সোঁৱৰনীৰ কুঁৱলী – নিবেদিতা বৰি

অকলশৰীয়া নিজান ৰূমটোত নীৰৱ নিস্তব্ধ পৰিবেশে তাইক সোঁৱৰনীৰ কুৱঁলী ফালি লৈ গৈছে এৰি থৈ অহা ঘৰখনলৈ৷ বান বিধ্বস্ত লোক সকলে স্কুলত বাহৰ পাতি থকা বাবে তাইৰ স্কুল অনিৰ্দ্দিষ্ট কালৰ বাবে বন্ধ হৈ আছে৷ তাইৰ আজি অকনো একো পৰিবেশেই ভাল লগা নাই৷ যদিও তাইৰ একমাত্ৰ সন্তান সহ সৰু পৰিয়ালটি একেলগে আছে৷ তথাপিও চোন চাৰিওফালে শূন্যতা৷ তাইৰ মনত পৰিছে –ঘৰৰ কাষৰ নিজুহঁত, ঘৰৰ সন্মূখৰ ফিল্ডখনত পিছবেলা ল’ৰাবিলাকে দৌৰি ঢাপৰি খেলি থকা দৃশ্য, আবেলিৰ চুবুৰীৰ বোৱাৰী দীপা, মলয়া, ৰাণীহঁতৰ লগত ৰাজহুৱা কুঁৱাৰ পৰা পানী নিবলৈ আহি কত’ যে লাগ বান্ধ নোহোৱা ভাল লগা কথাবোৰ….৷

কোনো সংস্থাপন নথকা ল’ৰালৈ তাই নিজ ইচ্ছাৰে বিয়া হোৱা বাবে ঘৰখনৰ মৰমৰ পৰা তাই বঞ্চিত হৈছিল৷ মাক-দেউতাকে অন্তৰত বহুত আঘাত পাইছিল৷ ভালপোৱাই মানুহক অন্ধ কৰে৷ তাই যেন বৰুনৰ প্ৰেমত অন্ধ হৈ সকলো পাহৰি গৈছিল৷ বিয়াৰ পিছত যেতিয়া সংসাৰৰ বিভিন্ন সমস্যাই আগুৰি ধৰিলে তেতিয়াহে তাই বহু কথা উপলব্ধি কৰিছিল৷ তাই ভাল পোৱা, ভাল লগা সকলো যেন বাদ দিব লগাত পৰিছিল৷ শেষত তাইৰ এটাই চিন্তা ৰিংকুক কেনেদৰে অভাৱ অনুভৱ কৰিব নিদিয়াকৈ পঢ়া-শুনাত আগবঢ়াই নিয়ে৷ গৰু, ছাগলী, হাঁহ, পাৰ, মুৰ্গী আদি পুহি তাই বৰুনক সংসাৰ চলোৱাৰ খৰচ ওলিয়াই দিছিল, ৰিংকুৰ পঢ়াৰ খৰচো বহন কৰিছিল৷
হঠাৎ তাইৰ জীৱনলৈ পৰিৱৰ্তন আহিল৷ টেটৰ এপইণ্টমেণ্ট লেটাৰ খনে তাইৰ পৰিয়াললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিলে৷ সেইদিনা আনন্দত তাই নতুন ঠাইলৈ বুলি চাকৰিটোক কেন্দ্ৰ কৰিয়েই খীৰতি গাইজনী মামনিৰ মাকক আধিকে পুহিবলৈ চমজালে৷ তেনেদৰে ছাগলী, কুকুৰা, হাঁহ, পাৰ সকলো বেচি দিলে তাই আৰু বৰুনে৷ বেচি পোৱা টকাখিনি চাকৰিলৈ আহিবলৈকে যাতায়তৰ খৰচ বা থকা খোৱাৰ খৰচৰ কামত লাগিব৷ দৰমহা বা কেইমাহৰ পাছত হ’ব!

আজি যেন তাইৰ টোপনি বোৰ কোনোবাই কাঢ়িহে নিলে৷ ৰাতি প্ৰথম ঘুমটি ভঙাৰ পিছত তাই শুব নোৱাৰা হ’ল, বুকুখনে মিহি মিহিকৈ ঢপঢপাই আছে, ভৰি দুটাও কটকটাই আছে৷ তাই বিছনাৰ পৰা উঠি আহি কামবনত নিজকে ব্যস্ত ৰাখিব খুজিলে৷ এৰা, এপদ এপদকৈ সকলো গতি লাগিছিল৷ অৱশেষত পাল পৰিছিল ৰিংকুৰ আটাইতকৈ মৰমৰ ৰেঞ্চুৰ৷ তাই খোৱাই বোৱাই নোদোকা কৰি ৰখা ৰেঞ্চুৰ কি হ’ব৷ ঘৰখনৰ সদস্য হৈ পৰা ৰেঞ্চুৱে সিহঁতৰ লগতে একেলগে সদায় ভাত খাইছিল৷ চাহৰ পৰ্বত বিস্কুটৰ ভাগ লৈছিল৷ ৰিংকুৱে নিজে বিস্কুট নাখাইও তাক খোৱাইছিল৷ অকলশৰীয়া ৰিংকুৰ খেলৰ লগৰীয়া আছিল ৰেঞ্চু৷ এতিয়া আন কুকুৰৰ দৰে সিও লোকৰ চুৱা পাতনিয়ে চুৱা পাতনিয়ে খাদ্য বিচাৰি ফুৰিব৷ ভাবি তাইৰ মনটো হাঁহাকাৰ কৰি উঠিল৷ মৰম আকলুৱা প্ৰভু ভক্ত ৰেঞ্চুৱে দিনটো ৰিংকুহঁতৰ ঘৰৰ পৰা এখোজো বাহিৰলৈ যোৱা নাছিল৷ কিন্তুু এতিয়া তাকো বিদায় দিব লাগিব৷ অৱশেষত তাই চিন্তা কৰি উপায় এটা পালে৷ ৰিংকুৰ খুৰীয়েকক সমবায়ৰ পৰা পোৱা ৰেচন কাৰ্ডখন দি যাব৷ চাউল, চেনি, আটা, কেৰাচিন আদি আনিব পৰা এই কাৰ্ডখনৰ বিনিময়ত ৰেঞ্চুক সিহঁতে ভাত কেইটামান খাবলৈ দিলেই হ’ল৷ ৰেঞ্চু অৱহেলিত হ’ব এইকথাচোন তাইৰ হজমেই নহয়৷ খুৰীয়েকক দহাই দহাই ক’লে –ৰেঞ্চুক যেন ভোকত নাৰাখে৷
প্ৰভুভক্ত ৰেঞ্চু কেনেকৈ যে সিহঁতৰ এজন হৈ পৰিছিল! সিহঁতৰ মৰমত ৰেঞ্চু সন্তুষ্ট হৈছিল, সেইকণ মৰম পায়েই সি হৈ পৰিছিল প্ৰভুভক্ত৷ সিহঁতৰ ঘৰখনৰ ৰখীয়া৷ এদিন বৰুনে চাইকেলখন লৈ বজাৰলৈ যাবলৈ ওলাইছে৷ ৰেঞ্চুৰ জানো কি হ’ল বৰুনক আগচি ধৰি ভৰিত সাৱটি ধৰি …মুঠতে বিভিন্ন প্ৰকাৰে বৰুনক যোৱাত বাধা দিছে৷ কিন্তুু জন্তুৰ ভাষা জানো মানুহে বুজে! ! ! তাৰ পৰা যিকোনো প্ৰকাৰে এৰা দি বৰুন গ’ল কিন্তুু বাটত তাৰ ইমান ডাঙৰ দুৰ্ঘটনা হ’ল যে কথমপি হে প্ৰাণৰক্ষা পৰিল৷ বৰুন এমাহ হস্পিটেলত থাকিব লগাত পৰিছিল৷ সেইসময়ত ৰেঞ্চু আছিল ঘৰ ৰখীয়া৷ তাই সেইদিনা ভাবিবলৈ বাধ্য হৈছিল বয়োজেষ্ঠ লোকে কোৱা সেই কথাষাৰ –জীৱ জন্তুৱে বিপদৰ গোন্ধ বোলে আগতেই গম পায়৷ এনেদৰে ৰেঞ্চু হৈ পৰিছিল সিহঁতৰ অতি মৰমৰ৷
ৰেঞ্চুক বাৰু খুৰীয়েকে সময়মতে ভাত খাবলৈ দিছেনে? তাৰ কথা ভাবি তাইৰ মনটো হাঁহাকাৰ কৰি উঠিল৷ দুধাৰি তপত চকুলো বাগৰি আহিল৷ চাকৰিৰ খাতিৰতেই তাইৰ মৰমৰ সেই সজীৱ হৈ থকা ঘৰখনত মস্ত তলা এটা লগাই তাইৰ পৰিয়ালটো বৰ্তমান ধুবুৰীত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments