ঠ মৌলিক গল্পৰ উদাহৰণ বুলি কৈছে।

ডবকা মৌজাৰ কুমাৰণী  ছোৱালী পাটমুগী ৰূপে ৰূপৱতী যেন সাইলাখ ‘সদৰামিনৰ ঘৰৰহে জীয়ৰী’।  আলতীবাইৰ এই সুন্দৰী কন্যাক বকতা মৌজাৰ পৰা অহা বামুণৰ ল’ৰা এটিয়ে চকু দিলে আৰু পাটমুগীৰো ল’ৰাটিত মন খালত ‘তাইতে সি চাপি ৰ’ল’। গঞা ৰাইজ আৰু মাকৰ হাক-বচন নুশুনি পাটমুগীয়ে ল’ৰাটিক পতিৰূপে বৰিলে আৰু এবছৰ কাল সুখে-সন্তোষে দাম্পত্য জীৱন অতিবাহিত কৰিলে। কিন্তু এবছৰৰ পাছত হঠাৎ এদিন বামুণৰ ল’ৰা নিৰুদ্দেশ হ’ল আৰু খা-খবৰ কৰি গম পোৱা গ’ল যে বামুণৰ ল’ৰাই উভতি গৈ পা-পৰাচিত হৈ  জাতত উঠি বামুণৰ ছোৱালী এজনী বিয়া পাতিলে। খবৰ শুনি দুখে-শোকে জৰ্জৰিত হৈ পাটমুগীয়ে তাৰ বিপক্ষে কাছাৰীত গোচৰ তৰাৰ সিদ্ধান্ত লৈ মাক আৰু ওচৰঘৰীয়া দদায়েকৰ লগত ৰংপুৰলৈ বুলি ওলাল। গৈ থকাৰ পথত খাওঁ খাওঁ গৰমত ৰ’ব নোৱাৰি বাটৰ দাঁতিৰ ঔ-টেঙা এজোপাৰ পৰা ঔ-টেঙা পাৰি তাৰে পিয়াহ গুচাবলৈ বুলি দদাই গছত উঠিল। আঢ়ৈ কুৰি বছৰীয়া দদাই তিনিটা পকা ঔ-টেঙা পাৰি গছৰ পৰা নামিবলৈ লওঁতেই তললৈ চাই ৰ’দত পকা থেকেৰা যেন হৈ পৰা পাটমুগীক দেখি ৰ’ লাগিল। কাপোৰ নিপিন্ধাৰে পৰা দেখি অহা ছোৱালীজনী আজি যেন তেওঁ ন-ৰূপত দেখিলে। গছৰ ওপৰৰ পৰাই তাইৰ ৰূপ আৰু মাতৰ মৌ পান কৰি দদাইৰ হুঁচ হেৰাল। দদাইৰ চকুত চকু থৈ তেওঁৰ অৱস্থাটো বুজিব পাৰি পাটমুগীয়ে লাহেকৈ ক’লে; “দদাই! ৰ’ লাগি কি চাইছা? নামি আহা! পিচলি পৰিবা চাবা।” মাতত সম্বিত ঘূৰাই পাই চুচৰি নামি আহোঁতে গছৰ পাত লাগি দদাইৰ বুকুৰ মাখিছাল ছিগিল। তাকে দেখি পাটমুগীয়ে মাত লগালে; “ইস! মাখিছাল ছিগি গৈছে! যাওক, ওপৰে ওপৰেহে; ভিতৰলৈ সোমাব পৰা নাই।” পাটমুগীৰ কথাত দদাই লজ্জিত হ’ল যদিও দদাইৰ ধৰা পৰি যোৱা ৰূপ চাই পাটমুগী উল্লাসিত হ’ল আৰু  শোকাতুৰা হৈ থকা ছোৱালীজনী চিটপখিলী যেন হৈ উলাহেৰে কাছাৰীলৈ বুলি খোজ ল’লে। অজানিতে পুৰুষ হৃদয় জয় কৰি নাৰী এনেদৰেই আপোনপাহৰা হয়। কিন্তু কাছাৰীত গৈ উকীল -মহৰীৰ ফিজৰ কথা শুনি ছোৱালীজনীৰ আকৌ এবাৰ পুৰুষ জাতিটোৰ ওপৰত বিশ্বাস হেৰাল। পিতৃতুল্য দদাইৰ তাইৰ প্ৰতি কামনাৰ দৃষ্টি আৰু আইন ৰক্ষক উকীলৰ সাধাৰণ মানুহক লুটাৰ দিহা নিৰেখি ছোৱালীজনী আকৌ এবাৰ পুৰুষ জাতিৰ শঠতাৰ, বঞ্চনাৰ সাক্ষী হৈ পৰিল। তাই নিজৰ অজানিতেই বামুণৰ ল’ৰাক ক্ষমা কৰি দিলে আৰু গোচৰ নতৰোঁ বুলি স্পষ্টকৈ ক’লে। তাইৰ কথাত সকলো হতভম্ব হ’ল যদিও ছোৱালীজনীয়ে ক’লে যে তাই  পুৰুষ জাতিৰ প্ৰৱঞ্চনা, নিষ্ঠুৰতা আৰু দুৰ্বলতাৰ প্ৰমাণ চাবলৈহে আহিছিল আৰু এই প্ৰমাণ তাই আগতেও পাইছিল আৰু এতিয়াও পালে। এইবুলি তাই  ঘৰলৈ ওভতিল আৰু বাটত আহোঁতে দদাইক আকৌ এবাৰ জোকাই চালে; “দদাই! আৰু এটা ঔ-টেঙা নাপাৰানে? যদিও মোৰ এইবাৰ পিয়াহ লগা নাই, তথাপি তোমাৰ কিজানি লাগিছেই।”

কিন্তু দদাইক তীৰ্যক কথা-বতৰাৰে ব্যংগ কৰা এইজনী পাটমুগী  এদিন সশৰীৰে দদাইৰ ঘৰত উপস্থিত হৈ তাইৰ কিবা দোষ হৈছে যদি তেওঁক ক্ষমা কৰিবলৈ কৈ গান্ধীৰ আৰ্দশৰে গোটেই জীৱন দেশৰ সেৱাত, দুখীয়াৰ  সেৱাত উচৰ্গিত কৰিব বুলি কৈ গুচি গ’ল। আনহাতে দদায়েও ভাৱত পিছল খাই অমাৰ্জিত ব্যৱহাৰ কৰাৰ বাবে নিজকে ককৰ্থনা কৰি সৰ্বদোষ মৰিষণৰ বাবে গোঁসাই ঘৰত ঈশ্বৰৰ ওচৰত আঁঠু ল’লে।

পাটমুগী গল্পটোৰ সমাপ্তি আশাব্যঞ্জক। গল্পটো এজনী সৰল-সহজ ছোৱালীৰ সংঘাতময় জীৱনৰ দুখৰীয়া ছবি। পুৰুষ জাতিৰ সাহত সাহ বান্ধি জীৱনৰ বাটত বাট বুলিবলৈ গৈ প্ৰতাৰিত হৈছে ছোৱালীটি। স্বামী ভাৱি যিজন পুৰুষৰ নিৰাপত্তাৰ আঁচলত মুখ লুকুৱাই সুখী হ’ব খুজিছিল প্ৰথমে সেই পুৰুষেই তাইক শোক সাগৰত ডুবাই আঁতৰি গৈছে। পিতৃতুল্য দদাইৰ দৃষ্টিত কামুকভাৱ দেখি তেওঁৰ ছত্ৰছায়াও পৰিত্যাগ কৰা ছোৱালীটিয়ে আইনৰ সুৰক্ষা বিচাৰি গৈয়ো উকীলৰূপী পুৰুষ এজনৰ দ্বাৰা প্ৰৱঞ্চিত হৈছে। কিন্তু শেষত বেজাৰ সামৰি ছোৱালীটিয়ে দেশৰ হকে নিজক উচৰ্গা কৰাৰ যি পণ লৈছে  তাত এক আশাবাদ লুকাই আছে। পাটমুগী গল্পটো মানৱীয় দোষ-গুণৰ এক সৰল চিত্ৰণ। যদিও ‘বেজবৰুৱাৰ যুগ’ৰে গল্প তথাপি সাম্প্ৰতিক সময়তো গল্পটোৱে মূল্য হেৰুওৱা নাই। আজিৰ নাৰীও পাটমুগীৰ দৰে পদে পদে প্ৰৱঞ্চিত হৈছে আধুনিক পুৰুষৰ দ্বাৰা। পাটমুগী নাৰী জাতিৰ প্ৰতিনিধি। নাৰী-পুৰুষৰ মনৰ ভিতৰত চলা কেতবোৰ বিচিত্ৰ ভাৱ গল্পটিত প্ৰতিফলিত হৈছে যি ভাৱৰ প্ৰাসঙ্গিকতা সাম্প্ৰতিক সময়তো নুই কৰিব নোৱাৰি। ইঙ্গিতধৰ্মিতা আৰু প্ৰতীকৰ ব্যৱহাৰ চুটিগল্পৰ এক প্ৰধান বৈশিষ্ট্য।  ‘দদাই ৰ’ লাগি কি চাইছা? পিচলি পৰিবা চাবা।’, ‘ইস! মাখিছাল ছিগি গৈছে! যাওক, ওপৰে ওপৰেহে।’, ‘দদাই! আৰু এটা ঔ-টেঙা নাপাৰানে? যদিও মোৰ এইবাৰ পিয়াহ লগা নাই, তথাপি তোমাৰ কিজানি লাগিছেই।’_ পাটমুগী চৰিত্ৰটিৰ মুখত এনেধৰণৰ ইঙ্গিতধৰ্মী কথা-বতৰা সোৱাদ লোৱাৰ পাছত নিশ্চয়কৈ ক’ব লাগিব  ‘পাটমুগী’ গল্পটি বেজবৰুৱাৰ সৰ্বকালৰ এটি শ্ৰেষ্ঠ চুটি গল্পৰ উদাহৰণ। গল্পটোৰ শেষত এজন ‘কৃতিক’ বন্ধুৰ দ্বাৰা সমালোচনা কৰি পাটমুগী গল্পটোত ‘পল্ট নাই, আৰ্ট নাই, বিউটী নাই’ বুলি বেজবৰুৱাই কৈছে যদিও ‘চুটি গল্প’ পুথিখনিত উদয় দত্তই উল্লেখ কৰিছে যে “প্লটৰ ভেটি হ’ল দ্বন্দ্ব বা কনফ্লিক্ট।” পাটমুগী চৰিত্ৰৰ মানসিক অন্তৰ্দ্বন্দ্ব আৰু সোতৰ বছৰীয়া জীতুল্য ছোৱালী এজনীৰ ৰূপমুগ্ধ হৈ আত্মস্খলন হোৱা দদাইৰ যি উপলব্ধিৰ অন্তৰ্দ্বন্দ্ব; সেয়া গল্পটো আগবঢ়াৰ অথবা পৰিপূৰ্ণতা লভাৰ এক সুন্দৰ ভেটি। গতিকে গল্পটোৰ প্লট সৰ্ম্পকে পাঠকৰ মনত কোনো শংকা থাকিব নালাগে। সুন্দৰ প্লটেৰে, ইংগিতময় বৈশিষ্টৰে, সৰল চৰিত্ৰৰ মানবীয় আৱেদনৰে, প্ৰাঞ্জল ভাষাৰ বৰ্ণনাৰে গল্পটিৰ যি ৰূপ সুষমা, সেয়াই এক কথাত ‘পাটমুগী’ গল্পটিৰ আৰ্ট বা বিউটি। গতিকে কৃতিক বন্ধু হৈ নিজে উত্থাপন কৰা প্ৰশ্ন বেজবৰুৱাই নিজেই খণ্ডন কৰিছে। যদিও গল্পটোত মানবীয় দোষসমূহৰ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ কৰা হৈছে, শেষত পাটমুগী আৰু দদাই দুয়োটা চৰিত্ৰকে আত্মবিশ্লেষণেৰে, আত্মউপলব্ধিৰে উচ্চস্তৰলৈ লৈ যোৱা হৈছে, য’ত মানবীয় প্ৰমূল্যবোধৰ উত্তৰণ ঘটিছে। গাঁৱৰ পটভূমিত ৰচিত হ’লেও লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ অন্যান্য গল্পবোৰৰ দৰেই ‘পাটমুগী’ গল্পটোৰে আধুনিক অসমীয়া গল্পক এক সুদৃঢ় ভেটিত বান্ধিলে।

প্ৰসঙ্গ পুথি : ১) চুটি গল্প ; উদয় দত্ত
২) লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ ; সম্পাদনা : হৃদয়ানন্দ গগৈ

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ParthaPB
5 years ago

Hundor bislekhan. Dhanyabad janaisu.
Hahitya.org r ai praseshtha i bahul prakhar labh karok. Ata katha anguliabo khujilu aikhinitrle,fb login r thuredi comment post kara r feature tu kaam kara nai hoitu. Developer r team a usit byostha lole Pathak brindoi monor bhab binimoi r hundor hujug pabo.

1 year ago

প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক