চিন্তাৰ চাকনৈয়া-৮
 অনুকৰণপ্ৰিয়তা আৰু হীনমন্যতা (-হিতেন্দ্ৰ কুমাৰ শৰ্মা)

কিছুদিন লেখা-মেলাৰ পৰা অলপ দুৰত আছিলো, কিন্তু বাস্তৱ জীৱনতে দেখি থকা আৰু নিজে সন্মুখীন হোৱা কিছুমান পৰিস্থিতি আৰু ঘটনাই পুনৰ চিন্তাৰ খোৰাক যোগালে৷ তাকে লিখো বুলি ভাবিলো।

অনুকৰণ কৰাটো মানৱ চৰিত্ৰৰ এটা অভিন্ন আৰু স্বাভাৱিক অংগ৷ আমি সৰুৰে পৰা ডাঙৰক দেখি দেখি বহু কথা শিকো, ভাল আৰু বেয়া উভয়ে৷ বহুতে বেলেগক দেখি ধুম্ৰপান কৰিব শিকে, আকৌ কিছুমানে ডাঙৰক দেখি ধুম্ৰ আৰু মদ্যপান কৰাটো এটা সাংঘাতিক বেয়া কাম বুলিও শিকে৷ ইয়াৰ উপৰিও চাল-চলন, কথা বতৰাৰ ধৰণ, আৰু আন বহুত সৰু বৰ অভ্যাস আমি বেলেগক দেখিয়েই শিকো অজানিতে৷ অকল শিশু অৱস্থাতে নহয়, প্ৰাপ্তবয়স্ক ব্যক্তি এজনেও বেলেগক দেখি নিজৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন কৰে৷ বহু ক্ষেত্ৰত তেওঁ নিজে নজনাকৈয়ে৷
এয়া কোনো সমস্যা নহয় বৰং অত্যন্ত স্বাভাৱিক। কিন্তু এয়া সমস্যাৰূপে তেতিয়াহে দিয়ে যেতিয়া জীৱনৰ ডাঙৰ সিদ্ধান্ত আৰু সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰতো আনৰ অনুকৰণ কৰা হয়। আনৰ অনুকৰণ কৰা আৰু আনৰ লগত তুলনা কৰাৰ মাজত বৰ বেছি পাৰ্থক্য নাই৷ কিছুমান ক্ষেত্ৰত ই যোগাত্মক প্ৰভাৱ পেলাব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰতে ই হীনমন্যতা আৰু মানসিকভাবে ঋণাত্মক প্ৰভাৱহে পেলোৱা দেখা যায়৷ বিশেষকৈ আজিকালিৰ তীব্ৰ প্ৰতিযোগিতা আৰু ভোগবাদী সমাজত, যʼত টকা-পইচা, ক্ষমতা, সম্পত্তি আদিয়েই এজন ব্যক্তিৰ সাফল্য আৰু সন্মানৰ মাপকাঠি, অনুকৰণ আৰু আনৰ সৈতে তুলনা কৰাটো মাৰাত্মক হʼব পাৰে৷ পৰীক্ষাত বেয়া ফলাফল হোৱাৰ আশংকাত আত্মহত্যা কৰা আদি ঘটনা এই চিন্তাধাৰাৰেই ফলশ্ৰুতি।
আমি অনুকৰণ কিয় কৰো বাৰু ! নিজৰ ওপৰত আত্মবিশ্বাসৰ অভাৱৰ বাবেই আমি এনেকুৱা কৰো৷ আত্মবিশ্বাসৰ অভাৱে আমাৰ মনত হীনমন্যতাৰ জন্ম দিয়ে, আত্মসন্মান আৰু দৃঢ়তাৰ বিলুপ্তি ঘটায় আৰু মনত ভয়ৰ সঞ্চাৰ কৰে৷ ভয় বিফল হোৱাৰ আৰু মানুহৰ ইতিকিং আৰু ঠাট্টাৰ পাত্ৰ হোৱাৰ৷ কিছুবছৰ আগে মুক্তি পোৱা এখন চিনেমা চাগে সকলোৰে মনত আছে, ʼতাৰে জমীন পৰʼ৷ এজন দুৰ্ভগীয়া শিশুৰ মানসিক অৱস্থা আৰু তাৰ অনুকৰণপ্ৰিয় মাক-দেউতাকৰ আঁকোৰগোজ মনোভাৱৰ ফলশ্ৰুতিত শিশুজনৰ মনত দেখা দিয়া হীনমন্যতা আৰু ভয়ৰ সৃষ্টি হোৱাটোৱেই ছবিখনৰ পটভূমি আছিল।
আজিও আমি গাঁৱৰ কোনোৱে কিবা কৰিলে তাকে অনুকৰণ কৰিবলৈ ইচ্ছা কৰো, প্ৰতিবেশীয়ে কিবা নতুন বস্তু কিনিলে আমিও হঠাতে তাৰ প্ৰয়োজন অনুভব কৰিব ধৰো, সম্বন্ধীয় এজনৰ সন্তানে ইঞ্জিনীয়াৰিং বা মেডিকেলত আসন পালেতো কথাই নাই৷ কিন্তু অনুকৰণ কৰি কৰি সকলো বস্তু আনৰ সমানে আহৰণ কৰি লোৱাৰ পিছতো এই অভ্যাসটো নাযায়৷ ইঞ্জিনীয়াৰিং পাছ কৰাৰ পিছত কাৰোবাক দেখি চৰকাৰী স্কুলৰ শিক্ষক বা কেৰাণীৰ চাকৰিও হঠাৎ ভাল লগা হৈ যায়, বেংকত চাকৰি পোৱাৰ পিছত হঠাৎ আই.এ.এচ, আই.পি.এচ বিষয়া হোৱাৰ বাসনা জাগি উঠে, বহুজাতিক কোম্পানীত চাকৰি পোৱাৰ পিছত কেতিয়াবা আকৌ কোনো সম্পদশালী প্ৰবাসীৰ দৰে বিদেশলৈ গৈ ʼকিবা এটা কৰাʼৰ ইচ্ছা হয়, কেতিয়াবা আকৌ মনত ভাব হয় ʼছেঃ, স্নাতকোত্তৰ ডিগ্ৰীটো লৈ, পি.এইচ.ডি কৰাই ভাল আছিল৷ আজিকালি কলেজৰ প্ৰফেছৰ সকলৰ দৰমহা খুব ভালʼ ইত্যাদি ইত্যাদি৷ ইয়াৰ কাৰণ হʼল নিজৰটোতকৈ আনৰটো ভাল দেখা মানসিকতা অৰ্থাৎ, হীনমন্যতা৷ আনৰ লগত তুলনা কৰা অভ্যাসটোৰ ফলত মানুহে কেতিয়াও সুখী হব নোৱাৰে৷ ইয়াৰ অৰ্থ এয়া নহয় যে প্ৰতিযোগিতা বা আনৰ সমানে উন্নতি কৰিবলৈ চেষ্টা কৰাটো বেয়া৷ সুস্থ প্ৰতিযোগিতা সদায়েই আদৰণীয়৷ মাত্ৰ নিজকে আনতকৈ হীন বুলি ভাবি এই প্ৰতিযোগিতা কৰিব নালাগে৷ নিজৰ স্বাভিমান বৰ্তাই ৰাখি প্ৰতিযোগিতাত নামিব লাগে৷ প্ৰতিযোগিতাত হাৰিলেও যাতে হীনমন্যতাত ভুগিব নালাগে৷
আনৰ উপদেশ বা পৰামৰ্শ লোৱাটো বিভিন্ন ক্ষেত্ৰত সহায়ক হয়, কিন্তু সকলো কথাতে আনক সোধাটো হীনমন্যতাৰ পৰিচায়ক। আমি সকলোৱে জীৱনত কেতিয়াবা নহয় কেতিয়াবা এই কাম কৰো৷ ইয়াৰ অন্তৰ্নিহিত ভাৱ হʼল, ʼযদি ভুলো হয় মই অকলে ইয়াৰ বাবে দায়ী নহম; অমুকক সুধিহে কামটো কৰিছিলো৷ গতিকে ভুল হলে তেৱোঁ ইয়াৰ বাবে দায়ী হব।ʼ আমাৰ সিদ্ধান্তবোৰৰ ওপৰত আমাৰ বিশ্বাস আৰু নিষ্ঠা নাথাকিলে আমি বেলেগকো পাকে প্ৰকাৰে সেই সিদ্ধান্তৰ অংশীদাৰ কৰি লও৷ এই ʼঅমুকʼজন আমাৰ আত্মীয়-কুটুম্ব, বন্ধু, ভ্ৰাতৃ-ভগ্নী অথবা পিতৃ-মাতৃও হব পাৰে৷ কিন্তু আপোনাৰ এই চক্ৰান্তৰ কথা আজিকালি সকলোৱে বুজি পায়৷ সেয়েহে উপদেশৰ নামত দিশাহীন, সাধাৰণ (general, neutral)উপদেশ শুনিবলৈ পোৱা যায় যাৰ দ্বাৰা একো নিৰ্ণয় লোৱাত সুবিধা নহয় আৰু উপদেশ দিয়াজনো সাম্ভাব্য দায়-দোষৰ পৰা সাৰি যায়৷ নিঃস্বাৰ্থভাবে আমাৰ ভাল চিন্তা কৰা সকলৰ পৰা এটা সুচিন্তিত, নিৰপেক্ষ আৰু শুনিলে ভাল নলগা ধৰণৰ উপদেশ পাব পাৰি যিটোৰ পৰা আমাৰ ভাল হোৱাৰ সম্ভাৱনাই বেছি৷ কিন্তু তেওঁলোকৰ উপদেশো আমাৰ বাবে সকলো সময়ত লাভদায়ক নহবও পাৰে, তাৰ কাৰণ বহুতো৷ অৱশেষত আমাৰ নিজৰ যুদ্ধ আমি নিজেই যুঁজিব লাগিব৷ সমস্যাটোৰ মুখা-মুখি আমি নিজেই হব লাগিব, বেলেগক দোষাৰোপ কৰিলে ইয়াৰ সমাধান নহয়৷
গতিকে, নিজেই নিজৰ সকলো সিদ্ধান্ত লোৱাটো যুগুত৷ সেই সিদ্ধান্তৰ ফলত হব পৰা সুফল আৰু কুফল দুয়োটাৰ দায়িত্ব নিজে লৈ সংসাৰৰ মুখা-মুখি হʼব পৰা জনহে প্ৰকৃত স্বাভিমানী আৰু আত্মবিশ্বাসী ব্যক্তি।আনৰ সহায় নোলোৱাকৈ আৰু আনক দোষাৰোপ নকৰাকৈ সাহসী সিদ্ধান্ত লব পৰা জনেহে সমাজত সন্মান পায়৷ তেওঁহে প্ৰকৃত পুৰুষ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments