আন্তঃৰাষ্ট্রীয় শ্রমিক সংহতিৰ দিৱস: মে’ দিৱস (কুশল হালৈ)

শ্ৰমিক আন্দোলনৰ পটভূমিত পালিত হোৱা মে’ দিৱসৰ তাৎপৰ্য্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা। মে’ দিৱসৰ পৰম্পৰাটো ঊনবিংশ শতিকাৰ পৰা চলি আহিছে। কুৰি শতিকাতো এই দিৱসটো পালিত হৈছিল নানা জয়-পৰাজয়, ঘাট-প্ৰতিঘাটৰ মাজতো। দুটা শতিকা অতিক্ৰম কৰি আহি এই একবিংশ শতিকাৰ বাৰ চনতো মে’ দিৱস পালিত হৈছে এই প্ৰত্যয়েৰে যে শোষণভিত্তিক সমাজ চলি থকালৈকে শত বাধা বিঘিনি নেওচি এই দিৱসটো চলি থাকিব। মে’ দিৱস জাতি-প্ৰজাতিগত সীমা পাৰ হৈ অহা এক আন্তৰ্জাতিক দিৱস। এইটো এনে এক আন্তৰ্জাতিক দিৱস যিটো দিৱসত সকলো দেশতে, সকলো নগৰ চহৰতে সৰ্বত্ৰ পহিলা মে’ৰ দিনা সংঘবদ্ধ ভাৱে জীৱনক জীয়াই ৰাখিবলৈ মেহনতী জনতা প্ৰতিজ্ঞাবদ্ধ হয়, অতীতক সোঁৱৰণ কৰে আৰু নতুন সংকল্প গ্ৰহণ কৰে, যাতে অনাগত দিনবোৰত কৰ্মজীৱন আৰু জীৱন যাত্ৰাৰ মান উন্নততৰ কৰাৰ হকে নতুন কৰ্মোদ্যমেৰে আগবাঢ়ি যাব পাৰে।

প্ৰতিটো বছৰৰ মে’ মাহৰ প্ৰথম দিনটো আন্তৰ্জাতিক শ্ৰমিক সমদল-সমাবেশ শোভাযাত্ৰা সংহতিৰ দিৱস হিচাপে ঘোষিত হোৱাৰ এক স্মৰণীয় ইতিহাস আছে। শ্ৰমিক আন্দোলনৰ বিশ্বায়নৰ প্ৰক্ৰিয়াটো আৰম্ভণি হৈছিল ১৮৯০ চনতে, পুঁজিবাদী বিশ্বায়নৰ বিপৰীতে। কল-কাৰখানাত নিয়োজিত আমেৰিকাৰ শ্ৰমিকসকলে কামৰ সময় হ্ৰাস কৰাৰ উদ্দেশ্যে ১৯ শতিকাৰ আৰম্ভণিৰ পৰাই আন্দোলন চলাবলৈ আৰম্ভ কৰে। যিহেতু সেই সময়ৰ শ্ৰমিকসকলক ১৫-২০ ঘন্টালৈ অহৰহ কামত খটুওৱা হৈছিল। এনে অমানৱীয় দমনমূলক নীতিত ক্ষুদ্ধ হৈ শ্ৰমিক শ্ৰেণীয়ে পুঁজিপতি শাসক গোষ্ঠীৰ বিৰুদ্ধে আন্দোলনৰ পথ বাছি ললে। ফলস্বৰূপে ১৮২০ – ১৮৪০ চনলৈ এই সুদীৰ্ঘ সময়ছোৱা কেৱল মাত্ৰ কামৰ সময় হ্ৰাস কৰাৰ দাবীত, সমগ্ৰ আমেৰিকাত ধৰ্মঘটৰ অশান্তিয়ে বিৰাজ কৰে। আন্দোলনৰ মূল দাবী বা চৰ্ত অনুসৰি শ্ৰমিকসকলে আঠ ঘন্টা কাম, আঠ ঘন্টা বিনোদন আৰু আঠ ঘন্টা বিশ্ৰামৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। ইতিমধ্যে সেই সময়ত আমেৰিকাৰ গৃহযুদ্ধৰ অন্তত ১৮৮৬ চনত বিভিন্ন শ্ৰমিক সংগঠনসমূহে এই ঐক্যমতত উপনীত হয় যে, পূঁজিবাদৰ কঠোৰ দাসত্বৰ পৰা নিস্পেষিত শ্ৰমিক শ্ৰেণীয়ে প্ৰয়োজন সাপেক্ষে শক্তি প্ৰয়োগ কৰি হ’লেও মুক্তি পাবই লাগিব।

ইয়াৰ পিছত আমেৰিকা আৰু কানাডাৰ শ্ৰমিক সংগঠনবোৰে যৌথভাৱে ঘোষণা কৰে যে ১৮৮৬ চনৰ পহিলা মে’ৰ পৰা শ্ৰমিকৰ কামৰ সময় আঠ ঘন্টা আইনগতভাৱে গণ্য কৰা হওক। এই উদ্দেশ্য সফল কৰি তুলিবলৈ শ্ৰমিক সংগঠনবোৰে সকলো অঞ্চলতে এক মে’ তাৰিখে নিজ নিজ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সেই মতে উক্ত চনৰ পহিলা মে’ত সকলো অঞ্চলৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰ্মঘটৰ প্ৰাণকেন্দ্ৰ চিকাগো চহৰত এক বৃহৎ সভাত মিলিত হয়। শান্তিপূৰ্ণ এই বিশাল সমাবেশৰ ওপৰত চৰকাৰী আৰু বেচৰকাৰী পুঁজিপতি মালিক গোষ্ঠী একত্ৰিত হৈ অতৰ্কিতে আক্ৰমণ চলায় যদিও ইয়াক প্ৰতিহত কৰাত ব্যৰ্থ হয়। পৰৱৰ্তী কাৰ্য্যসূচীত তিনি মে’ত “মেক-কৰ্মিক ৰিপেয়াৰ” নামৰ কাৰখানাৰ ধৰ্মঘটকাৰী শ্ৰমিকৰ ওপৰত পুলিচে নিৰ্বিচাৰে চলোৱা গুলীত ছজন শ্ৰমিক আন্দোলনকাৰী নিহত হয় আৰু বহুতো আহত হয়।

১৮৮৬ ৰ চাৰি মে’ৰ দিনা আমেৰিকাৰ চিকাগোৰ হে’ মাৰ্কেট স্কোৱাৰত আঠ ঘন্টীয়া কৰ্ম দিৱসৰ দাবীত এক বিশাল জনসভা অনুষ্ঠিত হৈছিল। চৰকাৰে ইয়াৰ ওপৰত জিংঘাসামূলক আক্ৰমণ চলালে। চৰকাৰী দমনৰাজ তথা ৰাষ্ট্ৰসন্ত্ৰাসৰ প্ৰকোপত অনেক প্ৰতিবাদকাৰী খুন-জখমৰ বলি হ’ল, বহুতো শ্ৰমিকৰ ওপৰত দীৰ্ঘদিনৰ কাৰণে বন্দী জীৱনৰ নিৰ্যাতন জাপি দিয়া হ’ল, তদুপৰি চৰকাৰী ভাষ্যৰ বিপৰীতে আন এক বিৱৰণ মতে সাতজন শ্ৰমিক নেতাক ফাঁচি দিয়া হৈছিল। কিন্তু আমেৰিকান চৰকাৰৰ দমনৰাজে সংগ্ৰামী শ্ৰমিক শ্ৰেণীৰ উচ্চ শিৰনত কৰোৱাব পৰা নাছিল। ১৮৮৬-১৮৯০ ৰ কালছোৱাত নতুনকৈ ৬,৬৮২ টা ধৰ্মঘট সংগ্ৰাম হৈছিল আৰু সিবিলাকত প্ৰায় ১৭ লাখ শ্ৰমিকে যোগদান কৰিছিল।

ইয়াৰ পিচত ১৮৮৯ চনৰ ১৪ জুলাইত মহান ফৰাচী বিপ্লৱৰ শতবাৰ্ষিকী উপলক্ষে ফ্ৰান্সৰ ৰাজধানী পেৰিচত অনুষ্ঠিত হয় “শ্ৰমজীৱী মানুহৰ আন্তঃৰাষ্ট্ৰীয় মহাসন্মিলন”। বিশ্বৰ বিশখন দেশৰ ৩৯০ গৰাকী প্ৰতিনিধিয়ে ইয়াত ভাগ লয়। উক্ত মহাসন্মিলনৰ সিদ্ধান্ত অনুযায়ী ১৮৯০ চনৰ পৰা পহিলা মে’ দিনটো গোটেই বিশ্বত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতিৰ দিৱস হিচাপে উদযাপন হৈ আহিছে।

১৮৯১ চনত ব্ৰুচলেছত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত আঠ ঘন্টা কামৰ দাবীক মে’ দিৱসৰ দাবী হিচাপে পুনৰবাৰ ঘোষণা কৰা হয়। পৰবৰ্তী সময়ত অৰ্থাৎ ১৯১৮ চনত পৃথিবীৰ প্ৰথম সমাজতান্ত্ৰিক দেশ ছোভিয়েট ইউনিয়নৰ ৰাজধানী মস্কোত বিশ্বৰ বহুতো দেশৰ শ্ৰমিক প্ৰতিনিধিসকলৰ উপস্হিতিত মহা সমাৰোহেৰে আয়োজিত মে’ দিৱসৰ পৰাই ই আন্তৰ্জাতিক ভাবে অধিক শক্তিশালী আৰু তাৎপৰ্য্যপূৰ্ণ হৈ উঠে।
কামৰ সময় নিৰ্দ্ধাৰণেৰে শ্ৰমিক আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা মে’ দিৱসে আজি সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। নিষ্পেষিত সেইসকল মহান শ্ৰমিকে নিজে আত্মত্যাগ কৰি পৰবৰ্তী প্ৰজন্মৰ নিজস্ব অধিকাৰ সুৰক্ষাৰ হকে কৰা কঠোৰ সংগ্ৰামৰ ফলস্বৰূপে আজি বিশ্বৰ শ্ৰমিক কৰ্মচাৰীৰ আঠ ঘন্টা কামৰ সময় হিচাপে মুক্তিৰ নতুন সপোন ৰচনা হ’ল।

বিগত ১২৩ বছৰ ধৰি পহিলা মে’ৰ দিনটো বিশ্বৰ দেশে দেশে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতিৰ দিৱস হিচাপে উদযাপন হৈ আহিছে। এইটো এতিয়া সৰ্বজনবিদিত যে ১৮৮৬ চনত সংঘটিত আমেৰিকা যুক্তৰাজ্যৰ শ্ৰমিক শ্ৰেণীৰ এক ঐতিহাসিক সংগ্ৰামে ৰচনা কৰিছে মে’ দিৱসৰ পটভূমি। মে’ দিৱস শ্ৰমিক শ্ৰেণীয়ে জন্ম দিয়া দিৱস। কালক্ৰমত শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামী মানসিকতাই সমাজৰ আন আন সংগঠিত অংশক অনুপ্ৰাণিত কৰি তুলিছে। সেয়েহে আন্তৰ্জাতিক দিৱসৰ পৰম্পৰাটোও সমাজৰ আন আন অংশই গ্ৰহণ কৰিবলৈ লৈছিল, বিশ্ব ব্যৱস্থাৰ নানা অনুষ্ঠান প্ৰতিষ্ঠানেও।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!