কার্বি সমাজ জীৱনৰ এখিলা পাত ‘চ’মাংকান’ : ৰশ্মি বৰা

কার্বি সমাজ জীৱনৰ এখিলা পাত ‘চ’মাংকান’

ৰশ্মি বৰা

কার্বি সম্প্ৰদায় মাজত “চ’মাংকান” এটি অর্থবহ শব্দ। কার্বি লোক সকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মৃত্যুৰ পিছত কৰা কাঠ সংস্কাৰ বা খৰি দিয়া কার্যই শেষ নহয়। খৰি দিয়া পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এটা ডাঙৰ মৃত্যু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱেই হৈছে ‘চ’মাংকান’ অর্থাৎ দহা বা শ্ৰাদ্ধ। কার্বি সকলৰ বিশ্বাস মতে  ‘চ’মাংকান’ নকৰিলে মৃতকৰ আত্মাই সম্পূর্ণৰূপে পাপ-তাত,দুখ-ক্লেশ আদি পৰা পৰিত্ৰাণ নাপায়। অৱস্থানুসৰি ‘চ’মাংকান’ তিনি প্ৰকাৰে পতা হয়। যেনে-১) সাধাৰণ পর্যায়’কান ফ্লাফ্লাং, ২) মধ্যম পর্যায়’লাংটুক’আৰু ৩)উচ্চ পর্যায়’হার্ণে’। ‘চ’মাংকান’ এটা খৰচী অনুষ্ঠান সেয়েহে প্ৰতিজন ব্যক্তিৰ মৃত্যুত প্ৰতিঘৰ গৃহস্থই ‘চ’মাংকান’নাপাতে। বহু কেইজন মৃতকৰ দহা বা শ্ৰাদ্ধকার্য একেদিনে পাতে।
এই অনুষ্ঠান পতাৰ নির্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো ‘চ’মাংকান’ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ ‘থিৰি’ বা শ্মশানস্থলীলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি (টিপিত)ৰ পৰা অস্থিৰ সলনি কড়ি (ছ’বাই) এটাকে হাড়ৰ প্ৰতীকৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্থৰ ঘৰলৈ আনে। সেয়া যেন মৃতকে পুনৰ জীৱন লাভহে কৰিছে। তেতিয়া মৃতকৰ নিয়ম-নীতি জনা ‘ওচেপী’ এগৰাকীয়ে প্ৰতীকী ৰূপত জীৱন লাভ কৰা ব্যক্তিকেইজনক ৰান্ধি-বাঢ়ি খুৱায়। তাৰ পাছতেই ‘ওচেপী’গৰাকীয়ে ঘোষণা কৰে যে এইসকল ব্যক্তিৰ পুনৰ টান নৰিয়া আৰু ওজাই মংগল চাই কয় যে এইসকল ব্যক্তিক বচাব নোৱাৰি। তেতিয়া ৰোগী থোৱা ঘৰৰ পৰা কান্দোনৰ সুৰ ভাহি আহে আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় একেলেথাৰিয়ে বিননি তুলি কন্দাৰ পৰম্পৰা। যিগৰাকী মহিলাই বিননি তুলি কান্দে তেওঁক ‘কাচার্হেপী’ বা ‘লুঞ্চেপী’বোলে। বিননিত গোৱা হয় মৃত ব্যক্তিজনৰ জীৱিত কালৰ মনৰ হেঁপাহৰ কথা।

দ্বিতীয় দিনা বিভিন্ন গাঁৱৰ পৰা দহা বা শ্ৰাদ্ধৰ থলীলৈ ৰাইজ আহে। বয়সস্থ পুৰুষ-মহিলাই হওক বা ডেকা-গাভৰুৱেই হওক, প্ৰত্যেকেই মৃতকলৈ মদ-ভাত, বিড়ি-চাধাৰ লগতে খনীয়া তামোল একোখনো যাচে। গৃহস্থ ঘৰেও আলহীসকলক সন্মান যাচি মদ-পানী খুৱায়। তাৰ লগতে দ্বিতীয় দিনাই ‘চ’মাংকান’ নাচিবলৈ বিভিন্ন গাঁৱৰ পৰা ডেকা-গাভৰুৰ শিল্পী দলসমূহ আহি মৃতকৰ ঘৰত উপস্থিত হয়। তেওঁলোকে নিজৰ লগত প্ৰতিখন গাঁওৰ কার্বি জাতীয় প্ৰতীক ‘জাম্বিলী আথন’ একোটা আনে। ‘চ’মাংকান’উৎসৱ কার্বি সকলৰ কৃষ্টিৰ প্ৰাণ বুলি ধৰা হয় যদিও ‘জাম্বিলী আথন’ কার্বি কৃষ্টিৰ আত্মা বুলি কোৱা হয়। ইহলোক আৰু পৰলোকৰ মাজত যোগসূত্ৰ স্থাপনার্থে এই প্ৰতীক ব্যৱহাৰ কৰা হয়। ‘চার্হেপীয়ে’ তোলা বিননি আৰু ঢুলীয়াই বজোৱা ঢোলৰ মাত ‘চ’মাংকান’ৰ তিনিদিনত বন্ধই হ’ব নালাগিব। বন্ধ হোৱাটো অশুভ বুলি বিবেচিত কৰা হয়।
‘দুহুইদি’জন চোতাললৈ ওলাই অহাৰ পিছত ‘চ’মাংকান’ শোকৰ বা ধর্মীয় অনুষ্ঠান হৈ নাথাকি ই উৎসৱলৈ পৰিণত হয়। নৃত্য-গীতেৰে মুখৰিত হৈ পৰে মৃত ব্যক্তিৰ গৃহস্থৰ চোতাল। ঢোল-বাদ্যৰ তালে তালে নচা হৈছিল ঢাল-তৰোৱাল নৃত্য (চাং কিদামকেকান), ‘চ’মাংকান’ নৃত্য ‘মিৱেই ৱই ককোন’, গাভৰু সকলে মুখত ওৰণি লৈ ডেকাসকলৰ কঁকালত ধৰি নচা নৃত্য’মিমচু কেৰং কেকান’। এই নৃত্যত একে কুলৰ ডেকাই একে কুলৰ গাভৰু হাতত ধৰি নাচিব নোৱাৰে। ‘চ’মাংকান’ত মৃতকৰ মংগলার্থে গাহৰি, কুকুৰাও কটা হয়। এই কার্য্য সাধাৰণতে মোমায়েকসকলে সাধন কৰিব লাগে।

তৃতীয় দিনাৰ আবেলিপৰত ঢোলে-দগৰে মৃতকৰ প্ৰতীক ৰূপৰ খেৰৰ জুমুঠিকেইটা পুনৰ শ্মশানলৈ নিয়া হয়। তেতিয়া এক কৰুণতাৰে ভৰা পৰিৱেশৰ সৃষ্টি হয়। শ্মশানলৈ নি চিতাৰ জুইত জুমুঠিবোৰ তুলি দিয়া হয়। কার্বিসকলৰ মতে তেতিয়া হে যেন মৃতকৰ আত্মাই সিপুৰীলৈ যাত্ৰা কৰে আৰু স্বর্গপ্ৰাপ্তি হয়।

সহায়ক গ্ৰন্থ:-
তিৱা আৰু কার্বি লোক-সংস্কৃতিৰ লেছাৰি বুটলি
কাৰবি লোক সমাজ-সাহিত্য সংস্কৃতিত এভূমুকি
কাৰবি কৃষ্টি উৎস

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

জানিব পাৰি বহুত ভাল লাগিল ।