ছন্দ মর্ম আৰু চনেটৰ দেহবিচাৰ – (সমুদ্ৰ কাজল শইকীয়া)

(কাব্য সাহিত্য বিশেষ)

ছন্দ মর্ম আৰু চনেটৰ দেহবিচাৰ
– সমুদ্ৰ কাজল শইকীয়া
 

ছন্দ বিসম্বাদ
কেতিয়াৰ পৰা আৰু কি কাৰণত অসমীয়া কাব্যচৰ্চাৰ পৰা ছন্দই মেলানি মাগিলে সেয়া এক কৌতুহলৰ বিষয়। “আধুনিক যুগৰ কবিতা নানাভাবে ছন্দৰ পাৰ বুৰাবৰ প্ৰয়াসী। উনবিংশৰ অষ্টম দশকত ভোলানাথ আৰু ৰমাকান্তই প্ৰথম অমিত্ৰাক্ষৰ ৰচে”- এয়া মহেশ্বৰ নেওগদেৱৰ কথা (অসমীয়া কবিতাৰ কাহিনী, সঞ্চয়ন, সাহিত্য অকাদেমি, ১৯৭১, পৃ-১৭)। অমিত্ৰাক্ষৰ হ’লেও সেয়া এক ছন্দই। কিন্তু মিত্ৰাক্ষৰ ছন্দৰ চৰ্চা আন আন ভাষাবোৰত একেবাৰেই লোপ পোৱা নাই যিটো আমি দেখা পাইছোঁ অসমীয়া কবিতাৰ ক্ষেত্ৰত। অসমীয়া কবিতাৰ বাবে এয়া শুভ লক্ষণ নহয়। ছন্দৰ মৰ্ম বুজি নোপোৱাৰ ফলতে আজিৰ তাৰিখত কবিতা চৰ্চা পানীমিঠৈ হ’ল। দৈনিক বাতৰি কাকতৰ পৃষ্ঠা জুৰি হাজাৰে হাজাৰে কবিকূলৰ সৃষ্টি হ’ল। কাব্যৰ ভাষাই হেৰুৱালে সংহত আৰু মাৰ্জিত ৰুচিবোধ। পাঠকে হেৰুৱালে মনৰ মাজত কোনোবাখিনিত ৰৈ যোৱা একোটা নৈৰ্ব্যক্তিক অণুৰণন।
 
আমি জনাত বিশেষ মনযোগ সহকাৰে অন্ত্যমিল সহ ছন্দিত পদ্য আৰু কবিতা লিখা আমাৰ শেষ কবি দুগৰাকী নৱকান্ত বৰুৱা আৰু অজিত বৰুৱা। অন্যান্য দুই একে কেতিয়াবা কিবা কাৰণত মিত্ৰাক্ষৰ লিখিলেও তাক চৰ্চা বুলি ক’ব নোৱাৰি। দুখ লগাকৈ এনেকুৱাও পৰিলক্ষিত হয় যে বহুতে বুজিয়েই নাপায় যে কেৱল অন্ত্যমিলেই ছন্দ নহয়। ছন্দৰ কোনো ধাৰণা নোহোৱাকৈ কেৱল অন্ত্যমিল ৰক্ষা কৰি চলিলে তাৰ পঠনে কেতিয়াবা পীড়া হে দিয়ে। তদুপৰি মাজে সময়ে ছেগা চোৰোকাকৈ যি দুই এক অন্ত্যমিলৰ লেখা দেখা পাওঁ সেইবোৰ হয় খুহুতীয়া বা ব্যঙ্গাত্মক ভাবৰ লেখাত হে বেচিকৈ দেখা যায়। এনে এটা ধাৰণাই অসমীয়া মনত ঠাই পালে যেন ছন্দ কেৱল হয় শিশুৰ বাবে নহয় ধেমেলীয়া কথা-বাৰ্তাৰ বাবে। অসমীয়া কাব্যৰ চিৰিয়াছ চৰ্চাৰ পৰা অন্ত্যমিল আৰু ছন্দ- দুয়োটাই চিৰ-বিদায় মাগিলে বুলি কোৱাটো অত্যুক্তি নহ’ব।
 
এই ছন্দহীনতা বা ছন্দ বিদ্বেষৰ আঁৰত দুটা কাৰণ অনুমান কৰিব পাৰি। অসমীয়া জাতীয় জীৱন আৰু ব্যক্তি জীৱনৰো বিক্ষিপ্ততা আৰু বিচ্ছিন্নতাই ইয়াৰ কাৰণ বুলি ভাবিবলৈ মন যায়। সুস্থ গাঠণিক চৰ্চাৰ প্ৰতি অনীহা অসমীয়া মনস্তত্বৰ এক অবিচ্ছেদ্য অংগ। কৰ্মবিমুখ আৰু এলেহুৱা বুলি পৰিগণিত এই জাতিৰ মানুহে কবিতাৰ ক্ষেত্ৰতো অধ্যাৱসায় আৰু চৰ্চাৰ প্ৰতি বৈৰাগ্য প্ৰদৰ্শণ কৰিবলৈ কাৰ্পণ্য কৰা নাই। দ্বিতীয় কাৰণটোও অনুমানৰ ভিত্তিত ধাৰণ কৰা। চূড়ান্ত সত্য নহ’বও পাৰে আৰু জাতীয়তাবাদী ভাষা প্ৰেমিকক এই মন্তব্যই ক্ষুদ্ধ কৰিবও পাৰে, যে অসমীয়া ভাষাৰো অলপ সীমাবদ্ধতা আছে যিয়ে ছন্দিত ৰচনাৰ প্ৰতি লেখক-কূলক প্ৰৰোচিত নকৰে। কথাষাৰ হুবহু শুদ্ধ নহ’লেও ভাষাজনিত এটা কাৰণ নিশ্চিত ভাবে আছে। অসমীয়া আৰু বঙালী ভাষাৰ শব্দ-সম্ভাৰৰ আকৃতি প্ৰকৃতি প্ৰায় একেই। দুটা, তিনিটা আৰু চাৰিটা আখৰৰ শব্দই এই দুটা ভাষাত অধিক। চাৰি আখৰৰ শব্দবোৰকো ছন্দৰ খাতিৰত দুটা দ্বি-অক্ষৰ শব্দ-সমষ্টি বুলি ধৰি ল’ব পাৰি। পাঁচ বা ততোধিক অক্ষৰৰ শব্দবোৰ সচৰাচৰ সংস্কৃত বা আন কোনো বিদেশী মূলৰ নহ’লেবা দুটা কথাৰ সংমিশ্ৰণৰ তৈয়াৰ কৰি লোৱা এটা কথা। এই কাৰণতে এই দুটা ভাষাৰ আদি ছন্দ প্ৰকৰণৰ কিছু বিশিষ্টতা উমৈহতীয়া। যেনে, অসমীয়া আৰু বঙালী পয়াৰত চৈধ্যটাকৈ আখৰ থাকে। এইখিনি কথা প্ৰমথ চৌধুৰী নামক এক বঙালী লেখকৰ লেখাৰ পৰা অনুধাৱণ কৰিছোঁ। কথাখিনি পঢ়ি থাকোতে এবাৰ গুণগুণাই চালোঁ-
প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন
সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ…  ইয়াতো দেখোন চৈধ্যটাকৈয়ে আখৰ আছে।
 
কিন্তু ইমান মিল থকা সত্বেও প্ৰায়োগিক দিশত দুয়োটা ভাষা সম্পূৰ্ণ পৃথক। বঙালী কবিতা আজিও বহুলাংশে ছন্দ নিৰ্ভৰ। পান (pun), অনুপ্ৰাস, ধ্বনিগত পুণৰাবৃতি বঙালীত তেনেই সুচল। এয়া কেৱল কবিতাৰ কথা নহয়। বঙালীৰ সহজাত কথা বতৰাতো সি ধৰা পৰে। একো পঢ়া শুনা কৰিব নালাগে, মাথোঁ দেৱাল লেখন, কোনোবা কোম্পানীৰ বিজ্ঞাপনৰ প্ৰচাৰ পত্ৰবোৰ চালেও ধৰা পৰে। শব্দৰ ধ্বনিৰ গুৰুত্ব কি সেয়া সেইবোৰতেই ওলাই পৰে। কিন্তু আধুনিক বা সাম্প্ৰতিক অসমীয়া ভাষাৰ প্ৰয়োগত সেইবোৰ একেবাৰেই চকুত নপৰে। প্ৰতিটো ভাষাৰেই কিছুমান সুকীয়া বৈশিষ্ট্য থাকে। হয়টো অসমীয়া ভাষাৰ ধ্বনিগত বৈশিষ্ট্য অলপ বেলেগ।
 
কিন্তু ডাকৰ বচন, ফকৰা যোজনা- পটন্তৰ আদিৰে ভৰপুৰ গ্ৰাম্য কথিত ভাষাত ধ্বনিৰ এটা আপুৰুগীয়া মৰ্ম আজিও আছে। একমাত্ৰ এই কথাষাৰেই মই ওপৰত উল্লেখ কৰা ভাষাৰ সীমাবদ্ধতাৰ মন্তব্যটো নাকচ কৰিবলৈ যথেষ্ট। তাৰ মানে এইটোৱেই হ’লগৈ নেকি যে গোটেই গণ্ডগোলখিনি কেৱল আধুনিক কিম্বা নাগৰিক অসমীয়া ভাষা-প্ৰয়োগৰ বেলিকাহে সৃষ্টি হৈছে? এই কথাৰ উল্লেখে আমি আগতে কোৱা দুটা কথাৰ দ্বিতীয়টো কথা খণ্ডণ কৰি আকৌ প্ৰথমটো কথালৈকে মন টানে। মানে সম্ভৱ আধুনিক কথা-বাৰ্তাত ভাষাৰ মুল-চ্যুতি বা বিচ্ছিন্নতায়েই এই ছন্দহীনতাৰ কাৰক। সময়ৰ লগে লগে ভাষা সলনি হয়েই, নতুন ভিন্নমূলীয় শব্দৰ আহৰণ হ’বই। কিন্তু ভাষাৰ কালিকাটো হেৰালে সি হৈ পৰে ছন্দ ৰহিত। কাৰণ বিদেশী মূলৰ শব্দৰেও অন্ত্যমিল সহজ-সাধ্য। কিন্তু অন্ত্যমিলেই শেষ কথা নহয়। ছন্দৰ আছল মৰ্ম ভাষাৰ কালিকাত হে বিৰাজমান।
 
অলপ অহংবাদ
মাজে মাজে বিৰাট অহংকাৰী হৈ এনেকৈ ভাবি ভাল লাগে যে আজিৰ তাৰিখত এই অধমো ছন্দ-অভ্যাসেৰে অসমীয়া ভাষাত কবিতা লেখা কবি। বিশেষকৈ ছন্দৰ সম্রাজ্ঞী (নে সম্রাট?) চতুৰ্দশপদী বা চনেটৰ অভ্যাসী । ছন্দজ্ঞান আমাৰ তেনেকৈ নাই। অসমীয়া ভাষাৰ ছাত্ৰ আমি নহওঁ, সেই সূত্ৰে খুব বেছি অধ্যয়ণ আমাৰ নাই। কিন্তু অলপ অচৰপ জ্ঞানেৰেই ছন্দৰ মৰ্ম আৰু গুৰুত্ব বুজি তাৰেই যি পাৰো চেষ্টা কৰি আহিছোঁ, আৰু যিমানেই দিন বাগৰে সিমানেই জ্ঞানেৰে বা তথ্যসম্ভাৰেৰে নহ’লেও অভিজ্ঞতা আৰু উপলব্দধিৰে ছন্দ-মৰ্ম কিছুখিনি বুজি পাবলৈ আৰম্ভ কৰিছোঁ।
 
অসমীয়া ভাষাত লেখা বহুখিনি চনেটৰ ভিতৰত বাচি মেলি পঞ্চাশটা চনেটৰ এটা সংকলণ প্ৰকাশ কৰাৰ হাবিয়াস পুহি ৰাখিছিলোঁ যদিও প্ৰকাশকৰ অভাবত সেয়া কাৰ্যকৰী নহ’ল। ছপা আৰু অনলাইন মাধ্যমতে চেগা চোৰোকাকোই পাঠকলৈ সেইবোৰ আগবঢ়াই আহিছোঁ। ইয়াৰ প্ৰায়খিনি চনেটেই ক খ খ ক, ক খ খ ক, গ ঘ গ ঘ গ ঘ ছন্দ প্ৰকৰণৰ পেট্ৰাৰ্কীয় আৰ্হিৰে ৰচিত। এয়াই মোৰ প্ৰিয় ছন্দ প্ৰকৰণ। অসমীয়া আদি-চনেট হেমচন্দ্ৰ গোস্বামীদেৱৰ প্ৰিয়তমাৰ চিঠিৰো এয়ে প্ৰকৰণ আছিল। কেৱল অন্ত্যমিলেই নহয়, চৰণ সমূহৰ আখৰৰ সঙ্খ্যাও ছন্দৰ দাবী অনুসাৰে সজ্জিত। বিষয় বা ভাবৰ ফালৰ পৰা বিভিন্ন সময়ত লিখা এই সংকলণ প্ৰয়াসী কবিতাবোৰ পৰস্পৰ সম্পৰ্কযুক্ত নহয় ছন্দ প্ৰকৰণেৰে হে একত্ৰিত। “মন কৰিবলগীয়া কথাষাৰ হ’ল, চনেট এনেকুৱা এক কাব্যৰূপ য’ত বাকী সকলোবোৰ দিশেই গৌণ – ছন্দৰূপটোহে মূখ্য” (মহেন্দ্ৰ বৰা, সাহিত্য উপক্ৰমণিকা, বনলতা সংস্কৰণ ১৯৯১, পৃ- ৬৩)।
 
(কবিতাক আৰু কিমান দায়িত্ব দিবা?)
প্ৰাপ্তিৰ প্ৰাচুৰ্যতকৈ সদায়ে ইমান ভাৰী কিয় অপ্ৰাপ্তিৰ পাল্লা (২৪)
এই কথাকেই ভাবি তুমি তোমাৰ কোঠালিৰ খিলি লগোৱা। (২২)
টুকুৰিয়াইছিলোঁ জানো তোমাৰ বন্ধ দুৱাৰত কাহানিবা, (২২)
কৰিছিলোঁ জানো কেনেবাকৈও ভংগ তোমাৰ নিৰৱতাৰ প্ৰতিজ্ঞা? (২৪)
 
তোমাক বিচাৰি নিজৰ ভিতৰতে ঘুৰ্মুটিয়াইছিলোঁ, মোৰ শ্লাঘা! (২৪)
অজানা অহমিকাত চকুযুৰি খুলি হৈছিলোঁ একো নেদেখা। (২২)
বতাহক-আকাশক কৈছিলোঁ কথাখিনি – তোমাক ক’ব খোজা, (২২)
সঘন নিশ্বাসত কঁপিছিল বতাহ, ফাটিছিল আকাশৰ ৰেঘা। (২৪)
 
ওহোঁ, তোমাৰ দুৱাৰত কাহানিওতো মোৰ টোকৰ নাছিল পৰা, (২৪)
পঞ্চম ৰাগত তোমাৰ বন্ধ ঘৰ নাছিল কাহানিও এটিবাৰো কঁপি উঠা। (২৮)
আজি মই জানোঁ, বুজি পাওঁ জানা, কোনো প্ৰাপ্তিয়েই ঢাকিব নোৱাৰা (২৪)
তোমাৰ অপ্ৰাপ্তিৰ শূণ্যতা কেৱল মোৰ মলঙা কবিতাৰে ঢাকিব খুজিছা। (২৮)
কবিতাৰ ওপৰত তোমাৰ ইমানেই অফুৰন্ত ভাৰসা। হেৰা- (২৪)
কবিতাৰো সীমাবদ্ধতা থাকিব পাৰে। কবিতাক আৰু কিমান দায়িত্ব দিবা?  (২৮)
 
 
এই পদ্যৰ অষ্টক আৰু ষষ্টকৰ বিভাজন সুষ্পষ্ট। অন্ত্যমিলৰ বাহিৰেও অষ্টকৰ প্ৰথম স্তৱকৰ প্ৰথম, চতুৰ্থ আৰু দ্বিতীয় স্তৱকৰ প্ৰথম আৰু চতুৰ্থ চৰণৰ আখৰৰ সংখ্যা ২৪। তদ্ৰুপ প্ৰথম স্তৱকৰ মাজৰ দুশাৰী আৰু দ্বিতীয়টোৰ মাজৰ দুশাৰী মিল থকা যাৰ আখৰ সংখ্যা ২২। তেনেকৈয়ে ইয়াৰ ক খ খ ক, ক খ খ ক বিন্যাস সিদ্ধ হৈছে। আনহাতে দ্বিতীয়টো ভাগ অৰ্থাৎ ষষ্টকৰ বিন্যাস গ ঘ, গ ঘ, গ ঘ _ ক্ৰমে ২৪ আৰু ২৮ সংখ্যক আখৰৰ চৰণৰ ব্যস্তানুপাতেৰে সিদ্ধ হৈছে।
 
আমাৰ আৰু অলপ সংখ্যক চনেট আছে শ্বেইকছপীয়েৰৰ চনেটৰ আৰ্হিত। ক খ ক খ, ক খ ক খ, ক খ ক খ, গ গ, অথবা ক খ ক খ, গ ঘ গ ঘ, ঙ চ ঙ চ, ছ ছ – এনেকৈ সজাই লোৱা এই ইংৰাজী মূলতকৈ ইটালীয় মূলৰ ছন্দ-সজ্জা লিখি আমাৰ বেছি ভাল লাগে। কিন্তু ইংৰাজী ছন্দ সজ্জায়েও মাজে মাজে ভাল পঠনৰ অভিজ্ঞতা দিয়ে আৰু কেতিয়াবা বিশেষকৈ তাৰ অন্তস্থ দুই চৰণৰ বিশেষত্বৰ বাবে কিছুমান বিশেষ ভাব প্ৰকাশৰ বাবে এই আৰ্হিটোও ফলদায়ক হৈ পৰে।  এইখিনিতে মোৰ নিজৰে ভাল লগা এটা এই আৰ্হিৰ পদ্য-
 
(মৈত্ৰেয়ী)
তোমাক ক’ব খোজা কথাষাৰনো মই ক’ত কেনেকৈ ক’ম? (২১)
নদীৰ পাৰত ক’লে নৈয়ে শুনে, হাবিত ক’লে বিৰিখে শুনে। (২২)
অৰঙে দৰঙে গা ঘেলাই ফুৰা নৈ চৰিত্ৰ কি বখানিম?  (২১)
জানাইতো সকলো, বিৰিখৰো যে বতাহৰ স’তে মেল জমে। (২২)
 
বাৰে বাৰে কিবা এটা ক’ব খোজোঁ এটি দুটি কবিতাতে (২০)
নিশকতীয়া কবি মই, মোৰ কবিতাৰোতো কোনো ভাৰসা নাই (২৩)
আজিলৈকে একো কামেই কৰিব পৰা নাই ঠিকমতে (২০)
কাৰো অশ্ৰু মচিব পৰা নাই, ক’তো জুই নুমুৱাব পৰা নাই (২৩)
 
যিমানে খুলি দিওঁ হাতৰ মুঠি, ঘূৰি মোৰ এন্ধাৰলৈকে সোমাই আহে (২৬)
নিজতে গুজৰি নিজতে গুমৰি মোৰ কবিতা নিজতে জামৰি পৰে (২৫)
মোৰ শব্দবোৰ কেনেকৈ জিয়াব বাৰু তোমাৰ উশাহৰ উম নাপালে? (২৬)
মোৰ কবিতা হৈ পৰিল নন বায়োডিগ্ৰেডেবল্আৱৰ্জনাৰ দৰে (২৫)
 
নগৰে চহৰে ঘূৰি ঘৰে ঘৰে বহু দুৱাৰত টুকুৰিয়ালে (২৩)
তোমাৰ তেজৰ বাটটোহে মোৰ কবিতাই আজিলৈ নিচিনিলে। (২৩)
 
প্ৰায় পাঁচবছৰৰ ব্যৱধানত লিখা প্ৰায় একে ধৰণৰ বিষয়বস্তুক লৈ হোৱা দুটা ভিন্ন মানসিক স্থিতিৰ এয়া ভিন্ন ট্ৰিটমেন্টৰ চনেট। ইটালীয় আৰ্হিৰ দৰে অষ্টক আৰু ষষ্টক বিভাজন এইটোত নাই, বৰঞ্চ শ্বেইকছপীয়েৰৰ দৰে অন্তস্থ দুশাৰীহে ইয়াত ষ্পষ্ট। প্ৰথম তিনিওটা স্তৱকতেই প্ৰথম আৰু তৃতীয়ৰ মিল আছে, আৰু তেনেকৈ দ্বিতীয় আৰু চতুৰ্থৰ বন্ধুত্ব আছে। প্ৰথম স্তৱকৰ প্ৰথম তৃতীয় চৰণৰ ২১ আখৰৰ মিল (তাৰ লগতে ‘ক’ম’ আৰু ‘-নিম’ ধ্বনিৰ মিল), দ্বিতীয় চতুৰ্থ চৰণৰ ২২ আখৰৰ মিল (লগতে ‘শুনে’ আৰু ‘জমে’ৰ মিল)। দ্বিতীয় চৰৰণৰ তেনেকৈয়ে ২০ আৰু ২০ৰ মিল (লগতে কবিতাতে- ঠিকমতে তে ধ্বনিমিল), ২৩ৰ স’তে ২৩ৰ মিল (লগতে নাই-নাই একেৰূপ ধ্বনি)। তৃতীয় স্তৱক ২৫ আৰু ২৬ আখৰৰ বিন্যাস (লগতে হে-ৰে-লে-ৰে এ-ধ্বনিৰ মিল)। সামৰনিৰ দুই চৰণ তেনেকৈয়ে লে-লে ধ্বনিৰে অন্ত্যমিলেৰেও মিলে, ২৩ আখৰৰ সমষ্টিৰেও মিলে।
 
চনেট আটাইতকৈ কঠিন ছন্দ সজ্জাৰ ভিতৰত এটা। কেতিয়াৰ পৰা আৰু কেনেকৈ চনেট লিখা আৰম্ভ কৰিছিলোঁ ঠিক মনত নাই। কিন্তু চনেট লিখিয়েই এতিয়া আটাইতকৈ ভাল লাগে। যিখিনি কথা ক’বলগীয়া বুলি মনলৈ আহে, সেইখিনি চৈধ্যটা শাৰীৰ মাজতে সাঙোৰ খাই পৰে অৱলীলাক্ৰমে। অষ্টক আৰু ষষ্টকৰ বিভাজনটোও আমাৰ বাবে বেছ আৰামদায়ক। নাট্য শিল্পৰ লগত সৰুৰে পৰাই জৰিত বাবেই ছাগৈ এক গাঠণিক প্ৰক্ৰিয়াই আমাক অভিভূত কৰি ৰাখে। কথাখিনি কেনেকৈ আৰম্ভ কৰিব লাগিব, কেনেকৈ আগবঢ়াই নিব লাগিব আৰু কেনেকোই শেষ কৰিব লাগিব তাৰ সম্যক ধাৰণায়েতো নাটক ৰচনাৰ প্ৰাথমিক জ্ঞান। সেই জ্ঞানেই চনেট ৰচনাতো আমাক সহায়ক হয়। তাৰ লগতে আমি গদ্যৰো প্ৰেমিক। যেনেকৈ সাৱলীল গদ্যৰ ক্ষেত্ৰত মানুহে কাব্যগন্ধী, কবিতা কবিতা লগা, কাব্যময় আদি বিশেষণ প্ৰয়োগ কৰে, তেনেকৈয়ে আমি গদ্যগন্ধী কবিতা ভাল পাওঁ। এই চনেটৰ অভ্যাসতো সেয়া বৰ্তি থাকে। প্ৰায় এটা দশক আগৰ কথা, কবি-বন্ধু স্নেহাঙ্কৰে এখন সৰু আলোচনীৰ বাবে কবিতা বিচাৰিছিল। সেই সময়ত লেখা দুটি খচৰা-স্বৰূপ চনেট পঠাইছিলোঁ। খচৰাস্বৰূপ বুলি এইবাবেই কৈছোঁ যে সেইকেইটা কবিতাৰ প্ৰতিটো চৰণৰ কাষত শব্দসংখ্যা উল্লেখ কৰা আছিল। স্নেহাংকৰে কৰিলে কি, প্ৰকাশ কৰোতে চৰণৰ কাষত লিখি থোবা অক্ষৰ-সংখ্যাখিনিও লগতে প্ৰকাশ কৰিলে। পিছত কথাটোত হাঁহি উঠিলেও তেওঁ যুক্তি দিলে, গঠণ প্ৰক্ৰিয়াৰ এটা আভাস কবিতাৰ লগতে প্ৰকাশ হ’লে তাত আপত্তি কি? ঠিকেই।
 
চনেট কিয় চতুৰ্দশপদী?
“খুব সম্ভৱ, কলাপ্ৰবীণ ইটালীয় আৰু অন্যদেশীয় কবিসকলে পৰীক্ষাৰ দ্বাৰা দেখিছে যে, পূৰ্ণৰসাভিব্যক্তিৰ পক্ষে চতুৰ্দশপদেই সমীচীন, আৰু সেয়েই সাহিত্য-সংসাৰত চলি আহিছেহক।” প্ৰিয়নাথ সেন দেৱে “চনেট-পঞ্চাশৎ” নামৰ কিতাপৰ সমালোচনাসূত্ৰে চনেটৰ আকৃতি আৰু প্ৰকৃতিৰ বিশেষ পৰিচয় দি এই মত প্ৰকাশ কৰিছিল। এইখিনি উদ্ধৃতিৰেই প্ৰমথ চৌধুৰীয়ে তেখেতৰ “চনেট কিয় চতুৰ্দশপদী” নামৰ আলোচনাটি আৰম্ভ কৰিছে।
 
বঙালী কবিতা মই বিশেষ পঢ়া নাই। বঙালী চনেট পঢ়া তেনেকৈ বিশেষ মনত নাই। অন্যান্য বিদেশী ভাষাৰ কবিতাও খুব কমেই হে পঢ়িছোঁ। মোৰ কবিতাৰ বুজা পৰাৰ ঘৰটোৰ ভেঁটীৰ পৰা ৰুৱা-পান্তি-মাৰলিলৈকে সকলোতে অসমীয়া কবিতাই। কিন্তু মাজতে প্ৰমথ চৌধুৰীৰ বঙালী চনেট সম্পৰ্কীয় লেখা এটা দেখি তাৰ কিছু সাৰাংশ অসমীয়াত আকৌ এবাৰ লিখিবৰ মন গ’ল। আলোচনাটিত চনেট কি কাৰণতনো চৈধ্য শাৰীৰ হ’ল বা কি কাৰণতনো এই চৈধ্যশাৰীৰ গাঠনিটো ইমান মজবুত হ’ল তাৰ অতি অগতানুগতিক আৰু মনোৰম ব্যাখ্যা আছে। লেখাটো হুবহু অনুবাদ কৰিব পাৰিলেই ভাল আছিল। পিছে সেয়া বহুলাংশে বঙালী কবিতা সম্পৰ্কীয় বাবেই তাৰ প্ৰতি অসমীয়া কবিতাৰ পাঠকৰ বিশেষ আগ্ৰহ নাথাকিবও পাৰে। সেয়ে সুবিধানুসাৰে কিছু আলচ কৰা যাওক। এই নিম্নোক্ত কথাখিনি কেৱল উদ্ধৃতি।
 
“নানা যুগে নানা দেশে নানা কবিৰ হাতে হাতে ঘূৰিও চনেটে যে নিজৰ আকৃতি আৰু ৰূপ বজায় ৰাখিব পাৰিছে, তাৰ পৰা এয়াই প্ৰমাণ হয় যে চনেটৰ সাঁচত ভিন্ন ৰূপ ভাব মূৰ্তি ঢালাই কৰিব পাৰি, আৰু সেই সাঁচ ইমানেই টনকিয়াল যে বৰ বৰ কবিকূলৰ ভাবৰ জোৰতো সেই গঢ় ভাঙি ছিঙি যোৱা নাই। কিন্তু কি কাৰণতনো চনেটে চতুৰ্দশপদী হৈয়েই জন্ম লাভ কৰিলে সেই প্ৰশ্নৰ সঠিক উত্তৰ আজিলৈকে নাই। বাৰ অথবা ষোল নহৈ চনেটৰ পদ সংখ্যা চৈধ্য কিয় কি কাৰণত হ’ল সেয়া জানিবৰ এটা হাবিয়াস জাগ্রত হোবাটো একেবাৰে অস্বাভাবিক নহয়।
 
কি কাৰণত চনেট চতুৰ্দশপদী হৈছে সেই সম্বন্ধে মোৰ এটা মত আছে আৰু সেই মত কেৱল অনুমানৰ ওপৰতে প্ৰতিষ্ঠিত- তাৰ সপক্ষে কোনো ধৰণৰ অকাট্য প্ৰমাণ দিবলৈ মই অপাৰগ। … চৈধ্য কিয়? এই প্ৰশ্ন চনেটৰ দৰেই আমাৰ পয়াৰ সম্পৰ্কেও সুধিব পৰা যায়। ইয়াৰ এটা সমস্যাৰ মীমাংসা কৰিব পাৰিলে অন্যটোৰ মীমাংসাৰ পথে আমি বহুখিনি অগ্ৰসৰ হ’ব পাৰিম।
 
মোৰ বিশ্বাস, বঙালী পয়াৰৰ প্ৰতি চৰণত আখৰৰ সংখ্যা চতুৰ্দশ হোৱাৰ একমাত্ৰ কাৰণ এই যে, বাংলা ভাষাত প্ৰচলিত অধিকাংশ শব্দ হয় তিনি আখৰৰ নহ’লে চাৰি আখৰৰ। পাঁচ ছয় আখৰৰ শব্দ প্ৰায়ে হয় সংস্কৃত নহয় বিদেশী। গতিকে সাতটা আখৰৰ কমে সকলো সময়তে দুটা আখৰৰ একত্ৰ সমাৱেশৰ সুবিধা পোৱা নাযায়। সেই সাতক দুগুণ কৰি ল’লেই শ্লোকৰ প্ৰতি চৰণ যথেষ্ট প্ৰশস্ত হয় আৰু অধিকাংশ প্ৰচলিত শব্দই সেই চৈধ্য আখৰৰ মাজত খাপ খাই পৰে। উল্লেখ কৰা দৰকাৰ যে আমাৰ ভাষাত দুই আখৰৰ শব্দৰ সংখ্যাও কম নহয়। কিন্তু সেই দুই আখৰৰ শব্দবোৰক চাৰি আখৰৰ শব্দবোৰৰ লগতে সাঙুৰি থ’ব পাৰি- যিহেতু দুই স্বাভাবিক ভাবেই চাৰিৰ অন্তৰ্ভূত।
 
এই চৈধ্যটা আখৰ থকাৰ কাৰণেই আমাৰ ভাষাত কবিতা লেখাৰ বাবে পয়াৰেই আটাইতকৈ প্ৰশস্ত। একেটানতে দীঘলীয়া কিবা লিখিবলৈ হ’লে, অথবা য’ত বহুত কিবা কিবি একেবাৰতে ক’ব লগীয়া হয় সেই ক্ষেত্ৰতো বঙালী কবিসকলৰ পয়াৰৰ আশ্ৰয় আৱলম্ব বাদে উপায়ন্তৰ নাই। কৃত্তিবাসৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ পৰ্যন্ত বঙ্গালী কাব্যনাটক ৰচয়িতা মাত্ৰেই পুৰ্বোক্ত কাৰণে অসংখ্য পয়াৰ লিখিবলৈ বাধ্য হৈছে, আৰু চিৰদিনৰ বাবেই সেই পয়াৰৰ ওপৰতেই সেই প্ৰতিভা চিহ্নিত হৈছে।
 
পয়াৰত চতুৰ্দশ আখৰৰ দৰে চনেটত চতুৰ্দশ পদৰ একত্ৰ সংঘটন, মোৰ বিশ্বাস, বহুমাত্ৰাই একে ধৰণৰ যোগাযোগে সিদ্ধ হৈছে।
 
সকলোৱে বোধহয় জানে যে জীৱজগৎ আৰু কাব্যজগতৰ ক্ৰমোন্নতিৰ নিয়ম পৰস্পৰবিৰোধী। জীৱ উন্নতিৰ সোপানত বগাবৰ লগে লগেত তাৰ ক্ৰমিক পদলোপ হয়, কিন্তু কবিতাৰ উন্নতিৰ লগে লগে পদবৃদ্ধি হয়। পদ্য দুটি চৰণ লৈয়েই জন্মগ্ৰহণ কৰে, দ্বিপদেই হ’ল সকলো দেশৰ সকলো ভাষাৰ আদিছন্দ। কলিযুগৰ ধৰ্মৰ দৰে, অথবা বকৰ দৰে কবিতা এটা ঠেঙ্গত ঠিয় হৈ থাকিব নোৱাৰে।
 
এই দ্বিপদীৰ পৰাই কাব্যজগতৰ দ্বিতীয় স্তৰত ত্ৰিপদীৰ আবিৰ্ভাৱ হয় আৰু ত্ৰিপদী কালক্ৰমত চতুষ্পদীত পৰিণত হয়। কবিতাৰ পদবৃদ্ধিৰ এয়ে শেষ সীমা। কিয়? – এই কথাটো অলপ বুজাই কোৱা দৰকাৰ। আমি যেতিয়া মিল প্ৰধান চনেটৰ গঠণ-ৰহস্য উদ্ঘাটন কৰিবলৈ ওলাইছোঁ তেতিয়া মিত্ৰাক্ষৰযুক্ত দ্বিপদী, ত্ৰিপদী আৰু চতুষ্পদীৰ আকৃতিৰ আলোচনা কৰাটোৱেই আমাৰ পক্ষে সঙ্গত হ’ব। অমিত্ৰাক্ষৰ ছন্দ কামচাৰী, চৰণৰ সংখ্যা-বিশেষৰ ওপৰত তাৰ কোনো নিৰ্ভৰ নাই, সেয়ে কোনো ধৰৰণৰ অংকৰ ভিতৰত তাক আবদ্ধ ৰখাৰ যুক্তিও নাই।
 
দ্বিপদীৰ চৰণ দুটি ইটোৰ লগত সিটো মিলি যায়। ত্ৰিপদীৰ প্ৰথম দুটি চৰণ দ্বিপদীৰ দৰে আশে পাশে মিলে, তৃতীয় চৰণটি পৰিপূৰক আন্য এটি চৰণৰ অভাৱত থিয় দি থাকে আৰু অন্য এটা ত্ৰিপদীৰ সান্নিধ্য লাভ কৰিলে তাৰ তৃতীয় চৰণৰ সৈতে মিত্ৰতা বন্ধনত আবদ্ধ হয়। বঙালী, সংস্কৃত, ইংৰাজী আৰু ফৰাছী ভাষাৰ ত্ৰিপদীৰ (Tezza Rima) গঠণ স্বতন্ত্ৰ। ইটালীয় ত্ৰিপদীৰ প্ৰথম চৰণৰ সৈতে তৃতীয় চৰণৰ মিল হয় তথা দ্বিতীয় চৰণ মিলৰ বাবে পৰৱৰ্তি ত্ৰিপদীৰ প্ৰথম চৰণলৈ অপেক্ষা কৰে। ইটালীৰ ত্ৰিপদী তিনি চৰণতেই সম্পূৰ্ণ। ভাব আৰু অৰ্থৰ ক্ষেত্ৰত এটাৰ সৈতে অন্যটি পৃথক আৰু বিচ্ছিন্ন। পূৰ্বাপৰ যোগাযোগ কেৱল মিল-সূত্ৰেহে ৰক্ষিত হয়। এটা কবিতাৰ ভিতৰত- সেয়া যিমানেই দীঘল নহওক কিয় সেই যোগৰ ক’তো বিচ্ছেদ নাই। প্ৰথমৰ পৰা শেষলৈকে এটা কবিতাৰ অন্তৰ্ভূত ত্ৰিপদীবোৰ এই মিলনসূত্ৰেই গ্ৰথিত, আৰু স্ক্ৰুৰ (screw) পাকৰ দৰে পৰস্পৰযুক্ত। নমুনাস্বৰূপে ৰবাৰ্ট ব্ৰাউনিঙ ৰচিত “দা ষ্টেচ্যু এণ্ড দা বাষ্ট” নামৰ কবিতাৰ ছয়টি চৰণ দিয়া হ’ল। পাঠকে দেখা পাব যে প্ৰথম ত্ৰিপদীৰ মধ্যম চৰণটি মিলৰ বাবে দ্বিতীয় ত্ৰিপদীৰ প্ৰথম চৰণলৈ বাট চাই থাকে।
 
There’s a palace in Florence, the world knows well,
And a statue watches it from the square,
And this story of both do our townsmen tell.
 
Ages ago, a lady there,
At the farthest window facing the east,
Asked, “Who rides by with the royal air?”
 
অৰ্থাৎ ত্ৰিপদীৰ বিশেষত্ব হ’ল দুটি চৰণ আশে পাশে নিমিলি মধ্যস্থ কিম্বা দুটি চৰণ জপিয়াই গৈ মিলে। ত্ৰিপদীৰ এই মিলৰ ক্ষণিক বিচ্ছেদ ৰক্ষা কৰি চাৰিটি চৰণৰ মাজত দুযোৰা মিলক স্থান দিবৰ ইচ্ছাৰ পৰাই চতুষ্পদীৰ জন্ম। দুটা দ্বিপদী অগা-পিছাকৈ বহাই দিলেই চতুষ্পদী হৈ নাযায়। চতুষ্পদীত হয় প্ৰথম চৰণ তৃতীয় চৰণৰ লগত নহয় চতুৰ্থ চৰণৰ লগত মিলে। এক প্ৰকাৰে ক’ব পাৰি চতুষ্পদীৰ আকৃতি দ্বিপদীৰ আৰু প্ৰকৃতি ত্ৰিপদীৰ।
 
আগেই কৈছোঁ যে দ্বিপদী, ত্ৰিপদী আৰু চতুষ্পদীয়েই পদ্যৰ মূল উপাদান। বাদ বাকী যিমান প্ৰকাৰ পদ্যৰ আকাৰ দেখা পোৱা যায় সেই সকলোবোৰেই দ্বিপদী, ত্ৰিপদী আৰু চতুষ্পদীক হয় ভাঙি ছিঙি নহয় যোৰা টাপলি দি গঢ়া – এই সত্য প্ৰমাণ দিবৰ বাবে হয়তো উদাহৰণ দিবৰ আৱশ্যক নাই।
 
কবিতাৰ ইতিপূৰ্বে বৰ্ণিত ত্ৰিমূৰ্তিৰ সমন্বয়ে একমূৰ্তি গঢ়িবৰ ইচ্ছাটোৰ পৰাই চনেটৰ সৃষ্টি। এই কাৰণতেই চনেটে আকৃতিত “সমগ্ৰতা, একাগ্ৰতা” আৰু সম্পূৰ্ণতা লাভ কৰিছে। ত্ৰিপদীৰ সৈতে চতুষ্পদী যোগ কৰিলে সপ্তপদ পোৱা যায় আৰু সেই সপ্তপদক দুগুণ কৰি লোৱাৰ ফলতেই চনেটে চতুৰ্দশপদ লাভ কৰিছে। এই চতুৰ্দশপদৰ ভিতৰত দ্বিপদী, ত্ৰিপদী আৰু চতুষ্পদী তিনিওৰে স্থান আছে, আৰু তিনিটিয়েই সমানে খাপ খাই পৰে।
 
পেট্রাৰ্কৰ চনেটৰ অষ্টক পৰষ্পৰে মিলিত আৰু দুটি যমজ চতুষ্পদীৰ সমষ্টি আৰু প্ৰতি চতুষ্পডীৰ অভ্যন্তৰত এটাকৈ গোটা গোটা দ্বিপদী বিদ্যমান। ষষ্টকো তেনেকুৱাকৈয়ে দুটি ত্ৰিপদীৰ সমষ্টি। ফৰাছী চনেটো সেই একেই নিয়মে গঠিত, উভয়ৰ মাজত পাৰ্থক্য মাথোঁ ষষ্ঠকৰ মিলৰ বিশিষ্টতাত। ফৰাছী ভাষাত ইটালীৰ ভাষাৰ দৰে পদে পদে ছত্ৰ ব্যৱধান দি চৰণে চৰণে মিলন সাধন কৰা সম্ভৱ নহয়, সেয়েহে ফৰাছী চনেটত ষষ্ঠকৰ প্ৰথম দুই চৰণে দ্বিপদীৰ আকাৰ ধাৰণ কৰে।
 
চনেট ত্ৰিপদী আৰু চতুষ্পদীৰ যোগে আৰু গুণে নিষ্পন্ন হৈছে বুলিয়েই চতুৰ্দশপদী হ’বলৈ বাধ্য”।
 
 
(প্ৰমথ চৌধুৰী, “সনেট কেন চতুৰ্দ্দশপদী?”, সমালোচনা সংগ্ৰহ, অষ্টম সংস্কৰণ, কলিকাতা বিশ্ববিদ্যালয়, ১৯৬৫, পৃ- ১৫৯-১৬২)
 
 
 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

সাহিত্যৰ কাব্য সাহিত্য বিশেষ সংখ্যাটি পঢ়ি বৰ ভাল লাগিল – বিশেষ কৈ ভাল লাগিল সম্পাদকীয় আৰু হৰেকৃষ্ন ডেকা ডাঙৰীয়াৰ মন্তব্যসমূহ | দুয়োজন সম্পাদকলৈ হিয়াভৰা ওলগ যাচিলো |

Anonymous
6 months ago

চনেট কবিতাৰ
ক খ খ ক
ক খ খ ক
গ ঘ
গ ঘ
গ ঘ
আদি শাৰীবোৰত শব্দ (বৰ্ণ)ৰ নিৰ্দিষ্ট সংখ্যা থাকে নেকি?