‘সোণালী নৈ’ সোৱণশিৰিৰ পাৰে পাৰে (এটা অসমাপ্ত যাত্ৰা) -আব্দুছ ছাজিদ

প্ৰাক-কথন : আকৌ হেৰাই যোৱাৰ সুযোগ!

‘‘কোনটো উৎসৰ পৰা আপুনি জীৱনৰ সৰ্বাধিক আনন্দ লাভ কৰে?’’ প্ৰশ্নটোৰ উত্তৰ মানুহমাত্ৰেই ভিন ভিন হ’ব৷ মোৰ ওচৰতো তাৰ এটা স্পষ্ট উত্তৰ নথকা নহয়৷ প্ৰকৃতিৰ মাজত হেৰাই থাকিয়ে সবাতোকৈ অধিক আনন্দ লভোঁ মই৷ মনে মনে বাট চাই থাকোঁ তেনে সুবিধা হাতলৈ অহালৈ৷ তেনেকুৱা এক সোণালী সুযোগ নভবাকৈয়ে মোলৈ আহি গ’ল ২০১৫ৰ অক্টোবৰ মাহৰ পহিলা সপ্তাহত৷ বাৰ্তাবাহক ভ্ৰাতৃপ্ৰতিম অগ্ৰজ অৰূপ কলিতা৷ এদিন প্ৰাতঃভ্ৰমণকালত লগ পাই কোনো পাতনি নতৰাকৈ অৰূপদাই মন্ত্ৰ মতাদি মাতি গ’ল, ‘‘দুৰ্গম ঠাই৷ হিল্‌ছ নহয় দেই, মাউণ্টেইন৷ ৰাস্তা নাই৷ পিঠিত ৰাকচেক লৈ নৈৰ পাৰে পাৰে খোজ কাঢ়িব লাগিব৷ জুৰিৰ পানী উতলাই খাব লাগিব৷ তম্বুৰ তলত নিশা খপিব লাগিব৷ শ্লীপিং বেগত শুব লাগিব৷’’ ইত্যাদি ইত্যাদি৷ কাণ থিয় কৰি হেবাঙৰ দৰে মই কেৱল শুনি থাকিলোঁ প্ৰকৃতি-উন্মাদ অৰূপদাৰ গলগলীয়া কণ্ঠৰে ওলাই অহা সেই বাক্যকেইটা৷ উমান ল’বৰ প্ৰয়াস কৰিলোঁ তাৰ অন্তৰালত নিহিত শক্তিশালী মনটোৰ৷

 

অৰূপদাই আৰু কিবাকিবি কৈছিল৷ ট্ৰেইল ডিটেইলছ আচলতে তেওঁৰ হাততো নাছিল৷ কাৰণ আয়োজক তেৱোঁ নহয়, তেওঁৰ জনৈক বন্ধুহে৷ দুনাই সোধাত ‘ডাপৰিজো’ শব্দটো উচ্চাৰণ কৰিলে৷ তাৰ পৰা গাড়ীৰে আগুৱাই তাকচিং নে কি সেইফালে হেনো যোৱা হ’ব৷ ভালকৈ নাজানে তেওঁ৷ আৰু সঁচা কথা ক’বলৈ গ’লে সেই নামটো ময়ো শুনাই নাই৷ ৰুকচিনহে শুনিছোঁ৷ জোনাই পাৰ হৈ তালৈ গৈছোঁ, নিশা কটাইছোঁ৷ পিছদিনা পুৱাই গাড়ী দৌৰাইছোঁ পাছিঘাটলৈ৷ কিন্তু তাকচিং! তাকচিং কেনি? মুহূৰ্ততে যিখিনি বুজি পালোঁ, অৰুণাচল-হিমালয়ৰ বুকুৰে ইণ্ডো-চাইনা ব’ৰ্ডাৰ অভিমুখে দুঃসাহসিক পদযাত্ৰা হ’ব সেইটো৷ ৮-১০ দিন বা বেছিও লাগি যাব পাৰে৷ থাউকতে এতিয়াই একো কোৱা নাযায়৷ খোজৰ গতি আৰু মানসিক সামৰ্থৰ ওপৰতহে সকলোখিনি নিৰ্ভৰ কৰিব৷ কিল’মিটাৰৰ হিচাপো নাই, ম’বাইল ফোনৰ নেটৱৰ্কো নাই৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড৷ প্ৰকৃতি, কেৱল উন্মুক্ত কুমাৰী প্ৰকৃতি৷ পানী, পাহাৰ, সেউজীয়া বনাঞ্চল৷ যিবোৰ মোৰ অতি পছন্দৰ৷ সাতে-সোতৰই অনামী উত্তেজনা এটাই ভিতৰি ভিতৰি খেলা কৰিবলৈ আৰম্ভ কৰিলে৷

Suwansiri

৮৩,৫০০ বৰ্গ কিল’মিটাৰ আৱৰি অৰুণাচল প্ৰদেশত ১২টা টুৰিষ্ট চাৰ্কিট আছে৷ প্ৰত্যেকটোতে আকৰ্ষণীয় ভূ-প্ৰাকৃতিক গঠন, জনগোষ্ঠীয় জীৱন আৰু সংস্কৃতি ইত্যাদিৰ বিশাল সমাহাৰ৷ প্ৰতিটো পৰিভ্ৰমণ-চক্রই স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ৷ খৰস্ৰোতা নৈ-নিজৰা পাৰ কৰি বন-বননিৰ মাজেৰে কটা পদপথ বা ট্ৰেইলসমূহ বিস্ময়কৰ৷ ইফালে ট্ৰেকিং-কেম্পিঙৰ অভিজ্ঞতা মোৰ জীৱনকালত এতিয়ালৈ শূন্য৷ স্কুল-কলেজত পঢ়োঁতেও এন.চি.চি. নাছিল৷ পিছে ‘Trekking is a mental game’ বুলি ভালকৈ জনা আছে৷ আনফালে আকৌ ‘লেণ্ড অফ ডাউনলিট মাউণ্টেইনচ’ বুলিলেই মনটোত অবুজ চেতনা এটা ফটকৰে তৎপৰ হৈ উঠে৷ কিয় নাজানো৷ অৱশ্যে জানো যে অৰুণাচলে যাক এবাৰ লম্ভিছে তাক সতকাই নেৰে৷ কাজেই দেহ-মন-কণ্ঠ চঞ্চল হৈ পৰিল৷ কাৰ্যসূচী নৱেম্বৰৰ প্ৰথম সপ্তাহত বুলি জানিবলৈ পালোঁ৷ কল্পনাৰ পখীৰাজত উঠি ‘যাযাবৰী মনে’ তেতিয়াই উৰণ আৰম্ভ কৰি দিলে অৰুণাচল অভিমুখে৷

আন এদিন বাটত লগ পাই অৰূপদাই আকৌ আহ্বান জনালে, ‘‘যাকে-তাকে কোৱা নাই৷ তোমাক ক’লোঁ৷ পাৰিলে ওলাবা৷’’ অৰুণোদয়ৰ বাট বিচাৰি এইটো বৰ্ষৰে ব’হাগ বিহুৰ দিনকেইটাত ভাৰতবৰ্ষৰ অন্তিম পূবৰ চীন সীমান্তলৈ সফলতাপূৰ্বক এডভেন্সাৰ ট্ৰিপ মাৰি অহাৰ পিছৰ কেইদিনমান সেইটো বাটৰ পূৰ্ণাংগ কাহিনী খণ্ড-বিখণ্ডকৈ শুনাবলগীয়া হৈছিল এইজন ভ্ৰমণ-উন্মাদক৷ ছেপ্টেম্বৰৰ ১৭ত ফটো বাদ দি সেই যাত্ৰাৰ লেখাখিনি এ’-ফ’ৰ প্ৰিণ্ট আউট হিচাপে মোৰ কম্পিউটাৰটোৰ পৰা বাহিৰ কৰা বুলি গম পায়ে পাত লুটিয়াবলৈকো ঢপলিয়াই আহিছিল নজনাক জনাৰ বাবে সৰ্বসময় আগ্ৰহী, জ্ঞানান্বেষী তথা কৌতূহলী মনোবৃত্তিৰ উদ্যমী মানুহজন৷ তেতিয়াও ক’লে, ‘‘তুমি গ’লে কথাবোৰ লিপিবদ্ধ হ’ব৷ কেমেৰাৰ কামটোও আশানুৰূপ হ’ব৷ ওলাবা৷’’ মোক তেনেকৈ কোৱা মানুহজনৰ ইফালে নিজৰে দেউতাকৰ কেম’ থেৰাপী চলি আছে! তৃতীয়টোৰো দিন পৰিছে এই যাত্ৰাৰ বাবে ঘোষিত তাৰিখটোৰ ঠিক আগদিনা৷ তত্ৰাচ…

অৰূপদাৰ মানসিক শক্তিক তাজ্জপ মানিলোঁ৷ আনফালে শেহতীয়াকৈ যিখিনি ইনফৰ্মেচন গোটালোঁ, সমস্ত কাৰবাৰটো হ’ব ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱনশিৰিক লৈ৷ কম দিনৰ ব্যৱধানতে লোহিত, চিয়াং, দিবাং ইতিমধ্যে দেখিলোঁ৷ নভবাকৈয়ে এইবাৰ এয়া ‘সোণালী নৈ’ সোৱনশিৰিৰ হাতবাউল! আহ্বানৰ আকস্মিকতাত স্বাভাৱিকতে বুজাব নোৱাৰা শিহৰণ এটা শৰীৰৰ ভিতৰত বিৰাজমান হৈছেই৷ ডক্টৰ ভূপেন হাজৰিকাৰ ‘চিয়াঙৰে গালং’ ওঁঠৰ পৰা নুগুচাই হৈছে৷ যোৱাবাৰ অৰূপদাহঁতে সোৱনশিৰিত ৰাফটিং এক্সপিডিচন চলাইছিল৷ ডাম্পৰিজোৰ উচ্চতাত নিজকে ভহাই দি কেইবাদিনৰ মূৰকত তলৰ গেৰুকামুখত ৰৈছিলহি৷ ৰোমাঞ্চকৰ সেই কাহিনী মুখে মুখেহে শুনিছোঁ৷ হাতে-ভৰিয়ে ‘দামদিম’ৰ কামোৰৰ ৰঙা ৰঙা চিনবোৰো প্ৰত্যক্ষ কৰিছোঁ৷ দুঃসাহসিক সেই অভিযানটোৰ লিখিত ৰূপ হ’লে নাই! তাকে কৰিব নোৱাৰাত অৰূপদাৰ মনত দুখ (নে খং) এটা ৰৈ গৈছে৷ আমাৰ ৪২০ পৃষ্ঠাৰ ভলিওমটো দেখুৱাই সেইকুৰা জ্বলা জুইত ঘিঁ ঢালি আছোঁ ময়ো!

জানিলোঁ যে এইবাৰ গতি ঊৰ্ধ্বমুখী৷ হেন জানি অৰূপদাৰ পিছ এৰা নাই৷ হাতত ইফালে পা-পইচাও প্ৰয়োজন অনুপাতে নাই৷ কপৰ্দকহীনতাক কেন্দ্ৰ কৰি দুশ্চিন্তাই বাহ ল’লেও অৰুণাচলৰ নিৰ্মল-সজল প্ৰকৃতিৰ বুকুত বেক পেকিঙেৰে হেৰাই যোৱাৰ বিৰল আনন্দকণ ল’বলৈ দুগুণে আগ্ৰহ দেখুৱাইছোঁ৷ তাতে আকৌ ইণ্টাৰনেশ্বনেল ব’ৰ্ডাৰ, ইণ্ডিয়ান আৰ্মীৰ ট্ৰেক! লগত ল’কেল গাইড আৰু প’ৰ্টাৰো থাকিব বুলি খবৰ আনিছে অৰূপদাই৷ টকা-পইচাৰ কথা চিন্তা নকৰিবলৈকো মোৰ চকুলৈ চাই অভয়-বাণী শুনাইছে ‘দিলদাৰ’ লোকজনে৷

আন্তৰ্জাতিক সীমান্ত বুলিলেই অন্য এক অনুসন্ধিৎসা, অন্য এক উন্মাদনা৷ তেনেকুৱাতে এঠাইত পঢ়ি পালোঁ, তাকচিঙৰ ব্যুৎপত্তিগত অৰ্থ হেনো ‘place of tiger’৷ জানিয়ে থতমত খাইছোঁ৷ সেই লৈ উৎসুকতাৰ মাত্ৰাটোও দিনে-নিশাই চৰিছে৷ ‘‘Do not go where the path may lead, go instead where there is no path and leave a trail.’’ Ralph Waldo Emersonৰ বহুমূলীয়া বাক্য এষাৰ৷ তাকে সাৰোগত কৰি ভাৰত-চীন সীমান্তৰ সেই বাটে ইতিমধ্যে ট্ৰেকিং কৰি অহা অভিজ্ঞতাপুষ্ট অগ্ৰগামীজনৰ পৰা দু-আষাৰ শুনা পাম বুলি ভাবিছিলোঁ৷ সিয়ে মোৰ প্ৰস্তুতিত কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিব বুলিও আশা কৰিছিলোঁ৷ আনফালে আকৌ পূব অৰুণাচললৈ কৰা ভ্ৰমণটোৰ পুংখানুপুংখ বৃত্তান্ত পঢ়ি কোনো কোনোৱে সহযাত্ৰী হোৱাৰ মানসেৰে পিছৰবাৰত ‘টুকুৰিয়াবলৈ’ কৈ থোৱাটোও মনত আছিল৷ সেই হেতুকে আয়োজক ব্যক্তি মোৰ বাবে অজান-অচিনাকি কোনোবা হ’লেও আগন্তুক যাত্ৰাটোৰ বাৰ্তাবাহক ইংগিত এটা এদিন দি দিছিলোঁ ‘অসমীয়াত কথা-বতৰা’ত৷ পিছে অভিজ্ঞতালব্ধ পৰামৰ্শ বা সহায়, আগ্ৰহ কিম্বা উৎসুকতা উভয়েই শূন্যৰ ঘৰতে ৰ’ল৷ সি যি কি নহওক ‘প্ৰথম যাত্ৰা’স্বৰূপে কিতাপ-পত্ৰ আৰু ইণ্টাৰনেট খুঁচৰি খুঁচৰি নিজেই নিজৰ প্ৰস্তুতিত নামি পৰিলোঁ৷ ‘এটা দুঃসাহসিক যাত্ৰাৰ অন্তত তৈয়াৰ কৰিবা আন এটা দুঃসাহসিক যাত্ৰাৰ জুমুঠি৷’ জুমুঠি তৈয়াৰ কৰি গ’লোঁ৷ গুণগুণাই থাকিলোঁ সীমান্ত শেখৰৰ ‘জিলেলে জিলেলে অ’ জিলেলে জিলেলে, যাবগৈ লাগিব মই অৰুণাচললৈ’৷ আৰু যথাসময়ত ওলাই দিলোঁ ‘ঠাইতে ওখ, ঠাইতে চাপৰ’ অৰুণোদয়ৰ ৰাজ্যখনলৈ৷

বিগত এপ্ৰিল ২০১৫ত আমাৰ পূব অৰুণাচল যাত্ৰাৰ সফলতাপূৰ্বক সামৰণিত আনন্দিত আৰু উৎফুল্লিত হৈ সেইবাৰৰ সহযাত্ৰী, জ্যেষ্ঠ ভ্ৰাতৃপ্ৰতিম অৰুণ টেৰণে 60X Zoom কেমেৰা এটা মোক উপহাৰ দিছিল৷ আনহাতে এইবাৰ মধ্য অৰুণাচলৰ দিশে নিজে সুযোগ ল’ব নোৱাৰিলেও পূৰ্বৰ কেইবাবাৰৰো যাত্ৰা-সংগী এই নেছাৰেলিষ্ট-এডভেন্সাৰিষ্টজনে ৩২ জিবিৰ মেম’ৰী কাৰ্ড এখন মৰম আৰু শুভেচ্ছাৰ চিনস্বৰূপে আগদিনাখন ঘৰলৈ আহি চমজাই থৈ গ’ল৷ বুজিলোঁ, এই যাত্ৰাত সেই মেম’ৰী কাৰ্ডত বাটে-ঘাটে বন্দী কৰিব লাগিব ভিউ ফাইণ্ডাৰেৰে যিমানলৈকে দেখোঁ সিমান৷ ভ্ৰমণ-লেখাৰ সৈতেও প্ৰয়োজন সাপেক্ষে, প্ৰাসংগিকতা অনুসাৰে তাৰ পৰাই আলোক-চিত্ৰ নিৰ্বাচন কৰি যথাস্থানত উপস্থাপন কৰিব লাগিব৷ মোৰ অৰ্থনৈতিক মন্দাৱস্থাটোৰ কথা গম পাই চলি থকা কাম এটাৰ অজুহাতত হিচাপতকৈ বেছি পৰিমাণৰ আগধন হাতত দি আৰ্থিক দিশত সকাহ দিলে পৰম শুভাকাংক্ষী স্নেহভাজন অৰুণদাৰ লগতে অগ্ৰজপ্ৰতিম সুহৃদ পৱিত্ৰ বৰাই৷

প্ৰস্তুতিৰ পিছত যাত্ৰা৷ ক’লৈ গ’লোঁ, কাৰ লগত গ’লোঁ, কেনেকৈ গ’লোঁ? পৰৱৰ্তী কথাংশ হ’ব তাৰে বৰ্ণনাত্মক সবিশেষ৷ সুকলমে ঘূৰি আহি ঘৰ পোৱাৰ পিছত অৰূপদাৰ আগৰবাৰৰ উচপিচনিটো মাৰিবলৈকে কথাবোৰ তপতে তপতে লিপিবদ্ধ কৰাৰ প্ৰচেষ্টাত নিজকে সজোৰে আবদ্ধ ৰাখিছোঁ৷ সম্পূৰ্ণ নিজস্ব চাক্ষুস অভিজ্ঞতাৰ ভেটিত যুগুতোৱা এইলানি লেখা পঢ়ি কোনোবা উপকৃত হ’বনে নহ’ব বা ইয়াত সন্নিৱিষ্ট তথ্যই কেতিয়াবা ক’ৰবাত কাৰোবাক কিবা প্ৰকাৰে সহায় কৰিবনে নকৰে, সেইটো আমাৰ অজ্ঞাত আৰু বিচাৰ্যও নহয়৷ মাথো বুজোঁ যে সংৰক্ষিত এই লিপিয়ে জীৱনৰ বাটত প্ৰতিটো মুহূৰ্ততে নিজকেই অহৰহভাৱে অনুপ্ৰাণিত তথা প্ৰেৰিত কৰি থাকিব, সহায় কৰি যাব ভৱিষ্যতৰ যাত্ৰা-প্ৰস্তুতিত৷ আৰু এইটোও বাৰুকৈয়ে জানো যে এই লেখাৰ সমাপ্তিত পুনৰ গঢ় লৈ উঠিব অন্য এক কঠিনসাধ্য যাত্ৰাৰ জুমুঠি৷ (মনৰ মাজত তাৰ প্ৰাথমিক কুৰুং-কাৰাংখিনি ইতিমধ্যে চলিব লাগিছেই!)

আজিৰ এই সুদীৰ্ঘ পাতনিৰ পিছত আহিব ‘সোণালী নৈ’ সোৱনশিৰিৰ পাৰে পাৰে কৰা অসমাপ্ত যাত্ৰাটোৰ সচিত্ৰ আৰু দীঘলীয়া মূল কাহিনীভাগ৷ ‘অকব’ৰ মাননীয় সদস্য-সদস্যাসকলৰ হাতত মৰমেৰে ছোৱা ছোৱাকৈ তুলি দিয়াৰ আগ্ৰহ থাকিল, আটাইলৈকে ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছাসহ৷ আগন্তুক বৰ্ষটো আপোনাৰ বাবেও এডভেন্সাৰময় হৈ উঠক৷ আপোনালৈও আহক, হেৰাই যোৱাৰ সুৱৰ্ণ সুযোগ! ধন্যবাদ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments