সিদ্ধান্ত (-দীপাঙ্ক বৰা)

 

 

অফিচৰ পৰা অলপ সোনকালে ওলাই যোৱাৰ কথা ভবিছিল সদানন্দ শইকীয়াই। কিন্তু চাৰিটামান বজাত অতি দৰকাৰী বুলি লিখি থোৱা ফাইলকেইটামান টেবুললৈ অহাত খঙ উঠি গ’ল । উপায় নাই। অৱসৰলৈ বৰ বেছি দিন নাই শইকীয়াৰ । তাতে গাটোও আজিকালি ভাল লাগি নথকা হৈছে। সিদিনা অফিচতে মুৰ ঘুৰাই অচেতন হৈ পৰাত ডাক্তৰক দেখাওঁতে পৰীক্ষাকেইটামান কৰিব দিছিল। আজি ৰিপোৰ্টকেইটা লৈ পুণৰ ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা। লৰালৰিকৈ টেবুলৰ কাম কেইটা শেষ কৰি বাহিৰে বাহিৰে ডাক্তৰৰ চেম্বাৰলৈ গৈ ঘৰ আহি পাওঁতে পলমেই হৈছিল। আনদিনাতকৈ ঘৰটো বৰ দূৰৈত যেন অনুভৱ হৈছিল শইকীয়াৰ। খেলি মেলি হৈ পৰিছিল মনটো।XIDHANTA
ঘৰ আহি পোৱাৰ পিছত নিজৰ চিন্তাবোৰ পাতলাবলৈ নোপাওঁতেই জীয়েকহঁতৰ কৰ্কশ কথা-বতৰাবোৰ শুনি মনটো ভাৰাক্ৰান্ত হৈ পৰিল। পাছৰটো সপ্তাহত শইকীয়াৰ সৰু জীয়েকৰ বিয়া । তাৰেই দিয়া- নিয়াৰ হিচাপ নিকাচ লৈ দুয়োজনী জীয়েকৰ মাজত তৰ্কা-তৰ্কি লাগি আছে । দেউতাক আহি পোৱাৰ লগে লগে দুয়োজনীয়ে নিজৰ নিজৰ ভাগে কথাবোৰ শুনোৱাত লাগিল। সৰু জীয়েকৰ মতে ল’ৰাটোৰ ঘৰৰ অৱস্থালৈ চাই তাইৰ লগত যিমান খিনি দিব লাগে সেই মতে দিয়াৰ কথা ভবা নাই দেউতাকে। আৰু ডাঙৰ জীয়েকৰ মতে সৰু জনীক যে ইমান বিলাক দিছে, তাইকটো একোৱেই দিয়া নাই এতিয়ালৈকে। শইকীয়াৰ ডাঙৰ ছোৱালীজনী কেইবছৰমান পূৰ্বে নিজেই এটালৈ গুছি গৈছিল ঘৰৰ অমতত । নাতিনী এজনী পাওঁতে মাক-বাপেকে আকৌ আদৰি ল’লে সকলো পাহৰি । এতিয়া ভনীয়েকৰ লগত জেদা-জেদি। সিহঁতৰ কথাবোৰ শুনি শইকীয়াৰ খঙ উঠিব লাগিছিল। নুঠিল। দীঘল হুমুনিয়াহ এটা বাহিৰ হ’ল। এই দুইজনী ছোৱালীয়েই সৰুতে দুষ্টামি কৰিলে দেউতাকে বিয়া দি দিম বুলি ক’লে ফেঁকুৰি ফেঁকুৰি কান্দিছিল দেউতাকক সাৱটি ধৰি কেতিয়াও বিয়া নহঁও বুলি কৈ। আৰু এতিয়া। কথাতো মনত পৰি শইকীয়াৰ হাঁহি উঠি গ’ল । বিয়া উপলক্ষে উদুলি মুদুলি হৈ থাকিব লগীয়া ঘৰখনৰ পৰিৱেশটো গোমা হৈ থকাত শইকীয়াৰ বেয়াও লাগিল। মনতে অলপ হিচাপ-নিকাচ কৰি দুয়োজনী জীয়েকক যি লাগে তাকে দিম মাত্ৰ এইকেইদিন মন বেয়া কৰি নাথাকিবি বুলি কৈ পত্নীক চিঞৰি চাহ একাপ খুজি খালে। অস্থিৰ মনটোৰ মাজত চলি থকা ধুমুহাজাকৰ শাম কটাবলৈ পত্নীক ওচৰত বহুৱাই দুইজীয়েকক মাতি আনি বিয়াৰ বাকী থকা কাম-কাজৰ খতিয়ান লোৱাত লাগিল। বজাৰ সমাৰৰ দায়িত্ব পত্নী-পুত্ৰীহঁতক দি নিজে বাকী থকা মানুহবোৰ মতাৰ দায়িত্ব ল’লে। অলপ আগলৈকে গোমা হৈ থকা মনবোৰ মুকলি হৈ পৰিল। শইকীয়াই পত্নীক বিয়াৰ কাৰণে কি লাগিব শুধিলে। কোনেও বুজিব পৰা নাছিল অশান্ত মনটোক ব্যস্ত ৰাখিবলৈ শইকীয়াই কৰি থকা অভিনয়খিনি। সৰু জীয়েকৰ বিয়াৰ বাজেট পাঁচ-ছয় লাখ মান টকাৰ আছিল। তাইৰ নতুন দাবীবোৰ পূৰাবলৈ আৰু এক লাখ মান লাগিব। আনপিনে ডাঙৰ জীয়েকেও বিচাৰিছে । তাইক তিনিলাখ মান নগদ টকাই দি দিব লাগিব। প্ৰভিডেন্ট ফান্ডৰ টকা কেইটা উলিয়াই পেলালে যেনেতেনে জোৰা মাৰিব পৰা যাব। কিন্তু পত্নীৰ কি হ’ব। মূৰে কাম নকৰা হৈ পৰিল।
সোনকালে ভাত ৰান্ধিবলৈ কৈ বুদ্ধি কৰি পত্নীক আঁতৰাই পঠাই জীয়েকহঁতকো বিয়াৰ ইটো-সিটো কামত ব্যস্ত ৰাখি কোঠাটোত অলপ অকলশৰীয়া হৈ ল’লে। আলমাৰীটো খুলি লাইফ ইঞ্চিওৰেন্সৰ ফাইলটো উলিয়াই শইকীয়া নিজেও ব্যস্ত হৈ পৰিল। দুটা পলিচিৰ প্ৰিমিয়াম দিয়াৰ তাৰিখ পাৰ হৈ গৈছে কেতিয়াবাই । সোনকালে দি পুণৰ সক্ৰিয় কৰি ল’ব লাগিব। নহ’লে সেই দুটা মৰা পৰিব। বাকী কেইটা ঠিকেই আছে। সকলো ঠিকেই থাকিলে দুবছৰমানৰ মূৰত ভালেখিনি টকাই হাতত পৰিল হয় । সেইখিনি টকাৰে ঘৰটোৰ কোঠাদুটামান বঢ়াই জীয়েকহঁতক বিয়া দি অৱসৰৰ পাছত ভাড়াঘৰৰ পৰা উপাৰ্জন কৰিম বুলি ভাবিছিল শইকীয়াই । কথাটো মনত পৰি হাঁহি উঠি গ’ল । সেইটো পৰিকল্পনা সিমানতে পৰিত্যাগ কৰিলে । বাকী অংকবোৰ ধুনীয়াকৈ মিলি গৈছিল সেই জটিল অংকটো বাদ দি । যি হয় দেখা যাব বুলি শইকীয়াই কাগজ পত্ৰ বোৰ সামৰি আলমাৰীটো বন্ধ কৰি ভাগৰুৱা দেহাটো বিচনাৰ আশ্ৰয়ত এৰি দিলে । খোলা খিৰিকী খনেদি মনটো যেন অতীতলৈ উৰা মাৰিলে ।
অভাৱী পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ হিচাপে সৰুৰে পৰাই সদানন্দ শইকীয়াই গধুৰ দায়িত্বৰ বোজা বহন কৰিছিল । স্কুলত পঢ়ি থাকোতেই স্থানীয় পৌৰসভাৰ পেন্সন বিহীন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দেউতাকৰ মৃত্যু ঘটিছিল । ভায়েক আৰু ভনীয়েকজনীৰ পঢ়া শুনাকে আদি কৰি যাৱতীয় খৰচৰ উপৰিও অবিবাহিতা বায়েক আৰু বেমাৰী মাকৰ চিকিৎসা ইত্যাদিৰ যোগাৰ কৰিবলৈ কি কৰা নাছিল শইকীয়াই । বাৰীৰ পাণ-তামোল বেচাৰ পৰা, পুৱা-গধূলি টিউচন কৰা..একো বাদ দিয়া নাছিল । বায়েকে দুবাৰ মান মেট্ৰিক পৰীক্ষা দিও উত্তীৰ্ণ হ’ব নোৱাৰি বহুদিন আগতেই পঢ়া শুনাৰ ইতি পেলাই ইটো-সিটো কৰি মাজে মাজে দুই-এটকা উপাৰ্জন কৰিছিল যদিও সেইয়া আছিল এপাচি শাকত এটা জলকীয়াৰ নিচিনা ।
শইকীয়াই কলেজত নাম লগালেও ক্নাছ কৰিবলৈ সময় নাছিল । বাৰীৰ ইটো সিটো বস্তু লৈ সাপ্তাহিক বজাৰ বিলাকত বেছিবগৈ লাগে । নহ’লে গোটেই পৰিয়ালটো লঘোণে থাকিব লাগে । ভাগ্যে তেতিয়াৰ দিনত কলেজ ক্ষতি কৰিলেও পৰীক্ষা দিবলৈ দিছিল । কোনোমতে প্ৰি-ইউনিভাৰ্চিটিৰ দেওনা পাৰ হৈ বি.এ. ত নাম লগাবলৈ সক্ষম হৈছিল পিতৃস্থানীয় এজন অধ্যাপকৰ দয়াত । অনবৰত বিমৰিষ হৈ থকা দেখি সদানন্দৰ ঘৰুৱা অৱস্থাৰ কথা নজনা বন্ধু-বান্ধৱ বোৰে শইকীয়াক নিৰানন্দ নাম দিছিল । সংসাৰৰ বোজা কঢ়িয়াই কঢ়িয়াই শইকীয়াই সচাঁকৈ হাহিঁবলৈ পাহৰি যোৱাৰ নিচিনা হৈছিল । সেই সময়ত অসম আন্দোলনৰ ভৰপক । কলেজৰ ছাত্ৰ হৈও আন্দোলনত যোগ নিদিয়াৰ অপৰাধত এবাৰ চেন্দেলৰ মালা পিন্ধাই, লপা-থপা দি আঠু কঢ়াইও থৈছিল শইকীয়াক । সমবয়সীয়া ল’ৰা-ছোৱালী বিলাকৰ ওচৰত তেওঁ পৰিগণিত হৈছিল এটা দেশদ্ৰোহী হিচাপে । শইকীয়াৰ সেইদিনা বেছিকৈ দুখ লাগিছিল তেওঁৰ হৈ মাত মতা বাবে সেই দয়ালু অনা অসমীয়া অধ্যাপকজনকো কমিউনিষ্ট বুলি সংগঠনৰ বিষয়ববীয়া সকলে শাৰীৰিক আৰু মানসিক ভাবে অপমান কৰাত ।
ভায়েক আৰু ভনীয়েকে কলেজত নাম লগোৱাৰ পাছত শইকীয়াই সিহঁতৰ খৰচ যোগাবলৈ নিজৰ পঢ়া-শুনা আধাতে সাং কৰিলে । এনেও সিহঁতে হেনো জাতিদ্ৰোহী ককায়েকৰ কাৰণে কলেজত মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছিল ।

ভাগ্যক্ৰমে অস্থায়ীকৈ হ’লেও চৰকাৰী অফিচ এটাত কেৰাণীৰ চাকৰিটো পোৱাত সদানন্দ শইকীয়াই কিছু পৰিমাণে সকাহ পালে । দৰমহা সামান্য আছিল যদিও যেনেতেনে চলি গৈছিল অভাৱী পৰিয়ালটো । কিন্তু আন্দোলনৰ বাবে সঘনাই হৈ থকা বন্ধবোৰৰ বাবে পুণৰ বিপদত পৰিছিল শইকীয়া । তেনেকুৱা বন্ধৰ দিনত অফিচলৈ নগ’লে ওপৰৱালাৰ গালিৰ লগতে চাকৰি যোৱাৰ ভয় আনহাতে অফিচলৈ গ’লেও আন্দোলনকাৰী সকলৰ চকুত পুণৰ দেশদ্ৰোহী হৈ পৰাৰ ভয় । তেনেকুৱা এটা বন্ধতে মজাৰ ঘটনা এটা ঘটিছিল শইকীয়াৰ জীৱনত । চুচুক চামাক কৈ অফিচৰ ওচৰ পাওঁতেই আগৰে পৰা বহি পিকেটিং কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত খাকী পুলিচ এদল জপিয়াই পৰিছিল । মুহুৰ্ত্ততে ছেদেলি ভেদেলি হৈ পৰা ভিৰৰ মাজত শইকীয়াও অনাকাংক্ষিতভাৱে সোমাই পৰিছিল । বাচ বিচাৰ নকৰাকৈ নিৰ্মম ভাবে লাঠি চালনা কৰি থকা কোনোবা পুলিচে সদানন্দ শইকীয়াকো গুৰুলা-গুৰুল কৈ পিটি পেলাই থৈ গৈছিল ৰাজপথতে । আহত ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ভাগকে লগৰবোৰে দাঙি নিছিল । কিন্তু শইকীয়াক চিকিৎসালয়লৈ নিবলৈ কোনো নাছিল । ফলত অৱশ্যে তেওঁৰ লাভহে হ’ল । সাংবাদিকৰ কেমেৰাৰ উজ্জল পোহৰে আহত শইকীয়াক বীৰৰ মালা পিন্ধালে । পাছদিনাৰ বাতৰি কাকতত শইকীয়াৰ ফটোও প্ৰকাশ হ’ল । দেশদ্ৰোহীৰ পৰিচয় আঁতৰিল । বৰ বৰ হৰফৰে নিৰ্য্যাতিতৰ আখ্যা পালে শইকীয়াই । কথাতো মনত পৰি সদানন্দ শইকীয়াৰ হাহিঁ উঠি গ’ল । কি যে দিন আছিল সেইবোৰ । সকলো যেন আবেগৰ বশৱৰ্ত্তী হৈ আন্দোলনৰ সপক্ষে বৈ থকা ঢৌত উটি গৈছিল । শেষতহে গৈ থৈ সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল । এমখা মৰিল । এমখা জীবনলৈ ঘুণীয়া হ’ল । কেইটামান অৱশ্যে ৰজা হ’ল ।
আন্দোলন শেষ নহওঁতেই শইকীয়াৰ মাকে চকু মুদিছিল । অৱশ্যে ঢুকোৱাৰ আগে আগে বয়সে ভাটি দিয়া ডাঙৰ জীয়েকৰ বিয়াখন দেখি গৈছিল । শইকীয়াৰ চাকৰিটোও স্থায়ী হৈছিল । ভায়েকে ইঞ্জিনীয়েৰিঙ কলেজত ছিট পোৱাত তাৰ পঢ়াৰ খৰচ যোগাবলৈ শইকীয়াই পুণৰ পুৱা গধুলি টিউচন কৰিবলৈ লৈছিল । কাৰণ কলেজীয়া ভনীয়েকৰ খৰচৰ মাত্ৰাও বাঢ়ি আহিছিল । নিজেই থান থিত লাগিছিল সিহঁত এসময়ত । ককায়েকে সিহঁতৰ বাবে কৰা শ্ৰম বা কষ্টৰ ফল খিনি সিহঁতে নিজৰ প্ৰাপ্য বুলি ভাবিছিল । আবেগিক নাছিল সদানন্দ শইকীয়া । তথাপিতো অলপ অভিমান জাগিছিল । ভায়েকে কেন্দ্ৰীয় চৰকাৰৰ মোটা দৰমহাৰ চাকৰিত জইন কৰোতে শইকীয়াই তাৰ পৰা ফুটা কড়ি এটাও আশা কৰা নাছিল। কিন্তু সিটো তেওঁ কৰা কষ্টখিনিৰ বিনিময়ত ধন্যবাদ এটাকে দিব পাৰিলে হয় । নতুবা সি বিয়া কৰোৱা দিল্লীৰ ছোৱালীজনীৰ সৈতে পৰিচয় কৰাই দিবলৈ আনোতে ভনীয়েক আৰু সি তেওঁ পিন্ধি থকা ফিচিকি যোৱা চাৰ্টটোৰ কথা কৈ গালি নপৰাকৈও থাকিব পাৰিলে হয় । সন্মান হানি হৈছিল হেনো সেইদিনা সিহঁতৰ । ভায়েকে অৱশ্যে তাৰ নিজৰ বিয়াখনৰ উপৰিও আন এটা দায়িত্বৰ পৰাও তেওঁক সকাহ দিছিল । ভনীয়েকে নিজেই পচন্ড কৰা আন্দোলনৰ বিয়োগম নেতা এটাৰ লগত তাইৰ বিয়া পাতি দিছিল । সিহঁতৰ পুৰণি জৰাজীৰ্ণ ঘৰখনৰ বাবে ধনী ল’ৰাটোৰ ঘৰৰ মানুহখিনিৰ ওচৰত লাজ পাই বুলি বিবাহ ভৱনত বিয়াৰ নিয়ম খিনি কৰা হৈছিল । অনাহুত অতিথি হৈ পৰিছিল সেইদিনা সদানন্দ শইকীয়া বিবাহ ভৱনত । ভায়েক ভনীয়েকহঁতৰ ৰঙীন জীবনত শইকীয়া অপ্ৰয়োজনীয় হৈ পৰিছিল । বিদায় পৰত ভনীয়েকে তেওঁক নিয়ম মাফিক সেৱা কৰি উঠি সৰু ককায়েকক সাৱটি ইনাই বিনাই কান্দোতে সদানন্দ শইকীয়াই বুজি পালে ভাত,কাপোৰ,পঢ়াৰ খৰচ যোগাওঁতে কঠোৰ হৈ পৰা তেওঁ সিহঁতৰ মনৰ পৰা বহুত দূৰ আঁতৰি আহিল ।
সিহঁত আঁতৰি যোৱাৰ পাছত শইকীয়া একেবাৰে অকলশৰীয়া হৈ পৰিছিল । বায়েকেই ধৰি মেলি বিয়া পাতি দিয়াৰ সময়ত তেওঁ বয়সৰ হিচাপত বুঢ়া হোৱা নাছিল যদিও সৰুৰে পৰা পৰিয়ালৰ বাকীবোৰৰ দায়িত্ব বহন কৰি কৰি নিজকে অকাল বৃদ্ধ যেন লগা হৈছিল ।
কথাবোৰ ভাবি ভাবি অন্য এখন জগতত বিচৰণ কৰি আছিল শইকীয়াৰ মনটো । ঘৈনীয়েকে ভাত দিওঁনে বুলি সুধিবলৈ আহি বিয়াৰ কথা উলিয়াওঁতেহে বৰ্তমানলৈ ঘুৰি আহিল ।

 

‘হেৰি নহয়…মই পুৰণা নেকলেচদাল নতুন ডিজাইন এটাত গঢ়িবলৈ দিছিলো । আজি সোণাৰীটোৱে ক’লে সোণ এতোলা মান বেছিকৈ পৰিব । পাৰিব নে’কি মেনেজ কৰিব ! নোৱাৰিলে থাকক এতিয়া সেইদাল, পিছে পৰেও আনিব পৰা যাব ।
‘হ’ব দিয়া পাৰিম । বিয়াৰ আগতেই লৈ আহিবা নেকলেচদাল । এতিয়াই নিপিন্ধিলে পিছত আৰু কেতিয়া পিন্ধিবা’ বুলি শইকীয়াই ঘৈনীয়েকক ভাত বাঢ়িবলৈ ক’লে ।
মনৰ ভিতৰত চলি থকা ধুমুহাজাকৰ কথা শইকীয়াৰ কাৰোবাক ক’বলৈ মন গৈছিল । কিন্তু ক’লেই যে গোটেই হিচাপ নিকাচ বোৰ খেলি মেলি হৈ পৰিব । ডাক্তৰে কোৱা মতে অপাৰেচন নকৰিলে প্ৰায় অকামিলা হৈ পৰা হৃৎপিণ্ডটোৱে যিকোনো মুহুৰ্ত্ততে কাম নকৰা হৈ পৰিব পাৰে । তাৰ আগতেই শইকীয়াই সকলোকে সন্তুষ্ট কৰি থৈ যাব লাগিব । ছয়-সাত লাখ টকা খৰচ কৰি নিজৰ অসুখ ভাল কৰিবলৈ গ’লে সদানন্দ শইকীয়া আকৌ এবাৰ ঘৰৰ মানুহখিনিৰ মনৰ পৰা বহু দূৰলৈ আঁতৰি যাব । তাতকৈ সকলোবোৰ থান থিত লগাই তেওঁৰ প্ৰয়োজন শেষ হোৱাৰ পাছত শাৰীৰিক ভাবে আঁতৰ হৈ গ’লেও কাৰো মনত আক্ষেপ নাথাকিব । সিদ্ধান্তটো লৈ সদানন্দ শইকীয়াৰ মনটো মুকলি হৈ পৰিল ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments