সপোন, আশা আৰু কিছু ইতিবাচক চিন্তা – নাজমা বেগম

১৯৯৬_৯৭ চনৰ কথা! আব্বাৰ লগত বগা সৰুফুটিয়া মৰমলগা মুখৰ ল’ৰা এজন আহিছিল ৰাতি আব্বা দোকান সামৰি ঘৰলৈ আহোঁতে! আব্বা দোকানৰ পৰা আহি পোৱা মানে আমাৰ পঢ়া আজৰি হোৱা! দিনটোৰ বিভিন্ন কথা আব্বাৰ সতে ভগোৱা সময়৷ সেইদিনা আব্বাৰ সতে অহা ল’ৰাজনৰ চিনাকি পৰ্বৰ সামৰণিৰ পিছত আমি গ’ম পাইছিলোঁ যে দোকানত নতুনকৈ মিঠাই বনাবলৈ দাদাক অনা হৈছে! আমাৰ বাবে বাসৱ দা হৈ পৰা সেই ভদ্ৰ অমায়িক ল’ৰাজনে প্ৰথম চিনাকিতে সকলোকে আপোন কৰিছিল! দিনবোৰ পাৰ হৈছিল, বাসৱ দাই নিজৰ চিন্তা -বুদ্ধিৰে আমাৰ সৰু হোটেলখনক এটা সুকীয়া মাত্ৰা দিবলৈ সদায় চেষ্টা কৰিছিল৷ কম সময়তে তেওঁ আমাৰ সকলোৰে মৰমৰ হৈ পৰিছিল৷ মাজে মাজে দোকান সামৰি আহি আব্বাই আমাক চাৰিওটা ল’ৰা ছোৱালীকে ফুৰাবলৈ নিয়ে ওচৰৰ চাৰিআলিটোলৈ৷ ফুৰিব যাওঁতে আমি দেখো দোকানৰ তক্তাৰ ফাকেৰে মমৰ পোহৰ! আব্বাই নিজৰ মাজতে কয়, “দিনটোৰ ভাগৰত ই শুই থাকিব লাগে, লাইট নুমুৱাই মম জ্বলাই বাসৱে কৰিছে কি? “ এদিন দুদিন নহয় কেইবাদিনো এই ঘটনাৰ পুনৰাবৃত্তি ঘটাত আমি অনুসন্ধানত নামিলো মই আৰু মাজু বা! তক্তাৰ ফাকেৰে জুমি চাই দেখিলো বাসৱদাই কিবা লিখি আছে৷ আমাৰ অনুসন্ধান অব্যাহত থাকিল আৰু সুযোগ বুজি তেওঁৰ তুলিৰ তলৰ পৰা জাপে জাপে কাগজ উঠাই আমি সফল হ’লো৷ পঢ়িব লৈ দেখো আখৰ বুলি একোকে চিনিব নোৱাৰি, দুখিলামান কাগজ পঢ়াৰ পিছত আমি নিশ্চিত হ’লো যে সেয়া আমি ভাবি থকাৰ দৰে প্ৰেমপত্ৰ নহয়৷ একো নাভাৱি গোটেই কাগজবোৰ নি আমি আব্বাক দিলো৷ আব্বায়ো একো ধৰিব নোৱাৰি বাসৱ দাক মাতি আনি সুধিবলৈহে পালেহে সি হুকহুকাই কান্দি দিলে আৰু সুধিলে সেয়া আব্বাই ক’ত পালে? কাকূতি মিনতি কৰিলে আব্বাক ফালি নেপেলাবলৈ অনুৰোধ কৰিলে৷ আব্বাই অভয় প্ৰদান কৰিলে নাফালো বুলি৷ আৰু সেয়া কি জানিব বিচৰাত কলে সেয়া গল্পৰ টুকুৰা৷ আব্বা আচৰিত হ’ল, কাৰণ বাসৱ দাৰ আনুষ্ঠানিক শিক্ষা তেনেই কম আছিল৷ তাৰ পিছৰ কথাবোৰ চমু হ’ল কাৰণ আব্বা নিজেও যথেষ্ট কিতাপ পত্ৰ পঢ়া লোক আৰু গল্প কবিতাও লিখিছিল মাজে মাজে৷ বাসৱ দাক গল্পবোৰ পঢ়ি শুনোৱাবলৈ কৈ আব্বাই গম পালে যে সেয়া গল্পত সীমাবদ্ধ হৈ থকা নাই৷ ঘঁহিলে পিহিলে উপন্যাস হৈ পৰিব সৰুকৈ হলেও৷ আব্বা দৃঢ়বদ্ধ হ’ল লেখক হোৱাৰ সপোন বুকুত বান্ধি ফুৰা এজন যুৱকৰ সপোনক বাস্তৱ ৰূপ দিবলৈ৷ কথামতেই কাম দিনত দোকানৰ কাম আৰু ৰাতি উপন্যাসৰ কাম৷ বাসৱ দাই কৈ যায় আৰু আব্বাই লিখি যায়৷ আব্বাক সহায় কৰিলে তেওঁৰ সাহিত্যিক বন্ধু প্ৰবীণ বৰদেউতাই৷ বিয়াৰ দৰে ব্যস্ততা সামৰি আব্বাই ঘোষণা কৰিলে যে লিখাখিনি প্ৰেছত দি ছপাৰ কামখিনি কৰা যাওক কিন্তুু ইমান পইচা ক’ত পোৱা যাব? বাসৱ দাৰ সকলো চিন্তাক অমুলক প্ৰমাণ কৰি আব্বাই সকলো খৰচ গাত পাতি ল’লে৷ কিৰণ কাকতি দাৰ প্ৰেছত পূৰ্ণগতিত কাম চলি থাকিল আৰু প্ৰথম প্ৰেমত পৰি প্ৰেমিকাৰ কাষলৈ সঘনাই যোৱাৰ দৰে বাসৱ দাৰ প্ৰেছলৈ অহা যোৱা চলি থাকিল৷ নিৰ্দিষ্ট দিনটো আহিল কিতাপ ছপা হৈ ওলাল৷ হস্পিতেলৰ পৰা কেচুৱা বুকুত ভৰাই অনাদি বুকুত এজাপ কিতাপ ভৰাই বাসৱ দা গধূলি ক’ব নোৱাৰা হৈ আহিল৷ পিছদিনা আব্বাই দোকানৰ সন্মুখতে সৰুকৈ কিতাপখন উন্মোচনৰ আয়োজন কৰিলে৷ ৰাতিপুৱাৰ পৰা বাসৱ দা আৰু আব্বাৰ ব্যস্ততা চাবলগীয়া হ’ল৷ দিনটোৰ সেই সময়কণৰ বাবে বাসৱ দা ভয়ত বিতত হ’ল৷ আমি অভয় দি থাকিলো৷ আবেলি সময়ত আব্বাই সজাই পৰাই বাসৱ দাক উন্মোচনৰ স্থানলৈ লৈ গ’ল৷ বৰ সুন্দৰকৈ কিতাপখনৰ উন্মোচন হৈ গ’ল৷ বাসৱ দাক একাষাৰ ক’বলৈ দিয়াৰ লগে লগে কান্দোনত তেওঁ ভাগি পৰিল৷ থোকাথুকি মাতেৰে আব্বাৰ ত্যাগ, সহায়, আৰু মৰমৰ কথা সোঁৱৰিলে৷ “অপেক্ষা “নামৰ চুটি উপন্যাসৰ প্ৰকাশৰ আঁৰৰ কাহিনী গম পোৱাৰ পিছত আব্বাৰ শুভাকাঙ্খী বা শাত শতৰুৱেও আব্বাৰ ইতিবাচক চিন্তাৰ শলাগ লৈছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments