শ্ৰদ্ধাঞ্জলি – উধাম সিং আৰু বাঘা যতীন (বিপ্লৱ বৰা)

উধাম সিং
আজিৰ পৰা প্ৰায় ৭৫ বছৰ আগৰ কথা। ১৯৪০ চনৰ ১৩ মাৰ্চৰ সন্ধিয়া লণ্ডনৰ ১০, কেক্সটন হল(10 Caxton Hall)ত উধাম সিংৰ পিষ্টল গৰজি উঠিছিল। আজি সেই উধাম সিং (Udham Singh) ৰ বিষয়ে বহুতেই কয়, তেখেতে ব্ৰিগেডিয়াৰ জেনেৰেল ৰেগিনাল্ড ডায়াৰ (Reginald Dyer) ক সেই সন্ধিয়া গুলিয়াই হত্যা কৰিছিল। আৰু যিসকলে উধাম সিংৰ বিষয়ে আৰু অলপ বেছিকৈ জানে, তেওঁলোকৰ অনেকে কয় উধাম সিঙে উপাধিৰ সাদৃশ্য থকাৰ বাবে ৰেগিনাল্ড ডায়াৰ বুলি ভুলক্ৰমে বৃটিছ পঞ্জাবৰ প্ৰাক্তন লেফ্টেনেন্ট গৱৰ্ণৰ মাইকেল অ’ডয়াৰ (Michael O’Dwyer) ক গুলিবিদ্ধ কৰি হত্যা কৰে। আৰু আপোনালোকে নিশ্চয় জানে, এই ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক ক’লা অধ্যায়, জাল্লিয়ানৱালা বাগৰ হত্যাকাণ্ড (Jalliwanwala Bagh Massacre) সংঘটিত হৈছিল।

আচলতে দুয়োটা ধাৰণাই ক্ৰুতিপূৰ্ণ। উধাম সিঙে ৰেগিনাল্ড ডায়াৰক হত্যা কৰা নাছিল। ৰেগিনাল্ড ডায়াৰৰ ইতিমধ্যেই প্ৰাকৃতিক মৃত্যু ঘটিছিল। আৰু উধাম সিঙে মাইকেল অ’ডয়াৰক ভুলক্ৰমে হত্যা কৰা নাছিল। উধাম সিঙে মাইকেল অ’ডয়াৰকো ৰেগিনাল্ড ডায়াৰৰ সমানেই ভাৰত মাতৃৰ ওচৰত অপৰাধী বুলি ভাৱিছিল। আৰু সম্পূৰ্ণ সজ্ঞানে সেই হত্যাকাণ্ড সংঘটিত কৰিছিল।

তেন্তে আহকচোন, ইতিহাসৰ পাত খুচৰি চাওঁ অলপ। কোন এই উধাম সিং? কিয় তেখেতে সাত সাগৰ পাৰ হৈ গৈ দ্বিতীয় বিশ্বযুদ্ধ তুংগত থকা অৱস্থাতে কোনো দিন সূৰ্য্য ডুব নোযোৱাৰ গৌৰৱৰে গৰ্বিত বৃটিছ সাম্ৰাজ্যৰ বুকুত নিজৰ পিষ্টলৰ গুলী বহুৱাই দিয়াৰ দুঃসাহস দেখুৱাইছিল ?

উধাম সিংৰ জন্ম হয় ১৮৯৯ চনৰ ২৬ ডিচেম্বৰ তাৰিখে বৃটিছ পঞ্জাবৰ চুনম নামে এখন গাঁৱত। তেখেতৰ পিতৃপ্ৰদত্ত নাম আছিল শ্বেৰ সিং। পিতৃ টেহল সিং আছিল চুনমৰ দাতি-কাষৰীয়া উপ্পল নামৰ গাওঁখনত থকা ৰেইলৱে ক্ৰ’ছিঙটোৰ ৰক্ষীয়া। সৰুতেই পিতৃ-মাতৃ দুয়োৰে বিয়োগ ঘটাত শ্বেৰ সিং আৰু তেওঁৰ ককায়েক মুক্তা সিংক পঞ্জাৱৰ চেন্ট্ৰেল খালছা অৰ্ফানেইজ নামৰ অনাথ আশ্ৰমখনত ভৰ্ত্তি কৰোৱা হয়। তাতেই দুয়ো ভাতৃক শিখ ধৰ্মীয় নীতি অনুসৰি দীক্ষিতকৰণ সম্পন্ন কৰা হয় আৰু শ্বেৰ সিংৰ নতুন নাম হয় উধাম সিং আৰু ককায়েক মুক্তা সিংৰ নতুন নাম হয় সাধু সিং। অনাথ আশ্ৰমতে উধাম সিংৰ শিক্ষাজীৱন আৰম্ভ হয়। ১৯১৭ চনত উধাম সিংৰ ককায়েকৰ মৃত্যু হোৱাত উধাম সিং সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। ১৯১৮ চনত উধাম সিঙে মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হৈ অনাথ আশ্ৰম এৰে আৰু নিজাকৈ এখন তুলিকা-শিল্পীৰ (painter) দোকান দি জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে।

এতিয়া প্ৰশ্ন হয়, উধাম সিঙে সেই সৰল জীৱন এৰি ইতিমধ্যে ওপৰত উল্লেখ কৰি অহা হত্যাকাণ্ড সংঘটিত কৰিবলৈ গ’ল কিয়? গৰিষ্ঠ সংখ্যক ইতিহাসবিদৰ মতে উধাম সিং ১৯১৯ চনৰ ১৩ এপ্ৰিলত হোৱা জাল্লিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল। জেনেৰেল ৰেগিনাল্ড ডায়াৰৰ আদেশত সেইদিনা বৈশাখী উৎসৱৰ বাবে সমবেত হোৱা নিৰপৰাধী, নিৰস্ত্ৰ জনতাৰ ওপৰত যি ধৰণে অপ্ৰৰোচিত ভাৱে গুলীবৰ্ষণ হৈছিল, যি দৰে শিশুৰ পৰা বৃদ্ধলৈকে হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল, সেই দৃশ্য স্বচক্ষে দেখি উধাম সিংৰ জীৱনৰ গতিধাৰাই সলনি হৈ গৈছিল। তেখেতৰ জীৱনৰ লক্ষ্য হৈ পৰিছিল যিকোনো প্ৰকাৰে বৃটিছৰ শাসন ওফৰাই দিয়া, মাতৃভূমিক নিজ তেজৰ তিলকৰে স্বাধীন কৰা। তেখেতৰ হিটলিষ্টত নাম উঠিছিল জাল্লিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ পুৰোহিত ৰেগিনাল্ড ডায়াৰৰ নাম। আৰু লগতে নাম উঠিছিল পঞ্জাৱৰ তদানীন্তন লেফ্টেনেন্ট গৱৰ্ণৰ মাইকেল অ’ডয়াৰৰ নাম, যিজনে ৰাউলাট আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ আন্দোলনক দমন কৰাৰ বাবে সামৰিক আইন বলবৎ কৰি সমগ্ৰ পঞ্জাৱকে বধ্যভূমিলৈ পৰিণত কৰিছিল।

১৯২০ ৰ দশকত গান্ধীজীৰ নেতৃত্বত স্বাধীনতা অৰ্জনৰ বাবে চলি থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অহিংস আন্দোলনৰ সমান্তৰালকৈ ভাৰতৰ বহু অঞ্চলত বিভিন্ন সশস্ত্ৰ সংগ্ৰামো বিক্ষিপ্ত ভাৱে চলি আছিল। ৫ ফেব্ৰুৱাৰী ১৯২২ত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত উত্তেজিত জনতাই পুলিচ স্টেচন জ্বলাই দিয়াৰ লগতে কেইবাজনো আৰক্ষীক হত্যা কৰি অহিংস আন্দোলনত হিংসাত্মক কাৰ্য সম্পাদন কৰাৰ বাবে গান্ধীজীয়ে ১৯২০-২২ৰ অসহযোগ আন্দোলন (Non-Cooperation Movement) প্ৰত্যাহাৰ কৰে। অসহযোগ আন্দোলনৰ সময়ত বিপ্লৱৰ পথত ওলাই অহা অনেকেই (জাতীয় কংগ্ৰেছে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰাৰ পিছত) নিজাববীয়াকৈ আৰু অঞ্চলবিশেষে সংগঠিত হৈ বৃটিছৰ বিৰুদ্ধে কূটাঘাটমূলক সশস্ত্ৰ সংগ্ৰামত লিপ্ত হয়। পঞ্জাৱত বাবৰ আকালি (Babar Akali) দলে এই সশস্ত্ৰ সংগ্ৰামৰ গুৰি ধৰে। উধাম সিং এই সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈ পৰে। ১৯২৪ চনত উধাম সিং গডৰ সংগ্ৰামীসকলৰ লগত জৰিত হৈ পৰে আৰু ভাৰত এৰি আমেৰিকা, কানাডা আৰু আফ্ৰিকাৰ বিভিন্ন অঞ্চলত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ স্বাধীনতা যুদ্ধত জৰিত কৰিবলৈ সাংগঠনিক কামকাজত নিজকে নিয়োগ কৰে। উল্লেখযোগ্য যে এই গডৰ সংগ্ৰামীসকল (Ghadar Revolutionary) বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ স্বাধীনতা যুদ্ধৰ বাবে সংগঠিত কৰাৰ উপৰিও বিভিন্ন কূটাঘাতমূলক কাৰ্য্যৰে বৃটিছসকলৰ মূৰৰ কামোৰণি হৈ পৰিছিল। ১৯২৭ চনত ভগৎ সিংৰ (আমি সকলোৱে চিনি পোৱা সেই বিখ্যাত শ্বহীদ ভগৎ সিং) আমন্ত্ৰণক্ৰমে আন ২৫ জন গডৰ সংগ্ৰামীৰ সৈতে উধাম সিং পুনৰ ভাৰতলৈ যথেষ্ট সংখ্যক বিদেশী আগ্নেয়অস্ত্ৰৰ সৈতে ঘুৰি আহে। উদ্দেশ্য ভগৎ সিং আৰু তেখেতৰ সহযোগীসকলৰ বিপ্লৱী সংগঠন Hindustan Socialist Republican Association (Army) ৰ তত্বাবধানত পঞ্জাৱ আৰু উত্তৰ ভাৰতত চলি থকা সসস্ত্ৰ মুক্তি সংগ্ৰামখন তীব্ৰতৰ কৰি তোলা। কিন্তু দুৰ্ভাগ্যবশতঃ উধাম সিং অমৃতছৰত পুলিছৰ হাতত ধৰা পৰে আৰু লগত অস্ত্ৰ আৰু গডৰ পুস্তিকা, গডৰ-ডি-গুঞ্জ (Ghadar-di-gunj/ Voice of Revolt) ৰখাৰ অভিযোগত পাচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰলৈ যায়। ১৯৩০-৩১ চনত হোৱা আইন অমান্য আন্দোলনৰ (Civil Disobedience Movement) সমাপ্তিৰ বাবে স্বাক্ষৰিত হোৱা গান্ধী-আৰউইন চুক্তি (Gandhi-Irwin Pact) ৰ ফলশ্ৰুতিত আন বহুতো ৰাজনৈতিক কাৰাবন্দীৰ লগতে উধাম সিঙেও মুক্তি লাভ কৰে আৰু পিতৃভূমি চুনমলৈ উভটি যায়। কিন্তু স্থানীয় পুলিছৰ অত্যাচাৰত ব্যতিব্যস্ত হৈ পুনৰ অমৃতছৰলৈ আহি পূৰ্বৰ তুলিকা-শিল্পীৰ বৃত্তিত ধৰে।

কিন্তু মাতৃভূমিৰ পৰাধীনতা আৰু জাল্লিয়ানৱালা বাগৰ তিক্ত স্মৃতিয়ে উধাম সিঙৰ ধমনীৰ সংগ্ৰামী তেজ চেঁচা পৰিবলৈ দিয়া নাছিল। তেখেতে সংগ্ৰামৰ স্বাৰ্থত পুনৰ ভাৰত ত্যাগ কৰে আৰু ইউৰোপলৈ যায়। কিছুদিন জাৰ্মানীত কটোৱাৰ পিছত তেখেত ১৯৩৪ চনত লণ্ডনত প্ৰৱেশ কৰে। তাত তেখেতে বৃটেইনস্থিত ভাৰতীয়সকলৰ মাজত সাংগঠনিক কামকাজ চলাই নিয়াৰ লগতে তেখেতৰ হিটলিষ্টত থকাসকলক নিধন কৰাৰ সুযোগৰ অপেক্ষাত ৰয়। আৰু জাল্লিয়ানৱালা বাগৰ সেই হত্যাকাণ্ডৰ প্ৰায় ২১ বছৰ পাছত, আৰু আজিৰ পৰা প্ৰায় ৭৫ বছৰ আগতে ১৯৪০ চনৰ ১৩ মাৰ্চৰ সন্ধিয়া উধাম সিং নিজৰ লক্ষ্যত উপনীত হয়। সেই সন্ধিয়া লণ্ডনৰ ১০ কেক্সটন হলত ইষ্ট ইন্দিয়া এচ’চিয়েচন আৰু চেন্ট্ৰেল এচিয়ান চ’চাইটিৰ এখন সভাত ভাষণৰত মাইকেল অ’ডয়াৰৰ লগতে তাত উপস্থিত ভাৰতৰ সেইসময়ৰ Secretary of the States for India লৰ্ড যেটলেণ্ড (Lawrence Dundas, 2nd Marquess of Zetland) , চাৰ লুই ডেন (Sir Luis Dane) আৰু লৰ্ড লেমিংটন (Charles Cochrance Baillie, 2nd Baron of Lamington) ক গুলিবিদ্ধ কৰে। মাইকেল অ’ডয়াৰৰ ঘটনাস্থলীতে মৃত্যু হয় যদিও আন কেইজন প্ৰাণহানিজনক ভাৱে আঘাতপ্ৰাপ্ত নহয়। একাংশ ইতিহাসবিদৰ ধাৰণা, আনকেইজনৰ প্ৰাণ লোৱাতো উধাম সিংৰ উদ্দেশ্য নাছিল। উধাম সিঙে পলাবলৈ চেষ্টা নকৰি গ্ৰেপ্তাৰ বৰণ কৰে।

এতিয়া প্ৰশ্ন হয়, ৰেগিনাল্ড ডায়াৰৰ ইতিমধ্যেই প্ৰাকৃতিক মৃত্যু হৈছিল আৰু মাইকেল অ’ডয়াৰক উধাম সিঙে হত্যা কৰে। কিন্তু লৰ্ড যেটলেণ্ডৰ জাল্লিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ লগত ,, বা আন দুজন আঘাতপ্ৰাপ্তৰ ভাৰতৰ বৃটিছ প্ৰশাসনৰ লগত কোনো নিকট সম্পৰ্ক নাছিল। তেন্তে উধাম সিঙে সেইসকলকো কিয় গুলীবিদ্ধ কৰে? ইতিহাসবিদ নভটেজ সিঙে তেখেতৰ উধাম সিঙৰ জীৱনৰ উপৰত লিখা Challenge To Imperial Hegemony নামৰ পুথিখনত উল্লেখ কৰিছে যে, ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ ব্যাপক হৈ আহিছিল আৰু বিশ্বৰ বহু ঠাইত বৃটিছ সাম্ৰাজ্যৰ ভেটি শিথিল হৈ পৰিছিল। উধাম সিং প্ৰমুখ্যে আন গডৰ সংগ্ৰামীসকলে ভাৱিছিল এইয়া বৃটিছক আঘাত কৰাৰ উপযুক্ত সময়। আনহাতে, বৃটিছ চৰকাৰে ভাৰতীয়সকলৰ লগত কোনো আলোচনা নকৰাকৈ ভাৰতকো দ্বিতীয় বিশ্বযুদ্ধত চামিল কৰা কাৰ্য্যৰ বিৰুদ্ধে উধাম সিংৰ এই অভিযান হব এক যথোপযুক্ত প্ৰতিবাদ। তদুপৰি, সেইসময়ত ভাৰতত বৃটিছৰ বিৰুদ্ধে কোনো জোৰদাৰ আন্দোলন চলি থকা নাছিল। গডৰ সংগ্ৰামীসকলে ভাৱিছিল এই কাৰ্য্যৰ দ্বাৰা ভাৰতীয়সকলৰ মনোবল বৃদ্ধি পাব আৰু ভাৰতত স্বাধীনতা সংগ্ৰামৰ গতি তীব্ৰতৰ হব।

১৯৪০ চনৰ ১ এপ্ৰিলত উধাম সিংক মাইকেল অ’ডয়াৰক হত্যা কৰাৰ গোচৰত আৰোপিত কৰা হয় আৰু ৪ জুনত জাষ্টিছ এটকিনছনৰ আদালতে তেখেতক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। সেই বছৰৰে ৩১ জুলাইত উধাম সিংক লণ্ডনৰ পেণ্টনভিল কাৰাগাৰত ফাঁচীকাঠত ওলমোৱা হয়।

আন বহুতো সসস্ত্ৰ স্বাধীনতা সংগ্ৰামীয়ে লিখি থৈ যোৱা বিভিন্ন পুথি, টোকা, ডায়েৰি আদি ইতিহাসবিদসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও উধাম সিঙে লিখি থৈ যোৱা কোনো বিশেষ লিখনি এতিয়ালৈকে ইতিহাসবিদসকলৰ হাতত পৰা নাই। অৱশ্যে কিছুবছৰ আগতে উধাম সিঙে তেখেতৰ বন্ধু শিৱ সিং জৌহাললৈ লিখা কিছুমান চিঠি পোৱা গৈছে। এই চিঠিসমূহৰ পৰা জানিব পৰা গৈছে যে উধাম সিং এজন হাস্যৰসিক ব্যক্তি আছিল। তেখেতে নিজকে কয়দী বোলাতকৈ ‘ৰজা জৰ্জৰ আলহী’ (guest of His Majesty King George) বুলি কৈ ভাল পাইছিল আৰু সমাগত মৃত্যুক তেখেতৰ হবলগীয়া ধৰ্মপত্নী আখ্যা দিছিল। বিচাৰাধীন অৱস্থাত উধাম সিঙে তেখেতৰ চিতাভস্ম তেখেতৰ মাতৃভূমিলৈ পঠাই দিবলৈ বৃটিছ চৰকাৰক অনুৰোধ কৰিছিল যদিও সেই অনুৰোধ কাৰ্যকৰী কৰা নহয়। অৱশেষত পঞ্জাৱৰ ৰাজ্য চৰকাৰৰ বাৰম্বাৰ অনুৰোধৰ পাছত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ইংলেণ্ড চৰকাৰক অনুৰোধ কৰে আৰু ১৯৭৪ চনত উধাম সিংৰ চিতাভস্ম ভাৰতলৈ উভোটাই অনা হয়।

অহিংস নীতিৰে সংগ্ৰাম কৰাত বিশ্বাসীসকলে এখন মুক্তি সংগ্ৰামত সসস্ত্ৰ পন্থা লোৱাৰ বাবে উধাম সিংৰ নামটো আজিৰ তাৰিখত বৰকৈ উচ্চাৰণ হোৱাটো হয়তো পচন্দ নকৰিব। কিন্তু তাৰ পিছতো উধাম সিংৰ স্বদেশপ্ৰেম আৰু আত্ম-বলিদানক অস্বীকাৰ কৰাও উচিত নহব বুলি আমাৰ বিশ্বাস। তদুপৰি উধাম সিংৰ পৰা স্বদেশপ্ৰেমৰ বাহিৰেও আজিৰ সমাজে শিকিব লগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল তেখেতৰ ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শ। উধাম সিঙে তেখেতৰ সংগ্ৰামী জীৱনকালত লোৱা বহুতো নামৰ এটা নাম আছিল ৰাম মহম্মদ সিং আজাদ। এই নামেই তেখেতে বেছিকৈ ব্যৱহাৰ কৰিছিল, এই নামেৰেই তেখেতে নিজৰ কৰ্মজীৱনত প্ৰথম ভৰি থৈ তুলিকা-শিল্পীৰ দোকান আৰম্ভ কৰিছিল, এই নামেৰেই তেখেতে লণ্ডনত মাইকেল অ’ডয়াৰক হত্যা কৰিছিল। এই ‘ৰাম মহম্মদ সিং আজাদ’ নামটো তেখেতে হাঁতৰ বাউসীত টেটো (Tattoo) কৰাই লৈছিল, কাৰণ তেখেতে তেখেতৰ সংগ্ৰামী সত্বাত ভাৰতৰ সকলো ধৰ্মাবলম্বীলোকৰ বৃটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে হোৱা সন্মিলিত মুক্তি সংগ্ৰামখন প্ৰতিফলিত হোৱাটো বিচাৰিছিল। ধৰ্ম-নিৰপেক্ষতা আৰু ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শৰ এনে উদাহৰণ আজিৰ সমাজত কিমান দেখা যায়!

0000

বাঘা যতীন

আপোনালোকে নিশ্চয় পুৰুৰ নাম শুনিছে। কিদৰে পুৰুয়ে নিজৰ স্বাভিমান আৰু নিৰ্ভীক বীৰত্বৰ বাবে মহাপৰাক্ৰমী আলেকজেণ্ডাৰৰ পৰাও সন্মান আদায় কৰি লবলৈ সক্ষম হৈছিল, আপোনালোকে নিশ্চয় জানে।

ভাৰতীয় ইতিহাসৰ আন এজন পুৰু সদৃশ বীৰ আজি হয়তো পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। তেখেতৰ নাম হ’ল যতীন্দ্ৰনাথ মুখাৰ্জী ( Jatindranath Mukherjee ), যি নিজৰ নিৰ্ভীকতাৰ বাবে বৃটিছ পুলিচৰ ৰেকৰ্ডত ‘যতীন, দ্য টাইগাৰ’ ( Jatin, the Tiger) বুলি নিজৰ বীৰত্বৰ ছাপ সসন্মানে বহুৱাই থৈ গৈছিল , যাক সকলোৱে ‘বাঘা যতীন’ বুলি জানিছিল। ইতিহাসবিদ Amles Tripathi এ তেখেতৰ ‘স্বাধীনতা সংগ্ৰামে ভারতের জাতীয় কংগ্ৰেছ (১৮৮৫-১৯৪৭)’ নামৰ পুথিখনত কলিকতাৰ বৃটিছ পুলিছ কমিছনাৰ Charles Tegartৰ এটা ৰিপ’ৰ্ট উদ্ধৃত কৰিছিল, য’ত Tegartএ শংকা প্ৰকাশ কৰিছিল যে প্ৰথম বিশ্বযুদ্ধত বাঘা যতীন হয়তো বৃটিছৰ পৰাজয়ৰ কাৰণ হৈ পৰিলহেঁতেন।

তেন্তে কোন এই যতীন্দ্ৰনাথ মুখাৰ্জী উৰফে বাঘা যতীন? আহক, আজিৰ পৰা এশ বছৰৰো আগৰ পৰা ইতিহাসৰ পাত লুটিয়াও।

যতীন্দ্ৰনাথৰ জন্ম হয় ১৮৭৯ চনৰ ৭ ডিচেম্বৰ তাৰিখে তদানীন্তন বৃটিছ প্ৰেছিডেঞ্চি বংগ প্ৰদেশৰ নাদিয়া জিলাৰ ( বৰ্তমান বাংলাদেশত ) কুস্তিয়া চাব-ডিভিজনৰ ক’য়া নামৰ গাওঁখনত তেখেতৰ মোমায়েকৰ ঘৰত। তেখেতৰ পিতৃ উমেশচন্দ্ৰ মুখাৰ্জীৰ ঘৰ আছিল যেছ’ৰ জিলাৰ ( বৰ্তমান বাংলাদেশত) জেনাইদহ চাব-ডিভিজনৰ সাধুহাটি গাওঁত। পাঁচ বছৰ বয়সত পিতৃৰ বিয়োগ ঘটাত যতীন্দ্ৰনাথ মাক শৰৎশশী আৰু বায়েক বিনোদবালাৰ লগত মোমায়েকৰ ঘৰত থাকিবলৈ লয় আৰু কৃষ্ণনগৰৰ Anglo-Vernacular Schoolত শিক্ষা জীৱন আৰম্ভ কৰে। স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ যতীন্দ্ৰনাথে কুস্তীযুঁজ, সাঁতোৰ, ঘোঁৰা চালনা আৰু নাট-অভিনয়তো পাৰদৰ্শীতা দেখাবলৈ লয়। তেখেতৰ শাৰীৰিক বল-বিক্ৰমো অতুলনীয় ৰূপত বিকাশ হয়। ( পিছলৈ ১৯০৬ চনত তেখেতে এখন খুকুৰীৰে এটা নৰখাদক বাঘক হত্যা কৰাৰ বাবে বৃটিছ প্ৰশাসনৰ দ্বাৰা পুৰস্কৃত হয় আৰু বাঘা যতীন ৰূপে জনাজাত হৈ পৰে।)

১৮৯৫ চনত যতীন্দ্ৰনাথ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ চেন্ট্ৰেল কলেজত F.A. ( Fine Arts) পঢ়িবলৈ আহে আৰু অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ আশাৰে সেই সময়ত ভাৰতত নতুনকৈ আৰম্ভ হোৱা Steno-Typist ৰ প্ৰশিক্ষণ লয়। সেইখিনি সময়তে যতীন্দ্ৰনাথ স্বামী বিবেকানন্দৰ সংস্পৰ্শলৈ আহে আৰু স্বামী বিবেকান্দৰ ‘ৰাজনৈতিক ভাৱে স্বাধীন ভাৰত’ৰ ধাৰণাটোৰ প্ৰতি আগ্ৰহী হয়। স্বামী বিবেকানন্দৰ পৰামৰ্শক্ৰমে যতীন্দ্ৰনাথ অম্বু গুহৰ কুস্তী প্ৰশিক্ষণ কেন্দ্ৰলৈ যাবলৈ আৰম্ভ কৰে য’ত সেইসময়ৰ বহু চিন্তাশীল ব্যক্তি আৰু সমাজকৰ্মীৰ সমাগম ঘটিছিল।

Steno-Typist প্ৰশিক্ষণ সমাপ্ত কৰিয়েই তেখেতে Ahmutty & Co. নামৰ এটা ইউৰোপীয় বণিক সংস্থানত চাকৰিত যোগ দিয়ে। ১৮৯৯ চনত যতীন্দ্ৰনাথে মুজাফৰপুৰৰ বেৰিষ্টাৰ Pringle Kennedy সহায়ক হিচাপে কাম কৰিবলৈ লয়। এই Pringle Kennedy ভাৰতৰ স্বাধীনতাৰ প্ৰতি সহানুভূতিশীল আছিল আৰু Tirhoot Courrier নামে এখন বাতৰি কাকতৰ সম্পাদনা কৰিছিল। এবাৰ তেখেতে ভাৰতৰ জাতীয় কংগ্ৰেছৰ মঞ্চতে এটা National Armyৰ পোষকতা কৰিছিল। ( উৎস : Bimanbehari Mazumdar ৰ পুথি Militant Nationalism In India)। এই Pringle Kennedyৰ সান্নিধ্যই যতীন্দ্ৰনাথক বৃটিছ ভাৰতৰ দুৰাবস্থাৰ বিভিন্ন দিশৰ প্ৰতি অধিক সঁচেতন কৰি তোলে। একাংশ ইতিহাসবিদৰ মতে তেতিয়াৰ পৰাই যতীন্দ্ৰনাথৰ সংগ্ৰামী জীৱনৰ আৰম্ভণি হয়।

ইতিমধ্যেই দীনবন্ধু মিত্ৰৰ ‘নীলদৰ্পণ’, বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘আনন্দমথ’ আদি গ্ৰন্থই বংগত এক বৈপ্লৱিক নৱজাগৰণৰ উন্মেষ আনিছিল। অম্বু গুহৰ কুস্তী প্ৰশিক্ষণ কেন্দ্ৰতে যতীন্দ্ৰনাথে শচীন বেনাৰ্জীক লগ পায়, যাৰ পিতৃ যোগেন্দ্ৰ বিদ্যাভূষণে (পেছাত এজন Deputy Magistrate ) ইতিহাস প্ৰসিদ্ধ ইটালিৰ একত্ৰীকৰণ বিপ্লৱৰ নায়ক Mazzini আৰু Garibaldi ৰ জীৱনি লিখি খ্যাতি অৰ্জন কৰিছিল। তেখেতৰ ঘৰতেই যতীন্দ্ৰনাথে বিখ্যাত স্বাধীনতা সংগ্ৰামী অৰবিন্দ ঘোষক লগ পায় আৰু সশস্ত্ৰ বিপ্লৱৰ প্ৰতি আগ্ৰহী হৈ উঠে।

১৯০০ চনত যতীন্দ্ৰনাথৰ কুস্তিয়াৰ কুমাৰখালীৰ নিবাসী উমাপদ বেনাৰ্জীৰ পুত্ৰী ইন্দুবালাৰ লগত বিবাহ হয়। ১৯০১ চনৰ আগষ্ট মাহত যতীন্দ্ৰনাথে Bengal Secretariat ত চাকৰি পায় আৰু ১৯০৪ চনৰ পৰা তেখেতে তদানীন্তন বংগ প্ৰশাসনৰ অৰ্থনৈতিক সচিব Henry Wheelerৰ ক্লাৰ্ক হিচাপে কাম কৰিবলৈ লয়। পাছত প্ৰকাশ পোৱা এটা পুলিচ ৰিপ’ৰ্ট মতে, ১৯০৭ চনত যতীন্দ্ৰনাথক বিশেষ চৰকাৰী কামত দাৰ্জিলিঙলৈ পঠোৱা হয় আৰু ১৯০৮ চনলৈ তেখেত দাৰ্জিলিঙৰ আশেপাশে সক্ৰিয় হৈ উঠা কেইবাটোও বিপ্লৱী গোটৰ এটা, ‘বান্ধৱ সমিতি’ৰ নেতা হৈ উঠে। এই গোটসমূহৰ উদ্দেশ্য আছিল বৃটিছৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰা আৰু প্ৰয়োজন সাপেক্ষে কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰা। (উৎস : W. Sealy ৰ Connections With The Revolutionary Organisations In Bihar & Orissa, 1906-16 )

১৯০৫ চনৰ বংগ বিভাজনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ত বিভিন্ন জনকল্যাণমূলক সমিতি আৰু সংগঠনৰ জন্ম হয় আৰু তেনে একাংশ সংগঠন সশস্ত্ৰ বিপ্লৱৰ পথত আগবঢ়াৰ বাবে নিষিদ্ধ ঘোষিত হয়। এই সংগঠন সমূহে Passive Resistanceৰ পোষকতা কৰিছিল যাৰ এটা দিশ আছিল জনগণৰ দ্বাৰা বৃটিছৰ সমান্তৰাল চৰকাৰ ( Parallel Government ) স্থাপন। অৰবিন্দ ঘোষৰ তত্বাবধানত যতীন্দ্ৰনাথে গুপ্তভাৱে ( তেখেত তেতিয়াও বৃটিছ প্ৰশাসনৰ চাকৰিতে আছিল।) সাংগঠনিক কামকাজ আৰম্ভ কৰি ‘যুগান্তৰ দল’ গঠন ( ১৯০৮ চন) কৰাৰ লগতে ‘যুগান্তৰ’ নামেৰে এখন পত্ৰিকা আৰম্ভ কৰে আৰু বৰিন্দ্ৰ ঘোষৰ ( এজন প্ৰথিতযশা সশস্ত্ৰ সংগ্ৰামী আৰু অৰবিন্দ ঘোষৰ ভায়েক ) সহযোগত দেউঘৰত গোপনে এটা বোমা নিৰ্মানকাৰী কাৰখানা আৰম্ভ কৰে। ইয়াৰ পৰাই আৰম্ভ হয় প্ৰফুল্ল চাকী, খুদীৰাম বসু, কানাইলাল দত্ত, সত্যেন বসু প্ৰমুখ্যৰ বিপ্লৱীসকলৰ কূটাঘাতমূলক কাৰ্য্যকলাপ আৰু আত্ম-বলিদানৰ অধ্যায়। তদুপৰি বৃটিছৰ দমনমূলক নীতিৰ প্ৰতিবাদত ঘটা অগ্নিত আত্মজাহৰ ( চাৰু বসু আৰু আন সকলৰ) কাৰ্য্যসূচীবোৰ এই যতীন্দ্ৰনাথ নেতৃত্বাধীন যুগান্তৰ দলৰে পৰিকল্পনা আছিল। যতীন্দ্ৰনাথৰ তত্বাবধানত গঠন হোৱা অমৰেন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা পৰিচালিত ‘শ্ৰমজীৱি সমবায়’ বিভিন্ন নিষিদ্ধ বিপ্লৱী গোটৰ মুখ্য কাৰ্য্যালয় হৈ পৰে। নৰেন্দ্ৰ চেটাৰ্জীৰ শিৱপুৰ গোটে যদি কলিকতা ফ’ৰ্টৰ ( Fort William) জাট ৰেজিমেন্টক বিদ্ৰোহৰ বাবে উচটনি দিছিল, তেন্তে নৰেণ বসুৰ আত্মোন্নতি গোটে উত্তৰ ভাৰতৰ Army Cantonmentবোৰত নিজৰ শিপা বঢ়োৱাত মনোনিবেশ কৰিছিল।

১৯১০ চনৰ ২৪ জানুৱাৰী তাৰিখে বীৰেন দত্ত গুপ্তাই কলিকতাৰ Deputy Superintendent of Police চামচুল আলমক হত্যা কৰে আৰু আন ৪৬ জন ব্যক্তিৰ লগতে যতীন্দ্ৰনাথৰ নামো এই হত্যাৰ গোচৰত সাঙুৰ খাই পৰে ( Howrah-Shibpur Conspiracy Case/ Howrah Gang Case)। এই গোচৰত যদিও যতীন্দ্ৰনাথ দোষী সাব্যস্ত নহয়, কিন্তু তেখেত চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হয়। তেতিয়া তেখেতে স্বাধীন ব্যৱসায় আৰম্ভ কৰে Jessore-Jhenaidah Railway Line নিৰ্মানৰ কামত কিছু ঠিকাৰ কাম পায় আৰু সেই কামৰ সমান্তৰালকৈ জনসাধাৰণক বৃটিছৰ বিৰুদ্ধে সজাগ কৰাৰ কামত ব্ৰতী হয়।

১৯১১ চনত তাৰকনাথ দাসে ( এজন বহুবন্দিত গডৰ সংগ্ৰামী আছিল। এই সংকলনৰ প্ৰথম খণ্ডত গডৰ সংগ্ৰামী সকলৰ বিষয়ে দুআষাৰ ইতিমধ্যে লিখা হৈছে।) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়াৰ পৰা যতীন্দ্ৰনাথলৈ খবৰ পঠাই যে জাৰ্মানীয়ে বৃটিছৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ভাৰতীয় বিপ্লৱীসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লোৱা উচিত। যতীন্দ্ৰনাথ আৰু তেখেতৰ সহযোগীসকলে ইয়াৰ বাবে পৰিকল্পনা আৰম্ভ কৰে ( য’ত ৰাসবিহাৰী বসুও উপস্থিত আছিল, যি পাছলৈ নেতাজী সুভাষ বসুৰ Azad Hind Faujৰ গঠনত অগ্ৰণী ভুমিকা লয়।)। কিছুমান সূত্ৰত উল্লেখ কৰা হৈছে যে যতীন্দ্ৰনাথে সেইসময়ত ভাৰত ভ্ৰমণত অহা জাৰ্মান যুৱৰাজকো এই সংক্ৰান্তত সাক্ষাৎ কৰে। ১৯১৪ চনৰ আগষ্ট মাহত জাৰ্মানী আৰু বৃটিছৰ মাজত যুদ্ধ আৰম্ভ হয় ( প্ৰথম বিশ্বযুদ্ধৰ অংশ )। যতীন্দ্ৰনাথে তেখেতৰ বিধৱা বায়েক বিনোদবালাৰ তত্বাবধানত পত্নী ইন্দুলতা, জীয়েক আশালতা আৰু দুই পুত্ৰ তেজেন্দ্ৰনাথ আৰু বীৰেন্দ্ৰনাথক এৰি দেশমাতৃৰ স্বাধীনতাৰ স্বাৰ্থত গৃহত্যাগ কৰে। যতীন্দ্ৰনাথে গডৰ দলৰ বাৰ্লিন কমিটিৰ সহযোগত জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰে আৰু পৰিকল্পনা হয় যে ভাৰতত এখন মুক্তিযুদ্ধ গঢ়ি তোলা হ’ব আৰু সম্পূর্ণ ভাৰতীয় নেতৃত্বত এক ভাৰত-জাৰ্মানীৰ সন্মিলিত সৈন্যদলে আফগানিস্তান আৰু বাৰ্মাৰ ( থাইলেণ্ড হৈ) পথেৰে বৃটিছ ভাৰত আক্ৰমণ কৰিব। এই সকলো কাৰ্য্যসূচীৰ সমন্বয় ৰক্ষাৰ কাম হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাৰ্মান দূতাবাসৰ পৰা। সাংগঠনিক প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় ধনৰ কিছু অংশ জাৰ্মানীৰ পৰা ভাৰতৰ বিপ্লৱীসকললৈ পঠোৱা হয় আৰু ভাৰতত কিছুমান ডকাইতি কাৰ্য্য ( মুখ্যতঃ বৃটিছ আৰু বৃটিছৰ ভাৰতীয় অনুগামীসকলৰ বিৰুদ্ধে) সংঘটিত কৰা হয়, যিবোৰক স্বদেশী/ টেক্সি-কেব/ ব’ট ডকাইতি বুলি জনা যায়। এনে এক ডকাইতি কাৰ্য্যৰ গুৰি ধৰিছিল নৰেন ভট্টাচাৰ্য্যই (পিছলৈ মানবেন্দ্ৰ নাথ ৰয় নামেৰে জনাজাত হয়, যি ১৯২০ চনত Communist Party of India গঠন কৰে।)

কিন্তু বিভিন্ন কাৰণত, যেনে, দলীয় কৰ্মীৰ বিশ্বাস ঘাটকতা; কেইবাজনো গডৰ সংগ্ৰামীৰ পুলিচৰ হাতত গ্ৰেপ্তাৰ; আমেৰিকাস্থিত ভাৰতীয় বিপ্লৱীসকলৰ লগত তদানীন্তন Czechoslovakiaৰ বিপ্লৱীসকলৰ মনোমালিন্য ( প্ৰথম বিশ্বযুদ্ধত Czechoslovakiaএ জাৰ্মানীৰ বিৰুদ্ধে বৃটিছপক্ষৰ Allied Powersত যোগদান কৰে) ঘটাত এই গোপন অভিযানৰ পৰিকল্পনা ফাদিল; জাৰ্মানীৰ পৰা ভাৰতলৈ অস্ত্ৰ লৈ অহা জাৰ্মান নৌজাহাজ Maverikৰ Allied Powersৰ হাতত জব্দ আদি কাৰণত এই পৰিকল্পনা বিফল হয়। ( অধিক জানিবলৈ ইচ্ছুক সকলে The German Plot/ The Hindu-German Conspiracy/ The Zimmermann Plan/ The Second Christmas Day Plot আদি search head ব্যৱহাৰ কৰি গুগুলাই চাওঁকচোন, কি ইতিহাস ওলাই আহে smile emoticon )

জাৰ্মানীৰ পৰা জলপথৰে আহিব লগা সাহাৰ্য্য গ্ৰহণ কৰিবলৈ যুগান্তৰ দলৰ ভোলানাথ চট্টোপাধ্যায়ে গোৱাত; যতীন ঘোষাল আৰু হৰিকুমাৰ চক্ৰবৰ্তীযে সুন্দৰবনত আৰু যতীন্দ্ৰনাথে বালাছোৰৰ সমীপৰ কপ্তিপদাত ( তদানীন্তন British Indian Princely State ময়ুৰভঞ্জৰ অন্তৰ্গত, বৰ্তমানৰ উৰিষ্যা ৰাজ্যত) বাহৰ পাতি আছিল। এই পৰিকল্পনা ফাদিল হোৱাৰ লগে লগে বৃটিছ পুলিছে চোৰাংচোৱা সূত্ৰৰ পম খেদি যতীন্দ্ৰনাথক তেখেতৰ অন্য চাৰিজন সহযোগীৰ সৈতে ঘেৰাও কৰিবলৈ সক্ষম হয় আৰু ১৯১৫ চনৰ ৯ চেপ্তেম্বৰত বালাছোৰৰ কাষৰীয়া Chashakhand নামে এটা টিলাত দুয়োপক্ষৰ মাজত যুঁজ লাগে। বৃটিছৰ উন্নত অস্ত্ৰ আৰু বৃহৎ বাহিনীৰ লগত হোৱা এই যুঁজত পিষ্টলধাৰী পাঁচজন সংগ্ৰামীৰ সম্ভাৱনাই বা আছিল কিমান !! চিত্তপ্ৰিয় ৰয়চৌধুৰীৰ নিহত, যতীন্দ্ৰনাথ আৰু যতীশ পাল গুৰুতৰভাৱে আহত হোৱাৰ লগতে গুলী শেষ হৈ যোৱাৰ বাবে মনোৰঞ্জন সেনগুপ্তা আৰু নীৰেন দাসগুপ্তা পুলিছৰ হাতত কৰায়ত্ব হয়। যতীন্দ্ৰনাথৰ ১০ চেপ্তেম্বৰ তাৰিখে বালাছোৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয়। নীৰেন দাসগুপ্তা আৰু মনোৰঞ্জন সেনগুপ্তাক পাছত ফাঁচী কাঠত তোলা হয় আৰু যতীশ পালক যাবজ্জীৱনৰ বাবে নিৰ্বাসন দিয়া হয়।

যতীন্দ্ৰনাথ অকল শাৰীৰিকভাৱে শক্তিশালী আৰ নিৰ্ভীক ব্যক্তিত্বৰ অধিকাৰীয়ে নাছিল, তেখেত আধ্যাত্মিক আৰু দাৰ্শনিক প্ৰকৃতিৰ মানুহো আছিল। তদুপৰি তেখেত বঙালী আৰু ইংৰাজী দুয়োটা ভাষাতেই লিখাত সিদ্ধহস্ত আছিল আৰু তেখেতৰ হাতে লিখি বিলোৱা বিভিন্ন কবিতা, ৰচনা আদিয়ে জনগণৰ, বিশেষকৈ বিপ্লৱীসকলৰ, সমাদৰ লাভ কৰিছিল। এই লিখনিসমূহত অকল স্বদেশপ্ৰেমৰ আদৰ্শ আৰু বৃটিছৰ শোষণৰ প্ৰতিবাদেই নাছিল, সেইসময়ৰ সমাজৰ বিভিন্ন কুসংস্কাৰকো তীব্ৰ ব্যংগ আৰু কটাক্ষ কৰা হৈছিল। ইয়াৰ বাবে যতীন্দ্ৰনাথে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু দেশবন্ধু চিত্তৰঞ্জন দাসৰো ভূয়সী প্ৰশংসা লাভ কৰিছিল।

‘আমরা মরবো, জগত জাগবে’ (We shall die to awaken the Nation.) – বাঘা যতীনে সততে সতীৰ্থ সংগ্ৰামী সকলক কৈছিল। যতীন্দ্ৰনাথ আৰু এনে অনেক স্বাধীনতা সেনানীয়ে নিজৰ আত্ম বলিদানৰ নিদৰ্শনৰে জাগ্ৰত কৰি যোৱা জনগণৰ সহায়তেই মহাত্মা গান্ধীয়ে কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফালৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামখনৰ গুৰি ধৰি আগুৱাবলৈ সক্ষম হয়। ১৯২৫ চনত গান্ধীজীয়ে পুলিছ কমিছনাৰ Charles Tegartক কথা প্ৰসংগত কৈছিল , বাঘা যতীন ‘স্বৰ্গীয় ব্যক্তিত্বৰ অধিকাৰী’ ( a divine personality) আছিল। গান্ধীজীয়ে হয়তো নাজানিছিল যে তাৰ বহু আগতেই Charles Tegartএ লণ্ডনস্থিত বন্ধুবৰ্গলৈ চিঠিত লিখিছিল, যদি বাঘা যতীন এজন বৃটিছ হ’ল হয়, তেন্তে ট্ৰাফালগাৰ স্কোৱেৰ ( Trafalgar Square, লণ্ডনৰ এখন প্ৰসিদ্ধ জনসমাগম স্থলী)ত নেলছনৰ (বৃটিছ নৌসেনাৰ Admiral Horatio Nelson, যি নেপোলিয়নৰ বিৰুদ্ধে কৃতিত্বৰে যুজিছিল।) মূৰ্ত্তিৰ কাষত বাঘা যতীনৰ মূৰ্ত্তি থাকিল হয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক