চৰৈৱেতি..ঘৰচিৰিকা..মৌসৰা..অলকেশ – ড. লোচন শইকীয়া

আঘোনমহীয়া শালিধান চপোৱা আৰম্ভ হৈছে। অকীয়া-পকীয়া বঙীয়াটোত ধানৰ ডাঙৰী লৈ হালি-জালি অহা লয়লাস ভঙ্গীৰ সেইটো আমাৰেই বনমালী। হাতত কাঁচি লৈ পিচে পিচে দাৱনী কেইজনীমান। বেলি লহিয়াইছে। ধান খাই বাঁহলৈ ঘূৰা ঘৰচিৰিকাজাকৰ ভীষণ ফূৰ্ত্তি। চৰাইয়েও ভাৱে নেকি বাৰু, ইমান ডাঙৰ পথাৰৰ ধানবোৰ কেতিয়া খাই ঢুকুৱাম ঔ? নেকেৰা শালিৰ ডাঙৰী দুটা লাহেকৈ নমাই, বিড়িয়াডাল বেৰত আওঁজাই থওঁতেই ভৰাঁলৰ দুৱাৰেদি ভুৰংকৈ ঘৰচিৰিকা কেইটামান উৰা মাৰিলে। মোলৈ হাতখন আগবঢ়াই কলে, খাই চা। কি মজা লাগে। বনমালীৰ হাতত ফুটুকুলা কেইটামান। ৰঙা গুলপীয়া ফুটুকুলাৰ গুটি চৰায়ে খায়। কামোৰ এটা মাৰি চালো। নাই। একো সোৱাদ নাই। কিবা এটা কওঁ বোলোঁতেই দেখোঁ তেৰাৰ মুখত বচন এফাঁকি ফুটোঁ ফুটোঁ। সুবিধা বুজি সি জুৰিলেই- “বৰঘৰৰ মূধতে, ভৰালৰ টোপতে চৰাইয়ে ফুটুকুলা খায়, মোৰ হলে তোলৈ মনত পৰে ঘনে ঘনে, তোৰ হলে খবৰেই নাই।“ অলকেশ ওচৰতে আছিল, অ’ই তই কি গাইছ? কোন তোৰ সেইডুখুৰী? বনমালী পলাই পত্ৰং। হওঁতে তেনেকুৱা এডুখৰীক অলকেশে পাকে-প্ৰকাৰে টুকুৰিয়াই চাইছে। মনহে পোৱা নাই। অলকেশ হব দে। তাৰ মনত পৰাজনী কথা পিচত সুধিম। তইয়ে কচোন ফুটুকা ক’ত গজে। বাকৰি দেখিছ? এই ফুটুকাবোৰ গৰু-ছাগলীয়েও এৰি চলে। বাকৰি, ফুটুকুলা এইবোৰ শব্দ কত পাইছিলো! কোনটো বিষয়ৰ মূল বস্তু! মূৰ খজুৱাই খজুৱাই অলকেশে মোক সুধিলে ‘মাণিক গগৈ চাৰে পঢ়াইছিলে ন’ ? হেৰৌ – বুৰে প্ৰতি শেলুক নহবও পাৰে। সি বুজিলে আজিহে ফৰিঙৰ মৰণ। ইফালে মই মুখ মেলোতেই অলকেশ জাপ মাৰি উঠিল। এই তোৰ জিভাখন তেনেই কলা ৰং ধৰিলে। বনমালীৰ বিহুনামৰ অৰ্থ কি ভাঙিম আৰু। চিধা পানীকল। ফুটুকুলা। ইংৰাজীত ব্যৱহাৰ কৰা নামটো ‘মেলাষ্টমা’। নামটোৰ অৰ্থই কলা মুখ। ব্লেক মাউথ। বান্দৰ, কেৰ্কেটুৱা আৰু চৰাইৰ প্ৰিয় খাদ্য ফুটুকুলাৰ গুটি। গুটিৰ পৰা প্ৰাকৃতিক বেঙুনীয়া, কলা ৰং উলিয়াই খোৱা বস্তু, কাপোৰত ৰং দিয়ে। শিপাৰ পৰা ওলোৱা ৰং গুলপীয়া। ৰং স্হায়ী। বহুদিন টিকে। তেজপাতৰ দৰে ৰঙা-সেউজীয়া ৰং মিহলি পাতেৰে সৰু কেইবাবৰ্ষী গছজোপা বাকৰি মাটিৰ চিন। বনমালী আহি থিয় দিলেহি। চানাৰে, বৰদেউতা বলছে, ভৰাঁলৰ গুছিখিনি খালী কৰি মৌসৰাখিনি এক চাইডে ৰাখতে। আইৰে চানা, ত’ৰ কথা শেষ নাই হয়! কালি ফজিৰ যাব লাগিব, ঐযে ডুবৰ ফালে। বহুত কাম আহেৰে। হামি নাই থাকলে তহঁতৰ কি যে হবে। বনমালীৰ মুৰুলীৰ সুৰত গঠাঁ আমাৰ জীৱন ধাৰা। ঘৰচিৰিকাৰ জাক এটা মূৰৰ ওপৰে উৰি গল। খদমদম। ন-ধান আহিছে। ভৰাঁলত দুই-এদিনতে সোমোৱাবই। যেতিয়াই মন যায় তেতিয়াই খাম। ঘৰচিৰিকা। এইটো অসমীয়া নাম। ঘৰৰ আশে-পাশে চিৰিক্ চিৰিক্ কৰি ঘূৰি ফুৰে। মানুহৰ ঘৰৰ চিলিং, বাঁহ সাজিব পৰা ঘৰৰ ভিতৰৰ ওখ ঠাই এইবোৰ নিৰ্বাচন কৰি ঘৰচিৰিকাই নিজৰ ঘৰ সাজে। খেৰ-কূটা, কোমল কৰি লবপৰা শুকান পাত ইত্যাদি গোটাই সৰুকৈ এখন ঘৰ সাজে। গছৰ খোৰোং নৈব নৈব চ। বংশ বৃদ্ধিৰ পিচতো একেটা ঘৰকে পৰিয়ালটোৱে ব্যৱহাৰ কৰে। মতা ঘৰচিৰিকা দেখাত মাইকীজনীতকৈ ডাঙৰ। মতাটোৰ বুকুত ঠোঁটৰ পৰা তললৈ বৈ পৰা এটা বহল কলা দাগ। দাগটো যিমানে ডাঙৰ, বহল- সিমানেই বয়সীয়াল, লগতে আনৰ ওপৰত দাদাগিৰি।সংগ্ৰহিত তথ্যই কয়, ঘৰচিৰিকাৰ আ৬য়ুস পাঁচ বছৰ ন মাহ। ধুলিত গা ধুই ভালপোৱা ঘৰচিৰিকাই নিজৰ ধুলিৰ ঘৰতো কাকো অংশীদাৰ কৰিব নিবিচাৰে। খোজ নাকাঢ়ি জপিয়াই ফুৰে। ভয় খালে নেজ নচুঁৱাই উৰা মাৰে। অলকেশে হাতত বাটুলগুটীয়া ধনু এখন হৈ হাজিৰ। বনমালীয়ে চিঞৰি উঠিল এই কি কৰ’ ? ঘৰচিৰিকা এটাক গুটিয়াই চাওঁ। জাকৰুৱা খাদ্যাভ্যাস ৰখা ঘৰচিৰিকা জাক এটাক চোতালত পালোঁ বুলি চিকাৰী হবি নে? এই চৰাইটোৰ সংৰক্ষণৰ বাবে কানাডা, আমেৰিকাই কি কৰিছে জানিলে তোৰ চকু কপালত উঠিব। শ্ৰীমতী শীলা দীক্ষিতে এটা সজাগতা শিৱিৰো পাতিছিল। ভাৰতীয় ডাক-তাঁৰ বিভাগে ২০মাৰ্চ, ২০১০ চনত এটা ডাকটিকটো প্ৰচলন কৰিছে। গতিকে হে মিত্ৰ তোমাৰ অস্ত্ৰ সম্বৰণ কৰা। জীয়াই থাকা, জীয়াই থাকিবলৈ দিয়া

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments