চক্ৰ – প্লাৱন চেতিয়া

মালৈ দেউতাৰ প্ৰথম উপহাৰ আছিল চাইকেলখন৷ আমি দুটাক গৰ্ভত কঢ়িয়াই গধূৰ হোৱা মাৰ দেহাটোক ঘৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ স্কুলখনলৈ কঢ়িয়াই লৈ গৈছিল সেই চাইকেলখনেই৷ বাৰিষাৰ গাঁৱলীয়া বোকাময় বাটটিত পিছলি পৰিছিল কেতিয়াবা চাইকেলখন৷ তথাপিও ভাগৰি নপৰি বোকাৰে লুতুৰি-পুতুৰি দেহাটোৰেই পুনৰ আগবাঢ়িছিল চাইকেলখন৷

আৰু এখন আছিল চাইকেল, দেউতাৰ৷  প্ৰসৱ যন্ত্ৰনাত কাতৰ মাক নানীৰ ওচৰত এৰি কুৰ্মী ডাক্টৰক মাতিবলৈ যোৱা দেউতাক দাঙি নিছিল সেইখনে, ৩ কিলোমিটাৰ দূৰৰ হস্পিটালখনলৈ৷ বৰ জোৰেৰে ঘূৰিছিল সেইদিনা চাইকেলখনৰ পেডেল দুপাট৷ বৰ জোৰেৰে৷

জন্মৰ এসপ্তাহ পাছত এদিন হঠাতে ঠেৰেঙা লগা মোতকৈ দহমিনিট ডাঙৰ দাদাৰ হিম-শীতল দেহাটিক হস্পিটালৰ পৰা কঢ়িয়াই আনিছিল সেই চাইকেলখনেই৷ পেডেল দুপাট ঘূৰিব বিচৰা নাছিল সেইদিনা৷ বৰ গধূৰ হৈ পৰিছিল সেইদিনা চাইকেলখন৷

আঠবছৰৰ পাছত আৰু এখন চাইকেল আহিছিল আমাৰ ঘৰলৈ৷ ৰঙা, মাৰ আৰু দেউতাৰ কেইখনতকৈ পাতল, সৰু, চাপৰ৷ দেউতাই শিকাইছিল জাঁপ মাৰি কেনেকৈ উঠিব লাগে তাত৷ দুয়োটা চকাৰ ভাৰসাম্য ৰাখি আগবঢ়াই নিবলৈ শিকিছিলো সেইখনক৷ নে মোকহে নিছিল আগবঢ়াই সেইখনে৷

কেতিয়া জোৰেৰে যাব লাগে, কেতিয়া লাহেকে, সেয়া শিক৷ কেনেকৈ, ক’ত, কিয় ব্ৰেক মাৰিব লগীয়া হয় তাক জানি ল৷ দেউতাই কৈছিল সেইদিনা৷ এই চকাকেইটা যে আছে, ইহঁতি নিয়ন্ত্ৰণ কৰিব নিদিবি তই কেনেকৈ যাবি, ক’লৈ যাবি৷ ইহঁতক নিয়ন্ত্ৰণ কৰিব শিক৷

কথাবোৰ শিকিলো লাহে লাহে৷ ভুলে-ভালে চলাই আগুৱাই আহিলো বহুদূৰলে৷ পিচলৈ চোৱাৰ কথা ভবাই নহ’ল কেতিয়াও, চলাব শিকাৰ আনন্দত৷ দেউতা থাকি আহিল সেই কেঁকুৰীটোতে, যত তেওঁ মোক দিছিল জীৱনৰ আদিপাঠ৷

যেতিয়া ঘূৰি চালো, আমাৰ মাজত তেতিয়া সাগৰসম দূৰত্ব৷ ঘূৰি অহা নহ’ল কেতিয়াও দেউতাৰ কাষলৈ৷ আচলতে সাহস নহ’ল ঘূৰি আহিবলৈ৷

মা গ’লগৈ৷ দেউতায়ো দেৱালত ঘৰ সাজিলে এদিন, এমুঠি শুকান বকুলৰ মাজত৷ আজি বহুদিনৰ মূৰত দেউতাৰ বন্ধ কোঠাটো খুলিছো৷ ধূলিৰ চাদৰ এখন লৈ নীৰৱে শুই আছে কোঠাটো৷ সৌৱা টেবুলখনৰ ওপৰত থকা ডায়েৰীকেইখনৰ ওপৰত দেউতাৰ ৱিনচাং কলমটো, কাষতে সেয়া মোটা ফ্ৰেমৰ চশমাখন৷ পুৰণি আলমিৰাটোৰ ওপৰত বেতৰ চিটিপনিডাল৷ সৰুতে কিবা ভুল কৰিলে এইডালে চুমা খাইছিল কলাফুলকেইটাত৷ বেৰত সৌৱা মা-দেউতা৷ বিয়াৰ এমাহ পাছত দুয়ো গৈ ষ্টুডিঅ’ত তোলাই আনিছিল ফটোখন৷ মাৰ মুখত লাজ লাজ হাঁহি এটা, দেউতাই গহীনত চাই আছে মোলে৷

বাবাই চাইকেল চলাব পাৰিলে আজি৷ বৰ ফুৰ্টি পাইছে সি৷

আজি স্কুলৰ পৰা কমপ্লেইন্ট আহিছিল৷ কাৰোবাৰ লগত কাজিয়া কৰিছিল সি৷ খঙৰ ভমকত বৰকে কোবালো ল’ৰাটোক৷ বেয়া লাগি আছে মনটো৷

আজি বাবাৰ মেট্ৰিক৷ ল’ৰাতকৈ মাকজনীৰহে তত নাইকীয়া হৈছে ভয়তে৷

সি ফোন কৰিছিল সন্ধিয়া৷ অলপ ৰেগিং হৈছে বোলে হোষ্টেলত৷ মিলি-জুলি থাকিব ক’লো৷ অলপ ৰেগিং এতিয়া সহ্য কৰিব নোৱাৰিলে জীৱনটোৱে কৰা ৰেগিং কেনেকে পাৰ কৰিব৷

চাকৰি এটা হ’ল তাৰ৷ মাকৰ সাতখন আঠখন গা৷ গোঁসাই ঘৰত শৰাই এখনো দিলে আজি৷ বাতৰিটো পোৱাৰে পৰা ঘৰখনত আলহীয়ে আলহী৷ অহামাহত ছুটি লৈহে ঘৰলে আহিব বোলে সি৷

এওঁৰ অসুখ৷ সি ছুটি পোৱা নাই বোলে৷

গ’লগৈ তেওঁ৷ যোৱাৰ সময়ত এবাৰ তাৰ মুখখন চাবলে বৰকে হেঁপাহ কৰিছিল৷

ৰমেশৰ ল’ৰাটোৱে বৰ ভালকৈ পাছ কৰিছে৷ ইয়াৰ চাইকেলখন তাকে দি দিলো৷ চকা এটা ৰাখি থলো৷ ৰমেশেই খুলি দিলে৷ বেলেগ এটা লগাই ল’ব কৈছো৷ ল’ৰাটোৰ চিন বুলিবলে এই চকাটোৱে থাকিলগৈ৷ বৰ ব্যস্ত বোলে সি৷

কফে হেঁচা মাৰি ধৰে বিচনাত পৰিলেই আজি-কালি৷ বৰ দুৰ্বল হৈ পৰিছো৷ সি এইবাৰো নাহিল৷

চুকটোত চেপেটা লাগি পৰি আছে চকাটো৷ ধূলি পৰিছে বহুত৷ জোকাৰি দিলো কাপোৰ এখনেৰে৷ মামৰ লাগিল ৰিংটোত৷ কোনোবাই মোৰ চকুত পৰি থকা ধূলিখিনিও জোকাৰি আঁতৰাই দিয়া হ’লে৷ বুকুত বহা মামৰবোৰো আঁতৰাব নোৱাৰি চাগে৷ মামৰবোৰ কিয় এনেকুৱা বাৰু!!!! এবাৰ বহিলে খান্দি নি থাকে ই গভীৰৰ পৰা গভীৰতৰলৈ৷ শেষ চাগে তেতিয়া হয়, যেতিয়া শেষ হৈ যায় সকলোবোৰ৷ চকাটোও শেষ হৈ যাব ধৰিছে ক্ৰমশঃ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments