ছলনাময়ী (ড° মাখনলাল দাস)

পাঁচ বজাৰ পেচেঞ্জাৰ ট্ৰেইনখনৰ টিকট কাটিবলৈ মদন শাৰীত থিয় হৈ আছিল৷ তেনেতে ছোৱালী এজনী ওচৰ চাপি আহিল৷ মদনৰ ফালে চাই ছোৱালীজনীয়ে খুব মৰমলগাকৈ ক’লে,
“মোৰ কাৰণেও টিকট এটা লৈ দিয়কনা৷ লেডীজ লাইনটো ইমান দীঘল ৷ মই লাইনত থিয় দিলে পাঁচ বজাৰ ট্ৰেইনখন মিচ কৰিম৷ কিন্তু মই যেনে তেনে এইখন ট্ৰেইনত যাবই লাগিব৷ নহ’লে বৰ ডাঙৰ বিপদ হ’ব৷” ছোৱালীজনীৰ কথাত অনুনয়ৰ ভাবো স্পষ্ট৷

মদনে ছোৱালীজনীলৈ এইবাৰ ভালদৰে চালে৷ বয়স ত্ৰিশ মান হ’ব৷ কপালত সেন্দুৰ লোৱা নাই যদিও বিবাহিতা যেনেই লাগে৷ পিন্ধনত খুব দামী নহ’লেও ভাল শাৰী এখন৷ কোনো অভিজাত পৰিয়ালৰ নহ’লেও ভাল ঘৰৰেই ছোৱালী যেন লাগে৷ ছোৱালীজনীয়ে মদনৰ ফালে একেথৰে চাই আছে৷ তাইৰ চকু দুটা সেমেকি উঠিছে৷ মদনৰ ওপৰতেই যেন সকলো আশা-ভৰসা৷ লাইনত আন আন মানুহো আছিল কিন্তু তাই অনুৰোধ কৰিবলৈ মদনেই কিয় বাছি ল’লে মদনে নুবুজিলে৷ কিন্তু তাকে কৰাৰ দ্বাৰা মদন এজন বিশ্বাসযোগ্য, ভদ্ৰলোক বুলি প্ৰতিপন্ন কৰিছে বুলিয়েই মদনে ভাবিলে৷ কথাটো ভাবি মদনে নিজকে নিজে প্ৰশংসা কৰিলে মনে মনে৷

“ঠিক আছে, ক’লৈ যাব আপুনি?” মদনে আগ্ৰহেৰে সুধিলে৷

“ৰামপুৰ৷” পঞ্চাশ টকীয়া নোট এখন মদনলৈ আগবঢ়াই দি ছোৱালীজনীয়ে উত্তৰ দিলে৷

মদনৰ আগত চাৰিজন মানুহহে আছিল৷ প্ৰায় দুই মিনিটমানতে মদন সম্মুখ পালেগৈ৷ দুটা টিকট লৈ ল’লে৷ ৰামপুৰৰ টিকটটো ছোৱালীজনীলৈ আগবঢ়াই দি বাকীৰোৱা টকা কেইটা ওভোতাই দিলে৷ টিকটটো আৰু টকা কেইটা হাত পাতি লৈ ছোৱালীজনীয়ে ক’লে;
“ব’লক৷ মই অকলেহে আছো৷ আপোনাক লগ পাই ভালেই হ’ল৷ একেলগে বহি কথা-বতৰা পাতি যাব পাৰিম৷”

মদনেও ভালেই পালে৷ দুয়ো গৈ ইতিমধ্যে ৰৈ থকা ট্ৰেইনখনত উঠি বহিল৷ খিড়িকীৰ কাষৰ চীট এটাত ছোৱালীজনী বহি লৈ মদনকো কাষতে বহিবলৈ ইঙ্গিত দিলে৷ অলপ সংকোচ কৰি ছোৱালীজনীৰ পৰা এটা সৌজন্যতামূলক ব্যৱধান বজাই ৰাখি মদন বহিল৷ হাতত থকা সৰু বেগটো কোলাতে লৈ থাকিল৷ পাঁচ বাজিবলৈ তেতিয়াও প্ৰায় আধাঘন্টামান আছে৷ মানুহ উঠি আহি আছে যদিও ছোৱালীজনী আৰু মদনৰ কাষত কোনো বহা নাই৷ হয়তো দুয়োকো স্বামী-স্ত্ৰী বুলি ভাবিছে মানুহবোৰে৷ খিড়িকীৰে বাহিৰলৈ চাই থকা ছোৱালীজনীৰ ফালে মদনে আকৌ ভালদৰে চালে৷ ভালদৰে জানিবৰ মন গ’ল ছোৱালীজনীৰ বিষয়ে৷ কিন্তু কথা আৰম্ভ কৰিবলৈ সাহস নহ’ল তাৰ৷ সি চেলু বিচাৰি থাকিল৷ অলপ পাছত হাতৰ ঘড়ীলৈ চাই মদন বহাৰ পৰা উঠি ছোৱালীজনীক ক’লে;
“মোৰ বেগটো ইয়াতে থৈছোঁ৷ চাবা৷ টাইমপাচ কৰিবলৈ কিবা এটা খোৱা বস্তু লৈ আহোঁগৈ৷”
ছোৱালীজনী ‘আপুনি’ৰ পৰা ‘তুমি’ হৈ গ’ল তাৰ অজানিতে৷ ছোৱালীজনীৰ উত্তৰলৈ বাট নাচাই মদন উঠি ৰেলৰ পৰা নামি গ’ল আৰু প্লেটফৰ্মত ইফালে সিফালে চাই ওচৰতে গৰম গৰম পকৰি বেচি থকা দেখি ওচৰ চাপি গ’ল৷ দোকানীজনলৈ দহ টকীয়া নোট এখন আগবঢ়াই দিলে সি৷ খবৰ কাগজত দোকানীয়ে বান্ধি দিয়া পকৰিৰ টোপোলাটো লৈ সি বেগাবেগিকৈ নিজৰ ঠাইলৈ উভতি আহিল৷ ছোৱালীজনীয়ে নিৰ্বিকাৰ ভাবে খিড়িকীৰে বাহিৰলৈ চায়েই আছিল৷ সি কেতিয়া আহি চীটৰ পৰা বেগটো হাতত লৈ বহিল ছোৱালীজনীয়ে যেন মনেই নকৰিলে৷ মদনৰ কৌতূহল বাঢ়ি গ’ল৷ ছোৱালীজনীৰ ফালে পকৰিৰ টোপোলাটো আগবঢ়াই দি সি আৰম্ভ কৰিলে,
“পকৰি কেইটামানকে লৈ আনিলোঁ৷ গৰম হৈ আছে৷ লোৱাচোন৷”
“থেংক ইউ৷ পকৰি মোৰ বৰ ভাল লাগে৷” বুলি কৈ ছোৱালীজনীয়ে আলফুলকৈ পকৰি এটা হাতত ল’লে৷ মদনৰ মনটো কিবা এটা ভাল লাগি গ’ল৷ পকৰিটো লওঁতে ছোৱালীজনীয়ে বাৰু তাৰ হাতৰ তলুৱাখন ইচ্ছাকৃতভাবেই প্ৰয়োজনতকৈ অধিক সময় স্পৰ্শ কৰিছিল নেকি? মনলৈ অহা ভাবটো সি জোৰকৈ আঁতৰাই পঠিয়ালে৷ সিও পকৰি এটা মুখত দিলে৷ ছোৱালীজনীয়ে আৰু এটা পকৰি ল’লে৷ মুখেৰে কিন্তু একো কথা নোকোৱা দেখি মদনেই আকৌ আৰম্ভ কৰিলে,

” তোমাৰ ঘৰ ক’ত? এই সন্ধিয়া পৰত ছোৱালী মানুহ অকলে অকলে ৰেলেৰে আহিছা যে?”

” ঘৰ ৰামপুৰত৷ ইয়ালৈ কিবা কামত আহিছিলোঁ৷ বেছি পলম হোৱাৰ আগতেই ঘৰ পাবগৈ লাগে বাবেই এইখন ৰেলত নগ’লেই নহয়৷”

” কিবা চাকৰি কৰা নে ? ঘৰত কোন কোন আছে?”

অধিক আপোন ভাবেৰে মদনে সুধিলে৷ হাতত আন এটা পকৰি লৈ ছোৱালীজনীয়ে ক’লে,

“মই আৰু মোৰ মানুহটো৷ ঘৰত আমি দুজনেই৷ বিয়া হোৱা দুবছৰমান হৈছেহে৷”
উত্তৰটো শুনি যেন বেছি ভাল নালাগিল এনেকুৱা ভাব হ’ল মদনৰ৷
সি একো উত্তৰ নিদিলে৷ এইবাৰ ছোৱালীজনী মদনৰ অলপ কাষ চাপি আহি সৰুকৈ ক’লে,
“ঘৰৰ অমতত পলাই আহি বিয়া হৈছিলো৷ কিন্তু মানুহটোৰ স্বভাৱ বেয়া বুলি পিছতহে গম পালোঁ৷ মোৰ লগত বেছি ভাল ব্যৱহাৰ নকৰে৷”

কথাখিনিৰ মাজেৰে মদনক কিবা বাৰু ইঙ্গিত দিলে নেকি তাই? মদনে চিন্তা কৰিবলৈ ধৰিলে৷ ক’ব নোৱাৰাকৈয়ে ছোৱালীজনীৰ প্ৰতি তাৰ মনত কিবা এক অবুজ আকৰ্ষণ জাগি উঠিব ধৰিলে৷ মনটো চৰাই হৈ আবেলিৰ আকাশত উৰি ফুৰিবলৈ ধৰিলে৷

“এইয়া৷ এইজনী ইয়াতে বহি আছে৷” হঠাতে কাৰোবাৰ মাতত মদন সচকিত হ’ল৷ সিহঁতৰ সম্মুখতে কঁকালত হাত দি থিয় দি আছে চাৰিজন ডেকা৷ বয়স পঁচিশ-ত্ৰিশৰ ওচৰা-ওচৰি হ’ব৷ সাজ-পোছাক, ভাব-ভংগী আদিৰ পৰাই অনুমান কৰিব পাৰি বৰ ভদ্ৰঘৰৰ নহয় বুলি৷ তাৰে সকলোতকৈ শকত-আৱতজনে মদনলৈ চাই ক’লে;

“তাৰমানে তয়েই মোৰ মানুহজনীক মনে মনে পলুৱাই লৈ যাব খোজা মানুহটো৷ ইমান দিনে লুকাই চুৰকৈ প্ৰেম কৰি আছিলি বুলি গম পাইছিলো৷ আজি একেবাৰে তাইক পলুৱাই আনিলি? আৰু একেবাৰে গিৰিয়েক-ঘৈণীয়েকৰ নিচিনাকৈ বহি একলগে পকৰি খাইছ’? পিছে, পলাবি ক’ত? ধৰা পেলাইহে এৰিলো তহঁতক আজি৷”

কথাখিনি বুজি পাবলৈ অলপ সময় লাগিল মদনৰ৷ কিন্তু বুজি পাই তাৰ কাণ-মূৰ গৰম হৈ গ’ল৷ তাৰমানে সেই ছোৱালীজনীৰ গিৰিয়েকে তাক তাইৰ গোপন প্ৰেমিক বুলি ভাবিছে আৰু এতিয়া তাইক পলুৱাই নিব খোজা বুলি সন্দেহ কৰিছে৷

“ব’ল, ব’ল, ইয়াত কৈ লাভ নাই ৷পুলিচৰ আগত যি ক’ব লগা আছে কৈ থাকিবি৷ বেলেগৰ তিৰোতা অপহৰণ কৰাৰ শাস্তি কি গম পাবি আজি তই৷” বুলি কৈ মদনক প্ৰায় চোঁচোৰাই নমাই লৈ গ’ল ডেকা কেইজনে ৰেলৰ পৰা৷ মদনে চিঞৰি চিঞৰি বুজাবলৈ চেষ্টা কৰিলে৷ ছোৱালীজনীৰ পিনে চালে৷ তাই কাৰোফালে নোচোৱাকৈ তলমূৰকৈ পিছে পিছে আহি আছে ডেকা কেইজনৰ৷ মুখত মাত নাই৷ হয়তো তাই অসহায়৷ কিন্তু তাইতো কৈ দিব পাৰে তাৰ দোষ নাই বুলি- মদনে ভাবিলে৷ সি তাইৰ ফালে চাবলৈ চেষ্টা কৰিলে যদিও তাই তললৈহে চাই থাকিল৷

ৰেলৰ পৰা নামি ছোৱালীজনীৰ গিৰিয়েকে দুজন লগৰীয়াক ক’লে,

“তহঁত দুজনে ইয়াক ইয়াতে ধৰি থাক৷ মই পুলিচৰ লগত কথা পাতি আহোঁ৷ চাবি, তাক পলাব নিদিবি৷”

তাৰপাছত তলমূৰকৈ থিয় হৈ থকা ছোৱালীজনীলৈ চাই ক’লে,
“তইও ইয়াতে থিয় হৈ থাক৷ আৰু কিবা খেলিমেলি কৰিলে এইবাৰ কোবাই ভৰি ভাঙি থ’ম৷ গম পাবি৷”

ছোৱালীজনীক তাৰমানে গিৰিয়েকে এনেকুৱা বেয়া ব্যৱহাৰেই কৰে৷ তাইলৈ দয়া উপজিল মদনৰ৷ কিন্তু তাৰ একো দোষ নাই বুলি তাই নকয় কিয়? ইমান ভয় কৰেনে গিৰিয়েকক তাই? হয়তো পুলিচৰ আগত তাই সকলো কথা খুলি ক’ব৷ মদনে ভাবিবলৈ ধৰিলে৷ কিন্তু পুলিচৰ কথা ভাবিহে তাৰ বুকুখন কঁপি উঠিল৷ পুলিচেও যদি তাক সন্দেহ কৰে তেতিয়া কি হ’ব? কিহেনো পাইছিল তাক ছোৱালীজনীক টিকট কাটি দি সহায় কৰি দিবলৈ? টিকট কাটিলে বাৰু ঠিকে আছে কিন্তু কাষত বহিবলৈ কিহে পাইছিল তাক? এতিয়া অহেতুক জঞ্জালখনত সাঙোৰ খাই পৰিব লগা হ’ল৷ হয়তো এতিয়া ৰেলখনো মিচ কৰিব সি৷

“হেৰি, তাইকে সোধকচোন আপোনালোকে৷ তাই কৈ দিব নহয় আচল কথাটো কি৷ মোক আপোনালোকে এনেই সন্দেহ কৰিছে৷ মোক যাবলৈ দিয়ক৷ ৰেলখন এৰিবলৈ বেছি সময়ো নাই৷” তাক হাতত ধৰি থকা ডেকাদুজনক উদ্দেশ্যি সি প্ৰায় কাকূতি-মিনতি কৰাৰ দৰেই ক’লে৷

“নাই৷ আমি এৰি দিব নোৱাৰো৷ সি বৰ অভং মানুহ৷ কিন্তু এটা কাম কৰিব পাৰি৷” এজন ডেকাই অলপ লাহেকৈ ক’লে৷

“কি?” অতি উৎকন্ঠাৰে সুধিলে মদনে৷

“আপুনি দহ হেজাৰ টকা দিব পাৰিবনে তাক? তেতিয়া হয়তো সি আপোনাক পুলিচৰ হাতত নিদি এৰি দিব পাৰে৷ তাক আমি মনাব পাৰিম৷”

“দহ হেজাৰ? ইমান টকা নাই নহয় মোৰ লগত৷”

“বেংকত আছে নিশ্চয়৷ সৌ এ টি এমটোৰ পৰা উলিয়াই দিব পাৰিব নহয়৷ নহ’লে কিন্তু আজি ৰেলত যোৱাৰ আশা এৰক৷ ৰাতিটো থানাতে কটাব লাগিব আপুনি৷”

মদনৰ মনত ধুমুহা বলিবলৈ ধৰিল৷ কিবা এটা সোনকালে কৰিব লাগিব৷ ৰেলখন ধৰিব নোৱাৰিলে তাৰ বিপদ হ’ব৷ অলপ টকা দি দিয়াই ভাল বুলি ভাবিলে সি৷ তাৰ লগত টকা তিনি হাজাৰহে আছে৷ তাকেই দি দিয়া ভাল হ’ব৷ ডেকাজনৰ ফালে চাই সি প্ৰায় প্ৰাৰ্থনা কৰাৰ দৰেই ক’লে;

“বেঙ্কতো মোৰ ইমান টকা নাই৷ তাতে এ টি এমৰ পৰা টকা উলিয়াবলৈ যাওঁমানে ৰেলখন গুচি যাব৷ মোৰ হাতত তিনিহাজাৰ টকা আছে৷ কিবা এটা জৰুৰী কামৰ বাবে আনিছিলোঁ৷ তাকে লওঁক৷ মোক যাবলৈ দিয়ক৷ আৰু মোৰ আচলতে একো দোষেই নাই৷”

ডেকাজনে মদনৰ ফালে চাই কিবা এটা ভাবিলে৷ মদনে হাতৰ ঘড়ীলৈ চালে৷ আৰু মাত্ৰ দুটা মিনিটহে আছে ৰেলখন এৰিবলৈ৷ আনজন ডেকাই এইবাৰ মাত দিলে,

“ঠিক আছে বাৰু দিয়ক তাকে৷ আমি তাক সৈমান কৰাব পাৰিম৷ ভৱিষ্যতে বেলেগৰ তিৰোতা পলুৱাবলৈ কিন্তু চেষ্টা নকৰিব৷”

পকেটৰ পৰা মনিবেগটো উলিয়াই মদনে টকা তিনিহাজাৰ ডেকাজনৰ হাতত গুজি দি ৰেল অভিমুখে দৌৰ মাৰিলে৷ এবাৰ উভতিও নাচালে সি ছোৱালীজনীৰ ফালে৷

ৰেলত উঠি কোনোমতে চীট এটাত বহি সি স্বস্তিৰ নিশ্বাস পেলালে৷

সেইয়া আছিল প্ৰায় দুবছৰ আগৰ কথা৷ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিও মদনে পাহৰিব পৰা নাই৷ মনত পৰিলে আজিও তাৰ হাত-ভৰি কঁপে৷ জীৱনত তেনেকুৱা ভুল আৰু কেতিয়াও নকৰে বুলি সি দৃঢ় প্ৰতিজ্ঞ৷ তাৰ পাছত আৰু সি কেতিয়াও সেই চহৰলৈ যোৱা নাছিল৷ কিবা কাম থাকিলেও বেলেগকহে পঠিয়াইছিল৷

আজি কিন্তু বিশেষ জৰুৰী কামত সি আকৌ আহিব লগা হ’ল৷ আকৌ সেই একেখন ৰেলৰ বাবে টিকটৰ শাৰীত থিয় দি তাৰ সকলো কথা চিনেমা এখনৰ দৰে চকুৰ আগত ভাঁহি উঠিব ধৰিছে৷

ইফালে-সিফালে অলপ ভয়ে ভয়ে চালে সি৷ তাক কোনেও চিনি পোৱা নাইতো? নাই, কোনো চিনাকি মানুহ তাৰ চকুত পৰা নাই৷ হঠাৎ দূৰত দেখিলে সেই ছোৱালীজনী৷ এৰা, সেই ছোৱালীজনীয়েই৷ তাৰ ভুল হ’ব নোৱাৰে৷ সি ভালদৰে চিনি পালে৷ আজিও তাই অকলে৷ টিকট কাটিবলৈ শাৰী পাতি থকা এজন মানুহৰ ওচৰলৈ গৈ কিবা এটা কৈ আছে তাই৷

হঠাতে সকলো কথা পৰিষ্কাৰ হৈ পৰিল৷ বুজিবলৈ অসুবিধা নহ”ল মদনৰ৷ আচলতে ছোৱালীজনীয়ে সেই ডেকা কেইজনৰ লগ লাগি অচিনাকী মানুহক এনেদৰে সুপৰিকল্পিত ভাবে ঠগায়৷ মানুহজনক সাবধান কৰি দিয়া ভাল হ’ব বুলি ভাবিলে যদিও মদনৰ সাহস নহ’ল৷কোনে জানে ডেকা কেইজন ক’ৰবাৰ পৰা ওলাই আহি তাকেই কিজানি আকৌ বিপদত পেলায়৷

সি নেদেখা ভাও ধৰি আগলৈ চাই থাকিল৷

শাৰীটো অতি লাহ-লাহে আগবাঢ়ি থাকিল৷

(শুনা ঘটনা এটাৰ আধাৰত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments