শ্ৰদ্ধাঞ্জলি সংকলন (৩) (-প্ৰীতিলতা ওয়াদ্দেদাৰ )

 

আপোনালোক সকলোৱে পটাচিয়াম চায়নাইড ( Potassium Cyanide) ৰ নাম নিশ্চয় শুনিছে৷ এইবিধ বৰবিহ জিভাত লগাৰ লগে লগে মৃত্যু নিশ্চিত৷ সেয়ে এইবিধ পদাৰ্থ নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য, চোৰাং কাৰবাৰী আদিৰ মাজত আত্মহত্যাৰ এক বিস্বস্ত আহিলা হিচাপে সদায় সমাদৰ লাভ কৰি আহিছে৷

Preetilota Wadeddar_Biplob Bora
আপোনালোকে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি বৃটিছৰ হাতত ধৰা নপৰিবৰ বাবে পটাছিয়াম চায়নাইড সেৱন কৰি আত্মবলিদান দিয়া প্ৰথম গৰাকী ভাৰতীয় সশস্ত্ৰ মুক্তি সংগ্ৰামীৰ নাম জানেনে? এই প্ৰশ্নৰ উত্তৰ বৰ জটিল৷ বিশেষকৈ বৃটিছ চৰকাৰৰ দ্বাৰা ’পলাতক বিদ্ৰোহী’/’পলাতক আতংকবাদী’ঘোষিত হৈ বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলোৱা বিদ্ৰোহীসকলৰ কাৰ্য্যকলাপবোৰ ইমানেই গোপনে সংঘটিত হৈছিল যে বৃটিছ পুলিছৰ ৰেকৰ্ডত সন্নিবিষ্ট নহলে সৰহসংখ্যক বিদ্ৰোহীৰে কাৰ্যসূচীৰে কোনো সমসাময়িক লিখিত তথ্যসূত্ৰ পৰৱৰ্তী কালত পাবলৈ যথেষ্ট কঠিন আছিল৷ তথাপি যিমানখিনি তথ্য পোৱা যায়, তাৰ ভিত্তিত প্ৰায়েই ধৰি লোৱা হয়, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত পটাছিয়াম চায়নাইড সেৱন কৰি আত্ম বলিদান দিয়া প্ৰথম গৰাকী মহিলা মুক্তিসংগ্ৰামী আছিল প্ৰীতিলতা ওয়াদ্দেদাৰ৷
তেন্তে কোন এই প্ৰীতিলতা ওয়াদ্দেদাৰ? কি পৰিস্থিতিত তেখেত পটাছিয়াম চায়নাইদ সেৱন কৰিব লগা হৈছিল? আহক, ইতিহাসৰ ধূলি লগা পৃষ্ঠাবোৰ লুটিয়াই পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ জীৱনত এভুমুকি মৰাৰ এক প্ৰয়াস কৰা যাওঁক৷
অন্তৰ্মুখী, স্বল্পভাষী আৰু লাজকুৰীয়া স্বভাৱৰ এই গৰাকী বীৰাংগনাৰ জন্ম হৈছিল ১৯১১ চনৰ ৫ মে তাৰিখে চট্টগ্ৰাম জিলাৰ পটিয়া উপজিলাৰ ধলঘাট নামে গাওঁখনত ( বৰ্তমান বাংলাদেশত)৷ পিতৃ জগবন্ধু ওয়াদ্দেদাৰ আছিল চট্টগ্ৰাম পৌৰসভাৰ কাৰ্যালয়ৰ এগৰাকী কেৰাণী আৰু মাতৃ প্ৰতিভাময়ী ওয়াদ্দেদাৰ আছিল এগৰাকী গৃহিনী৷
১৯১৮ চনত প্ৰীতিলতাই চট্টগ্ৰামৰ ডাঃ খাস্তগীৰ চৰকাৰী বালিকা বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে৷ মেধাবী প্ৰীতিলতাই প্ৰতিটো শ্ৰেণীতেই প্ৰথম বা দ্বিতীয় স্থান লৈ উত্তীৰ্ণ হৈছিল আৰু ১৯২৬ চনত অষ্টম শ্ৰেণীত চৰকাৰী ছাত্ৰবৃত্তি লাভ কৰিছিল৷ ১৯২৮ চনত প্ৰীতিলতাই প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি ঢাকাৰ ইডেন কলেজত নামভৰ্তি কৰে আৰু ১৯৩০ চনত ইডেন কলেজৰ পৰা আই. এ. পৰীক্ষাত অৱতীৰ্ণ হৈ সকলো ছাত্ৰীৰ ভিতৰত প্ৰথম আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ ভিতৰত পঞ্চম স্থান লৈ উত্তীৰ্ণ হয়৷ পাছত প্ৰীতিলতাই ১৯৩২ চনত কলিকতাৰ বেথুন (Bethune) কলেজৰ পৰা ডিষ্টিংচনসহ দৰ্শন শাস্ত্ৰত বি.এ. পাছ কৰে৷ আৰু তাৰ পিছত তেখেতে চট্টগ্ৰামৰ নন্দনকানন অপৰ্ণাচৰণ বিদ্যালয়ৰ ( মাধ্যম ইংৰাজী ) প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷
এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, ইমান সুন্দৰকৈ চলি থকা এটা নিৰাপদ জীৱন ত্যাগ কৰি প্ৰীতিলতাই বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱৰ দৰে কণ্টকময় পথ বাচি ল’লে কিয়? কল্পনা দত্তই ( এগৰাকী প্ৰথিতযশা সশস্ত্ৰ সংগ্ৰামী আৰু প্ৰীতিলতাৰ বিদ্যালয়ৰ অগ্ৰজ বান্ধৱী ) তেখেতৰ আত্মজীৱনিত ( চট্টগ্ৰাম অস্ত্ৰাগাৰ আক্ৰমণকাৰীদেৰ স্মৃতিকথা, যিখন পুথি পাছলৈ Chittagong Armoury Raiders: Reminiscences নামেৰে ইংৰাজী ভাষাতো প্ৰকাশিত হয় ) লিখা মতে, তেখেতসকল ছাত্ৰী অৱস্থাত ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাঈৰ বীৰত্বৰ কাহিনী শুনি বৰকৈ ৰোমাঞ্চিত হৈছিল আৰু নিজেও তেনে বীৰাংগনা হবলৈ বিচাৰিছিল৷ প্ৰীতিলতায়ো ইয়াৰ ব্যতিক্ৰম নাছিল৷
প্ৰীতিলতা ঢাকাত পঢ়ি থকা কালত ’শ্ৰীসংঘ’নামে এক বিপ্লৱী সংগঠন সক্ৰিয় হৈ আছিল৷ এই সংগঠনৰ ’দীপালী সংঘ’নামে এটা মহিলা শাখা আছিল ( নেত্ৰী: লীলা নাগ ) যাৰ মূখ্য কাম আছিল নাৰী শিক্ষাৰ প্ৰসাৰ৷ আৰু এওঁলোকে মহিলাসকলক স্বাধীনতা সংগ্ৰামৰ জৰিত কৰিবলৈ গোপনে চেষ্টা চলাইছিল৷ ইডেন কলেজত পঢ়ি থকা কালতে প্ৰীতিলতা এই সংগঠনৰ লগত জৰিত হৈ পৰে৷ তেতিয়াৰে পৰা প্ৰীতিলতাই ’মাষ্টাৰ দা’ৰ সতীৰ্থ হিচাপে কাম কৰাৰ সপোন দেখিবলৈ লয়৷

( এইখিনিতে ’মাষ্টাৰ দা’ৰ বিষয়ে দুআষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ মাষ্টাৰ দা অৰ্থাৎ সূৰ্য্য সেন৷ জাতীয় কংগ্ৰেছ নেতৃত্বাধীন অসহযোগ আন্দোলন (১৯২০-২২)ৰ সময়ত বিপ্লৱৰ পথত ওলাই অহা সূৰ্য্য সেনে এই আন্দোলনৰ সমাপ্তিৰ পিছত চট্টগ্ৰামৰ এখন স্বদেশী বিদ্যালয়ত শিক্ষকতা কৰে আৰু তেতিয়াৰে পৰা ’মাষ্টাৰ দা’নামেৰে পৰিচিত হবলৈ লয়৷ শিক্ষকতাৰ সমান্তৰালভাৱে চলাই যোৱা বিপ্লৱী কামকাজৰ বাবে তেখেত ১৯২৬ পৰা ১৯২৮ লৈ দুবছৰ কাৰাবন্দী হৈ থাকে যদিও মুক্তিলাভ কৰাৰ পিছত চট্টগ্ৰামত সশস্ত্ৰ বিপ্লৱৰ আগৰণুৱা হৈ পৰে আৰু বিভিন্ন কূটাঘাটমূলক কাৰ্য্য সম্পাদন কৰে য’ত চট্টগ্ৰামৰ চৰকাৰী অস্ত্ৰাগাৰ লুটপাত আৰু চট্টগ্ৰামত সাময়িক ভাৱে Provisional Revolutionary Government স্থাপনৰ দৰে সাহস আৰু দেশপ্ৰেমৰ বিৰল কৃতিত্বয়ো অন্যতম৷ ১৯৩৩ ৰ ১৬ ফেব্ৰুৱাৰীত তেখেত বৃটিছৰ হাতত কৰায়ত্ব হয় আৰু পাছৰ বছৰ ১২ জানুৱাৰীত তেখেতক ফাঁচিকাঠত তোলা হয়৷ ব্যক্তিগতভাৱে এই লেখকৰ অনুভৱ, ১৯২০ ৰ দশকৰ শেষৰ বছৰ কেইটাৰ পৰা পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ আদিত ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ নেতৃত্বাধীন সশস্ত্ৰ বিপ্লৱীসকল যিদৰে বৃটিছ চৰকাৰৰ বাবে মুৰৰ কামোৰণি হৈ উঠিছিল, সমসাময়িকভাৱে চট্টগ্ৰাম আৰু ইয়াৰ সমীপবৰ্তী অঞ্চলসমূহত বৃটিছৰ বাবে হয়তো তাতোকৈ বহু বেছি মূৰৰ কামোৰণি আছিল মাষ্টাৰ দা আৰু তেখেতৰ নেতৃত্বাধীন বিপ্লৱীসকল৷ কিন্তু তেখেতৰ মূল কৰ্মভূমি বৰ্তমান এখন বেলেগ ৰাষ্ট্ৰ ( বাংলাদেশ ) হোৱাৰ বাবেই হওঁক, বা তেখেতৰ সহিংস পন্থাৰ বাবেই হওঁক, আন বহু স্বাধীনতা সংগ্ৰামীৰ দৰে মাষ্টাৰ দায়ো হয়তো আজি যথোপযুক্ত প্ৰচাৰৰ অভাৱত পাহৰণিৰ গৰ্ভলৈ ( অন্ততঃ ভাৰতবৰ্ষত ) গৈ আছে৷ )

পুনৰ প্ৰীতিলতা ওয়াদ্দেদাৰৰ ইতিহাসলৈ ঘূৰি অহা যাওঁক৷ ১৯৩২ চনৰ ১৩ জুনত প্ৰীতিলতাই চট্টগ্ৰামৰ সশস্ত্ৰ বিপ্লৱীসকলৰ মূলকেন্দ্ৰ ধলঘাটৰ গোপন ঘাটীত মাষ্টাৰ দা আৰু নিৰ্মল সেন ( বৃটিছ বিৰুদ্ধে বহু কুটাঘাটৰ নায়ক, এজন নামজ্বলা সশস্ত্ৰ বিপ্লৱী ) ক সাক্ষাৎ কৰি তেখেতসকলৰ সহযোগী হিচাপে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ এই সাক্ষাৎৰ ক্ষেত্ৰত প্ৰীতিলতাক সহায় কৰে তেখেতৰ বিদ্যালয়ৰ অগ্ৰজ বান্ধৱী কল্পনা দত্তই, যি ইতিমধ্যে মাষ্টাৰ দাৰ সংস্পৰ্ষলৈ আহিছিল৷ আন এজন সমসাময়িক সশস্ত্ৰ বিপ্লৱী বিনোদ বিহাৰী চৌধুৰীয়ে মহিলাসকলে তেখেতসকলৰ সংগঠনত যোগদান কৰাৰ ক্ষেত্ৰত প্ৰথমে আপত্তি কৰিছিল ( মহিলাৰ নিৰপত্তাজনিত কাৰণত) যদিও পাছত বহু আলোচনাৰ মুৰত সিদ্ধান্ত লোৱা হয় যে মহিলাসকলে বিশেষ সন্দেহৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ অস্ত্ৰ সৰবৰাহ কৰিব পাৰিব বাবে তেওঁলোকক সশস্ত্ৰ সংগ্ৰামৰ লগত জৰিত কৰা হ’ব৷ আৰু প্ৰীতিলতা, কল্পনা দত্ত আদিক সশস্ত্ৰ সংগ্ৰামত অংশ লোৱাৰ অনুমতি দিয়া হয়৷
সেইসময়তেই মাষ্টাৰ দাৰ গোপন ছাউনীৰ সম্ভেদ লাভ কৰিবলৈ বৃটিছ চোৰাংচোৱা বিভাগ সক্ষম হয়৷ ইতিমধ্যেই বৃটিছ প্ৰশাসনে মাষ্টাৰ দা আৰু নিৰ্মল সেনক জীৱিত অথবা মৃত অৱস্থাত ধৰি দিব পাৰিলে ১০, ০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল৷ পটিয়া পুলিছ থানাৰ অফিচাৰ – ইন – চাৰ্জ কেপ্তেইন কেমেৰুণ চাহাবৰ নেতৃত্বত পুলিছে এই গোপন ছাউনীত অভিযান চলায়৷ মাষ্টাৰ দা, প্ৰীতিলতা প্ৰমুখ্য আন কেইবাজনো সংগ্ৰামী বৃটিছ পুলিচৰ চকুত ধূলি দি পলাবলৈ সক্ষম হয় যদিও নিৰ্মল সেন পুলিচৰ গুলীত নিহত হয়৷
এই ঘটনাৰ পিছত সেইবছৰৰে ৫ জুলাই তাৰিখে প্ৰীতিলতাই চিৰদিনৰ কাৰণে ঘৰ ত্যাগ কৰি সশস্ত্ৰ বিপ্লৱৰ পথত ওলাই আহে৷ প্ৰীতিলতাৰ কোনো খবৰ উলিয়াব নোৱাৰি তেখেতৰ পিতৃ পুলিচৰ কাষ চাপে আৰু তদন্তৰ কালত বৃটিছ পুলিচ প্ৰীতিলতাৰ সশস্ত্ৰ বিপ্লৱীসকলৰ লগত সম্পৰ্কৰ বিষয়ে নিশ্চিত হয়৷ অৱশেষত ১৩ জুলাই ১৯৩২ চনত আনন্দ বজাৰ পত্ৰিকাত প্ৰীতিলতাৰ ছবি বংগ পুলিচৰ ’পলাতক বিদ্ৰোহী ’নোটিছসহ প্ৰকাশিত হয়৷
মাষ্টাৰ দাৰ তত্ত্বাবধানত প্ৰীতিলতা কেইবাটাও টেলিফোন আৰু টেলিগ্ৰাফ অফিচ ধ্বংস কৰাৰ অভিযানত লিপ্ত হয় আৰু প্ৰীতিলতাৰ সকলোতকৈ উল্লেখযোগ্য কূটাঘাটমূলক অভিযান আছিল পাহাৰতলি ইউৰোপীয়ান ক্লাৱ আক্ৰমণ৷
চট্টগ্ৰামৰ পাহাৰতলি ইউৰোপীয়ান ক্লাৱ আছিল বৃটিছসকলৰ এক প্ৰমোদ কেন্দ্ৰ৷ সন্ধিয়া সময়ত সুৰাপান, নৃত্য-গীত আদিৰ উদ্দেশ্যে এই ক্লাৱত বৃটিছ প্ৰশাসক, উচ্চ প্ৰদস্থ বিষয়া আৰু বিভিন্ন ইউৰোপীয় ব্যৱসায়ীৰ সমাগম হৈছিল৷ এই ক্লাৱ এককথাত বৃটিছ সাম্ৰাজ্যবাদ আৰু বৰ্ণবাদী অহমিকাৰ এক প্ৰতীক আছিল৷ এই ক্লাৱৰ চাইন ব’ৰ্ডত ঘোষণা কৰা হৈছিল, ’Dogs and Indians not allowed.’’কুকুৰ আৰু ভাৰতীয়ৰ প্ৰৱেশ নিষেধ’৷
১৯৩২ চনৰ মাজভাগত ( সমসাময়িক ভাৱে জাতীয় কংগ্ৰেছৰ নেতৃত্বত দেশজুৰি চলি থকা আইন অমান্য আন্দোলন, Civil Disobedience Movement, ৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন বৃটিছৰ তীব্ৰ দমণমূলক নীতিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে স্তিমিত হৈ আহিছিল৷ ) মাষ্টাৰদা নেতৃত্বাধীন বিপ্লৱীসকলে জনসাধাৰণৰ মনোবল দৃঢ় কৰাৰ বাবে পাহাৰতলি ইউৰোপীয়ান ক্লাৱ আক্ৰমণ কৰাৰ সিদ্ধান্ত লয় আৰু সেইবছৰৰে ২৩ ছেপ্তেম্বৰৰ দিনটো এই অভিযানৰ দিন হিচাপে চূড়ান্ত কৰা হয়৷ এই অভিযানৰ নেতৃত্ব এগৰাকী মহিলাৰ হাতত ন্যস্ত কৰাৰ কথা বিবেচনা কৰা হয় আৰু নিৰ্দিষ্ট দিনটোৰ এসপ্তাহ আগত কল্পনা দত্ত বৃটিছৰ হাতত কৰায়ত্ব হোৱাৰ বাবে এই অভিযানৰ নেতৃত্বৰ ভাৰ প্ৰীতিলতাক অৰ্পন কৰা হয়৷ অভিযানৰ কালত বৃটিছৰ হাতত ধৰা পৰিলে অভিযানকাৰীসকলে পটাছিয়াম চায়নাইড সেৱন কৰি আত্মদানৰ পথ লব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷
২৩ ছেপ্তেম্বৰ ১৯৩২ শনিবাৰৰ নিশা প্ৰায় ১০-৪৫ বজাত প্ৰীতিলতাৰ নেতৃত্বত কালিশংকৰ দে ( কিছুমান সূত্ৰমতে কালিকিংকৰ দে ), বীৰেশ্বৰ ৰয়, প্ৰফুল্ল দাস, শান্তি চক্ৰবৰ্তী, মহেন্দ্ৰ চৌধুৰী, সুশীল দে আৰু পান্না সেন বিভিন্ন ছদ্মবেশত পাহাৰতলি ইউৰোপীয়ান ক্লাৱৰ সমীপত উপস্থিত হয় আৰু তিনিটা গোটত বিভক্ত হৈ গুলীবৰ্ষণ আৰু হাত বোমা নিক্ষেপ কৰি আক্ৰমণ আৰম্ভ কৰে৷ ক্লাৱত সেই সময়ত প্ৰায় ৪০ গৰাকী বৃটিছ পুৰুষ -মহিলা উপস্থিত আছিল৷ ক্লাৱৰ ভিতৰৰ পৰাওঁ বৃটিছ পক্ষই গুলীৰে প্ৰত্যুত্তৰ দিয়ে৷ পিছত বৃটিছ সূত্ৰই প্ৰকাশ কৰা বাতৰি মতে এই আক্ৰমণত এগৰাকী বৃটিছ মহিলা নিহত হোৱাৰ লগতে অন্য ১১ জন বৃটিছ ( ৪ জন পুৰুষ, ৭ গৰাকী মহিলা ) আহত হয়৷
এই অভিযানত প্ৰীতিলতাৰ দেহৰ বাওঁফালে গুলী লাগে৷ তেখেতে তেখেতৰ সংগীসকলক অভিযান সামৰি নিৰাপদ ঠাইলৈ পলায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ পিছদিনা বৃটিছ পুলিচে ক্লাৱৰ চৌহদৰ পৰা প্ৰায় ১০০ গজ দূৰত প্ৰীতিলতাৰ মৃতদেহ উদ্ধাৰ কৰে৷ মৰণোত্তৰ পৰীক্ষাত ধৰা পৰে যে গুলীৰ আঘাত মাৰাত্মক ভাৱে গুৰুতৰ নাছিল, পটাছিয়াম চায়নাইড সেৱনৰ ফলত প্ৰীতিলতাৰ মৃত্যু হয়৷ এইদৰেই বৃটিছৰ হাতত ধৰা নিদি আত্ম বলিদানৰ পথ বাছি লয় এই গৰাকী বিৰাংগনা সশস্ত্ৰ স্বাধীনতা সংগ্ৰামীয়ে৷ আনহাতে পাহাৰতলি ইউৰোপীয়ান ক্লাৱত বিপ্লৱীসকলে কৰা দুঃসাহসিক আক্ৰমণে বৃটিছ প্ৰশাসনক কঁপাই তোলাৰ লগতে আইন অমান্য আন্দোলনত বৃটিছৰ হাতত নিষ্পেষিত সৰ্বসাধাৰণ মানুহৰ মনোবল বৃদ্ধিত বহুমূলীয়া অৰিহনা যোগায়৷
বৰ্তমানে ’বীৰকন্যা প্ৰীতিলতা ট্ৰাষ্ট’নামৰ এটা সংগঠনে বাংলাদেশৰ ( আৰু ভাৰতৰ পশ্চিমবংগৰ) বিভিন্ন স্থানত প্ৰীতিলতাৰ জন্মদিবস পালন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে প্ৰীতিলতাৰ বিষয়ে জনগণক অৱগত কৰোৱাৰ চেষ্টা কৰি আহিছে৷ বাংলাদেশ চৰকাৰে চট্টগ্ৰামৰ এটা ৰাজপথো প্ৰীতিলতাৰ নামেৰে নামাকৰণ কৰিছে৷ কলিকতা বিশ্ববিদ্যালয়ে প্ৰীতিলতাৰ বি.এ. ডিগ্ৰী বৃটিছ প্ৰশাসনৰ নিৰ্দেশনাত স্থগিত (withheld) কৰি ৰাখিছিল৷ ২০১২ চনত মৰণোত্তৰ ভাৱে কলিকতা বিশ্ববিদ্যালয়ে প্ৰীতিলতা ওয়াদ্দেদাৰ আৰ বীনা দাসক (আন এগৰাকী সশস্ত্ৰ স্বাধীনতা সংগ্ৰামী, যি ১৯৩২ চনৰ ৬ ফেব্ৰুৱাৰীৰ দিনা কলিকতা বিশ্ববিদ্যালয়ৰ Convocation Hallত বংগৰ তদানীন্তন গবৰ্ণৰ ষ্টেনলি জেকচনক হত্যাৰ উদ্দেশ্যেৰে গুলীবিদ্ধ কৰে যদিও জেকচনৰ প্ৰাণৰক্ষা পৰে আৰু বীনা দাসক ৯ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হয়) তেখেতসকলৰ প্ৰাপ্য স্নাতক সন্মান জ্ঞাপন কৰে৷ শেহতীয়াকৈ চট্টগ্ৰামৰ বিপ্লৱীসকলৰ কাহিনীক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হিন্দী চলচিত্ৰ Khele Hum Jee Jaan Sey (2010), Chittagong (2012) আদিত প্ৰীতিলতা ওয়াদ্দেদাৰ চৰিত্ৰয়ো উপস্থাপন কৰা হৈছে৷
স্বাধীনোত্তৰ কালত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস চৰ্চাত সশস্ত্ৰ বিপ্লৱীসকল প্ৰায়ে তেখেতসকলৰ সশস্ত্ৰ নীতিৰ বাবে, বা তেখেতসকলৰ সন্দৰ্ভত সীমিত তথ্যৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত প্ৰচাৰ আৰু সন্মানৰ পৰা বঞ্চিত হৈ আহিছে বুলি এই লেখকৰ ব্যক্তিগত অনুভৱ৷ লগতে আৰু অনুভৱ, মহিলা স্বাধীনতা সংগ্ৰামীসকলেয়ো ( অহিংস আৰু সহিংস, দুয়োটা পন্থাৰেই) তেখেতসকলৰ যথোপযুক্ত গুৰুত্ব এতিয়াও ভাৰতৰ ইতিহাস চৰ্চাত লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ সেয়ে এইটো খণ্ডত এগৰাকী মহিলা সশস্ত্ৰ সংগ্ৰামীৰ বিষয়ে নিজৰ সাধ্যৰে দুআষাৰ লিখি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ এক ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ৷ আশাকৰো এই প্ৰচেষ্টাক আপোনালোক পাঠক সমাজে সহানুভূতিৰে চাব আৰু অনিশ্চাকৃত কিবা ভুল-ভ্ৰান্তি ৰৈ গ’লে সেইখিনি আঙুলিয়াই দি বাধিত কৰিব৷

ধন্যবাদেৰে,
বিপ্লৱ বৰা

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক